Assam Jatiya Bidyalay Class 5 Assamese Chapter 14 পুৰণি অসমীয়া বস্ত্ৰ

Assam Jatiya Bidyalay Class 5 Assamese Chapter 14 পুৰণি অসমীয়া বস্ত্ৰ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় আপোন পাঠ Class 5 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 14 পুৰণি অসমীয়া বস্ত্ৰ Class 5 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 5 Assamese Chapter 14 পুৰণি অসমীয়া বস্ত্ৰ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 5 Assamese Chapter 14 পুৰণি অসমীয়া বস্ত্ৰ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

পুৰণি অসমীয়া বস্ত্ৰ

Chapter – 14

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক প্ৰশ্নোত্তৰ

* তলৰ শব্দবোৰৰ অৰ্থ লিখা :

পাকৈত, উৎপাদন, প্ৰচলন, চানেকি, নিপুণ, কবচ-কাপোৰ, পতি, সিদ্ধান্ত, তদাৰক, গম-গতি, তবধ, সাষ্টাংগে, থান, খোদিত, সংৰক্ষণ, আপুৰুগীয়া, নিদর্শন, সমাদৰ।

উত্তৰ :- 

শব্দ                    অৰ্থ
পাকৈতপাৰ্গত; কামত নিপুণ।
উৎপাদনজন্ম দিয়া কাৰ্য; উৎপন্ন কৰা কাৰ্য।
প্ৰচলনচলি থকা কাৰ্য।
চানেকিআদর্শ; নমুনা; কাপোৰত তুলিবৰ নিমিত্তে কৰা ফুলৰ আহি।
নিপুণপটু; পাৰ্গত; দক্ষ।
কবচ-কাপোৰযুদ্ধত শত্ৰুৰ অস্ত্ৰৰ আঘাতৰ পৰা ৰক্ষা পাবলৈ পিন্ধা কাপোৰ।
পতিস্বামী; গৰাকী; প্ৰভু।
সিদ্ধান্তনিৰ্ণয়; ৰায়।
তদাৰক আগ-পিছ চোৱা কাৰ্য; তত্ত্বাৱধান।
গম-গতিউমান; সহাৰি; আতি-গুৰি।
তবধ বিচুৰ্তি; তধা লগা; বিষ্ময়।
সাষ্টাংগে আঠোটা অংগ; (মূৰ, বুকু, হাত, ভৰি, আঁঠু, দৃষ্টি, বুদ্ধি, বাক্যসহ) সহ।
থানঠাই; ধৰ্মস্থান; দেৱস্থান; অসমৰ বৈষ্ণৱসকলৰ গুৰুৰ ঘৰ।
খোদিতলিপিবদ্ধ কৰা।
সংৰক্ষণভালকৈ থোৱা কাৰ্য; বিশেষ ৰূপে ৰখা কাৰ্য।
আপুৰুগীয়াআটকীয়া; দুৰ্লভ।
নিদৰ্শনচিন; নমুনা; উদাহৰণ; আদৰ্শ; দৃষ্টান্ত।
সমাদৰবিশেষ আদৰ; সন্মান।

পাঠভিত্তিক ক্ৰিয়া-কলাপৰ প্ৰশ্নোত্তৰ

(১) প্ৰথমে কোৱা, তাৰ পাছত লিখা :

(ক) অতীতত অসমীয়া শিপিনীসকলে সূতাত ৰং কৰিবৰ কাৰণে কিহৰপৰা ৰং তৈয়াৰ কৰিছিল ?

উত্তৰ :- অতীতত অসমীয়া শিপিনীসকলে  সূতাত ৰং কৰিবৰ কাৰণে কেঁহেৰাজ, শিলিখা, হালধি, পলাশৰ গুটি, আমলখি আদিৰ পৰা ৰং তৈয়াৰ কৰিছিল।

(খ) মহাত্মা গান্ধীয়ে অসমীয়া শিপিনীৰ বিষয়ে দিয়া মন্তব্যটো লিখা।

উত্তৰ :- মহাত্মা গান্ধীয়ে অসমলৈ আহি অসমীয়া শিপিনীয়ে বোৱা ফুল বছা কাপোৰ দেখি মন্তব্য কৰিছিল যে – “অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে।”

(গ) ‘বৃন্দাবনী বস্ত্ৰ’খন কোন ঠাইত বোওৱা হৈছিল ?

উত্তৰ :- বৰপেটা অঞ্চলৰ তাঁতীকুছি নামৰ ঠাইত ‘বৃন্দাবনী বস্ত্ৰ’খন বোওৱাৰ ব্যৱস্থা কৰা হৈছিল।

(ঘ) অসমৰ বিষয়ে বিৱৰণ থকা চিহাবুদ্দিত তালিছৰ গ্ৰন্থখনৰ নাম কি ?

উত্তৰ :- অসমৰ বিষয়ে বিৱৰণ থকা চিহাবুদ্দিত তালিছৰ গ্ৰন্থখনৰ নাম হ’ল – ‘ফাথিয়া-ই ইব্ৰিয়া’।

(ঙ) বৃন্দাবনী বস্ত্ৰখন তৈয়াৰ কৰাৰ আঁৰৰ কাহিনীটো বৰ্ণনা কৰা।

উত্তৰ :- মহাপুৰুষ শংকৰদেৱে ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে বৰপেটাৰ পাটবাউসী অঞ্চলত আছিল। তেনে সময়তে কোচ ৰজা নৰনাৰায়ণে কৃষ্ণলীলাসমূহ পটত আঁকি দেখুৱাবলৈ মহাপুৰুষজনাক অনুৰোধ কৰিছিল। তেতিয়া শংকৰদেৱে সেই দৃশ্যসমূহ পটত অঁকাৰ সলনি কাপোৰতে বৈ উলিয়াবলৈ সিদ্ধান্ত ল’লে। ৰজা নৰনাৰায়ণেও শংকৰদেৱৰ প্ৰস্তাৱত আনন্দিত হৈ সূতাৰপৰা আৰম্ভ কৰি সকলো প্ৰয়োজনীয় সামগ্রী যোগানৰ ব্যৱস্থা কৰিলে। তাৰ পাছত শংকৰদেৱে বৰপেটাৰ ওচৰৰ তাঁতীকুছি নামৰ ঠাইত শাল পাতি কাপোৰখন বোওৱাৰ ব্যৱস্থা কৰিলে।

বৃন্দাবনী বস্ত্ৰখন তৈয়াৰ কৰাৰ আঁৰৰ কাহিনী এয়াই।

(চ) শংকৰদেৱে মাধৱদেৱক ‘বঢ়াৰ পো’ বুলি মাতিবলৈ লোৱাৰ কাৰণ কি ?

উত্তৰ :- মহাৰাজ নৰনাৰায়ণৰ অনুৰোধমৰ্মে শ্ৰীমন্ত শংকৰদেৱে শ্ৰীকৃষ্ণৰ লীলা-মালাবোৰ দশাই কাপোৰত বৈ উলিয়াবলৈ সিদ্ধান্ত ল’লে। সেইমৰ্মে বৰপেটাৰ ওচৰৰ তাঁতীকুছি নামৰ ঠাইত শাল পাতি কাপোৰখন বোওৱাৰ ব্যৱস্থা কৰিলে। বোৱন কাৰ্যৰ তদাৰক কৰিবৰ বাবে গোপাল আতা আৰু প্রিয় শিষ্য মাধৱদেৱক দায়িত্ব দিলে। দিনে কিমান অংশ বৰ লাগিব তাৰো এটা হিচাপ মহাপুৰুষজনাই তেওঁলোকক দিলে। মাজে মাজে শংকৰদেৱে কাপোৰখনৰ বোৱা কাৰ্য চাবলৈও যায়। তেনেদৰে চাবলৈ গৈ শংকৰদেৱে সদায়ে এটা কথা লক্ষ্য কৰে যে তেওঁ দিয়া হিচাবতকৈ সদায়ে বেছি বোৱা হয়। এই কথাত আচৰিত হৈ মহাপুৰুষজনাই গম-গতি লৈ জানিব পাৰিলে যে মাধৱদেৱৰ তদাৰকিতেই এইদৰে হিচাবতকৈ বেছি বঢ়াই বোৱা হয়। মাধৱদেৱৰ এই কাৰ্যত শংকৰদেৱে খুব সন্তোষ পালে আৰু তেতিয়াৰে পৰা মাধৱদেৱক ‘বঢ়াৰ পো’ বুলি মাতিবলৈ ল’লে।

(ছ) বৰপেটা থানৰ সৃষ্টি কেনেদৰে হ’ল লিখা।

উত্তৰ :- কোচ ৰজা মহাৰাজ নৰনাৰায়ণৰ অনুৰোধমৰ্মে শংকৰদেৱে শ্ৰীকৃষ্ণৰ লীলা-মালা দশাই বৰপেটা অঞ্চলৰ তাঁতীকুছি নামৰ ঠাইত তাৰ বিভিন্ন শিপিনীৰ সহায়ত এখন বৰ ডাঙৰ কাপোৰ তৈয়াৰ কৰাৰ কাম আৰম্ভ কৰে। এই কাপোৰখন বোৱা সম্পূৰ্ণ হোৱাত মহাপুৰুষজনাই সৰ্বপ্ৰথমে বৰপেটা অঞ্চলতে সৰ্বসাধাৰণ ৰাইজক মেলি দেখুৱালে। দীঘে হুকুৰি হাত আৰু পথালিয়ে তিনিকুৰি হাতৰ এই বিশাল কাপোৰখন দেখি ৰাইজে তবধ মানিলে। ভক্তিত গদ্ গদ্ হৈ তেওঁলোকে স্বয়ং ঈশ্বৰ যেন জ্ঞান কৰি শংকৰদেৱক সাষ্টাংগে প্ৰণাম জনালে সকলোৱে এক অনা দুই অনা টকা-সিকা দি কাপোৰখনক সেৱা জনালে আৰু কাপোৰখন পুনৰ জাপি থ’লে। পিছত সেই কাপোৰখন মেলা ঠাইতে ৰাইজে এখন থান পাতিলে। এই থানখনেই বৰ্তমানৰ বৰপেটা থান।

(জ) বৃন্দাবনী বস্ত্ৰখনক বিষয়-বস্তু কেনেধৰণৰ ?

উত্তৰ :- বৃন্দাবনী বস্ত্ৰখনৰ বিষয়-বস্তুৰ ভিতৰত কাৰাগাৰত কৃষ্ণৰ জন্মৰ পৰা আৰম্ভ কৰি পুতনা-বধ, দধিমথম, অৰ্জুন-জ্ঞান, অঘাসুৰ বধ, ধেনুকাসুৰ বধ, বনাগ্নিপান, গোবৰ্ধন-ধাৰণ, কালীয় দমন, বাসলীলা, কংস-নিধন, দিব্যধনু-ভংগ আদি প্ৰধান।

(ঝ) বৃন্দাবনী বস্ত্ৰখন ক’ত কেনেদৰে সংৰক্ষিত হৈছে লিখা।

উত্তৰ :- বৃন্দাবনী বস্ত্ৰখনৰ একো একোটি অংশ বৰ্তমান বিশ্বৰ সৰ্বমুঠ আঠোটা যাদুঘৰত সংৰক্ষণ হৈ আছে। দুটা অংশ লণ্ডনৰ ‘ভেক্টোৰিয়া এণ্ড এলবাৰ্ট মিউজিয়াম’ত , পেৰিছৰ ‘মেউজি ণ্ডইমেট সংগ্ৰহালয়ত’ দুটা অংশ, লণ্ডনৰেই বৃটিছ মিউজিয়াম অৱ মেনকাইড সংগ্ৰহালয়ত এটা অংশ, ৱেলছৰ ‘চেফাচটৌ মেউজিয়াম’ত এটা অংশ, ভেনিছৰ ‘চেণ্টো ইণ্টাৰনেচনেল সংগ্ৰহালয়ত এটা অংশ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ‘ফিলাডেলাফিয়া মিউজিয়ামত’ এটা অংশ, ‘নিউয়ৰ্ক মিউজিয়াম’ত এটা অংশ আৰু লণ্ডনৰ ‘স্পাইনিক এণ্ড ছনছ’ নামৰ কোম্পানীটোত দুটা অংশ সংৰক্ষিত হৈ আছে।

(ঞ) বৃন্দাবনী বস্ত্ৰখনৰ আহি অসমত ৰাখিবৰ বাবে কোনে কেনেদৰে প্ৰচেষ্টা হাতত লৈছে ?

উত্তৰ :- বৃন্দাবনী বস্ত্ৰখনৰ আহি অসমত ৰাখিবৰ কাৰণে যোৰহাট জিলাৰ ন আলিৰ দক্ষিণ সোণাৰী গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক নিত্যানন্দ বৰদলৈয়ে প্ৰচেষ্টা হাতত লৈছে। তেওঁ কংসপাৰ মাজঠাই সত্ৰৰ শিল্পী খগেন দত্তৰ সহযোগত মহাপুৰুষ শ্ৰীমন্তশংকৰদেৱে বোওৱা বৃন্দাবনী বস্ত্ৰখনৰ আৰ্হিতে এখন প্লাষ্টিক কাগজত দৃশ্যসমূহ অংকন কৰিছে।

(২) তলত দিয়া শব্দবোৰৰ অৰ্থ লিখা :

উৎপাদন, সিদ্ধান্ত, তদাৰক, খোদিত, সমাদৰ।

উত্তৰ :- পাঠৰ আৰম্ভণিতে দিয়া শব্দৰ অৰ্থ চোৱা।

(৩) বাক্য ৰচনা কৰা :

তবধ, পাকৈত, সাষ্টাংগে, কৰ্মতৎপৰতা, সংৰক্ষণ।

উত্তৰ :- (i) তবধ : বৃহৎ পুখুৰীটো কণমানি মণিকংকনাই সাতুৰি পাৰ হোৱা দেখি ৰাইজে তবধ মানিলে।

(ii) পাকৈত : অসমৰ তিৰোতাসকল বোৱা-কটাত বৰ পাকৈত।

(iii) সাষ্টাংগে : বৃন্দাবনী বস্ত্ৰখন দেখাৰ পিছত ভক্তিত গদ্ গদ্ হৈ ৰাইজে গুৰুজনাক সাষ্টাংগে প্ৰণাম জনালে।

(iv) কৰ্মতৎপৰতা : উদ্যোক্তাসকলৰ কৰ্মতৎপৰতাত সাংস্কৃতিক সন্ধিয়াখন সুকলমে সম্পন্ন হ’ল।

(v) সংৰক্ষণ : অৰণ্য অঞ্চল সংৰক্ষণ কৰি ৰাখিব নোৱাৰিলে পৃথিৱীখন এদিন মৰুভূমিত পৰিণত হ’ব।

(৪) অৰ্থ বুজি লৈ তলৰ শব্দকেইটাৰে খালী ঠাই পূৰ কৰা :

প্ৰচাৰ, প্ৰৱৰ্ত্তন, আৱিস্কাৰ, উদ্ভাৱন, ধৰ্মপ্ৰচাৰক, ধৰ্মপ্ৰৱৰ্ত্তক, আৱিষ্কাৰক, উদ্ভাৱক।

(ক) হজৰত মহম্মদে ইছলাম ধৰ্ম __________  কৰিছিল। তেওঁ আছিল __________।

(খ) শংকৰদেৱে বৈষ্ণৱ ধৰ্ম __________ কৰিছিল। তেওঁ আছিল __________।

(গ) নিউটনে মাধ্যাকৰ্ষণ শক্তিৰ __________ কৰিছিল। তেওঁ আছিল __________।

(ঘ) গুৰুপ্ৰসাদ দাসে ভেকুৱাম ব্ৰেক __________ কৰিছিল। তেওঁ আছিল __________।

উত্তৰ :- হজৰত মহম্মদে ইছলাম ধৰ্ম প্ৰৱৰ্ত্তন কৰিছিল। তেওঁ আছিল ধৰ্ম- প্ৰৱৰ্ওক

(খ) শংকৰদেৱে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। তেওঁ আছিল ধৰ্ম-প্ৰচাৰক

(গ) নিউটনে মাধ্যাকৰ্ষণ শক্তিৰ আৱিষ্কাৰ কৰিছিল। তেওঁ আছিল আৱিষ্কাৰক

(ঘ) গুৰুপ্ৰসাদ দাসে ভেকুৱাম ব্ৰেক উদ্ভাৱন কৰিছিল। তেওঁ আছিল উদ্ভাৱক

(৫) ৰয়ন শিল্প অসমৰ এক অন্যতম কুটীৰ শিল্প। অসমৰ আন এটা কুটীৰ শিল্পৰ বিষয়ে লিখা। (কুটীৰ শিল্প কি শিক্ষকৰ পৰা ভালদৰে জানি ল’বা)

উত্তৰ :- যন্ত্ৰৰ ব্যৱহাৰ নোহোৱাকৈ হাতেৰে নিজ ঘৰতে কোনো সামগ্রী উৎপাদন কৰা ব্যৱস্থাটোকে কুটীৰ শিল্প বা হস্তশিল্প বুলি কোৱা হয়।

অসমৰ কুটীৰ শিল্প ভাৰতৰ সমৃদ্ধিশালী। এই কুটীৰ শিল্পসমূহৰ ভিতৰত এৰী, মুগা, পাট, কপাহী আদি বয়ন শিল্প, কাঁহ-পিতলৰ নানাবিধ বাচন তৈয়াৰী শিল্প, কাঠ শিল্প, বাঁহ-বেতৰ শিল্প, মাটিৰ বাচন তৈয়াৰ শিল্প, হাতী দাঁতৰ শিল্প, সোণ-ৰূপৰ অলংকাৰ শিল্প, লোহা শিল্প, পাটী শিল্প, স্থপতি তথা ভাস্কৰ্য শিল্প আদি প্ৰধান। তলত ইয়াৰ দুবিধ শিল্পৰ বিষয়ে আলোচনা কৰা হ’ল।

বাঁহ-বেতৰ শিল্প

বাঁহ-বেতৰ শিল্প অসমৰ অন্যতম কুটীৰ শিল্প। বাঁহ-বেতৰ আচবাব পত্ৰ, নিত্য-নৈমিত্তিক ব্যৱহাৰৰ পাচি, খৰাহী, ডলা, চালনী। মাছ মৰা সঁজুলি-জাকৈ, পল’, জুলুকি, ঠোহা, দলঙা, ডিঙৰী আদি অসমীয়া সমাজত বহুলভাৱে প্ৰচলিত। বাঁহ-বেতৰ চকী, টেবুল আদি আজিও সমাজৰ আদৰৰ বস্তু। এসময়ত ফুলামকৈ তৈয়াৰ কৰা সৰুদৈয়া, বৰদৈয়া জাপিৰ অতি আদৰ আছিল। অভিজাত শ্ৰেণীৰ মহিলাসকলেও অলৈ-তলৈ গ’লে এই জাপি সন্মানেৰে ব্যৱহাৰ কৰিছিল। আজিকালি অৱশ্যে এই দুইবিধ জাপি তোৰণ আৰু চ’ৰাঘৰৰ সাজ-সজ্জাৰ আহিলাতহে পৰিণত হৈছে। তথাপি বাহৰ জাপিৰ ব্যৱহাৰ খেতিয়ক সমাজৰ এতিয়াও বহুলভাৱে ব্যৱহাৰ হয়। ইয়াৰ উপৰি বাঁহেৰে সজা বিভিন্ন চানেকীৰ বিচনীৰ ব্যৱহাৰ এতিয়াও আছে।

হাতী দাঁতৰ শিল্প

অসমৰ আন এটি অতি আপুৰুগীয়া আৰু গৌৰৱৰঞ্জিত শিল্প হৈছে হাতী দাঁত শিল্প। এসময়ত অসমত প্ৰচুৰ পৰিমাণে হাতী দাঁত পোৱা গৈছিল। অসমীয়া শিল্পীয়ে হাতীদাঁতেৰে নানা কাৰুকাৰ্যখচিত অলংকাৰ তৈয়াৰ কৰাৰ বাহিৰেও অতিশয় মনোৰম আৰু মসৃণ পাটী তৈয়াৰ কৰিছিল। তেনে পাটী বৰ্তমান সময়ত দুই  এখন সত্ৰৰ বাহিৰে আন ক’তো পাবলৈ নাইকিয়া হৈছে। বৰ্তমান অসমৰ কেৱল বৰপেটা অঞ্চলতহে এই শিল্প বৰ্তি আছে। তথাপি হাতী-দাঁতৰ যোগান কমি যোৱাত এই শিল্পও ভীষণ সংকটৰ সম্মুখীন হ’ব লগা হৈছে।

পাঠভিত্তিক ব্যাকৰণৰ আলোচনা

(১) বৰ্ণ বিন্যাস বা বৰ্ণ বিশ্লেষণ কাক বোলে ? উদাহৰণসহ লিখা।

উত্তৰ :- একো একোটা শব্দৰ প্ৰত্যেকটো আখৰ বেলেগ বেলেগ কৰি ভাঙি দেখুওৱাকে বৰ্ণ বিন্যাস বা বৰ্ণ বিশ্লেষণ বোলা হয়। যেনে –

বৃন্দাবন = ব্ + ঋ + ন্ + দ্ + আ + ব্ + অ + ন্।

(২) তলত দিয়া শব্দবোৰত যুক্ত হৈ থকা স্বৰ আৰু ব্যঞ্জনবোৰ ভাগ কৰি দেখুওৱা :

প্ৰয়োজনীয়, চিহাবুদ্দিন, শংকৰদেৱ, বনাগ্নিপান।

 উত্তৰ :- প্ৰয়োজনীয় = প্ + ৰ্ + অ + য় + ও + জ্ + ন + ঈ + য় + অ।

চিহাবুদ্দিন = চ্ + ই্ + হ্ + আ + ব্ + উ + দ্ + দ্ + ই + ন্।

শংকৰদেৱ :- শ্ + ঙ + ক + অ + ৰ + দ + এ + ৱ।

বনাগ্নিপান = ব্ + অ + ন্ + আ + গ্ + ন + ই + প্ + আ + ন।

অতিৰিক্ত পাঠভিত্তিক প্ৰশ্নোত্তৰ

(১) কাপোৰ একোখন অধিক ধুনীয়া দেখাবৰ বাবে শিপিনীসকলে কি কৰিছিল ?

উত্তৰ :- কাপোৰ একোখন অধিক ধুনীয়া দেখাবৰ বাবে শিপিনীসকলে কাপোৰখনত সুন্দৰকৈ ফুল বাছি লৈছিল।

(২) কাপোৰত ফুল তুলিবৰ বাবে তৈয়াৰ কৰা ফুলৰ চানেকিবোৰে কি দাঙি ধৰে ?

উত্তৰ :- ফুলৰ চানেকিবোৰে শিপিনীসকলৰ শিল্পীমনৰ পৰিচয় দাঙি ধৰে।

(৩) আহোম ৰজা জয়ধ্বজ সিংহৰ ৰাজত্বকালত অসম আক্ৰমণ কৰোঁতে মোগলৰ সেনাপতি কোন আছিল ? তেওঁৰ লগত অহা লেখকজনৰ নাম কি আছিল ?

উত্তৰ :-আহোম ৰজা জয়ধ্বজ সিংহৰ ৰাজত্বকালত অসম আক্ৰমণ কৰোঁতে মোগলৰ সেনাপতি আছিল মিৰজুমলা। মিৰজুমলাৰ লগত অহা লেখকজনৰ নাম আছিল চিহাবুদ্দিন তালিছ।

(৪) চিহাবুদ্দিন তালিছে অসমৰ শিপিনী-তিৰোতাৰ বিষয়ে কি লিখিছিল ?

উত্তৰ :- চিহাবুদ্দিন তালিছে তেওঁৰ ‘ফাথিয়া-ই-ইব্ৰিয়া’ নামৰ গ্ৰন্থত অসমৰ বিষয়ে লিখা টোকাটোত অসমৰ শিপিনীসকলৰ বিষয়ে এইদৰে লিখিছে – “অসমৰ তিৰোতাসকল বোৱা-কটাত বৰ পাকৈত। তেওঁলোকে বৰ সুন্দৰকৈ কাপোৰত ফুল বাছি পিন্ধিব জানে ।”

(৫) কবচ-কাপোৰ কি ? বুজাই লিখা।

উত্তৰ :- অসমীয়া তিৰোতা শিপিনীয়ে ৰাতিৰ ভিতৰতে কপাহ নেওঠি, সূতা কাটি কাপোৰ বৈ উলিয়াই পিছদিনা পুৱা গৃহস্থক, পো-নাতিক যুদ্ধক্ষেত্ৰলৈ সাজু কৰি পঠাইছিল। এনে কাপোৰক কবচ-কাপোৰ বোলা হয়। বিশ্বাস কৰা হয় যে এই কবচ যাৰ গাত থাকিব তেওঁ অজেয়, অপৰাজেয়।

(৬) মূলাগাভৰুৰ পতিৰ নাম কি আছিল ? তেওঁৰ কিয় মৃত্যু হ’ল ? বুজাই লিখা।

উত্তৰ :- মূলাগাভৰুৰ পতিৰ নাম আছিল ফ্ৰাচেংমুঙ বুঢ়াগোহাঁই। মূলাগাভৰুৱে একে ৰাতিৰ ভিতৰতে কবচ-কাপোৰ বৈ দিব নোৱাৰাৰ বাবে মোগলৰ লগত হোৱা যুঁজৰ ফ্ৰচেংমুঙৰ মৃত্যু হোৱা বুলি বিশ্বাস কৰিছিল।

(৭) বৃন্দাবনী বস্ত্ৰখন শংকৰদেৱে কাক প্ৰদান কৰিছিল ?

উত্তৰ :- বৃন্দাবনী বস্ত্ৰখন মহাপুৰুষ শংকৰদেৱে কোচৰজা মহাৰাজ নৰ-নাৰায়ণক উপহাৰস্বৰূপে প্ৰদান কৰিছিল।

(৮) শংকৰদেৱে বোওৱা বৃহৎ কাপোৰখনৰ নাম কিয় বৃন্দাবনী বস্ত্ৰ দিয়া হ’ল ?

উত্তৰ :- ভগৱান শ্ৰীকৃষ্ণৰ বৃন্দাবনৰ বিভিন্ন লীলা-মালা কাপোৰখনত বাছি উলিওৱা বাবেই কাপোৰখনৰ নাম বৃন্দাবনী বস্ত্ৰ নাম দিয়া হ’ল।

(৯) কোনজন ইংৰাজ ভদ্ৰলোকে ভূটানৰ ৰজাৰ পৰা বৃন্দাবনী বস্ত্ৰৰ অংশ এটা সংগ্ৰহ কৰি বৃটিছ মিউজিয়ামত দান কৰিছিল ?

উত্তৰ :- চাৰ্লছ আলফ্ৰেড নামৰ এজন ইংৰাজ ভদ্ৰলোকে।

(১০) অসমৰ ক’ত যাদুঘৰ আছে ? ইয়াৰ কি কি বস্তু সংৰক্ষণ কৰি ৰখা হৈছে ?

উত্তৰ :- অসমৰ গুৱাহাটী মহানগৰৰ আমবাৰী অঞ্চলত যাদুঘৰটো আছে। এই যাদুঘৰত অসমৰ পুৰণি ৰজাদিনীয়া সাজপাৰ, বৰটোপ, পুৰণি স্থাপত্য-ভাষ্কৰ্যৰ নিদৰ্শনকে আদি কৰি বহুতো আপুৰুগীয়া সম্পত্তি সংৰক্ষণ কৰি ৰখা হৈছে।

(১১) অসমৰ বয়ন শিল্প যে অতীজৰে পৰা উন্নত আছিল সেই কথাৰ অনুমান কিদৰে কৰিব পাৰি ?

উত্তৰ :- অসমীয়া শিপিনীৰ দ্বাৰা তৈয়াৰ হোৱা বৃন্দাবনী বস্ত্ৰখনিয়ে পৃথিৱীৰ মুঠ আঠোটা মিউজিয়ামত স্থান লাভ কৰা কথাটোৰ পৰা অনুমান কৰিব পাৰি যে অসমৰ বয়ন শিল্প অতীজৰে পৰা উন্নত আছিল।

(১২) বৃন্দাবনী বস্ত্ৰখনৰ আকাৰ কি আছিল ?

উত্তৰ :- বৃন্দাবনী বস্ত্ৰখনৰ আকাৰ দীঘে ছকুৰি হাত আৰু পথালিয়ে তিনিকুৰি হাত আছিল।

(১৩) বৃন্দাবনী বস্ত্ৰখন বোওৱা সম্পূৰ্ণ কৰাৰ আঁতৰ কোন কোন লোকৰ অৰিহণা জড়িত আছিল ?

উত্তৰ :- বৃন্দাবনী বস্ত্ৰখন বোৱা কাৰ্য সম্পূৰ্ণ কৰাত মহাৰাজ নৰনাৰায়ণৰ সহযোগিতা তথা আগ্রহ, মহাপুৰুষ শংকৰদেৱৰ চিন্তা, মাধৱদেৱ আৰু গোপাল আতাৰ তদাৰকি আৰু তাঁতীকুছি অঞ্চলৰ শিপিনীসকলৰ কৰ্ম-তৎপৰতাই প্ৰধান কাৰক আছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top