Assam Jatiya Bidyalay Class 8 Social Science Chapter 3 ভাৰতত প্ৰথম স্বাধীনতা সংগ্ৰাম ভাৰতত জাতীয়তাবাদৰ সূচনা (1857-1858)

Assam Jatiya Bidyalay Class 8 Social Science Chapter 3 ভাৰতত প্ৰথম স্বাধীনতা সংগ্ৰাম ভাৰতত জাতীয়তাবাদৰ সূচনা (1857-1858), Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 8 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 3 ভাৰতত প্ৰথম স্বাধীনতা সংগ্ৰাম ভাৰতত জাতীয়তাবাদৰ সূচনা (1857-1858) Class 8 Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 8 Social Science Chapter 3 ভাৰতত প্ৰথম স্বাধীনতা সংগ্ৰাম ভাৰতত জাতীয়তাবাদৰ সূচনা (1857-1858) Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 8 Social Science Chapter 3 ভাৰতত প্ৰথম স্বাধীনতা সংগ্ৰাম ভাৰতত জাতীয়তাবাদৰ সূচনা (1857-1858) provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

ভাৰতত প্ৰথম স্বাধীনতা সংগ্ৰাম ভাৰতত জাতীয়তাবাদৰ সূচনা (1857-1858)

Chapter – 3

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১। স্বত্ব-বিলোপ নীতি কোন গৰাকী গৱৰ্ণৰ জেনেৰেল প্ৰৱৰ্তন কৰিছিল ?

উত্তৰঃ লৰ্ড ডেলাহাউছিয়ে প্ৰৱৰ্তন কৰিছিল।

২। স্বত্ব-বিলোপ নীতিৰ অধীনত ৰাজ্য হেৰুওৱা ৰাণী গৰাকীৰ নাম কি ?

উত্তৰঃ ঝান্সিৰ ৰাণী লক্ষ্মীবাঈ।

৩। চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন ?

উত্তৰঃ চিপাহী মঙ্গল পাণ্ডেই প্ৰথম শ্বহীদ আছিল।

৪। আত্মীয় সভা কোন চনত গড়ি তোলা হৈছিল ? 

উত্তৰঃ 1815 চনত আত্মীয় সভা গড়ি তোলা হৈছিল।

৫। সতীদাহ প্ৰথা কোন চনত নিষিদ্ধ কৰা হৈছিল ?

উত্তৰঃ 1829 চনত সতীদাহ প্ৰথা নিষিদ্ধ কৰা হৈছিল।

৬। নানা চাহেবে কোন ঠাইত বিদ্ৰোহৰ নেতৃত্ব বহন কৰিছিল ?

উত্তৰঃ নানা চাহেবে কানপুৰত চিপাহী বিদ্ৰোহৰ নেতৃত্ব বহন কৰিছিল।

৭।ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কম্পেনি কিমান চনত ভাৰতলৈ আহিছিল ?

উত্তৰঃ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কম্পেনি 1600 চনত ভাৰতলৈ আহিছিল ।

৮। চিপাহী বিদ্ৰোহৰ সময়ত ভাৰতত গৱৰ্ণৰ জেনেৰেল কোন আছিল ?

উত্তৰঃ চিপাহী বিদ্ৰোহৰ সময়ত লৰ্ড কেনিং ভাৰতত গৱৰ্ণৰ জেনেৰেল আছিল।

৯। পলাচীৰ যুদ্ধ কিমান চনত হৈছিল ?

উত্তৰঃ পলাচীৰ যুদ্ধ 1757 চনত হৈছিল।

১০। লৰ্ড ডেলাহাউছিয়ে প্ৰৱৰ্তন কৰা স্বত্ববিলোপ নীতিৰ ফলত কোনবোৰ ৰাজ্য ইংৰাজ সাম্ৰাজ্যত চামিল হৈছিল ? 

উত্তৰঃ স্বত্ববিলোপ নীতিৰ অজুহাতত লৰ্ড ডেলাহাউছিয়ে চাতৰা, ঝান্সি,নাগপুৰ,চম্বলপুৰ, জৈতপুৰ, উদয়পুৰ,বুণ্ডেলখণ্ড আদি দেশীয় ৰাজ্য ব্ৰিটিছ সাম্ৰাজ্যত চামিল কৰিছিল।

১১। 1856 চনত ব্ৰিটিছে অযোধ্যা চামিল কৰাৰ সময়ত কোন ৰজাই শাসন কৰাইছিল ?

উত্তৰঃ1 856 চনত ব্ৰিটিছে অযোধ্যা চামিল কৰাৰ সময়ত ৰজা আছিল নৱাব ৱাজিদ আলী ছাহ ।

১২। চিপাহী বিদ্ৰোহৰ সময়ত ভাৰতত মোগল সম্ৰাট কোন আছিল ?

উত্তৰঃ চিপাহী বিদ্ৰোহৰ প্ৰাক-ক্ষণত ভাৰতত মোগল সম্ৰাট আছিল নৱাব দ্বিতীয় বাহাদুৰ ছাহ ।

১৩। চিপাহী বিদ্ৰোহৰ প্ৰাক-ক্ষণত ভাৰতীয় চিপাহীসকলে কোনবিধ ৰাইফল ব্যৱহাৰ কৰিবলৈ অমান্তি হৈছিল ?

উত্তৰঃ ভাৰতীয় চিপাহীসকলে এনফিল্ড ৰাইফল ব্যৱহাৰ কৰিবলৈ অমান্তি হৈছিল।

১৪। ভাৰতীয় চিপাহী সকলে এনফিল্ড ৰাইফল ব্যৱহাৰ কৰিবলৈ কিয় অমান্তি হৈছিল ?

উত্তৰঃ এনফিল্ড ৰাইফলৰ গুলীটো গৰু আৰু গাহৰিৰ চৰ্বীৰে তৈয়াৰী বুলি এটা গুজব ওলাইছিল। গুলীটো মুখেৰে কামুৰি ব্যৱহাৰ কৰিবলগীয়া হোৱাত ধৰ্মভীৰু ভাৰতীয়ই তেনে বন্দুক ব্যৱহাৰ কৰিবলৈ অমান্তি হৈছিল।

১৫। চিপাহী বিদ্ৰোহৰ প্রথম সূত্ৰপাত কত হৈছিল ?

উত্তৰঃ পশ্চিমবঙ্গৰ বেৰেকপুৰত চিপাহী বিদ্ৰোহৰ প্ৰথম সূত্ৰপাত 1857 চনৰ মাৰ্চ মাহত হৈছিল।

১৬। প্ৰথমে কত চিপাহী বিদ্ৰোহ ব্যাপক হাৰত আত্ম প্ৰকাশ কৰে ?

উত্তৰঃ উত্তৰ প্ৰদেশৰ মীৰাট চহৰত প্ৰথমে চিপাহী বিদ্ৰোহ ব্যাপক হাৰত আত্ম প্ৰকাশ কৰিছিল।

১৭। বিদ্রোহী সকলে কাক দিল্লীত দ্বিতীয় মোগল সম্ৰাটৰূপে ঘোষণা কৰিছিল ?

উত্তৰঃ বিদ্রোহী সকলে দিল্লীত দ্বিতীয় বাহাদুৰ ছাহক মোগল সম্ৰাটৰূপে ঘোষণা কৰিছিল।

১৮। সম্ৰাট বাহাদুৰ ছাহৰ শেষ পৰিণতি কি হৈছিল ?

উত্তৰঃ ইংৰাজ চৰকাৰ দিল্লীত কঠোৰ হাতেৰে বিদ্ৰোহ দমন কৰি সম্ৰাট বাহাদুৰ ছাহক বন্দী কৰি ৰেঙ্গুনৰ কাৰাগাৰত যাবৎজীৱন কাৰদণ্ড বিহে।

১৯। নানা চাহেবে কত চিপাহী বিদ্ৰোহৰ নেতৃত্ব দিছিল ?

উত্তৰঃ নানা চাহেবে কানপুৰত চিপাহী বিদ্ৰোহৰ নেতৃত্ব দিছিল।

২০। তাঁতীয়া টোপে কত বিদ্ৰোহীৰ নেতৃত্ব দিছিল ?

উত্তৰঃ তাঁতীয়া টোপে গোৱালিয়ৰত চিপাহী বিদ্ৰোহীৰ নেতৃত্ব দিছিল।

২১। ৰাণী লক্ষ্মীবাঈএ চিপাহী বিদ্ৰোহত কত নেতৃত্ব দিছিল ?

উত্তৰঃ ৰাণী লক্ষ্মীবাঈএ ঝান্সিত চিপাহী বিদ্ৰোহত কত নেতৃত্ব দিছিল

২২। অসমত চিপাহী বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল ?

উত্তৰঃ অসমত মণিৰাম দেৱান আৰু লিয়লি ফুকন আদিয়ে চিপাহী বিদ্ৰোহৰ নেতৃত্ব দিছিল।

২৩। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কম্পেনিৰ শাসন ভাৰতত কেতিয়া অন্ত পৰে ?

উত্তৰঃ চিপাহী বিদ্ৰোহৰ পিছত 1858 চনত ভাৰতৰ শাসন ভাৰ প্ৰত্যক্ষভাৱে ব্ৰিটিছ চৰকাৰে  গ্ৰহণ কৰাত ইষ্ট ইণ্ডিয়া কম্পেনিৰ অন্ত পৰে।

২৪। গৱৰ্ণৰ গেনেৰেলৰ পদবী কেতিয়াৰ পৰা ভাইচৰয় বুলি অভিহিত কৰা হয় ?

উত্তৰঃ চিপাহী বিদ্ৰোহৰ অন্তত ভাৰত পৰিষদ অইন প্ৰৱৰ্তন হোৱাত গৱৰ্ণৰ গেনেৰেলৰ পদবী ভাইচৰয় বুলি অভিহিত হয়।

২৫। ভাৰতত শেষ গৱৰ্ণৰ গেনেৰেল কোন আছিল ?

উত্তৰঃ চিপাহী বিদ্ৰোহৰ সময়ত নেতৃত্ব দিয়া লৰ্ড কেনিঙেই ভাৰতত ব্ৰিটিছৰ শেষ গৱৰ্ণৰ আছিল।

২৬। ভাৰত পৰিষদ অইন কোন চনত ৰচিত হয় ?

উত্তৰঃ 1858 চনত ভাৰত পৰিষদ অইন ৰচিত হয়।

২৭। চিপাহী বিদ্ৰোহৰ সময়ত ইংলেণ্ডত ৰাণী কোন আছিল ?

উত্তৰঃ চিপাহী বিদ্ৰোহৰ সময়ত ইংলেণ্ডত মহাৰাণী ভিক্টোৰিয়া সিংহাসনত আছিল।

২৮। চিপাহী বিদ্ৰোহত কোনে ইংৰাজ সৈন্যৰ নেতৃত্ব বহন কৰিছিল?

উত্তৰঃ চিপাহী বিদ্ৰোহত ইংৰাজ সৈন্যৰ নেতৃত্ব বহন কৰিছিল লৰেন্স, নিকলছন, আউতৰাম,হেভলক,এডৱাৰ্ড আদি বিষয়াই।

২৯।ৰাজা ৰামমোহন ৰায়ৰ জন্ম কোন চনত হৈছিল ?

উত্তৰঃ ৰাজা ৰামমোহন ৰায়ৰ জন্ম 1772 চনত বঙ্গদেশত হৈছিল।

৩০। 1815 চনত প্ৰতিষ্ঠা হোৱা ‘আত্মীয় সভা’ অনুষ্ঠানটোৰ প্ৰতিষ্ঠাপক কোন আছিল ?

উত্তৰঃ 1815 চনত প্ৰতিষ্ঠা হোৱা ‘আত্মীয় সভা’ অনুষ্ঠানটোৰ প্ৰতিষ্ঠাপক ৰাজা ৰামমোহন ৰায় আছিল।

৩১। 1828 চনত কোনে ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা কৰে ?

উত্তৰঃ দ্বাৰকানাথ ঠাকুৰৰ সহযোগত 1828 চনত ৰাজা ৰামমোহন ৰায়ে ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা কৰে।

৩২।লৰ্ড উইলিয়ামে বেন্টিংকে কিমান চনত সতীদাহ প্ৰথা বেআইনী বুলি ঘোষণা কৰে ?

উত্তৰঃ 1829 চনত লৰ্ড উইলিয়ামে বেন্টিংকে সতীদাহ প্ৰথা বেআইনী বুলি ঘোষণা কৰে।

৩৩। কলকাতাৰ হিন্দু কলেজ কোনে প্ৰতিষ্ঠা কৰিছিল ?

উত্তৰঃ ডেভিড হেয়াৰ।

৩৪।  হেনৰি লুই ভিভিয়ান ডিৰোজিঅ কোন আছিল ?

উত্তৰঃ ভাৰতত জাতীয় চেতনা বিকাশৰ ক্ষেত্ৰত আগ ভাগ লৈছিল ।

৩৫। ইয়ংবেঙল নামৰ আন্দোলনৰ সূত্ৰপাত কোনে ধৰিছিল?

উত্তৰঃ হেনৰি লুই ভিভিয়ান ডিৰেজিঅ ইয়ংবেঙল নামৰ আন্দোলনৰ সূত্ৰপাত ধৰিছিল।

৩৬। হেনৰি লুই ভিভিয়ান ডিৰেজিঅকৰ অধ্যাপক আছিল।

উত্তৰঃ হেনৰি লুই ভিভিয়ান ডিৰেজিঅ হিন্দু কলেজৰ অধ্যাপক আছিল।

৩৭। 1839 চনত কোনে তত্ববোধিনি সভা বঙ্গদেশত গঠন কৰিছিল ?

উত্তৰঃ দেৱেন্দ্ৰনাথ ঠাকুৰে বঙ্গদেশত 1839 চনত তত্ববোধিনি সভা বঙ্গদেশত গঠন কৰিছিল।

৩৮। কোন চনত বিধৱা বিবাহেৰ সমৰ্থন ইংৰাজ চৰকাৰে আইন কৰিছিল ?

উত্তৰঃ 1856 চনত বিধৱা বিবাহেৰ সমৰ্থন ইংৰাজ চৰকাৰে আইন কৰিছিল।

৩৯। বিধৱা বিবাহৰ প্ৰৱৰ্তন ক্ষেত্ৰত কোন ভাৰতীয়ই বিশেষ আগভাগ লৈছিল ?

উত্তৰঃ ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে বিধৱা বিবাহৰ প্ৰৱৰ্তন ক্ষেত্ৰত বিশেষ আগভাগ লৈছিল।

৪০। মহাৰাষ্ট্ৰত প্ৰমহংস মণ্ডলী নামৰ সংগঠনটো

কোন চনত স্থাপিত হৈছিল ?

উত্তৰঃ 1849 চনত মহাৰাষ্ট্ৰত প্ৰমহংস মণ্ডলী নামৰ সংগঠনটো স্থাপিত হৈছিল ।

৪১। পশ্চিম ভাৰতত সংস্কাৰবাদী আন্দোলনত  নেতৃত্ব দিয়া কেইজনমান লোক কোন আছিল ?

উত্তৰঃ জ্যোতিবা গোবিন্দ ফুলে, বিষ্ণু শাস্ত্ৰী পণ্ডিত, বাবু পদ্মনাজী, হৰিকেশজী,দুৰ্গৰাম-মাঞ্চাৰাম মেহতা ইত্যাদি।

৪২। ৰাজা ৰামমোহন ৰায় (চমু টোকা)―

উত্তৰঃ ৰাজা ৰামমোহন ৰায় 1772 চনত জন্ম গ্ৰহণ কৰিছিল।ইংৰাজী শিক্ষাৰে শিক্ষিত ৰাজা ৰামমোহন ৰায়ে তেওঁৰ সময়ত সমাজত চলি অহা কু-সংস্কাৰ আৰু অন্ধবিশ্বাসবোৰ দূৰ কৰিবলৈ ইংৰাজ চৰকাৰৰ ওচৰ চাপিছিল। তেওঁ আত্মীয় সভা আৰু ব্ৰাহ্ম সমাজ নামে দুখন সমাজ প্ৰতিষ্ঠা কৰি ভাৰতীয় সমাজৰ সংস্কাৰ  সাধনত আত্ম নিয়োগ কৰিছিল।হিন্দু ধৰ্মৰ কুসংস্কাবোৰ আঁতৰাই বেদ উপনিষদৰ মহিমাৰে ভাৰতীয়সকলক চলিবলৈ তেওঁ উদগনি দিছিল। 1833 চনত এইজন সাধুপুৰুষৰ দেহাৱসান ঘটিছিল।

৪৩। বঙ্গ দেশত জাতীয়তাবাদৰ পটভূমি ( চমু টোকা) ―

উত্তৰঃ ভাৰতত ইংৰাজ চৰকাৰে ইংৰাজী শিক্ষা প্ৰৱৰ্তন কৰাৰ লগে লগে শিক্ষিত ভাৰতীয় সকলৰ মাজত জাতীয় জাগৰণ আৰু চেতনা আৰম্ভ হল। সেই সময়ত ভাৰতীয় সমাজত চলি অহা কুসংস্কাৰ, অন্ধ বিশ্বাস বোৰত ভাৰতীয় সকলে কেনেকৈ হাবুডুবু খাই ককবকাইছিল সেয়া শিক্ষিত ভাৰতীয়সকলে বাৰুকৈ উপলব্ধি কৰিছিল। তেওঁলোকে ভাৰতীয় সমাজ আৰু লোকসকলক অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ পৰা মুক্ত কৰিবলৈ সেয়েহে আপ্ৰাণ চেষ্টা কৰিছিল।এই ক্ষেত্ৰত বঙ্গদেশ হৈ পৰিল জাতীয়তাবাদৰ উত্থানৰ পটভূমি আৰু ৰাজা ৰামমোহন ৰায়,দেৱেন্দ্ৰনাথ ঠাকুৰ, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ আদি শিক্ষিত লোকসকল বিশিষ্ট সংস্কাৰক।

৪৪। ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰামৰ কাৰণ কেইটা লিখা  

উত্তৰঃ 1857 চনত ভাৰতৰ বিভিন্ন প্ৰান্তত যি চিপাহী বিদ্ৰোহে দেখা দিছিল তাক একাংশ বিজ্ঞ ব্যক্তিয়ে ভাৰতৰ প্ৰথমখন স্বাধীনতা সংগ্ৰাম বুলি অভিহিত কৰিব খোজে। সি যি কি নহওঁক যিবোৰ কাৰণত এই বিদ্ৰোহৰ সূচনা হৈছিল। সেয়ে তলত উল্লেখ কৰা হল―

(ক) ৰাজনৈতিক কাৰণ :- লৰ্ড ডেলাহাউছিৰ স্বত্ব বিলোপ নীতিৰ ফলস্বৰূপে কেইবাজনো দেশীয় ৰজাই সিংহাসন আৰু ৰাজ্য হেৰুৱাব লগতে পৰে।চাতাৰা,ঝান্সি,নাগপুৰ,চম্বলপুৰ,উদয়পুৰ,বুণ্ডেলখণ্ড আদি দেশীয় ৰাজ্য ইংৰাজ সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত কৰাত ভাৰতীয়সকলৰ মনত অসন্তুষে দেখা দিছিল যিটোৰ বৰ্হিপ্ৰকাশ আছিল চিপাহী বিদ্ৰোহ।

(খ) সামাজিক কাৰণ :- ইংৰাজ চৰকাৰে ভাৰতীয় সমাজত পৰম্পৰা ভাৱে চলি অহা কিছুমান ৰীতি-নীতি যেনে, সতীদাহ,নৰবলি, কণ্যাশিশু বধ,বাল্যবিবাহ আদি আইনৰ দ্বাৰা বন্ধ কৰাত ভাৰতীয়সকলক ক্ষুব্ধ হৈ পৰিছিল।

(গ) ধৰ্মীয় কাৰণ :- ইংৰাজসকল খ্ৰীষ্টিয়ান আছিল আৰু ইংৰাজে ভাৰতীয় সকলক পৰ্যায়ক্ৰমে খ্ৰীষ্টিয়ান কৰিব বুলি দেশীয় মানুহৰ এটা সন্দেহ সোমাইছিল।

(ঘ) অৰ্থনৈতিক কাৰণ :- ভাৰতক ইংৰাজ চৰকাৰে কেঁচামাল যোগান ধৰা এখন দেশলৈ ৰূপান্তৰিত কৰাত আৰু ঘৰুৱা কুটীৰশিল্পবোৰ ধ্বংস কৰাত দেশীয় অৰ্থনীতি সম্পূৰ্ণ ৰূপে ধ্বংস হৈ পৰিছিল। ভাৰতৰ প্ৰাকৃতিক সম্পদবোৰ আহৰণ কৰি সেইবোৰ ইংলেণ্ডলৈ লুণ্ঠন কৰি নিয়াত দেশীয় লোকসকল অসন্তুষ্ট হৈ পৰিছিল।

(ঙ) সামৰিক কাৰণ :- ইংৰাজ সৈন্যদলত বহুতো ভাৰতীয় চিপাহীও চাকৰি কৰিছিল যিবোৰৰ মৰ্যাদা ইংৰাজ সৈন্যতকৈও বহুত তলত আছিল।তদুপৰি ভাৰতীয় চিপাহীসকলক বিদেশলৈ বদলি কৰাত তেওঁলোক ক্ষুণ্ণ হৈ পৰিছিল।

(চ) তৎকালীন কাৰণ :- ইংৰাজ চৰকাৰে চিপাহী সকলক এনফিল্ড নামৰ এবিধ ৰাইফল ব্যৱহাৰ কৰিব দিছিল যাৰ গুলি মুখেৰে কামুৰি খোলাৰ নিয়ম আছিল আৰু ইয়াৰ নিৰ্মাণ গৰু আৰু গাহৰিৰ চৰ্ব্বীৰে নিৰ্মিত হৈছিল বুলি এটা গুজৱ সেই সময়ত ওলাইছিল। এনে তৎকালীন অসন্তুষ্টিয়ে চিপাহীসকলক বিদ্ৰোহ কৰিবলৈ উদগনি দিছিল।

৪৫। ভাৰতবৰ্ষত জাতীয়তাবাদী চেতনা গঢ়ি উঠাত ৰামমোহন ৰায়ৰ অৱদান সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ ইংৰাজী শিক্ষাৰে শিক্ষিত আৰু পশ্চিমীয়া সংস্কৃতিৰে পৰিচিত হৈ ৰাজা ৰামমোহন ৰায়ে ভাৰতত জাতীয়তাবাদী চেতনা গঢ়ি উঠাত উঠি পৰি লাগিছিল। তেওঁ ইংৰাজ চৰকাৰ লগ লাগি ভাৰতীয় সমাজৰ সংস্কাৰত লাগি গৈছিল। ভাৰতীয় সমাজত ধৰ্মীয় যিবোৰ কুসংস্কাৰ, অন্ধবিশ্বাস আছিল সেইবোৰ আঁতৰোৱাত তেওঁ উঠিপৰি লাগিছিল। জাতিভেদ প্ৰথা, সতীদাহ প্ৰথা, বাল্যবিবাহ প্ৰথা, কন্যাশিশু বধ প্ৰথা আদি বন্ধ কৰাত ৰাজা ৰামমোহন ৰায়ৰ অৱদান চিৰদিন স্মৰণীয় হৈ ৰ’ব ।

2 thoughts on “Assam Jatiya Bidyalay Class 8 Social Science Chapter 3 ভাৰতত প্ৰথম স্বাধীনতা সংগ্ৰাম ভাৰতত জাতীয়তাবাদৰ সূচনা (1857-1858)”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top