Assam Jatiya Bidyalay Class 5 Science Chapter 10 বায়ু প্ৰদূষণ

Assam Jatiya Bidyalay Class 5 Science Chapter 10 বায়ু প্ৰদূষণ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় বিজ্ঞান Class 5 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 10 বায়ু প্ৰদূষণ Class 5 Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 5 Science Chapter 10 বায়ু প্ৰদূষণ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 5 Science Chapter 10 বায়ু প্ৰদূষণ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

বায়ু প্ৰদূষণ

Chapter – 10

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

    ১। বায়ু প্ৰদূষণ কি ?

উত্তৰঃ বায়ু প্ৰদূষণ হল বায়ুত ধোঁৱা, দূষিত গেছীয় পদাৰ্থ আৰু ধূলি মিহলি হোৱাকে বুজায়। এই বস্তুবোৰ মিহলি হলে বায়ুৰ নিৰ্মলতা হ্ৰাস পায় আৰু এনে বায়ু সেৱন মানুহৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক।

২। বায়ু প্ৰদূষণৰ কাৰকৰ নাম লিখা।

উত্তৰঃ বায়ু প্ৰদূষণৰ প্ৰধান তিনিটা কাৰক হল ধোঁৱা, দূষিত গেছীয় পদাৰ্থ আৰু ধূলি।

৩ । ধূলি-বালি কিদৰে বায়ুত মিহলি হয় ?

উত্তৰঃ বতাহৰ ফলত কেঁচা ৰাস্তাত থকা ধূলি বায়ুৰ লগত মিহলি হয়। বিশেষকৈ খৰালি কালত কেঁচা ৰাস্তাৰে মটৰ গাড়ী গলে ধূলি উৰে। ঘূৰ্ণি বতাহেও ধূলি-বালি বায়ুত মিহলাই একাকাৰ কৰে। এনেকৈয়ে ধূলি বায়ুত মিহলি হয়।

৪। বায়ু প্ৰদূষণৰ চাৰিটা প্ৰভাৱ উল্লেখ কৰা।

উত্তৰঃ বায়ু প্ৰদূষণৰ ফলত মানুহৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰভাৱ পৰে। 

১। চৌকাৰ ধোঁৱা, ষ্ট’ভৰ ধোঁৱা সদায় চকুত লাগিলে চকুৰ দৃষ্টি শক্তি কমে।

২। চিগাৰেটৰ ধোঁৱাই হাওঁফাওঁৰ বেমাৰ, কৰ্কট ৰোগ আদি সৃষ্টি কৰিব পাৰে।

৩। ছালফাৰ ডাই-অক্সাইডে উদ্ভিদৰ বৃদ্ধিত বাধা দিয়ে। পথাৰৰ উৰ্বৰতা কমায়। আনকি জীৱ-জন্তুৰ দাঁত ক্ষয় নাযায়।

৪। ছালফাৰ ডাই-অক্সাইড পানীৰ লগত লগ লাগিলে ছালফিউৰিক এচিডৰ সৃষ্টি হয়।এই এচিড আমাৰ শৰীৰৰ বাবে অপকাৰী। বায়ুত ছালফাৰ ডাই-অক্সাইডৰ পৰিমাণ বাঢ়িলে বৰষুণৰ লগতে এচিডৰ পৰিমাণ বাঢ়ে। এই এচিড বৰষুণে গছ গছনি, নৈ-বিলৰ মাছ মাৰি পেলায়।

৫। বায়ুত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বাঢ়িছে। সেয়েহে গোটেই পৃথিৱীখন লাহে লাহে আগতকৈ গৰম হৈছে।

৬। উশাহত শৰীৰৰ ভিতৰলৈ সোমোৱা কাৰ্বন মন’-অক্সাইডে তেজৰ চলাচলত বাধা দিয়ে।

৫। বায়ু প্ৰদূষণ কেনেকৈ হয় ?

উত্তৰঃ ১। কল-কাৰখানাৰ পৰা ওলোৱা ধোঁৱা আৰু গেছীয় পদাৰ্থ বায়ুৰ লগত মিহলি হৈ বায়ু প্ৰদূষিত হয়।

২। বিভিন্ন যান-বাহনৰ পৰা ওলোৱা ধুৱাই বায়ু প্ৰদূষিত কৰে। 

৩। চৌকা, ষ্ট’ভ, হাবি-বননীৰ জুইৰ পৰা ওলোৱা ধোঁৱাৰ দ্বাৰাও বায়ু প্ৰদূষিত হয়। 

৪। গেলা-পঁচা জাৱৰ জোথৰৰ পৰা ওলোৱা গেছেও বায়ু প্ৰদূষিত কৰে।

৫। প্লাষ্টিক, ৰবৰ আদিৰে তৈয়াৰ কৰা সামগ্ৰী জ্বলিলে বিষাক্ত গেছ ওলায়। ইয়াৰ ফলত বায়ু প্রদূষন বৃদ্ধি হয়।

৬। এচিড বৰষুণ কি ?

উত্তৰঃ বায়ুত ছালফাৰ ডাই-অক্সাইডৰ পৰিমাণ বাঢ়িলে বৰষুণৰ লগত এচিডৰ পৰিমাণ বাঢ়ে। ইয়াকে এচিড বৰষুণ বোলে। এচিড বৰষুণে গছ-গছনি নৈ-বিলৰ মাছ মাৰি পেলায়।

৭। কাৰ্বন ম’নক্সাইড নামৰ গেছবিধে আমাক কি অপকাৰ কৰে ?

উত্তৰঃ উশাহত শৰীৰৰ ভিতৰলৈ সোমোৱা কাৰ্বন মন’- অক্সাইডে তেজৰ চলাচলত বাধা দিয়ে।

৮। বায়ু প্ৰদূষণ ৰোধ কৰাৰ তিনিটা ব্যৱস্থা উল্লেখ কৰা।

উত্তৰঃ ১। ধোঁৱাহীন চৌকা ব্যৱহাৰ কৰিলে বায়ু প্ৰদূষণ কিছু পৰিমাণে ৰোধ কৰিব পাৰি।

২। গছ-গছনি বৰকৈ কাটিব নালাগে। গছ কাটিলে ৰুবও লাগে। গছ-গছনিৰ সংখ্যা বাঢ়িলে কাৰ্বন-ডাই-অক্সাইডৰ ব্যৱহাৰ বাঢ়িব।

৩। যান-বাহনৰ পৰা বেছি ধোঁৱা যাতে নোলায় তাৰ ব্যৱস্থা কৰা দৰকাৰ।

৯। (ক) ধোঁৱাহীন চৌকা ব্যৱহাৰ কৰিলে ইন্ধন ৰাহি হয়।

উত্তৰঃ শুদ্ধ 

(খ) সৌৰশক্তি ব্যৱহাৰ কৰা সঁজুলিবোৰৰ পৰা বায়ু প্ৰদূষণ বেছি হয়।

উত্তৰঃ অশুদ্ধ

(গ) ছালফাৰ-ডাই-অক্সাইডে এচিড বৰষুণ সৃষ্টি কৰে।

উত্তৰঃ শুদ্ধ

(ঘ) প্লাষ্টিক জ্বলালে বায়ু প্ৰদূষণ হয়।

উত্তৰঃ শুদ্ধ

(ঙ) বায়ুত থকা এচিড অপকাৰী গেছ হল অক্সিজেন।

উত্তৰঃ অশুদ্ধ

১০। প্ৰশ্ন: বায়ু প্ৰদূষণৰ উৎসবোৰ কি কি ? প্ৰদূষণৰ প্ৰভাৱ জীৱৰ ওপৰত কিদৰে পৰে লিখা।

উত্তৰঃ বায়ু প্ৰদূষণৰ উৎসবোৰ হ’ল সাধাৰণতে কল-কাৰখানাৰ ধোঁৱা। গেছীয় পদাৰ্থ বায়ুৰ লগত মিলি বায়ু প্ৰদূষিত কৰে। যান-বাহনৰ পৰা

ওলোৱা ধোঁৱা, চৌকা, ষ্টোভ হাবি বননীৰ জুইৰ পৰা ওলোৱা ধোঁৱা। জাৱৰ-জোথৰ গেলা পঁচা বস্তুৰ পৰা ওলোৱা গেছেও বায়ু দূষিত কৰে। প্লাষ্টিক , ৰবৰ আদিৰে তৈয়াৰ সামগ্ৰী জ্বলালেও বিষাক্ত গেছ ওলায়। সাধাৰণতে এইবোৰেই বায়ু প্ৰদূষণৰ প্ৰধান উৎস।

১১। বায়ু প্ৰদূষণ ৰোধ কৰিবলৈ সহজে লব পৰা ছয়টা উপায় লিখা।

উত্তৰঃ বায়ু প্ৰদূষণৰ বিভিন্ন উপায় ওলাইছে। তলত সহজে বায়ু প্ৰদূষণ কৰিব পৰা ছয়টা উপায় উল্লেখ কৰা হল –

১। আজিকালি ধোঁৱাহীন চৌকা ওলাইছে। ধোঁৱাহীন চৌকা ব্যৱহাৰ কৰিলে বায়ু প্ৰদূষণ ৰোধ কৰিব পাৰি। তদুপৰি ধোঁৱাহীন চৌকা ব্যৱহাৰ কৰাৰ ফলত ইন্ধনো ৰাহি হয়।

২। সৌৰশক্তি ব্যৱহাৰ কৰা সঁজুলিও ওলাইছে। ইয়াৰ ব্যৱহাৰ যিমানেই বেছি হব , খৰি, কয়লা, কেৰ’ছিন আদি ইন্ধন ৰাহি হব। খৰি , কয়লা, কেৰ’ছিন ব্যৱহাৰ কৰাৰ ফলত উৎপন্ন হোৱা ধোঁৱা হ্রাস পাব।

৩। গছ-গছনি, হাবি-বননি ধ্বংস কৰিব নালাগে।গছ কাটিলেও পুনৰ ৰুব লাগে। কাৰণ গছ-গছনিৰ সংখ্যা বাঢ়িলে কাৰ্বন-ডাই-অক্সাইডৰ ব্যৱহাৰ বাঢ়িব। তেতিয়াহে কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ কমি থাকিব। আমি জানো যে কাৰ্বন-ডাই-অক্সাইডে বায়ু প্ৰদূষিত কৰে।

৪। যান-বাহনৰ পৰা ওলোৱা ধোঁৱাৰ পৰিমাণ যাতে কম হয় সেইটো লক্ষ্য কৰিব লাগে। তদুপৰি বিশেষ অসুবিধা নহলে অলপ দূৰত্বৰ ৰাস্তাত খোজ-কাঢ়ি যোৱা , চাইকেল চলোৱা অভ্যাস ৰাখিব লাগে।

৫। আজিকালি সিহ নথকা পেট্ৰল ওলাইছে। পেট্ৰ’লত সিহ নাথাকিলে গাড়ী মটৰৰ পৰা ধোঁৱা কমকৈ নিৰ্গত হয়।

৬। কল-কাৰখানাৰ ধোঁৱা ছিমনিৰে উলিয়াই পঠিয়াব লাগে। ছিমনি যথেষ্ট ওখ হব লাগে।

অতিৰিক্ত প্ৰশ্নোওৰ

১। বায়ু নিৰ্মল কৰি ৰাখিবলৈ মানুহৰ দায়িত্ব সম্পৰ্কে এখন চুটি ৰচনা লিখা।

উত্তৰঃ সৰু-সুৰা নিয়ম কিছুমান পালন কৰিও বায়ু নিৰ্মল কৰি ৰাখিব পাৰি। সেই নিয়ম বিকাকৰ কিছু তলত উল্লেখ কৰা হ’ল ।

আমি সাধাৰণতে ব্যৱহাৰ কৰা কাঠ খৰি, কয়লা আদি পৰিত্যাগ কৰিব লাগে। কাৰণ কাঠ খৰি আৰু কয়লাৰ জুইৰ পৰা প্ৰচুৰ পৰিমাণে ধোঁৱা নিৰ্গত হয়।

কল-কাৰখানাত উৎপন্ন হোৱা ধোঁৱাবোৰ ছিমনিৰে বাহিৰলৈ উলিয়াই দিব লাগে। কল-কাৰখানাৰ ছিমনিবোৰ যথেষ্ট ওখ হব লাগে।

নলা-নৰ্মদাবোৰ পৰিস্কাৰকৈ ৰাখিব লাগে।তদুপৰি নলা-নৰ্দমাত মৃত জীৱ-জন্তু পেলাব নালাগে। 

অপ্ৰয়োজনত যান-বাহন চলাব নালাগে। কম দূৰত্বৰ ৰাস্তা বিশেষ অসুবিধা নহলে খোজ কাঢ়ি যোৱা , চাইকেল চলাই যোৱা উচিত। তদুপৰি ডিজেল চালিত যান-বাহন চলাওঁতে কিছু নিয়ন্ত্ৰণ কৰিব লাগে। কাৰণ ডিজেল চালিত যান বাহনৰ পৰা যথেষ্ট পৰিমাণে ধোঁৱা নিৰ্গত হয়।

এইসকলোবোৰৰ উপৰিও আটাইতকৈ ডাঙৰ পদক্ষেপ হল বৃক্ষৰূপন । বৃক্ষৰূপন কৰোতে নিমগছ অধিক পৰিমাণে ৰুব লাগে। কাৰণ নিম গছে বায়ু নিৰ্মল কৰি ৰাখে। মানুহৰ বাসস্থলীৰ আশে-পাশে ঔ গছ, চাও আৰু টকৌ গছ ৰুব নালাগে । এই গছবোৰে বায়ু প্ৰদূষণ কৰাত কিছু পৰিমাণে অৰিহণা যোগায়।

উপৰোক্ত ব্যৱস্থাবোৰৰ উপৰিও আৰু বহুতো ব্যৱস্থা আছে। সেইবোৰ পালন কৰা বৰ সহজ নহয়।

২। প্ৰদূষণৰ ভয়াবহতাৰ বিষয়ে তোমাৰ ধাৰণা কি ?

উত্তৰঃ প্ৰদূষণ ফলত মানুহৰ বহুতো ক্ষতি হব পাৰে। বায়ু প্ৰদূষনে মানুহৰ সু-স্বাস্থ্যত বাধা জন্ময়। বহুতো বেমাৰ বায়ু প্ৰদূষণৰ পৰা হয়। বিশেষকৈ ব্রকাংইটিচ, এজমা, চকুৰ দৃষ্টি শক্তি কমি যোৱা আদি বেমাৰ হয়। তদুপৰি মানুহৰ হাঁহি , আনন্দ শ্ৰীবৃদ্ধি আদিত বাধা জন্মে।

মানুহৰ উপৰিও বায়ু প্ৰদূষণে খেতি-বাতি আদিত বিৰূপ প্ৰভাৱ পেলায়।

৩ । বায়ু প্ৰদূষণত কি কি গেছীয় পদাৰ্থ থাকে ?

উত্তৰঃ বায়ু প্ৰদূষণ প্ৰধানকৈ কাৰ্বন-ডাই-অক্সাইড , কাৰ্বন মন’অক্সাইড, ছালফাৰ ডাই অক্সাইড আৰু সিহৰ দ্বাৰা হয়।

৪। কোনবোৰ কল-কাৰখানাৰ পৰা বেচিকৈ ধোঁৱা ওলায় ?

উত্তৰঃ বেচিকৈ ধোঁৱা ওলোৱা কল-কাৰখানা সমূহ হল ইটা ভাটা, বিস্কুটৰ ভাটি, কমাৰ শালা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top