Assam TET MCQ Child Development – শিশু বিকাশৰ ধাৰণা প্রশ্নোত্তৰ

Assam TET MCQ Child Development – শিশু বিকাশৰ ধাৰণা প্রশ্নোত্তৰ is the TET Notes to each chapter is provided in the list so that you can easily browse throughout different TET syllabus wise notes for Assam TET MCQ Child Development – শিশু বিকাশৰ ধাৰণা প্রশ্নোত্তৰ.

Join Telegram channel

প্ৰশ্ন ১২৬:- ব্যক্তিত্বৰ ইংৰাজী প্রতিশব্দ Personality শব্দটো মূলত: কোন ভাষাৰপৰা উৎপত্তি হৈছিল–

(ক) ইংৰাজী।

(খ) গ্রীক।

(গ) ফ্ৰেন্স।

(ঘ) লেটিন।

উত্তৰ :  (ঘ) লেটিন ৷

প্রশ্ন ১২৭:- লেটিন শব্দ ‘Persona’ৰ অৰ্থ হ’ল–

(ক) পোছাক।

(খ) মঞ্চ।

(গ) ভাৱৰীয়াৰ মুখা।

(ঘ) নাটক।

উত্তৰ : (গ) ভাৱৰীয়াৰ মুখা ৷

প্ৰশ্ন ১২৮:- ফ্রয়েডৰ মতে ব্যক্তিত্বৰ সাংগঠনিক উপাদান হ’ল–

(ক) ইড(id)।

(খ) ইগো (ego)।

(গ) চুপাৰ ইগো (superego)।

(ঘ) আটাইকেইটা শুদ্ধ l

প্ৰশ্ন ১২৯:- ছেলদনে (Seldon) মানুহৰ দৈহিক গঠনৰ ভিত্তিত ব্যক্তিত্বক বিভক্ত কৰিছিল–

(ক) দুটা শ্ৰেণীত। 

(খ) তিনিটা শ্ৰেণীত।

(গ) চাৰিটা শ্ৰেণীত।

(ঘ) পাঁচটা শ্ৰেণীত।

উত্তৰ : (খ) তিনিটা শ্ৰেণীত ৷

প্রশ্ন ১৩০:- আলপোৰ্ট, কেটেল, আইজেক্স আদি বিশেষজ্ঞসকলে ব্যক্তিত্বৰ তত্ত্ব আগবঢ়ায়–

(ক) শ্রেণীকৰণ তত্ত্ব।

(খ) বৰ্ণনামূলক তত্ত্ব।

(গ) সংলক্ষণ তত্ত্ব।

(ঘ) বর্ণনামূলক তত্ত্ব।

উত্তৰ : (গ) সংলক্ষণ তত্ত্ব ৷

প্রশ্ন ১৩১:- তলৰ কোনটো ব্যক্তিত্বৰ উপাদান নহয় ?

(ক) দৈহিক উপাদান।

(খ) আৱেগিক উপাদান।

(গ) মানসিক উপাদান।

(ঘ) আত্মকেন্দ্ৰিক উপাদান।

উত্তৰ : (ঘ) আত্মকেন্দ্ৰিক উপাদান ৷

প্ৰশ্ন ১৩২:- উদ্ভাৱন ক্ষমতা, সমস্যা সমাধানৰ ক্ষমতা সুস্থ সমাযোজনৰ ক্ষমতা আদি ব্যক্তিত্বৰ অন্তৰ্গত–

(ক) আৱেগিক উপাদান।

(খ) বৌদ্ধিক উপাদান।

(গ) মানসিক উপাদান।

(ঘ) সামাজিক উপাদান।

উত্তৰ : (খ) বৌদ্ধিক উপাদান ৷

প্রশ্ন ১৩৩:- “শিশুৱে নিজ জীৱনত সুখ স্বাচ্ছন্দ্য আৰু সুস্থ সমাযোজনত বাধাদান কৰা নিজৰ আচৰণকেই সমস্যা জড়িত আচৰণৰূপে বর্ণনা কৰিব পাৰি”–উক্তিটো আগবঢ়াইছিল-

(ক) ৰুছো।

(খ) মন্টেশ্বৰী।

(গ) অলিজাবেথ হাৰলক।

(ঘ) স্পেচাৰ।

উত্তৰ : (গ) অলিজাবেথ হাৰলক ৷

প্রশ্ন ১৩৪:- বহলভাৱে শিশুৰ আচৰণজনিত সমস্যাক ভাগ কৰিব পাৰি–

(ক) দুটা ভাগত।

(খ) তিনিটা ভাগত।

(গ) চাৰিটা ভাগত।

(ঘ) পাঁচটা ভাগত।

উত্তৰ : (ক) দুটা ভাগত ।

প্রশ্ন ১৩৫:- “মানসিক স্বাস্থ্য বিজ্ঞানে মানসিক স্বাস্থ্য অটুট ৰখাত আৰু মানসিক ৰোগৰ প্ৰতিৰোধকৰণত গুৰুত্ব দিয়ে”– কথাষাৰ কৈছিল–

(ক) হেডফিল্ড।

(খ) লৰেঞ্চ, এফ, চেফাৰ।

(গ) ক্ৰো আৰু ক্ৰোৱে।

(ঘ) পাৰ্চিনানে।

উত্তৰ : (ক) হেডফিল্ড ৷

প্রশ্ন ১৩৬:- “মানসিক স্বাস্থ্য বিজ্ঞানে  ব্যক্তিৰ মনক সুস্থ আৰু উন্নয়নমুখী কৰি গঢ়ি তোলাৰ পথ সুগম কৰে”–উক্তিটো আগবঢ়াইছিল–

(ক) ক্ৰো আৰু ক্ৰোৱে।

(খ) লৰেঞ্চ, এফ, চেফাৰ।

(গ) কেটেলে।

(ঘ) ডি, বি, ক্লীনে।

উত্তৰ : (ঘ) ডি, বি, ক্লীনে ৷

প্রশ্ন ১৩৭:- মানসিক স্বাস্থ্য বিজ্ঞান হ’ল ব্যক্তিয়ে পৰিৱেশৰ লগত সমাযোজন কৰিব পৰা ক্ষমতা।

(ক) অসত্য৷

(খ) সত্য৷

(গ) আংশিক সত্য৷

(ঘ) এটাও নহয়৷

উত্তৰ : (খ) সত্য ৷

প্রশ্ন ১৩৮:- মানসিক স্বাস্থ্যবিজ্ঞান হ’ল মনৰ এক–

(ক) স্থিৰ অৱস্থা৷

(খ) অস্থিৰ অৱস্থা৷

(গ) গতিশীল অৱস্থা৷

(ঘ) এটাও নহয়৷

উত্তৰ : (ক) স্থিৰ অৱস্থা ৷

প্রশ্ন ১৩৯:- মানসিক স্বাস্থ্য সদায়ে জড়িত– 

(ক) সামাজিক মূল্যবোধৰ লগত৷

(খ) সামাজিক মানৰ লগত৷

(গ) সামাজিক আৰ্হিৰ লগত৷

(ঘ) আটাইকেইটা শুদ্ধ৷

উত্তৰ : (ঘ) আটাইকেইটা শুদ্ধ।

প্ৰশ্ন ১৪০:- মানসিক ৰোগৰ অনুপস্থিতি মানেই–

(ক) মানসিক ৰোগ৷

(খ) মানসিক স্বাস্থ্য৷

(গ) মানসিক ভাৰসাম্যহীনতা৷

(ঘ) বিকাৰগ্রস্ততা৷

উত্তৰ : (খ) মানসিক স্বাস্থ্য ৷

প্ৰশ্ন ১৪১:- মানসিক অসুস্থতাত বংশগতিৰ প্ৰভাৱ–

(ক) থাকে৷

(খ) নাথাকে৷

(গ) আংশিক থাকে৷

(ঘ) আটাইকেইটা শুদ্ধ৷

উত্তৰ : (ক) থাকে।

প্ৰশ্ন ১৪২:- মানসিক স্বাস্থ্যবিজ্ঞানৰ তিনিটা প্ৰধান দিশ হ’ল প্ৰতিৰোধমূলক, প্ৰতিকাৰমূলক আৰু–

(ক) আচৰণমূলক৷

(খ) সমাযোজনমূলক৷ 

(গ) সংৰক্ষণমূলক৷

(ঘ) আটাইকেইটা শুদ্ধ৷

উত্তৰ : (গ) সংৰক্ষণমূলক ৷ 

প্রশ্ন ১৪৩:- অপৰাধপ্ৰৱন ছাত্র এজন মানসিকভাবৱে সুস্থ–

(ক) হ’ব পাৰে৷

(খ) হ’ব নোৱাৰে৷

(গ) পাৰেও, নোৱাৰেও৷

(ঘ) আটাইকেইটা শুদ্ধ৷

উত্তৰ : (খ) হ’ব নোৱাৰে ৷

প্ৰশ্ন ১৪৪:- মানসিক স্বাস্থ্য আৰু শাৰীৰিক স্বাস্থ্য সমমানৰ।

(ক) শুদ্ধ৷

(খ) অশুদ্ধ৷

(গ) আংশিক শুদ্ধ৷

(ঘ) এটাও নহয়৷

উত্তৰ : (ক) শুদ্ধ ।

প্রশ্ন ১৪৫:- সু-সামঞ্জস্যপূর্ণ সমাযোজন মানসিক স্বাস্থ্য বিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ চর্ত ।

(ক) সত্য।

(খ) অসত্য।

(গ) আংশিক সত্য।

(ঘ) আংশিক অসত্য।

উত্তৰ : (ক) সত্য ৷

প্রশ্ন ১৪৬:- শিশুৱে হিনাত্মিকা মনোভাৱত ভোগা, অকলশৰীয়া অনুভৱ কৰা, লাজকুৰীয়া স্বভাৱ, অতিমাত্রা উত্তেজনাত ভোগা আদিবোৰ আচৰণজনিত সমস্যাৰ কাৰণ হ’ল–

(ক) ব্যক্তিত্ব সমস্যা।

(খ) পৰিয়ালৰ সমস্যা।

(গ) সমাজৰ সমস।

(ঘ) স্কুলৰ সমস্যা।

উত্তৰ : (ক) ব্যক্তিত্ব সমস্যা ৷

প্ৰশ্ন ১৪৭:- বাক-অস্বাভাৱিকতা শিশুৰ এটা সমস্য–

(ক) জৈৱিক।

(খ) মানসিক।

(গ) আচৰনজনিত।

(ঘ) মনোৰোগজনিত।

উত্তৰ : (গ) আচৰনজনিত ৷

প্রশ্ন ১৪৮:- পর্যাপ্ত মৰম-চেনেহ, আদৰ-যত্নই শিশুৰ আচৰণজনিত সমস্যা–

(ক) বঢ়াব পাৰে।

(খ) কমাব পাৰে।

(গ) স্থবিৰ কৰিব পাৰে।

(ঘ) এটাও নহয়।

উত্তৰ : (খ) কমাব পাৰে ৷

প্রশ্ন ১৪৯:- মানসিকভাৱে স্বাস্থ্যবান লোকসকলে আৱেগিকভাৱে–

(ক) অস্থিৰ হয়।

(খ) বিজ্ঞ হয়।

(গ) জ্ঞানী হয়।

(ঘ) সুস্থিৰ হয়।

উত্তৰ : (ঘ) সুস্থিৰ হয় ৷

প্ৰশ্ন ১৫০:- যি ধৰণৰ মনোযোগ বাহ্যিক কোনো বাধাৰ অবিহনে দিয়া যায় তাক–

(ক) অনৈচ্ছিক মনোযোগ বোলে।

(খ) ঐচ্ছিক মনোযোগ বোলে।

(গ) বাহ্যিক মনোযোগ বোলে।

(ঘ) ইচ্ছাবিৰোধী মনোযোগ বোলে।

উত্তৰ : (খ) ঐচ্ছিক মনোযোগ বোলে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top