Assam Jatiya Bidyalay Class 5 History Chapter 12 জয়মতী কুঁৱৰী

Assam Jatiya Bidyalay Class 5 History Chapter 12 জয়মতী কুঁৱৰী, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় আপোন দেশৰ কথা Class 5 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 12 জয়মতী কুঁৱৰী Class 5 History Question Answer can be of great value to excel in the examination.

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Assam Jatiya Bidyalay Class 5 Apun Dekhor Kotha Chapter 12 জয়মতী কুঁৱৰী Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 5 History Chapter 12 জয়মতী কুঁৱৰী provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

জয়মতী কুঁৱৰী

Chapter – 12

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

১। একোটিকৈ বাক্যত উত্তৰ লিখা।

(ক) জয়মতী কুঁৱৰীৰ দেউতাকৰ নাম কি আছিল ?

উত্তৰ :- মাদুৰিয়াল গোহাঁই বা লাইথেপেনা বৰগোহাঁই।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(খ) জয়মতীৰ স্বামীৰ নাম কি আছিল ?

উত্তৰ :- লাঙ্গি পানীসিয়া গদাপাণি।

(গ) কম বয়সত ৰজা হোৱা বাবে কাক ল’ৰা ৰজা বুলি কৈছিল ?

উত্তৰ :- চুলিকফা বা চক্ৰধ্বজসিংহক।

(ঘ) নামনি অসমৰ শাসনকর্তাজনক কি বুলি কৈছিল ?

উত্তৰ :- বৰফুকন।

২। চমু উত্তৰ লিখা।

(ক) জয়মতীৰ পুত্ৰদ্বয়ৰ নাম কি কি আছিল ?

উত্তৰ :- লাই আৰু লেচাই।

(খ) উচ্চ পদবীধাৰী আহোম ৰমণীয়ে অন্য ক’ৰবালৈ যাওঁতে কি লৈ গৈছিল ?

উত্তৰ :- উচ্চ পদবীধাৰী আহোম ৰমণীয়ে ক’ৰবালৈ যাব লগা হ’লে সৰুদৈয়া-বৰদৈয়া জাপি লৈ গৈছিল।

(গ) গদাপাণি নগা পাহাৰলৈ কিয় পলাই গৈছিল ?

উত্তৰ :- আহোম নিয়মমতে কোনো অংগক্ষত লোকে আহোমৰ ৰাজপাটত উঠি ৰজা হ’ব নোৱাৰে। চুলিকফা বা ল’ৰাৰজাই নিজৰ সিংহাসন নিষ্কন্টক কৰাৰ উদ্দেশ্য শহুৰেক লালুকসোলা বৰফুকনৰ দিহামতে সেই সময়ৰ ৰজা হ’বৰ উপযুক্ত বিভিন্ন ফৈদৰ আহোম কোঁৱৰসকলক ধৰি আনি অংগক্ষত কৰিছিল যাতে ভৱিষ্যতে ৰজা হ’ব নোৱাৰে। তুংখুঙীয়া ফৈদৰ কোঁৱৰ লাঙ্গি গদাপাণিক ধৰি অনাৰ বাবেও চুলিকফাই চোৰাংচোৱাকে নিৰ্দেশ দিছিল। সেইবাবেই গদাপাণিয়ে ঘৈণীয়েক জয়মতীৰ দিহামতে আত্মগোপন কৰিবলৈ নগা পাহাৰলৈ পলাই গৈছিল।

৩। জয়মতীৰ কাহিনীটো তোমাৰ নিজৰ ভাষাৰে চমুকৈ লিখা।

উত্তৰ :- জয়মতী কুঁৱৰী আছিল লাঙ্গি গদাপাণিৰ পত্নী লাই আৰু লেচাই নামৰ দুটি পুত্ৰ সন্তানৰ সৈতে তেওঁলোকৰ এখন সুখৰ সংসাৰ। পিছে গোটেই আহোম ৰাজ্য তচনচ কৰা এক কালধুমুহাই তেওঁলোকৰ সুখৰ সংসাৰখনো চূড়মাৰ কৰি থৈ গ’ল।

সেই সময়ত আহোমৰ ৰাজপাটত আছিল চুলিকফা বা ল’ৰাৰজা। এই ল’ৰাৰজাই শহুৰেক লালুকসোলা বৰফুকনৰ দিহামতে ৰজা হ’বৰ উপযুক্ত কোঁৱৰসকলক ধৰি আনি অংগক্ষত কৰিছিল যাতে অংগক্ষত হোৱা বাবে ভৱিষ্যতে তেওঁলোকে আহোমৰ ৰাজপাটত উঠি ৰজা হ’ব নোৱাৰে। এটা সময়ত তুংখুঙীয়া ফৈদৰ ৰজা হ’বৰ উপযুক্ত কোঁৱৰ লাঙ্গি গদাপাণিকো ধৰি নিয়াৰ বাবে তেওঁ চোৰাংচোৱাক নিৰ্দেশ দিয়ে। এই কথা জানিব পাৰি পতিব্ৰতা, বুদ্ধিমতী জয়মতীয়ে গিৰিয়েকক নগা পাহাৰলৈ গৈ আত্মগোপন কৰিবলৈ দিহা দিয়ে। সেয়ে অনিচ্ছাসত্ত্বেও গদাপাণিয়ে নগা পাহাৰলৈ পলাই যায়।

ইপিনে গদাপাণিক বিচাৰি নাপাই ৰজাৰ বিষয়া তথা চোৰাংচোৱাই ঘৈণীয়েক জয়মতীক সোধা পোচা কৰি তেওঁৰ সম্ভেদ উলিওৱাৰ প্ৰচেষ্টা হাতত ল’লে। কিন্তু স্বামীৰ বিষয়ে একো সম্ভেদ নিদিয়াৰ  দৃঢ় সংকল্প লোৱা জয়মতীৰ পৰা ৰজাঘৰীয়াই গদাপাণিৰ একো খবৰ উলিয়াব নোৱাৰিলে। অৱশেষত বৰফুকনৰ দিহামতে জয়মতীক জেৰেঙা পথাৰত এজোপা গছত বান্ধি লৈ তেওঁৰ ওপৰত নিৰ্মম, অমানুষিক অত্যাচাৰ আৰম্ভ কৰিলে, কিজানি শাস্তি পালে জয়মতীয়ে মুখ খোলেই। জয়মতীৰ শাস্তিৰ বাতৰি পাই নগাৰ বেশ ধৰি আহি গদাপাণিয়ে জয়মতীক গিৰিয়েকৰ কথা কৈ দিবলৈ অনুৰোধ কৰিছিল। তথাপি জয়মতীয়ে গিৰিয়েকৰ সম্পৰ্কত মুখ নুখুলিলে আৰু সকলো অত্যাচাৰ গা-পাতি ল’লে। এনেদৰেই অমানুষিক অত্যাচাৰ সহি ধৈৰ্য্যশীলা, সতী, সতিপ্ৰাণা জয়মতীয়ে অৱশেষত ১৬৮০ খ্ৰীঃৰ ২৭ মার্চত শেষ নিশ্বাস ত্যাগ কৰিলে।

৪। গদাপাণি কেনেকৈ ৰজা হৈছিল চমুকৈ বৰ্ণনা কৰা।

উত্তৰ :- লাঙ্গি গদাপাণি চাৰিং ৰাজ্যৰ তুংখুঙীয়া ফৈদৰ গোবৰ ৰজাৰ পুত্ৰ। তেওঁ এক বৰ দুৰ্যোগপূৰ্ণ আৰু আতংকময় পৰিৱেশৰ মাজত আহোমৰ ৰাজসিংহাসনত উঠিছিল।

সেই সময়ত আহোমৰ ৰজা আছিল চুলিকফা বা ল’ৰা ৰজা। এই ল’ৰা ৰজাই নিজৰ সিংহাসন নিষ্কন্টক কৰাৰ বাবে শহুৰেক লালুকসোলা বৰফুকনৰ দিহামতে ৰজা হ’বৰ উপযুক্ত বিভিন্ন ফৈদৰ কোঁৱৰসকলক ধৰি আনি অংগক্ষত কৰিছিল। আহোম নিয়মমতে যেহেতু অংগক্ষত কোনো লোকেই আহোমৰ ৰজা হ’ব নোৱাৰে, সেইবাবেই লালুকসোলাই এই নাৰকীয় কাণ্ড সংঘটিত কৰাৰ দিহা দিছিল। ৰজা হ’বৰ সম্পূৰ্ণ উপযুক্ত গদাপাণিক ধৰিবলৈও ল’ৰা ৰজাই চোৰাংচোৱাক নির্দেশ দিছিল। এই কথা গম পোৱাৰ পাছত গদাপাণিৰ পতিপ্ৰাণা , বুদ্ধিমতী পত্নী জয়মতীয়ে তেওঁক নগা পাহাৰলৈ পলাই গৈ আত্মগোপন কৰাৰ দিহা দিয়ে । অনিচ্ছাসত্বেও অৱশেষত গদাপাণিয়ে ঘৈণীয়েক  জয়মতী আৰু দুই পুত্ৰ লাই লেচাইক এৰি নগা পাহাৰলৈ পলাই যায় ।

ইপিনে গদাপাণিক ধৰিব নোৱাৰি ল’ৰাৰজাই জয়মতীক ধৰি আনি জেৰেঙা পথাৰত এজোপা গছত বান্ধি লৈ চাউদাঙৰ হতুৱাই অবৰ্ণনীয় শাৰীৰিক অত্যাচাৰ চলাই গদাপাণিৰ সম্ভেদ উলিওৱাৰ চেষ্টা কৰে । কেবাদিনো ধৰি অতি নিৰ্মম, জঘন্য, অমানুষিক নিৰ্যাতন ভুগিও জয়মতীয়ে গিৰিয়েকৰ বিষয়ে এটা শব্দও নকোৱাকৈয়ে চাউদাঙৰ হাতত প্রাণাহুতি দিয়ে।

গদাপাণিয়ে ছদ্মবেশেৰে আহি ঘৈণীয়েকৰ ওপৰত চলা অত্যাচাৰ নিজ চকুৰে দেখে যদিও জয়মতীৰ সাধনা আৰু ত্যাগ অথলে যোৱাৰ আৰু নিজৰ মহৎ উদ্দেশ্য ধূলিস্যাৎ হোৱাৰ কথা ভাবি ধৰা নিদিয়াকৈ তাৰ পৰা গুচি যায়। কিছুদিন আত্মগোপন কৰাৰ পাছত তেওঁৰ ভিনিহিয়েক বন্দৰ বৰফুকন আৰু আন আন বিষয়াই গদাপাণিক কলিয়াবৰত ৰজা পাতি ৰাজধানীলৈ আগুৱাই আহে। লালুকসোলাক হত্যা কৰি আৰু ল’ৰাৰজাক ৰজা ভাঙি তেওঁ নিজে ১৬৮১ খ্ৰীঃত আহোমৰ সিংহাসনত উঠে আৰু গদাধৰ সিংহ নাম লয়।

ওপৰঞ্চি প্ৰশ্নোত্তৰ

১। গদাপাণিক ৰজা পতাত কোন গৰাকী বৰফুকনে আগভাগ লৈছিল ?

উত্তৰ :- বন্দৰ বৰফুকনে।

২। জয়সাগৰ অসমৰ কোন ঠাইত আছে ?

উত্তৰ :- শিৱসাগৰত।

৩। গদাপাণিয়ে ৰজা হৈ কি নাম লয় ?

উত্তৰ :- গদাধৰ সিংহ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top