Assam Jatiya Bidyalay Class 7 Social Science Chapter 1 ত্রয়োদশ শতিকাৰ পৰা ষোড়শ শতিকালৈ অসমত আহোমৰ শাসন

Assam Jatiya Bidyalay Class 7 Social Science Chapter 1 ত্রয়োদশ শতিকাৰ পৰা ষোড়শ শতিকালৈ অসমত আহোমৰ শাসন, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 7 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Class 7 Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 7 Social Science Chapter 1 ত্রয়োদশ শতিকাৰ পৰা ষোড়শ শতিকালৈ অসমত আহোমৰ শাসন Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. Assam Jatiya Bidyalay Class 7 Social Science Chapter 1 ত্রয়োদশ শতিকাৰ পৰা ষোড়শ শতিকালৈ অসমত আহোমৰ শাসন The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

ত্রয়োদশ শতিকাৰ পৰা ষোড়শ শতিকালৈ অসমত আহোমৰ শাসন

Chapter -1

ASSAM JATIYA VIDYALAYA

অসম জাতীয় বিদ্যালয়

প্ৰশ্ন ১। আহোমসকলে কোন পথেদি অসমত প্ৰৱেশ কৰিছিল?

উত্তৰঃ অসমৰ উত্তৰ-পূব সীমান্তৰ পাটকাই পৰ্বতৰ পাংচৌ গিৰিপথ পাৰ হৈ অসমত প্ৰৱেশ কৰিছিল।

প্রশ্ন ২। কোন কোন দেশক টাই জাতিৰ মানুহৰ প্ৰধান বসতিস্থল বোলা হয়? 

উত্তৰঃ ম্যানমাৰ, চীন আদি দেশক টাই জাতিৰ মানুহৰ প্ৰধান বসতিস্থল বুলি কোৱা হয়।

প্রশ্ন ৩। ম্যানমাৰৰ কোনখন ঠাইৰ পৰা চুকাফাই অসম অভিমুখে যাত্রা আৰম্ভ কৰিছিল?

উত্তৰঃ ম্যানমাৰৰ মাওলু নামৰ ঠাইৰ পৰা চুকাফাই অসম অভিমুখে যাত্রা আৰম্ভ কৰিছিল।

প্রশ্ন ৪। কিমান খ্ৰীঃত চুকাফাই চৰাইদেউত ৰাজধানী স্থাপন কৰি আহোম ৰাজত্বৰ পাতনি মেলিছিল? 

উত্তৰঃ ১২৫৩ খ্ৰীঃত চুকাফাই চৰাইদেউত ৰাজধানী স্থাপন কৰি আহোম ৰাজ্যৰ পাতনি মেলিছিল।

প্রশ্ন ৫। চুকাফাই অসমত ৰাজ্য স্থাপন কৰাৰ সময়ত মৰাণ আৰু বৰাহী ৰাজ্যৰ ৰজা দুজনৰ নাম লিখা?

উত্তৰঃ মৰাণ ৰাজ্যৰ ৰজাজনৰ নাম বডৌচা আৰু বৰাহী ৰাজ্যৰ ৰজাজনৰ নাম থাকুমথা।

প্রশ্ন ৬। শাসনকার্যত সহায় কৰিবলৈ চুকাফাই কি কি মন্ত্ৰী পদবীৰ সৃষ্টি কৰিছিল? 

উত্তৰঃ বৰগোহাঁই আৰু বুঢ়াগোহাঁই নামৰ দুজন মন্ত্রী পদবীৰ সৃষ্টি কৰিছিল।

প্রশ্ন ৭। কিমান খ্ৰীঃৰ পৰা কিমান খ্ৰীঃলৈকে প্ৰথমবাৰৰ বাবে ৰজা নোহোৱাকৈ আহোম ৰাজ্যৰ শাসন চলিছিল? 

উত্তৰঃ ১৩৭৬ খ্ৰীঃৰ পৰা ১৩৮০ খ্ৰীঃলৈকে ৰজা নোহোৱাকৈ আহোম ৰাজ্যৰ শাসন চলিছিল।

প্রশ্ন ৮। কিমান খ্ৰীঃত চুডাংফাই ৰাজপাটত আৰোহণ কৰিছিল? 

উত্তৰঃ ১৩৯৭ খ্ৰীঃত চুডাংফা ৰজা হয়।

প্রশ্ন ৯। চুহুংমুঙক কিয় দিহিঙীয়া ৰজা নামেৰে জনা গৈছিল? 

উত্তৰঃ দিহিং নৈৰ পাৰৰ বকতা নামে ঠাইলৈ ৰাজধানী স্থানান্তৰ কৰিছিল বাবে চুহুংমুঙক দিহিঙীয়া ৰজা নামেৰে জনা গৈছিল।

প্রশ্ন ১০। কোনজন আহোম ৰজাৰ ৰাজত্বকালত মুছলমানে প্ৰথমবাৰৰ বাবে অসম আক্ৰমণ কৰে?

উত্তৰঃ চুহুংমুঙৰ ৰাজত্বকালত। 

প্রশ্ন ১১। মৰাণ, বৰাহী আদি জাতিৰ প্ৰতি চুকাফাই কেনে ধৰণৰ মনোভাৱ গ্ৰহণ কৰিছিল লিখা?

উত্তৰঃ মৰাণ, বৰাহী আদি জাতিৰ প্ৰতি চুকাফাই বন্ধুত্বপূর্ণ মনোভাৱ লৈছিল। কাৰণ মৰাণ, বৰাহী এই দুয়োটা জাতিয়ে চুকাফাৰ শ্ৰেষ্ঠত্ব মানি লৈছিল। চুকাফাই জানিছিল যে নতুন ঠাইত ৰাজ্য স্থাপন কৰি ওচৰ-চুবুৰীয়াৰ লগত সদ্‌ভাৱ ৰাখিলেহে নিজৰ ৰাজ্য শাসন কৰিব পাৰিব।

প্রশ্ন ১২। ৰাজ্য শাসনৰ সুবিধাৰ অৰ্থে চুহুংমুঙে কিমানটা ৰাজফৈদৰ সৃষ্টি কৰিছিল? সেইবোৰ কি কি?

উত্তৰঃ ৰাজ্য শাসনৰ সুবিধাৰ অৰ্থে চুহুংমুঙে সাতোটা ৰাজফৈদৰ সৃষ্টি কৰিছিল। সেইবোৰ হ’ল— দিহিঙীয়া, চাৰিঙীয়া, তিপমীয়া আৰু তুংখুঙীয়া, চামগুৰীয়া, নামৰূপীয়া আৰু পৰ্বতীয়া। এই সাতোটা ফৈদৰ পৰা ৰজা আৰু ৰাজবিষয়া নিৰ্বাচন কৰা হৈছিল।

প্রশ্ন ১৩। চুহুংমুঙে সৃষ্টি কৰা স্থানীয় শাসনকৰ্তাৰ কি কি পদৰ সৃষ্টি কৰিছিল?

উত্তৰঃ চুহুংমুঙে সৃষ্টি কৰা স্থানীয় শাসনকৰ্তাৰ পদবোৰ আছিল— বৰপাত্ৰগোহাঁই, শদিয়াখোৱা গোহাঁই আৰু মৰংগীখোৱা গোহাঁই! তাৰে বৰপাত্ৰগোহাঁইৰ পদটো আছিল বুঢ়াগোহাঁই আৰু বৰগোহাঁইৰ সমমর্যাদাৰ।

প্রশ্ন ১৪। চুকাফাৰ শাসন ব্যৱস্থা সম্পর্কে এটি চমু বিৱৰণ দিয়া?

উত্তৰঃ আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা চুকাফা এজন সাহসী, জ্ঞানী আৰু দূৰদৰ্শী ব্যক্তি আছিল। মাওলুঙৰ পৰা নতুন ৰাজ্য স্থাপনৰ উদ্দেশ্যে অসম অভিমুখে আহোঁতে তেওঁৰ সৈতে ৮ জন ডা-ডাঙৰীয়াসহ ৯০০০ মান পুৰুষ-মহিলাৰ এটা দল আহিছিল।

চৰাইদেউত ৰাজধানী স্থাপন কৰি ৰাজ্য শাসনৰ সুবিধাৰ বাবে বৰগোহাঁই আৰু বুঢ়াগোহাঁই নামৰ দুজন ডাঙৰীয়াৰ পদবী সৃষ্টি কৰিছিল। প্ৰথম অৱস্থাত চুকাফাৰ ৰাজ্যখন সৰু আছিল। সেয়েহে যুদ্ধ-বিগ্ৰহ, ওচৰ-চুবুৰীয়া, জাতি, ৰাজ্যসমূহৰ সৈতে সু-সম্পর্ক স্থাপন কৰি শাসন চলাই ছিল।

ৰাজ্য শাসনৰ ক্ষেত্ৰত চুকাফা কঠোৰ আৰু দয়াশীল আছিল। দোষীক শাস্তি প্ৰদান কৰিছিল। আনহাতে, বশ্যতা স্বীকাৰ কৰা আন জাতিৰ প্ৰতি চুকাফাই উদাৰ মনোভাৱ দেখুৱাইছিল। আকাৰণত যুদ্ধ-বিগ্ৰহ কৰি নিজৰ শক্তি সামর্থ ক্ষয় কৰিব নিবিচাৰিছিল। এই কাৰণে চুকাফাক এজন দক্ষ প্রশাসক হিচাপে প্ৰমাণ পোৱা যায়।

প্রশ্ন ১৫। চুকাফাৰ ৰাজত্বকালৰ গুৰুত্ব সম্পর্কে চমুৱাই আলোচনা কৰা।

উত্তৰঃ চুকাফাই প্ৰতিষ্ঠা কৰা আহোম শাসনে অসমৰ ইতিহাসত নতুন যুগৰ সূচনা কৰে। চুকাফাৰ নেতৃত্বত আহোম ৰাজ্যৰ সদৃঢ় ভেটি স্থাপন হৈছিল। ইয়ে আহোমৰ সফল আৰু দীৰ্ঘদিনীয়া ৰাজত্বৰ এক অন্যতম কাৰণ।

চুকাফাই অসমত পোনপ্ৰথমে বুৰঞ্জী লিখাৰ নিয়ম প্ৰৱৰ্তন কৰিছিল। বুৰঞ্জী লিখিবলৈ তেওঁ একশ্রেণীৰ গুণী-জ্ঞানী লোকক বিশেষভাৱে নিযুক্তি দিছিল। এই লোকসকলে ৰজাৰ ৰাজত্বকালৰ বিষয়ে কথাবোৰ একাদিক্রমে লিখি গৈছিল। বুৰঞ্জী ৰচনাৰ প্ৰতি চুকাফাৰ আগ্ৰহ আৰু পৃষ্ঠপোষকতাই তেওঁৰ সময়ৰ প্ৰতি থকা সচেতনতা আৰু প্ৰজাৰ প্ৰতি থকা দায়িত্ববোধকে প্ৰমাণ কৰে।

চমুটোকা লিখা—

১। ত্যাওখামথি।

উত্তৰঃ ১৩৮০ খ্ৰীঃত পূৰ্বৰ ৰজা চুখাংফাৰ পুত্ৰ ত্যাওখামথি আহোমৰ ৰজা হয়। ত্যাওখামথিৰ দুগৰাকী ৰাণী আছিল। ডাঙৰ গৰাকী ৰাণী উচ্চাকাংক্ষী আৰু ঈর্ষাপরায়ণা আছিল। ৰজাৰ অনুপস্থিতিৰ সুযোগ লৈ তেওঁ ৰাজক্ষমতাৰ অপব্যৱহাৰ কৰিছিল। কথিত আছে যে ঈৰ্ষাপৰায়ণ হৈ তেওঁ সৰুগৰাকী ৰাণীক গৰ্ভৱতী অৱস্থাত ৰাজ্যৰ পৰা খেদি পঠাই ছিল। ৰজাই ডাঙৰ ৰাণীৰ এনে কাৰ্যৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্রহণ কৰা নাছিল। এনেবোৰ কথাত অসন্তুষ্ট হৈ ত্যাওখামথি আৰু ডাঙৰগৰাকী ৰাণীক ডাঙৰীয়াসকলে ষড়যন্ত্ৰ কৰি হত্যা কৰে।

২। চুডাংফা।

উত্তৰঃ ১৩৯৭ খ্ৰীঃত চুডাংফা ৰজা হয়। ব্ৰাহ্মণ পৰিয়ালত ডাঙৰ-দীঘল হোৱা বাবে তেওঁক বামুনী কোঁৱৰ নামেৰেও জনা যায়। চুডাংফাই শিৱসাগৰৰ ওচৰত দিহিং নৈৰ পাৰৰ চৰণ্ডৱা নামে এখন ঠাইত নতুন ৰাজধানী স্থাপন কৰে।

চুডাংফাৰ ৰাজত্বকালত পোনপ্ৰথমবাৰৰ বাবে আহোমসকলৰ মাজত হিন্দু-ব্রাহ্মণ ধৰ্মৰ প্রভাৱ পৰে।

চুডাংফাৰ ৰাজত্বকালত তিপাম অঞ্চলৰ লোকসকলে তেওঁৰ ৰাজত্বৰ বিৰোধিতা কৰিছিল। চুডাংফাই যুদ্ধ আৰু ৰাজনৈতিক কৌশলেৰে তিপমীয়াৰ বিদ্ৰোহ দমন কৰিবলৈ সক্ষম হৈছিল। চুকাফাৰ পিছত চুডাংফাকেই আহোমৰ শক্তিশালী ৰজা বুলি ক’ব পাৰি।

প্রশ্ন ১৬। চুহুংমুঙৰ ৰাজত্বকালত মুছলমানৰ অসম আক্ৰমণৰ বিষয়ে এটি বিৱৰণ লিখা।

উত্তৰঃ চুহুংমুঙৰ সমসাময়িক বংগদেশৰ মুছলমান শাসকসকল আছিল আল্লাউদ্দিন হুছেইন শ্বাহ আৰু তেওঁৰ উত্তৰাধিকাৰীসকল। আল্লাউদ্দিনৰ পুত্ৰ নছৰৎ শ্বাহৰ ৰাজত্বকালতেই বৰ উজীৰ নামৰ এজন সেনাপতিৰ নেতৃত্বত ১৫২৭ খ্ৰীঃত মুছলমানে আহোম ৰাজ্য আক্ৰমণ কৰে। আহোম ৰাজবংশৰ ৰাজত্বকালত সেয়াই আছিল, মুছলমানৰ প্ৰথম অসম আক্রমণ। মুছলমান আক্রমণক আহোম সৈন্যই অতি বীৰত্বৰে প্ৰতিহত কৰিছিল। ইয়াৰ কিছুদিনৰ পিছতে বিত মালিক নামৰ এজন সেনাপতিৰ নেতৃত্বত মুছলমানে পুনৰ ৰাজ্য আক্ৰমণ কৰে। দুয়োপক্ষৰ মাজত হোৱা যুদ্ধত আহোমে জয়লাভ কৰে।

প্রশ্ন ১৭। চুহুংমুঙৰ ৰাজত্বকালৰ গুৰুত্ব সম্পর্কে এটি টোকা লিখা? 

উত্তৰঃ চুহুংমুঙে তুৰ্বৰ্কৰ সৈন্যবাহিনীক পৰাস্ত কৰাৰ লগে লগে সমগ্ৰ ভাৰততে আহোম ৰজা আৰু ৰাজ্যৰ গৌৰৱ বৃদ্ধি পায়। মুছলমানক পৰাস্ত কৰাৰ পিছত চুহুংমুঙে নগা, কছাৰী, কোচ আৰু মণিপুৰ ৰাজ্যৰ বিপক্ষেও নিজৰ শ্ৰেষ্ঠত্ব প্ৰমাণ কৰিছিল।

চুহুংমুঙৰ ৰাজত্বকালত আহোমৰ মাজত হিন্দু ধৰ্মৰ প্ৰভাৱ বৃদ্ধি হৈছিল। তেৱেই স্বৰ্গনাৰায়ণ নাম গ্ৰহণ কৰে আৰু আহোম ৰজাক স্বৰ্গদেউ বুলি সম্বোধন কৰাৰ নিয়ম প্ৰৱৰ্তন কৰে। এওঁৰ ৰাজত্বকালতে হিন্দুৰ শকাব্দ অনুসৰি বছৰ গণনা আৰম্ভ হয়। তাৰ উপৰি অসমীয়া ভাষাত বুৰঞ্জী লিখা প্ৰথা আৰম্ভ হয়।

দেশ শাসনৰ সুবিধাৰ বাবে চুহুংমুঙে বহুতো নতুন পদবীৰ সৃষ্টি কৰিছিল। বৰগোহাঁই আৰু বুঢ়াগোহাঁইৰ সমমর্যাদাৰ বৰপাত্ৰগোহাঁই নামৰ পদ এটাৰ সৃষ্টি কৰি কনচেং নামৰ কোঁৱৰ এজনক নিযুক্তি দিছিল। শদিয়াখোৱা গোহাই, মৰংগীখোৱা গোহাঁই আদি পদবী সৃষ্টি কৰি চুহুংমুঙে ৰাজ্যৰ আভ্যন্তৰীণ শাসন ব্যৱস্থা শক্তিশালী কৰিছিল। চুহুংমুঙে দিহিং, চাৰিং, তিপাম আৰু তুংখুং নামৰ ঠাইকেইখনত চাৰিখন ৰাজ্য পাতিছিল। তেওঁ তাতে তেওঁৰ ল’ৰাকেইজনক শাসন কৰিব দিছিল। তেতিয়াৰে পৰা চাৰিটা কোঁৱৰ ফৈদৰ সৃষ্টি হৈছিল।

উল্লেখযোগ্য যে আহোম ৰাজত্বকালত সাতোটা ৰাজফৈদ সৃষ্টি হৈছিল আৰু এই ৰাজফৈদৰ পৰাই ৰজা আৰু ৰাজ বিষয়া নির্বাচন হৈছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top