Assam Jatiya Bidyalay Class 8 Social Science Chapter 9 অৰ্থ বিজ্ঞান আৰু ইয়াৰ কিছুমান মৌলিক ধাৰণা

Assam Jatiya Bidyalay Class 8 Social Science Chapter 9 অৰ্থ বিজ্ঞান আৰু ইয়াৰ কিছুমান মৌলিক ধাৰণা, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 8 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 9 অৰ্থ বিজ্ঞান আৰু ইয়াৰ কিছুমান মৌলিক ধাৰণা Class 8 Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 8 Social Science Chapter 9 অৰ্থ বিজ্ঞান আৰু ইয়াৰ কিছুমান মৌলিক ধাৰণা Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 8 Social Science Chapter 9 অৰ্থ বিজ্ঞান আৰু ইয়াৰ কিছুমান মৌলিক ধাৰণা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

অৰ্থ বিজ্ঞান আৰু ইয়াৰ কিছুমান মৌলিক ধাৰণা

Chapter – 9

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১। মানুহৰ দৈনিন্দিন কাম কাজসমূহ কি কি ভাগত ভাগ কৰিব পাৰি ?

উত্তৰঃ মানুহৰ দৈনিন্দিন কাম কাজবোৰ দুটা ভাগত ভাগ কৰিব পাৰি।

(ক) আৰ্থিক কাৰ্য্য।

(খ) অনা-আৰ্থিক কাৰ্য্য।

২। মানুহৰ আৰ্থিক কাৰ্য্যৰ প্ৰধান উদ্দেশ্য কি ?

উত্তৰঃ মানুহৰ আৰ্থিক কাৰ্য্যৰ প্ৰধান উদ্দেশ্য হ’ল অৰ্থ বা সম্পদ উপাৰ্জন কৰা।

৩। অৰ্থ বিজ্ঞানত ‘বস্তু’ কাক বোলে ?

উত্তৰঃ মানুহৰ অভাৱ পূৰণ কৰিব পৰা সকলো পণ্য সামগ্ৰী আৰু সেৱা কাৰ্যক অৰ্থবিজ্ঞানত বস্তু বোলা হয়।

৪। ‘বস্তুৰ’ প্ৰধান ভাগ দুটা কি কি ?

উত্তৰঃ বস্তুৰ প্ৰধান ভাগ দুটা হ’ল―

(১) ভৌতিক । আৰু 

(২) অভৌতিক বস্তু।

চকী,মেজ,কলম আদি ভৌতিক বস্তু আৰু শিক্ষক, ডাক্তৰ আদি অভৌতিক বস্তু।

৫। ‘ভোগ’ কাক বোলে ?

উত্তৰঃ বস্তু এটাৰ উপযোগিতা ব্যৱহাৰ কৰাকে ভোগ কৰা বোলে।

৬। ‘উপযোগিতা’ কাক বোলে ?

উত্তৰঃ কোনো এটা বস্তুৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাকে বস্তুৰ উপযোগিতা বোলে।

৭। উৎপাদন বুলিলে কি বুজা ?

উত্তৰঃ কোনো এবিধ বস্তুৰ নতুনকৈ উপযোগিতা অৰ্থাৎ অভাৱ পূৰণ কৰিব পৰা ক্ষমতা সৃষ্টি কৰাকে অৰ্থবিজ্ঞানত উৎপাদন বুলি কোৱা হয়।

৮। বতাহ, বৰষুণ, সূৰ্য্যৰ তাপ আদিৰ বিনিময় মূল্য নথকাৰ কাৰন কি ?

উত্তৰঃ বতাহ, বৰষুণ, সূৰ্য্যৰ তাপ আদিৰ উপযোগিতা থাকিলেও এইবোৰ দুষ্প্ৰাপ্য নহয়। এইবোৰ পাবলৈ কোনো বিনিময় প্ৰথাৰ আৱশ্যক নহয়। গতিকে এইবোৰৰ বিনিময় মূল্য নাথাকে।

৯। অৰ্থ বিজ্ঞানৰ বিষয়বস্তু কি লিখা ।

উত্তৰঃ অর্থ বিজ্ঞান মূল বিষয়বস্তু হৈছে মানুহ আৰু মানুহৰ দৈনিন্দিন জীৱনত উদ্ভৱ হোৱা বিভিন্ন বস্তুৰ অভাৱৰ বিষয়ে কৰা অধ্যয়ন।

১০। আৰ্থিক বস্তুৰ বাবে কিয় বিনিময় মূল্য পৰিশোধ কৰিব লগা হয়?

উত্তৰঃ আমাৰ প্ৰয়োজনীয় বস্তুবোৰ আমি বিচৰা মতে নাপাওঁ। সেই বস্তুবোৰ প্ৰয়োজনতে উৎপাদন কৰিব লগা হয়। মানুহে এই বস্তুবোৰ উপভোগ কৰিবলৈ হ’লে ইয়াৰ বিনিময় মূল্য পৰিশোধ কৰিবলগীয়া হয়।

১১। বীজ হিচাপে ৰখা ধান কোন শ্ৰেণীৰ বস্তু―ভোগ্য বস্তু নে মূলধন জাতীয় বস্তু? উত্তৰৰ সপক্ষে কাৰণ দর্শোৱা।

উত্তৰঃ বীজ হিচাপে ৰখা ধান মূলধন জাতীয় বস্তুৰ ভিতৰত পৰে। কাৰণ বীজবোৰ ভোগ্য বস্তু ৰূপে ব্যৱহাৰ কৰা নাযায়। কিন্তু ভোগ্য বস্তু উৎপাদন কৰিবলৈকেহে বীজ হিচাবে ধানবোৰ সংৰক্ষণ কৰা হয়।

১২। অর্থ বিজ্ঞানত মূল্য বুলিলে কি বুজা ?

উত্তৰঃ অর্থ বিজ্ঞানত মূল্য শব্দটোৱে বস্তু এটাৰ বিনিময় মূল্যকহে সূচায়। বস্তু এটাৰ মূল্য থাকিবলৈ হলে বস্তুটোৰ যোগান চাহিদাতকৈ কম হব লাগিব আৰু ইয়াৰ হস্তান্তৰ যোগ্যতা থাকিব লাগিব অৰ্থাৎ ইয়াৰ মালিকীস্বত্ব পৰিৱৰ্তন কৰিব পৰা হব লাগিব।

১৩। উপযোগিতা কি কি প্ৰকাৰে সৃষ্টি কৰিব পাৰি লিখা।

উত্তৰঃ উপযোগিতা মুঠতে চাৰি প্ৰকাৰে সৃষ্টি কৰিব পাৰি যেনে ―

(১) গঠন উপযোগিতা–চকী এখন তৈয়াৰ কৰি

উপযোগিতা সৃষ্টি কৰিব পাৰি।

(২) স্থান উপযোগিতা– কোনো এটা বস্তুৰ স্থান পৰিবৰ্তন কৰিও উপযোগিতা সৃষ্টি কৰিব পাৰি। যেনে- ভূগৰ্ভৰ পৰা গেচ, খাৰুৱা তেল আদি উলিয়াই ইহঁতৰ উপযোগিতা সৃষ্টি কৰা হৈছে।

(৩) কাল উপযোগিতা–কিছুমান বস্তু সাঁচি থৈ সিহঁতৰ উপযোগিতা বৃদ্ধি কৰা হয়। যেনে–কেঁচা কাঠ শুকাবলৈ দি কিছুদিনৰ মূৰত ইয়াৰ উপযোগিতা বৃদ্ধি হয়।

(৪) সেৱা উপযোগিতা― চিকিৎসক,শিক্ষক, উকীল ইত্যাদি বৃত্তি ধাৰীক প্ৰশিক্ষণ দি উপযোগিতা বৃদ্ধি কৰিব পাৰি।

১৪। পাৰ্থক্য লিখা― 

(ক) আৰ্থিক কাৰ্য্য আৰু অনা আৰ্থিক কাৰ্য্য।

উত্তৰঃ মানুহে যিবোৰ কাৰ্য্য সম্পাদন কৰি অৰ্থ বা সম্পদ উপাৰ্জন কৰে  তাক আৰ্থিক কাৰ্য্য বোলে। যেনে–উকিলে ওকালতি কৰে, ডাক্তৰে চিকিৎসা সেৱা আগবঢ়াই ইত্যাদি।

আনহাতে মানুহে যিবোৰ কাৰ্য্য সম্পাদন কৰাৰ ফলত কোনো অৰ্থ বা সম্পদৰ সৃষ্টি নকৰে তাক অনা আৰ্থিক কাৰ্য্য বোলে। যেনে– মাকে সন্তানক লালন পালন কৰা কাৰ্য্য, গৃহিণীয়ে ঘৰুৱা কাম-কাজ কৰা ইত্যাদি।

১৫। পাৰ্থক্য লিখা― 

(খ) মুক্ত বস্তু আৰু আর্থিক বস্তু।

উত্তৰঃ যি বোৰ বস্তু প্রকৃতি জগতত বিস্তৰ ৰূপত মুক্ত ভাবে পোৱা যায়। সেইবোৰক মুক্ত বস্তু বোলে । যেনে― বতাহ,বৰষুণ, ৰ’দ, সাগৰ,পানী ইত্যাদি। এইবোৰৰ যোগানতকৈ চাহিদা কম আৰু বিনিময় মূল্য নাই।

আনহাতে যি বোৰ বস্তুৰ যোগান চাহিদাকতকৈ কম আৰু যিবিলাক বস্তুৰ বিনিময় মূল্য আছে তেনেবোৰ বস্তুক আৰ্থিক বস্তু বোলে। যেনে–খাদ্য,সাজ-পাৰ,আচবাব ইত্যাদি।

১৬। পাৰ্থক্য লিখা―

(গ) ভোগ্য বস্তু আৰু মূলধন জাতীয় বস্তু।

উত্তৰঃ যিবিলাক বস্তুই মানুহৰ অভাৱ পোন পটিয়াকৈ পূৰণ কৰিব পাৰে অৰ্থাৎ মানুহে যিবোৰ ভোগ কৰিবলৈ সৃষ্টি কৰে তেনেবোৰ বস্তুক ভোগ্য বস্তু বোলে।

আনহাতে, যিবোৰ বস্তু সৃষ্টি কৰি মানুহে প্ৰত্যক্ষভাবে ভোগ নকৰে অথচ, সেইবোৰ উৎপাদন কাৰ্য্যতহে ব্যৱহাৰ কৰে তেনেবোৰক মূলধন জাতীয় বস্তু বোলে। যেন- নাঙল,কল-কাৰখানা ইত্যাদি।

১৭। পাৰ্থক্য লিখা― 

মূল্য আৰু দাম।

উত্তৰঃ সাধাৰণ অৰ্থত মূল্য বুলিলে বস্তু এটাৰ ব্যৱহাৰৰ যোগ্যতাক বুজায়। কিন্তু অৰ্থ বিজ্ঞানত মূল্য শব্দটোই বস্তু এটাৰ বিনিময় মূল্যকহে সূচায়।

আনহাতে বস্তু এটাৰ মূল্য মুদ্ৰাৰ হিচাপত প্ৰকাশ কৰিলে তাক বস্তুটোৰ দৰ বা দাম বুলি কোৱা হয়। পুৰণি কালত যি কোনো মুদ্ৰাৰে প্ৰচলন নথকা পৰ্য্যন্ত বস্তুৰ সলনি বস্তুৰ বিনিময় প্ৰথাৰ জৰিয়তে মানুহে অভাৱ পূৰণ কৰিছিল। মুদ্ৰাৰ ব্যৱহাৰে বিনিময় প্ৰথাৰ বিলুপ্তি ঘটালে।

১৮। পাৰ্থক্য লিখা― 

চাহিদা আৰু যোগান।

উত্তৰঃ কোনো এক নিৰ্দিষ্ট সময়ত এক বিশেষ দামত মানুহে বস্তু এবিধ যি পৰিমানত কিনিবলৈ আগবাঢ়ি আহে তাক বস্তু বিধৰ চাহিদা বোলে। অৰ্থাৎ বস্তুৰ চাহিদা থাকিবলৈ হ’লে বস্তু বিধ কিনাৰ ইচ্ছা আৰু সামৰ্থ্য দুয়োটাই থাকিব লাগিব।

আনহাতে  কোনো এক নিৰ্দিষ্ট সময়ত কোনো নিৰ্দিষ্ট দামত বস্তু এবিধ যি পৰিমাণত বিক্ৰীৰ বাবে আগবঢ়োৱা হয় তাকে বস্তুটোৰ যোগান বোলা হয়।

১৯। সকলো বস্তুৰ উপযোগিতা আছে কিন্তু উপকাৰিতা নাই। উদাহৰণ সহ ব্যাখ্যা কৰা।

উত্তৰঃ সকলো বস্তুৰ উপযোগিতা থাকিলেও কিন্তু উপকৰিতা নাথাকিবও পাৰে। মানুহৰ কোনো এটা অভাৱ পূৰণ কৰিবৰ ক্ষমতাকে উপযোগিতা বোলে। সেই ফালৰ পৰা সকলো বস্তুৰ উপযোগিতা থকাটোই স্বাভাৱিক। কিন্তু উপযোগিতা থকা সকলো বস্তুৰে উপকাৰিতা নাথাকিবও পাৰে। উদাহৰণস্বৰূপে ধপাত, চিগাৰেট, মদ বস্তুবোৰৰ উপযোগিতা আছে কাৰণ এইবোৰে কিছুমান মানুহৰ অভাৱ পূৰণ কৰিব পাৰে। কিন্তু এই বস্তুবোৰৰ মাদক দ্ৰব্য হোৱা বাবে এইবোৰৰ উপকাৰিতা গুণ নাই।সেয়েহে কব পাৰি যে সকলো বস্তুৰ উপযোগিতা আছে। কিন্তু উপকাৰিতা নাই।

২০। উৎপাদন কাক বোলে ? উৎপাদন কেনেদৰে কৰিব পাৰি লিখা।

উত্তৰঃ যিকোনো বস্তুৰ নতুনকৈ উপযোগিতা সৃষ্টি কৰা কাৰ্য্যক অথবা কোনো এটা বস্তুৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতা সৃষ্টি কৰাকে অৰ্থ বিজ্ঞানত উৎপাদন বোলে।

(১) বস্তু এটা নতুনকৈ গঠন কৰি উৎপাদন কৰিব পাৰি। যেনে–কাঠৰ পৰা বাঁহ বেতৰ চকী,মেজ আদি তৈয়াৰ কৰি বস্তুৰ উৎপাদন কৰা হয়।

(২) ভূ-গৰ্ভৰ পৰা গেছ,খাৰুৱা তেল নিৰ্গত কৰি নতুন ব্যৱহাৰ্য বস্তুৰ উৎপাদন কৰা হয়।

(৩) শিক্ষক,চিকিৎসক,উকিল আদি প্ৰশিক্ষণৰ দ্বাৰা বিশিষ্ট সেৱাৰ বাবে উপযোগী কৰি তোলা হয়।

(৪) শষ্যৰ বীজ আদি সাঁচি থৈ পিছলৈ সেইবোৰ ব্যৱহাৰ কৰি উৎপাদন কাৰ্য্য চলাব পাৰি।

২১। চাহিদা কাক বোলে ? দাম আৰু সময়ৰ লগত চাহিদাৰ সম্পৰ্ক কি?

উত্তৰঃ কোনো এক বিশেষ সময়ত বিশেষ দামত মানুহে এবিধ বস্তু যি পৰিমাণত কিনিবলৈ আগবাঢ়ি আহে তাকে বস্তু বিধৰ চাহিদা বোলে।

দামৰ লগত চাহিদাৰ বিশেষ সম্পৰ্ক আছে। কিয়নো দাম বৃদ্ধি হ’লে বস্তুৰ উপযোগিতা থাকিলেও চাহিদা কমি যায়। কিন্তু বস্তুৰ দাম কমিলেহে ইয়াৰ চাহিদা বৃদ্ধি পায়। উদাহৰণস্বৰূপে পিয়াঁজৰ দাম অত্যাধিক বৃদ্ধি পোৱাত ইয়াৰ চাহিদা হঠাৎ কমি গৈছিল আৰু ইয়াৰ দাম কমি অহাৰ লগে লগে চাহিদাও বৃদ্ধি পাবলৈ ধৰিলে।

সময়ৰ লগতো নস্তুৰ চাহিদা কম বেছি হ’ব পাৰে। যেনে – গৰমৰ দিনত ঊণৰ তৈয়াৰী সাজ-পোছাকৰ চাহিদা কমি যায়। কিন্তু শীত কাল পৰাৰ লগে লগে তেনে গৰম কাপোৰৰ চাহিদা নিজে নিজে বৃদ্ধি পায়।

1 thought on “Assam Jatiya Bidyalay Class 8 Social Science Chapter 9 অৰ্থ বিজ্ঞান আৰু ইয়াৰ কিছুমান মৌলিক ধাৰণা”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top