Assam Jatiya Bidyalay Class 6 Science Chapter 12 প্ৰকৃতিৰ এক মহৎ দান

Assam Jatiya Bidyalay Class 6 Science Chapter 12 প্ৰকৃতিৰ এক মহৎ দান, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় বিজ্ঞান Class 6 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 12 প্ৰকৃতিৰ এক মহৎ দান Class 6 Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 6 Science Chapter 12 প্ৰকৃতিৰ এক মহৎ দান Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 6 Science Chapter 12 প্ৰকৃতিৰ এক মহৎ দান provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

প্ৰকৃতিৰ এক মহৎ দান

Chapter – 12

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

পাঠটোৰ মূলকথা : পানী আমাৰ পৰম বন্ধু। পানীয়ে জীৱৰ প্ৰাণ। পানী অবিহনে জীৱ-জন্তু, গছ-গছনি একোৱে জীয়াই নাথাকে। পৃথিৱীৰ উপৰিভাগৰ দুই-তৃতীয়াংশই পানী। ইয়াৰ বেছিভাগ পানী সাগৰ-মহাসাগৰ আদিত পোৱা যায়। পানী বিভিন্ন অৱস্থাত পোৱা যায়। ঠিক তেনেকৈ আমাৰ শৰীৰৰ 70 শতাংশই পানী। আকৌ পানী আমি বিভিন্ন কামত ব্যৱহাৰ কৰো। পানীত বিভিন্ন ধৰণৰ বিষাক্ত দ্রব্যও মিহলি হৈ থাকে। ইয়াৰ পৰা বিভিন্ন বেমাৰৰ বীজাণু বিয়পিব পাৰে। গতিকে পানী আমি সদায় পৰিশোধন কৰি ব্যৱহাৰ কৰিব লাগে। অকল ফিল্টাৰ কৰিলে ইয়াৰ পৰিশোধন নহয়। ফিল্টাৰ কৰাৰ লগতে আমি খোৱা পানী সদায় গৰম কৰা উচিত।

পাঠভিত্তিক প্রশ্নাৱলীৰ উত্তৰ

১। শুদ্ধ উত্তৰটো বাছি উলিওৱা।

(i) পৃথিৱীপৃষ্ঠত থকা কিমান শতাংশ পানী ব্যৱহাৰযোগ্য ?

(a) 97%

(b) 3% 

(c) 75% 

(d) এটাও নহয়

উত্তৰঃ (d) এটাও নহয় ।

(ii) ডাৱৰ সৃষ্টি আৰু বৰষুণৰ লগত তলৰ কোনকেইটা প্রক্রিয়া জড়িত ?

(a) ঘনীভৱন ।

(b) অধঃক্ষেপণ ।

(c) বাষ্পীভবন ।

(d) [a] আৰু [c] দুয়োটা ।

উত্তৰঃ (d) [a] আৰু [c] দুয়োটা ।

(iii) ব্যৱহাৰযোগ্য পানীৰ উৎস হ’ল—

(a) সাগৰ ।

(b) মহাসাগৰ ।

(c) কুঁৱা ।

(d) এটাও নহয় ।

উত্তৰঃ (c) কুঁৱা ।

(iv) অতি কম পৰিমাণৰ বৰষুণ হ’লে কি ঘটে ?

(a) ধুমুহা ।

(b) অনাবৃষ্টি ।

(c) বানপানী ।

(d) ঘনীভৱন ।

উত্তৰঃ (b) অনাবৃষ্টি ।

(v) তলৰ কোনটো পানী সংৰক্ষণৰ শুদ্ধ পদ্ধতি নহয় ?

(a) ফুটা পাইপৰপৰা পানী ওলাই থকা বন্ধ কৰা। 

(b) পানী টেংকিৰপৰা পানী পৰি থকা বন্ধ কৰা।

(c) প্রতিদিনে মাত্র দুগিলাছ পানী খোৱা। 

(d) খুলি থোৱা টেপ বন্ধ কৰাৰ অভ্যাস কৰা।

উত্তৰঃ (c) প্রতিদিনে মাত্র দুগিলাছ পানী খোৱা ।

২। স্তম্ভ A আৰু স্তম্ভ B মিলোৱাঁ :

স্তম্ভ Aস্তম্ভ B
(i) কম পৰিমাণৰ বৰষুণ(a) নদী
(ii) অতিমাত্ৰা বৰষুণ(b) পানী সংৰক্ষণ
(iii) পৃষ্ঠ জল(c) সাগৰ
(iv) বৰষুণৰ পানী ধৰি ৰখা(d) অনাবৃষ্টি
(v) লুণীয়া পানী(e) বানপানী

উত্তৰঃ   

স্তম্ভ Aস্তম্ভ B
(i) কম পৰিমাণৰ বৰষুণ(d) অনাবৃষ্টি
(ii) অতিমাত্ৰা বৰষুণ(e) বানপানী
(iii) পৃষ্ঠ জল(a) নদী
(iv) বৰষুণৰ পানী ধৰি ৰখা(b) পানী সংৰক্ষণ
(v) লুণীয়া পানী(c) সাগৰ

৩। তলৰ প্ৰতিটোৰে দুটাকৈ উদাহৰণ দিয়াঃ

(i) লুণীয়া পানীৰ প্ৰাকৃতিক উৎস ―――    ―――

(ii) পানীৰ ঔদ্যোগিক ব্যৱহাৰ ―――   ―――

(iii) পানী সংৰক্ষণৰ উপায় ―――   ―――

(iv) জল প্ৰদূষক ―――   ―――

(v) পানীৰ ঘৰুৱা ব্যৱহাৰ ―――   ―――

উত্তৰঃ (i) লুণীয়া পানীৰ প্ৰাকৃতিক উৎস  সাগৰ মহাসাগৰ

(ii) পানীৰ ঔদ্যোগিক ব্যৱহাৰ বিদ্যুৎ উৎপাদন নাওঁ চলোৱা

(iii) পানী সংৰক্ষণৰ উপায় বৰষুণৰ পানী ধৰি ৰখা পানী  অপব্যৱহাৰ নকৰা

(iv) জল প্ৰদূষক আৱৰ্জনা নলা-নর্দমা

(v) পানীৰ ঘৰুৱা ব্যৱহাৰ খোৱা গা-ধোৱা

৪। চমু উত্তৰ দিয়া :

(i) পৃষ্ঠজলৰ তিনিটা উৎসৰ নাম লিখা।

উত্তৰঃ পৃষ্ঠজলৰ তিনিটা উৎস হ’ল— নদী, খাল, বিল আদি।

(ii) পৃথিৱীপৃষ্ঠৰ অধিকাংশ পানী ক’ত থাকে ? 

উত্তৰঃ পৃথিৱীপৃষ্ঠৰ অধিকাংশ পানী সাগৰ আৰু মহাসাগৰত থাকে।

(iii) জলচক্র কাক বোলে ?

উত্তৰঃ পৃথিৱী পৃষ্ঠত থকা পানীৰ কিছু অংশ ভাপ হৈ বায়ুমণ্ডললৈ উৰি যায়। পুনৰ এই ভাপৰ ঘনীভৱন ঘটি বৰষুণ হিচাপে পৃথিৱীলৈ নামি আহে। পানীৰ এই চক্ৰীয় গতিক জলচক্র বোলে।

(iv) ভূ-জল বুলিলে কি বুজা ?

উত্তৰঃ বৰষুণৰ পানীয়ে নদী, পুখুৰী, সাগৰ-মহাসাগৰ আদি ওপচায় পেলায়। কিছু পৰিমাণৰ পানী পৃথিৱীৰ ভিতৰভাগলৈ সোমাই যায়। ভূ-পৃষ্ঠৰ ভিতৰত সোমাই থকা এই পানীক ভূ-জল বোলে।

(v) অনাবৃষ্টি কাক বোলে ?

উত্তৰঃ একেৰাহে বহুদিন বৰষুণ নিদিলে বা অতি কম পৰিমাণে বৰষুণ দিলে নদী, খাল-বিল আদি শুকাই যায়। মাটিবোৰ ফাটি যায়। ইয়াকে অনাবৃষ্টি (drought) বোলে।

(vi) পানী সংৰক্ষণৰ বাবে ঘৰত তুমি কি কৰিবা ?

উত্তৰঃ পানী সংৰক্ষণৰ বাবে কৰিবলগীয়া কাম হ’ল—

(ক) প্ৰয়োজনতকৈ বেছি পানী অযথা নষ্ট কৰিব নালাগে। 

(খ) বৰষুণৰ পানী ধৰি ৰাখিব লাগে।

৫। উত্তৰ দিয়াঃ

(i) পানীৰ পাঁচটা ব্যৱহাৰ উল্লেখ কৰাঁ।

উত্তৰঃ পানীৰ পাঁচটা ব্যৱহাৰ হ’ল—

(ক) পানী খাব লাগে। 

(খ) গা ধুব লাগে।

(গ) কাপোৰ ধূব লাগে। 

(ঘ) বাছন ধূব লাগে। 

(ঙ) খেতি পথাৰত দিব লাগে।

(ii) চিত্রসহ জলচক্ৰৰ বিষয়ে বুজাই লিখা।

উত্তৰঃ আচলতে একেখিনি পানীয়েই পৃথিৱীপৃষ্ঠৰ পৰা বাষ্প হিচাপে বায়ুমণ্ডললৈ গৈছে। পিছত বৰষুণ বা বৰফ হিচাপে পৃথিৱীলৈ আহিছে। পুনৰ জলীয় বাষ্প হিচাপে বায়ুমণ্ডললৈ গৈছে। এনেদৰে একেখিনি অহৰহ গতি কৰি থাকে। ইয়াকে জলচক্র (water cycle) বোলে।

(iii) বৰষুণৰ পানী সংৰক্ষণ বুলিলে কি বুজা ? য়াৰ প্ৰয়োজনীয়তা উল্লেখ কৰা ।

উত্তৰঃ বৰষুণৰ পানী সংৰক্ষণ কৰাটো, পানীৰ অভাৱ পূৰণৰ আন এটা উপায় বুলি ক’ব পাৰি। বৰষুণ দিয়া সময়ত ঘৰৰ ছালেৰে বহুত পানী নামি আহে। এই পানী যদি আমি ধৰি ৰাখো, তেন্তে আমি ইয়াক গা-ধোৱা, বাছন-ধোৱা আদি কামত ব্যৱহাৰ কৰিব পাৰো।

(iv) অনাবৃষ্টিৰ কাৰণ আৰু ইয়াৰ প্ৰভাৱ ব্যাখ্যা কৰা।

উত্তৰঃ কেতিয়াবা একেৰাহে বহুদিন বৰষুণ নোহোৱাকৈ থাকে। নাইবা বহুত দিন বা বহুত মাহৰ অন্তত সামান্য বৰষুণ হয়। তেতিয়া তাক অনাবৃষ্টি হোৱা বুলি কোৱা হয়।

অনাবৃষ্টি হ’লে পথাৰৰ মাটিবোৰ ফাটি চিৰাচিৰ হয়। খাল, বিল, পুখুৰী, নদী আদিত পানী শুকাবলৈ ধৰে। গছৰ পাতবোৰ শুকাই মৰা যেন হয়। ৰাস্তাত ধূলি বালি বেছি হয়।

(v) ডাঙৰ চহৰবোৰত ভূ-জলপৃষ্ঠ তললৈ নামি গৈছে। ইয়াৰ কাৰণ কি হ’ব পাৰে ?

উত্তৰঃ ডাঙৰ চহৰবোৰত ভূ-জলপৃষ্ঠ তললৈ নামি গৈছে। ইয়াৰ কাৰণ হ’ল— ডাঙৰ চহৰবোৰত মানুহৰ সংখ্যা যথেষ্ট বেছি। মানুহ বেছি হোৱাৰ লগে লগে পানীৰ খৰচৰ পৰিমাণো যথেষ্ট বেছি হ’ব ধৰিছে। ফলত সেই ঠাইত পানীৰ পৰিমাণ কমিব ধৰিছে আৰু সেইবাবে এনে ঠাইত ভূ-জলপৃষ্ঠ তললৈ নামি গৈছে।

(vi) বানপানীৰ কাৰণ আৰু ইয়াৰ অপকাৰৰ বিষয়ে লিখাঁ।

উত্তৰঃ বাৰিষা বানপানী হয়। ইয়াৰ কাৰণ হ’ল বাৰিষা প্ৰচুৰ পৰিমাণে বৰষুণ হয়। বৰষুণ হোৱাৰ ফলত সেই অঞ্চলৰ নদ-নদী, জান-জুৰি, খাল-বিল আদি সকলো পানীৰে ভৰি পৰে আৰু অৱশেষত পাৰ বাগৰি চাৰিওপিনে পানীবোৰ বিয়পি পৰে। এনেকৈ বানপানীৰ সৃষ্টি হয়।

বানপানী হোৱাৰ ফলত খেতি-বাতিৰ যথেষ্ট ক্ষতিসাধন হয়। বিশেষকৈ ধানখেতিৰ ক্ষেত্ৰত বানপানীয়ে যথেষ্ট ক্ষতিসাধন কৰা দেখা যায়। আমাৰ দেশত বানপানী এটা জলন্ত সমস্যা। বানপানীয়ে আমাৰ দেশত খেতি-বাতিৰ লগতে মানুহৰ ঘৰ-দুৱাৰ, ৰাস্তা-ঘাত আদিও ভাঙি-ছিঙি যথেষ্ট অপকাৰ কৰা দেখা যায়।

অতিৰিক্ত প্রশ্নোত্তৰ

১। পৃথিৱীৰ পানীভাগ ক’ত ক’ত থাকে ?

উত্তৰঃ পৃথিৱীৰ মুঠ পানীভাগৰ 97 শতাংশ পানী সাগৰ আৰু মহাসাগৰবোৰত থাকে। আৰু বাকী অংশ নদ-নদী, খাল-বিল, ভূ-পৃষ্ঠৰ তলত থাকে।

২। আমাৰ শৰীৰৰ কিমান শতাংশ পানী ? 

উত্তৰঃ আমাৰ শৰীৰৰ 70 শতাংশই পানী থাকে।

৩। ভাৰতবৰ্ষত মুঠ পানীভাগ কি কি কামত বা কেনে ধৰণে ব্যৱহাৰ কৰা হয় ? 

উত্তৰঃ আমাৰ ভাৰতবৰ্ষত মুঠ পানীৰ প্ৰায় (70%) কৃষিকাৰ্যত ব্যৱহাৰ হয়, (20-22%) উদ্যোগত ব্যৱহাৰ হয় আৰু (৪%) পানীহে ঘৰুৱা কামত ব্যৱহাৰ হয়।

৪। জলসিঞ্চন কি ?

উত্তৰঃ পানীৰ বাবে আমাৰ কৃষকসকলে সাধাৰণতে বৰষুণৰ ওপৰত নিৰ্ভৰশীল। কিন্তু কেতিয়াবা বৰষুণ কম হয়। তেতিয়া মেচিনৰ সহায়ত খেতিপথাৰত পানী যোগান ধৰা হয়। ইয়াক জলসিঞ্চন (irrigation) বোলে।

৫। সূত্র লিখা : 

ঘনীভবন, বাষ্পীভবন, হিমভবন 

উত্তৰঃ (ক) জলীয় বাষ্প বেছি ডাঠ হ’লে পানীলে পৰিৱৰ্তিত হয়। তেতিয়া তাক ঘনীভৱন বুলি কোৱা হয়। 

(খ) তাপ পালে পানী ভাপ হৈ ওপৰলৈ গুচি যায়, ইয়াক বাষ্পীভবন বোলে। 

(গ) পানী বৰফলৈ পৰিৱৰ্তিত হোৱাকে হিমভৱন (freezing) বোলে।

৬। প্রস্বেদন কাক বোলে ?

উত্তৰঃ গছে অতিৰিক্ত পানীভাগ জলীয় বাষ্প ৰূপত পাতত থকা বিন্ধাৰে বায়ুমণ্ডললৈ উলিয়াই দিয়ে। এই প্রক্রিয়াটোক প্রস্বেদন বোলে। 

৭। বৰষুণ কি ? বা কেনেকৈ সৃষ্টি হয় ?

উত্তৰঃ ক্ষুদ্র ক্ষুদ্ৰ মেঘৰ কণিকাবোৰ লগ-লাগি পানীৰ টোপালৰ সৃষ্টি হয়। পানীৰ টোপাল ডাঙৰ হ’লে ওজন বাঢ়ে আৰু সেইবাবে এইবোৰ ওপঙি থাকিব নোৱাৰি তললৈ নামি আহে। ইয়াকে বৰষুণ বোলে। বা এনেকৈ বৰষুণৰ সৃষ্টি হয়।

৮। ডাৱৰ বা মেঘ কি ? 

উত্তৰঃ সূৰ্যৰ তাপত পৃথিৱীৰ উপৰিভাগৰ পৰা পানী ভাপ হৈ যায়। এই ভাপ বা বাষ্প আকাশত ঠাণ্ডা হৈ ক্ষুদ্র ক্ষুদ্ৰ পানীৰ কণিকাৰ সৃষ্টি কৰে। এই কণিকাবোৰে বায়ুত থকা ধূলিকণাক সাৰথি কৰি ওপঙি থাকে। ইয়াকে আমি ডাৱৰ বা মেঘ বোলো।

৯। অধঃক্ষেপণ কি ?

উত্তৰঃ কেতিয়াবা আকাশত পানীৰ টোপাল গোট মাৰি বৰফ হয়। তেতিয়া শিলাবৃষ্টি হোৱা বুলি কওঁ। বৰষুণ আৰু বৰফ পৃথিৱীলৈ আহিলে তেতিয়া তাক অধঃক্ষেপণ বুলি কওঁ। 

১০। বানপানী কেনেকৈ সৃষ্টি হয় ?

উত্তৰঃ বৰষুণ বেছি হ’লে পৃথিৱীৰ উপৰিভাগৰ নৈ, জান-জুৰি আদি পানীৰে ভৰি পৰে। আৰু শেষত নৈ, জান-জুৰিৰ পৰা পানী বাগৰি আহি ওচৰৰ ঠাইবোৰ বুৰাই পেলায়। তাকে বানপানী বোলে।

১১। কৃত্রিম বানপানী কি ?

উত্তৰঃ অধিক বৰষুণ দিলে কিছুমান চহৰতো পানী জমা হয়। বাট-পথবোৰ বুৰ যায়। মানুহৰ ঘৰতো পানী সোমায় ৷ তেতিয়া তাক কৃত্রিম বানপানী বোলে।

১২। জল প্রদূষণ কেনেকৈ হয় ? 

উত্তৰঃ পানীত লেতেৰা আৱৰ্জনা, নলা-নর্দমাৰ পানী, বটল-পলিথিন আদি বস্তুবোৰ যদি পেলায়, তেতিয়া সেই পানী লেতেৰা হয়। তাকে জলপ্রদূষণ হোৱা বুলি কোৱা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top