Assam Jatiya Bidyalay Class 8 Assamese Chapter 3 চৰিত্ৰ

Assam Jatiya Bidyalay Class 8 Assamese Chapter 3 চৰিত্ৰ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় অসমীয়া Class 8 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 3 চৰিত্ৰ Class 8 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 8 Assamese Chapter 3 চৰিত্ৰ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 8 Assamese Chapter 3 চৰিত্ৰ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

চৰিত্ৰ

Chapter – 3

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১। অতি চমু উত্তৰ দিয়া।

(ক)  উদ্গতি পথৰ  প্ৰৱল আহিলা কি ?

উত্তৰঃ উদগতি পথৰ প্ৰৱল আহিলা সৎ চৰিত্ৰ ।

(খ) ধনৱন্ত আৰু বিদ্যাৱন্ত মানুহো কিহৰ  দুখত  ৰসাতলৈ যায়?

উত্তৰঃ ধনৱন্ত আৰু বিদ্যাৱন্ত মানুহো চৰিত্ৰৰ দোষত ৰাস্তাতলৈ যায়।

(গ)  চৰিত্রৰ মূল কি ?

উত্তৰঃ চৰিত্ৰৰ মূল অব্যাস।

(ঘ) মানুহে চৰিত্ৰ গঠন কৰা কামক কি নাম দিছে ?

উত্তৰঃ মানুহে চৰিত্ৰ কৰাৰ কামক চৰিত্ৰ সংশোধন নাম দিছে।

২। ভাবাৰ্থ লিখা: 

(ক) চৰিত্ৰবান মানুহ পবিত্র জনৰ নিচিনা।

উত্তৰঃ মানুহে চৰিত্ৰবান হবলৈ অভ্যাস কৰিব লাগে। চৰিত্ৰ সৎ হলে মানুহে পোহৰ বিলাব পাৰে। চৰিত্ৰবান মানুহ পবিত্র জনৰ নিচিনা। পবিত্রজনে যেনেকৈ নিজেও পবিত্র আৰু যি ঠাইত ছটিয়াই দিয়া যায় সেই ঠাইখনো পবিত্ৰ কৰে, ঠিক তেনেকৈ চৰিত্ৰবান মানুহ নিজেও পবিত্র আৰু আনকো পবিত্র কৰে। পবিত্র জন ফটফটীয়া তাত কিবা ধূলি বালি বা অন্য কিবা থাকিলেও যেনেকৈ সকলোৰে চকুত ধৰা পৰে ঠিক তেনেকৈ চৰিত্ৰবান মানুহৰো সকলো গুণ দোষ ফটফটীয়াকৈ দেখা যায়। তেওঁ লোকে একো লুকাই নাৰাখে।

(খ) চৰিত্রৰ মূল অভ্যাস।

উত্তৰঃ কোনো এটা কাম সদায় কৰি থাকিলে পাছত এই কাম এৰিব নোৱাৰা হয়। এৰিব নোৱৰা হলে সেই কামটো অভ্যাসত পৰিণত হোৱা বুলি কয়। মানুহে প্ৰতি বেলেগ বেলেগ   অভ্যাস আছে। সৰুৰে পৰা ভাল চৰিত্ৰ গঠন কৰিবলৈ অভ্যাস কৰিলে সময়ত সৎ চৰিত্ৰ গঠন হয়।ভাল বৃত্তিৰ গুণত ভাল অভ্যাস জন্মে। এতেকে এই ভাল বৃত্তিৰ অভ্যাস এদিন চৰিত্ৰত পৰিণত হয়। গতিকে চৰিত্ৰৰ মূল অভ্যাস বুলি কব পাৰো।

(গ) কোমোলতে ভাঁজ দিলেহে বস্তুৱে ভাঁজ লয়।

উত্তৰঃ যেতিয়া কোনো এটা বস্তু কোমল হৈ থাকে তাক সহজতে ভাঁজ দিব পাৰি। কাৰণ সেই সময়ত সি কঠিন হৈ নাথাকে।গতিকে  যিফালে ইচ্ছা সেই ফালে ভাঁজ লগাব পাৰি। কিন্তু কঠিন হৈ পৰাৰ পাছত ভাঁজ লগাব খুজিলে সি ভাঙি যায়। ঠিক তেনেকৈ কোমল বয়সত ল’ৰা- ছোৱালীয়ে সৎ চৰিত্ৰ গঠন কৰিব পাৰে। বেয়া অভ্যাস থাকিলেও । কোমল বয়সতে তাক পৰিত্যাগ কৰি চৰিত্ৰ শুধৰাই লব লাগে। বেয়া কাম কৰি হাড় পকাই ললে তাৰ চৰিত্ৰ সংশোধন কৰা সহজ নহয়। সেই বাবে কোমল বয়সতে চৰিত্র সংশোধন কৰিব লাগে।

৩। ধন আৰু বিদ্যাৰ পৰা মানুহে ক্ষমতা লাভ কৰে , কিন্তু চৰিত্ৰৰ পৰা কিদৰে মহত্ত্ব প্ৰাপ্ত হয় ?

উত্তৰঃ ধন আৰু বিদ্যাৰ পৰা মানুহ সমতাশালী হয়। এই ক্ষমতাৰ বলত কিন্তু মানুহে আনৰ পৰা শ্ৰদ্ধা-ভক্তি আদায় কৰিব নোৱাৰে। ক্ষমতাৰ সহায়ত কু-কাম কৰি মানুষ জাতিৰ অপকাৰ সাধন কৰিব পাৰে। কিন্তু যি বিলাক মানুহ চৰিত্ৰ বান তেওঁলোকৰ মহত্ব প্ৰকাশ হয়। চৰিত্ৰবান মানুহে সদায় সৎবৃত্তি গ্ৰহণ কৰে আৰু সৎ পথত চলে । সূচৰিত্ৰই তেওঁলোকক দেৱত্বলৈ তোলে।তেনেকোৱা মানুহৰ যোগেদি সমাজত শান্তি স্থাপন হয়। সৰ্বসাধাৰণ মানুহেও তেওঁলোকৰ মহত্ব স্বীকাৰ কৰে। এনেদৰে চৰিত্ৰৰ পৰা মহত্ব প্ৰাপ্ত হয়।

৪। ভাল বেয়া দুয়োবিধ বৃত্তিকে মানুহে কেনেকৈ কম বেছি কৰিব পাৰে ?

উত্তৰঃ বৃত্তি ভাল হওক বা বেয়া হওক দুয়োবিধকে মানুহে চেষ্টাৰ দ্বাৰা কম বেছি কৰিব পাৰে। চেষ্টা কৰি সদায় এটা কাম কৰি থাকিলে লাহে লাহে সি অভ্যাসত পৰিণত হয়। এই অভ্যাসৰ জৰিয়তে ভাল বেয়া দুয়োবিধ বৃত্তিকে মানুহে কম বেছি কৰিব পাৰে।

৫। প্ৰসংগ সংগতি দৰ্শাই বাখ্যা কৰা।

(ক) সুচৰিত্ৰ মনুষত্বৰ সাৰে, এতেকে সি উন্নতিৰ মেৰুদণ্ডৰ নিচিনা।

উত্তৰঃ প্ৰসংগ :- এই কথাশাৰী আমাৰ পাঠ্যপুথি ‘আপোন পাঠৰ ‘চৰিত্ৰ’ নামৰ সত্যনাথ বৰাদেৱে ৰচনা কৰা প্ৰবন্ধৰ পৰা তুলি দিয়া হৈছে।

সংগতি :- সুচৰিত্ৰই যে মানুহক সমাজত এখন বিশেষ আদান প্ৰদান কৰি মোহত্বলৈ যায় সেই কথা প্ৰকাশ কৰিছে।

বাখ্যা :- মানুহৰ চৰিত্ৰ সৎ হলে উন্নতিৰ পথত সহজে আগবাঢ়িব পাৰে।যিবোৰ মানুহ চৰিত্ৰহীন সেইবোৰ মানুহৰ শত্ৰু সৰহ । গতিকে সংসাৰত বিপদো  সৰহ । কিন্তু চৰিত্ৰবান বা সুচৰিত্ৰৰ মানুহে আনক ভয় কৰি চলিব নালাগে ? তেওঁলোকে সৎচৰিত্ৰক সাৰথি কৰি উন্নতি ৰ পথত যাত্ৰা কৰিব পাৰে। অন্য গুণ তেনেকৈ নাথাকিলেও অকল সৎ চৰিত্ৰৰ বলতেই উদ্গতি সাধন কৰিব পাৰে। সূচৰিত্ৰই তেওঁলোকক সমাজত শ্ৰেষ্ঠতা আনি দিয়ে। সূচৰিত্ৰক আলম কৰি তেওঁলোকে উন্নতিৰ জখলাত বহুদূৰ আগবাঢ়ি যাব পাৰে। মেৰুদণ্ডৰ ওপৰত নিৰ্ভৰ কৰি যি দৰে পৃথিৱী ঘূৰি থাকে সেইদৰে সূচৰিত্ৰৰ মানুহে তেওঁলোকৰ চৰিত্ৰৰ ওপৰত নিৰ্ভৰ কৰিয়ে সংসাৰত উচ্চ শিৰে  জীয়াই থাকিব পাৰে।

(খ) মানুহৰ বেয়া বৃত্তিবোৰ কৰ্ষণ নকৰাকৈ আপোন-আপুনি ফুটি ওলাই, ভালবোৰ জ্ঞান-বুদ্ধি থিৰ হলেহে দেখা দিয়ে।

উত্তৰঃ এই কথাষাৰ আমাৰ পাঠ্যপুথি ‘আপোন পাঠৰ  ‘চৰিত্ৰ’নামৰ প্ৰবন্ধৰ পৰা তুলি দিয়া হৈছে। লেখক সত্যনাথ বৰা।

সংগতি :- মানুহে বেয়া বৃত্তিবোৰ কোনেও নিহিকালেও যে সহজে গ্ৰহণ কৰে আৰু ভাল বৃত্তিবোৰ জ্ঞান-বুদ্ধি হলেহে প্ৰকাশ পায় সেই প্ৰসংগতে এইষাৰ কথা কৈছে।

বাখ্যা :- সৰুকালত মানুহ লোভ,মোহ,ক্ৰুধ আদি বেয়া বৃত্তিবোৰ সহজে গ্ৰহণ কৰি সেইবোৰৰ অধীন হৈ থাকে। তেতিয়া যিমান শিকালেও ভাল বৃত্তি গ্ৰহণ কৰিবলৈ আগনাবাঢ়ে। বেয়া বৃত্তিৰ প্ৰতি মানুহৰ আকৰ্ষণ বেছি। বেয়া বৃত্তিৰ জৰিয়তে মানুহে সহজতে লোভনীয় বস্তু পাব পাৰে। বেয়া বৃত্তিৰ ফলত মানুষ জাতিৰ অশেষ অপকাৰ হলেও তাৰ প্ৰতিহে আকৰ্ষিত হয়। কিন্তু যেতিয়া মানুহৰ মনত জ্ঞানৰ উদয় হয় বুদ্ধি বাঢ়ে তেতিয়া বেয়া বৃত্তিবোৰ এৰাই চলা সহজ কাম নহয়। সৎ চৰিত্ৰ গঠন কৰি লৈহে তাক শুধৰাই লব পাৰি। বেয়াক ভাল কৰা বা অপবিত্রক পবিত্ৰ কৰা অতি টান কাম। কিন্তু নেৰে-নেপেৰা চেষ্টাৰ ফলত চৰিত্ৰ সংশোধন কৰি ভাল বৃত্তি গ্ৰহণ কৰাটো অসাধও নহয়। 

৬। বিপৰীত শব্দ লিখা ।

উত্তৰঃ (ক) উদ্গতি –  অধোগতি ।   

(খ) অভ্যাস –  অনভ্যাস ।     

(গ) সজ  –  অসজ ।             

(ঘ) স্বর্গ –  নৰক ।

(ঙ) সৎ – অসৎ।

(চ) উজু – টান ।

(ছ) শত্ৰু – মিত্ৰ ।

৭। সমাৰ্থক শব্দ লিখা :

উত্তৰঃ (ক) সৰহ – বহুত, বেছি ।

(খ) জেউতি – পোহৰ ।

(গ) পৃথিৱী – ধৰিত্ৰী, ধৰণি, ধৰা।

(ঘ) ৰাপ – স্পৃহা, অনুৰাগ, ৰতী ।

(ঙ) বিপদ – আপদ ।

(চ) পুৰুষাৰ্থ  –  চেষ্টা, যত্ন।

(ছ) টান – কঠিন ।

৮। সমাস নিৰ্ণয় কৰা :

কুচৰিত্ৰ, ধনহীন, বিদ্যাহীন, অসজ, অপবিত্ৰ, দুৰ্ভিক্ষ, নিলকণ্ঠ, বিনাপানী, নিলোৎপল, ৰঙাজবা, কৃষ্ণঙ্গ, মহাপুৰুষ ।

উত্তৰঃ 

ব্যাস বাক্যসমাসৰ নাম
কু যি চৰিত্ৰ =কুচৰিত্ৰকৰ্মধাৰয় সমাস ।
ধনত হীন=ধনহীনসপ্তমী তৎপুৰুষ সমাস ।
বিদ্যাত হীন=বিদ্যাহীনসপ্তমী তৎপুৰুষ সমাস ।
ন সজ=অসজনঞ তৎপুৰুষ সমাস।
ন পবিত্ৰ=অপবিত্ৰনঞ তৎপুৰুষ সমাস।
ভিক্ষাৰ অভাৱ= দুৰ্ভিক্ষঅব্যয়ীভাব সমাস।
নিলৰ দৰে কণ্ঠযাৰসি=নিলকণ্ঠবহুব্ৰিহি সমাস।
নীলা যি উৎপল=নীলোৎপলবহুব্ৰিহি সমাস।
বিনাত আছে পানীত যাৰ=বিনাপানীকৰ্মধাৰয় সমাস।
ৰঙা যি জবা=ৰঙাজবাকৰ্মধাৰয় সমাস।
কৃষ্ণ যি অঙ্গ =কৃষ্ণঙ্গকৰ্মধাৰয় সমাস।
মহান যি পুৰুষ=মহাপুৰুষকৰ্মধাৰয় সমাস।

৯। সন্ধি ভঙাঃ

উত্তৰঃ (ক) হিতাহিত :- হিত‍+অহিত।

(খ) নয়ন :- নে+অন।

(গ) কদাপি :- কদা + অপি।

(ঘ) গণেশ :- গণ+এশ।

(ঙ) পৰোপকাৰ :- পৰ + উপকাৰ।

(চ) সূৰ্যোদয় :- সূৰ্য + উদয়।

(ছ) নমস্কাৰ :- নমঃ+ কাৰ।

১০। সমৰ্থক শব্দ লিখা :

উত্তৰঃ (ক) ক্ৰিয়া = কৰ্ম, কাৰ্য।

(খ) কদাপি = কেতিয়াও।

(গ) লোভ = ইচ্ছা, আকাংক্ষা।

(ঘ) উজু = সহজ, ঢিলা।

(ঙ) পশু = জন্তু।

(চ) প্ৰথম = আদি।

(ছ) তেজ =শোণিত।

(জ) শেষ =অন্ত।

(ঝ) আলয় = ঘৰ, গৃহ।

১১। বাক্য ৰচনা কৰা :

উত্তৰঃ (ক) পানীৰ তলত কাঁইট :- বৰ্তমান সংসাৰত কেতিয়াও কাক পানীৰ তলৰ কাঁইটে বিন্ধে কোনেও কব নোৱাৰে ।

(খ) আঁঠুৱাৰ তলৰ মহ :- কেতিয়াবা আঁঠুৱাৰ তলৰ মহেও বিপদত পেলায়।

(গ) পেটে ভাত খা :- অকল পেটে ভাত খাই থাকিলে জীৱনত উন্নতি কৰিব নোৱাৰি।

(ঘ) আলাই- আথানি :- মাক দেউতাকৰ অকাল মৃত্যুত লৰা-ছোৱালী দুটাৰ আলাই-আথানি হল ।

(ঙ) কঁকালত টঙালি বান্ধ :- লাচিত বৰফুকনে কঁকালত টঙালি বান্ধি মোগলৰ বিৰুদ্ধে যুদ্ধ কৰি অসমৰ স্বাধীনতা ৰক্ষা কৰিছিল।

(চ) ঘৰ ঘোনা :- ঘৰ ঘোনা মানুহে সামাজিক কামত আগবাঢ়ি নাযায়।

(ছ) হাত দীঘল :- অইনে কৰিব নোৱাৰা কামটো হাত দীঘল মানুহে সহজে কৰিব পাৰে।

(জ) চকুৰ কোটা দাঁতৰ শাল :- বদন বৰফুকন পূৰ্ণানন্দ বুঢ়া গোহাঞিৰ চকুৰ কুটা দাঁতৰ শাল আছিল।

(ঝ) আথে-বেথে :- আলহী আহিলে গৃহস্থই আথে বেথে বহিবলৈ দিয়ে।

(ঞ)ওভত গোৰে নাচ :- উভত গোৰে নাচিলে মানুহৰ আধোন্নতি হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top