Assam Jatiya Bidyalay Class 5 Social Science Chapter 6 বুদ্ধ আৰু মহাবীৰ

Assam Jatiya Bidyalay Class 5 Social Science Chapter 6 বুদ্ধ আৰু মহাবীৰ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 5 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 6 বুদ্ধ আৰু মহাবীৰ Class 5 Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 5 Social Science Chapter 6 বুদ্ধ আৰু মহাবীৰ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 5 Social Science Chapter 6 বুদ্ধ আৰু মহাবীৰ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

বুদ্ধ আৰু মহাবীৰ

Chapter – 6

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১। একোটিকৈ বাক্যত উত্তৰ লিখা।

(ক) শাক‍্যবংশই শাসন কৰা ৰাজ্যখনৰ নাম কি আছিল ?

উত্তৰঃ শাক‍্যবংশই শাসন কৰা ৰাজ্যখনৰ নাম আছিল কপিলাবস্তু।

(খ) গৌতম বুদ্ধৰ জন্ম কত হৈছিল ?

উত্তৰঃ কপিলাবস্তুৰ ওচৰৰ লুম্বিনিত গৌতম বুদ্ধৰ জন্ম হৈছিল।

(গ) বোধিদ্ৰুম কি ?

উত্তৰঃ যি জোপা গছৰ তলত বহি তপস্যা কৰি জ্ঞান লাভ কৰিছিল, সেই গছজোপাক বোধিদ্ৰুম বোলা হয়।

(ঘ) ‘ট্ৰিপিটক’খন কোন ভাষাত লিখা হৈছিল ?

উত্তৰঃ ট্ৰিপিটক’ পুথিখন পালি ভাষাত লিখা হৈছিল।

(ঙ) ‘কৈৱল‍্য’ মানে কি ?

উত্তৰঃ কৈৱল‍্য’ মানে প্ৰাকৃতিক প্ৰভাৱৰ পৰা মুক্তিৰ সম্পূৰ্ণ জ্ঞান।

(চ) মহাবীৰ মাক-দেউতাকৰ নাম কি আছিল ?

উত্তৰঃ মহাবীৰৰ দেউতাকৰ নাম আছিল সিদ্ধাৰ্থ আৰু মাকৰ নাম আছিল ত্ৰিশলা।

(ছ) মহাবীৰৰ মৃত্যু কত হৈছিল ?

উত্তৰঃ পাটনাৰ পাৱাপুৰ নামে ঠাইত মহাবীৰৰ মৃত্যু হৈছিল।

(জ) জৈন ধৰ্মৰ ধৰ্মপুথিখন কোন ভাষাত লিখা হৈছিল ?

উত্তৰঃ জৈন ধৰ্মৰ ধৰ্মপুথিখন লোকভাষা প্ৰাকৃতত লিখা হৈছিল।

(ঝ) জৈন ধৰ্মৰ প্ৰথমজন তীৰ্থংকৰ কোন আছিল ?

উত্তৰঃ জৈন ধৰ্মৰ প্ৰথমজন তীৰ্থংকৰ আছিল  ঋষভ।

(ঞ) মহাবীৰ কোনখন ৰাজ্যৰ কোনটো ৰাজবংশৰ উত্তৰাধিকাৰী আছিল ? 

উত্তৰঃ বৈশালী ৰাজ্যৰ জ্ঞাতক ৰাজবংশৰ উত্তৰাধিকাৰী আছিল।

২। খালী ঠাই পুৰ কৰা।

(ক) বৌদ্ধ ধৰ্মৰ মূল ধৰ্ম পুথিখনৰ নাম হল _________।

উত্তৰঃ বৌদ্ধ ধৰ্মৰ মূল ধৰ্ম পুথিখনৰ নাম হল ট্ৰিপিটক

(খ) জৈন ধৰ্মৰ প্ৰচাৰসকলক _________ বুলি কোৱা হয়।

উত্তৰঃ জৈন ধৰ্মৰ প্ৰচাৰসকলক তীৰ্থংকৰ বুলি কোৱা হয়।

(গ) ________ আছিল শেষ তীৰ্থংকৰ।

উত্তৰঃ মহাবীৰ আছিল শেষ তীৰ্থংকৰ।

(ঘ) বুদ্ধদেৱৰ মৃত্যু ________ নগৰত ৮০ বছৰ বয়সত হৈছিল।

উত্তৰঃ বুদ্ধদেৱৰ মৃত্যু কুশী নগৰত ৮০ বছৰ বয়সত হৈছিল।

(ঙ) বৰ্দ্ধ মানে তপস্যা কৰা পাহাৰটোৰ নাম আছিল _________।

উত্তৰঃ বৰ্দ্ধ মানে তপস্যা কৰা পাহাৰটোৰ নাম আছিল পৰেশনাথ

৩। চমু উত্তৰ লিখা।

(ক) বৌদ্ধ ধৰ্মৰ মূলমত বা মূলকথা কি আছিল ?

উত্তৰঃ অহিংসাই পৰম ধৰ্ম আৰু ভাল কামৰ ভাল ফল, বেয়া কামৰ বেয়া ফল- এয়ে আছিল বৌদ্ধ ধৰ্মৰ মূল কথা। সজ জীৱন-যাপন, সজ কাম, সজ চিন্তা সকলোৰে প্ৰতি দয়া-মমতা আদি বৌদ্ধ ধৰ্মই শিক্ষা দিয়ে।

(খ) জৈন ধৰ্মৰ মূল মন্ত্ৰ কি আছিল ?

উত্তৰঃ সজ কাম, সজ জ্ঞান আৰু সজ বিশ্বাসেই আছিল জৈন ধৰ্মৰ মূলমন্ত্ৰ। অহিংসা জৈন ধৰ্মৰ মূল ভেঁটি।

৩। সাদৃশ্য লিখা।

(ক) জৈন ধৰ্ম আৰু বৌদ্ধ ধৰ্ম।

উত্তৰঃ জৈন ধৰ্ম আৰু বৌদ্ধ ধৰ্মৰ মাজত বহুতো সাদৃশ্য লক্ষ্য কৰা যায়.

(ক) দুয়োটা ধৰ্মৰে মূল বাণী অহিংসা।

(খ) দুয়োটা ধৰ্মৰে বাণী সমাজৰ সকলো স্তৰতে প্ৰচলিত আছিল।

(গ) দুয়োটা ধৰ্মৰে নিজৰ নিজৰ ধৰ্ম পথি আছিল।

(ঘ) দুয়োটা ধৰ্মৰে মূল কথাবোৰ লোককথা বা কথিত ভাষাত প্ৰচাৰ কৰা হৈছিল।

(ঙ) দুয়োটা ধৰ্মই  বিভিন্ন বিষয়ৰ শিক্ষাদানৰ পোষকতা কৰিছিল।

(চ) দুয়োটা ধৰ্ম আড়ম্বৰহীন।

(ছ) সহনশীলতাৰ শিক্ষা দুয়োটা ধৰ্মতে দিয়া হয়।

৪। উত্তৰ লিখা।

(ক) গৌতম বুদ্ধৰ জীৱন কালৰ বিষয়ে লিখা।

উত্তৰঃ ৫৬৩ খ্ৰীষ্টপূৰ্বত লুম্বিনি নামে ঠাইত বুদ্ধদেৱৰ জন্ম হৈছিল। তেওঁৰ পিতৃ আছিল শুদ্ধোধন আৰু মাকৰ নাম আছিল মায়াদেৱী। মাহীমাক গৌতমীৰ আদৰ-যত্নত ডাঙৰ দীঘল হৈছিল বাবে তেওঁক গৌতম নামেৰেও জনা গৈছিল।

ওঠৰ বছৰ বয়সত বিয়া কৰাইছিল বুদ্ধদেৱে। তাৰ ১০ বছৰ পাছত মানুহৰ জীৱনৰ দুখ-কষ্ট নিবাৰণৰ উপায় বিচাৰি ঘৰ-দুৱাৰ ত্যাগ কৰিছিল। মানুহৰ মুক্তিৰ কোনো উপায় বিচাৰি নাপায় তেওঁ গয়াত  এজোপা আহত গছৰ তলত তপস্যাত বহিল। অৱশেষত তেওঁ তাতেই দিব্যজ্ঞান লাভ কৰিছিল। জীৱনৰ প্ৰায় ৪০ বছৰ কাল বৌদ্ধ ধৰ্ম প্ৰচাৰ কৰাৰ পাছত ৮০ বছৰ বয়সত কুশী নগৰত বুদ্ধদেৱৰ মৃত্যু হৈছিল।

ব’হাগৰ পূৰ্ণিমা তিথিত বুদ্ধদেৱৰ জন্ম হৈছিল, একে তিথিতে গয়াত দিব্য জ্ঞান লাভ কৰিছিল আৰু মৃত্যুও হৈছিল বহাগ মাহৰ পূৰ্ণিমা তিথিতেই।

(খ) মহাবীৰৰ জীৱন কালৰ বিষয়ে লিখা।

উত্তৰঃ মহাবীৰৰ আগৰ নাম আছিল বৰ্দ্ধমান। তেওঁ বৈশালী ৰাজ্যৰ ৰাজকুমাৰ। আনুমানিক ৫৪০ খ্ৰীষ্টপূৰ্বত তেওঁৰ জন্ম হয়। এটা কন্যা সন্তানৰ পিতৃ হোৱা সত্ত্বেও ৩০ বছৰ বয়সত তেওঁ সংসাৰ ত্যাগ কৰে। জৈন ধৰ্মৰ গুৰু পাৰ্শ্বনাথৰ ওচৰত দীক্ষা গ্ৰহণ কৰি বৰ্দ্ধমানে ১২ বছৰ কাল কঠোৰ তপস্যা কৰে। তপস্যাৰ অন্তত তেওঁ ‘কৈৱল‍্য’ অৰ্থাৎ প্ৰকৃতিৰ প্ৰভাৱৰ পৰা মুক্ত হোৱাৰ পূৰ্ণ জ্ঞান লাভ কৰে আৰু ‘মহাবীৰ’ নামে জনাজাত হয়।

জৈন ধৰ্মৰ ২৪ জন প্ৰচাৰকৰ অন্তিম জন আছিল মহাবীৰ। ৭২ বছৰ বয়সত পাটনাৰ পাৱাপুৰ নামে ঠাইত মহাবীৰৰ মৃত্যু হয়।

(গ) দুয়োটা ধৰ্মৰ দিনত হোৱা সামাজিক পৰিবৰ্তনসমূহ লিখা।

উত্তৰঃ বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মই অহিংসাৰ বাণী প্ৰচাৰ কৰাৰ ফলত সমাজত যাগ-যজ্ঞ আৰু বলিবিধান কমি আহিছিল। সমাজৰ জাতিভেদ প্ৰথা কমি আহিছিল আৰু ধৰ্মৰ ক্ষেত্ৰত থকা পুৰোহিত আৰু ব্ৰাহ্মণ সকলৰ আধিপত্য কমি গৈছিল। লোকভাষা বা কথিত ভাষাত দুয়োটা ধৰ্ম প্ৰচাৰ কৰাৰ ফলত ধৰ্মৰ মূল কথাবোৰ ৰাইজে বুজি পাইছিল। শিক্ষাৰ ক্ষেত্ৰতো বৌদ্ধ আৰু জৈন ধৰ্মই প্ৰভাৱ পেলাইছিল। নতুন নতুন বিষয় পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হৈছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top