Assam Jatiya Bidyalay Class 5 Assamese Chapter 7 জোনৰ মৰম, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় আপোন পাঠ Class 5 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 7 জোনৰ মৰম Class 5 Assamese Question Answer can be of great value to excel in the examination.
Assam Jatiya Bidyalay Class 5 Assamese Chapter 7 জোনৰ মৰম Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 5 Assamese Chapter 7 জোনৰ মৰম provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.
জোনৰ মৰম
Chapter – 7
অসম জাতীয় বিদ্যালয়
পাঠভিত্তিক প্ৰশ্নোত্তৰ
* তলৰ শব্দবোৰৰ অৰ্থ লিখা :
নিলগ, নিতউ, ৰংমনে, থিতাতে, বেজাৰ, ডেই-পুৰি মৰা, গুণে।
উত্তৰ :-
শব্দ | অৰ্থ |
নিলগ | আঁতৰ; দূৰ। |
নিতউ | সদায়; প্ৰতিদিনে। |
ৰংমনে | আনন্দমনে। |
থিতাতে | ঠাইতে; ততালিকে। |
বেজাৰ | দুখ। |
ডেই-পুৰি মৰা | জ্বলি পকি মৰা |
গুণে | চিন্তা কৰো; বিবেচনা কৰা। |
পাঠভিত্তিক ক্ৰিয়া-কলাপৰ প্ৰশ্নোত্তৰ
১। প্ৰথমে কোঁৱা, তাৰ পিছত লিখা :
(ক) জোনবাইৰ ঘৰ ক’ত ?
উত্তৰ :- জোনবাইৰ ঘৰ আকাশৰ তৰাৰ মাজত।
(খ) জোনবায়ে কাৰ স’তে বালিঘৰ সাজে ?
উত্তৰ :- জোনবায়ে তৰাৰ লগত বালিঘৰ সাজে।
(গ) লুকা-ভাকু খেলত জোনবায়ে কি কৰে ?
উত্তৰ :- লুকা-ভাকু খেলত জোনবায়ে থিতাতে লুকায় আৰু ঘনে ঘনে জুমি চায়।
(ঘ) জোনবায়ে কিয় ডেই-পুৰি মৰোঁ বুলি কৈছে ?
উত্তৰ :- জোনবায়ে সোণৰ লগত উমলিব বুলি আকাশৰ পৰাই আশা কৰে। কিন্তু সোণ যে বহু আঁতৰত থাকে সেইবাবে মনত বেজাৰ পাই ডেই-পুৰি মৰো বুলি কৈছে।
(ঙ) জোনবায়ে কেতিয়া আইতাৰ সাধু শুনে ?
উত্তৰ :- জোনালী নিশাত জোনবায়ে আইতাৰ সাধু শুনে।
(চ) জোনবায়ে কাক ‘অকণি সোণাই’ বুলি কৈছে ?
উত্তৰ :- ‘জোনৰ মৰম’ কবিতাটোত জোনবায়ে সোণ নামৰ ল’ৰাজনক ‘অকণি সোণাই’ বুলি কৈছে।
২। ওপৰৰ ক-ৰ পৰা চ-লৈ লিখা উত্তৰখিনি লগ-লগাই কি হয় লিখি চোৱাঁচোন।
উত্তৰ :- আমাৰ দৰে অকণিহঁতক জোনবায়ে সোণাই বুলি মাতিছে আৰু আমি তেওঁক চিনি পাওতে সুধিছে। পৃথিৱীৰ পৰা বহু নিলগৰ আকাশত তৰাৰ মাজত জোনবাইৰ ঘৰ। জোনবায়ে তৰাৰ লগত নিতৌ ওমলে, বালিঘৰ সাজে। লুকা-ভাকু খেল পাতি জোনবায়ে থিতাতে লুকায় আৰু ঘনে ঘনে জুমি জুমি চায়। জোনবায়ে আমাৰ লগত উমলিব বুলি আকাশৰ পৰাই বৰ আশা কৰে কিন্তু আমি আঁতৰত থাকো বাবে নোৱাৰে। সেইবাবে মনত বেজাৰ পাই ডেই-পুৰি মৰে। আমি চোতালত বহি সাধু শুনি থাকোতেও জোনালী নিশাত জোনবাইয়েও আইতাৰ সাধু শুনে।
৩। বাক্য ৰচনা কৰা।
ঘনে ঘনে, বালিঘৰ, লুকা-ভাকু, জুমি-জুমি, মিচিকি-মিচিকি
উত্তৰ :- (i) ঘনে ঘনে :- গৰমৰ দিনত আমাৰ ঘনে ঘনে পিয়াহ লাগে।
(ii) বালিঘৰ :- জোনবায়ে ৰংমনেৰে তৰাৰ লগত বালিঘৰ সাজি নিতৌ ওমলে।
(iii) লুকা-ভাকু :- বিদ্যুতৰ লুকা-ভাকুত মানুহবোৰ অতীষ্ঠ হৈছে।
(iv) জুমি-জুমি :- ঘৰলৈ আলহী আহিলে আমাৰ ভন্টীয়ে পৰ্দাৰ ফাকেৰে জুমি-জুমি চায়।
(v) মিচিকি-মিচিকি :- পূৰ্ণিমাৰ দিনা আকাশত জোনবায়ে মিচিকি-মিচিকি হাঁহি থকা যেন লাগে।
৪। বুজা আৰু লিখা :
জোন | চন্দ্ৰ |
পৃথিৱী | _______ |
তৰা | _______ |
বেজাৰ | _______ |
আইতা | _______ |
আকাশ | _______ |
উত্তৰ :-
জোন | চন্দ্ৰ |
পৃথিৱী | বিশ্ব; ধৰণী |
তৰা | নক্ষত্ৰ |
বেজাৰ | দুখ |
আইতা | আবু |
আকাশ | গগণ |
৫। পঢ়া, বুজা আৰু লিখা :
জোন | জোনালী |
সোণ | _______ |
ৰূপ | _______ |
ৰ’দ | _______ |
তৰা | _______ |
ৰং | _______ |
উত্তৰ :-
জোন | জোনালী |
সোণ | সোণালী |
ৰূপ | ৰূপালী |
ৰ’দ | ৰ’দালি |
তৰা | তৰালি |
ৰং | ৰঙালী |
৬। আকাশ, জোন আৰু তৰাৰ বিষয়ে কবিতা ৰচনা কৰিবলৈ যত্ন কৰাচোন ?
উত্তৰ :- ছাত্ৰ-ছাত্ৰীসকলে শিক্ষক তথা অভিভাৱকৰ সহায় লৈ নিজে নিজে লিখিবলৈ যত্ন কৰিব।
৭। তলত দিয়া উপযুক্ত শব্দটো বিচাৰি খালী ঠাই পূৰ কৰা :
জুমি-জুমি, মিচিকি-মাচাক, ৰিণিকি-ৰিণিকি, লুকা-ভাকু।
(ক) জোনটোৱে আকাশত ডাৱৰৰ লগত _________ খেলিছে।
(খ) সৰু ছোৱালীজনীয়ে _________ হাঁহি আছে।
(গ) ল’ৰাটোৱে মানুহখিনিলৈ _________ চাই আছে।
(ঘ) দূৰৈৰ বাঁহীৰ সুৰ _________ শুনা গৈছে।
উত্তৰ :- (ক) জোনটোৱে আকাশত ডাৱৰৰ লগত লুকা-ভাকু খেলিছে।
(খ) সৰু ছোৱালীজনীয়ে মিচিকি-মাচাককৈ হাঁহি আছে।
(গ) ল’ৰাটোৱে মানুহখিনিলৈ জুমি-জুমি চাই আছে।
(ঘ) দূৰৈৰ বাঁহীৰ সুৰ ৰিণিকি-ৰিণিকি শুনা গৈছে।
৮। বুজা আৰু লিখা :
বালিৰে সজা ঘৰ = বালিঘৰ
খেৰেৰে সজা ঘৰ = ___________
ৰান্ধিবলৈ সজা ঘৰ = ___________
জিৰাবলৈ সজা ঘৰ = ___________
উত্তৰ :- বালিৰে সজা ঘৰ = বালিঘৰ।
খেৰেৰে সজা ঘৰ = খেৰিঘৰ।
ৰান্ধিবলৈ সজা ঘৰ = ৰান্ধনীঘৰ।
জিৰাবলৈ সজা ঘৰ = জিৰণিঘৰ।
অতিৰিক্ত পাঠভিত্তিক প্ৰশ্নোত্তৰ
১। জোনবায়ে মোক চিনি পাইছানে বুলি কাক সুধিছে ?
উত্তৰ :- অকণি সোণাইক মোক চিনি পাইছানে বুলি সুধিছে।
২। জোনবাই-এ কাৰ মুখখনি চাই মিচিকি-মাচাককৈ হাঁহে ?
উত্তৰ :- অকণি সোণাইৰ।
৩। ‘জোনৰ মৰম’ নামৰ কবিতাটোৰ কবি কোন ?
উত্তৰ :- ‘জোনৰ মৰম’ নামৰ কবিতাটোৰ কবি হ’ল অপৰ্ণা বণিক্য।
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.