Assam Jatiya Bidyalay Class 5 Assamese Chapter 15 অভীকৰ অসুখ

Assam Jatiya Bidyalay Class 5 Assamese Chapter 15 অভীকৰ অসুখ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় আপোন পাঠ Class 5 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 15 অভীকৰ অসুখ Class 5 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 5 Assamese Chapter 15 অভীকৰ অসুখ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 5 Assamese Chapter 15 অভীকৰ অসুখ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

অভীকৰ অসুখ

Chapter – 15

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক প্ৰশ্নোত্তৰ

* তলৰ শব্দবোৰৰ অৰ্থ লিখা :

কাঢ়া, নিয়মানুবৰ্তিতা, পৰিপাট্য, ভেজা, পোনছাটেই, কুঁজা, লাঘৱ, গত্যন্তৰ, সঁচাৰ কাঠি, উৎফুল্লিত, উদ্ভৱ।

উত্তৰ :- 

শব্দ          অৰ্থ
কাঢ়াটান; নিয়মত জোৰ দিয়া লোক।
নিয়মানুবৰ্তিতাবন্ধা নিয়ম মানি চলা কাৰ্য বা আচৰণ।
পৰিপাট্যপৰিপাটী গুণ; সুশৃংখতলা।
ভেঁজাভৰ; হেঁচা।
পোনছাটেইএকে কোবেই।
কুঁজাযাৰ পিঠিত কুঁজ আছে।
লাঘৱপাতল কৰা কাৰ্য; হ্ৰাস।
গত্যন্তৰউপায়ন্তৰ; অন্য উপায়।
সঁচাৰ-কাঠিচাবি।
উৎফুল্লিতউল্লসিত; আনন্দত উৎফুল্ল।
উদ্ভৱউৎপত্তি; জন্ম; প্ৰাদুৰ্ভাৱ।

পাঠভিত্তিক ক্ৰিয়া-কলাপৰ প্ৰশ্নোত্তৰ

(১) প্ৰথমে কোৱা, তাৰ পিছত লিখা :

(ক) কি ভাবিলে অভীকৰ মূৰটো গৰম হয় ?

উত্তৰ :- ডিঙি আৰু পিঠিত বিষত স্কুললৈ যাব নোৱাৰাৰ ফলত হোৱা ক্ষতিৰ কথা ভাবিলে অৰ্থাৎ স্কুলত বুজোৱা পাঠবোৰ বুজি লোৱা, ঘৰত কৰিবলৈ দিয়া কামবোৰ সম্পূৰ্ণ কৰাৰ কথা ভাবিলে অভীকৰ মূৰটো গৰম হয়।

(খ) অভীকৰ খবৰ ল’বলৈ কোন আহিছিল আৰু সি কি খবৰ দিছিল ?

উত্তৰ :- অভীকৰ সহপাঠী তথা বন্ধু পল্লৱ অভীকৰ খবৰ ল’বলৈ আহিছিল আৰু সি এইবুলি খবৰ দিছিল যে সিহঁতৰ শ্ৰেণী শিক্ষক উপেন শৰ্মা ছাৰে দেওবাৰে অভীকৰ অসুখৰ খবৰ ল’বলৈ আহিব।

(গ) অভীকৰ শ্ৰেণী শিক্ষকজনৰ নাম কি ? তেওঁ কি কথাত সদায় জোৰ দিয়ে ?

উত্তৰ :- অভীকৰ শ্ৰেণী শিক্ষকজনৰ নাম হ’ল উপেন শৰ্মা। তেওঁ নিয়মানুবৰ্তিতা আৰু পৰিপাট্য বজাই ৰখা কথাত সদায় জোৰ দিয়ে।

(ঘ) শ্ৰেণীকোঠাত সোমায়েই অভীকৰ শ্ৰেণী শিক্ষকজনে প্ৰথমে কি কৰে ?

উত্তৰ :- শ্ৰেণী কোঠাত সোমায়েই অভীকৰ শ্ৰেণী শিক্ষকজনে প্ৰথমে শ্ৰেণীকোঠাটো পৰিষ্কাৰ হৈ আছেনে এবাৰ পৰীক্ষা কৰি চায়। তাৰ পিছত অভীকহঁতৰ ফালে চাই ৰাজহাড় পোনাই বহিবলৈ কয়। হাত এখনত ভেঁজা দি বেঁকা হৈ বহিবলৈ তেখেতে একো অনুমতি নিদিয়ে।

(ঙ) ৰাজহাড় পোন কৰি খোজ কঢ়া, থিয় হোৱা, বহা আদি কামবোৰ কিয় কৰিব লাগে ?

উত্তৰ :- ৰাজহাড় পোন কৰি খোজ কঢ়া, থিয় হোৱা, বহা আদি কামবোৰ নকৰিলে ডিঙি আৰু পিঠিৰ   বিষৰ লগতে আমাৰ বহুতো সমস্যাৰ উদ্ভৱ হ’ব পাৰে। সৰুৰে পৰা ৰাজহাড় পোন কৰি খোজ কঢ়া, বহা, থিয় হোৱা আদি কামবোৰ কৰিলে ডাঙৰত আমাৰ শৰীৰটো কুঁজা হৈ নোযোৱাকৈ থকাটো খাটাং। ইয়াৰোপৰি শৰীৰটো পোনাই ৰাখিলেহে আমি ভালদৰে উশাহ-নিশাহ ল’ব পাৰো। ফলত আমাৰ শৰীৰটোৱে দৰকাৰী পৰিমাণৰ অক্সিজেন পাব পাৰে।

(চ) শৰীৰটো পোন হৈ আছেনে নাই আৰু বহোতে ৰাজহাড় পোন হৈ আছে নে নাই তাক কিদৰে প্ৰমাণ কৰিব পাৰি ?

উত্তৰ :- শৰীৰটো থিয় হৈ থাকোতে পোন হৈ আছেনে নাই তাক প্ৰমাণ কৰি চাবলৈ মাটিৰ ওপৰত পোন হৈ থকা বেৰ এখনৰ কাষলৈ গৈ ভৰিৰ গোৰোহা দুটা বেৰত লগাই পিছমুখ হৈ থিয় দিব লাগে। তাৰ পিছত শৰীৰৰ তলৰ অংশ, পিঠি, কান্ধ আৰু মূৰৰ পিছফাল বেৰত লগাই যিমান পাৰি পোন হৈ থিয় দিব লাগে। এনে কৰোঁতে যদি কোনো অসুবিধা অনুভৱ কৰা নাযায়, তেন্তে বুজিব লাগিব যে শৰীৰটো থিয় হৈ থকা অৱস্থাত সঠিকভাৱে পোন হৈ থাকে।

সেইদৰে বহোতে ৰাজহাড় পোন হৈ আছে নে নাই প্ৰমাণ কৰি চাবলৈ টুল এখন বেৰত লগাই ল’ব লাগে। টুলখনত বেৰৰ পিছমুখ হৈ বহি লৈ শৰীৰৰ ওপৰ অংশ পিঠি, কান্ধ, মূৰৰ পিছফালে যিমান পাৰি সিমান বেৰত লগাই দিলে যদি ক’তো বিষ অনুভৱ নহয় তেন্তে গম পোৱা যাব যে শৰীৰটো বহি থকা অৱস্থাত সঠিকভাৱে পোন হৈ আছে।

(ছ) কোনবোৰ মানুহ কুঁজা হোৱাৰ ভয় থাকে ?

উত্তৰ :- যিসকল লোকে সঘনে গধুৰ বস্তু পিঠিত লৈ কঢ়িয়াব লাগে, তেওঁলোক এসময়ত গৈ কুঁজা হোৱাৰ ভয় থাকে।

(জ) “শাৰীৰিক ব্যায়ামে আমাৰ শৰীৰ আৰু মন উৎফুল্লিত কৰি ৰাখে।”- বুজাই লিখা।

উত্তৰ :- নিয়মিত শাৰীৰিক ব্যায়াম কৰিলে আমাৰ শৰীৰৰ মাংসপেশীবোৰ সবল আৰু সুঠাম হৈ থাকে। ফলত আমাৰ শৰীৰৰ অংগ-প্ৰ‌ত্যংগবোৰ অধিক কাৰ্যক্ষম হয়। এইদৰে কাৰ্যক্ষম হৈ থকাৰ বাবে আমি দৈনন্দিন কৰিবলগীয়া কামবোৰ কোনো অসুবিধা নোহোৱাকৈ কৰিব পাৰো। ফলত আমাৰ মনবোৰ উৎফুল্লিত হৈ থাকে।

(২) বাক্য সাজা :

নিয়মানুবৰ্তিতা, চিৰিংকৈ, উদ্ভৱ,  জীৱন-নিৰ্বাহ, লাঘৱ, সঁচাৰ কাঠি।

উত্তৰ :- (i) নিয়মানুবৰ্তিতা :- আমি নিয়মানুবৰ্তিতা বজাই ৰাখিলে সকলো কামতে সফলতা লাভ কৰিব পাৰোঁ।

(ii) চিৰিংকৈ : ৰেডিঅ’ত মথাউৰি ছিঙাৰ বাতৰিটো শুনি গজেনৰ বুকুখন চিৰিংকৈ উঠিল।

(iii) উদ্ভৱ : সৰুৰে পৰা শৰীৰটো পোন হৈ থকাৰ অভ্যাস নকৰিলে ডাঙৰত আমাৰ নানা সমস্যাৰ উদ্ভৱ হ’ব পাৰে।

(iv) জীৱন-নিৰ্বাহ : আমাৰ দেশৰ বেছিভাগ লোকে কৃষিকাৰ্যৰে জীৱন-নিৰ্বাহ কৰে।

(v) লাঘৱ : স্কুলৰ কিতাপৰ বোজা লাঘৱ কৰিবৰ বাবে বৰ্তমান চিন্তা-চৰ্চা কৰি থকা হৈছে।

(vi) সঁচাৰ-কাঠি : নুবুজাটো জেষ্ঠজনৰ পৰা জানি বুজি লোৱা আৰু নিয়মিত পঢ়া-শুনা – এই দুটাই পৰীক্ষাত সফলতা লাভ কৰাৰ সঁচাৰ-কাঠি

(৩) তলৰ বাক্যবোৰ শুধৰাই পুনৰ লিখা :

(ক) প্ৰদীপে স্কুল যোৱা নাই।

উত্তৰ :- প্রদীপে স্কুললৈ যোৱা নাই।

(খ) তুমি কেইবজাত শুই উঠা ?

উত্তৰ :- তুমি কিমান বজাত শুই উঠা ?

(গ) তোমাৰ মাই কি কৰিছে ?

উত্তৰ :- তোমাৰ মাৰাই কি কৰিছে ?

(ঘ) তোৰ দেউতা এজন ভাল মানুহ।

উত্তৰ :- তোমাৰ দেউতাৰা এজন ভাল মানুহ।

(ঙ) যোনে পোন হৈ খোজ নাকাঢ়ে, তেওঁৰ কুঁজা হোৱাৰ ভয় থাকে।

উত্তৰ :- যিয়ে পোন হৈ খোজ নাকাঢ়ে, তেওঁ কুঁজা হোৱাৰ ভয় থাকে।

(চ) আঢ়ৈটা বজাত আমাৰ স্কুল ছুটি হয়।

উত্তৰ :- আঢ়ৈ বজাত আমাৰ স্কুল ছুটি হয়।

(৫) শুনা আৰু লিখা :

সি দেখোন কথাটো ৰিপুঞ্জয় দাদাককে সুধি ল’ব পাৰে। ৰিপুঞ্জয় দাদাক তাৰ মোমায়েকৰ ল’ৰা। বৰ্তমান চিকিৎসাবিজ্ঞানৰ ছাত্ৰ। আজি ৰাতি তেঁও সিহঁতৰ ঘৰলৈ ভাত খাবলৈ অহা কথা।

উত্তৰ :- ছাত্ৰ-ছাত্ৰীসকলে অভিভাৱক তথা শ্ৰেণী শিক্ষকৰ সহায়ত শুনি লৈ লিখিবলৈ চেষ্টা কৰিব।

পাঠভিত্তিক ব্যাকৰণৰ আলোচনা

(১) বিশেষণ পদ কাক বোলে ? উদাহৰণ দি বুজাই লিখা।

উত্তৰ :-  বাক্যত ব্যৱহাৰ হোৱা যিবোৰ পদে অইন পদৰ ভাল, বেয়া, দোষ, গুণ, সংখ্যা, পৰিমাণ, অৱস্থা আদি বুজায় তেনে পদকে বিশেষণ পদ বোলে। যেনে –

ৰাম ভাল

কাগজবোৰ বেয়া

এগিলাচ পানী। সংখ্যা বুজোৱা একক, দহক, শতক আদি।

(২) 

নাম বুজোৱা পদগুণ, দোষ, সংখ্যা,পৰিমাণ, অৱস্থা আদি বুজোৱা পদ
মানুহকাঢ়া
শৰীৰসুন্দৰ
টুলএখন
বস্তুগধুৰ
শচীন টেণ্ডুলকাৰশতক

ওপৰৰ তালিকাখনৰ পদবোৰ আমি বাক্যত ব্যৱহাৰ কৰোঁ। তালিকাখনৰ দুয়োটা ভাগত থকা পদবোৰৰ আন দুটা সুকীয়া নাম আছে। দুয়োটা ভাগৰ পদবোৰক কি পদ বুলিবা ?

উত্তৰ :- বাওঁফালৰ ভাগটোত থকা পদবোৰক বিশষ্য পদ আৰু সোঁফালৰ ভাগটোত থকা পদবোৰক বিশেষণ পদ বুলি কোৱা হয়।

অতিৰিক্ত পাঠভিত্তিক প্ৰশ্নোত্তৰ

(১) অভীক কিয় স্কুললৈ যাৰ পৰা নাছিল ?

উত্তৰ :- ডিঙি আৰু পিঠিৰ বিষত অভীক স্কুললৈ যাব পৰা নাছিল।

(২) ডিঙি আৰু পিঠিৰ বিষত ভূগি থকাৰ আগতে অভীকে কেনেদৰে পঢ়িছিল ?

উত্তৰ :- অভীকৰ অসুখ হোৱাৰ আগতে ঘৰত পঢ়োতে হাত এখনত ভেঁজা দি শৰীৰৰ সমস্ত ওজন ডেক্স বা মেজত এৰি দি বহি লৈ ঘণ্টাৰ পিছত ঘন্টা ধৰি পঢ়িছিল।

(৩) ৰিপুঞ্জয় দাদাক সম্পৰ্কত অভীকৰ কি হয় ? তেওঁ কি শাখাৰ ছাত্ৰ ?

উত্তৰ :- ৰিপুঞ্জয় দাদাক অভীকৰ মোমায়েকৰ ল’ৰা। তেওঁ চিকিৎসাবিজ্ঞানৰ ছাত্ৰ।

(৪) মানুহে কিয় সহজে পোন হ’ব পাৰে ?

উত্তৰ :- মানুহৰ হাড়বোৰৰে নিৰ্মিত জঁকাটো আৰু তাৰ লগত লাগি থকা মাংসপেশীবোৰ সহজে পোন হ’ব পৰাকৈ গঠিত। সেইবাবে মানুহে ৰাজহাড় পোন কৰি চলা-ফিৰা কৰিব পাৰে।

(৫) চাৰিঠেঙীয়া জন্তু এটাই কিয় পোন হৈ খোজকাঢ়িব নোৱাৰে ?

উত্তৰ :- চাৰিঠেঙীয়া জন্তু এটাই পিছভৰি দুটাত ভৰ দি পোন হৈ খোজকাঢ়িব নোৱাৰে। কাৰণ সিহঁতৰ শৰীৰটো পোন হৈ খোজ কঢ়াৰ বাবে উপযুক্ত নহয়।

(৬) পোন হৈ বহা আৰু খোজ কঢ়াৰ অভ্যাস আমি কিয় সৰুৰে পৰা কৰা উচিত ?

উত্তৰ :- সৰুতে আমাৰ হাড়বোৰ আৰু মাংসপেশীবোৰ কোমল হৈ থাকে, যিফালে ইচ্ছা সেইফালেই বেঁকা কৰিব পাৰি। সেইবাবে পোন হৈ বহা আৰু খোজকঢ়াৰ অভ্যাস আমি সৰুৰে পৰা কৰিব লাগে। নহ’লে ডাঙৰত হাড় টান হ’লে সেয়া সম্ভৱ নহ’ব।

(৭) সৰু ল’ৰা-ছোৱালীয়ে কিবা গধুৰ বস্তু দাঙিৰ লগা হ’লে কি কৰিব লাগে ?

উত্তৰ :- সৰু ল’ৰা-ছোৱালীয়ে কিবা গধুৰ বস্তু দাঙিব লগা হ’লে পিঠি পোনকৈ ৰাখি আঠুকাঢ়ি বহি ল’ব লাগে আৰু কোনোফালে হাউলি নগৈ পোনে পোনে বস্তুটো দাঙিব লাগে।

(৮) সুন্দৰ শৰীৰ আৰু সু-স্বাস্থ্যৰ অধিকাৰী হোৱাৰ সঁচাৰ কাঠি কি ?

উত্তৰ :- পঢ়া-শুনা, খেলা-ধূলা, বাদ্যযন্ত্ৰ বজোৱা, গান-শুনা, দৌৰা, চাইকেল চলোৱা, কম্পিউটাৰ চলোৱা আদি যি কাৰ্যকে কৰো সকলোবোৰতে আমাৰ শৰীৰটো পোন কৰি ৰাখিব লাগে। সুন্দৰ শৰীৰ আৰু সু-স্বাস্থ্যৰ অধিকাৰী হোৱাৰ ইয়েই হ’ল সঁচাৰ কাঠি।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top