Benefits of False daisy | কেহৰাজৰ উপকাৰিতা

প্ৰাচীন কালৰে পৰা ৰোগ নিৰাময়ৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ বনৌষধি ভেষজ উদ্ভিদ পৰম্পৰাগতভাৱে ব্যৱহাৰ হৈ আহিছে। এই ঔষধি গুণেৰে সমৃদ্ধ ভেষজ উদ্ভিদ সমূহে আয়ুৰ্বেদিক চিকিৎসাতো বিশেষ মৰ্য্যদা লাভ কৰিছে। ভাৰতৰ লগতে অসমতো প্ৰায়ে দেখা পোৱা এবিধ উৎকৃষ্ট বনৌষধি ভেষজ হৈছে কেহৰাজ। এই কেহেৰাজ ভেষজ বিধক অতীজৰে পৰা বিভিন্ন ৰোগৰ প্ৰতিকাৰক আৰু বিশেষকৈ চুলি আৰু ছাল সম্পৰ্কীয় চিকিৎসাত ব্যৱহাৰ কৰি অহা হৈছে। উক্ত প্ৰৱন্ধটিত কেহৰাজৰ স্বাস্থ্য সম্পৰ্কীয় উপকাৰিতা Benefits of False daisy বিষয়ে আলোচনা কৰা হৈছে।

Benefits of False daisy | কেহৰাজৰ উপকাৰিতা
Join Telegram channel

Read also: Health Benefits of Herbal Tea | ভেষজ চাহৰ উপকাৰিতা

কেহেৰাজ কি? | What is False daisy?

কেহৰাজ  হৈছে এবিধ উৎকৃষ্ট বনৌষধি গুণেৰে পৰিপুষ্ট ভেষজ। কেহেৰাজ উদ্ভিদ বিধ আয়ুৰ্বেদিক চিকিৎসাত স্বাস্থ্যৰ লাভালাভৰ বাবে যথেষ্ট জনপ্ৰিয়। চুলি সমস্যাত উপকৃত কৰাৰ উপৰিও  এই বিধ ভেষজে শৰীৰক বিভিন্ন ধৰণে সহায় কৰে। কেহেৰাজ ছালৰ বাবে ভাল আৰু শ্বাস – প্ৰশ্বাসৰ সমস্যাৰ সৈতে যুঁজিবলৈ সহায় কৰে। এই সমূহ কাৰণৰ বাবে কেহেৰাজক শতিকা ধৰি ভাৰতত এক কাৰ্যকৰী ঘৰুৱা প্ৰতিকাৰ হিচাপে ব্যৱহাৰ কৰি অহা হৈছে। 

কʼত পোৱা যায়?| Where is it found?

কেহৰাজ এবিধ একবৰ্ষজীৱি, সেমেকা, জেকা, সাৰুৱা ঠাইত গজা ভেষজ উদ্ভিদ। বাম খেতি- পথাৰ, শাক তলি, ঘৰৰ বাৰী আদিত এই উদ্ভিদ বিধ বেছিকৈ গজে। বাৰিষা কালত এই বিধ উদ্ভিদ জলাশয়ৰ  আশে – পাশে দেখা পোৱা যায়। ভাৰত, থাইলেণ্ড, নেপাল, চীন আৰু ব্ৰাজিল আদি প্ৰধান দেশ সমূহত এই বিধ উদ্ভিদ পোৱা যায়। কেহেৰাজ Eclipta প্ৰজাতি আৰু Asteraceae পৰিয়ালৰ অন্তৰ্গত এক উদ্ভিদ। কেহেৰাজক হিন্দীত ভ্ৰৃঙ্গৰাজ  আৰু ইংৰাজীত ‘False daisy’ বুলি কোৱা হয়। কেহেৰাজৰ বৈজ্ঞানিক নাম হৈছে – Eclipta prostrate

দেখিবলৈ কেনেকুৱা?| What Does it look like?

কেহেৰাজ উদ্ভিদ বিধৰ  উচ্চতা প্ৰায় ২০ ছেণ্টিমিটাৰ। কাণ্ডবোৰ ঘূৰণীয়া, ক্ষীণ, কুমলীয়া আৰু বেঙুনীয়া-মুগা বৰণৰ। কাণ্ডবোৰ কোমল হোৱা বাবে বেছি ওখ হ’লে  উদ্ভিদবিধ  মাটিত বগাই যায় আৰু গাঁঠিৰ পৰা শিপা ওলায়। পাতবোৰ বিপৰীত মুখিভাৱে যোৰপতা, ঠাৰিবিহীন, ২-৭ ছেণ্টিমিটাৰলৈকে দীঘল আৰু ১-২ ছেণ্টিমিটাৰ বহল। কেহৰাজ উদ্ভিদৰ ফুলবোৰ সৰু সৰু আৰু দীঘলীয়া অসমান বহুতো গুটি ধৰে। ফুলবোৰ বগা আৰু হালধীয়া বৰণৰ। গুটিবোৰ শুকাই পূৰঠ হৈ পৰিলে কলা বৰণৰ হৈ পৰে। কেহেৰাজ উদ্ভিদৰ সোৱাদ তিতা, তীক্ষ্ণ স্বাদযুক্ত।

ঔষধি গুণাগুণ | Medicinal Qualities

কেহেৰাজক আয়ুৰ্বেদত কেশৰাজ বুলিও জনা যায়।  এই বিধ উদ্ভিদক বছৰ বছৰ ধৰি চুলি সৰা আৰু অন্যান্য চুলি তথা ছালৰ ৰোগৰ চিকিৎসা হিচাপে ব্যৱহাৰ কৰি অহা হৈছে। ই চুলিৰ বিকাশ উন্নত কৰে, চুলি সৰা প্ৰতিহত কৰে আৰু চুলি অকালে পকি যোৱা সমস্যাৰ চিকিৎসা কৰে। ই ছালৰ বৰণ আৰু উজ্বলতা উন্নত কৰে আৰু ছাল সম্পৰ্কীয় বহুতো ৰোগৰ চিকিৎসা কৰে। তীব্ৰ খজুৱতি, দীৰ্ঘম্যাদী আঘাত, ছালৰ আলচাৰ, একজিমা আদিকে ধৰি দীৰ্ঘম্যাদী ছালৰ ৰোগ আদিত অধিকৰূপে কেহেৰাজৰ উপকাৰিতা আছে। কেহেৰাজ ভেষজে যকৃতৰ পৰা পিত্তৰ উৎপাদন বৃদ্ধি কৰে, যকৃতৰ কাৰ্যক্ষমতা উন্নত কৰে, কোষ্ঠ কাঠিন্য হ্ৰাস কৰে আৰু হজম সংশোধন কৰে আৰু বিপাক বৃদ্ধি কৰে।

কেহেৰাজ উদ্ভিদত পোৱা ৰাসায়নিক পদাৰ্থ সমূহ হৈছে | Chemical substance of False daisy

  • Coumestans
  • Polypeptide
  • Polyethylene
  • Thiophene derivatives
  • Steroids 
  • Sterols
  • Steroids
  • Flavonoids
  • Alkaloid ecliptine
  • Wedelolactone
  • Wedelic Acid
  • Apigenin
  • LuteOlin
  • B Amyrin

কেহেৰাজ উদ্ভিদৰ বিভিন্ন ভাষিক নাম সমূহ হৈছে

  • ইংৰাজী ভাষাত : False daisy, Trailing Eclipta
  • হিন্দী ভাষাত : Bhringaraj, Kesharaj
  • তামিল ভাষাত : Karisalankanni, Kavanthakara
  • মালায়ালম ভাষাত : Kannanunni
  • তেলেগু ভাষাত : Gs Lagara
  • কান্নাড়া  ভাষাত : Ajagara, kindig garage, Garung, Garungalu, Garungu
  • উৰিয়া ভাষাত : Kesard
  • নেপালী ভাষাত : Bhringaraj, Bhangere jharr
  • অনান্য নাম : Eclipta erecta, Eclipta alba, Eclipta punctata

কেহেৰাজ উদ্ভিদৰ জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজনত | Classification of False daisy

  • জগৎ/ৰাজ্য (Kingdom) : Plantae
  • অবৰ্গীকৃত (unranked) :  Angiosperms
  • অবৰ্গীকৃত (unranked) :  Eudicots
  • অবৰ্গীকৃত (unranked) : Asterids
  • বৰ্গ (Order) : Asterales
  • পৰিয়াল (Family) : Asteraceae
  • গণ (Genus) : Eclipta
  • প্ৰজাতি (Species) : E.prostrata
  • বৈজ্ঞানিক নাম (Scientific name) : Eclipta prostrata

কেহেৰাজৰ উপকাৰিতা আৰু ব্যৱহাৰ | Benefits and uses of False daisy/Eclipta prostrata:

১. চুলিৰ বাবে ভাল (Good for hair)

কেহেৰাজক চুলিৰ মহৌষধ  বুলি কোৱা হয়। কেহেৰাজত Hair-vitalising বনৌষধি থাকে যিয়ে চুলি অকালতে পকা প্ৰতিহত কৰিব পাৰে আৰু চুলি সৰা হ্ৰাস কৰিব পাৰে। কেহেৰাজে চুলিৰ বৃদ্ধিৰ পৰ্যায়ত ফলিকল (Follicles) বৃদ্ধি কৰাৰ লগতে চুলিৰ বৃদ্ধিৰ প্ৰক্ৰিয়াটো দ্ৰুত কৰাত সহায় কৰে। চুলিৰ বিকাশ উন্নত কৰাৰ ক্ষেত্ৰত কেহেৰাজ ভেষজ উৎকৃষ্ট। কেহেৰাজ পাতৰ ৰস চুলিত ব্যৱহাৰ কৰিলে চুলি সৰা হ্ৰাস পায়।

২. ছালৰ বাবে ভাল (Good for skin)

পৰম্পৰাগত ভাৱে  ছালৰ ৰোগৰ চিকিৎসাৰ বাবে কেহেৰাজৰ উপকাৰিতা আৰু ব্যৱহাৰ লক্ষ কৰা যায়। কেহেৰাজৰ Anti-microbial গুণাগুণে ছালৰ সংক্ৰমণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ক্ষত নিৰাময়ত সহায় কৰাত ই উচ্চ গুৰুত্ব বহন কৰে। যেতিয়া কেহেৰাজৰ পাত পেষ্ট বা ৰস হিচাপে স্থানীয়ভাৱে ব্যৱহাৰ কৰা হয়, ই ফুলা ছালক (Swollen skin) শান্ত কৰে আৰু একজিমা, ফোঁহা, শালমইনা, ব্ৰণ, ৰʼদে পোৰা  আদিৰ দৰে সমস্যাৰ চিকিৎসা কৰে আৰু এক স্বাস্থ্যকৰ, উজ্জ্বল আৰু পুনৰুৰ্জীৱিত ছাল প্ৰদান কৰে।

৩.যকৃতৰ বাবে ভাল (Good for liver)

শৰীৰৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ যকৃতে  শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰ কৰাৰ কাম কৰে। কেহেৰাজে যকৃতক ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থৰ পৰা সুৰক্ষা প্ৰদান কৰে যিয়ে যকৃতক ক্ষতিগ্ৰস্ত কৰিব পাৰে। Demethyl wedelolactone  আৰু  wedelolactone  হৈছে কেহেৰাজৰ কিছুমান যৌগ যি বিষাক্ত- প্ৰতিৰোধী কাৰ্য্যকলাপ কৰে যি যকৃতৰ কোষবোৰ পুনৰ সৃষ্টি কৰাত অৰিহণা যোগায়।

৪. হৃদ়য়ৰ স্বাস্থ্যৰ বাবে ভাল (Good for heart health) 

কেহেৰাজে  ইয়াৰ শক্তিশালী Anti-oxidative প্ৰকৃতিৰ বাবে হৃদযন্ত্ৰৰ বিভিন্ন ৰোগৰ চিকিৎসাত সহায় কৰে। ই উচ্চ ৰক্তচাপ (High blood pressure) নিয়ন্ত্ৰণ কৰে, কলেষ্টেৰল নিয়ন্ত্ৰণ কৰে, হৃদযন্ত্ৰৰ পেশী  শক্তিশালী কৰে, ৰক্তনলীবোৰত লিপিড জমা হোৱা প্ৰতিহত কৰে আৰু সেয়হে হৃদ আক্ৰমণ, হৃদযন্ত্ৰৰ অৱৰোধ, তেজ গোট মৰা আদিৰ আশংকা হ্ৰাস কৰে। পানীত মৌৰ সৈতে কেহেৰাজ পাতৰ নিষ্কাশণ নিয়মীয়াকৈ খোৱাটো হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বৃদ্ধিত অত্যন্ত সহায়ক।

৫. আমাশয় সৈতে মোকাবিলা কৰাত সহায় কৰে (Helps in dealing with Dysentery)

আমাশয় হৈছে এক স্বাস্থ্য অৱস্থা যাৰ ফলত ডায়েৰিয়া, পেটৰ বিষ, বমি আৰু জ্বৰ হয়। কেহেৰাজে বেক্টেৰিয়াৰ সৈতে যুঁজ দিয়াত সহায় কৰে যাৰ ফলত আমাশয় হয়। আমাশয় পৰা নিৰাময় পাবলৈ কেহেৰাজৰ decoction মৌখিকভাৱে দিব পাৰি। মৌৰ সৈতে কেহেৰাজ পাতৰ ৰসৰ সেৱনে আমাশয়ৰ লক্ষণবোৰ সহজ কৰাত সহায় কৰে।

৬. গেষ্ট্রিক আলচাৰ (Gastric Ulcer)

পাকস্থলীৰ আলচাৰৰ ফলত হৃদযন্ত্ৰত হোৱা জ্বলা-পোৰা, পেটত জ্বলা-পোৰা, বিষ আৰু ওকালি অহা হয়। কেহেৰাজে পাকস্থলীৰ আলচাৰৰ মোকাবিলা কৰাত সহায় কৰিব পাৰে যি নিয়মীয়াকৈ Aspirin আৰু Anti-inflammatory ঔষধ গ্ৰহণ কৰাৰ ফলত হয়। কেহেৰাজৰ নিষ্কাশনে Aspirin আৰু Alcohol দ্বাৰা প্ৰেৰিত আলচাৰ হ্ৰাস কৰাত সহায় কৰিব পাৰে।

৭. বিষৰ পৰা সকাহ দিয়ে (Relieves Pain): 

কেহেৰাজৰ শক্তিশালী Analgesic গুণাগুণ আছে যি বিষ আৰু প্ৰদাহ (Inflammation) উপশম কৰাত গুৰুত্বপূৰ্ণ  ভূমিকা পালন কৰে। সেয়হে Rheumatoid Arthritis  আৰু  Osteo Arthritis ক্ষেত্ৰত বিষ হ্ৰাস কৰাৰ বাবে ঔষধি উদ্ভিদ বিধ বহুলভাৱে  ব্যৱহাৰ কৰা হয়। কেহেৰাজ পাতৰ সতেজ নিষ্কাশন হৈছে বিষ, ফুলা আৰু প্ৰদাহ উপশম কৰাৰ বাবে এক জনপ্ৰিয় প্ৰতিকাৰ। বিষ উপশমকাৰী গুণাগুণৰ  বাবে আয়ুৰ্বেদিক ঔষধৰ অংশ হিচাপেও কেহেৰাজৰ উপকাৰিতা আৰু ব্যৱহাৰ দেখা যায় । 

৮. সাপৰ কামোৰ আৰু বিচ্ছুৰ দংশন (Snake bites and Scorpion sting):  

কেহেৰাজৰ Anti-biotic  আৰু বিষ উপশমকাৰী আৰু প্ৰদাহ প্ৰতিৰোধী গুণাগুণে ইয়াক বিচ্ছুৰ দংশন, সাপৰ কামোৰ আৰু আন কীট-পতংগৰ কামোৰ বা দংশনৰ চিকিৎসাৰ বাবে এক উৎকৃষ্ট ভেষজ কৰি তোলে। কিন্তু জটিলতা পৰিহাৰ কৰিবলৈ যিকোনো ধৰণৰ চিকিৎসা ব্যৱহাৰ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লোৱা প্ৰয়োজন।

৯. ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত কৰে (Improves immunity): 

কেহেৰাজৰ  ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিকাৰী গুণাগুণ আছে যি পৰিৱেশৰ ক্ষতিকাৰক বীজাণুৰ পৰা সুৰক্ষা প্ৰদান কৰে। কেহেৰাজৰ সক্ৰিয় উপাদানবোৰে দুৰ্বলতা আৰু ভাগৰ হ্ৰাস কৰে আৰু শৰীৰৰ জীৱনী শক্তি উন্নত কৰে। Adrenal gland ৰ কাৰ্যক্ষমতা উন্নত কৰে যিয়ে সাপৰ স্তৰ হ্ৰাস কৰাত সহায় কৰে।

১০. শ্বাস-প্ৰশ্বাসৰ সমস্যাৰ বাবে ( For respiratory problems): 

শক্তিশালী Anti-microbial গুণাগুণেৰে পৰিপূৰ্ণ কেহেৰাজ সংক্ৰমণ প্ৰতিহত কৰাত অত্যন্ত উপকাৰী। সেয়হে ই কাঁহ আৰু চৰ্দিৰ লক্ষণ, ব্ৰংকাইটিছ আৰু হাপানিৰ দৰে শ্বাস-প্ৰশ্বাসৰ ৰোগৰ চিকিৎসাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। প্ৰদাহ – প্ৰতিৰোধী (Anti-inflammatory) গুণাগুণবোৰে ব্ৰংকাইটিছৰ প্ৰদাহ হ্ৰাস কৰাত সহায় কৰে।

কেহেৰাজৰ ব্যৱহাৰ | Uses of False daisy /Eclipta prostrate:

কেহেৰাজ উদ্ভিদৰ কাণ্ড, পাত, ফুল, শিপা আদি অংশৰ সৈতে গোটেই উদ্ভিদ বিধ ব্যৱহাৰ কৰা হয়। চুলিৰ বাবে কেহেৰাজ পাতৰ ৰস আৰু কেহেৰাজ তেল ব্যৱহাৰ কৰা হয়। কেহেৰাজ ভেষজৰ পাতৰ ৰস বা পেষ্ট ছালৰ সমস্যাৰ লগতে আন বহুতো ৰোগৰ নিৰাময়ৰ বাবে ব্যৱহাৰ কৰা হয়। তদুপৰি  বিভিন্ন ধৰণৰ ৰোগৰ ক্ষেত্ৰত কেহেৰাজ উদ্ভিদৰ বিভিন্ন অংশৰ ৰস, decoction, নিষ্কাশন, পেষ্ট আদি ভিন্ন ধৰণে ব্যৱহাৰ কৰা হয়। কেহেৰাজ ভেষজেৰে তৈয়াৰী বিভিন্ন ধৰণৰ সম্পত্তি বজাৰত উপলব্ধ যেনে supplement, capsule, oil আদিও ভিন্ন ৰোগৰ ক্ষেত্ৰত ভিন্ন ধৰণে ব্যৱহাৰ কৰি উপকৃত হ’ব পাৰি।

কেহেৰাজৰ পাৰ্শ্বক্ৰিয়া | Side effects of False daisy/Eclipta prostrata:

  • অত্যাধিক কেহেৰাজৰ ভেষজ সেৱনৰ  ফলত পেট সম্পৰ্কীয় সমস্যা হ’ব পাৰে।
  • গৰ্ভৱতী মহিলা আৰু স্তন্যপান কৰা মাতৃ সকলে চিকিৎসকৰ পৰামৰ্শ অবিহনে কেহেৰাজ ব্যৱহাৰ কৰিব নালাগে।
  • যদি আপুনি ডায়েবেটিচ ৰোগী আৰু আপোনাৰ Sugar level যদি উচ্চ তেন্তে কেহেৰাজ গ্ৰহণ কৰা পৰিহাৰ কৰা উচিত।
  • যদি কেহেৰাজ ভেষজ বিধ সেৱনৰ সময়ত আপোনাৰ কোনো সমস্যা হয় তেন্তে তৎক্ষণাৎ আপোনাৰ চিকিৎসকৰ সৈতে যোগা-যোগ কৰক।

সেয়হে, কেহেৰাজ ভেষজবিধৰ উপকাৰিতা Benefits of False daisy সমূহলৈ লক্ষ্য কৰি ইয়াক নিয়মীয়াকৈ সঠিক পৰিমাণত ব্যৱহাৰ কৰা উচিত কিয়নো যিকোনো ভেষজৰে  জোখতকৈ অধিকমাত্ৰা উপয়োগ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। কেহেৰাজ ভেষজ বিধ বহু উপকাৰী হয় যদিও ৰোগ নিৰাময়ৰ ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰাৰ আগত চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

সামৰণি | Conclusion 

উক্ত প্ৰৱন্ধটিৰ দ্বাৰা আপোনালোকে নিশ্চয় কেহেৰাজ ভেষজ বিধৰ সাম্যক পৰিচয় পালে। কেহেৰাজৰ উপকাৰিতা Benefits of False daisy, ব্যৱহাৰ, ৰাসায়নিক পদাৰ্থ, বিভিন্ন ভাষিক নাম, অপকাৰীতা, তথা অনান্য গুণাগুণৰ বিষয়ে জানিবলৈ পালে। আশা কৰো উক্ত প্ৰৱন্ধটিত উল্লেখ থকা তথ্য সমূহে আপোনালোকক বিভিন্ন ধৰণৰ সমস্যাত ভিন্ন ধৰণে উপকৃত কৰিব। ধন্যবাদ!

Read also: Health Benefits of Fiddlehead Fern | ঢেঁকীয়া শাকৰ উপকাৰিতা

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top