Bikhekh Lekhakh Unit 1 ভূপেন হাজৰিকা

Bikhekh Lekhakh Unit 1 ভূপেন হাজৰিকা, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Bikhekh Lekhakh Unit 1 ভূপেন হাজৰিকা Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Bikhekh Lekhakh Unit 1 ভূপেন হাজৰিকা Question Answer can be of great value to excel in the examination.

Bikhekh Lekhakh Unit 1 ভূপেন হাজৰিকা

Join Telegram channel

Bikhekh Lekhakh Unit 1 ভূপেন হাজৰিকা Notes cover all the exercise questions in UGC Syllabus. Bikhekh Lekhakh Unit 1 ভূপেন হাজৰিকা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

ভূপেন হাজৰিকা

ASSAMESE

(বিশেষ লেখক)

অতি চমু প্রশ্নোত্তৰঃ

১। ড° ভূপেন হাজৰিকাৰ জন্ম কোন চনত হৈছিল ?

উত্তৰঃ ১৯২৬ চনৰ ৮ ছেপ্তেম্বৰত।

২। ড° ভূপেন হাজৰিকাৰ জন্ম ক’ত হৈছিল ?

উত্তৰঃ শদিয়াত।

৩। ড° ভূপেন হাজৰিকাৰ পিতৃৰ নাম কি ?

উত্তৰঃ নীলকান্ত হাজৰিকা।

৪। ড° ভূপেন হাজৰিকাৰ মাতৃৰ নাম কি ?

উত্তৰঃ শান্তিপ্ৰিয়া হাজৰিকা।

৫। ড° ভূপেন হাজৰিকাৰ পত্নীৰ নাম কি ?

উত্তৰঃ প্ৰীয়ম্বদা পেটেল (হাজৰিকা)।

৬। হাজৰিকাদেৱে পোনপ্ৰথমে ক’ত গীত পৰিৱেশন কৰিছিল ?

উত্তৰঃ ৫ বছৰ বয়সত কটন কলেজীয়াত।

৭। ড° ভূপেন হাজৰিকাৰ “মানুহে মানুহৰ বাবে” গীতটি কিমান চনত ৰচনা হৈছিল ?

উত্তৰঃ ১৯৬০ চনত।

৮। ২০১২ চনত ড° ভূপেন হাজৰিকাক ভাৰত চৰকাৰে কি বঁটা প্ৰদান কৰে ?

উত্তৰঃ পদ্মবিভূষণ (মৰণোত্তৰভাৱে)।

৯। কোন চনত আৰু ক’ত ভূপেন হাজৰিকাদেৱৰ মৃত্যু হয় ?

উত্তৰঃ ২০১১ চনৰ ৫ নবেম্বৰ তাৰিখ মুম্বাইত।

১০। ২০০৮ চনত ড° ভূপেন হাজৰিকাক‌ অসম চৰকাৰে কি উপাধি দিছিল ?

উত্তৰঃ “অসম ৰত্ন”।

১১। হাজৰিকাদেৱে ক’ত প্ৰাথমিক আৰু‌ মাধ্যমিক শিক্ষা গ্ৰহণ কৰিছিল ?

উত্তৰঃ শদিয়াত।

১২। হাজৰিকাদেৱে কোন কলেজৰ পৰা ইণ্টাৰমিডিয়েত পৰীক্ষাত উত্তীৰ্ণ হয় ?

উত্তৰঃ কটন কলেজৰ পৰা।

১৩। হাজৰিকাদেৱে কোন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে ?

উত্তৰঃ ১৯৪৪ চনত হিন্দু কলেজৰ পৰা।

১৪। কোন কলেজৰ পৰা হাজৰিকাদেৱে স্নতকোত্তৰ ডিগ্ৰী লাভ কৰে ?

উত্তৰঃ আমেৰিকা কলম্বিয়া বিশ্ববিদ্যলয়ৰ পৰা।

১৫। হাজৰিকাদেৱে গণ-সংযোগ ডক্টৰেট ডিগ্ৰী ক’ৰ‌ পৰা গ্ৰহণ কৰিছিল ?

উত্তৰঃ আমেৰিকৰ কলম্বিয়া বিশ্বিদ্যালয়ৰ পৰা।

১৬। হাজৰিকাদেৱে কোন মহাবিদ্যালয়ত‌‌ শিক্ষকতা কৰিছিল ?

উত্তৰঃ বি. বৰুৱা মহবিদ্যালয়ত।

১৭। “লটি-ঘটি” ছবিৰ বাবে হাজৰিকাদেৱ কি বঁটা লাভ কৰে ?

উত্তৰঃ ৰাষ্ট্ৰীয় বঁটা।

১৮। ১৯৮৭ চনত হাজৰিকাদেৱক অসম চৰকাৰে কি বঁটা প্ৰদান কৰে ?

উত্তৰঃ শংকৰদেৱ বঁটা।

১৯। ড° ভূপেণ হাজৰিকা একেধাৰে কি কি আছিল ?

উত্তৰঃ ড° ভূপেন হাজৰিকা একেধাৰে এগৰাকী কবি, গায়ক, সংগীতজ্ঞ, কণ্ঠশিল্পী আৰু চলচিত্ৰ পৰিচালক আছিল।

২০। ড° ভূপেন হাজৰিকাই পৰিচালনা কৰা অসমীয়া চলচিত্ৰ কেইখনমানৰ নাম লিখা ?

উত্তৰঃ ড° ভূপেন হাজৰিকাই পৰিচালনা কৰা অসমীয়া চলচিত্ৰ কেইখনমানৰ নাম হ’ল‌—

(ক)  শকুন্তলা।

(খ) প্ৰতিধ্বনি।

(গ) লটি-ঘটি।

(ঘ) চিকমিক বিজুলী।

(ঙ) চিৰাজ।

২১। শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ বাবে ভূপেন হাজৰিকাদেৱক কি কি বঁটা প্ৰধান কৰা হৈছিল?

উত্তৰঃ ৰাষ্ট্ৰীয় বঁটা, পদ্মভূষণ, অসম সাহিত্য সভাৰ সাহিত্যাচাৰ্য আদি সন্মান বিষেকভাৱে উল্লেখযোগ্য।

২২। ড° ভূপেণ হাজৰিকা কি নামেৰে খ্যাত‌ ?

উত্তৰঃ সুধাকণ্ঠা।

২৩। “অসম সাহিত্য সভা”ৰ কোনখন অধিৱেশণত‌ হাজৰিকদেৱে সভপতিত্বত কৰিছিল ?

উত্তৰঃ ১৯৯০ চনত শিৱসাগৰ অধিৱেশণত‌।

২৪। কোন চনত ড° ভূপেন হাজৰিকাৰ “ভাৰত ৰত্ন” উপাধিৰে বিভূষিত কৰা হৈছিল ?

উত্তৰঃ ২০১৯ চনত (মৰণোত্তৰভাৱে)।

২৫। হাজৰিকাদেৱৰ ভাই-ভনী কেইগৰাকী আছিল ?

উত্তৰঃ দহ গৰাকী।

২৬। ড° ভূপেণ হাজৰিকাদেৱৰ নিজে লিখা গীত সমূহক কি বুলি কোৱা হয় ?

উত্তৰঃ ভূপেন্দ্ৰ সংগীত।

২৭। ড° ভূপেন হাজৰিকাই পৰিচালনা কৰা হিন্দী ছবিখনৰ নাম কি ?

উত্তৰঃ “মেৰা ধৰম মেৰী মা”।

২৮। ড° ভূপেন হাজৰিকাই কেইখন ছবিত সংগীত পৰিচালনা কৰিছিল ?

উত্তৰঃ ২১ খন।

২৯। চিত্ৰ নিৰ্মাতা, পৰিচালক আৰু সংগীত পৰিচালকৰূপে ভূপেন হাজৰিকাই অসমৰ ছবি জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে তেখেতক কি বঁটাৰে সন্মানিত কৰা হৈছিল ?

উত্তৰঃ “দাদা চাহেব ফাল্কে বঁটা”ৰে।

৩০। ড° ভূপেন হাজৰিকাই “ৰ’ল‌ অফ মাছ কমিউনিকেশ্যন ই’ন‌ ইণ্ডিয়াছ এডাল্ট এডুকেশ্বন” বিষয়ত অধ্যয়ন‌ কৰি অলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা কি উপাধি লাভ কৰে ?

উত্তৰঃ “ডক্টৰেট” উপাধি।

৩১। ড° ভূপেন হাজৰিকাই চিকাগো বিশ্ববিদ্যালয়ৰ পৰা শৈক্ষিক প্ৰকল্পত সহায়ৰ কাৰণে চলচিত্ৰৰ ভূমিকা অধ্যয়নৰ বাবে কি লাভ কৰিছিল ?

উত্তৰঃ লিছ্ল ফেলোশ্বিপ লাভ কৰিছিল।

৩২। ড° ভূপেন হাজৰিকাৰ ককাকৰ নাম কি ?

 উত্তৰঃ ৰতিকান্ত দাস।

৩৩। হাজৰিকাৰদেৱ তৃতীয় শ্ৰেণীলৈকে শদিয়াত পঢ়ি তাৰ পিছত কোন বিদ্যালয়ৰ পৰা শিক্ষা গ্ৰণৰ কৰে ?

উত্তৰঃ সোণাৰাম হাইস্কুলৰ পৰা।

৩৪। তেঁওৰ আত্মজীৱনীখনৰ নাম কি ?

উত্তৰঃ “মোৰ জীৱন সোঁৱৰণ”।

৩৫। ১৯৩৬ চনত দেউতাকে ভূপেন হাজৰিকা ক’ত নাম লগাই দিছিল ?

উত্তৰঃ তেজপুৰ গৱৰ্ণমেণ্ট হাইস্কুলত।

৩৬। তেজপুৰ বঙালী মঞ্চত ৰবীন্দ্ৰ সংগীত প্ৰতযোগিতাত যোগদান কৰি হাজৰিকাদেৱে কি পুৰস্কাৰ লাভ কৰে ?

উত্তৰঃ প্ৰথম পুৰস্কাৰ লাভ কৰাৰ লগতে সোণৰ মেডেল পাইছিল।

৩৭। ড° ভূপেন হাজৰিকাৰ প্ৰথম গীতটো কি ?

উত্তৰঃ “কুসুম্বৰ পুত্ৰ শ্ৰীশঙ্কৰ গুৰুৱে ধৰিছিল নামৰে তান,

নামেৰে সুৰতে আনন্দত নাচি ছিল পৱিত্ৰ বৰদোৱা থান”।

৩৮। কোন চনত ভূপেন হাজৰিকাই প্ৰথম গীতটো পৰিৱেশন কৰিছিল ?

উত্তৰঃ ১৯৩৭ চনত।

৩৯। কোন চনত হাজৰিকাদেৱে বিধানসভাৰ সদস্য আছিল ?

উত্তৰঃ ১৯৬৭ সোণৰ পৰা ১৯৭২ চনলৈ সদস্য আছিল।

৪০। কোনটো সমষ্টিৰ পৰা হাজৰিকাদেৱ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ?

উত্তৰঃ নাওবৈচা।

৪১। ড° ভূপেন হাজৰিকাৰ পুত্ৰৰ নাম কি ?

উত্তৰঃ তেজ হাজৰকা।

৪২। ড° ভূপেন হাজৰিকাৰ মৃত্যুৰ সময়ত তেখেতৰ বয়ক কিমান আছিল ?

উত্তৰঃ ৮৫ বছৰ।

৪৩। ড° ভূপেন হাজৰিকাৰ অনলিখিত আত্মজীৱনীখনৰ নাম কি ?

উত্তৰঃ “ময় এটি যাযাবৰ”।

৪৪। কোন চনত হাজৰিকাদেৱে “শকুন্তলা” ছবিৰ বাবে ৰাষ্ট্ৰপতি পদক লাভ কৰে ?

উত্তৰঃ ১৯৬১ চনত।

৪৫। ৰাষ্ট্ৰপতি পদক পোৱা হাজৰিকা দেৱৰ আন এখন ছবিৰ নাম লিখা ?

উত্তৰঃ “প্ৰতিধ্বনি”।

৪৬। কোন দেশে হাজৰিকাদেৱৰ “প্ৰতিধ্বনি” ছবিখন অন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱলৈ আমন্ত্ৰিত কৰিছিল ?

উত্তৰঃ ফ্ৰান্স দেশে।

৪৭। ড° ভূপেন হাজৰিকাই নিৰ্মাণ কৰা প্ৰথম অসমীয়া ব্যংগ চলচিত্ৰখনৰ নাম কি ?

উত্তৰঃ “লটি- ঘটি”।

৪৮। “লটি- ঘটি” ছবিৰ বাবে ভূপেন হাজৰিকাই কি পদক লাভ কৰে ?

উত্তৰঃ ৰাষ্ট্রপতি পদক।

৪৯। “চামেলি মেমচাব”ৰ সংগীত পৰিচালনাৰ বাবে তেওঁ কি সন্মান লাভ কৰিছিল ?

উত্তৰঃ সৰ্বশ্ৰেষ্ঠ সংগীত পৰিচালনাৰ সন্মান লাভ কৰে।

৫০। “চামেলি মেমচাব”ৰ সংগীত পৰিচালনাৰ বাবে হাজৰিকাদেৱ ৰাষ্ট্রপতিৰ পৰা কি বঁটা লাভ কৰে ?

উত্তৰঃ ৰজত কমল বঁটা আৰু নগদ দহ হেজাৰ টকা।

৫১। ১৯৭৭ চনত ডঃভূপেন হাজৰিকাই কি বঁটা লাভ কৰে ? 

উত্তৰঃ পদ্মশ্ৰী বঁটা।

৫২। ১৯৮৭ চনত ডঃভূপেন হাজৰিকাক কি বঁটা প্ৰদান কৰা হয় ?

উত্তৰঃ ইন্দিৰা গান্ধী বঁটা।

৫৩। ১৯৯৩ চনত হাজৰিকাৰদেৱক কি বঁটা প্ৰদান কৰা হয় ?

উত্তৰঃ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা।

৫৪। ২০০১ চনত ভূপেন হাজৰিকাক কি বঁটা প্ৰদান কৰা হয় ?

উত্তৰঃ পদ্মভূষণ বঁটা।

৫৫। ২০০১ চনত হাজৰিকাদেৱক মধ্যপ্ৰদেশ চৰকাৰে কি বঁটা প্ৰদান কৰে ?

উত্তৰঃ লতা মংগেশকাৰ বঁটা।

৫৬। ২০০৮ চনত ডঃ ভূপেন হাজৰিকাক অসম সাহিত্য সভাৰ পৰা কি সন্মান প্ৰদান কৰে ?

উত্তৰঃ সাহিত্যচাৰ্য সন্মান।

৫৭। সংগীত নাটকৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁক কি বঁটা প্ৰদান কৰে ?

উত্তৰঃ ২০০৯ চনত ফেল’ বঁটা প্ৰদান কৰে।

৫৮। ড° ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন অসমীয়া ছবিৰ নাম কি ?

উত্তৰঃ “এৰা বাটৰ সুৰ”।

৫৯। কোন চনত “এৰা বাটৰ সুৰ” মুক্তি পায় ?

উত্তৰঃ ১৯৫৬ চনত।

৬০। ড° ভূপেন হাজৰিকাই ৰচনা কৰা গানৰ সংখ্যা কিমান ?

উত্তৰঃ ১৫০০ তকৈ অধিক।

৬১। ভূপেন হাজৰিকাৰ প্ৰয়ভাগ গীতত কি ভাৱ পৰিস্ফুট ?

উত্তৰঃ দেশপ্ৰেমমূলক ভাৱ।

৬২। হাজৰিকাদেৱৰ দ্ধাৰা ৰচিত প্ৰথম বঙালী ছবিখনৰ নাম কি ?

উত্তৰঃ “মাহত বন্ধুৰে”।

৬৩। ড° ভূপেন হাজৰিকাৰ কণ্ঠত বাণীবন্ধন হোৱা প্ৰথম গীতটোৰ নাম কি আছিল ?

উত্তৰঃ “কাষতে কলচী লৈ যায়….”।

৬৪। “কাষতে কলচী লৈ যায়” গীতটোৰ কথাখিনি কোনে লিখিছিল ?

উত্তৰঃ বিষ্ণুপ্ৰসাদ ৰাভাই।

৬৫। ১৯৭৮ চনত বাঙালী গীত এল.পি.ৰেকৰ্ড এইছ. এম.ভি. ৰ পৰা হাজৰিকাদেৱে কি লাভ কৰে ?

উত্তৰঃ এখন সোণৰ ৰেকৰ্ড লাভ কৰে।

চমু আৰু ৰচনাধৰ্মী প্ৰশ্নোত্তৰঃ

প্ৰশ্নঃ ১। ড° ভূপেন হাজৰিকাৰ চমু পৰিচয় দাঙি ধৰা।

উত্তৰঃ ড° ভূপেন হাজৰিকাৰ জন্ম হয় ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰ তাৰিখে শদিয়াৰ এখন গাওঁত। তেওঁৰ পিতৃৰ নাম আছিল নীলকান্ত হাজৰিকা আৰু মাতৃৰ নাম আছিল শান্তপ্ৰিয়া হাজৰিকা। নাজিৰাৰ আমোলা পটট্টিত নীলকান্ত হাজৰিকাৰ আচল ঘৰ আছিল যদিও চাকৰসূত্ৰে অসমৰ বিভিন্ন ঠাইত ঘূৰি ফুৰিব লগা হৈছিল। তেওঁলোকৰ বা-ভনী সকলো মিলি মুঠ দহটা সন্তান আছিল। পৰিয়ালৰ দহোটা সন্তানৰ জ্যেষ্ঠ আছিল ভূপেন হাজৰিকা। তেওঁৰ পিতৃ আছিল এজন শিক্ষক, ধুবুৰী বিদ্যাল়সমূহৰ উপ-পৰিদৰ্শকৰ পিছত তেজপুৰলৈ মাটিৰ হাকিম হৈ আহে।

ভূপেন হজৰিকাৰ অনুজ জয়ন্ত হাজৰিকা, সমৰ হাজৰিকা,সুদক্ষিণা শৰ্মাও আগশাৰীৰ সংগীত শিল্পী। হাজৰিকাৰদেৱৰ মাক-দেউতাকে তেওঁৰ নামটো ভূপেন্দ্ৰ কুমাৰ হাজৰিকা বুলি ৰাখিছিল যদিওঁ ঘৰত সকলোৱেই “ডাঙৰ মইনা” বুলি মাতিছিল।

১৯৫০ চনত ড° ভূপেন হাজৰিকা উগাণ্ডাৰ এটা গুজৰাটী পৰিয়ালৰ ছোৱালী প্ৰীয়ম্বদা পেটেলৰ লগত বিবাহ-পাশত আৱদ্ধ হয়। ১৯৫২ চনত তেওঁলোকৰ একমাত্ৰ পুত্ৰ সন্তান তেজ হাজৰিকা জন্ম হয়। ১৯৬৩ চনৰ তেওঁলোকৰ বিবাহ-বিচ্ছেদ হয়। ডঃ ভূপেন হাজৰিকাৰ পৰৱৰ্তী কালত চলচিত্ৰ পৰিচালিকা কল্পনা লাজমীৰ লগত মধুৰ সম্পৰ্ক গঢ়ি উঠে। জীৱনৰ শেষ কালছোৱা কল্পনা লাজমীৰ তত্ত্বাবধানত মুম্বাইত আছিল। কিডনীৰ সমস্যা আৰু আনুসংগিক জটিলতাত ভুগি থকা ড° হাজৰিকা ২০১১ চনৰ নৱেম্বৰত মুম্বাইৰ কোকিলাবেন ধিৰুভাই অম্বানী চিকিৎসালয়ত ইহলীলা সম্বৰণ কৰে।

প্ৰশ্নঃ ২। ড° ভূপেন হাজৰিকাৰদেৱৰ শিক্ষা জীৱন সম্পৰ্কে এটি চমু বিবৰণ দিয়া ?

উত্তৰঃ ড° ভূপেন হাজৰিকাই ধুবুৰী, গুৱাহাটী আৰু তেজপুৰত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। গুৱাহাটীৰ ভৰলুমুখ প্ৰাথমিক বিদ্যায়ৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে। তেজপুৰ চৰকাৰী উচ্চতৰ মহাবিদ্যালয় পৰা ১৯৪০ চনত প্ৰৱেশিকা পৰীক্ষা,১৯৪২ চনৰ কটন মহাবিদ্যালয়ৰ পৰা ইণ্টাৰমেডিয়েট (কলা বিভগ), ১৯৪৪ চনত কাশী হিন্দু বিশ্ববিদ্যলয়ৰ পৰা স্নাতক আৰু ১৯৪৬ চনত ৰাজনীতি বিজ্ঞানত স্নাকোত্তৰ ডিগ্ৰী লাভ কৰে। “Role of Mass Communication in India’s Adult Education” বিষয়ত অধ্যয়ণ কৰি কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট উপাধি লাভ কৰে। তেখেতে চিকাগো বিশ্ববিদ্যালয়ৰ পৰা শৈক্ষিক প্ৰকল্পত সহায়ৰ কাৰণে চলচিত্ৰৰ ভূমিকা অধ্যয়ণৰ বাবে লিছ্ল ফেলশ্বিপ লাভ কৰিছিল।

প্ৰাইমেৰি বিদ্যালয়ৰ এচোৱা সময় ভূপেন হাজৰিকাই ঘৰতে পঢ়িছিল। কাৰণ ভৰলুমুখৰ আইতাকৰ ঘৰখনত প্ৰায় আটাইবোৰ সদস্যয়েই শিক্ষা বৃত্তিৰ লগত জৰিত আছিল। দেউতাক আছিল কটন কলেজিয়েট হাইস্কুলৰ শিক্ষক, মহীয়েক ভৱপ্ৰিয়া দাস মাছখোৱা ছোৱালী হাইস্কুলৰ শিক্ষয়িত্ৰি আৰু ককাক ৰতিকান্ত দাসো আছিল এজন শিক্ষক। তেওঁলোক আটায়ে মিলি ভূপেন হাজৰিকাক অ-আ-ক-খ শিকাইছিল। অংক বিষয়ত ভূপেন হাজৰিকাৰ বৰ মন নাছিল। তৃতীয় শ্ৰেণীলৈকে তেওঁ ঘৰতে পঢ়িছিল। তাৰ পিছতহে তেওঁক সোণাৰাম হাইস্কুলত নাম লগাই দিয়া হৈছিল। সেই সময়ত তেওঁৰ বয়স আছিল ছবছৰ।

ভৰলুমুখৰ ঘৰত থাকোতেই মহিয়েক ভৱপ্ৰিয়া দাসে ভূপেন হাজৰিকাক এখন হাৰমনিয়াম আনি দিছিল। তেওঁলোকৰ ওচৰতে থকা দাসগুপ্ত নে সেনগুপ্তা নামৰ এক্সাইজ ছুপাৰণ্টেডেণ্ট এজনে অৰ্গেনত ব্ৰহ্মসংগীত বজাইছিল। ভূপেন হাজৰকাই সেইবোৰ শুনিছিল। ভূপেন হাজৰিকাৰ মাকে পদ্মধৰ চলিহাৰ গীত, ব্ৰহ্মসংগীত, বঙালী গীত, ৰবীন্দ্ৰ সংগীত গাইছিল। ঘৰত বৰগীত চৰ্চাও চলিছিল। এনেকৈয়ে সৰুতেই নিজৰ ঘৰখন ভূপেন হাজৰিকাৰ সংগীতৰ লগত পৰিচয় হৈছিল।

প্ৰশ্নঃ ৩। ড° ভূপেন হাজৰিকাৰ কৰ্ম জীৱন সম্পৰ্কে চমু আলোচনা আগবঢোৱা।

উত্তৰঃ ড° ভূপেন হাজৰিকাই কিছুদিন বি. বৰুৱা মহবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল। ১৯৪৮ চনত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ প্ৰতিষ্ঠা হোৱাত, উক্ত অনুষ্ঠানৰ সৈতে তেওঁ জড়িত হৈছিল। ১৯৬৭ সোণৰ পৰা ১৯৭২ চনলৈ ভূপেন হাজৰিকা অসম বিধাসভাৰ সদস্য আছিল। নাওবৈচা সমষ্টিৰ পৰা তেখেত বিধায়াক হিচাপে নিৰ্বাচিত হৈছিল। বিধায়ক হৈ থকাৰ সময়ত তেখেতে এটা ফিল্ম ষ্টুডিঅ; এটা আৰ্ট গেলাৰী আৰু এটা জাতীয় নাট্যশালা গঢ়াৰ বাবে যুঁজ দিছিল।

হাজৰিকাদেৱে কৈৰ্যনিৰ্বাহ কৰা অন্য পদসমূহ হ’ল—

(ক) চেয়াৰমেন, এপেলেট বডী অৱ চেট্ৰেল ব’ৰ্ড অৱ ফিল্ম চেঞ্চৰ্চ, ভাৰত চৰকাৰ, ১৯৯০ ৰ পৰা আৰম্ভ কৰি ৯ বছৰ।

(খ) মেম্বাৰ, স্ক্ৰীপ্ট কমিটী অৱ নেশ্যনেল ফিল্ম ডেভেলপমেণ্ট কৰ্প’ৰেশ্যন, ইষ্ট্ৰাণ ইণ্ডিয়া।

(গ) ডাইৰেক্টৰ, নেশ্যনেল লেভেল অন দ্য ব’ৰ্ড অৱ ডাইৰেক্টছ‌ অৱ নেশ্যনেল ফিল্ম ডেভেলপমেণ্ট কৰ্প’ৰেশ্যন, ভাৰত চৰকাৰ।

(ঘ) একজিকিউটীভ কাউঞ্চিল মেম্বাৰ, চিলড্ৰেন্স ফিল্ম ছ’চাইটী।

(ঙ) মেম্বাৰ বৰ্ড অৱট্ৰাষ্টীজ, পুৱৰ আৰ্টিষ্টিক ৱেলফেয়াৰ ফাণ্ড, ভাৰত চৰকাৰ।

(চ) চেয়াৰমেন, জুৰি অৱ দ্য নেশ্যনেল ফিল্ম এৱাৰ্ডচ,১৯৮৫।

(ছ) মেম্বাৰ, পি.চি.জোশী কমিটী। এই কমিটী ভাৰত চৰকাৰৰ তথ্য মন্ত্ৰাল়য়ে টেলিভিছন কাৰ্যক্ৰমৰ সহায়ত একবিংশ শতিকাত ভাৰতত ছফ্টৱেৰ প্ৰ’গ্ৰেমীঙত প্ৰোৎসাহ দিয়াৰ উদ্দেশ্য অনুসন্ধান। কৰিবলৈ নিয়োগ কৰিব।

(জ) মেম্বাৰ, ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটৰ পলিচী মেকিং বডী,ভাৰত চৰকাৰ।

প্ৰশ্নঃ ড° ভূপেন হাজৰিকাৰই শিল্প আৰু সাহিত্যলৈ কেনেধৰণৰ বৰঙণি আগবঢ়াইছিল উল্লেখ কৰা।

উত্তৰঃ পাঁচ বছৰ বয়সতে কটন কলেজিয়েট হাইস্কুলত গীত গাই ভূপেন হাজৰিকাই সাহিত্যৰথী লক্ষীনাথ বেজবৰুৱাৰ আশীৰ্বাদ লাভ কৰিছিল। ড° ভূপেন হাজৰিকাৰ প্ৰকৃত শিল্পী জীৱনৰ আৰম্ভণি হয় তেজপুৰত । তেজপুৰত থকা সময়ত তেওঁ অসমীয়া সংস্কৃতিক জগতৰ বাটকটীয়া শিল্পী ৰূপকোঁৱাৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নাটসূৰ্য ফণী শৰ্মাৰ শন্নিধ্যৰে অনুপ্ৰাণিত হৈছিল। ২৯৩৬ চনত তেওঁলোকেই দহবছৰীয়া ভূপেন হাজৰিকাক কলিকতালৈ নি চেনোলা মিউজিকেল প্ৰডাক্ত কোম্পানীত “শোণিত কুঁৱৰী” আৰু “জয়মতী” নাটক খনৰ গীত বাণীবদ্ধ কৰায়। একে সময়তে বিষ্ণু ৰাভাই স্বৰচিত ” উলাহতে নাচি-বাগি হ’লি বিয়াকুল” আৰু “কাষতে কলচী লৈ” গীত দুতিও বাণীবদ্ধ কৰোৱায়। ১৯৩৯ চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ “ইন্দ্ৰমালতী” ছবিৰ নেপথ্য গায়ক হিচাপে প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰে। ১৯৫৫ চনত দিল্লীত অনুষ্ঠিত আন্তঃ বিশ্ববিদ্যায়ৰ যুৱ মহোৎসৱত ভূপেন হাজৰিকৰ নেতৃত্বত গুৱাহাটী বিশ্ববিদ্যালয়ে শ্ৰেষ্ঠ প্ৰিযোগীৰ সম্মান অৰ্জন কৰে।

ড° ভূপেন হাজৰিকাই নিজে লিখা আৰু কণ্ঠদান কৰা গীতসমূহকে ভূপেন্দ্ৰ সংগীত বোলা হয়। তেওঁ অন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী পল ৰ’বচনৰ দ্বাৰা যথেষ্ট অনুপ্ৰাণিত হৈছিল। ৰ’বচনৰ “Old man river”—ৰ অৱলম্বনতে তেখেতে তেখেতৰ “বিস্তীৰ্ণ পাৰৰে” গানটো ৰচনা কৰে। পাছত ইয়াৰ বঙালী আৰু হিন্দী অনুবাদো প্ৰকাশ কৰা হয়। আন কিছু উল্লেখযোগ্য ভূপেন্দ্ৰ সংগীত হৈছে “সাগৰ সংগমত কতনা সাঁতুৰিলো”, “জিলিকাব লুইটৰে পাৰ”, ” অ’ বিদেশী বন্ধু “, “মেঘে গিৰ্ গিৰ্ কৰে”, “বিমূৰ্ত মোৰ নিশাটি” আদি।

সাহিত্যৰ ক্ষেত্ৰলৈও ভূপেন হাজৰিকাৰ যথেষ্ট অৱদান আছে। তেখেতৰ বছিভাগ গান তেখেতে নিজে ৰচনা কৰে।কলম্বিয়া বিশ্ববিদ্যালয়ত থকা সময়ত তেখেত “নিউ ইণ্ডিয়া” পত্ৰিকাৰ ১৪৯-১৫০ সংখ্যাৰ সম্পাদক আছিল। ১৯৬৫ চনৰ তেখেতে কলা বিষয়ত “গতি” আলোচনীৰ চাৰিটা খণ্ড,১৯৭০ চনত ক্ষুদ্ৰ আলোচনী “বিন্দু”ৰ— আঠটা খণ্ড, ১৯৬৫ আৰু ১৯৮০ চনৰ ভিতৰত মাহেকীয়া আলোচনী “আমাৰ প্ৰতিদিধি” আৰু ১৯৮৩ ৰ পৰা ১৯৯০ চনৰ ভিতৰত পষেকীয়া আলোচনী “প্ৰতিধ্বনি”ৰ  সম্পাদক আছিল।

শিশুসকলৰ বাবেও ভূপেন হাজৰিকাই “ভূপেন মামাৰ গীতে মাতে অ, আ, ক, খ” নামৰ অসমীয়া আখৰ-চিনাকিৰ এখন জনপ্ৰিয় পুথি লিখিছিল। তেওঁৰ সাহিত্যকৰ্মৰ বাবে ০০৮ চনৰ ৮ ফেব্ৰুৱাৰীত অসম সাহিত্য সভাৰ “সাহিত্যাচাৰ্য” উপাধি প্ৰধান কৰে।

ভূপেন হাজৰিকাই গোৱা অধিকাংশ গীতেই স্বৰচিত। তেওঁৰ গীতবোৰৰ ভাষাৰ সাহত্যিক লালিত্য সকলোকে মোহিত কৰে। ভূপেন হাজৰিকাৰ প্ৰতিটো গীতেই আছিল সাহত্যৰ এটা অমূল্য সৃষ্টি। ইয়াৰোপৰি তেওঁ বহুতো কবিতা ৰচনা কৰিছে আৰু ক’বলৈ গ’লে তেওঁৰ প্ৰতিটো গানেই এটা এটা সুন্দৰ কবিতা।

ভূপেন হাজৰিকাৰ অনুলিখিত আত্ম-জীৱনীখনৰ নাম হ’ল— “মই এটি যাযাবৰ”। ইয়াৰ গদ্য ভূপেন হাজৰিকাৰ গানৰ দৰেই সুমধুৰ আৰু সুমিষ্ট।

প্ৰশ্নঃ ৫। সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ  সাংস্কৃতিক যাত্ৰা সম্বন্ধে আলোচনা কৰা।

উত্তৰঃ ভূপেন হাজৰিকাৰ সংগীতৰ যাত্ৰা তথা তেওঁৰ সাংস্কৃতিক যাত্ৰাৰ মূলতে তেওঁৰ সেই জীপাল ঘৰখন আছিল যিখন ঘৰৰ দহোজন ভাতৃ-ভগ্নীয়েই অসমীয়া সংস্কৃতিৰ প্ৰতি কিবা নহয় কিবা এটা অৱদান আগবঢ়াই গ’ল। ভূপেন হাজৰিকাৰ অন্তৰস্পৰ্শী মৌ-মিঠা আমৃতময়ী কণ্ঠই প্ৰতিজনকেই ঝংকাৰিত কৰি তোলে। তাৰ চিকাৰ হৈছে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাও। ১৯৩০ চনৰ ৩০ অক্টোবৰৰ দিনা গুৱাহাটীৰ কটন কলজিয়েট হাইস্কুলৰ সভাত পিতৃৰ লগত ভূপেন হাজৰিকা গান গাবলৈ আহিছিল। সেইখন সভাৰেই বিশিষ্ট অতিথি আছিল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা। বেজবৰুৱাদেৱ ভূপেন হাজৰিকাৰ কণ্ঠত “কি সতে হিয়াৰে” শীৰ্ষক গীত শুনি আহ্লদিত হৈছিল। বেজবৰুৱাদেৱ ভূপেন হাজৰিকাক প্ৰশংসাৰে উপচাই চুমা খাইছিল আৰু কলিকতাৰ সুগায়ক “মাষ্টাৰ মদন”ৰ লগত তুলনা কৰিছিল।

ভূপেন হাজৰিকাৰ সাংস্কৃতিক প্ৰতিভাৰ বিকাশ ঘটে অসমৰ সাংস্কৃতিক নগৰী তেজপুৰত। দেউতাকৰ চাকৰিৰ বদলিৰ বাবে ভূপেন হাজৰিকা তেজপুৰ যাব লগা হৈছিল। তেজপুৰতে ভূপেন হাজৰিকাৰ প্ৰতিভাত জ্যোতি-বিষ্ণু- ফণিৰ পৰশ পৰে আৰু ইয়াৰ পৰাই আৰম্ভ হয় তেওঁৰ বৰ্ণিল সাংস্কৃতিক জীৱন। 

ভূপেন হাজৰিকাই ১৯৩৭ চনত মাত্ৰ ১১ বছৰ বয়সতে নিজে এটা গীত ৰচনা কৰে আৰু সেই গীতটি আছিল “কুসুম্বৰ পুত্ৰ শ্ৰীশঙ্কৰ গুৰুৱে ধৰিছিল নামৰে তান”। ১৯৩৯ চনত ভূপেন হাজৰিকাক প্ৰথম চিনেমাৰ পৰ্দাত দেখা যায় আৰু সেই চিনেমাখন আছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ “ইন্দ্ৰমালতী”। এই “ইন্দ্ৰমালতী” ছবিত তেওঁ এজন গৰখীয়া ল’ৰাৰ চৰিত্ৰত অভিনয় কৰিছিল। “বিশ্ববিজয়ী নৱজোৱান” শীৰ্ষত গীতটিত হাজৰিকাদেৱে কণ্ঠদান কৰিছিল।

১৯৪৮ চনত তেওঁ “সতী বেউলা” ছবিৰ প্ৰথমবাৰৰ বাবে সংগীত পৰিচালনা কৰে। বিষ্ণু ৰাভা পৰিচালিত “চিৰাজ” চলচিত্ৰত তেওঁ অভিনয় কৰিছিল আৰু লগতে শিৱপ্ৰসাদ ভট্টাচাৰ্যৰ সৈতে যুটীয়াভাৱে সংগীত পৰিচালনা কৰিছিল।

১৯৫৬ চনত প্ৰথমবাৰৰ বাবে ভূপেন হাজৰিকাই চলচিত্ৰ পৰিচালনাৰ নামে “এৰা বাটৰ সুৰ” ছবিৰ জৰিয়তে। ১৯৫৮ চনত ভূপেন হাজৰিকাই “মহুত বন্ধুৰে” শীৰ্ষত জীৱনৰ একমাত্ৰ বাংলা কথাছবি পৰিচালনা কৰে। ১৯৬১ চনত হাজৰিকাদেৱে প্ৰথম অসমীয়া আংশিক ৰঙীন ছবি “শকুন্তলা” পৰিচালনা কৰে। ভূপেন হাজৰিকাই এখন হিন্দী ছবিও পৰিচালনা কৰিছিল আৰু সেইখন আছিল অৰুণাচল প্ৰদেশৰ প্ৰথম চিনেমা “মেৰা ধৰম মেৰী মা”। ভূপেন হাজৰিকাই এখন টেলিফিল্ম পৰিচালনা কৰিছিল আৰু সেইখন আছিল “মিৰি জীয়ৰী”। ভূপেন হাজৰিকাই অসমীয়া আৰু ইংৰাজী ভাষাত কেইবাখনো তথ্যচিত্ৰ পৰিচালনা কৰিছিল। সেইকেইখন হৈছে— “For whom the sun shines” (১৯৭৪), “এমুঠি চাউলৰ কাহিনী” (১৯৭৪), “ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা আৰু জয়মতী” (১৯৭৬), “থ্ৰ মেলডি এণ্ড ৰিডম” (১৯৭৭), “এলং দ্যা ৰিভাৰ ব্ৰহ্মপুত্ৰ”(১৯৮১), “গ্লিমপচেছ অফ দ্যা মিষ্টি ইষ্ট” (১৯৯৬)। ভূপেন হাজৰিকাই ১৯৭৩ চনত প্ৰথমবাৰৰ বাবে আত্মাৰাম পৰিচালিত হিন্দী ছবি “আৰোপ”ত সংগীত পৰিচালনা কৰে। ১৯৫৭ চনত ভূপেন হাজৰিকাই প্ৰথম বাৰৰ বাবে বাংলা ছবি “জীৱন তৃষ্ণা”ত সংগীত পৰিচালনা কৰে। তেওঁ সংগীত পৰিচালনা কৰা আন আন অসমীয়া চলচিত্ৰসমূহ হৈছে— “পিয়লি ফুকন” (১৯৫৫), “ধুমুহা” (১৯৫৭), “কেঁচা সোণ” (১৯৫৯), “পুৱতি নিশাৰ সপোন” (১৯৫৯), “মণিৰাম দেৱান” (১৯৬৩), “ভাগ্য” (১৯৬৩), “প্ৰতিধ্বনি” (১৯৬৪), “লটি-ঘটি” (১৯৬৬), “চামেলি মেমচাব” (১৯৭৫), “খোজ”(১৯৭৫), “কাঁচঘৰ” (১৯৭৫), “পলাশৰ ৰং” (১৯৭৬), “বনহংস” (১৯৭৭), “বনজুই” (১৯৭৮), “অকণ” (১৯৮০), “অপৰূপা” (১৯৮৩), “অংগীকাৰ” (১৯৮৫), “যুগে-যুগে সংগ্ৰাম” (১৯৮৬), “সংকল্প” (১৯৮৬), “মা” (১৯৮৬), “প্ৰতিশোধ” (১৯৮৭), “চিৰাজ” (১৯৮৮), “পানী” (১৯৯০), “মিৰি-জীয়ৰী” (১৯৯০), “প্ৰীয়জন” (১৯৯৩), “অশান্ত প্ৰহৰ” (১৯৯৪), “সতী ৰাধিকা” (২০০৪)।

ভূপেন হাজৰিকাই পৰিচালনাৰ কৰা আন আন অসমীয়া চলচিএসমূহ হৈছে — “প্ৰতিধ্বনি” (১৯৬৪), “লটি-ঘটি” (১৯৬৬), “চিকমিক্ বিজুলী” (১৯৬৯), “মন প্ৰজাপতি” (২৯৭৯), “চিৰাজ”(১৯৮৮)।

ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা হিন্দী চিনেমাসমূহ হৈছিল— “অপেক্ষা” (১৯৮৪), “এক পল” (১৯৮৬), “ৰুদালি” (১৯৯২), “দৰমিয়া” (১৯৯৭), “মিল গয়া মঞ্জিল তুজে” (১৯৯৭),  “চাজ” (১৯৯৭), “দমন” (২০০০), “গজগামিনি” (২০০১), ” কিছু” (২০০৩), “চিংগাৰ” (২০০৬)।

ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা বঙালী চলচিত্ৰসমূহ হৈছে— “কড়ি ও কমল” (১৯৫৭), “জোনাকীৰ আলোক” (১৯৫৮), “দুই বেচেৰা” (১৯৭৬), “এখানে পিঞ্জৰ” (১৯৭১), “দম্পতি” (১৯৭৬), “মহুয়া”(১৯৭৭), “সীমনা পেৰিয়ে”(১৯৭৬), “নাগিনি কন্যাৰ কাহিনী”(১৯৭৯), “কালি সিঁদূৰ”(১৯৮৪), “কোমল আন্ধাৰ”(১৯৮৪)। 

ইয়াৰোপৰি ডঃ ভূপেন হাজৰিকাই আন আন ভাষাৰো গীত গাইছিল তথা সংগীত পৰিচালনা কৰিছিল। সেইবোৰ হৈছে— “সঠ মাইয়া কী মহিমা” (ভোজপুৰী), “ৰিং আং তং”(কাৰ্বি,১৯৮৭) “জিউনি চিমাং”(বড়ো,১৯৮৭)।

প্ৰশ্নঃ ৬। ড° ভূপেন হাজৰিকাই লাভ কৰা বঁটা আৰু কৃতিত্বসমূহ উল্লেখ কৰা।

উত্তৰঃ ড° ভূপেন হাজৰিকা কেৱল অসমৰে নহয় তেওঁ এজন বিশ্বশিল্পী। তেওঁৰ প্ৰতিভাৰে তেওঁ জগত জিনিবলৈ আৰু জগতক মোহিবলৈ সক্ষম হৈছিল। ভূপেন হাজৰিকাই দেশৰ সাহিত্য-সাংস্কৃতিক ক্ষেত্রত আগবঢ়োয় অৱদানৰ বাবে তেওঁক বিভিন্ন সন্মানেৰে বিভূষিত কৰা হৈছে। ভূপেন হাজৰিকাই অসমৰ বিশ্বৰ প্ৰেক্ষাপটত জিলিকাই তুলিবলৈ সক্ষম হৈছিল আৰু বিভিন্ন কৃতিত্ব তথা বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।

ড° ভূপেন হাজৰিকাই লাভ কৰা বিভিন্ন কৃতিত্ব আৰু বঁটাসমূহ তলত উল্লেখ কৰা। হ’ল—

(ক) ১৯৬১ চনত ড° হাজৰিকাই নিৰ্মাণ কৰা “শকুন্তলা” ছবিখন “ৰাষ্ট্ৰপতি পদক” লাভ কৰে।

(খ) ১৯৬৪ চনত “প্ৰতিধ্বনি” ছবিখন “ৰাষ্ট্ৰপতি পদক” লাভ কৰে। এই ছবিখন ফ্ৰান্সৰ আন্তঃৰাষ্ট্ৰীয় চলচিএ মহোৎসৱলৈ আমন্ত্ৰিত হৈছিল।

(গ) ১৯৬৬ চনত ড° হাজৰিকাই তেওঁৰ প্ৰথম অসমীয়া ব্যংগ চলচিত্ৰ “লটি-ঘটি”ৰ বাবে “ৰাষ্ট্ৰপতি পদক” লাভ কৰে।

(ঘ) ১৯৭৬ চনত “আব্দুল মজিদ”ৰ পৰিচালিত “চামেলি মেমচাৱ” সংগীত পৰিচালনাৰ বাবে বছৰটোৰ সৰ্বশ্ৰেষ্ঠ সংগীত পৰিচালনা সন্মান লাভ কৰে। এই সংগীতৰ বাবে তেওঁক ৰাষ্ট্ৰপতিয়ে “ৰজত-কমল বঁটা” আৰু নগদ দহ হেজাৰ টকৰে সন্মান যাচে। 

(ঙ) ১৯৭৮ চনত দুখন অসমীয়া গানৰ বিশেষ ৰেকৰ্ড প্রকাশ‌ কৰাৰ উপৰিও তেওঁ “আমি এক যাযাবৰ” বুলি আঠোটা বঙালী গীতৰ এক পি ৰেকৰ্ড এইছ এম ভিৰ পৰা এখন এম্বেচেদৰ আৰু এখন সোণৰ ৰেকৰ্ড লাভ কৰে।

(চ) ১৯৭৭ চনত পশ্চিমবংগৰ বঙালী চলচিত্ৰ পুৰস্কাৰ সমিতি “এ দম্পতী” ছবিখনৰ বাবে বছৰটোৰ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা যাচিছিল।

(ছ) ১৯৭৭ চনত “পদ্মশ্ৰী” বঁটা লাভ কৰে।

(জ) ১৯৭৮ চনত “সীমনা পেৰিয়ে”ৰ সংগীত পৰিচালনাৰ কাৰণে “বাংলাদেশ ফিল্ম ইণ্ডাষ্টিজ”ৰ তৰফৰ পৰা বছৰৰ শ্ৰেষ্ঠ সংগীত পৰিচালকৰূপে সন্মানিত হৈছিল।

(ঝ) ১৯৭৬ চনৰ ২৬ জানুৱাৰীত অৰুণাচল চৰকাৰে তেওঁক “মেৰা ধৰম মেৰি মা” নামৰ হিন্দী ছবি নিৰ্মাণৰ বাবে সম্বৰ্ধনা জনাই সোণৰ পদক লাভ কৰে।

(ঞ) “মহুৱা সুন্দৰী” নাটকৰ বাবে “শ্ৰেষ্ঠ লোক-সংগীত শিল্পী বঁটা”(১৯৭৯) লাভ কৰে।

(ট) ১৯৮৭ চনত “অসম চৰকাৰ”ৰ পৰা “শ্ৰীমন্ত শংকৰদেৱ বঁটা” লাভ কৰে।

(ঠ) ১৯৮৭ চনত “সংগীত নাটক অকাডেমী বঁটা ” লাভ কৰে।

(ড) ১৯৮৭ চনত “ইন্দিৰা গান্ধী স্মৃতি বঁটা” লাভ কৰে।

(ঢ) ১৯৯৩ চনত শিৱসাগৰত অনুষ্ঠিত হোৱা “অসম সাহিত্য সভা”ৰ ঊনষাঠিতম অধিৱেশনৰ সভাপতিৰ আসন শুৱনি কৰিছিল।

(ণ) ১৯৯৩ চনত শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা লাভ কৰে।

(ত) ১৯৯৩ চনত ড° হাজৰিকাক ১৯৯২ চনৰ বাবে ভাৰতৰ চলচিত্ৰ জগতৰ সৰ্বোচ্চ সন্মান “দাদা চাহেব ফাল্কে বঁটা” সেই সময়ৰ ভাৰতৰ ৰাষ্ট্ৰপতি ডঃ শংকৰ শংকৰ দয়াল শৰ্মাই প্ৰদান কৰে।

(থ) ২০০১ চনৰ “পদ্মভূষণ” বঁটা লাভ কৰে।

(দ) ২০০১ চনত মধ্যপ্ৰদেশ চৰকাৰৰ পৰা “লতা মংগেশকাৰ বঁটা” লাভ কৰে।

(ধ) ২০০৬ চনত তেওঁৰ বঙালী গীত মানুষ মনুশেৰ জন্য” বাঙালীৰ শ্ৰোতা জৰিপত সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ বঙালী গীতৰ তালিকাত দ্বিতীয় স্থান লাভ কৰে।

(ন) ২০০৮ চনৰ “অসম সাহিত্য সভা”ৰ পৰা সাহিত্যাচাৰ্য সন্মান লাভ কৰে।

(প) ২০০৯ চনৰ “অসম চৰকাৰ”ৰ পৰা “অসম ৰত্ন” বঁটা লাভ কৰে।

(ফ) ২০১২ চনত মৰণোত্তৰভাৱে ভাৰত চৰকাৰৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান “পদ্মবিভষণ”ৰে সন্মানিত হয়।

(ব) ২০১৯ চনত মৰনোওৰভাৱে ভাৰত চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান “ভাৰত ৰত্ন”ৰে সন্মানিত হয়।

প্ৰশ্নঃ ৭। সাম্প্ৰতিক সময়ত ড° ভূপেন হাজৰিকাৰ গানৰ প্ৰসংগিকতা সম্পৰ্কে চমু আলোচনা যুগুত কৰা।

উত্তৰঃ সাগৰ সংগমত সাঁতুৰি কোনোদিননেই ক্লান্ত নোহোৱা সৰ্বকালৰ শ্ৰেষ্ঠ সংগীত শিল্পী, অসম ৰত্ন, সংগীত সূৰ্য, সুধাকণ্ঠ, ভাৰত ৰত্ন  ড° ভূপেন হাজৰিকাৰদেৱ কলা-সংস্কৃতিৰ মাজেৰে এখন সংগীতৰ সমাজ গঢ়িছিল। অসমীয়া জাতিৰ প্ৰাণৰ গীত গোৱা হাজাৰিকাদেৱে মানুহৰ বাবে গীত গাইছিল। গীতসমূহৰ মাজত প্ৰতিভাত হৈছিল প্ৰেম-ভালপোৱা, কৃষ্টি-সংস্কৃতি, আৱেগ-অনুভূতি, সংগ্ৰাম, দেশ-প্ৰেম তথা হাঁহি-কান্দোনৰ নব্য নতুন প্ৰতিচ্ছবি। মানুহৰ বাবে গীত গোৱা ভূপেন হাজৰিকাৰহ অসমীয়া জাতিৰ প্ৰাণৰ গীত গাইছিল। মানুহৰ মাজত একতাৰ বান্ধোন সুদৃঢ় কৰাৰ প্ৰয়াসেৰে তেওঁ গীতসমূহ ৰচিছিল। উল্লেখনীয় যে তেওঁৰ অনেক গীতত জনতাৰ প্ৰতি বলিষ্ঠ সামাজিক নেতৃত্বৰ আহ্বান প্ৰকাশ পাইছে। দেশৰ জনতাৰ গুৰুতত্বপূৰ্ন সামাজিক পৰিৱৰ্তনৰ অংশীদাৰ হ’বলৈ দিয়াটো তেওঁৰ গীতসমূহৰ। বৈশিষ্ট্য সেইবোৰৰ ৰাজনৈতিক চেতনাবোধ বিচাৰ-খোচাৰ কৰোঁতে দুই এটা বৈশিষ্ট্য আহুকলিয়া হৈ পৰে। উদাহৰণস্বৰূপে, যিহেতু গীতবোৰৰ বিষয়বস্তুৰ পৰিসৰ বিস্তৃত, বিভিন্ন উপাদান য’ত-ত’ত সিঁচৰিত হৈ থকা যেন অনুভূত হয়। তাৰোপৰি গীতসমূহৰ সৃষ্টিকালৰ পৰিসৰ প্ৰায় সাত দশকজোৰা। গতিকে ইমান দীঘলীয়া সময়ছোৱাত দৃষ্টিভংগীৰ কিছু পৰিৱৰ্তন হোৱাতো স্বাভাৱিক।

ড° হাজৰিকাদেৱে দেশৰ হিংসা, শোষণ, অন্যায় দেখি তেওঁৰ মানসপটত যেন ৰাজনৈতিক বিদ্ৰোহৰ সূচনা হৈছিল। জনতাৰ কোলাহল দেখি এই অত্যাচাৰি দমনকাৰীসকলৰ বিৰুদ্ধে থিয় দিছিল।

তেওঁ নতুন অসম গঢ়াৰ পণ্য লৈছিল—

“অগ্নিযুগৰ ফিৰিঙতি‌ মই

নতুন ভাৰত গঢ়িম

সৰ্বহাৰা সৰ্বস্ব

পুনৰ ফিৰাই অনিম

নতুন অসম গড়িম”।

অনুপ্ৰেৰণা যোগোৱাত তেওঁৰ এনেধৰণৰ বিদ্ৰোহী গীতবোৰ লাচিতৰ টোৰুৱালতকৈ চোকা। “নৰ কংকালৰ অস্ত্ৰ সাজি শোষণকাৰিক বধিম”,”হেজাৰ পানেয়ে চিঞৰি উঠিলে-পৃথিৱী উঠিলে কঁপি”,”সেই মূহুৰ্তলৈ যি মূহুৰ্ততে মোৰ সীমান্ততে সেই শত্ৰু দৈত্যটোৰ নহয়, ৰত্নকান্ত নহওঁ” আদিৰ তেজস্বী প্ৰকাশে সমাজত সহজেই ৰাজনৈতিক বিদ্ৰোহৰ সূচনা কৰিব পাৰে। ভূপেন হাজৰিকাই গাইছিল সমাজৰ দেখা দিয়া “বহু আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান”। তেওঁ বিচাৰিছিল “শিথিল সমাজ ভাঙি জনগণ হৈ উঠক প্ৰবল সংগ্ৰামী আৰু অগ্ৰগামি”। তেওঁ প্ৰায়েই কৈছিল যে সকলো প্ৰকাৰৰ ৰাজনৈতিক, সামাজিক আৰু বৌদ্ধিক অনুশীলন জনগণৰ সপক্ষে, বিশেষকৈ শোষিত-বঞ্চিত-নিষ্পেষিত জনতাৰ স্বাৰ্থত হোৱা উচিত।

“দোলা, হে দোলা, হে দোলা, হে দোলা

একা বেঁকা বাটাৰে কঢ়িয়াও‌ কঢ়িয়াও‌

বৰ বৰ মানুহৰ দোলা।

হে দোলা”।

এই গীতটো শ্ৰেণী সংগ্ৰামৰ গীত যেন লাগিলেও সমাজৰ সবল মানুহবোৰক অনুনন কৰা আৰু শ্ৰেণীৰ নিৰ্বিশেষে সকলো মানুহ কথা ভাবিলৈ কৈছে। দোলাভাৰি অৰ্থাৎ আমি সাধাৰণ লোকসকলে শোষক-শাসক বৰ মানুহবোৰক সুৰক্ষা দি আহিছো। দোলাভাৰীৰ কান্ধন পৰা দোলা পিছলি পৰিলে ৰজা-মহাৰজাৰ বিপদ হ’ব সেই কথাও প্ৰতিভাত হৈছে।

“আহ আহ ওলাই অহ

সজাগ জনতা,

আহ আহ ওলাই অহ

পোহৰ আনোতা,

ৰামৰে দেশতে থকা

ৰাৱণ বধোতে

যায় যদি যায় 

জীৱনটো যায়”।

ড° হাজৰিকাই আমাক সজাগ হ’বলৈ আহবান জনাইছে। ৰাইজক আহিবলৈ কৈছিল, দেশৰ পোহৰ আনিবলৈ। ৰামৰ দেশৰ থকা ৰাৱণ বধিবলৈ ওলাই যাওঁতে যদি জীৱনটোও যায় যাবলৈ কৈছিল।

“আমি অসমীয়া নহঁও দুখীয়া

বুলি সান্তনা লভিলে ন’হব, 

আজিৰ অসমীয়াই নিজক নিচিনিলে

অসম ৰসাতলে যাব”।

১৯৬৮ চনৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম শতবাৰ্ষিকী চলি থকাৰ সময়তে তেওঁ এই গীতটো ৰচিছিল। কেৱল নিজৰ প্ৰাপ্যৰ সন্ধানত নিজৰ স্বাৰ্থত দৌৰি ফুৰা সুবিধাবাদী চৰিত্ৰৰ জনগণে নিজকেই যেন নিচিনা হৈছে। ৰসাতলে যাব ধৰা অসমৰ জনগণৰ স্বাৰ্থপৰতাত তেওঁ ক্ষুব্ধ হৈ পৰিছিল।

সুধাকণ্ঠ ড° হাজৰিকাৰ মতে যুদ্ধৰ অস্ত্ৰ সময়ভেদে বেলেগ বেলেগ। সেয়েহে তেওঁ নগেন বৰাৰ এই গীতটো গাইছিল—

“আকৌ যদি যাব লাগে শৰাইঘাটলৈ

লুইত পাৰৰ ডেকা বন্ধু

নাথাকিৱা ৰৈ, নাথাকিবা ৰৈ……”।

দেশমাতৃক জীয়াই ৰাখিবলৈ হাজাৰ বিভীষিকা কৰি নতুন প্ৰজন্মৰ চকুৰে নতুন দেশ গঢ়াৰ সপোন তেওঁৰ গীতত দিপ্তমান।

ভূপেন হাজৰিকাৰ গীত কথাপ্ৰধান,‌ সুৰপ্ৰধান নহয়। গীতৰ মাজেৰেও তেওঁ প্রকাশ‌ কৰিছে ভগা পজাঁত বাস কৰা বস্ত্ৰবিহীন খেতিয়কৰ, খাদ্যবিহিন দিন মজুৰৰ অন্তৰৰ হাহাকাৰ। “ৰঙঢালি কপিলী”ক শক্তিৰ ভাণ্ডাৰলৈ ৰূপান্তৰিত কৰাৰ আনন্দৰ কথাও তেওঁ গীতেৰে কয়।

“অ মোৰ ধৰিত্ৰী আই

চৰণতে দিবা ঠাই,

খেতিয়কৰ বিস্তাৰ নাই

মাটি বিনে অসহায়”।

বৃহৎ নদীবান্ধ আৰু অন্যান্য তথাকথিত উন্নয়নী প্ৰকল্প নিৰ্মাণৰ ফলত ভূমি সাৰুৱা খেতিয়কৰ সংকট উপলব্ধি কৰিবলৈ এই গীতটি আজিও অতি প্ৰসংগিক। ভূপেন হাজৰিকাৰ ৰাজনৈতিক চেতনাবোধ অধ্যয়ন কৰিলে দেখা যায় যে আজিৰ ৰাজনৈতিক প্ৰেক্ষাপটত দৃশ্যমন হোৱা “সুবিধাবাদ” তেওঁ বাৰুকৈয়া বেয়া পাইছিল। কিছসংখ্যক গীতত এই কথা চিৰ বিদ্যমান। ভূপেন হাজৰিকাৰ প্ৰতিবাদৰ গীতবোৰত দেশপ্ৰেমৰ ছবি ফুটি উঠিছে আৰু ইয়াৰ পৰাই তেওঁৰ ৰাজৈতিক চেতনাবোধৰ উমান পোৱা যায়। তেওঁৰ গীতৰ মাজত সোমাই থকা এই দেশপ্ৰেম এক বিশ্লেষণৰ বিষয়, সাম্প্ৰতিক পৰিস্থিতিত ই অতি প্ৰাসংগিক।

প্ৰশ্নঃ ৮। ড° ভূপেন হাজৰিকাৰ বৈবাহিক জীৱন  সম্পৰ্কে এটি চমুটোকা লিখা।

উত্তৰঃ ১৯৫০ চনৰ নিউয়ৰ্কত ড° ভূপেন হাজৰিকাই উগাণ্ডাৰ এটা গুজৰাটি পৰিয়ালৰ ছোৱালী প্ৰিয়ম্বদা পেটেলৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়। ১৯৫২ চনত তেওঁলোকৰ একমাত্ৰ পুত্ৰ সন্তান তেজ হাজৰিকাৰ জন্ম হয়। কিন্তু ভূপেন হাজৰিকা আৰু প্ৰীয়ম্বদা পেটেলৰ এই সম্পৰ্ক বেছিদিন নিটিকিল আৰু ১৯৬২ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়। পৰৱৰ্তী কালত চলচিত্ৰ পৰিচালিকা কল্পনা লাজমীৰ লগত মধুৰ সম্পৰ্ক গঢ়ি উঠে।

প্ৰশ্নঃ ৯। ড° ভূপেন হাজৰিকাৰ ভাতৃ-ভগ্নীসকলৰ নাম উল্লেখ কৰা।

উত্তৰঃ ড° ভূপেন হাজৰিকাৰ ভাই-ভনী সকলো মিলি মুঠ সন্তান আছিল দহটা। পৰিয়ালৰ দহোটা সন্তানৰ জ্যেষ্ঠ আছিল ভূপেন হাজৰিকা।

বাকী কেইগৰাকীৰ নাম হ’ল—

(ক) অসম হাজৰিকা।

(খ) প্ৰবীণ হাজৰিকা।

(গ) সুদক্ষিণা শৰ্মা।

(ঘ) নৃপেন হাজৰিকা।

(ঙ) বলেন হাজৰিকা।

(চ) কবিতা বৰুৱা।

(ছ) স্তুতি পেটেল।

(জ) জয়ন্ত হাজৰিকা।

(ঝ) সমৰ হাজৰিকা।

প্ৰশ্নঃ ১০। অনাথবন্ধু দাস আৰু ভূপেন হাজৰিকাৰ মাজত কেনেধৰণৰ সম্বন্ধ আছিল ?

উত্তৰঃ অনাথবন্ধু দাস আছিল ভূপেন হাজৰিকাৰ মামায়েক। অনাথবন্ধু দাসে খুব সোনকালেই ১৯২৪ চনত, মাত্ৰ ২৩ বছৰত ইহ-সংসাৰ ত‍্যাগ কৰিছিল। গীতে-মাতে সকলোতে আগৰণুৱা অনাথবন্ধু দাসৰ টাইফয়ড ৰোগ হৈছিল। ৰোগৰ আক্ৰান্ত হৈ থাকোঁতেই‌ তেওঁ এদিন ভনীয়েক শান্তিপ্ৰিয়াক মাতি আনি তেওঁক ওচৰতে থকা নীলকান্ত হাজৰিকাৰ লগত বিবাহ-পাশত আবদ্ধ হ’বলৈ কৈছিল। কথাখিনি কোৱাৰ পিছদিনাই তেওঁৰ মৃত্যু হৈছিল। 

যেতিয়া ১৯২৬ চনত শদিয়াত শান্তিপ্ৰিয়াৰ গৰ্ভত ভূপেন হাজৰিকাৰ জন্ম হৈছিল, তেতিয়া নীলকান্ত হাজৰিকাই শদিয়াৰ পৰা এখন টেলিগ্ৰাম প্ৰাৰণ কৰিছিল গুৱাহাটীৰ ভৰলুমুখৰ ঘৰলৈ, য’ত লিখা আছিল— “Blessed with a male child” দিনটো আছিল ৮ চেপ্টেম্বৰ। টেলিগ্ৰামখন শান্তিপ্ৰিয়াৰ মাকে অৰ্থাৎ ভূপেন হাজৰিকাৰ আইতাকে ঘৰৰ সকলোকে দেখুৱাইছিল আৰু কৈছিল যে শান্তিৰ গৰ্ভত তেওঁৰ পুত্ৰ অনাথ আকৌ আহিছে। ভূপেন হাজৰিকা জন্ম হোৱা ঠিক তিনি-চাৰিদিনৰ আগত আইতাকে হুলস্থূল লগাই সকলোকে কৈ ফুৰিছিল যে— “অনাথ আহিছিল মোৰ ওচৰলৈ”। আহি হেনো তেওঁক কৈছিল— “মা তই কিয় কান্দি থাক! 

মই গৈছিলো, কিন্তু আকৌ আহিলো নহয়। মই শান্তিৰ গৰ্ভত আকৌ আহিছোঁ।

ভূপেন হাজৰিকাৰ চাৰি নে পাঁচ বছৰ বয়সত আইতাকে এদিন কৈছিল—”তোক মই অনাথ বুলিহে মাতিম, ভূপেন বুলি নামতোঁ। তেওঁ ভাবিছিল যে, ২৩ বছৰ বয়সতে মৃত্যুবৰণ কৰা প্ৰতিভাৱান অনাথবন্ধু দাসেহে শান্তিপ্ৰিয়াৰ গৰ্ভত পুনৰ ভূপেন হৈ উপজিছে।

প্ৰশ্নঃ ১১। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ সৈতে ড° ভূপেন হাজৰিকাৰ সাক্ষাত কেনেদৰে হৈছিল ? 

উত্তৰঃ দেউতাক নীলকান্ত হাজৰিকা কটন কলেজিয়েট হাইস্কুললৈ অহাৰ কেইদিনমানৰ পিছতেই সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা অসমলৈ আহিছিল। পুনৰ ঘূৰি যোৱাৰ সময়ত তেওঁক কটন কলেজিয়েটৰ ছাত্ৰসকলৰ বাৰ্ষিক সন্মিলনলৈ নিমন্ত্ৰণ কৰা হৈছিল। তেওঁৰ সেই সন্মিলনৰ সভাপতি পতা হৈছিল। সেইদিনা আছিল ১৯৩০ চনৰ ৩০ অক্টোবৰ। দেউতাক নীলকান্ত হাজৰিকাই সৰু চুৰিয়া আৰু পাটৰ কুৰ্তা এটা পিন্ধাই শিশু ভূপেনক তালৈ লৈ গৈছিল। ভূপেন হাজৰিকাই তাতেই এটা গীত পৰিৱেশন কৰিছিল। তেওঁ গাইছিল—

“কি সতে হিয়াৰে আমি

কওঁ তুমি যুৱাগৈ 

কৰ্তব্য মতিছে যদি

যোৱা তুমি যোৱাগৈ”।

গীতটো তেওঁক শিকাইছিল মাহিয়েক ভৱপ্ৰিয়া দাসে। গীতটো শুনাৰ পাছত বেজবুৱাদেৱে শিশু ভূপেনক চুমা এটা খাইছিল। চুমাটো খোৱাৰ আগতে বেজবৰুৱাই “মই পাপী মানুহ, ই বৰ পৱিত্ৰ ল’ৰা” বুলি কৈ চৌকিদৰৰ হতুৱাই পানী এগিলাচ অনাইছিল। কাৰণ হেই সময়ত তেওঁৰ মুখত তামোল আছিল। সেই পানীৰে কুল কুল কৰি উঠিহে বেজবৰুৱাই ভূপেন হাজৰিকাৰ কপালত চুমা এটা খাইছিল আৰু কৈছিল “খুব ডাঙৰ শিল্পী হ’বা তুমি”। উল্লেযোগ্য যে, তাৰ পিছদিনাই বেজবৰুৱাই হাওৰালৈ ৰাওনা হৈছিল। পাছদিনা “সাদিনীয়া অসমীয়া”ত খবৰ ওলাইছিল— “নীলকান্ত হাজৰিকাৰ ল’ৰা শ্ৰীমান ভূপেন হাজৰিকাৰই গান গালে”।

প্ৰণিধানযোগ্য যে, লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনী “মোৰ জীৱন সুৱৰণ”তো এই বিশেষ সাক্ষাত টোৰ বিষয়ে উল্লেখ কৰা হৈছে। 

প্ৰশ্নঃ ১২। ড° ভূপেন হাজৰিকা আৰু আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী পল ৰ’বচনৰ সাক্ষাৎ কানেদৰে হৈছিল ?

উত্তৰঃ আমেৰিকা যুক্তৰষ্ট্ৰত থাকোঁতেই ভূপেন হাজৰিকাই আমেৰিকাৰ গণ-অধিকাৰ আন্দোলনৰ লগত জড়িত আফ্ৰিকান-আমেৰিকান গায়ক আৰু অভিনেত পল ৰ’বচনক লুকাই লুকাই লগ কৰিবলৈ গৈছিল। সেই কাৰণে তেওঁক বহুতেই “কমিউনিষ্ট” বুলি ধৰা হৈছিল। আমেৰিকাত থকা ভাৰত ৰাষ্ট্ৰদূত বিজয়লক্ষ্মী পণ্ডিতে ভূপেন হাজৰিকালৈ ফোন কৰি সাৱধান-বাণী শুনাইছিল— “তই বৰ দুষ্ট হৈ গৈছে। আমাৰ পইচা লৈ তৈ ইয়াত সেই ৰঙা-নীলা বিলাকৰ মাজতে ঘূৰি ফুৰিছে”। 

পল ৰ’বচনে সেই সময়ত গঢ়ি তোলা উগ্ৰ-ৰক্ষণশীলতা বিৰোধী আন্দোলনবোৰৰ প্ৰতি ভূৱন হাজৰিকাৰ নৈতিক সমৰ্থন আছিল। আমেৰিকা আৰিৱৰ প্ৰাক্-মূহুৰ্ত্তত ভূপেন হাজৰিকা প’ল ৰ’বচনৰ ওচৰলৈ গৈছিল আৰু লণ্ডনলৈ যাব বুলি কৈছিল। ৰ’বছনে ভূপেন হাজৰিকাক লণ্ডনত থকা ৰজনিপাম দত্তক সাক্ষাৎ কৰিবলৈ কৈছিল।

পল ৰ’বচনে ভূপেন হাজৰিকাক বাৰুকৈয়ে প্রভাবাম্বিত কৰিছিল। ভূপেন হাজৰিকাই সেয়েহে কৈছিল— “তেওঁৰ গীতে আমাক বিদ্যুৎ প্ৰবাহৰ দৰে চুই গ’ল। বিজুলী সঞ্চাৰেৰে সহস্ৰ ৰাইজ যেন উদ্বুব্ধ হ’ল বৰ্ণ-বৈষম্যৰ বিৰুদ্ধে যুঁজিবলৈ। তেওঁ গোৱা গীত আমাক এক নতুন সংগীত জগতৰ বতৰা দিলে ।…..তেওঁক দেখি বিষ্ণু ককাইদেউক লগ পোৱা যেন লাগিছিল। একলব্যৰ দৰে দূৰৈৰ পৰা তেওঁৰ ধুমুহা-সদৃশ ব্যয়ক্তিত্বক সন্মান জনাই লাহে লাহে ওচৰ চাপিছিলোঁ”। 

উল্লেখযোগ্য যে, পল ৰ’বচনৰ “We are in the same boat brother” গীতটো ভূপেন হাজৰিকাই “আমি একেখন নাৱৰে যাত্ৰী”ৰ ৰূপত বিভিন্ন প্ৰসংগত গাইছে।

প্ৰশ্নঃ‌ ১৩। ড° ভূপেন হাজৰিকাই বিষ্ণু-জ্যোতিৰ সান্নিধ্য কেনেদৰে পাইছিল উল্লেখ কৰা।

উত্তৰঃ তেজপুৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধৱেশনৰ আগে আগে বিষ্ণু ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা আৰু ফণী শৰ্মা এখন বিদেশী গাড়ীত উঠি নীলকান্ত হাজৰিকাৰ ঘৰলৈ আহিছিল। সেই সময়ত বিষ্ণু ৰাভাই জ্যোতিপ্ৰসাদ ককাইদেউ বুলি সম্বোধন কৰিছিল। 

ভূপেন হাজৰিকা সপ্তমমান শ্ৰেণীত আছিল। প্ৰাৰম্ভিক চা-চিনাকিৰ পাছত তেওঁলোকে দেউতাকৰ আগত ভূপেনক কলিকতালৈ লৈ যোৱাৰ প্ৰস্তাৱ দিলে গীত এটাৰ ৰেকৰ্ডিঙৰ বাবে আৰু এই কথাত দেউতাক সন্মান হ’ল। তাৰ পিছত কলিকতালৈ যোৱাৰ আগে আগে জ্যোতি-বিষ্ণুৰ লগত ভূপেন হাজৰিকাৰ গানৰ খুব আখৰা হ’ল। খেয়াল গাবলৈ অসুবিধা পোৱা ভূপেন হাজৰিকাক জ্যোতিপ্ৰসাদে প্ৰকাশভংগী শিকালে আৰু বিষ্ণুপ্ৰসাদে কেইটামান সৰু সৰু খেয়াল শিকাই দিলে। যথা সময়ত ৰঙাপাৰাৰ পৰা তেওঁলোকৰ কলিকতা যাত্ৰা আৰম্ভ হ’ল।

কলিকতাত জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাই বিদ্যুৎ গতিৰে গীত লিখিলে। দিনে-নিশাই সুৰ সংযোজন কৰিলে। “শোণিত কুঁৱৰী” আৰু “জয়মতী কুঁৱৰী”ৰ গীত ৰেকৰ্ডিং হ’ল। এছিয়াৰ সৰ্ববৃহৎ ৰেকৰ্ডিং কোম্পানী “হিজ্ মাষ্টাৰ্ছ ভইচ” তেতিয়া দমদমত আছিল। ভূপেন হাজৰিকাক “জয়মতী কুঁৱৰী” আৰু “শোণিত কুঁৱৰী”ৰ নাৰী কণ্ঠৰ গীতবোৰ গাবলৈ দিয়া হৈছিল। কাৰণ ভূপেন হাজৰিকাৰ মতটো সৰু আছিল।

ইয়াৰ পিছত জ্যোতি-বিষ্ণুৱে ভূপেন হাজৰিকাৰ হতুৱাই “কাষতে কলচী লৈ”, “উলাহেৰে নাচি-বাগী হলি বিয়াকুল”, “বিশ্ববিজয়ী ন-জোৱান” আদি গীত কেইটামান ৰেকৰ্ড কৰোৱালে। এদিন অৰোৰা ফিল্মত Youngest Artist of his master’s voice of India Record Sangeet ৰেকৰ্ড মুক্তি পালে। কভাৰত দিয়া হৈছিল ভূপেন হাজৰিকাৰ ছবি। ডাঠ নীলা ৰঙৰ হাফপেণ্ট, বগা-শ্বাট, আধা টাই পিন্ধা সোণৰ মেডেল পিন্ধা ছবি এখন।

প্ৰশ্নঃ ১৪। বিষয়বস্তুৰ ফালৰ পৰা ড° ভূপেন হাজৰিকাৰ গীতসমূহক কি কি ভাগত ভগাব পাৰি ? 

উত্তৰঃ বিষয়বস্তুৰ বিশালতা‌ আৰু বৈচিত্ৰ্য অনুসৰি তেখেতৰ গীতসমূহক তলত উল্লেখ কৰা ধৰণে ভগাব পাৰি—

(ক) জাতীয় প্ৰেম পৰিশ্ফুট গীত।

(খ) মানৱতাৰ জয়গান কৰা গীত।

(গ) প্ৰেমৰ বিচিত্ৰ আৰু বৰ্নিল চিত্ৰত গীত।

(ঘ) বিদ্ৰোহী অন্তৰৰ উচ্চাস প্ৰকাশক গীত।

(ঙ) সমসাময়িক প্ৰসংগৰ গীত।

(চ) জনগোষ্ঠীয় জীৱনৰ প্ৰতিছবিৰ গীত।

(ছ) লোকগীত আধাৰিত গীত।

(জ) শিশুৰ বাবে ৰচিত গীত।

প্ৰশ্নঃ ১৫। ড° ভূপেন হাজৰিকাৰদেৱৰ গীতৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰঃ ড° ভূপেন হাজৰিকাৰদেৱৰ গীতৰ বৈশিষ্ট্যসমূহ উল্লেখ হ’ল—

(ক) ড° হাজৰিকাৰ গীতৰ শব্দ সংযোজন অতি মনোৰম।

(খ) তেওঁৰ প্ৰায়বোৰ গীততে ব্যৱহাৰ চিত্ৰকল্প তথা প্ৰতীকসমূহ সহজ-সৰল আৰু শ্ৰোতাৰ চিনাকি।

(গ) ড° ভূপেন হাজৰিকাদেৱৰ গীতসমূহত অশাবাদ প্ৰৱল।

(ঘ) হাজৰিকাদেৱৰ গীতৰ সুৰবোৰ কোমল আৰু হৃদয় চুই যোৱা।

(ঙ) তেওঁৰ গীতত দেশপ্ৰেম আৰু সম্প্ৰীতিৰ সুৰ ধ্বনিত হৈ আছে।

(চ) নদী আৰু উত্তৰ-পূবৰ বিভিন্ন জনগোষঠীৰ মাজত সম্প্ৰীতি প্ৰায়বোৰ গীতৰে মূল বক্তব্য।

(ছ) ড° ভূপেন হাজৰিকাদেৱৰ প্ৰায় সকলোবোৰ গীতেই সমাজৰ একো একোটা দিশৰ ছবি দাঙি ধৰে।

(জ) তেওঁৰ বহু গীততেই নাৰী মনস্তত্ত্বৰ প্ৰতিফলন ঘটিছে।

প্ৰশ্নঃ ১৬। গীতিকাৰ হিচাপে ড° ভূপেন হাজৰিকাদেৱৰ গীতৰ চমু আলোচনা আগবঢ়োৱা। 

উত্তৰঃ ড° ভূপেন হাজৰিকাৰ অসম আৰু অসমীয়াৰ বাবে কেৱল মাত্ৰ এজন ব্যক্তি নহয়, এটা অনুষ্ঠান। একাধাৰে গীতিকাৰ, সুৰকাৰ তথা অসমীয়া সংগীত জগতৰ অদ্বিতীয় কণ্ঠশিল্পী ড° ভূপেন হাজৰিকাই নিজে ৰচনা কৰা আৰু অমৃত কণ্ঠৰে কণ্ঠ নিগৰোৱা গীতবোৰক অসমীয়া সংগীত জগতত “ভূপেন্দ্ৰ সংগীত” নামেৰে জনা যায়। সংগীতজ্ঞ হিচাবে ড° হাজৰিকাৰ খ্যাতি নিজ ৰাজ্য, নিজ দেশৰ সীমাৰ পৰিধি ভেদি দেশ-বিদেশ ব্যাপি পঢ়িছিল। তেখেত অসমৰ উপৰিও চুবুৰীয়া ৰাজ্য পশ্চিমবঙ্গ আৰু চুবুৰীযা দেশ বাংলাদেশৰ জনপ্ৰিয়তাৰ শীৰ্ষক শিল্পী। সংগীতৰ আনুষ্ঠানিক শিক্ষাৰ অ, আ, ক, খ নিশিকাকৈয়ে তেখেতে পোন্ধৰশতকৈয়ো অধিক গীত ৰচনা কৰি কণ্ঠদান কৰিছিল। তেখেতৰ গীতসমূহ ভাৰতবৰ্ষৰ অন্যান্য ভাষালৈ অনূদিত হোৱালৈ চাই তেখেত কিমান উচ্চস্তৰৰ শিল্পী আছিল তাক সহজে অনুমান কৰি ল’ব পাৰি। তেখেতৰ গীতে জাতি, ধৰ্ম, বয়স, সময়, স্থান আদিৰ প্ৰাচীৰ ভাঙি এক সাৰ্বজনীন জনপ্ৰিয়তা লাভ কৰিবলৈ সমৰ্থ হৈছিল বাবেই তেওঁ গণশিল্পী আখ্যা পাইছিল। 

নিচেই কম বয়সতে ড° হাজৰিকাই তেখেতৰ জীৱনৰ প্ৰথম গীতটো ৰচনা কৰে।

“কুসুম্বৰ পুত্ৰ শ্ৰীশংকৰ গুৰুৱে

ধৰিছিল নামৰে তান

নামৰে সুৰতে আনন্দত নাচিছিল 

পৱিত্ৰ বৰদোৱা থান

মোৰ গুৰু ঐ পৱিত্ৰ বৰদোৱা থান”।

গীতটোৰ ৰচনাকাল ১৯৩৭ চনত। ড° হাজৰিকাৰ জন্ম হৈছিল ১৯২৬ চনত। গতিকে মাত্ৰ আঘাত বছৰ বয়সতে এই অনন্য সুন্দৰ গীতিটি ৰচনা কৰি তেখেতে নিজ প্ৰতিভা প্ৰতিপন্ন কৰিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পৰা অস্থিৰতাৰ এই জটিল সময়ছোৱাত মাত্ৰ তেৰ বছৰ বয়সতে তেখেতে ৰচনা কৰে তেখেতৰ দ্বিতীয়টো কালজয়ী গীত—

“অগ্নি যুগৰ ফিৰীঙতি মই 

নতুন অসম গঢ়িম

নতুন অসম গঢ়িম

নৰ কংকালৰ অস্ত্ৰ সাজিম

শোষণকাৰিক বোধিম”।

১৯৪৬ চনত ড° হাজৰিকাই কাশী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থাঁকোতে প্ৰথমবাৰৰ বাবে পৃথিৱীত সপ্তম আশ্চৰ্যৰ অন্যতম মোগল সম্ৰাট ছাহজাহানৰ প্ৰেমৰ স্মৃতিসৌধ আগ্ৰাৰ তাজমহল দেখি ৰচনা কৰে প্ৰেমৰ এই যুগমীয়া গীতটি—

“হয় হয় হয়

কঁপি উঠে কিয় তাজমহল 

পুৱতি নিশাৰ আজানৰ সতে আজান

যমুনাত তুলি

শত ধুমুহাৰ কোলাহল

তাজমহল তাজমহল”।

এবাৰ চিকাগো ৰে’ল ষ্টেচনত ৰে’লৰ বাবে অপেক্ষা কৰি থাকোঁতে ৰচনা কৰিছিল—

“ঝক ঝক ৰে’ল চলে মোৰ 

ৰে’ল চলে মোৰ ৰে’ল চলে

সাম্য ৰিঙায়ই 

শান্তি উকিয়াই ৰে’ল চলে

ফায়াৰ্মৰেন মই”।

সেইদৰে, ১৯৫২ চনত আটলান্টিক মহাসাগৰৰ বুকুৱেদি জাহাজত আহি থাকোঁতে মহাসাগৰৰ ৰূপত মুগ্ধ হৈ ৰচনা কৰে তেখেতৰ আন আন কালজয়ী গীত—

“সাগৰ সংগমত কতনা সাঁতুৰিলো 

তথাপিটো হোৱা নাই ক্লান্ত

তথাপি মনৰ মোৰ প্ৰশান্ত সাগৰৰ

উৰ্মিমালা অশান্ত”।

১৯৬০ চনত অসমত ভাষা আন্দোলন আৰম্ভ হয়। বুজাবুজিৰ অভাৱত অসম ছানি ধৰা হিংসাত্মক ঘটনাৰ অন্ত পেলাবলৈ গণনাট্য সংঘৰ হেমাংগ বিশ্বাসৰ লগ হৈ Let us meet নামৰ অনুষ্ঠান এটা খুলি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি লিখে—

“মানুহে মানুহৰ বাবে

যদিহে অকণো নাভাবে

অকণি সহানুভূতিৰে ভাবিব

কোনেনো কোৱা, সমনীয়া”। 

১৯৬২ চনৰ চীন-ভাৰতৰ যুদ্ধত শ্বহীদ হোৱা ভাৰতীয় জোৱানসকলৰ বাবে তেখেতৰ অন্তৰ কান্দি উঠিছিল। সেই বছৰৰে ডিচেম্বৰ মাহত এখন ডকুমেণ্টৰী ফিল্মৰ কামত কামেং সীমান্তত ভৰি দি বৰফে ঢকা আঢ়ৈ কুৰিটা মৃতদেহ দেখি ৰচনা কৰে—

“ক’ত জোৱানৰ মৃত্যু হ’ল

কাৰ জীৱন যৌৱন গ’ল

সেই মৃত্যু অপৰাজেয়

    তেনে মৃতক নহ’লো মই কিয়……”।

১৯৬৩ চনৰ বছৰটো তেখেতে নিসংগতাত ভুগিছিল। মানুহৰ এষাৰি মৰমৰ মতৰ বাবে ব্যাকুল হৈ তেখেতে সংগীততে মন-প্ৰাণ ঢালি দিছিল। সেই সময়তে ৰচনা কৰিছিল আন এটা  গীত—

“আকাশী গংগা বিচৰা নাই

নাই বিচৰা স্বৰ্ণ অলংকাৰ

নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত

বিচাৰো মৰমৰ মাত এষাৰ”।

কলিকতাৰ পৰা তেজপুৰলৈ বিমানেৰে আহোঁতে বিমান ভ্ৰমনতে ৰচনা কৰিছিল তেখেতৰ আন এটা জনপ্ৰিয় গীত—

“আকাশী যানেৰে উৰণীয়া মনেৰে

দোকমোকালিতে  

পশ্চিমৰে পৰা বংগৰে পৰা

মাৰিলো উৰা 

মোৰ লক্ষস্থান যে তেজপুৰ……”।

অসমৰ প্ৰথমখন বিশ্ববিদ্যালয় ‘গুৱাহাটী বিশ্ববিদ্যালয়’ স্থাপনৰ সময়ত ৰচনা কৰিছিল আন এটা কালজয়ী গীত—

“জিলিকাব লুইতৰে পৰ

আন্ধাৰৰ ভেটা ভাঙি

প্ৰাগজ্যোতিষ বয়

জেউতি নিজৰাৰ পাৰ…..”।

ড° হাজৰিকাৰ গীতসমূহত অসমৰ মাটিৰ গোন্ধ সনা আছে আৰু আছে সময়ৰ কথা, সমাজৰ কথা আছে। ইয়াৰোপৰি জাতিৰ কথা, মানৱতাৰ কথা, লোক জীৱনৰ প্ৰতিচ্ছবিৰ লগতে পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ কথা—

“এ ঢোলে‌ ডগৰে

নেদেখা এনাজৰীৰে

বন্ধো আমি পাহাৰ শিখৰৰে

মহান ছিয়েমক”।

এই দুৰন্ত শিল্পীজনাৰ সৃষ্টিয়ে অসমীয়া আধুনিক গীতক এক বিশেষ মাত্ৰা প্ৰদান কৰে। তেখেতৰ গীতে লোকজীৱনৰ সুৰ বিচাৰি, মানুহৰ বাবে আস্থা বিস্তাৰি পাহাৰ-ভৈয়াম একাকাৰ কৰি সাত সাগৰ তেৰ নদী পাৰ হৈ সকলোকে সমন্বয়ৰ বান্ধোনেৰে বান্ধিব খুজিছিল। পল ৰ’বচনৰ “old man and river” শীৰ্ষত গীতৰ সুৰৰ দ্বাৰা অনুপ্ৰাণিত হৈ ৰচনা কৰিছিল—

“বিস্তীৃৰ্ণ পাৰৰে অসংখ্য জনৰে 

হাহাকাৰ শুনিও

নিশব্দে নীৰৱে

বুঢ়ালুইত তুমি বুঢ়ালুইত তুমি

বোৱা কিয়”।

নিজৰ ওপজা মাটিৰ পৰা বিশ্বমুখী যাত্ৰা আৰম্ভ কৰি য’তে গৈছে। তেওঁৰ গীতত আছে মানুহক ভালপোৱাৰ কথা, দেশৰ কথা, খাটি খোৱা জনতাৰ কথা লগতে নাৰীৰ মনস্তত্ত্বৰ সুন্দৰ প্ৰতিফলন ঘটিছে —

“নতুন নগিনী তুমি কাল নগিনী

তোমাক ভুলাবলৈ কিমননো পৰ

নীলা গৰল পিয়া মই নীলকণ্ঠ

অলীয়া-বলিয়া মই যাদুকৰ”।

যাযাবৰী শিল্পী গৰাকীয়ে সৃষ্টিৰ তাড়নাত, জীৱন আৰু জীৱিকাৰ তাড়নাত, দেশ-বিদেশ ভ্ৰমণ কৰিছে। কিন্তু তেখেতৰ জনমভূমি আই অসমীৰ ছবিখন এক মুহূৰ্ত্তও মনৰ পৰা আঁতৰা নাই। অসমীৰ সন্তান বুলি গৌৰৱ কৰা শিল্পীগৰাকীৰ কলমেৰে সায়েহে অসমী আইৰ ৰূপ বৰ্ণনা গীতৰ আকাৰে নিগৰি ওলাইছে—

“অসম আমাৰ ৰূপহী

গুণৰো নাই শেষ

ভাৰতৰে পূৰ্ব দিশৰ

সূৰ্য উঠা দেশ।

গোটেই জীৱন বিচাৰিলেও 

অলেখ দিৱস ৰাতি

অসম দেশৰ দৰে নাপাওঁ

ইমান ৰসাল মাটি

পাম ক’ত এনে মধুৰ

ৰূপৰ সমাবেশ

ভাৰতৰে পূৰ্ব দিশৰ

সূৰ্য উঠা দেশ…….”।

সুধাকণ্ঠাৰ প্ৰতিটো গীতৰ কথা, সুৰ আৰু গায়ানশৈলীয়ে শ্ৰোতাৰ হৃদয়স্পৰ্শ কৰি যায়। তেখেতৰ বাবে শ্ৰোতা আছিল তেখেতৰ গীতৰ সভাৰ প্ৰধান অলংকাৰ 

“মোৰ গীতৰ হাজাৰ শ্ৰোতা

তোমাৰ নমস্কাৰ

গীতৰ সভাত তুমিয়ে মোৰ

প্ৰধান অলংকাৰ

সংগীতৰ এক বৰ্ণিল হাজাৰ হাজাৰ জনক মোহিত কৰা এইগৰাকী মহান শিল্পী কায়িক ভাৱে আমাৰ মাজৰ পৰা হেৰাই গ’ল সঁচা, কিন্তু তেখেতৰ যাদুকৰী কণ্ঠেৰে তেখেত শ্ৰোতাৰ হৃদয়ত চিৰদিন জীয়াই থাকিব তেখেতৰ কালজয়ী ভূপেন্দ্ৰ সংগীতসমূহৰ মাজেদি।

প্ৰশ্নঃ ১৭। ড° ভূপেন হাজৰিকাদেৱৰ প্ৰবন্ধসমূহৰ বিষয়ে চমু আলোচনা কৰা।

উত্তৰঃ ড° ভূপেন হাজৰিকাই বৈপ্লৱিক চিন্তা-চাতনাবোৰক কেৱল যে গীতেৰেই প্ৰকাশ কৰিছে এনে নহয়, বিভিন্ন সংকটৰ সময়ত তেওঁৰ গদ্যও অতি শক্তশালী হৈ উঠিছিল। গীতৰ লগতে সমাজ জীৱনৰ বিভিন্ন দিশ আলোকপাত কৰি ৰচনা কৰা প্ৰবন্ধবোৰৰ জৰিয়তে অসমীয়া সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰি থৈ গৈছে। কেৱল অসম নহয়, ভাৰতৰো পৰিধি চেৰাই সমগ্ৰ বিশ্বত গ্ৰাস কৰা বিদেশৰ ৰাজনৈতিক, সামাজিক আৰু সাংস্কৃতিক সমস্যা আৰু সমাধান তথা বাতাবৰণ সম্পৰ্কতো তেওঁ অবিৰাম কলম চলাই গৈছিল। বিভিন্ন সামাজিক, সাংস্কৃতিক, বৌদ্ধিক কাৰণত, বিভিন্ন প্ৰবঞ্চনাৰ প্ৰতিবাদত, ন্যায্য প্ৰাপ্যৰ দাবীত অসমৰ বহ্নিমান হৈ উঠিছিল। তেওঁ লুইতৰ দুয়োপাৰে বহ্নিমান হোৱাৰ কাৰণসমূহ বিশ্লেষণ কৰি আৰু সেই বহ্নি নুমুওৱাৰ উপায় সম্পৰ্কে আলোচনা কৰি ৰচনা কৰা বহুতো চিন্তপ্ৰসূত প্ৰৱন্ধ-পাতি বিভিন্ন কাকত-আলোচনীত প্ৰকাশ হৈছিল। মাতৃভূমিৰ ওপৰত ৰচিত প্ৰবন্ধসমূহৰ বিষয়ে স্বয়ং ভূপেন হাজৰিকাৰ মন্তব্য এনেধৰণৰ “লুইতৰ পাৰে পাৰে উমি উমী জ্বলি থকা জুইবোৰৰ খবৰ মই ৰাখিছিলো, ৰখাও। বাস্তৱ স্পৰ্শ কৰি সাংবাদিকৰ দৰেই ঘটনাসমূহ অমৰ কৰিবলৈ চেষ্টা কৰিছিল। মূহুৰ্তবোৰ তপত আছিল।

উত্তাপ বোধহয় আজিও আছে”। অসমৰ অৰ্থনীতিত ত্ৰাস, কেন্দ্ৰৰ ৰাজনৈতিক পাশাখেল আদি প্ৰবন্ধই বিপন্ন অসমৰ অৰ্থনীতি, দুর্দশাগ্রস্ত সমাজনীতি, কেৰোণযুক্ত ৰাজনীতিৰ জীয়া ছবিখনকে মূৰ্ত কৰি তুলিছে। বর্তমান দুৰ্নীতিৰ বিৰুদ্ধে ৰাইজ একগোট হোৱাৰ প্ৰচেষ্টা চলিছে, সেই দুৰ্নীতিৰ সমস্যা পুলিয়ে পোখাই নিঃশেষ কৰিবলৈ হাজৰিকাই ১৯৬৭ চনতে চিন্তা কৰি “আমাৰ প্ৰতিনিধিত দুর্নীতি বন্ধ কৰক, লাচিত সেনা গঠন কৰক” শীৰ্ষক প্ৰবন্ধটো ৰচনা কৰিছিল। এনেদৰেই তেওঁ নিজকে এজন চিন্তাশীল আৰু দূৰদৰ্শী লেখক ৰূপে চিনাকি দিছিল। তেওঁ কেতিয়াও আশা হেৰুওৱা নাছিল। “গীতেৰে যুদ্ধ কৰিবও পাৰি, জিকিবও পাৰি” শীৰ্ষক প্ৰবন্ধটো তেওঁৰ দ্বাৰা ৰচিত আন এটা উল্লেখযোগ্য প্রবন্ধ। ড° ভূপেন হাজৰিকাৰ প্ৰবন্ধ-পাতিবোৰ ৰচনাৰ প্ৰেক্ষাপট কেৱল অসম বা উত্তৰ পূৰ্বাঞ্চলেই নাছিল। ভাৰতবৰ্ষৰ লগতে বিদেশৰো বিভিন্ন সামাজিক, ৰাজনৈতিক প্ৰেক্ষাপটক লৈ তেওঁ কলম চলাই নিছিল। যাযাবৰী শিল্পীজনে বিশ্বৰ প্ৰান্তে প্রান্তে ভ্ৰমি ফুৰোঁতে নানা দেশৰ নানা ভেশৰ সৈতে চিনাকি হৈ তাৰ সোৱাদ অতি সাৱলীল আৰু ব্যতিক্ৰমী গদ্যৰে অসমীয়া পাঠকক দিবলৈয়ে বিভিন্ন কাকত-আলোচনীৰ পাতত এই ধাৰাৰ অনেক প্রবন্ধ লিখিছিল। ৰণাংগনৰ বিষয় প্ৰবন্ধত পাক-ভাৰতৰ যুদ্ধ সম্পৰ্কীয় কথা আদিৰ দৰে অনেক এই ধৰণৰ সাময়িক চিন্তা প্ৰকাশ পাইছে। এইবোৰৰ বাহিৰেও বাংলাদেশৰ মুক্তিযুদ্ধ, চীনৰ সামাজিক-সাংস্কৃতিক প্রেক্ষাপট, ভাৰতৰ জাতীয় সংহতি, সংসদত হোৱা কেলেংকাৰী, ৰাছিয়াত পেৰেষ্ট্ৰাইকা আৰু গ্ৰাছনষ্টৰ প্রভাৱ, তালিবান আদি সম্পর্কেও অতি বিচক্ষণতাৰে তেওঁ প্ৰবন্ধসমূহ ৰচনা কৰিছিল। এনেদৰে বিশ্বৰ সমস্যাৰ সম্পৰ্কত দূৰদৰ্শিতাৰে চিন্তা কৰিব পৰা বাবেই ড° ভূপেন হাজৰিকাৰ বিচৰণ ক্ষেত্ৰ লুইতৰ পৰা গৈ মিছিছিপি পাইছিলগৈ বুলি ভবাৰো অৱকাশ আছে। ইংৰাজীত ৰচিত “Meaning for Millions” আৰু “India of my Dreams” শীর্ষক লিখনী দুটাও উল্লেখযোগ্য প্রবন্ধ। 

প্ৰশ্নঃ ১৮। ড° ভূপেন হাজৰিকাদেৱৰ মৃত্যু সম্পৰ্কে এটা চমু আলোচনা যুগুতোৱা।

উত্তৰঃ ড° ভূপেন হাজৰিকাদেৱৰ মৃত্যু হয় ২০১১ চনৰ ৫ নৱেম্বৰত। প্ৰায় চাৰি মাহ সুদীৰ্ঘ চিকিৎসাৰ অন্তত তেওঁ মুম্বাইৰ কোকিলাবেন অম্বনী হস্পিতালত ৫ নৱেম্বৰৰ দিনা মৃত্যুক সাৱটি লয়। ভূপেন হাজৰিকাৰ মৃত্যুৰ পাছত তেওঁক শ্ৰদ্ধা জনাবলৈ তেওঁৰ মৃতদেহ গুৱাহাটীৰ জৰ্জ ফিল্ডত ৰখা হয়। তাত লাখ লাখ গুণমুগ্ধ ই ভূপেন হাজৰিকাক অন্তিমবাৰৰ বাবে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে আৰু ৯ নৱেম্বৰত তাৰিখে জালুকবাৰীৰ গুৱাহাটী বিশ্ববিদ্যালয়ে দান দিয়া এডোখৰ মাটিত ভূপেন হাজৰিকাৰ মৃতদেহ সৎকাৰ কৰা হয়। সৎকাৰ কৰে তেওঁৰ একমাত্ৰ পুত্ৰ তেজ হাজৰিকাই। অসম আৰু অসমীয়া যেতিয়ালৈ থাকিব তেতিয়ালৈ ভূপেন হাজৰিকাৰ সৃষ্টি অমৃত আৰু অমৰ হৈ ৰ’ব। ভূপেন হাজৰিকাৰ ভাষাত ক’বলৈ গ’লে ভূপেন হাজৰিকা কেৱল এটা নাম নাছিল, তেওঁ আছিল অসমীয়া জাতিৰ আয়ুসৰেখা।

“মই এটি যাযাবৰ

মই এটি যাযাবৰ

ধৰাৰ দিহিঙে দিপাঙে

ল’ৰো নিবিছাৰি নিজা ঘৰ

মই এটি যাযাবৰ

মই এটি যাযাবৰ…….”।

ভূপেন হাজৰিকাই যাযাবৰী মনেৰে বিশ্বৰ বিভিন্ন প্ৰান্তত ঘূৰি ফুৰি বিভিন্ন পৰিস্থিতি দেখি শুনি বহুতো গীত ৰচনা কৰি থৈ গ’ল।‌ ভূপেন হাজৰিকা আজিও অসমীয়াৰ মনত আৰু প্ৰাণত যাযাবৰৰ দৰে বিচৰণ কৰি আছে যাৰ কেতিয়াও অন্ত নপৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top