Assam Jatiya Bidyalay Class 5 History Chapter 13 ৰুদ্ৰ সিংহ

Assam Jatiya Bidyalay Class 5 History Chapter 13 ৰুদ্ৰ সিংহ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় আপোন দেশৰ কথা Class 5 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 13 ৰুদ্ৰ সিংহ Class 5 History Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 5 Apun Dekhor Kotha Chapter 13 ৰুদ্ৰ সিংহ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 5 History Chapter 13 ৰুদ্ৰ সিংহ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

ৰুদ্ৰ সিংহ

Chapter – 13

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

১। একোটিকৈ বাক্যত উত্তৰ লিখা।

(ক) ৰুদ্ৰ সিংহৰ সৰুকালৰ নাম কি ?

উত্তৰ :- ৰুদ্ৰ সিংহৰ সৰুকালৰ নাম আছিল লাই কোঁৱৰ।

(খ) ৰুদ্ৰ সিংহই বৈষ্ণৱ-মহন্তসকলক ক’ত স্থায়ী সংস্থাপন কৰিছিল ?

উত্তৰ :- মাজুলীত সংস্থাপন কৰিছিল।

(গ) মাতৃৰ নামেৰে ৰুদ্ৰ সিংহই খন্ধোৱা পুখুৰীটোৰ নাম কি ?

উত্তৰ :- জয়সাগৰ পুখুৰী।

(ঘ) কোনজন বুৰঞ্জীবিদে তেওঁক ‘মহান ৰুদ্ৰসিংহ’ বুলি কৈছিল ?

উত্তৰ :- অসমৰ বুৰঞ্জীবিদ ড৹ সূৰ্যকুমাৰ ভূঞাই।

২। খালী ঠাই পূৰ কৰা।

(ক) নামদাঙৰ শিলৰ সাঁকো বৰ্তমান __________ নং ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত।

উত্তৰ :- ৩৭ 

(খ) ৰুদ্ৰসিংহৰ ৰাজত্বকালৰ স্থাপত্য ভাস্কৰ্যৰ মূল ৰাজমিস্ত্ৰী আছিল __________ ।

উত্তৰ :- ঘনশ্যাম খনিকৰ।

(গ) __________ য়ে ‘শংখচূড় বধ’ ৰচনা কৰিছিল।

উত্তৰ :- কবিৰাজ চক্ৰৱৰ্তীয়ে ।

৩। উত্তৰ লিখা ।

(ক) ৰুদ্ৰ সিংহই কিয় বৈষ্ণৱ গোসাঁইসকলক মাজুলীত স্থাপন কৰিছিল ?

উত্তৰ :- ৰুদ্ৰ সিংহ প্ৰকৃততে শাক্ত ধৰ্মৰ আছিল।  কিন্তু বৈষ্ণৱ ধৰ্মৰ প্ৰতিও তেওঁৰ সদভাৱ আছিল। এটা সময়ত তেওঁ বৈষ্ণৱ ধৰ্মত শৰণ লোৱাৰ মন মেলিছিল। সেয়ে তেওঁ বৈষ্ণৱ গোঁসাইসকলক সকলোকে মাটিবাৰী দি মাজুলীত স্থাপন কৰিছিল। তেতিয়াৰপৰা মাজুলীখন সত্ৰ-সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ স্বৰূপ হৈ পৰিল।

(খ) ৰুদ্ৰ সিংহই ৰংঘৰটো কিয় আৰু কাৰদ্বাৰা নিৰ্মাণ কৰিছিল ? 

উত্তৰ :- ৰুদ্ৰ সিংহ নাচ-গান, খেল-ধেমালি আদিৰ প্ৰতি বৰ অনুৰাগী আছিল। তেওঁ ভাৰতৰ অন্যান্য ঠাইৰ সংগীত, বাদ্যযন্ত্ৰ আদিৰ লগত অসমৰ থলুৱা সংগীত, বাদ্যযন্ত্ৰৰ সংমিশ্ৰণ ঘটাই সংস্কৃতিৰ পথাৰত ঐক্য আনি দিছিল। তেওঁ খেল-ধেমালি নাচ-গান আদি চাবৰ বাবে ৰংঘৰটো বাঁহ কাঠেৰে সজাইছিল। এইটো নিৰ্মাণ কৰাইছিল বংগদেশৰ ঘনশ্যাম খনিকৰ দ্বাৰা।

৪। ৰুদ্ৰ সিংহৰ ৰাজত্বকালৰ স্থাপত্য ভাস্কৰ্যৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা।

উত্তৰ :- স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ ৰাজত্বকাল স্থাপত্য ভাস্কৰ্য্যৰ বাবে বিখ্যাত। 

ৰজা হৈয়ে তেওঁ ৰাজ্য শাসন কৰাৰ লগতে মাতৃ জয়মতীৰ স্মৃতি ৰক্ষাৰ্থে জেৰেঙা পথাৰত জয়সাগৰ নামেৰে এটি বিশাল পুখুৰী খন্দাইছিল আৰু তাৰ পাৰত জয়দৌল নামেৰে এটি দৌল সজাই দিছিল। তদুপৰি ৰংনাথৰ দৌল, ফাকুৱা দৌল, ডিমৌৰ শিলৰ সাঁকো, খৰিকটীয়া আলি, দূবৰি আলি, মেটেকা আলিৰ লগতে মেটেকা নগৰখন নতুনকৈ সজাই ৰংপুৰ নাম দিছিল। এই নগৰলৈ সোমাবলৈ চাৰিওফালে চাৰিখন দুৱাৰ আছিল। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা নামদাঙৰ শিলৰ সাঁকো ৰুদ্ৰ সিংহৰ এক অনন্য কৃতিত্ব। আজিও দেশী বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ থকা বৰ্তমান শিৱসাগৰ জিলাত থকা ৰংঘৰটো খেল-ধেমালি, নাচ-গান আদি চাবৰ বাবে স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ ৰাজত্বকালতেই ঘনশ্যাম খনিকৰৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল। মুঠতে স্থাপত্য ভাস্কৰ্য্যৰ ক্ষেত্ৰত স্বৰ্গদেউ ৰুদ্ৰ সিংহই অসমৰ ইতিহাসত এক উজ্জ্বল চানেকি ৰাখি থৈ গৈছে।

৫। ৰুদ্ৰ সিংহৰ ৰাজত্বকালত বিদ্যা-শিক্ষা আৰু সংস্কৃতি জগতলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে লিখা।

উত্তৰ :- সৰুকালছোৱাত মাক-পিতাকৰ সান্নিধ্যৰ পৰা বঞ্চিত হ’ব লগা হোৱা বাবে স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ পুথিগত বিদ্যা শিক্ষা নাছিল। তথাপিও শিক্ষাৰ প্ৰতি তেওঁৰ ধাউতি আছিল। গুণী-জ্ঞানী পণ্ডিতক তেওঁ সমাদৰ কৰিব জানিছিল। তেওঁৰ ৰাজসভাৰ বিখ্যাত পণ্ডিত আছিল কবিৰাজ চক্ৰৱৰ্ত্তী। তেওঁ  ‘শংখচূড় বধ’, ‘দুষ্যন্ত চৰিত্ৰমালা’ লিখিছিল আৰু ব্ৰহ্মবৈৱৰ্ত পুৰাণ অসমীয়ালৈ অনুবাদ কৰিছিল।

সংস্কৃতিৰ প্ৰতিও ৰুদ্ৰ সিংহৰ বিশেষ ধাউতি আছিল। তেওঁ ভাৰতৰ অন্যান্য ঠাইৰ সংগীত, বাদ্যযন্ত্ৰ আদিৰ লগত অসমৰ থলুৱা সংগীত, বাদ্যযন্ত্ৰৰ সংমিশ্ৰণ ঘটাই সংস্কৃতৰ পথাৰত ঐক্য আনি দিছিল। বৰ্তমান শিৱসাগৰ জিলাত থকা ৰংঘৰটো ৰুদ্ৰ সিংহৰ ৰাজত্বকালতেই বিভিন্ন খেল-ধেমালি, নাচ-গান আদি চাবৰ বাবে নিৰ্মাণ কৰি উলিয়াইছিল। বৈষ্ণৱসকলৰ ধৰ্ম-সংস্কৃতিৰ প্ৰতি ৰাপ থকা বাবেই ৰুদ্ৰসিংহই বৈষ্ণৱ গোসাঁইসকলক মাজুলীত সংস্থাপতি কৰিছিল, যাৰ বাবে মাজুলীখন আজি সত্ৰ-সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ স্বৰূপ হৈ পৰিছে।

এনেদৰে দেখা যায় বিদ্যা-শিক্ষা আৰু সংস্কৃতি জগতলৈ মহাৰাজ ৰুদ্ৰ সিংহই তেওঁৰ ৰাজত্বকালত যথেষ্ট অৱদান দি গৈছে।

ওপৰঞ্চি প্ৰশ্নোত্তৰ

১। লাই কোঁৱৰে ৰজা হৈ আহোমমতে কি নাম লৈছিল ?

উত্তৰ :- চুখুংফা‍ নাম লৈছিল।

২। বাঁহ-কাঠেৰে সজা ৰংঘৰটো কোনে পকীকৰণ কৰাইছিল ?

উত্তৰ :- ৰুদ্ৰ সিংহৰ পুতেক প্ৰমত্ত সিংহই।

৩। কাৰ ৰাজত্বকালত অসমত বিভিন্ন খেল-ধেমালি আৰু নাচ-গানে ৰজাঘৰীয়া স্বীকৃতি পাইছিল ? 

উত্তৰ :- স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ ৰাজত্বকালত।

৪। গোঁসাই মহন্তসকলে ৰুদ্ৰ সিংহক কিয় শৰণ নিদিলে ?

উত্তৰ :- গোঁসাই মহন্তসকল আছিল ৰুদ্ৰ সিংহৰ প্ৰজা। শৰণ বা দীক্ষাৰ নিয়ম অনুসৰি প্ৰজাই ৰজাক শৰণ দিব নাপায়, কাৰণ ৰজা জন প্ৰজাতকৈ ওপৰৰ। সেয়েহে ৰুদ্ৰ সিংহই বৈষ্ণৱ ধর্মত শৰণ লোৱাৰ মন মেলা স্বত্বেও গোঁসাই মহন্তসকলে তেওঁক শৰণ নিদিলে।

৫। অৰ্থনৈতিক দিশটো টনকিয়াল কৰিবলৈ ৰুদ্ৰ সিংহই কি ব্যৱস্থা হাতত লৈছিল ?

উত্তৰ :- ৰাজ্য এখনৰ উন্নয়ন মূলতঃ অৰ্থনৈতিক দিশটোৰ ওপৰতে নিৰ্ভৰ কৰে। মহাৰাজ ৰুদ্ৰসিংহই ৰাজ্যখনৰ অৰ্থনৈতিক দিশটো টনকিয়াল কৰিবৰ বাবে ভাৰতৰ অন্যান্য ৰাজ্যৰ লগতে তিব্বত আদি দেশৰ লগত বেহা-বেপাৰ কৰাৰ ব্যৱস্থা কৰিছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top