Assam Jatiya Bidyalay Class 7 History Chapter 14 অসমৰ লোক-বিশ্বাস, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় ইতিহাস Class 7 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Class 7 History Question Answer can be of great value to excel in the examination.
Assam Jatiya Bidyalay Class 7 History Chapter 14 অসমৰ লোক-বিশ্বাস Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. Assam Jatiya Bidyalay Class 7 History Chapter 14 অসমৰ লোক-বিশ্বাস The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.
অসমৰ লোক-বিশ্বাস
Chapter -14
ASSAM JATIYA VIDYALAYA
অসম জাতীয় বিদ্যালয়
প্রশ্নোত্তৰঃ
১। লোক-বিশ্বাস কাক বোলে?
উত্তৰঃ যিবোৰ বিশ্বাস একোখন সমাজৰ, একোটা জাতিৰ ধ্যান-ধাৰণা, মানসিকতা, ৰুচি-অভিৰুচি আৰু জীৱন নিৰ্বাহ প্ৰণালী আদি কথাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠে, তাকে লোক-বিশ্বাস বোলে।
২। লোক-বিশ্বাস অনুসৰি কি কি বস্তুক ভগৱানৰ প্ৰতীক হিচাবে পূজা কৰা হয়?
উত্তৰঃ লোক-বিশ্বাস অনুসৰি বিভিন্ন জীৱ-জন্তু, গছ, শিল, জুই আদিক ভগৱানৰ প্ৰতীক হিচাবে পূজা কৰা হয় ।
৩। হিন্দু ধর্মাবলম্বীসকলে শ্মশ্মশানত মৰা শ দাহ কৰি অহাৰ পিছত কেনে ধৰণৰ লোক-বিশ্বাস পালন কৰে?
উত্তৰঃ হিন্দু ধৰ্মাৱলম্বীসকলে মৰাশ শ্মশানত দাহ কৰি অহাৰ পিছত ঘৰৰ বাহিৰতে গা ধুই চোতালৰ মূৰত জুই একুৰা ধৰি ভৰি সেকি পিছত শিল এচটাত ভৰি ৰাখে। এনেদৰে মৰাশৰ সৈতে চোৱা-চিতাৰ সময়ত লগা চুৱা নাইবা অশৌচ দূৰ হয় বুলি বিশ্বাস কৰা হয়
৪। চৰাইৰ কণীৰ সৈতে জড়িত লোক-বিশ্বাস কি লিখা ।
উত্তৰঃ অসমৰ অতি তাৎপর্যপূর্ণ সামাজিক অনুষ্ঠানমূলক উৎসৱ হৈছে বিয়া। এই বিয়াৰ লগত চৰাইৰ কণীৰ সৈতে জড়িত লোক-বিশ্বাস জড়িত। বিয়াৰ বাবে সজা বেইৰ তলত বা ওচৰত কণী পুতি থোৱাৰ বিশ্বাস আছে। কণীৰপৰা পোৱালি হোৱাৰ লগত ভবিষ্যতে সংসাৰৰ শ্ৰীবৃদ্ধি হোৱা, সতি-সন্ততিৰ কল্যাণ হোৱা আদি লোক-বিশ্বাস জড়িত কৰা হৈছিল।
৫। সাপৰ সৈতে কেনে ধৰণৰ লোক-বিশ্বাস জড়িত লিখা।
উত্তৰঃ অসমৰ গ্ৰাম্য জীৱনত ধানৰ ভঁড়াল, টকা-পইচা আৰু সোণৰ অলংকাৰ ৰখা ঠাইত ফেঁটী সাপ থাকিলে তাক মাৰিব নাপায় বুলি বিশ্বাস কৰা হৈছিল। কোনো ঠাইলৈ যাত্ৰা আৰম্ভ কৰাৰ সময়ত পথৰ সোঁফালে সাপ দেখাটো অমংগলৰ চিন বুলি ধৰা হয়। তেনেদৰে যোৰ যোৱা সাপ দেখিলে তেনে সাপৰ ওপৰত কিছু আঁতৰপৰা কাপোৰ এখন পেলাই দিয়া হয়। সেই কাপোৰে সফলতা আৰু জয় কঢ়িয়াই আনে বুলি বিশ্বাস কৰা হয়।
৬। লো ধাতুৰ সৈতে কেনে ধৰণৰ লোক-বিশ্বাস আছে লিখা।
উত্তৰঃ লো-ধাতুৰ সৈতে বহু লোক-বিশ্বাস জড়িত। লোৰ আঙঠি পিন্ধিলে বা নিজৰ লগত ৰাখিলে ভূত-প্রেত, প্রেতাত্মাৰ অপকাৰৰ পৰা নিৰাপদে থাকিব পাৰে বুলি বিশ্বাস কৰা হয়। শ্মশানত মৃত মানুহ সৎকাৰ কৰা মানুহৰ হাতত, সন্তান জন্ম হোৱাৰ পিছত মাক আৰু কেঁচুৱা শোৱা বিছনাত কটাৰী, কাঁচি আদি ৰখা, বিয়াৰ দিনা দৰা-কইনাৰ কাপোৰত সৰু কটাৰী একোখন থকা আদি কথাই ভূত-প্রেত আদিৰ দৰে অশুভ শক্তিৰ পৰা ৰক্ষা পোৱাৰ লোক-বিশ্বাস আমাৰ সমাজত আজিও প্ৰচলিত হৈ আছে।
৭। মাছ মৰাৰ সৈতে জড়িত লোক-বিশ্বাসৰ বিষয়ে লিখা।
উত্তৰঃ মাছ অসমৰ মানুহৰ খাদ্যৰ এক প্রধান উপাদান। মাছৰ সৈতে বহু লোক বিশ্বাস জড়িত আছে। মাছ ধৰিবলৈ জকাই, জুলুকি, জাল, পল আদি ব্যৱহাৰ কৰা হয়। মাছ মাৰিবলৈ যোৱাৰ আগতে এনে সঁজুলিবোৰক চোতাল সৰা বাঢ়নীৰে কোবাই লোৱাৰ বিশ্বাস প্রচলন আছে। আন এটি লোক-বিশ্বাসমতে, সপোনত বগা মাছ দেখা পালে শুভ আৰু ক’লা ৰঙৰ মাছ দেখাটো অশুভ কথা বুলি গণ্য কৰা হয় ।
অতিৰিক্ত প্রশ্নোত্তৰঃ
১। নৱজাতক জন্ম হোৱাৰ পিছত কেনেকুৱা লোক-বিশ্বাস মতে কেনেকুৱা নিয়ম পালন কৰা হয়?
উত্তৰঃ নৱজাতক জন্ম হোৱাৰ পিছত ঘৰৰ বাহিৰলৈ সূৰ্যৰ পোহৰ দেখুৱাবলৈ হোৱা অনুষ্ঠানত শিলৰ দুটা পতাগুটি পানীত তিয়াই লৈ যুঁজাই দিয়া হয়। এনে কৰিলে। নৱজাতকৰ শক্তি-সামর্থ্য বাঢ়ে বুলি বিশ্বাস কৰা হয় ।
২। নতুন ধানৰ থোৰেৰে পদুলিমুখত কিয় পূজা দিয়া হয়?
উত্তৰঃ অসমৰ সমাজত গঢ় লোৱা এক লোক-বিশাস অনুসৰি আঘোণ মাহত নতুন ধানৰ থোৰেৰে পদুলিমুখত এক পূজা দিয়া হয়। এনে কৰিলে পিছৰ বছৰ ধান খেতি অধিক উৎপাদনক্ষম হয় বুলি বিশ্বাস কৰা হয়।
৩। সিজু গছৰ লগত জড়িত লোক-বিশ্বাসটো কেনেকুৱা?
উত্তৰঃ অসমৰ কিছুমান মানুহে ঘৰৰ কাষতে সিজু গছ ৰোৱে। এই সিজু গছ ৰোৱাৰ লগত এক লোক-বিশ্বাস জড়িত হৈ আছে। এই লোক-বিশ্বাসমতে ঘৰৰ কাষত সিজু গছ থাকিলে জুই, ধুমুহা, শিল-বৰষুণ আদিৰপৰা ৰক্ষা পোৱা যায় ।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.