অসমীয়া চলচিত্ৰ সম্পৰ্কীয় সাধাৰণ জ্ঞান | Assamese Film GK

অসমীয়া চলচিত্ৰ সম্পৰ্কীয় সাধাৰণ জ্ঞান | Assamese Film GK – Today We Discuss অসমীয়া চলচিত্ৰ সম্পৰ্কীয় সাধাৰণ জ্ঞান | Assamese Film GK Any Government competitive exam, we try to give you the most Important MCQ type Questions and Answers.

অসমীয়া চলচিত্ৰ সম্পৰ্কীয় সাধাৰণ জ্ঞান

Join Telegram channel

অসমীয়া চলচিত্ৰ সম্পৰ্কীয় সাধাৰণ জ্ঞান | Assamese Film GK we cover under the All Competitive exam as follows, Assam Govt Recruitment Grade II, Grade III & Grade IV Any of the Post, APSC, Assam Police, Post Office Exam, PNRD Exam, any Medical Exam, Forest Guard Exam, APDCL Exam, Agriculture Exam, and other state exams. You can follow these Apps and Youtube Channel prepares for all exams.

অসমীয়া চলচিত্ৰ

1. অসমীয়া ছবিজগতৰ পিতৃস্বৰূপ কোন ?

উত্তৰঃ জ্যোতি প্ৰসাদ আগৰৱালা।

2. প্রথম অসমীয়া চলচিত্ৰ স্টুডিঅ’ ৰ নাম কি ?

উত্তৰঃ তেজপুৰত ১৯৩৪ চনত প্রতিষ্ঠিত  ‘চিত্ৰবন’।

3. অসমৰ প্রথম বোলছবি কোনখন ?

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জয়মতী’ (১৯৩৫ চন)।

4. প্রথম অসমীয়া গ্ৰামোফোন ৰেকৰ্ডৰ শিল্পী  কোন ?

উত্তৰঃ প্ৰফুল্ল চন্দ্ৰ বৰুৱা।

5. প্রথম অসমীয়া উৎকণ্ঠাধৰ্মী চলচিত্ৰ কোনখন ?

উত্তৰঃ ড০ বেজবৰুৱা।

6. ‘জয়মতী’ চলচিত্ৰত জয়মতীৰ চৰিত্ৰত কোনে অভিনয় কৰিছিল ?

উত্তৰঃ আইদেউ সন্দিকৈ।

7. প্রথম অসমীয়া হাস্যৰসাত্মক চলচিত্ৰ কোনখন ?

উত্তৰঃ ইটো সিটো বহুতো।

8. প্রথম অসমীয়া শিশু চলচিত্ৰৰ নাম কি ?

উত্তৰঃ অবুজ বেদনা।

9. জ্যোতি প্রসাদ আগৰৱালাই নিৰ্মাণ কৰা ২য় চলচিত্ৰ কোনখন ?

উত্তৰঃ ইন্দ্ৰ মালতি (১৯৩৯)।

10. প্রথম অসমীয়া চলচিত্ৰ অভিনেত্ৰী  কোন ?

উত্তৰঃ আইদেউ সন্দিকৈ।

11. সত্যজিৎ ৰায়ৰ দ্বাৰা পৰিচালিত ‘অশনি সংকেত’ত অভিনয় কৰা অসমৰ একমাত্ৰ অভিনেত্ৰী গৰাকী কোন ?

উত্তৰঃ চন্দ্ৰা নাথ।

12. প্রথম অসমীয়া চিনেমাস্কোপ ছবি কোনখন ?

উত্তৰঃ জীৱন সুৰভি (১৯৮৪ চন)।

13. গুৱাহাটীত প্রতিষ্ঠিত সর্বপ্রথম চলচিত্ৰ গৃহ কোনখন ?

উত্তৰঃ কেলভিন।

14. কোনখন চলচিত্ৰৰ ৫,৩০,০০০ সংখ্যক শ্ৰাব্য কেছেট বিক্ৰী হৈছিল ?

উত্তৰঃ ৰ’দালি।

15. অনা-অসমীয়া চলচিত্ৰ নিৰ্মাণ কৰা প্রথম অসমীয়া পৰিচালকজন কোন ?

উত্তৰঃ প্ৰমথেশ বৰুৱা (দেৱদাস)।

16. কোনজন অসমীয়া বোলছবি পৰিচালকে প্রথম ৰাষ্ট্ৰপতি পদক লাভ কৰে ?

উত্তৰঃ নিপ বৰুৱা।

17. ভবেন্দ্ৰনাথ শইকীয়াই কোনখন চলচিত্ৰৰ বাবে শ্রেষ্ঠ নাট্যলিপিৰ ৰাষ্ট্ৰীয়  পুৰস্কাৰ লাভ কৰিছিল ?

উত্তৰঃ অগ্নিস্নান (১৯৮৬ চন)।

18. একেৰাহে সংগীত পৰিচালনা, অভিনয় আৰু চিনেমা পৰিচালনা কৰা অসমৰ শিল্পীগৰাকী  কোন ?

উত্তৰঃ জুবিন গাৰ্গ।

19. অসমৰ বাহিৰত (বাৰ্লিনত) প্রদৰ্শিত প্রথম অসমীয়া সামাজিক চলচিত্ৰ কোনখন ?

উত্তৰঃ পূৱেৰুণ।

20. ফিল্ম ফেয়াৰ বঁটা লাভ কৰা প্রথম অসমীয়া ব্যক্তিজন কোন ?

উত্তৰঃ বিজয় চৌধুৰী।

21. কথাছবিত কলা নিৰ্দেশিকা হোৱা প্রথম অসমীয়া মহিলাগৰাকী কোন ?

উত্তৰঃ এলি আহমেদ।

22. ১৯৯৩ চনত টকিঅ’ত অনুষ্ঠিত ‘এচিয়া পেচিফিক’ চলচিত্ৰ মহোৎসৱত বৰ্ষৰ শ্রেষ্ঠ  সংগীত পৰিচালকৰ সন্মান কোনে অৰ্জন কৰিছিল ?

উত্তৰঃ ভূপেন  হাজৰিকা।

23. ১৯৪৮ চনত কোনখন ছবিত বিষ্ণু প্রাসাদ  ৰাভাই সংগীত পৰিচালনা কৰিছিল ?

উত্তৰঃ ‘চিৰাজ’ নামৰ ছবিখনত।

24. ১৯৯৬ চনত ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত পূৰ্বৰ মুখ্য মন্ত্ৰী শৰৎচন্দ্ৰ সিংহৰ জীৱন ভিত্তিক চলচিত্ৰ ‘অল এলোন ইফ নিড বি’ ৰ পৰিচালক কোন আছিল ?

উত্তৰঃ ৰণজিৎ দাস।

25. কোনখন অসমীয়া চলচিত্ৰই প্রথম সংগীত পৰিচালনাৰ বঁটা লাভ কৰিছিল ?

উত্তৰঃ চামেলি মেমচাব।

26. ১৯৯২ চনত ভূপেন হাজৰিকাই কোনখন চলচিত্ৰৰ বাবে শ্রেষ্ঠ সংগীত পৰিচালনাৰ বঁটা লাভ কৰিছিল ?

উত্তৰঃ ৰ’দালি।

27. ‘জ্যোতি চিত্ৰবন’ কোন চনত স্থাপন কৰা হৈছিল ?

উত্তৰঃ ১৯৬৮ চনত।

28. শেখৰ কাপুৰ নিৰ্মিত চলচিত্ৰ ‘বণ্ডিত কুইন’ত অভিনয় কৰা অসমীয়া অভিনেত্ৰী গৰাকী কোন ?

উত্তৰঃ সীমা বিশ্বাস।

29. ১৯৫৯ চনত ‘বাৰ্লিন চলচিত্ৰ মহোৎসৱত অংশ গ্ৰহণ কৰি শ্রেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰা অসমীয়া অভিনেত্ৰী গৰাকী কোন ?

উত্তৰঃ জ্ঞানদা কাকতি।

30. অসমৰ ঐতিহ্যময় থিয়েটাৰ গৃহ ‘বেন-স্টেজ’ ক’ত অৱস্থিত ?

উত্তৰঃ তেজপুৰত।

31. ২০০২ চনত শ্রেষ্ঠ  আঞ্চলিক ভাষাৰ ৰাষ্ট্ৰীয়  চলচিত্ৰৰ বঁটা লাভ কৰা চলচিত্ৰ কোনখন ?

উত্তৰঃ জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত ‘কণিকাৰ ৰামধেনু’।

32. ৰাষ্ট্ৰীয়  ৰজত কমল বঁটা বিজয়ী প্রতিমা পাণ্ডেৰ জীৱন কাহিনীৰ আধাৰত নিৰ্মিত তথ্যচিত্ৰৰ নাম কি ?

উত্তৰঃ হস্তীৰ কন্যা।

33. অসমীয়া চলচ্চিত্ৰৰ প্রথম পৰিচালক কোন ?

উত্তৰঃ প্ৰমথেশ বৰুৱা।

34. যোগ্যতাৰ প্রমাণপত্ৰ পোৱা প্রথম অসমীয়া চলচিত্ৰ কোনখন ?

উত্তৰঃ মৰীচিকা (১৯৭২ চন)।

35. গুৱাহাটী দূৰদৰ্শন যোগে সম্প্ৰচাৰিত প্রথম অসমীয়া চলচিত্ৰ কোনখন ?

উত্তৰঃ বৃষ্টি (১৯৪৭ চন)।

36. প্রথম অসমীয়া ডাবড্  চলচিত্ৰ কোনটো ?

উত্তৰঃ ভাগ্য।

37. প্রথম অসমীয়া ৰঙীন  চলচিত্ৰ কোনখন ?

উত্তৰঃ ভাইটি।

38. ‘স্বৰ্ণ কমল বঁটা’ বিজয়ী প্রথম অসমীয়া চলচিত্ৰ কোনখন ?

উত্তৰঃ হালধীয়া চৰায়ে বাও ধান খায়। (১৯৮৭ চন)।

39. ১৯৯৬ চনত ছিঙ্গাপুৰত অনুষ্ঠিত চলচিত্ৰ মহোৎসৱত কোনজন অসমীয়া অভিনেতাক কোনখন চলচিত্ৰৰ বাবে শ্রেষ্ঠ অভিনেতাৰ পুৰষ্কাৰ প্রদান কৰা হৈছিল ?

উত্তৰঃ বিষ্ণু খাৰঘৰীয়াক ‘সাগৰলৈ বহু দূৰ’ ছবিখনৰ বাবে।

40. ফণী শৰ্মাই ‘জয়মতী’ চলচিত্ৰত কি চৰিত্ৰত অভিনয় কৰিছিল ?

উত্তৰঃ চাওদাং বৰুৱা।

41. ১৯৩৪ চনত বঙালী  চলচ্চিত্ৰ ‘দেৱদাস’ পৰিচালনা তথা ইয়াৰ নাম ভূমিকাত অভিনয় কৰা অসমীয়া ব্যক্তিজন কোন ?

উত্তৰঃ প্ৰমথেশ বৰুৱা।

42. কোনখন অসমীয়া কথাছবিয়ে  প্রথমে ‘এ’ ছাৰ্টিফিকেট লাভ কৰিছিল ?

উত্তৰঃ মৰীচিকা।

43. প্রতিখন ছবিতে  শ্রেষ্ঠ আঞ্চলিক ছবিৰ ‘ৰাষ্ট্ৰীয় ৰজত কমল বঁটা’ লাভ কৰা ছবি নিৰ্মাতাগৰাকী কোন ?

উত্তৰঃ ভবেন্দ্র  নাথ শইকীয়া।

44. কোনখন অসমীয়া কথাছবিত আৰু কোনজন অসমীয়া অভিনেত্ৰীয়ে প্রথমে দ্বৈত চৰিত্ৰত অভিনয় কৰে ?

উত্তৰঃ ‘মেঘমুক্তি’ নামৰ ছবিখনত মৃদুলা বৰুৱাই।

45. ১৯৯৯ চনত পঞ্চম কলকাতা চলচিত্ৰ মহোৎসৱত প্রদৰ্শিত মঞ্জু বৰাৰ দ্বাৰা নিৰ্মিত চলচিত্ৰখনৰ নাম কি ?

উত্তৰঃ বৈভৱ।

46. ভূপেন  হাজৰিকাৰ প্রথম বঙালী  ছবিখনৰ নাম কি ?

উত্তৰঃ মাহুত বন্ধুৰে।

47. মলয়া গোস্বামীয়ে শ্রেষ্ঠ ৰাষ্ট্ৰীয় অভিনেত্ৰীৰ সন্মান লাভ কৰা বোলছবিখনৰ নাম কি ?

উত্তৰঃ ফিৰিঙতি।

48. প্রমথেশ বৰুৱাই সৰ্বমুঠ কেইখন ছবি পৰিচালনা কৰিছিল ?

উত্তৰঃ ২১ খন।

49. ‘দেৱদাস’ নামৰ ছবিখন কিমান চনত নিৰ্মাণ কৰা হৈছিল ?

উত্তৰঃ ১৯৩৪ চনত।

50. ‘দীনবন্ধু’ কথাছবিখন কোনে পৰিচালনা কৰিছিল ?

উত্তৰঃ মুনিন বৰুৱাই।

51. ১৯৫৫ চনত ৰাষ্ট্ৰীয়  আঞ্চলিক বঁটা লাভ কৰা ছবিখন কি ?

উত্তৰঃ পিয়লি ফুকন।

52. পৰিৱেশ শিতানত কোনজন অসমীয়া চলচ্চিত্ৰ পৰিচালকৰ কোনখন চলচিত্ৰই ৰাষ্ট্রীয়  বঁটা লাভ কৰিছিল ?

উত্তৰঃ জাহ্নু বৰুৱাই পৰিচালনা কৰা ছবি ‘বনানি’ ?

53. অসমীয়া চলচিত্ৰৰ প্রথম কেমেৰামেন গৰাকী কোন ?

উত্তৰঃ প্ৰতাপ বৰুৱা।

54. আন্তর্জাতিক  বাৰ্লিন মহোৎসৱলৈ নিৰ্বাচিত হোৱা প্রথম অসমীয়া ছবি কোনখন ?

উত্তৰঃ পূৱেৰুণ ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top