Assam Jatiya Bidyalay Class 8 Assamese Chapter 17 ভীম -বকাসুৰৰ যুদ্ধ

Assam Jatiya Bidyalay Class 8 Assamese Chapter 17 ভীম -বকাসুৰৰ যুদ্ধ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় অসমীয়া Class 8 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 17 ভীম -বকাসুৰৰ যুদ্ধ Class 8 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 8 Assamese Chapter 17 ভীম -বকাসুৰৰ যুদ্ধ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 8 Assamese Chapter 17 ভীম -বকাসুৰৰ যুদ্ধ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

ভীম -বকাসুৰৰ যুদ্ধ

Chapter – 17

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১। একোটিকৈ বাক্যত উত্তৰ লিখা।

(ক) কুন্তীয়ে কাৰ বলিৰ বাবে আগবঢ়াই দিছিল ?

উত্তৰঃ কুন্তীয়ে ভীমৰ বলিৰ বাবে আগবঢ়াই দিছিল।

(খ) ভীমক কিদৰে সজাইছিল ?

উত্তৰঃ ভীমক বস্ত্ৰ -অলংকাৰ পিন্ধাই যুৱৰাজৰ দৰে সঁজাইছিল ।

(গ) ভীমক সজাই পৰাই কত বহুৱাই দিছিল ?

উত্তৰঃ ভীমক সজাই পৰাই সুবৰ্ণৰ খাটত বহুৱাই থৈছিল।

২। ভীমে বকাসুৰ অহা বুলি শুনি কি কি কৰিছিল ?

উত্তৰঃ ভীমে বকাসুৰ অহা বুলি শুনি প্ৰথমে লোথৰ ৰান্ধি থোৱা জিঞ্জিৰীবোৰ চিঙি পেলাইছিল। বকাসুৰৰ বাবে ৰাখি থোৱা সকলো ব্যঞ্জন খাই লৈ টকালি পাৰিবলৈ  ধৰিলে।

৩। ভীমে বকাসুৰক কিদৰে ককৰ্থন কৰিছিল ?

উত্তৰঃ ভীমে বকাসুৰক তাৰ কিম্ভূত কিমাকাৰ চেহেৰাৰ কথা বৰ্ণনা কৰি ককৰ্থনা কৰিছিল। বকাসুৰৰ মুখখন পথ চাফা কৰা কুদালৰ লগত তুলনা কৰি তাত তিনিচাৰী হাত দীঘল হাত আছে বুলি কৈছে। যি দাঁতে ঘৰৰ ভিতৰত চালত লাগে গৈ । বকাসুৰৰ মূৰত চুলিখিনি জুটুল-জুতুলি আৰু উঠঙা কপাল । এইদৰে ককৰ্থনা কৰাৰ পিছত বকাসুৰ আচৰিত হৈছিল যে অন্য দিনা বলীয়ে ভয়তে থাকে। কিন্তু সেইদিনা বলিয়েহে দেখোন বকাসুৰক ককৰ্থনা কৰি আছে।

৪। বকাসুৰক ভীমে কেনেকৈ পৰাস্ত কৰিছিল বুজাই লিখা।

উত্তৰঃ ভীমে বকাসুৰৰ সকলো খাদ্য খাই পেলোৱাৰ পিছত বকাসুৰে ভীমক প্ৰহাৰ কৰিবলৈ ধৰিলে। প্ৰথমে ভীমে একো প্ৰতিক্ৰিয়া নকৰি খাদ্যখিনি খাই গৈছিল। তাৰ পিছত মহাক্ৰোধত ভীমে বকাসুৰক লাহেকৈ চৰ এটা মাৰিলে। ভীমৰ চৰ খাই বকাসুৰৰ দহটা দাঁত উফলি ওলাই গল। তাৰ পিছত এখন হাতেদি দুয়োখন হাত জপাই ধৰি আনখন হাতেদি গলত চেপি ধৰিলে । বকাসুৰক ওপৰলৈ উঠাই পাক মাৰি দিয়াত সি আকাশতে মৰি থাকিল। এই দৰে ভীমে বকাসুৰক পৰাস্ত কৰিছিল।

৫। ভীম-বকাসুৰৰ কাহিনীটো তোমাৰ কথাৰে সুন্দৰকৈ লিখা ।

উত্তৰঃ ভীমে যেতিয়া বকাসুৰক বলি হিচাপে গৈছিল তেতিয়া ভীমে অলপো ভয় নাখায় বকাসুৰৰ বাবে ৰাখি থোৱা সকলো খাদ্য খাই পেলাইছিল। বকাসুৰে আহি এই দৃশ্য দেখা পাই ভীমক প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰিছিল। বকাসুৰৰ প্ৰহাৰত ভীমে অকণো কেট-কুট নকৰি আগতে খাদ্যখিনি শেষ কৰি লৈছিল। তাৰ পিছত বকাসুৰক লাহেকৈ এটা চৰ মাৰিলে। সেই চৰতে বকাসুৰৰ দহটা দাঁত উফলি পৰিছিল । ভীমে এখন হাতেৰে বকাসুৰৰ দুয়োখন হাত জপাই ধৰি আনখন হাতেৰে গলত চেপি ধৰিলে। তেতিয়া বকাসুৰৰ প্ৰাণবায়ু আকাশতে ওলাই গৈছিল। যুদ্ধত মহাবলী ভীমে অতি সহজতে বকাসুৰক পৰাস্ত কৰিছিল।

৬। প্ৰসংগ সংগতি দৰ্খাই ব্যাখ্যা কৰা।

(ক) “পাছে প্ৰৱেশাইলা নিয়া সেহি ঘৰৰ সাজ।

দন্তে ছত্ৰে ভীমক পাতিলা যুৱৰাজ।।

উত্তৰঃ প্ৰসংগ :- এই কবিতাফাঁকি আমাৰ পাঠ্যপুথি “আপোন পাঠ’ৰ কবি চন্দ্ৰ ৰাম সৰস্বতীয়ে ৰচনা কৰা ” ভীম বকাসুৰৰ যুদ্ধ” নামৰ কবিতাৰ পৰা তুলি অনা হৈছে।

ব্যাখ্যা :- পঞ্চ পাণ্ডৱৰ মাতৃ কুন্তীদেৱীয়ে যেতিয়া ব্রাহ্মনৰ সলনি মহাবীৰ ভীমক বলি হিচাপে আগবঢ়ালে তেতিয়া নিবলৈ অহা মানোবিলাকে ভীমক অস্ত্ৰ- অলংকাৰ আদিৰে অতি সুন্দৰকৈ সজাই পৰাই দোলাত তুলি লৈ গল। যিটো ঘৰত বকাসুৰৰ বাবে খাদ্য ৰখা হয় ভীমকো সেই ঘৰলৈ লৈ গল। তাত ভীমক যুৱৰাজৰ মৰ্যাদা দি সিংহাসনত বহুয়ালে। ক্ষন্তেক সময় পিছত আহি বকাসুৰে ভীমক খবৰ বাবে তেওঁক যুৱৰাজ পাতি সিংহাসনত বহুৱাই ৰাখিছিল।

(খ) হেন শুনি বকাসুৰ গুণে মনে মনে।

বলি গোট হুয়া মোক কৰে বিকৰ্ষণ।।

উত্তৰঃ প্ৰসংগ :- উদ্ধৃত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ কবিৰত্ন ৰাম সৰস্বতীয়ে ৰচনা কৰা “ভীম বকাসুৰৰ যুদ্ধ” নামৰ পাঠৰ পৰা তুলি লোৱা হৈছে।

সংগতি :- ইয়াত কবিয়ে বকাসুৰৰ আগত ভীমৰ সাহসৰ যে অভাৱ হোৱা নাই সেই কথা উল্লেখ কৰিছে।

ব্যাখ্যা :- পঞ্চ পাণ্ডৱ আৰু কুন্তীদেৱীয়ে বনবাসত থকা কালত এদিন এজন ব্ৰাহ্মণৰ ঘৰত আশ্ৰয় লৈ আছিল। সেই অঞ্চলত এটা বকাসুৰ আছিল আৰু প্ৰতিদিনে সি একোজন মানুহক ভক্ষণ কৰিছিল। সেইদিনা ব্ৰাহ্মণৰ ঘৰত পাল পৰিছিল। কুন্তীদেৱীয়ে কথাটো গম পাই ব্ৰাহ্মণৰ সলনি মহাবলী ভীমক বকাসুৰৰ ওচৰলৈ পঠিয়াই দিছিল। মহা আৰম্বেৰে ভীমক যুৱৰাজ পাতি বকাসুৰৰ ঘৰত থৈ অহাৰ পাছত তেওঁ কিছুসময় টোপনি মাৰিছিল আৰু বকাসুৰৰ শব্দত হাৰ পাই গৈছিল। হাৰ পাইয়েই লোহাৰ শিকলি ছিঙি তাত ৰাখি থোৱা খাদ্যসমূহ এফালৰ পৰা খাবলৈ ধৰিছিল। লগতে বকাসুৰক নানা ধৰনে ককৰ্থনা কৰিবলৈ ধৰিছিল। সেই সময়ত বকাসুৰৰ মনলৈ এই ভাব আহিছিল যে ভীমে বকাসুৰৰ বলি হয়ো তাক গালি পাৰি আছে।

(গ) বকাসুৰ বীৰ যেৱে যমপুৰে গৈল।

সপ্তদীপ বসুমতি টলমৰ ভৈল।

উত্তৰঃ প্ৰসংগ :- উদ্ধৃত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ ৰাম সৰস্বতীয়ে ৰচনা কৰা “ভীম-বকাসুৰৰ যুদ্ধ” নামৰ পাঠৰ পৰা তুলি দিয়া হৈছে।

সংগতি :- ইয়াত কবিয়ে দুৰ্জন বকাসুৰক বধ কৰাৰ পিছত বসুমতিৰ কেনে অৱস্থা হৈছিল সেই কথা উল্লেখ কৰিছে।

বাখ্যা :- বকাসুৰ আছিল দুৰ্জন , দুৰাচাৰ ৰাক্ষক । সি মানুহ মাৰি খাই বসুমতিৰ বুকুত বহুতো পাপ কৰ্মত লিপ্ত হৈছিল। বসুমতিয়ে তাৰ কাৰ্যত অসন্তুষ্ট হৈছিল আৰু বকাসুৰৰ ভাৰ বব নোৱাৰা অৱস্থা হৈছিল। সেই সময়ত ভীমে আদি বকাসুৰক বধ কৰিলে আৰু বসুমতি ভাৰ হৰণ কৰিলে । বকাসুৰে ভীমৰ মাৰত যেতিয়া যমপুৰি পাইছিল তেতিয়া সপ্তদ্বীপ আৰু বসুমতি লৰিবলৈ আৰম্ভ কৰিছিল। বকাসুৰৰ মৃত্যুত তাত থকা সকলো প্ৰাণীয়ে নিৰ্ভয়ে জীয়াই থাকিব পাৰিব কাৰণ আনন্দতে সকলোৰে অন্তৰত কঁপনি লাগি গৈছিল।

৭। সমাৰ্থক শব্দ লিখা।

(ক) দণ্ড – শাস্তি।            

(খ) বস্ত্ৰ – কাপোৰ।

(গ) জিঞ্জিৰি  – শিকলি।  

(ঘ) পৰমান্ন – পায়স।

(ঙ) ব্যঞ্জন – আঞ্জা।        

(চ) সন্তোষ – আনন্দ।

(ছ) দুৰ্জন  – দুৰাচাৰ।     

(জ) গৃহস্থ – গৃহপতি।

(ঝ)ৰাক্ষক – বকাসুৰ ।।   

(ঞ) সাগৰ  –  জলধি।

(ট) হৃদি – হৃদয়।

৮। উদাহৰণৰ দৰে বহুবচন বুজোৱা প্ৰত্যয়বোৰ ব্যৱহাৰ কৰা ।

উত্তৰঃ (ক) বৃন্দ – শিক্ষকবৃন্দ।

(খ) গণ – ছাত্ৰগণ।

(গ) মালা – পৰ্বত মালা।

(ঘ) মণ্ডলী – তাৰকা মণ্ডলী।

(ঙ) বৰ্গ – তাৰকা বৰ্গ।

(চ) ৰাজি – পৰ্বত ৰাজি।

(ছ) পুঞ্জ – দ্বীপ পুঞ্জ।

(জ) পাল – গৰুৰ পাল।

৯। ভাবাৰ্থ লিখা।

(ক) এশ গৰু মাৰিলে বাঘৰো মৰণ।

উত্তৰঃ বাঘে গৰু খাই। এটা, দুটা গৰু হত্যা কৰি বাঘে খালে সহজে চকুত নপৰে। কিন্তু বাঘে যেতিয়া এটাৰ পিছত এটাকৈ বহুতো গৰু নিধন কৰে মানুহ তথা জীৱ-জন্তুৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰে তেতিয়া সেই বাঘক মাৰিবলৈ সকলো সাজু হয়। অৰ্থাৎ তেনে সময়ত বাঘৰ মৃত্যু অৱশ্যম্ভাৱী । ঠিক তেনেদৰে যিসকল লোক সমাজৰ অনিষ্টকাৰী তেনে কাম কৰিয়েই থাকিলে সমাজৰ চকুত পৰে আৰু তেনে লোকৰ ধ্বংস অনিবাৰ্য।

(খ) হৰিনাৰ মাংসই বৈৰী।

উত্তৰঃ বহুক্ষেত্ৰত গুণৰাখিয়ে কাৰোবাৰ বিপদ মাতি আনিব পাৰে। হৰিণা  দেখিবলৈ বৰ সুন্দৰ আৰু ই নিৰীহ প্ৰাণী। কিন্তু তাৰ মাংসৰ লোভত মানুহ নাইবা অন্য মাংভোজী জীৱে তাক বিচাৰি ফুৰে। যাৰ ফলত হৰিনাই নিৰাপদে জীৱন-ধাৰণ কৰিব নোৱাৰে। বিশেষকৈ নিৰীহ প্ৰাণীৰ সমস্যা অধিক।সমাজত এনেকুৱা বহুতো নিৰীহ লোক আছে। যিবোৰৰ নিজৰ সম্পত্তিখিনিয়ে তেওঁলোকৰ কাৰণে বিপদৰ কাৰণ হব পাৰে। অজস্ৰ সা-সম্পত্তি থকা লোকৰ প্ৰতি অন্য কিছুমানৰ প্ৰতি হিংসা জাগে, ফলত তেনেলোকৰ শত্ৰুৰ সংখ্যাও সৰহ। হৰিনাৰ মাংসই যেনেদৰে মৃত্যুৰ কাৰণ হৈ পৰে, তেনেদৰে  মানুহৰ বিশেষ গুণ, সৌন্দৰ্য নাইবা ধন – সম্পদো মানুহৰ শত্রুৰূপে থিয় হব পাৰে।

১০। অভিধান চাই অৰ্থ লিখা।

(ক) দণ্ডে-ছাত্ৰ  = দণ্ড ছত্ৰ।

(খ) চৌদিশে = ঘূৰণীয়া দোলা।

(গ) খামুচি আকাৰ = খামুচিয়া আকৃতি।

(ঘ) বিকৰ্থন = ককৰ্থনা , গালি।

(ঙ) সিভিতি = সিটো।

(চ) আজোৰ পিজোৰ = আজাৰ -পিজাৰ, টনা-আজোৰা।

(ছ) মহাকোপে = মহাখঙত।

(জ) চাসব = চোঁৱৰ।

(ঝ) চাঞ্চিবাব = চাঁচিবলৈ।

(ঞ) ইভিতি = ইটো।

(ট) টলমল = তল-ওপৰ।

(ঠ) কুক্ষিত = পেটত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top