Bhakha Bigyanor Parichay Unit 2 ভাষাবিজ্ঞানৰ সংজ্ঞা, ভাষা বিজ্ঞানৰ অধ্যয়নৰ পদ্ধতি

Bhakha Bigyanor Parichay Unit 2 ভাষাবিজ্ঞানৰ সংজ্ঞা, ভাষা বিজ্ঞানৰ অধ্যয়নৰ পদ্ধতি, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Bhakha Bigyanor Parichay Unit 2 ভাষাবিজ্ঞানৰ সংজ্ঞা, ভাষা বিজ্ঞানৰ অধ্যয়নৰ পদ্ধতি Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Bhakha Bigyanor Parichay Unit 2 ভাষাবিজ্ঞানৰ সংজ্ঞা, ভাষা বিজ্ঞানৰ অধ্যয়নৰ পদ্ধতি Question Answer can be of great value to excel in the examination.

Bhakha Bigyanor Parichay Unit 2 ভাষাবিজ্ঞানৰ সংজ্ঞা, ভাষা বিজ্ঞানৰ অধ্যয়নৰ পদ্ধতি

Join Telegram channel

Bhakha Bigyanor Parichay Unit 2 ভাষাবিজ্ঞানৰ সংজ্ঞা, ভাষা বিজ্ঞানৰ অধ্যয়নৰ পদ্ধতি Notes cover all the exercise questions in UGC Syllabus. The Bhakha Bigyanor Parichay Unit 2 ভাষাবিজ্ঞানৰ সংজ্ঞা, ভাষা বিজ্ঞানৰ অধ্যয়নৰ পদ্ধতি provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

ভাষাবিজ্ঞানৰ সংজ্ঞা, ভাষা বিজ্ঞানৰ অধ্যয়নৰ পদ্ধতি

ASSAMESE

BHAKHA BIGYANOR PARICHAY

ভাষাবিজ্ঞানৰ পৰিচয়

(বর্ণনাত্মক, ঐতিহাসিক, তুলনামূলক, বৈপৰীত্যমূলক, সমাজ-ভাষাবিজ্ঞান, মনোভাষাবিজ্ঞান আৰু প্ৰয়োগ ভাষাবিজ্ঞান)


১। ভাষাৰ বিজ্ঞানসন্মত অধ্যয়নত কি কি পদ্ধতি প্রয়োগ কৰা হয়? প্ৰত্যেকটো পদ্ধতি সম্পর্কে চমুকৈ আলোচনা কৰা।

উত্তৰঃ আধুনিক ভাষাবিজ্ঞানীসকলে চলাই থকা ভাষা অধ্যয়নৰ বিষয় আৰু প্ৰকৃতিলৈ লক্ষ্য কৰি ভাষা বিজ্ঞানক তিনিটা প্রধান ভাগত ভাগ কৰা হৈছে। এই প্রধান ভাগ কেইটা হ’ল—

১. বর্ণনাত্মক ভাষাবিজ্ঞান। 

২. ঐতিহাসিক ভাষাবিজ্ঞান।

৩. তুলনামূলক ভাষাবিজ্ঞান।

কোনো কোনো ভাষাবিজ্ঞানীয়ে ভাষা বিশ্লেষণ পদ্ধতিৰ প্রকৃতি অনুসৰি কৰা ভাষাবিজ্ঞানৰ ভাগক তলত দিয়াৰ দৰেও নামকৰণ কৰিছে —

(ক) সমকালিক ভাষাবিজ্ঞান।

(খ) ক্রমকালিক ভাষাবিজ্ঞান।

(গ) তুলনামূলক ভাষাবিজ্ঞান। 

ভাষাবিজ্ঞানক আভ্যন্তৰীণ আৰু বাহ্যিক ভাবেও বিভাজন কৰিব পাৰি। ইয়াৰে আভ্যন্তৰীণ ভাষাৰ শ্রেণীগত শাখাসমূহ হৈছে—

১. বর্ণনাত্মক ভাষাবিজ্ঞান।

২. এককালিক ভাষাবিজ্ঞান।

৩. গঠনমূলক ভাষাবিজ্ঞান। 

৪. বিশ্লেষণাত্মক ভাষাবিজ্ঞান।

৫. ঐতিহাসিক ভাষাবিজ্ঞান।

৬. কালক্রমিক ভাষাবিজ্ঞান।

৭. তুলনাত্মক ভাষাবিজ্ঞান।

এইবোৰৰ উপৰিও বৈপৰীত্যমূলক ভাষাবিজ্ঞান, সমাজ ভাষাবিজ্ঞান, মনো-ভাষাবিজ্ঞান, প্রয়োগ ভাষাবিজ্ঞান আদিও উল্লেখযোগ্য।

১. বর্ণনাত্মক ভাষাবিজ্ঞানঃ

কোনো ভাষাৰ কোনো এক নিৰ্দিষ্ট সময়ৰ প্ৰণালীবদ্ধ অধ্যয়ন বর্ণনাত্মক ভাষাবিজ্ঞানত কৰা হয়। কোনো কোনো ভাষা বিজ্ঞানীয়ে বর্ণনাত্মক ভাষাবিজ্ঞানক ‘গঠনমূলক ভাষাবিজ্ঞান’ নামেৰেও অভিহিত কৰিছে। কাৰণ এই ভাষাবিজ্ঞানত ভাষাৰ গঠন পদ্ধতিৰ দিশত অধিক গুৰুত্ব দিয়া হয়। এটা ভাষাৰ গঠন প্ৰণালীৰ সম্ভেদ দিয়াই হৈছে ইয়াৰ মুখ্য কাম। ইয়াত এটা ভাষাৰ লগত আন এটা ভাষাৰ তুলনাৰ প্ৰসঙ্গ নাথাকে আৰু এটা ভাষাৰ ঐতিহাসিক অধ্যয়নো ইয়াৰ উদ্দেশ্য নহয়। প্রকৃততে ঐতিহাসিক অধ্যয়ন অথবা তুলনামূলক অধ্যয়নৰ মূলতেই আছে বর্ণনাত্মক অধ্যয়নৰ ভূমিকা। ভাষাৰ গঠনৰ ক্ষেত্ৰত দুই ধৰণৰ সামগ্ৰী নিহিত হৈ থাকে— প্ৰথমটো হৈছে ধ্বনি আৰু দ্বিতীয়টো হৈছে ধাৰণা, সামাজিক পৰিবেশ, অর্থ ইত্যাদি। বর্ণনাত্মক ভাষাতত্ত্বৰ দুটা দিশ থাকে— ধ্বনিতত্ত্ব আৰু ব্যাকৰণ। ধ্বনিতত্ত্বত ধ্বনি আৰু ইয়াৰ বিভিন্ন উচ্চাৰণ পদ্ধতি, ব্যাকৰণৰ ক্ষেত্ৰত ৰূপ আৰু অন্যান্য আনুসংগিক দিশসমূহ। বর্ণনাত্মক ভাষাতত্বৰ ক্ষেত্ৰত কথিত ভাষাৰ অধিক গুৰুত্ব আছে। আধুনিক ভাষাবিজ্ঞানী ফার্ডিনাণ্ড দ্য চুচ্যৰৰ ভাষা চিন্তাৰ এটা প্রধান মৌলিকত্ব হৈছে— ভাষা অধ্যয়নৰ দুটা ভাগ কৰি দেখুৱাইছে— এটা হৈছে কালক্রমিক বা ক্ৰমকালিক আৰু আনটো হৈছে এককালিক বা সমকালিক।

২. ঐতিহাসিক ভাষাবিজ্ঞানঃ

ঐতিহাসিক ভাষাতত্ত্বৰ কাম হ’ল একোটা ভাষাৰ আৰম্ভণিৰ পৰা বৰ্তমানলৈকে প্ৰত্যেক স্তৰৰ অধ্যয়ন কৰা একোটা ভাষাৰ ধ্বনি, ৰূপ, শব্দ আদিৰ পৰিৱৰ্তন হয় বিভিন্ন সময় সাপেক্ষেহে। ভাষাৰ বৰ্তমান অৱস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ পূৰ্বৰূপৰো পূর্বৰূপ অধ্যয়ন কৰি ইয়াৰ পৰিৱৰ্তন আৰু বিকাশৰ ধাৰাটো দেখুওৱা ঐতিহাসিক ভাষাতত্ত্বৰহে কাম। ভাষাৰ পৰিৱৰ্তনৰ ধাৰাটো অধ্যয়ন কৰোঁতে প্রয়োজন হ’ব বিভিন্ন সময়ৰ পাঠ। পৃথিৱীৰ সকলো ভাষাৰে একোটা প্রাচীন ৰূপ থাকে। প্রত্যেক ভাষাৰ সাহিত্যিক নিদর্শন ৰাজিৰ ওপৰত নিৰ্ভৰ কৰি প্ৰাচীন, মধ্য আৰু আধুনিক এই তিনিটা স্তৰৰ বিশেষ গ্রন্থ কিছু লৈ ভাষাৰ অধ্যয়ন প্রণালীবদ্ধভাৱে কৰিব পাৰিলেই ঐতিহাসিক অধ্যয়নৰ কাম সম্পূৰ্ণ হ’ব। প্ৰকৃতাৰ্থত ঐতিহাসিক ভাষাতত্ত্বই ভাষাৰ প্রাচীন যুগৰ পৰা বৰ্তমানলৈকে স্তৰভেদে ঘটা পৰিবৰ্তনসমূহ পুঙ্খানুপুঙ্খভাৱে দাঙি ধৰে।

৩. তুলনামূলক ভাষাবিজ্ঞানঃ

ভাষাৰ প্রণালীবদ্ধ অধ্যয়নৰ দিশত বর্ণনাত্মক আৰু ঐতিহাসিক ভাষাতত্ত্বৰ ভূমিকাৰ পিছতে তুলনামূলক ভাষাতত্ত্বৰ প্রয়োজনীয়তা অনুভৱ কৰিব পাৰি। একোটা ভাষাৰ গাঁথনিৰ ৰূপৰ আভাস দাঙি ধৰে বর্ণনাত্মক ভাষাতত্ত্বই। ঐতিহাসিক ভাষাতত্ত্বৰ কাম হ’ল একোটা ভাষাৰ আৰম্ভণিৰ পৰা বৰ্তমানলৈকে প্ৰত্যেক স্তৰৰ অধ্যয়ন কৰা। ভাষাৰ এই দিশৰ কাম সমাপ্ত হোৱাৰ লগে লগে একোটা ভাষাৰ লগত আন আন ভাষাৰ সাদৃশ্য, বৈসাদৃশ্য আদি অনুধাৱন কৰাৰ প্ৰশ্নটো উত্থাপিত হয়। সমগোত্রীয়ই হওক বা নহওক, বেলেগ বেলেগ ভাষাৰ ধ্বনি, ৰূপ, শব্দ বাক্য আদিৰ তুলনা কৰিও ভাষাৰ অধ্যয়ন কৰিব পাৰি। এয়েই হ’ল তুলনামূলক ভাষাতত্ত্ব। অবশ্যে ভাষাতত্ত্বৰ গাত আঁউজিহে তুলনামূলক ভাষাতত্ত্বই আগবাঢ়িব পাৰে। তুলনামূলক অধ্যয়নৰ জৰিয়তে পৃথিৱীৰ সকলোবিলাক ভাষাৰে সামঞ্জস্য, অসামঞ্জস্য আদিৰ আভাস পাব পাৰি।

বর্ণনাত্মক, ঐতিহাসিক আৰু তুলনামূলক ভাষাতত্ত্বৰ উপৰিও আৰু কেইটিমান ভাষাতত্ত্বৰ প্ৰধান শাখা আছে, সেই শাখাবোৰে ভাষাৰ অধ্যয়নৰ বিভিন্ন দিশৰ সন্ধান দিয়ে। সেইবোৰ হৈছে—

(ক) সমাজ ভাষাতত্ত্বঃ

সমাজ ভাষাতত্ত্বৰ কাম হৈছে সমাজৰ বিভিন্ন ভাষাৰ অধ্যয়ন কৰি সেই বিষয়ে জ্ঞান আহৰণ কৰা। ভাষাৰ প্ৰয়োগ আৰু পৰিৱৰ্তনৰ ধাৰাত সমাজৰ ভূমিকা দিশটো সামৰি লয়। গতিশীলতা ভাষাৰ ধর্ম, স্থিতিশীলতা ইয়াৰ বৈশিষ্ট্য নহয়; তদুপৰি ভাষা হ’ল চিৰন্ত আৰু অনন্ত। এটা ভাষা সম্প্রদায় কিবা কাৰণত ধ্বংসপ্রাপ্ত হ’লে তেওঁলোকৰ ভাষাও একেবাৰেই নিঃশেষ হৈ যায়। প্ৰকৃততে সমাজ আৰু ভাষাৰ যথাযোগ্য জ্ঞানৰ পৰিসীমা নাথাকে। মানুহে প্রায়োগিক কাৰ্য আৰু জ্ঞানৰ জৰিয়তে ভাষাৰ গতিশীলতা আৰু সমাজৰ স্থিতি নিৰ্দ্ধাৰণ কৰে। ভাষাতত্ত্বৰ এটি প্রধান দিশ হ’ল সমাজ আৰু সমাজৰে এটি বিশেষ দিশ আগুৰি আছে ভাষাই, এই দুয়োৰে ক্ৰমবিকাশত দুয়োৰে অৱদান অপৰিসীম।

ভাষাৰ জন্ম হয় সমাজ সংগঠনৰ ফলস্বৰূপেহে। সামাজিক পৰিৱেশে ভাষা নিয়ন্ত্রণ কৰে। গতিকে সমাজ জীৱনৰ লগত ইয়াৰ নিবিড় সম্পর্ক। সমাজ গঠিত হয় মানুহৰ দ্বাৰা। মানুহৰ মাজত জাতি-উপজাতি অনুসৰি নানা ধৰ্মৰ লোকে বসবাস কৰে। ভাষা নিয়ন্ত্ৰণত ধৰ্মৰ ভূমিকাও কেতিয়াবা কেতিয়াবা পৰিলক্ষিত হয়। কাৰণ, জাতি-উপজাতিৰ মাজত যিদৰে জীৱন ধাৰণৰ প্ৰণালীত পার্থক্য পৰিলক্ষিত হয়, ধর্মইও বহু সময়ত তাৰ আঁত ধৰে। প্ৰকৃততে জাতি, উপজাতিৰ বিভাজনৰ ক্ষেত্ৰত ভাষাৰ প্রধান ভূমিকা থাকে। একে ভৌগোলিক পৰিৱেশত বসবাস কৰিলেও ভাষাগত প্রভেদে এটা জাতিৰ লগত আন এটা জাতিক পৃথক কৰিব পাৰে। আদিম মানৱ সমাজত জাতি-উপজাতিৰ প্রভেদ নাছিল। 

সমাজ জন্মৰ পিছৰ পৰ্যায়তহে জাতি-উপজাতিৰ জন্ম। ধৰ্মৰ প্ৰভেদৰ ক্ষেত্ৰত ভাষাৰ পাৰ্থক্য পৰিলক্ষিত হয়। বিভিন্ন শব্দাৱলী প্রয়োগৰ ক্ষেত্ৰত হিন্দু, মুছলমান, শিখ, খৃষ্টান আদি ধৰ্ম সম্প্ৰদায়ৰ লোকৰ মাজত উৎসৱ-পাৰ্বনৰ ৰীতি অনুসৰি শব্দ প্রয়োগ পৃথক পৃথক হয়। মানুহৰ সমাজৰ আৰ্থ-সামাজিক দিশৰ বাবেও ভাষাগত বিভেদ সৃষ্টি হয়। সমাজ আৰু ভাষা হ’ল এটাৰ আনটো পৰিপূৰক। এই দুয়োকে পৃথক ৰূপত কল্পনা কৰিব নোৱাৰি। এখন সমাজৰ কল্পনা কৰোঁতে ভাষাৰ বিষয়টো আঁতৰাই থলে সি সমাজ নামৰ আখ্যা পোৱা অযোগ্য হ’ব। তেনেদৰে ভাষাৰ আলোচনাত সমাজক বাদ দিব নোৱাৰি। সমাজেই হ’ল ভাষাৰ আধাৰ পাত্ৰস্বৰূপ। ভাষাৰ শৃংখলাবদ্ধ অধ্যয়নও সমাজৰ বিভিন্ন লোকৰ অধ্যয়ন কৰা অতি প্রয়োজন। সমাজৰ বিভিন্ন সম্প্ৰদায়ৰ আঁতিগুৰি নাজানিলে ভাষা অধ্যয়ন সম্পূর্ণ নহয়। গতিকে সমাজ-জীৱনত ভাষাৰ বিজ্ঞানসন্মত আলোচনাত সমাজ ভাষাবিজ্ঞান শব্দটোৱে প্রাধান্য লাভ কৰিছে।

(খ) ভেদাত্মক বা বৈপৰীত্যমূলক ভাষাতত্ত্বঃ

দুটা সমগোত্র বা পৃথক গোত্ৰৰ ভাষাৰ বৰ্ণনামূলক বিশ্লেষণৰ দ্বাৰা কেতিয়াবা তুলনা কৰা হয়। এনে ধৰণৰ আলোচনা বা তুলনাত ভাষাৰ ঐতিহাসিক অধ্যয়নৰ কোনো প্ৰয়োজন নাথাকে। কাৰণ, দুটা সুকীয়া সুকীয়া ভাষাৰ স্বকীয় কিছুমান বৈশিষ্ট্য থাকে। সেই বৈশিষ্ট্যসমূহ আলোচনা কৰিবলৈ যাওঁতে প্রত্যেক ভাষাৰ ধ্বনিতত্ত্ব, ৰূপতত্ত্ব, শব্দতত্ত্ব, অর্থতত্ত্ব, বাক্য-ৰীতি আদি সকলোবোৰ দিশৰ পুঙ্খানুপুঙ্খ আলোচনা হ’ব লাগিব। কেতিয়াবা কেতিয়াবা অৱশ্যে দুটাতকৈ অধিক ভাষাৰ আলোচনা কৰিব পৰা যায়। ভাষাৰ এনে ধৰণৰ অধ্যয়নক ভেদাত্মক ভাষাতত্ত্ব বা বৈপৰীত্যমূলক ভাষাতত্ত্ব আখ্যা দিব পাৰি।

তুলনাৰ দ্বাৰা দুটা বা ততোধিক ভাষাৰ যিহেতু আলোচনা কৰা হয়, তেনে ক্ষেত্ৰত তুলনামূলক ভাষাতত্ত্ব আৰু ভেদাত্মক ভাষাতত্ত্বৰ মাজৰ সম্পৰ্কৰ প্ৰশ্ন এটা আহি পৰে। কিন্তু তুলনামূলক ভাষাতত্ত্বৰ ক্ষেত্ৰত কেৱল সমগোত্রীয় ভাষাৰ মাজতহে তুলনা কৰা হয়। ইয়াৰ প্ৰধান উদ্দেশ্যে হৈছে একে গোত্ৰৰ ভাষাৰ মূল নির্ণয় কৰি দেখুওৱা বা একে মূলৰ পৰা উদ্ভৱ হ’লেও দুয়ো ভাষাৰে মাজত সাদৃশ্য আৰু বৈসাদৃশ্য- ৰাজি আলোচনা কৰা, ভেদাত্মক ভাষাতত্ত্বত দুটা বা তাতকৈ অধিক ভাষাৰ সম্পূৰ্ণ পৃথক গোত্রীয় ভাষাৰে তুলনা কৰা হয়। দুটা ভাষাৰ মাজত থকা বৈসাদৃশ্যখিনিহে এই ভাষাতত্ত্বই আঙুলিয়াই দিয়ে। তুলনামূলক ভাষাতত্ত্বৰ ক্ষেত্ৰত লিখিত ভাষাই তথ্যৰ যোগান ধৰে, ভেদাত্মক ভাষা কিন্তু কেৱল লিখিত ৰূপৰ ওপৰতেই নিৰ্ভৰশীল নহয়। কথিত ভাষাক আশ্ৰয় কৰিহে এই ভাষাতত্ত্ব আগবাঢ়ি যায়। অসমীয়া ভাষাৰ লগত বাংলা বা উড়িয়া ভাষাৰ আলোচনাৰ সহায়কাৰী তুলনামূলক ভাষাতত্ত্ব। কিন্তু অসমীয়া ভাষাৰ লগত ভিন্নগোত্রীয় ভাষাৰ আলোচনাত ভেদাত্মক ভাষাতত্ত্বইহে সহায় কৰিব।

(গ) মনস্তত্ত্ব ভাষাতত্ত্বঃ

ভাষা হ’ল মানুহৰ ভাব অনুভূতিৰ পৰিবাহক। গতিকে প্রত্যক্ষভাৱেই ভাষাৰ লগত মানুহৰ মনৰ এক প্ৰধান সম্পর্ক আছে। মনৰ জগতখনক বাদ দি ভাষা অর্থহীন বস্তু। জন্মৰ পৰা মৃত্যুলৈকে ভাষা প্রয়োগত মানুহৰ মনৰ গতিয়েই দিক্ নির্ণয় কৰে। মনৰ সম্পৰ্কে য’ত সূক্ষ্ম আৰু বিস্তৃত আলোচনা থাকে সেয়া মনস্তত্ব আৰু ভাষাৰ য’ত বিজ্ঞানসন্মত আলোচনা থাকে, সি হ’ল ভাষাতত্ত্ব। গতিকে মন আৰু ভাষাৰ সম্পৰ্ক নির্ণয়তে মনস্তত্ত্ব আৰু ভাষাতত্ত্বৰ সম্পৰ্ক নিৰূপণ কৰিছে। এই দুয়োকে লগ লগাই ক’ব পাৰি মনস্তত্ত্ব-ভাষাতত্ত্ব বা মনোভাষাতত্ত্ব।

ভাষাৰ শিক্ষাৰ আদি পাঠ গ্রহণ কৰোঁতে শিশুৱে সদায় মাতৃভাষা আহৰণৰ ক্ষমতা প্ৰথমতেই লাভ কৰে। তাৰ পিছত বহল পৃথিৱীৰ বহল পৰিৱেশে শিশুৰ ভাষা জ্ঞানৰ ভাণ্ডাৰ মুকলি কৰি দিয়ে। মনৰ প্ৰতিবিম্ব প্রতিফলিত হয় ভাষাৰ জৰিয়তে। ভাষাৰ জ্ঞান প্ৰদান কৰোঁতে শিশুৰ মনস্তত্ব অধ্যয়ন কৰা অতি প্রয়োজন। মানুহৰ আচৰণ-বিধিৰ এক বিশেষ অংগ হ’ল কথা কোৱা বা ভাব ব্যক্ত কৰা। খং-ৰাগ, হর্ষ-বিষাদ, আশ্চর্য আদি ভাববোৰ মানুহৰ মনোজগতৰ বশৱৰ্তী। এই সহজাত প্রবৃত্তিসমূহক ব্যৱহাৰ বাদী- মনস্তত্ত্বই ভাষাতত্বৰ ক্ষেত্ৰত অৰিহণা যোগাই বুলিব পাৰি। অৱশ্যে মনস্তত্বৰ কিছুমান সমস্যা ভাষাতত্বৰ দিশত গৌণ হ’ব পাৰে বা ভাষাতত্ত্বৰ কিছুমান সমস্যাও মনস্তত্ত্বৰ দিশত গৌণ হ’ব পাৰে। কিন্তু মাতৃভাষা শিক্ষণ প্রণালীত মনস্তত্ব-ভাষাতত্ত্বৰ বিশেষ ভূমিকা আছে।

(ঘ) ভূ-ভাষাতত্ত্বঃ

ভাষাতত্ত্বৰ এটি দিশ হৈছে ভূ-ভাষাতত্ত্ব। পৃথিৱীৰ ভাষাসমূহৰ বৰ্গীকৰণৰ ক্ষেত্ৰত ভৌগোলিক বৰ্গীকৰণো উল্লেখযোগ্য। কেতিয়াবা উপভাষা অধ্যয়নৰ ক্ষেত্ৰত দেখা যায়, উপভাষাৰ বিভিন্ন বৈশিষ্ট্য, ভৌগোলিক পৰিসীমা আদিৰ বিস্তাৰিত বিৱৰণ থাকে। উপভাষা কেনেকৈ সংৰক্ষিত হ, আন উপভাষাৰ ওপৰত প্রভাৱ বিস্তাৰ কৰে, অথবা নিজৰ বৈশিষ্ট্য হেৰুৱাই আন ভাষাৰ লগত সংমিশ্ৰিত হৈ নতুন ৰূপ লাভ কৰে আদিবোৰ দিশ সামৰি লয় ভাষাভূগোল অর্থাৎ ভূ-ভাষাতত্ত্বই। ভূ-ভাষাতত্ত্বৰ প্ৰধান কাম হ’ল, উপভাষাবোৰৰ ভৌগোলিক পৰিসীমা নিৰ্ণয় কৰা, বর্ণনামূলক, ঐতিহাসিক আদি অধ্যয়নৰ দ্বাৰা তাৰ পৰিৱৰ্তন বিলাকৰ ধাৰা নিৰ্ণয় কৰা।

(ঙ) প্রয়োগ ভাষাতত্ত্বঃ

ভাষাতত্ত্বৰ দিশত এটি প্রায়োগিক দিশো নিহিত হৈ আছে। ভাষা শিক্ষণ আৰু শিক্ষণৰ ক্ষেত্ৰত প্ৰয়োগ হোৱা আৱশ্যকীয় সঁজুলি -পাতি ভাষাতত্ত্বৰ অন্তৰ্গত ৰূপে অভিহিত হৈছে। ভাষা হৈছে মানুহৰ মনৰ ভাবৰ প্ৰতিফলন, আৰু ভাষা শিক্ষণ হৈছে প্রণালীবদ্ধভাৱে ভাষা শিকোৱা। ভাষা শিক্ষণে ভাষাৰ প্রায়োগিক বা ব্যৱহাৰিক দিশটো সামৰি লয়। ভাষাই ধ্বনি, ৰূপ, শব্দ বাক্য আদিৰ শৃংখলাবদ্ধ ৰূপৰ প্ৰয়োগ দাঙি ধৰে। প্ৰয়োগ ভাষাতত্ত্বই ভাষাৰ ধ্বনিগত, ৰূপগতৰ বিজ্ঞানসন্মত আৰু ব্যৱহাৰিক দিশৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰে। ভাষা-শিক্ষণ আৰু ভাষাতত্ত্ব দুটাৰ মাজত কিন্তু পার্থক্য আছে। প্রয়োগ ভাষাতত্ত্বই ভাষা শিক্ষণত অৰিহণা যোগাব পাৰে। বৰ্তমান ভাষাতত্ত্বৰ ক্ষেত্ৰত প্রয়োগ ভাষাতত্ত্বই বিশেষ অগ্রাধিকাৰ লাভ কৰিছে।

২। বর্ণনাত্মক ভাষাবিজ্ঞান বুলিলে কি বুজা? ভাষা এটাৰ অধ্যয়নত বৰ্ণনাত্মক ভাষাবিজ্ঞান ভূমিকা আলোচনা কৰাঁ।

উত্তৰঃ কোনো ভাষাৰ কোনো এক নিৰ্দিষ্ট সময়ৰ প্ৰণালীবদ্ধ অধ্যয়ন বর্ণনাত্মক ভাষাবিজ্ঞানত কৰা হয়। কোনো কোনো ভাষাবিজ্ঞানীয়ে বর্ণনাত্মক ভাষাবিজ্ঞানক ‘গঠনমূলক ভাষাবিজ্ঞান’ নামেৰেও অভিহিত কৰিছে। কাৰণ এই ভাষাবিজ্ঞানত ভাষাৰ গঠন পদ্ধতিৰ দিশত অধিক গুৰুত্ব দিয়া হয়। এটা ভাষাৰ গঠন প্ৰণালীৰ সম্ভেদ দিয়াই হৈছে ইয়াৰ মুখ্য কাম। ইয়াত এটা ভাষাৰ লগত আন এটা ভাষাৰ তুলনাৰ প্ৰসঙ্গ নাথাকে আৰু এটা ভাষাৰ ঐতিহাসিক অধ্যয়নো ইয়াৰ উদ্দেশ্য নহয়। প্ৰকৃততে ঐতিহাসিক অধ্যয়ন অথবা তুলনামূলক অধ্যয়নৰ মূলতেই আছে বর্ণনাত্মক অধ্যয়নৰ ভূমিকা। ভাষাৰ গঠনৰ ক্ষেত্ৰত দুই ধৰণৰ সামগ্ৰী নিহিত হৈ থাকে— প্ৰথমটো হৈছে ধ্বনি আৰু দ্বিতীয়টো হৈছে ধাৰণা, সামাজিক পৰিবেশ, অর্থ ইত্যাদি। বর্ণনাত্মক ভাষাতত্ত্বৰ দুটা দিশ থাকে— ধ্বনিতত্ত্ব আৰু ব্যাকৰণ। ধ্বনিতত্ত্বত ধ্বনি আৰু ইয়াৰ বিভিন্ন উচ্চাৰণ পদ্ধতি, ব্যাকৰণৰ ক্ষেত্ৰত ৰূপ আৰু অন্যান্য আনুসংগিক দিশসমূহ। বৰ্ণনাত্মক ভাষাতত্বৰ ক্ষেত্ৰত কথিত ভাষাৰ অধিক গুৰুত্ব আছে।

ভাষা অধ্যয়নত যিকোনো ভাষাৰে প্ৰথম আৰু প্ৰধান কথা হ’ল ইয়াৰ ধ্বনিসমূৰ বিষয়ে পুঙ্খানুপুঙ্খভাৱে অধ্যয়ন কৰা। ভাষাবিদৰ বাবে মাতৃভাষাৰ অধ্যয়ন কৰাটো সহজসাধ্য কাম। কাৰণ নিজৰ ভাষাৰ ধ্বনিসমূহৰ সম্যক ধাৰণা থকাৰ বাবেই যথাযথভাৱে সজাই উলিওৱাত এলপো কষ্ট নহয়। আনহাতে আকৌ আন এঠাইৰ লোকৰ বাবে সেই ভাষাটোৰ ধ্বনিসমূহ অধ্যয়ন কৰোতে বিভিন্ন সমস্যাই দেখা দিয়ে। প্রধান সমস্যাটো হৈছে বানান আৰু উচ্চাৰণৰ।

ভাৰতীয় আর্যভাষাসমূহত বানান আৰু উচ্চাৰণ অনুযায়ী স্বৰধ্বনি আৰু ব্যঞ্জনধ্বনিবিলাকৰ তাৰতম্য নিৰ্ণয় কৰিব পাৰি। অসমীয়া ভাষাটো প্রাচীন ভাৰতীয় আৰ্য (বৈদিক সংস্কৃত) সম্ভুত হ’লেও ইয়াৰ ধ্বনি ৰীতিত কিছু পার্থক্য পৰিলক্ষিত হয়। অসমীয়া ভাষাত বানানৰ ক্ষেত্ৰত ১১ টা স্বৰবৰ্ণ আৰু উচ্চাৰণৰ ক্ষেত্ৰত ৮ টা স্বৰধ্বনিৰ প্ৰয়োগ দেখা যায়। ব্যঞ্জনবর্ণ ৪১ টা হ’লেও উচ্চাৰণৰ ক্ষেত্ৰত কেৱল ২১ টা ব্যঞ্জনবৰ্ণৰ প্ৰয়োগহে দেখা যায়। পৃথিবীৰ ভাষাৰ বৰ্ণনাত্মক অধ্যয়ন কৰোতে ধ্বনিৰীতিৰ এই দুয়োটা দিশৰ‍ প্রতি প্রথমে আলোকপাত কৰিব লাগিব। তেতিয়াহে ভাষাৰ গঠনৰ প্রাথমিক দিশটোৰ উমান পোৱা যাব।

ধ্বনিতত্ত্বৰ পিছতে বর্ণনাত্মক ভাষাতত্ত্বই সামৰি লোৱা দিশটো হ’ল ৰূপতত্ত্ব। এটা ভাষাৰ ধ্বনিসমূহ তাৰ উচ্চাৰণৰ পদ্ধতি আদি বিচাৰি উলিওৱাৰ পিছতে ইয়াৰ ব্যাকৰণৰ দিশটোৰ আলোচনা সহজ হৈ উঠিব। একোটা ভাষাত বিভিন্ন শব্দৰ প্ৰয়োগ থাকে। সকলো ভাষাতে শব্দ প্রয়োগ বা শব্দ গঠন প্রণালী একে নহয়। ক্রিয়া গঠন ৰূপতত্ত্বৰ এক বিশেষ দিশ। ইংৰাজী ভাষাত সকলো শব্দৰ ক্ষেত্ৰত সৰল আৰু বুৎপত্তিগত এই দুই ধৰণৰ শব্দৰ প্ৰয়োগ দেখা যায়। ভাষাৰ বর্ণনাত্মক অধ্যয়নত ৰূপতত্ত্বৰ সকলোবিলাক দিশ পুঙ্খনুপুঙ্খভাৱে আলোচিত হ’ব লাগিব। ইয়াৰ লগে লগে শব্দতত্ত্ব আৰু বাক্যতত্ত্বৰ দিশ দুটাও প্ৰয়োজনীয়। মূলতঃ বিভিন্ন ভাষাৰ একোটা বিশেষ স্তৰৰ ধ্বনি, ৰূপ, শব্দ, বাক্য আদিৰ সকলো দিশৰ প্ৰণালীবদ্ধ আৰু বিজ্ঞানসন্মত অধ্যয়নেই বর্ণনাত্মক ভাষাতত্ত্বৰ মূল ভেঁটি।

ইয়াৰ উপৰিও বর্ণনাত্মক ভাষাতত্ব বিশেষ একোটা উপভাষাৰ অধ্যয়নৰ দিশতো আগবাঢ়িব পাৰে। উপভাষা একোটাৰ বিশেষ স্তৰৰ অধ্যয়নৰ ক্ষেত্ৰত বৰ্ণনাত্মক ভাষাতত্ত্বই সহায় কৰে, ই সামাজিক উপভাষাও হ’ব পাৰে। একোটা ভাষাৰ বিশেষ স্তৰৰ ভাষা অধ্যয়নত একোটা ভাষাৰ পঞ্জীয়কৰ দৰে কাম কৰে বৰ্ণনাত্মক ভাষাই।

সামগ্ৰিকভাৱে ৰূপ আৰু শব্দ পৰস্পৰ পৃথক শাখা নহয়। কিছুমান ভাষাৰ ৰূপ আৰু শব্দৰ মাজত বিশেষ পার্থক্য নায়েই। ৰূপগত দিশসমূহৰ ভিতৰত বিশেষ্য, বিশেষণ, সর্বনাম, ক্রিয়া, প্রত্যয় আদি সকলোৰে সম্যক আলোচনা বর্ণনাত্মক ভাষাতত্ত্বৰ অন্তর্গত।

৩। ঐতিহাসিক ভাষা-বিজ্ঞানত ভাষা অধ্যয়নৰ কোনবোৰ দিশত গুৰুত্ব আৰোপ কৰা হয়। উদাহৰণসহ বৰ্ণনা কৰা।

উত্তৰঃ ভাষা এটাৰ মূল উৎস কি আছিল, কি কি পৰিবৰ্তনৰ মাজেদি আহি ভাষা এটাই বৰ্তমানৰ অৱস্থা পাইছেহি আদি কথাবোৰ ঐতিহাসিক ভাষা-বিজ্ঞাৰ আলোচনাৰ বিষয়। ঐতিহাসিক ভাষা- বিজ্ঞানৰ অধ্যয়নত ধ্বনিগত, ৰূপগত, বাক্যগত আৰু অৰ্থগত চাৰিটা দিশ চালিজাৰি চোৱা হয়। বর্তমান ভাষাটোও ৰূপৰ লগত সংগতি ৰাখি অতীতক খুচৰি চাই ভাষাৰ ক্ৰমবিকাশৰ এটি ইতিহাস দাঙি ধৰা হয়। গতিহাসিক ভাষাবিজ্ঞানে ভাষাৰ লিখিত ৰূপৰ প্রামাণ্য উপাদান হিচাপে লৈ আলোচনা কৰে।

ঐতিহাসিক ভাষাবিজ্ঞানীয়ে প্রাচীন শিলালিপি, তাম্রকলি, পৰিব্ৰাজকৰ টোকা, প্রাচীন হাতেলিখা পুথি আদি বিভিন্ন পাঠৰ অধ্যয়ন কৰে। বাক্যবিন্যাসৰ আলোচনাতকৈ অৰ্থতত্ত্বৰ আলোচনাত ঐতিহাসিক বিজ্ঞানে অধিক গুৰুত্ব আৰোপ কৰা দেখা যায়। শব্দৰ পুৰণি অৰ্থ কি আছিল কি কি পৰিবৰ্তনৰ মাজেদি কেনেদৰে সাধিত হৈছে সেই কথা ঐতিহাসিক বিজ্ঞানে পুঙ্খানুপুঙ্খভাবে বিশ্লেষণ কৰে।এই ক্ষেত্ৰত প্রাচীন অৰ্থটোহে শব্দটোৰ আচল আৰু শুদ্ধ অর্থ ৰূপে প্ৰতিপন্ন কৰিব বিচাৰে। যেনে— ‘মহাজন’ শব্দটোৱে মহান লোকক বুজাইছিল। এতিয়া সংস্কৃত ‘মহাজন’ শব্দটোৱে দোকানী, বেপাৰী, পুঁজিপতি সকলোকে বুজায়। deer শব্দটোৱে জন্তুক বুজাইছিল। কিন্তু ‘deer” শব্দটোৰ অৰ্থ সংকুচিত হৈ কেৱল হৰিণক বুজাবলৈ ধৰিলে। গতিকে সমাজ পৰিবৰ্তনৰ লগে লগে, ভাষাৰো, পৰিবৰ্তন হয়। শব্দৰ অৰ্থ প্ৰিবৰ্তনৰ ত্ৰি ধাৰা অৰ্থসংকোচ, অৰ্থবিস্তাৰ, অর্থ সংশ্লেষণৰ আলোচনাত ঐতিহাসিক বিশ্বাসে গুৰত্বপূর্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।

৪। ভাষাৰ-অৰ্থ পৰিবৰ্তনৰ ত্ৰিধাৰা বুলিলে কি বুজে?

উত্তৰঃ সমাজ পৰিবৰ্তনৰ লগে লগে ভাষাৰ অৰ্থৰো পৰিবৰ্তন হৈ আহিছে। শব্দৰ অৰ্থৰ পৰিসৰ কেতিয়াবা বহল, কেতিয়াবা সংকুচিত আৰু কেতিয়াবা একোটা শব্দত ভিন্ন ভিন্ন অর্থ আৰোপিত হয়। এনে পৰিবৰ্তন তিনিটা ধাৰাৰ মাজেদি সম্ভৱ হৈ উঠে। তাকে শব্দৰ অৰ্থ পৰিবৰ্তনৰ ত্ৰিধাৰা আখ্যা দিয়া হৈছে। শব্দৰ অর্থ পৰিবৰ্তনৰ ত্ৰিধাৰা হ’ল- অর্থ সংকোচন, অর্থবিজ্ঞান আৰু অৰ্থ সংশ্লেষণ। উপৰোক্ত ত্ৰিধাৰা আলোচনাত ঐতিহাসিক ভাষাবিজ্ঞানে বিশেষ গুৰুত্ব দি আহিছে। বৰ্তমান অসমীয়া শব্দৰ আৰু ৰূপসমূহৰ মূল সংস্কৃত কি আছিল আৰু প্ৰকৃতিৰ কোন স্তৰৰ মাজেদি পৰিবৰ্তিত হৈ অসমীয়া ভাষাই ৰূপ পৰিগ্ৰহ কৰিছে, সেই বিষয়ে ঐতিহাসিক ভাষা বিজ্ঞানীসকলে দাঙি ধৰা দেখা যায়। সংস্কৃত মহাজন শব্দই মহান লোকসকলকহে বুজাইছিল। কিন্তু সেই ‘মহাজন’ শব্দ সময়ৰ পৰিবৰ্তনৰ ফলত অধিক ধন উপার্জিত লোকসকলৰ ক্ষেত্ৰতো ব্যৱহাৰ হোৱা দেখা যায়। বৰ্তমান, গাখীৰ বেপাৰী, মাছৰ ব্যৱসায়ী, খৰিৰ ব্যৱসায়ী দোকানী, বেপাৰী, পুঁজিপতি সকলোকে মহাজন আখ্যা দিয়া দেখা যায়।

(ক) তুলনামূলক ভাষা-বিজ্ঞান আৰু বৈপৰীত্যমূলক ভাষা- বিজ্ঞানৰ মাজত পাৰ্থক্য আছেনে? উদাহৰণসহ ব্যাখ্যা কৰা?

উত্তৰঃ তুলনামূলক ভাষা-বিজ্ঞান আৰু বৈপৰীত্যমূলক ভাষা- বিজ্ঞানৰ মাজত পাৰ্থক্য আছে। সেই পার্থক্য দুয়োটাৰ মাজত অধ্যয়নৰ দৃষ্টিভংগীৰ ক্ষেত্ৰত পৰিলক্ষিত হয়।

তলত তুলনামূলক ভাষা-বিজ্ঞান আৰু বৈপৰীত্যমূলক ভাষা- বিজ্ঞাৰ মাজত থকা পাৰ্থক্যসমূহ উদাহৰণসহ, দাঙি ধৰাৰ প্ৰয়াস কৰা হ’ল—

i) তুলনামূলক ভাষা-বিজ্ঞানত আলোচ্য ভাষাসমূহ সমগোত্রীয় বা একে মূলৰ পৰা ওলোৱা হ’ব লাগে। কিন্তু বৈপৰীত্যমূলক ভাষা-বিজ্ঞানত সমগোত্রীয় বা ভিন্নগোত্রীয় দুটা বা ততোধিক ভাষাৰ মাজত তুলনা কৰা হয়।

(ii) তুলনামূলক ভাষা-বিজ্ঞানীসকলে আলোচ্য, ভাষাসমূহ যে একে মূলৰ পৰা ওলোৱা আৰু ভাষাসমূহৰ মাজত অধিক সাদৃশ্য বর্তমান সেই কথা প্ৰমাণ কৰাৰ প্ৰয়াস কৰে। কিন্তু বৈপৰীত্যমূলক ভাষা-বিজ্ঞানত দুয়োটা ভাষাৰ মাজত থকা ভেদখিনিহে স্পষ্ট ৰূপত দাঙি ধৰে।

(iii) তৃতীয়তে, তুলনামূলক ভাষা-বিজ্ঞানে ভাষা অধ্যয়নত লিখিত ভাষাকহে প্রমাণিত তথ্য হিচাপে গ্ৰহণ কৰে, কিন্তু বৈপৰীত্যমূলক ভাষা বিজ্ঞানত তথ্য ভাষাহে আলোচনা বা বিশ্লেষণৰ মূল’বিষয়, লিখিত ভাষা নহয়। জাপানী আৰু অসমীয়া ভাষাৰ তুলনামূলক বিশ্লেষণ ভেদাত্মক ভাষা বিজ্ঞানৰ বিষয় হ’ব পাৰে, কিন্তু তুলনামূলক ভাষা বিজ্ঞানৰ নহয়।

৫। বর্ণনাত্মক ভাষা-বিজ্ঞান বুলিলে কি বুজে? বর্ণনাত্মক ক্ষেত্ৰ অধ্যয়নৰ প্ৰয়োজন আছেনে? বিশ্লেষণ কৰা।

উত্তৰঃ ভাষা এটাৰ নিৰ্দিষ্ট এক কালৰ ভাষিক গতি-প্রকৃতি সম্পর্কে বিজ্ঞানসন্মতভাৱে কৰা অধ্যয়নেই হৈছে বৰ্ণনাত্মক ভাষা- বিজ্ঞান।

ভাষা এটা ক’ৰ পৰা উৎপত্তি হৈছে, ভাষাটোৰ পূৰ্বৰ ৰূপ কি আছিল বা কেনে পৰিবৰ্তনৰ মাজেদি আহি ভাষা এটাই বৰ্তমানৰ ৰূপ লাভ কৰিছেহি, এনেবোৰ বিষয় বর্ণনাত্মক ভাষা-বিজ্ঞানত আলোচনা কৰা নহয়। ইয়াত ভাষা- বিজ্ঞানীসকলে এটা সময়ৰ পৰিধিৰ মাজত বৰ্তি থকা ভাষাৰ ৰূপটোকহে অধ্যয়ন কৰাত অধিক গুৰুত্ব দিয়া দেখা যায়।

বর্ণনাত্মক ভাষা-বিজ্ঞানত ক্ষেত্ৰ অধ্যয়নৰ প্ৰয়োজন আছে। কিয়নো এই ভাষা-বিজ্ঞান ধ্বনিতত্ত্ব, ৰূপতত্ত্ব, বাক্যতত্ত্ব আৰু অৰ্থতত্ত্বৰ ওপৰত পুংখানুপুংখভাৱে আলোচনা কৰা হয়।

ইয়াত ভাষা-বিজ্ঞানীসকলে প্ৰথমে, অধ্যয়ন কৰিবলগীয়া ভাষাটোৰ সামগ্ৰীখিনি ক্ষেত্ৰ অধ্যয়নৰ দ্বাৰা সংগ্ৰহ কৰি লৈ ধ্বনিসমূহৰ প্ৰণালীবদ্ধ অধ্যয়ন কৰিব লাগে। অধ্যয়ন কৰা ভাষাটোন স্ফৰধ্বনি আৰু ব্যঞ্জনধ্বনিসমূহ চিনাক্ত কৰাৰ পাছত বৰ্ণ বিশ্লেষণ‍ৰ নিয়মেৰে বৰ্ণ আৰু উপ-ধ্বনি নির্ণয় কৰিব লাগে। ধ্বনিসমূহৰ পৰা বৰ্ণ চিনাক্ত কৰাৰ পাছত বৰ্ণৰ অস্তনিহিত ধ্বনিৰ উচ্চাৰণৰ স্থানি আৰু ধৰণ অনুসৰি তালিকা প্রস্তুত কৰিব লাগে। তদুপৰি দ্বিস্বৰ ধ্বনি, ত্রিস্বৰ ধ্বনি, যুক্তব্যঞ্জন আদিৰো তালিকা কৰি দেখুৱাব লাগে। ভাষাৰ শ্বাসাঘাত বা বলাঘাত, সুৰ আৰু সুৰ লহৰ আদিও ধ্বনিতত্ত্বৰ বিশ্লেষণৰ সহায়ত ভাষা এটাৰ ধ্বনিতাত্বিক বৈশিষ্ট্যসমূহ বিশ্লেষণ কৰি চোৱা হয়।

ৰূপতত্ত্বত ভাষাটোৰ শব্দমূল আৰু ক্রিয়ামূল বা ধাতুত বিভিন্ন বিভক্তি আৰু প্ৰত্যয় যোগ হৈ কেনেদৰে নতুন নতুন ৰূপ গঠন কৰে তাৰ বৰ্ণনা থাকে। ভাষাত উচ্চাৰিত, হোৱা ধ্বনিসমূহ বাছি উলিওৱাৰ পাছত ধ্বনি সংযোগৰ ফলুত সৃষ্টি হোৱা ৰূপসমূহৰ বিষয়ে অধ্যয়ন কৰাই ৰূপতত্ত্বৰ প্ৰধান কাম। শব্দৰ গঠন-ৰীতি সম্পৰ্কে ৰূপতত্ত্বত আলোচনা কৰা হয়।

বাক্যতত্ত্বৰ ধ্বনি সংযোগ আৰু ৰূপ সংযোগৰ ফলত সৃষ্টি হোৱা পদসমূহক অৰ্থৰ সংগতি ৰাখি যথাস্থানত বহুৱাই বাক্যৰ সৃষ্টি কৰা হয়। প্রত্যেক ভাষাৰে বাক্যবিন্যাসৰ কিছুমান নিজস্ব বৈশিষ্ট্য থাকে। সাধাৰণতে অসমীয়া ভাষাত বাক্যৰ ক্ৰম হৈছে কৰ্তা + কর্ম + ক্রিয়া। কিন্তু ইংৰাজী ভাষাত কর্তা + ক্রিয়া + কর্ম। এনেবোৰ কথা বাক্যবিন্যাসৰ ভিতৰৱা। তদুপৰি বাক্যৰ বিভিন্ন প্ৰকাৰ ৰূপান্তৰ প্ৰক্ৰিয়া সহায়ত নতুন নতুন বাক্য সৃষ্টি আদিও বাক্যতত্ত্বই সামৰি লয়।

অর্থতত্ত্ব ভাষা-বিজ্ঞানত শব্দৰ অৰ্থৰ দিশটোও সামৰি লয়। শব্দ আৰু অৰ্থৰ সম্বন্ধ, পৰিস্থিতিভেদে শব্দৰ অৰ্থৰ বেদ, সময় অনুক্ৰমে অৰ্থৰ ভেদ, সমার্থবাচকতা, বিপৰীতাৰ্থ আৰু শব্দৰ মাজত লুকাই থকা অন্তৱর্তী অৰ্থৰ বিশ্লেষণ বর্ণনাত্মক ভাষা-বিজ্ঞানে সামৰি লয়।

ভাষা এটা বিস্তৃত অঞ্চলত বিয়পি পৰাৰ পাছত ইয়াৰ কিছুমান, উপ-ৰূপৰ সৃষ্টি হোৱা দেখা যায়। ভাষাৰ এই উপ-ৰূপবোৰৰ অধ্যয়নো বর্ণনাত্মক ভাষা-বিজ্ঞানে সামৰি ল’ব খোজে। অর্থাৎ বর্ণনাত্মক ভাষা-বিজ্ঞানে ভাষাত থাকিব পৰা বিভিন্ন উপ-ভাষা বা আঞ্চলিক উপ-ভাষাসমূহৰ অস্তিত্ব সম্বন্ধেও আলোকপাত কৰে। এনেক্ষেত্ৰত বৰ্ণনাত্মক ভাষা-বিজ্ঞানৰ ক্ষেত্ৰ অধ্যয়নৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি।

৬। প্রয়োগ ভাষা-বিজ্ঞান বুলিলে কি বুজে? প্রয়োগ ভাষা- বিজ্ঞানৰ প্ৰয়োজনীয়তা কিমান? প্রয়োগ ভাষা-বিজ্ঞানে কেনেধৰণৰ বিষয়সমূহ সাঙুৰিব পাৰে লিখা?

উত্তৰঃ ভাষাৰ ব্যৱহাৰিক বা প্রায়োগিক দিশসমূহক লৈ ভাষা- বিজ্ঞানৰ যিটো শাখা গঢ় লৈ উঠিছে তাৰ নামে প্রয়োগ ভাষা- বিজ্ঞান। আন কথাত ভাষা-বিজ্ঞান অধ্যয়ন কৰি পোৱা জ্ঞান দৈনন্দিন জীৱনৰ কোনো এক ক্ষেত্ৰত প্ৰয়োগ কৰা বা কামত লগোৱাটোকে প্রয়োগ ভাষা-বিজ্ঞান বুলিব পাৰি ৷

প্রয়োগ ভাষা-বিজ্ঞানৰ প্ৰয়োজনীয়তা যথেষ্ট আছে বুলি ভাবো কিয়নো ভাষা এটা অধ্যয়ন কৰি ভাষাটো আয়ও, কৰিবলৈ হ’লে অথবা আনক শিকাবলগীয়া স্থলে কিছুমান কৌশল অৱলম্বন কৰিবলগীয়া হয়। বিষয় এটা কেনেদৰে উপস্থাপন কৰিব, কেনেদৰে শিক্ষা দিব, ভাষাটোৰ শুদ্ধ উচ্চাৰণ কেনেকুৱা, সুৰ-লহৰ আদি কেনেকুৱা আদি বিষয়ে প্রয়োগ ভাষা-বিজ্ঞানীয়ে পৰামৰ্শ দাঙি ধৰে। ভাষাৰ অনুশীলন কৰিবৰ বাবে শব্দৰ নমুনা, বাক্যৰ নমুনা আদিও দাঙি দৰে। ভাষা শিক্ষকৰ ভাষা অধ্যয়নৰ জ্ঞান নাথাকিলেও, প্রয়োগ ভাষা-বিজ্ঞানীয়ে দাঙি ধৰা কৌশলসমূহ শিক্ষকে আহৰণ কৰিয়ে শিকাব পাৰে। গতিকে প্রয়োগ ভাষা-বিজ্ঞানৰ প্ৰয়োজনীয়তা কিমান উপৰোক্ত বিশ্লেষণৰ পৰাই আমি অনুমান কৰিব পাৰো।

 প্রয়োগ ভাষা-বিজ্ঞানীয়ে তলত উল্লেখ কৰা বিষয়সমূহ সামৰি লোৱা দেখা যায়—

(ক) ভাষা-শিক্ষা মাতৃভাষা, দ্বিতীয় ভাষা আৰু বিদেশীভাষা আদি সকলোধৰণৰ ভাষাৰ শিক্ষা প্ৰদান।

(খ) কলা-বোবা আৰু জন্মৰে পৰা মানসিক বিকাশত প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা লোকক ভাষাৰ শিক্ষাদান।

(গ) মাতৃ ভাষাক কথন আৰু লিখনশৈলীৰ বিকাশ সাধন।

(ঘ) অভিধান প্রণয়ন। ভাষাৰ শুদ্ধ প্রয়োগ, বিশেষকৈ বানান তথা উচ্চাৰণ সঠিকতাৰ দিশত অভিধানে আমাক সহায় কৰে। 

(ঙ) পঠন আৰু ৰচনাৰ দক্ষতাৰ বিকাশ সাধন, অর্থাৎ, বাক- বিন্যাসত পটুতা।

(চ) সমাজৰ স্তৰ বিন্যাস, অর্থাৎ গাঁথনিক দিশৰ অধ্যয়ন কৰা।

(ছ) যন্ত্ৰৰ সহায়ত অনুবাদ আদি বিভিন্ন দিশ সামৰি প্ৰয়োগ ভাষা-বিজ্ঞানে ব্যৱহাৰিক জ্ঞান লাভৰ অৰিহণা যোগায়।

২। চমু প্রশ্নোত্তৰঃ

১। ভাষা অধ্যয়নৰ বিষয় আৰু প্ৰকৃতি অনুসৰি ভাষা বিজ্ঞানক কেইটা আৰু কি কি প্রধান ভাগত বিভক্ত কৰিব পাৰি? 

উত্তৰঃ তিনিটা। 

(১) বর্ণনাত্মক। 

(২) ঐতিহাসিক। 

(৩)তুলনামূলক ভাষা বিজ্ঞান।

২। বর্ণনাত্মক ভাষা-বিজ্ঞানত ভাষাৰ কোনটো ৰূপত গুৰুত্ব দিয়া হয়? লিখিত নে কথিত?

উত্তৰঃ কথিত।

৩। তুলনাত্মক ভাষা-বিজ্ঞানৰ দৃষ্টিভংগীৰে অধ্যয়ন কৰা দুখন গ্ৰন্থৰ নাম লিখা?

উত্তৰঃ Robert Caldwell A Comparative Grammar of the Dravidian language (1913) আৰু (2) John Beams ৰ A Comparative Grammar of Modern Aryan Language of India. 

৪। বিসমগোত্রীয় দুটা ভাষাৰ মাজত বৈপৰীত্যমূলক ভাষা- বিজ্ঞানৰ অধ্যয়ন হ’ব পাৰেনে?

উত্তৰঃ পাৰে।

৫। ভাষা আৰু সমাজৰ মাজত থকা সম্বন্ধৰ দিশসমূহ ভাষা বিজ্ঞানৰ কোনটো শাখাত অধ্যয়ন কৰা হয়?

উত্তৰঃ সমাজ-ভাষা বিজ্ঞান।

৬। অভিধান প্রণয়ন বিষয়টো প্রয়োগ ভাষা-বিজ্ঞানৰ পৰিসৰৰ ভিতৰত সাঙুৰি ল’ব পৰা যায়নে?

উত্তৰঃ সাঙুৰি ল’ব পৰা যায়।

৭। মনোভাষা বিজ্ঞান অধ্যয়নৰ মূল বিষয়সমূহ কি কি? 

উত্তৰঃ শিক্ষা, অনুৰক্তি, উপলব্ধি আৰু ব্যক্তিভেদে থকা দক্ষতাৰ ভেদ ইত্যাদি।

৮। তলত দিয়া প্রশ্নসমূহৰ উত্তৰ লিখক—

(ক) ভাষা-বিজ্ঞানৰ প্ৰধান শাখাসমূহ কি কি?

উত্তৰঃ অধ্যয়নৰ বিষয় আৰু প্ৰকৃতিনৈ  লক্ষ্য কৰি ভাষা বিজ্ঞানক তিনিটা প্ৰধান ভাগত বিভক্ত কৰা হৈছে। এই প্ৰধান ভাগ কেইটা হ’ল—

(১) বর্ণনাত্মক ভাষা-বিজ্ঞান।

(২) ঐতিহাসিক ভাষা-বিজ্ঞান। আৰু

(৩) তুলনামূলক ভাষা-বিজ্ঞান।

আন কোনো কোনো ভাষা বিজ্ঞানীয়ে ভাষা-বিশ্লেষণৰ পদ্ধতিৰ প্রকৃতি অনুসৰি ভাষা বিজ্ঞানৰ বিভিন্ন শাখাক তলত দিয়াৰ দৰেও নামাকৰণ

(১) সমকালিন ভাষা-বিজ্ঞান।

(২) ক্রমকালিক ভাষা-বিজ্ঞান।

(৩) তুলনামূলক ভাষা-বিজ্ঞান।

৯। বর্ণনাত্মক ভাষা-বিজ্ঞান বুলি কি বুজে?

উত্তৰঃ ভাষা এটাৰ নিদিষ্টি এক কালৰ ভাষিক গতি প্রকৃতি সম্পর্কে বিজ্ঞানসন্মত ভাবে কৰা অধ্যয়নেই হৈছে বর্ণনাত্মক ভাষা বিজ্ঞান। ইয়াত ভাষা- বিজ্ঞানীসকলে এটা সময়ৰ পৰিধিৰ মাজত বৰ্তি থকা ভাষাৰ ৰূপটোকহে অধ্যয়ন কৰাত অধিক গুৰুত্ব দিয়া হয়। বর্ণনাত্মক ভাষা বিজ্ঞানত ভাষা এটাৰ কথিত ৰূপৰ যথাযথ বর্ণনাৰে বিজ্ঞানসন্মত বিশ্লেষণ আগবঢ়োৱা হয়।

বর্ণনাত্মক ভাষা বিজ্ঞানত ভাষাৰ প্ৰতিটো স্তৰ, যেনে- ধ্বনিতত্ত্ব, ৰূপতত্ত্ব, বাক্যতত্ত্ব আৰু অৰ্থতত্ত্বৰ সম্পৰ্কে পুঙ্খানুপুঙ্খভাবে প্রণালীবদ্ধ অধ্যয়ন কৰা হয়।

১০। উপভাষা অধ্যয়নত সমাজ ভাষাবিজ্ঞানৰ প্ৰয়োজনীয়তা আছে নে?

উত্তৰঃ উপভাষা অধ্যয়নত সমাজ ভাষা-বিজ্ঞানৰ প্ৰয়োজনীয়তা আছে।

১১। শুদ্ধ নে অশুদ্ধ নিৰ্ণয় কৰক।

(ক) ধ্বনিতত্ত্বত ভাষাটোৰ বিশিষ্ট ধ্বনি আৰু সিহঁতৰ উপধ্বনিসমূহৰ বৰ্ণনা কৰা হয় ৷

উওৰঃ শুদ্ধ।

(খ) ভূ ভাষা-বিজ্ঞান ভাষা বিজ্ঞানৰঃ এটি নতুন, শাখা আৰু ইয়াত ভাষাগত দিশবোৰৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়।

উত্তৰঃ শুদ্ধ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top