Assam Jatiya Bidyalay Class 8 Science Chapter 8 গতি আৰু বল

Assam Jatiya Bidyalay Class 8 Science Chapter 8 গতি আৰু বল, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় বিজ্ঞান Class 8 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 8 গতি আৰু বল Class 8 General Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 8 Science Chapter 8 গতি আৰু বল Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 8 Science Chapter 8 গতি আৰু বল provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

গতি আৰু বল

Chapter – 8

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১। গতিশীল আৰু স্থিৰ অৱস্থা কাক বলে ?

উত্তৰঃ সময়ৰ লগে লগে আন বস্তু সাপেক্ষে স্থান পৰিবৰ্তন কৰি থাকিলে বস্তুটো গতিশীল অৱস্থাত থকা বুলি কোৱা হয়।আনহাতে সময়ৰ লগে লগে আন বস্তু সাপেক্ষে স্থান পৰিবৰ্ত্তন নকৰিলে বস্তুটো স্থিৰ অৱস্থাত থকা বােলে।

২। সৰলৰৈখিক গতি কাক বােলে ? পৃথিৱীৰ চাৰিওফালে চন্দ্ৰৰ গতি সৰল ৰৈখিকনে ?

উত্তৰঃ গতিশীল বস্তুৰ স্থানৰ পৰিবৰ্ত্তন সৰলৰেখাৰে সৰল ৰেখাৰে হ’লে অর্থাৎ দিশৰ সলনি নহলে তেনে গতিকে সৰল ৰৈখিক গতি বােলে। পৃথিৱীৰ চাৰিওফালে চন্দ্ৰৰ গতি সৰল ৰৈখিক নহয়।

৩। পৰমাণুকেন্দ্ৰৰ চাৰিওফালে ইলেকট্রনৰ গতি কি ধৰণৰ গতি ? ইলেকট্রনটো ঘূৰি থাকোতে ইয়াৰ দিশ একে থাকেনে ?

উত্তৰঃ পৰমাণু কেন্দ্রৰ চাৰিওফালে ইলেকট্রনৰ গতি হ’ল-বৃত্তীয় গতি। ইলেকট্রনটো ঘূৰি থাকোতে ইয়াৰ দিশ প্রতি মুহূর্ততে সলনি হৈ থাকে।

৪। বৃত্তীয় গতি আৰু ঘূর্ণন গতি কাক বােলে ? দুয়ােটাৰে উদাহৰণ দিয়া।

উত্তৰঃ এটা বিন্দুক কেন্দ্ৰ কৰি তাৰ চাৰিওফালে বৃত্তাকাৰ পথত কৰা গতিক বৃত্তীয় গতি বােলে। যেনে সূৰ্য্যৰ চাৰিওফালে গ্রহবােৰ গতি, পৃথিৱীৰ চাৰিওফালে চন্দ্ৰৰ গতি।

কোনাে বস্তুয়ে ইয়াৰ মাজেৰে যােৱা এডাল কাল্পনিক ৰেখাৰ চাৰিওফালে ঘূৰিলে তেনে গতিক ঘূর্ণন গতি বােলে। অর্থাৎ ঘূর্ণনশীল বস্তু এটাৰ কণিকাসমূহে ঘূর্ণন অক্ষৰ চাৰিওফালে বৃত্তীয় গতি কৰি থাকে। পৃথিৱীয়ে নিজ অক্ষ সাপেক্ষে কৰা গতি, বৈদ্যুতিক পাংখা এখনৰ গতি আদি ঘূর্ণন গতিৰ উদাহৰণ ।

৫। গাড়ীৰ চকা এটা আকি ইয়াৰ ঘূর্ণন অক্ষডাল আঁকি দেখুওৱা।

উত্তৰঃ 

৬। দোলন গতি আৰু পৰ্য্যাবৃত্ত গতি কাক বােলে ? দুয়ােটাৰে দুটাকৈ উদাহৰণ দিয়া –

উত্তৰঃ এটা নির্দিষ্ট অৱস্থানৰ দুয়ােফালে সমান সমান দূৰত্বলৈ সমান সময়ত বাৰে বাৰে কৰা গতিক দোলন গতি বােলে। ঘড়ীৰ পেণ্ডুলামৰ গতি, ঝুলনাৰ গতি আদিদোলন গতিৰ উদাহৰণ।

যি গতি এক নির্দিষ্ট সময়ৰ মূৰে মূৰে পুনৰাবৃত্তি হৈ থাকে তেনে গতিক পৰ্য্যাবৃত্ত গতি বােলে। যেনেঃ দোলক এটাৰ গতি, সূৰ্য্যৰ চাৰিওফালে পৃথিৱীৰ গতি আদি।

৭। সূৰ্য্যৰ চাৰিওফালে কৰা পৃথিৱীৰ গতিৰ পৰ্য্যায়কাল কিমান ?

উত্তৰঃ ৩৬৫ ১/৪ দিন।

৮।ঘড়ীৰ মিনিট আৰু ছেকেণ্ড কাটাডালৰ পৰ্য্যায়কাল কিমান ?

উত্তৰঃ মিনিট কাটাডালৰ পৰ্য্যায়কাল ১ ঘন্টা আৰু ছেকেণ্ড কাটাডালৰ পৰ্য্যায়কাল হল ৬০ ছেকেণ্ড বা ১ মিনিট।

৯। দ্রুতি কাক বােলে ? দ্রুতিৰ একক কি ?

উত্তৰঃ গতিশীল বস্তুয়ে একক সময়ত অতিক্রম কৰা দুৰত্বকে বস্তুটোৰ দ্ৰুতি বােলে। 

অৰ্থাৎ 

দ্ৰুতি = দূৰত্ব/ সময়

ইয়াৰ একক মি./ ছে. বা কি. মি./ ঘ. ।

১০। এখন উৰাজাহাজ ২০০০ কি. মি. যাবলৈ ৫ ঘণ্টা সময় লাগে। উৰাজাহাজ খনৰ দ্ৰুতি কিমান ?

উত্তৰঃ উৰাজাহাজ খনৰ দ্ৰুতি = দূৰত্ব/ সময়

= ২০০০ কি. মি./ ৫ ঘ.

=৪০০ কি. মি./ ঘ. ।

১১। এজন মটৰ চাইকেল আৰোহীৰ দ্ৰুতি ৭০ কি.মি./ঘ. একেৰাহে গৈ থাকিলে ৬ ঘন্টাত তেওঁ কিমান দুৰত্ব অতিক্ৰম কৰিব ? মটৰ চাইকেলখনৰ দ্ৰুতি মি./ছে ত কিমান ?

উত্তৰঃ দিয়া আছে, দ্রুতি = ৭০ কি.মি./ঘ.

দ্রুতি = দূৰত্ব/ সময়

দূৰত্ব = দ্রুতি x সময়

= ৭০ কি.মি./ঘ. x৬ ঘ.

= ৪২০ কি.মি.

আকৌ মি./ছে. অত দ্রুতি  = ৭০x১০০০ মি./ ৬০×৬০ ছে.

=৭০০/৩৬ মি./ছে.

=১৯.৪৪ মি./ছে.।

১২।৫ মি./ছে, দ্রুতিৰে গতি কৰা বস্তু এটাই ৪ কি.মি. দূৰত্ব অতিক্রম কৰিবলৈ কিমান সময় লব ?

উত্তৰঃ দ্রুতি = দূৰত্ব/ সময়

= ৪×১০০০ মি./৫ মি./ ছে.

=৮০০ 

৪ কি. মি. অতিক্ৰম কৰিবলৈ ৮০০ ছে. লাগিব।

১৩। গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ দূৰত্ব ৪০০ কি.মি.। এখন বাছে এই দূৰত্ব অতিক্রম কৰোঁতে সময় ল’লে ৮ ঘণ্টা।বাছখনৰ গড় দ্রুতি কিমান ?

উত্তৰঃ দিয়া আছে, দূৰত্ব = ৪০০ কি.মি.

সময় = ৮ ঘণ্টা

গড় দ্রুতি = মুঠ দূৰত্ব/মুঠ সময়

=৪০০ কি.মি./৮ ঘণ্টা

= ৫০ কি.মি./ঘ.

১৪। সুষম গতি আৰু অসুষম গতি পার্থক্য কি ? বাছেৰে গুৱাহাটীৰ পৰা নগাঁৱলৈ গলে বাছখনৰ গতি সুষমনে ?

উত্তৰঃ গতিশীল বস্তুয়ে সমান সময়ত সমান দূৰত্ব অতিক্ৰম কৰিলে ইয়াৰ গতিক সুষম গতি বােলে।

আনহাতে বস্তু এটাই সমান সমান সময়ত সমান দূৰত্ব অতিক্রম নকৰিলে বস্তুটোৰ গতিক অসুষম গতি বােলে।বাছখনৰ গতি সুষম নহয়।

১৫। গতিশীল বস্তুৰ ওপৰত বল প্রয়ােগ কৰিলে গতি কি কি পৰিবৰ্ত্তন হব পাৰে ?

উত্তৰঃ গতিশীল বস্তুৰ ওপৰত –

(ক) গতিৰ দিশত বল প্রয়ােগ কৰিলে দ্রুতি বাড়ে।

(খ) গতিৰ বিপৰীত দিশত বল প্রয়ােগ কৰিলে দ্রুতি কমেবা স্থিৰ অৱস্থালৈ আহে।

(গ) ন দিশত বল প্রয়ােগ কৰিলে দ্রুতি আৰু দিশৰ সলনি হয়।

১৬। সূৰ্যৰ চাৰিওফালে পৃথিৱীক কি বলে অনবৰতে ঘূৰাই ৰাখে ?

উত্তৰঃ সূৰ্যৰ চাৰিওফালে পৃথিৱীক মহাকর্ষণ বলে অনবৰতে ঘূৰাই ৰাখে।

১৭। বস্তুৰ ওজন মানে কি ?

উত্তৰঃ কোনাে বস্তুক পৃথিৱীয়ে যি মধ্যাকর্ষণ বলেৰে আকর্ষণ কৰে সেই বাৰ। পৰিমানেই হল বস্তুটোৰ ওজন।

১৮। স্থিতিস্থাপক বল যে আছে তাৰ প্ৰমাণ এটা দিয়া।

উত্তৰঃ ৰবৰ এটুকুৰা টানিলে দীঘল হয়। ৰবৰ টুকুৰ টনা বন্ধ কৰিলেই পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহে। কাৰণ তাত স্থিতিস্থাপক বল আছে, যাৰ বাবেই পুনৰ আগৰ । অৱস্থালৈ আহিব বিচাৰে।

১৯। দুটা আধানযুক্ত পদার্থৰ বৈদ্যুতিক বলকিহৰ ওপৰত নিৰ্ভৰকৰে ?

উত্তৰঃ দুটা আধানযুক্ত পদাৰ্থৰ মাজৰ বৈদ্যুতিক বল-

(ক) আধানৰ পৰিমাণৰ ওপৰত।আৰু

(খ) পদার্থ দুটাৰ মাজৰ দূৰত্বৰ ওপৰত নিৰ্ভৰ কৰে।

২০। মহাকর্ষণ বল কি ?

উত্তৰঃ বিশ্বব্রহ্মাণ্ডৰ সৰু, ডাঙৰ প্ৰতিটো বস্তুৱেই ইটোৱে-সিটোক এক প্রকাৰ বলেৰে আকর্ষণ কৰি থাকে। এই বলক মহাকর্ষণ বল বােলে।

২১। মাধ্যাকর্ষণিকবল মহাকর্ষণ বলনে ?

উত্তৰঃ হয়, মাধ্যাকর্ষণ হ’ল পৃথিৱী আৰু আন বস্তুৰ মাজত হােৱা মহাকর্ষণ বল।

২২। সংজ্ঞা লিখা।

(ক) স্থিতিস্থাপক বল।

(খ) চুম্বকীয় বল।

(গ) নিউক্লীয় বল।

উত্তৰঃ (ক) স্থিতিস্থাপক বল বাহিৰৰ পৰা বল প্রয়ােগ কৰি কোনাে বস্তুৰ আকাৰ বা আকৃতি সলনি কৰিব বিচাৰিলে, যি বলৰ প্ৰভাৱত বস্তুটো পুনৰ আগৰ অৱস্থালৈ আহিব বিচাৰে তাকস্থিতিস্থাপক বল বােলে।

(খ) চুম্বকীয় বল – চুম্বকে আন পদাৰ্থৰ ওপৰত বা আন এডাল চুম্বক ওপৰত যি বল প্রয়ােগ কৰে তাক চুম্বকীয় বল বােলে।

(গ) নিউক্লীয় বল-পৰমাণুকেন্দ্ৰত যিশক্তিশালী বলে প্রটিন আৰু নিউট্রন কণিকাসমূহ পৰমাণুকেন্দ্ৰত বান্ধি ৰাখে সেয়াই নিউক্লীয় বল।

২৩। ঘর্ষণ বল কাক বােলে ?

উত্তৰঃ এটা বস্তু আন এখন পৃষ্ঠৰ ওপৰেৰে গতি কৰিলে বস্তুটোৰ ওপৰত গতিৰ বিপৰীত দিশত এটা বলে ক্রিয়া কৰে। এই বলেই হ’ল ঘর্ষণ বল।

২৪। ঘর্ষণ বল নাথাকিলেহ’ব পৰা দুটা অসুবিধাৰ উদাহৰণ দিয়া।

উত্তৰঃ ঘর্ষণ বল নাথাকিলে-

(ক) আমি হাতেৰে বস্তু ধৰি ৰাখিব নােৱাৰিলােহেঁতেন।

(খ) ব্রেক-মাৰি তৎক্ষণাৎ গাড়ী ৰখােৱা টান হ’লহেঁতেন।

২৫। পিছল ঘর্ষণ আৰু আৱৰ্তন ঘর্ষণকাক বােলে ?

উত্তৰঃ কোনাে বস্তু এখন পৃষ্ঠৰ ওপৰেৰে চুচৰি গ’লে যি ঘর্ষণ বলৰ সৃষ্টি হয় তাক পিছল ঘর্ষণ বােলে।

কোনাে বস্তু এখন পৃষ্ঠৰ ওপৰেৰে ঘূৰি ঘূৰি গতি কৰিলে যি ঘর্ষণ বলৰ সৃষ্টি হয় তাক আৱর্তন ঘর্ষণ বােলে।

২৬। চকা লগালে যি কোনাে বস্তু টানিবলৈ সহজ হয় কিয় ?

উত্তৰঃ যি কোনাে বস্তুত চকা লগাই টানিলে তাত ঘূর্ণী ঘর্ষণ বা আৱর্তন ঘৰ্ষণৰ সৃষ্টি হয়। ঘূর্ণী ঘর্ষণৰ মান পিছল ঘর্ষণতকৈ কম কাৰণে চকা লগালে টানিবলৈ সহজ হয়।

২৭। পিছল মজিয়াত খােজ কাঢ়িবলৈ অসুবিধা হয় কিয় ?

উত্তৰঃ পিছল মজিয়াত ভৰি আৰু মাটিৰ মাজৰ ঘর্ষণ বল কম হয়। ঘর্ষণ বল কম হয় বাবে আমি পিছলি যাওঁ আৰু খােজ কাঢ়িবলৈ অসুবিধা হয়।

২৮। মটৰ গাড়ীৰ চকাৰ উপৰিভাগ খহটা কিয় কৰে ?

উত্তৰঃ  ঘর্ষণ বল বঢ়াবলৈ চকাৰ উপৰিভাগ খহটা কৰা হয়।

২৯। দৈনন্দিন জীৱনত ঘর্ষণ বলৰ দুটা সুবিধা উল্লেখ কৰা।

উত্তৰঃ ঘর্ষণ বল থকা কাৰণে –

(ক) আমি খােজ কঢ়াৰ সুবিধা হয়।

(খ) আমি হাতেৰে কলম ধৰি ভালদৰে লিখিব পাৰে।

অতিৰিক্ত প্ৰশ্নোত্তৰ

১। এনে এটা গতিৰ উদাহৰণ দিয়া যিটো বৃত্তীয় আৰু পৰ্য্যাবৃত্তদুয়ােটায়ে হয়।

উত্তৰঃ সূৰ্য্যৰ চাৰিওফালে পৃথিৱীৰ গতি।

২। বল কাক বােলে ?

উত্তৰঃ বাহিৰৰ পৰা যি প্রভাব প্রয়ােগ কৰি গতিৰ পৰিবৰ্তন কৰিব পাৰি সেয়াই বল।

৩। পৰ্য্যায়কাল কাক বলে ? বৈদ্যুতিক মটৰ এটাই ১ ছেকেণ্ডত ২ বাৰ ঘূৰিলে তাৰ পৰ্য্যায় কাল কিমান ?

উত্তৰঃ পৰ্য্যাবৃত্তগতি যি নির্দিষ্ট সময়ৰ মূৰে মূৰে পুনৰাবৃত্তিহয় তাক পৰ্য্যায় কাল বােলে।

বৈদ্যুতিক মটৰটোৱে, এপাক ঘূৰিবলৈ যিমান সময় লয় সেয়াই তাৰ পৰ্যায়কাল।২ পাক ঘুৰিবলৈ সময় লয় ১ ছেকেণ্ড গতিকে, এপাক ঘূৰিবলৈ সময় লব ২/১ ছেকেণ্ড।অর্থাৎ পর্যায়কাল ২/১ ছেকেণ্ড।

৪। বস্তুৰ ওজন কিহেৰে জোখা হয় ?

উত্তৰঃ বস্তুৰ ওজন স্প্রিং তুলাৰে জোখা হয়।

৫। ঘর্ষণ বল কমাব পৰা দুটা পদ্ধতি উল্লেখ কৰা।

উত্তৰঃ (ক) ঘর্ষণ বল কমাবলৈ তেল বা গ্রিজ ব্যৱহাৰ কৰা হয়।

(খ) পিছল ঘর্ষণ ঘূর্ণী ঘর্ষণলৈ পৰিবৰ্তন কৰিও ঘর্ষণ কমাব পাৰি।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top