🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Assam Jatiya Bidyalay Class 5 History Chapter 11 চক্ৰধ্বজ সিংহ

Assam Jatiya Bidyalay Class 5 History Chapter 11 চক্ৰধ্বজ সিংহ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় আপোন দেশৰ কথা Class 5 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 11 চক্ৰধ্বজ সিংহ Class 5 History Question Answer can be of great value to excel in the examination.

Assam Jatiya Bidyalay Class 5 Apun Dekhor Kotha Chapter 11 চক্ৰধ্বজ সিংহ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 5 History Chapter 11 চক্ৰধ্বজ সিংহ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

চক্ৰধ্বজ সিংহ

Chapter – 11

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

১। উত্তৰ লিখা।

(ক) আহোম ৰজা জয়ধ্বজ সিংহ আৰু মোগল সেনাপতি মিৰজুমলাৰ মাজত ১৬৬ত খ্ৰীঃত কোন ঠাইত সন্ধি হৈছিল ? 

উত্তৰ :- ঘিলাধাৰী নামে ঠাইত।

(খ) মোগল সম্ৰাটে চক্ৰধ্বজ সিংহলৈ উপহাৰ দি পঠোৱা কটকী দুজনৰ নাম কি কি আছিল ? 

উত্তৰ :- দুৰবেগ আৰু ৰস্তমবেগ।

(গ) শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমসকলৰ মহামন্ত্ৰী কোন আছিল ?

উত্তৰ :- আতন বুঢ়াগোহাঁই।

(ঘ) ‘দেশতকৈ মোমাই ডাঙৰ নহয়’ কথাষাৰ কোনে কৈছিল ?

উত্তৰ :- লাচিত বৰফুকনে।

 ২। খালী ঠাই পূৰ কৰা।

(ক) __________ বৰফুকন আছিল মোমাই তামুলী বৰবৰুৱাৰ পুত্ৰ।

উত্তৰ :- লাচিত ।

(খ) চক্ৰধ্বজ সিংহৰ আহোম নাম আছিল __________ ।

উত্তৰ :- চুপুংমুঙ।

(গ) ১৬৬৯ খ্ৰীঃত __________ যুদ্ধ হৈছিল।

উত্তৰ :- আলাবৈ ।

(ঘ) শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোম ৰজা আছিল __________।

উত্তৰ :- উদয়াদিত্য সিংহ।

৩। চমু উত্তৰ দিয়া।

(ক) ‘বিনা যুদ্ধে এক আঙুল মাটিও বঙালক এৰি নিদিওঁ ‘কথাষাৰ কোনে, কাক কি প্ৰসংগত কৈছিল ? 

উত্তৰ :- এই কথাষাৰ লাচিত বৰফুকনে মোগলৰ মূল সেনাপতি ৰামসিংহক কৈছিল। আলাবৈৰ যুদ্ধত আহোমে মোগলৰ হাতত পৰাজয় বৰণ কৰাৰ পাছত মোগলৰ মূল সেনাপতি ৰামসিংহই সন্ধিৰ প্ৰস্তাৱ দিয়াত লাচিত বৰফুকনে উক্ত কথাষাৰ কৈছিল।

(খ) আলাবৈৰ যুদ্ধত হৰাৰ পিছত মহামন্ত্ৰীয়ে লাচিত বৰফুকনক কি বুলি বুজনি দিছিল ?

উত্তৰ :- আলাবৈৰ যুদ্ধত হৰাৰ পিছত মহামন্ত্ৰী আতন বুঢ়াগোহাঁয়ে লাচিত বৰফুকনক এনেদৰে বুজনি দিছিল – ‘বাৰীৰ চুকত পুখুৰী সিচোঁতে যদি ৮/১০ টা মানুহক শিঙি মাছে বিন্ধিব পাৰে, তেন্তে এইখন এখন যুদ্ধহে, মানুহ মৰিবই। তাত দুখ কৰি থকাতকৈ অধিক দৃঢ়তা আৰু মনোবলেৰে পুনৰ নিজক সংশোধন কৰি যুদ্ধৰ বাবে সাজু হ’ব লাগে।’

৪। আলাবৈ যুদ্ধৰ এটি চমু বিৱৰণ দিয়া।

উত্তৰ :- ১৬৬৯ খ্ৰীঃত আহোম আৰু মোগলৰ মাজত আলাবৈৰ যুদ্ধ হয়। স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ কঠোৰ আৰু জৰুৰী নিৰ্দেশত আহোম সেনাপতি লাচিত বৰফুকনে অনিচ্ছাসত্বেও এই যুদ্ধত নামিছিল। কাৰণ তেতিয়ালৈকে আহোম সেনা যুদ্ধৰ বাবে সম্পূৰ্ণ প্ৰস্তুত হৈ উঠা নাছিল। ফলস্বৰূপে এই যুদ্ধত আহোমে পৰাজয় বৰণ কৰি প্ৰায় ১০,০০০ সৈন্য হেৰুৱাব লগা হয়। এই পৰাজয়ে লাচিত বৰফুকনৰ মনত বেয়াকৈ আঘাত হানিছিল। আনহাতে, স্বৰ্গদেউ চক্ৰধ্বজ সিংহই এই পৰাজয়ৰ বাৰ্তা পোৱাৰ পাছত শোকত ম্ৰিয়মান হৈ প্ৰাণত্যাগ কৰে। এই যুদ্ধত মনোবল ভাগি পৰা লাচিতক মহামন্ত্ৰী আতন বুঢ়াগোহাঁয়ে এইদৰে উৎসাহ যোগাইছিল – ‘বাৰীৰ চুকত পুখুৰী সিচোঁতে যদি ৮/১০ টা মানুহক শিঙি মাছে বিন্ধিব পাৰে; তেন্তে এইখন এখন যুদ্ধহে, মানুহ মৰিবই। তাত দুখ কৰি থকাতকৈ অধিক দৃঢ়তা আৰু মনোবলেৰে পুনৰ নিজক সংশোধন কৰি যুদ্ধৰ বাবে সাজু হ’ব লাগে।’ মহামন্ত্ৰীৰ এই কথাখিনিয়ে লাচিতক যথেষ্ট অনুপ্ৰেৰণা যোগাইছিল আৰু তেওঁ দুগুণ উৎসাহেৰে যুদ্ধৰ প্ৰস্তুতিত নামি পৰিছিল।

৫। চক্ৰধ্বজ সিংহই শৰাইঘাটৰ যুদ্ধৰ প্ৰস্তুতি কেনেদৰে কৰিছিল লিখা।

উত্তৰ :- চক্ৰধ্বজ সিংহ ৰজা হোৱাৰ পাছতে মোগল সম্ৰাটে পঠোৱা অপমানজনক উপহাৰ আৰু কটুভাষাৰে কৰ পৰিশোধ কৰিবলৈ দিয়া চিঠিয়ে তেওঁক মৰ্মাহত কৰিছিল। সেয়ে তেওঁ মোগলক আক্ৰমণ কৰাৰ সিদ্ধান্ত লয়। কিন্তু মন্ত্ৰী সহিতে আন আন বিষয়াসকলে তেওঁক লগে লগে মোগলৰ বিৰুদ্ধে যুদ্ধ কৰা উচিত নহ’ব বুলি পৰামৰ্শ দিলে। সেয়ে চক্ৰধ্বজ সিংহই কৌশল কৰি মোগল কটকীক কিছুদিনৰ পিছতহে কৰ পৰিশোধ কৰিব পাৰিব বুলি বিদায় দিলে। 

স্বাধীনচিতীয়া চক্ৰধ্বজ সিংহ মোগলৰ কৰতলীয়া হৈ থকাত মৃত্যুসম আঘাত পাইছিল। সেয়েহে মোগলক আক্ৰমণ কৰাৰ দৃঢ় সংকল্প লৈ শত্ৰুৰ চকুত ধূলি দি তলে তলে যুদ্ধৰ আয়োজন কৰিছিল। ইয়াৰ গুৰু দায়িত্ব অৰ্পণ কৰিছিল মহামন্ত্ৰী অতন বুঢ়াগোহাঁই আৰু লাচিত বৰফুকনৰ ওপৰত।

চক্ৰধ্বজ সিংহই মন্ত্ৰী বা আন বিষয়াবৰ্গক আদেশ নিৰ্দেশ দি বহি থকা নাছিল। তেওঁ নিজে যুদ্ধৰ প্ৰাৰম্ভিক প্ৰস্তুতিৰ তদাৰক কৰিছিল। আনকি তেওঁ সৰুবৰ নামনি সাধাৰণ পাইকসকলৰ (সৈন্যৰ) লগত যুঁজৰ আখৰাত নিজে আগভাগ লৈছিল। তেওঁ যাতায়তৰ সুবিধাৰ বাবে জাঁজীলৈ এটা আলিও বন্দাইছিল। তেওঁ কাঁড়ীৰ কাঁড় মবা, হিলৈদাৰীৰ হিলৈ মৰা, নাওশালত নাও সজা পৰিদৰ্শন কৰি প্ৰতিজন আহোম সৈন্যক উৎপাহ যোগাইছিল। ইয়াৰ ফলত বিশ্বাস হেৰুওৱা অসমীয়া সৈন্যৰ মাজত বীৰত্ব আৰু স্বাধীনতাৰ স্পৃহা জাগি উঠিছিল আৰু শৰীৰত শেষ বিন্দু তেজ থকালৈকে যুদ্ধ কৰি যাবলৈ তেওঁলোক অনুপ্ৰাণিত হৈছিল।

‘পৰৰ অধীন হৈ থকাতকৈ মৰণেই শ্ৰেয়’ বুলি বিশ্বাস কৰা চক্ৰধ্বজ সিংহই এনেদৰেই শৰাইঘাট যুদ্ধৰ প্ৰস্তুতি কৰিছিল।

ওপৰঞ্চি প্ৰশ্নোত্তৰ

১। ঘিলাধাৰী চুক্তি কাৰ কাৰ মাজত হৈছিল ?

উত্তৰ :- আহোম ৰজা জয়ধ্বজ সিংহ আৰু মোগল সেনাপতি মিৰজুমলাৰ মাজত।

২। শিলঘাটত পোৱা এটা কামানত কি লিখা আছে ?

উত্তৰ :- শিলঘাটত পোৱা এটা কামানত লিখা আছে যে ১৬৬৭ খ্ৰী:ত চক্ৰধ্বজ সিংহই ৰণত জিকি মোগলৰপৰা সেইটো হস্তগত কৰিছিল।

৩। শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল ?

উত্তৰ :- ১৬৭১ খ্ৰীষ্টাব্দত।

৪। শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোম আৰু মোগলৰ সেনাপতি কোন আছিল ?

উত্তৰ :- আহোমৰ সেনাপতি আছিল লাচিত বৰফুকন আৰু মোগলৰ সেনাপতি আছিল ৰামসিংহ।

৫। ঘিলাধাৰী চুক্তিমতে আহোম আৰু মোগল ৰাজ্যৰ সীমা কি নিৰ্দ্ধাৰণ কৰা হৈছিল ?

উত্তৰ :- ঘিলাধাৰী চুক্তিমতে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ভৰলী আৰু দক্ষিণপাৰৰ কলং নদী আহোম আৰু মোগল ৰাজ্যৰ সীমা নিৰ্দ্ধাৰণ কৰা হৈছিল।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top