Assam Jatiya Bidyalay Class 5 Social Science Chapter 15 পৃথিৱীৰ জলভাগ আৰু স্থলভাগ

Assam Jatiya Bidyalay Class 5 Social Science Chapter 15 পৃথিৱীৰ জলভাগ আৰু স্থলভাগ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 5 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 15 পৃথিৱীৰ জলভাগ আৰু স্থলভাগ Class 5 Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 5 Social Science Chapter 15 পৃথিৱীৰ জলভাগ আৰু স্থলভাগ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 5 Social Science Chapter 15 পৃথিৱীৰ জলভাগ আৰু স্থলভাগ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

পৃথিৱীৰ জলভাগ আৰু স্থলভাগ

Chapter – 15

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১। একোটিকৈ বাক্যত উত্তৰ লিখা।

(ক) পৃথিৱীৰ মুঠ কালিৰ জলভাগ আৰু স্থলভাগ কিমান শতাংশ আগুৰি আছে ?

উত্তৰঃ পৃথিৱীৰ মুঠ কালিৰ প্ৰায় ৭১ শতাংশ জলভাগ আগুৰি আছে আৰু প্ৰায় ২৯ শতাংশ স্থল ভাগ আগুৰি আছে। 

(খ) মহাদেশবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশ কোনখন ?

উত্তৰঃ এছিয়া মহাদেশ আটাইতকৈ ডাঙৰ মহাদেশ।

(গ) কোনখন মহাদেশৰ জনসংখ্যা আটাইতকৈ বেছি ?

উত্তৰঃ এছিয়া মহাদেশৰ জনসংখ্যা আটাইতকৈ বেছি।

(ঘ) আটাইতকৈ বিশাল মহাসাগৰ কোনখন ?

উত্তৰঃ মহাসাগৰ বোৰৰ ভিতৰত প্ৰশান্ত মহাসাগৰ আটাইতকৈ বিশাল।

(ঙ) ব্ৰিটিছ দ্বীপপুঞ্জ কোনখন মহাসাগৰৰ অন্তৰ্গত ?

উত্তৰঃ ব্ৰিটিছ দ্বীপপুঞ্জ আটলান্টিক মহাসাগৰৰ অন্তৰ্গত।

(চ) আটাইতকৈ সৰু মহাসাগৰ খনৰ নাম কি ?

উত্তৰঃ উত্তৰ মহাসাগৰ আটাইতকৈ সৰু মহাসাগৰ।

(ছ) উপসাগৰ কাক বোলে ?

উত্তৰঃ যি জলভাগৰ তিনিওফালে মাটিৰে আগুৰা, তাক উপসাগৰ বোলে।

(জ) কোনখন মহাদেশৰ মাজেৰে বিষুৱৰেখাডাল পাৰ হৈ গৈছে ?

উত্তৰঃ আফ্ৰিকা মহাদেশৰ মাজেৰে বিষুৱৰেখা পাৰ হৈ গৈছে।

(ঝ) ওছেনিয়া মহাদেশ কোন গোলাৰ্ধত অৱস্থিত ?

উত্তৰঃ ওছেনিয়া মহাদেশ দক্ষিণ গোলাৰ্ধত অৱস্থিত।

(ঞ) ইউৰোপ আৰু এছিয়া মহাদেশক যুগ্মভাৱে কি বোলে ?

উত্তৰঃ ইউৰোপ আৰু এছিয়া মহাদেশক যুগ্মভাৱে ইউৰেছিয়া মহাদেশ বোলে।

(ট) কোনখন মহাদেশৰ জনসংখ্যা আটাইতকৈ কম ?

উত্তৰঃ ওছেনিয়া মহাদেশৰ জনসংখ্যা আটাইতকৈ কম ।

(ঠ) পৃথিৱীৰ বৃহত্তম দ্বীপটোৰ নাম কি ?

উত্তৰঃ পৃথিৱীৰ বৃহত্তম দ্বীপটোৰ নাম অষ্ট্ৰেলিয়া।

(ড) এণ্টাৰ্টিকা মহাদেশ কোন গোলাৰ্ধত অৱস্থিত ?

উত্তৰঃ এণ্টাৰ্টিকা মহাদেশ দক্ষিণ গোলাৰ্ধত অৱস্থিত।

(ঢ) কোন গোলাৰ্ধত জলভাগৰ পৰিমাণ বেছি ?

উত্তৰঃ দক্ষিণ গোলাৰ্ধত জলভাগৰ পৰিমাণ বেছি।

(ণ) প্ৰশান্ত মহাসাগৰৰ দুটা উল্লেখযোগ্য দ্বীপৰ নাম লিখা।

উত্তৰঃ নিউজেলেণ্ড আৰু জাপান প্ৰশান্ত মহাসাগৰৰ দুটা উল্লেখযোগ্য দ্বীপ।

(ত) ভাৰত মহাসাগৰক কোন কেইখন দেখে আগুৰি আছে ?

উত্তৰঃ ভাৰত মহাসাগৰক উত্তৰে এছিয়া মহাদেশ, পূবে অষ্ট্ৰেলিয়া আৰু পশ্চিমে আফ্ৰিকা মহাদেশ আগুৰি আছে।

(থ) ভাৰত মহাসাগৰত থকা দুটা দ্বীপৰ নাম লিখা।

উত্তৰঃ ভাৰত মহাসাগৰত থকা দুটা দ্বীপৰ নাম হৈছে শ্ৰীলংকা আৰু সুমাত্ৰা।

(দ) দক্ষিণ মহাসাগৰে কোনখন মহাদেশক আগুৰি আছে ? 

উত্তৰঃ দক্ষিণ মহাসাগৰে এণ্টাৰ্টিকা মহাদেশক চাৰিওফালে আগুৰি আছে।

(ধ) পৃথিৱীৰ বৃহত্তম মহাদেশ কোনখন ?

উত্তৰঃ এছিয়া মহাদেশ পৃথিৱীৰ বৃহত্তম মহাদেশ।

(ন) ভাৰতবৰ্ষ কোনখন মহাদেশত আছে ?

উত্তৰঃ ভাৰতবৰ্ষ এছিয়া মহাদেশত আছে।

(প) পৃথিৱীত আটাইতকৈ বেছি জনসংখ্যা থকা দেশ কোনখন ? ই কোন মহাদেশৰ অন্তৰ্গত ?

উত্তৰঃ পৃথিৱীত আটাইতকৈ বেছি জনসংখ্যা থকা দেশ চীন। ই এছিয়া মহাদেশৰ অন্তৰ্গত।

(ফ) পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন আৰু ই কোনখন মহাদেশত আছে ?

উত্তৰঃ পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি চাহাৰা আৰু ই আফ্ৰিকা মহাদেশত আছে।

(ব) ইউৰোপ মহাদেশ কোন গোলাৰ্ধত অৱস্থিত ?

উত্তৰঃ ইউৰোপ মহাদেশ উত্তৰ গোলাৰ্ধত অৱস্থিত।

(ভ) আফ্ৰিকা মহাদেশৰ অন্তৰ্ভুক্ত দুখন দেশৰ নাম লিখা।

উত্তৰঃ ইজিপ্ত আৰু জিম্বাৱৱে আফ্ৰিকা মহাদেশৰ অন্তৰ্ভুক্ত দুখন দেশ।

(ম) ইউৰোপ মহাদেশৰ দুখন উল্লেখযোগ্য দেশৰ নাম লিখা।

উত্তৰঃ গ্ৰেট ব্ৰিটেইন আৰু জাৰ্মানী ইউৰোপ মহাদেশৰ দুখন উল্লেখযোগ্য দেশ।

(য) ইউৰোপ মহাদেশত গড় লৈ উঠা দুটা প্ৰাচীন সভ্যতাৰ নাম লিখা ।

উত্তৰঃ ইউৰোপ মহাদেশত গড় লৈ উঠা দুটা প্ৰাচীন সভ্যতাৰ নাম হৈছে গ্ৰীক আৰু ৰোমান।

(ৰ) উত্তৰ আমেৰিকা মহাদেশৰ দুখন উল্লেখযোগ্য দেশৰ নাম লিখা।

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডা উত্তৰ আমেৰিকা মহাদেশৰ দুখন উল্লেখযোগ্য দেশ।

(ল) পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ কোনখন ?

উত্তৰঃ ওছেনিয়া হৈছে পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ।

২। খালি ঠাই পূৰ কৰা।

(ক) পৃথিৱীৰ মুঠ কালিৰ প্ৰায় _______ শতাংশ স্থলভাগ আগুৰি আছে।

উত্তৰঃ পৃথিৱীৰ মুঠ কালিৰ প্ৰায় ২৯ শতাংশ স্থলভাগ আগুৰি আছে।

(খ) জলভাগৰ মাজে মাজে ________ বিস্তৃত হৈ আছে।

উত্তৰঃ জলভাগৰ মাজে মাজে স্থলভাগ বিস্তৃত হৈ আছে।

(গ) জাপান ________ মহাসাগৰৰ অন্তৰ্গত এখন দেশ।

উত্তৰঃ জাপান প্ৰশান্ত মহাসাগৰৰ অন্তৰ্গত এখন দেশ।

(ঘ) শ্ৰীলংকা ________ মহাসাগৰৰ অন্তৰ্গত এখন দেশ।

উত্তৰঃ শ্ৰীলংকা ভাৰত মহাসাগৰৰ অন্তৰ্গত এখন দেশ।

(ঙ) ________ মহাসাগৰে এণ্টাৰ্টিকা মহাদেশক চাৰিওফালে আগুৰি আছে।

উত্তৰঃ দক্ষিণ মহাসাগৰে এণ্টাৰ্টিকা মহাদেশক চাৰিওফালে আগুৰি আছে।

(চ) উত্তৰ মহাসাগৰ ________ বৃত্তৰ অন্তৰ্গত।

উত্তৰঃ উত্তৰ মহাসাগৰ সুমেৰু বৃত্তৰ অন্তৰ্গত।

(ছ) মানুহে গ্ৰহণ কৰা প্ৰায় ________ শতাংশ খাদ্য আৰু অক্সিজেন সাগৰ- মহাসাগৰৰ পৰা আহে।

উত্তৰঃ মানুহে গ্ৰহণ কৰা প্ৰায় ২০ শতাংশ খাদ্য আৰু অক্সিজেন সাগৰ- মহাসাগৰৰ পৰা আহে।

(জ) এছিয়া মহাদেশ ________ গোলাৰ্ধত অৱস্থিত।

উত্তৰঃ এছিয়া মহাদেশ উত্তৰ গোলাৰ্ধত অৱস্থিত।

(ঝ) জনসংখ্যাৰ ক্ষেত্ৰত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত ________।

উত্তৰঃ জনসংখ্যাৰ ক্ষেত্ৰত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত দ্বিতীয়

(ঞ) ওচেনীয়া মহাদেশ ________ মণ্ডলত অৱস্থিত।

উত্তৰঃ ওচেনীয়া মহাদেশ গ্ৰীষ্ম মণ্ডলত অৱস্থিত।

৩। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা।

‘ক’ অংশ‘খ’ অংশ
আৰব সাগৰআটাইতকৈ সৰু মহাদেশ।
ভাৰতবৰ্ষদ্বিতীয় বিশালতম মহাদেশ।
উত্তৰ মহাসাগৰএছিয়া মহাদেশৰ অন্তৰ্গত।
দক্ষিণ মহাসাগৰভাৰত মহাসাগৰৰ অন্তৰ্গত।
আটলান্টিক মহাসাগৰচতুৰ্থ বৃহত্তম মহাদেশ।
আফ্ৰিকা মহাদেশকুমেৰু অঞ্চলত অৱস্থিত।
দক্ষিণ আফ্ৰিকা মহাদেশ নিগ্ৰোসকলৰ বাসস্থান।

উত্তৰঃ

‘ক’ অংশ‘খ’ অংশ
আৰব সাগৰভাৰত মহাসাগৰৰ অন্তৰ্গত।
ভাৰতবৰ্ষএছিয়া মহাদেশৰ অন্তৰ্গত।
উত্তৰ মহাসাগৰআটাইতকৈ সৰু মহাদেশ।
দক্ষিণ মহাসাগৰকুমেৰু অঞ্চলত অৱস্থিত।
আটলান্টিক মহাসাগৰদ্বিতীয় বিশালতম মহাসাগৰ।
আফ্ৰিকা মহাদেশনিগ্ৰোসকলৰ বাসস্থান।
দক্ষিণ আফ্ৰিকা মহাদেশ চতুৰ্থ বৃহত্তম মহাদেশ।

৪। তলৰ বাক্যবোৰ শুদ্ধ নে অশুদ্ধ লিখা।

(ক) পৃথিৱীৰ মুঠ কালিৰ প্ৰায় ৭১ শতাংশ জলভাগে আগুৰি আছে।

উত্তৰঃ শুদ্ধ।

(খ) জলভাগ আৰু স্থলভাগ একো একোটা গোট।

উত্তৰঃ অশুদ্ধ।

(গ) স্থলভাগৰ অধিকাংশ দক্ষিণ গোলাৰ্ধত আছে।

উত্তৰঃ অশুদ্ধ।

(ঘ) আটলান্টিক মহাসাগৰৰ আকাৰ প্ৰশান্ত মহাসাগৰৰ প্ৰায় আধা।

উত্তৰঃ শুদ্ধ।

(ঙ) সাগৰ- মহাসাগৰৰ পানীভাগ স্থিৰ।

উত্তৰঃ অশুদ্ধ।

(চ) পৃথিৱীৰ আধাতকৈ বেছি লোক এছিয়া মহাদেশত বাস কৰে।

উত্তৰঃ শুদ্ধ।

(ছ) পৃথিৱীৰ সবাতোকৈ অধিক জনসংখ্যা থকা দেশখন ইউৰোপ মহাদেশত অৱস্থিত।

উত্তৰঃ অশুদ্ধ।

(জ) আফ্ৰিকাৰ আধা অংশত গ্ৰীষ্ম কাল হলে আধা অংশত শীতকাল হয়।

উত্তৰঃ শুদ্ধ।

(ঝ) ইউৰোপ মহাদেশ সমমণ্ডলত অৱস্থিত।

উত্তৰঃ শুদ্ধ।

৫। চমু উত্তৰ লিখা।

(ক) পৃথিৱীৰ জলভাগ আৰু স্থলভাগৰ বিষয়ে লিখা। জলভাগ আৰু স্থলভাগৰ পৰিমাণ দেখুৱাই চিত্ৰ আঁকিবা।

উত্তৰঃ পৃথিৱীৰ কালিৰ ৭১ শতাংশ জলভাগে আগুৰি আছে আৰু স্থলভাগৰ পৰিমাণ হৈছে ২৯ শতাংশ। কিন্তু জলভাগ আৰু স্থলভাগ একোটা সুকীয়া গোট নহয়। জলভাগ আৰু স্থলভাগ মিশ্ৰিত হৈ আছে।

(খ) উত্তৰ মহাসাগৰৰ বিষয়ে এটা টোকা লিখা।

উত্তৰঃ উত্তৰ মহাসাগৰ আটাইতকৈ সৰু মহাসাগৰ। এই মহাসাগৰ আকৃতি প্ৰায় ঘূৰণীয়া।উত্তৰ মহাসাগৰে উত্তৰ মেৰু বিন্দুক আগুৰি আছে। এই মহাসাগৰ প্ৰায় ৫ মিটাৰ বৰফেৰে ঢাক খাই আছে। এছিয়া, ইউৰোপ আৰু উত্তৰ আমেৰিকা মহাদেশ উত্তৰ মহাসাগৰক আগুৰি আছে।

(গ) আফ্ৰিকা মহাদেশৰ আধা অংশত গ্ৰীষ্মকাল হলে বাকী অংশত শীতকাল হয়। নে হোৱাৰ কাৰণ কি ?

উত্তৰঃ আফ্ৰিকা মহাদেশৰ মাজেৰে বিষুৱৰেখা, কৰ্কটক্ৰান্তি ৰেখা আৰু মকৰক্ৰান্তি ৰেখা পাৰ হৈ গৈছে। ফলত মহাদেশখনৰ অৱস্থান উত্তৰ আৰু দক্ষিণ দুয়োটা গোলাৰ্ধতে। সেয়ে আফ্ৰিকাৰ আধা অংশত গ্ৰীষ্মকাল হকে বাকী আধা অংশত শীতকাল হয়।

(ঘ) এণ্টাৰ্টিকা মহাদেশৰ বিষয়ে এটি টোকা লিখা।

উত্তৰঃ এণ্টাৰ্টিকা মহাদেশ দক্ষিণ মেৰু অঞ্চলত অৱস্থিত। ই কুমেৰু বৃত্তৰ অন্তৰ্গত। কুমেৰু বৃত্তৰ অন্তৰ্গত হোৱাৰ বাবে এণ্টাৰ্টিকা মহাদেশ বাৰমাহে বৰফেৰে আবৃত হৈ থাকে। সেয়ে এই মহাদেশত  মানুহৰ বসতি নাই । অৱশ্যে পেংগুইন, চিল আদি কিছুমান জীৱ জন্তু বাস কৰে।

(ঙ) পৃথিৱীৰ মহাদেশ আৰু মহাসাগৰবোৰৰ এখন তালিকা প্ৰস্তুত কৰা।

উত্তৰঃ মহাদেশ ৭ খন এছিয়া, আফ্ৰিকা, ইউৰোপ, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওছেনিয়া, আৰু এণ্টাৰ্টিকা । 

মহাসাগৰ ৫ খন 

প্ৰশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, দক্ষিণ মহাসাগৰ আৰু উত্তৰ মহাসাগৰ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top