Assam Jatiya Bidyalay Class 5 Assamese Chapter 11 ঢোলৰ যাদুকৰ

Assam Jatiya Bidyalay Class 5 Assamese Chapter 11 ঢোলৰ যাদুকৰ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় আপোন পাঠ Class 5 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 11 ঢোলৰ যাদুকৰ Class 5 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 5 Assamese Chapter 11 ঢোলৰ যাদুকৰ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 5 Assamese Chapter 11 ঢোলৰ যাদুকৰ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

ঢোলৰ যাদুকৰ

Chapter – 11

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক প্ৰশ্নোত্তৰ

* তলৰ শব্দবোৰৰ অৰ্থ লিখা :

বাপতি সাহোন, সুযোগ্য, এমা-ডিমা, পৰলোক, দিন-হাজিৰা, ওজা, কাছুটি, বলৱন্ত, মন্ত্ৰমুগ্ধ, অপাৰ, সাৰ্থক, উৎকণ্ঠা, অপেক্ষা, হাত-তালি, মৰিষণ, উদ্যোক্ত, পদ, অপূৰ্ব, বিমুগ্ধ, বিমোহিত, নশ্বৰ।

উত্তৰ :- 

শব্দ                        অৰ্থ
বাপতি সাহোনপৈতৃক সম্পত্তি (চন্দ্ৰকান্ত অভিধানত ‘বাপতিসাহন’ বুলিহে উল্লেখ আছে)।
সুযোগ্যঅতিশয় উপযুক্ত।
এমা-ডিমাকুমলীয়া; নিচেই সৰু।
পৰলোকমৃত্যুৰ পিছত য’লৈ যায়;পৰকাল।
দিন-হাজিৰানিজৰ ৰোজগাৰ উলিয়াবৰ বাবে দিনৰ ভাগত কৰা কাম।
ওজা অধ্যাপক; পণ্ডিত; কোনো বিদ্যাত পাৰ্গত লোক।
কাছুটিতিয়নি।
বলৱন্তবলী; শক্তিমান।
মন্ত্ৰমুগ্ধমন্ত্ৰৰ বলৰ মোহিত; সম্মোহিত।
অপাৰযাৰ পাৰ নাই; সীমাহীন।
সাৰ্থকসফল; অৰ্থপূৰ্ণ।
উৎকণ্ঠাঅস্থিৰতা; উগুল-থুগুল; ব্যাকুল।
অপেক্ষাবাট চোৱা; আশা কৰি ৰৈ থকা কাৰ্য।
হাত-তালিদুই হাতৰ তলুৱা বজাই তোলা শব্দ।
মৰিষণক্ষমা কৰা কাৰ্য।
উদ্যোক্তাআয়োজক।
পদছন্দত লিখা কথা।
অপূৰ্বঅভূতপূৰ্ব; উত্তম; আগেয়ে নোহোৱা বা নেদেখা।
বিমুগ্ধঅতিশয় মুগ্ধ।
বিমোহিতমুগ্ধ; যি মোহ গৈছে।
নশ্বৰঅচিৰস্থায়ী; ক্ষণস্থায়ী।

পাঠভিত্তিক ক্ৰিয়া-কলাপৰ প্ৰশ্নোত্তৰ

১। প্ৰথমে কোৱা, তাৰ পাছত লিখা :

(ক) মঘাই ওজাৰ আচল নাম কি আছিল ?

উত্তৰ :- মঘাই ওজাৰ আচল নাম আছিল মঘাই বৰুৱা।

(খ) মঘাই ওজাৰ জন্ম ক’ত, কেতিয়া হৈছিল ?

উত্তৰ :- যোৰহাট জিলাৰ হাতীগড় মৌজাৰ নাওশলীয়া গাঁৱত ১৯১৬ চনত মঘাই ওজাৰ জন্ম হৈছিল।

(গ) মঘাই ওজাই সৰুতে ৰাতিহে কিয় ঢোল শিকিছিল ?

উত্তৰ :- মঘাই ওজাৰ পৰিয়ালটো অতি দুখীয়া আছিল। সাতটি সন্তানেৰে মুঠ নজনীয়া পৰিয়ালটো বৰ কষ্টৰে চলিব লাগিছিল। মঘাইৰ পাঁচবছৰ বসয়তে দেউতাকৰ মৃত্যু হয়। দেউতাকৰ মৃত্যুৰ পিছত মঘায়ে অতি কষ্টৰে পেটৰ ভাত মুঠি মোকলাবলগীয় হৈছিল। দিনৰ ভাগত তেওঁ আনকি দিন হাজিৰাও কৰিবলগীয়া হৈছিল। এইদৰে দিনৰ ভাগত কামত ব্যস্ত থকাত ৰাতিহে ঢোল শিকিছিল।

(ঘ) সভাত মঘাই ওজাই একেলগে কেইটা ঢোল বজাইছিল আৰু আটাইকেইটা ঢোল তেওঁ একেলগে কিদৰে বজাইছিল ?

উত্তৰ :- সভাত মঘাই ওজাই একেলগে দহটা ঢোল বজাইছিল। এই আটাইকেইটা ঢোল বজাওতে তেওঁ দুয়োখন হাতৰ উপৰিও ভৰি আৰু মূৰো ব্যৱহাৰ কৰিছিল। ক’তো অলপো খেলিমেলি নোহোৱাকৈ তেওঁ অতিশয় মনপৰশা আৰু শুৱলা ঢোলৰ ছেও দিছিল।

(ঙ) সভাত মঘাই ওজাই ঢোলত কি কি শব্দ বজাই শুনাইছিল ?

উত্তৰ :- সভাত মঘাই ওজাই ঢোলৰ মেঘৰ গাজনি, ৰেল অহাৰ শব্দ, ধুমুহা-বতাহৰ শব্দ বজাই শুনাইছিল।

(চ) মঘাই ওজাৰ কেতিয়া মৃত্যু হয় ?

উত্তৰ :- ইংৰাজী ১৯৭৮ চনৰ ১৫ মাৰ্চত মঘাই ওজাৰ মৃত্যু হয়।

২। (ক) পাঠটিত থকা সভাখনৰ বৰ্ণনা তোমাৰ নিজৰ ভাষাত দিয়া।

উত্তৰ :- বিভিন্ন সভা-সমিতিত মঘাই ওজাৰ ঢোলবাদনে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ হেজাৰ হেজাৰ লোকক মন্ত্ৰমুগ্ধ কৰি যথেষ্ট আনন্দ দিছিল। তেনে এখন সভায়েই ৰাজহুৱা খেলপথাৰ এখনত অনুষ্ঠিত হৈছিল। খেলপথাৰখনত এটা মূৰত থকা মঞ্চখন আটোম-টোকাৰিকৈ সজাই তোলা হৈছে। সম্মুখৰ খেলপথাৰত হেজাৰ হেজাৰ মানুহ। ঠাহ খাই পৰিছে মানুহ। ঢোলৰ যাদুকৰ মঘাই ওজাৰ অপূৰ্ব বাজনা উপভোগ কৰি নিজৰ জীৱন সাৰ্থক কৰাৰ আশা সকলোৰে। সময় আগবঢ়াৰ লগে লগে মানুহৰ মাজত উৎকণ্ঠাও বাঢ়িব ধৰিলে।

অৱশেষত উৎকণ্ঠাৰ অন্ত পেলাই সাধাৰণ সাজ-পোছাক পৰিহিত এজন মানুহে কান্ধত ঢোল এটি লৈ মঞ্চত উপস্থিত হ’ল। হাজাৰ হাজাৰ মানুহে হাত-তালিৰে আকাশ-বতাহ মুখৰিত কৰি মানুহজনক সম্ভাষণ জনালে। তেওঁক দেখা পাই মানুহবোৰৰ মন আনন্দত নাচি উঠিল। এই মানুহজনেই হ’ল মঘাই ওজা। সভাৰ আয়োজকসকলে তেওঁক এখনি ফুলাম গামোচাৰে আদৰণি জনালে। শিল্পীজনাই ৰাইজক সেৱা এটিৰে প্ৰতিসম্ভাষণ জনালে। এইখিনি সময়তে কেইজনমান মানুহে মঞ্চৰ মাজলৈ দহোটামান ঢোল আনি যথাস্থানত থ’লে। ঢোলৰ যাদুকৰগৰাকীয়ে একমুহূৰ্ত ঢোলকেইটালৈ চাই উপস্থিত ৰাইজক সম্বোধি ক’লে, “ৰাইজ আমি সাধাৰণ লোক। ঢোলটোকে আপোন কৰি দুটামান ছেও বজাওঁ। ঢোল এটি মহৎ বাদ্য। আমি এই বাদ্যটিত কোব মাৰিলে অনেক ভুল-ভ্ৰান্তি হ’ব পাৰে। আপোনাসৱে আমাৰ দোষ মৰিষণ কৰে যেন।” অতি নম্ৰভাৱেৰে কথাকেইষাৰ কৈ শিল্পীগৰাকীয়ে “শুনিয়োক সৰ্বজন আমাৰ বচন……” বুলি এটি পদ গাই ঢোলত চাপৰ দিলে।

মঘাই ওজাৰ দুহাতৰ যাদুকৰী স্পর্শত নিৰ্জীৱ ঢোলবোৰে যেন প্ৰাণ পাই উঠিল। কোন-কাহানিও নুশুনা ঢোলৰ ছেও শুনি সকলোৰে মুখৰ মাত হৰিল। প্ৰথমে এটা ঢোলত আৰম্ভ কৰি ক্ৰমান্বয়ে দহটা ঢোল একে সময়তে বজাই ওজাই উপস্থিত ৰাইজক আচৰিত কৰি তুলিলে। ওজাই মাজে মাজে একোটা ঢোলত মূৰেৰেও বোল দিছে, কেতিয়াবা ভৰিৰেও ঢোল বজাইছে। যেন বিজুলীগতিতহে ওজাৰ দুয়োহাত, ভৰি, মূৰ ঢোলবোৰৰ কোবনি আৰু তালিত নাচি ফুৰিছে। ক’তো অকণো খেলি-মেলি নোহোৱাকৈ মন মুহি নিয়া অতি শুৱলা ঢোলৰ ছেৱত ৰাইজ বিস্মিত আৰু বিমুগ্ধ হ’ল।

ইয়াৰ পিছৰ পৰ্যায়ত শিল্পীগৰাকীয়ে ঢোলত মেঘৰ গাজনি, ৰেল অহাৰ শব্দ, ধুমুহা-বতাহৰ শব্দ আদি বজাই শুনালে। ৰাইজে সেয়া প্ৰকৃত মাত নে ঢোলৰ মাত ধৰিবই নোৱাৰিলে। শিল্পী মঘাই ওজাই দুঘণ্টামান সময় এইদৰে এটাৰ পিছত এটাকৈ ছেও বজাই ৰাইজক বিমোহিত কৰি অৱশেষত মঞ্চ ত্যাগ কৰিলে। ডাউৰিয়ে ডাউৰিয়ে হাত-চাপৰিৰে সভাথলী উৰি যাও উৰি যাও যেন হ’ল।

(খ) মঘাই ওজাৰ ঘৰুৱা অৱস্থাৰ অটি বৰ্ণনা দিয়া ?

উত্তৰ :- মঘাই ওজাৰ পৰিয়ালটো অতি দুখীয়া আছিল। মঘাইকে ধৰি সাতটি সন্তানক নিচেই সৰুতে এৰি দেউতাকে পৰলোকলৈ গমন কৰিছিল। তেতিয়া মঘাই ওজাৰ বয়স আছিল মাত্ৰ পাঁচবছৰ। দেউতাকৰ মৃত্যুৰ পিছত তেওঁ আনকি দিন-হাজিৰা কৰিও পেটৰ ভাত মোকলাবলগীয়া হৈছিল। নিশাৰ ভাগত ঢোল শিকি শিকি মঘাই এদিন ঢোলৰ ওজা হৈছিল। ঢোল বজাই বিভিন্ন সভা-সমিতিত ঘূৰি ফুৰিলেও অভাৱ-অনাটনৰ মাজতে মঘাই বৰুৱাই পৰিয়াল পোহপাল দিবলগীয়া হৈছিল। তেওঁৰ এই অভাৱ অনাটনৰ কথা প্ৰকাশ কৰি মঞ্চত ঢোল বজাওতেও গাইছিল এইদৰে-

“ঢোলক বাবৰে               তিনিটি আঙুলি

              মাজৰ আঙুলি লৰে,

কালিৰে পৰা                 ভাত নাইকিয়া

              কাছুটি সুলকি পৰে।”

৪।একোটিকৈ বাক্য সাজা :

বাপতি-সাহোন, অভাৱ-অনাটৰ, উৎকণ্ঠা, বিৰ দি বাট নোপোৱা, ৰজন-জনাই, মুখৰ মাত হৰ, নোহোৱা-নোপোজা, মনপৰশা, বিমুগ্ধ।

উত্তৰ :- (i) বাপতি-সাহোন :- বিহু অসমীয়াৰ বাপতি-সাহোন উৎসৱ।

(ii) অভাৱ-অনাটৰ :- মুদুলে অভাৱ-অনাটনৰ মাজতো পৰীক্ষাত ভাল ফল দেখুওৱাত ৰাইজে সন্তোষ প্ৰকাশ কৰিছে।

(iii) উৎকণ্ঠা :- ৰাজ্যৰ খৰাং পৰিস্থিতিত ভৱিষ্যতৰ কথা চিন্তা কৰি কৃষ্ণকসকলে উৎকণ্ঠাৰে দিন পাৰ কৰিছে।

(iv) বিৰ দি বাট নোপোৱা :- দুৰ্গাপূজাৰ নৱমীৰ দিনা ম’হ বলি চাবলৈ বিল্লেশ্বৰ দেৱালয়ত মানুহৰ বিৰ দি বাট নোপোৱা অৱস্থা হয়।

(v) ৰজন-জনাই :- কণমানি আস্থাজিতাৰ গানত বিমুগ্ধ হৈ ৰাইজে জনোৱা হাত-চাপৰিৰে সভাস্থলী ৰজন-জনাই গ’ল।

(vi) মুখৰ মাত হৰিল :- জেঠায়েকৰ মৃত্যুৰ বাতৰিটো শুনাৰ পিছত ৰূপমহঁতৰ পৰিয়ালৰ সকলোৰে মুখৰ মাত হৰিল

(vii) নোহোৱা-নোপোজা :- আগেয়ে কাহানিও নুশুনা নোহোৱা-নোপোজা মঘাই ওজাৰ ঢোলৰ অপূৰ্ব ধ্বনি শুনি ৰাইজ বিস্মিত হ’ল।

(viii) মনপৰশা :- এটি মনপৰশা গীত আমাৰ বহু দিনলৈ মনত থাকে।

(ix) বিমুগ্ধ :- ভূপেন হাজৰিকাৰ গীতে ৰাইজক অতি সহজে বিমুগ্ধ কৰে।

৫। (ক) পঢ়া, বুজা আৰু লিখা :

ছেও – (ক) ঢোলৰ ছেও শুনি নাচনীৰ তত হেৰাল।

(খ) কাকলিয়ে ঢোলৰ ছেৱে-ছেৱে নাচিছে।

(গ) মঘাই ওজাৰ ঢোলৰ ছেৱত সকলো বিমোহিত হ’ল।

ভাওঁ ____________________

নাওঁ ____________________

গাওঁ ____________________

উত্তৰ :- ভাওঁ(ক) মহাপুৰুষ শংকৰদেৱে অসমত প্ৰথম ভাওনাৰ পাতনি মেলিছিল।

(খ) অংকীয়া নাটত ভাৱৰীয়া সকলে বিভিন্ন মুখা পিন্ধি অংশগ্ৰহণ কৰে।

(গ) এইবাৰ গুৰুজনাৰ তিথিত অনুষ্ঠিত হ’বলগীয়া অংকীয়া ভাওনাত আমাৰ গাঁৱৰ বলেন কাইটিয়ে ভীমৰ ভাওত অংশ লব।

নাওঁ – (ক) এইবাৰ নাওঁ খেল প্ৰতিযোগিতাখন হাজোৰ পিতকাটি বিলত অনুষ্ঠিত হ’ব।

(খ) বকুল নাৱৰীয়াক কদমণি গাৱঁৰ সকলো লোকে ভাল পা

(গ) নদীখনৰ ওপৰত কোনো দলং নথকাত দুয়োপাৰৰ মানুহখিনিয়ে নাৱেৰেই অহা-যোৱা কৰে।

গাওঁ – (ক) শুৱালকুছি অসমৰ এখন বিখ্যাত গাঁও

(খ) এইবাৰ খেতি ভাল হোৱাত গাঁৱে গাঁৱে আনন্দৰ জোৱাৰ আহিছে।

(গ) আমাৰ দেশৰ বেছিভাগ মানুহেই গাঁৱত বাস কৰে।

(খ) পঢ়া, বুজা আৰু লিখা :

ৰং – (ক) তোমাৰ চোলাৰ ৰংটো বৰ ধুনীয়া।

(খ) মোৰ হাতত বিভিন্ন ৰঙৰ পেঞ্চিল আছে।

(গ) খুৰা বৰ ৰঙীয়াল মানুহ।

শ্বিলং ____________________

দৰং ____________________

কলং ____________________

উত্তৰ :- শ্বিলং – (ক) আগতে অসমৰ ৰাজধানী শ্বিলং আছিল।

(খ) মুখ্যমন্ত্ৰী শৰৎ সিংহৰ দিন শ্বিলঙৰ পৰা অসমৰ ৰাজধানী গুৱাহাটীলৈ স্থানান্তৰ কৰা হয়।

(গ) শ্বিলঙৰ প্ৰাকৃতিক সৌন্দৰ্য বৰ মনোৰম।

দৰং – (ক) মঙ্গলদৈ দৰং জিলাৰ সদৰ।

(খ) বলীনাৰায়ণ আছিল দৰঙৰ কোচ ৰাজবংশৰ প্ৰতিষ্ঠাতা।

(গ) আহোম ৰজাসকলে দৰঙ ৰজাসকলৰ ক্ষেত্ৰত অৱলম্বন কৰা নীতিত দৰঙী ৰজাসকল ক্ষুগ্ন হৈছিল।

কলং – (ক) কলং নৈখন নগাওঁ জিলাৰ মাজেৰে বৈ গৈছে।

(খ) কলঙৰ দুয়োপাৰে এতিয়া ঘন বসতি।

(গ) কবি নৱকান্ত বৰুৱাক কলংপৰীয়া কবি বুলিও কোৱা হয়।

৬। পঢ়া, বুজা আৰু লিখা :

ইহলোকপৰলোক
আপোন_______
চিনাকি_______
আচল_______
উন্নতি_______
দেশ_______
আশা_______
সাৰ্থক_______
আদি_______
আদৰ_______
শুৱলা _______
ত্যাগ_______

উত্তৰ :- 

ইহলোকপৰলোক
আপোনপৰ।
চিনাকিঅচিনাকি।
আচলনকল।
উন্নতিঅৱনতি।
দেশবিদেশ।
আশানিৰাশা।
সাৰ্থকঅসফল।
আদিঅন্ত।
আদৰঅৱহেলা; আওহেলা।
শুৱলা বেসুৰা।
ত্যাগগ্ৰহণ।

৭। তোমালোক শিক্ষাৰ্থীসকলে বিদ্যালয়ত নানা সভা-সমিতি দেখি আহিছা। অংশগ্ৰহণো কৰিছা। এদিন শ্রেণীকোঠাৰ ভিতৰতে অথবা বিদ্যালয়ৰ এডোখৰ মুকলি ঠাইত শ্ৰেণীৰ শিক্ষাৰ্থীসকলে নিজাববীয়াকৈ এখন সভাৰ আয়োজন কৰা। এই সভাৰ মূল বিষয় হ’ব ‘অসমৰ থলুৱা বাদ্যযন্ত্ৰ’। সভাখন কিদৰে পৰিচালনা কৰিবা সেয়া তোমালোকৰ দায়িত্ব। শ্ৰেণীশিক্ষকৰ পৰা কিছু পৰামৰ্শ ল’ব পাৰিবা।সভাৰ দিনাখন শ্ৰেণী শিক্ষকে কেৱল দৰ্শনৰ ভূমিকা ল’ব। খুটি-নাটিবোৰ পিছত আঙুলিয়াই দিব।

উত্তৰ :- ছাত্ৰ-ছাত্ৰীসকলে জেষ্ঠজনৰ পৰামৰ্শ লৈ নিজে কৰাৰ চেষ্টা কৰিব।

৮। শুনা আৰু লিখা :

ইতিমধ্যে কেইজনমান মানুহে মঞ্চলৈ দহোটামান ঢোল লৈ আহিল। মঘাই ওজাই ঢোলকেইটালৈ এপলক চাই ৰাইজক সম্বোধি ক’বলৈ ধৰিলে, “ৰাইজ, আমি সাধাৰণ লোক। ঢোলটোক আপোন কৰি দুটামান ছেও বজাওঁ।ঢোল এটি মহৎ বাদ্য। আমি এই বাদ্যটিত কোব মাৰিলে অনেক ভুল-ভ্ৰান্তি হ’ব পাৰে। আপোনাসৱে আমাৰ দোষ মৰিষণ কৰে যেন।”

উত্তৰ :- উক্ত দফাটো ছাত্ৰ-ছাত্ৰীসকলে কোনোবা জেষ্ঠজনক নতুবা সহপাঠীক মাতিবলৈ দি ভালদৰে শুনি লগে লগে শুদ্ধকৈ লিখিবলৈ চেষ্টা কৰিব।

পাঠভিত্তিক ব্যাকৰণৰ আলোচনা

১। যুৰীয়া শব্দ কাক বোলে ? উদাহৰণ দিয়া।

উত্তৰ :- আচল শব্দৰ অৰ্থৰ জোৰ বুজাবলৈ আচল শব্দৰ আগত বা পাছত একে নিচিনা অৰ্থশূন্য শব্দ কিছুমান ব্যৱহাৰ কৰা হয়। কেতিয়াবা বেলেগ উচ্চাৰণযুক্ত শব্দও ব্যৱহাৰ কৰা হয়। এই শব্দবোৰক যুৰীয়া শব্দ বোলে। যেনে : চা-চিনাকি, টালি-টোপোলা, চাকৰ-নাকৰ, কিতাপ-চিতাপ ইত্যাদি।

২। তলৰ যুৰীয়া শব্দবোৰেৰে বাক্য ৰচনা কৰা।

চা-চিনাকি, টালি-টোপোলা, কিতাপ-চিতাপ, চাকৰ-নাকৰ, তেল-কুৰ।

উত্তৰ :- (i) চা-চিনাকি :- তোমাৰ ভাইটিৰে সৈতে মোৰ চা-চিনাকি হোৱা নাই।

(ii) টালি-টোপোলা :- টালি-টোপোলা লৈ খগেনহঁত নগৰলৈ গ’লগৈ।

(iii) কিতাপ-চিতাপ :- কোঠাটোত পঢ়িবলৈ কিতাপ-চিতাপ এখনো নাই।

(iv) চাকৰ-নাকৰ :- প্ৰাচীন কালত ৰাজহাউলীবোৰ চাকৰ-নাকৰেৰে গিজগিজাই আছিল।

(v) তেল-কুৰ :- আজি ৰান্ধিবলৈ তেল-কুৰ অলপো নাই।

অতিৰিক্ত পাঠভিত্তিক প্ৰশ্নোওৰঃ

১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া :

(ক) ঢোলৰ ন’হলে কি পাতিব পৰা নাযাব ?

উত্তৰ :- ঢোল ন’হলে অসমীয়াৰ বাপতি-সাহোন চেনেহৰ বহাগ বিহুটিক পাতিব পৰা নাযাব।

(খ) ৰাইজে কাক ‘ঢোলৰ যাদুকৰ’ কাক আখ্যা দিছে ?

উত্তৰ :- মঘাই ওজাক ৰাইজে ‘ঢোলৰ যাদুকৰ’ আখ্যা দিছে।

(গ) ঢোল বজাই ফুৰোঁতে মঘাইৰ কাৰ কাৰ সৈতে চা-চিনাকি হৈছিল ? ইয়াৰ ফলত কি লাভ হৈছিল ?

উত্তৰ :- ঢোল বজাই ফুৰোঁতে মঘাইৰ বিষ্ণু প্ৰসাদ ৰাভা, ফণী শৰ্মা, বিখ্যাত চাহ খেতিয়ক গকুল বৰা আৰু দেশৰ আন বহু গুণী-জ্ঞানী ব্যক্তিৰ সৈতে চা-চিনাকি হৈছিল।

চিনাকি সূত্ৰে লোকসকলৰপৰা উৎসাহ-উদ্দীপনা পাই মঘাইয়ে ঢোল বাদনত উন্নতি কৰি এদিন ৰাইজৰ পৰা ‘ওজা’ উপাধি পাইছিল।

(ঘ) দুখীয়াৰ দুখ নুমুজা ধনী মানুহ আৰু নেতাসকলক উদ্দেশ্যি মঘাইয়ে কি গাইছিল ?

উত্তৰ :- দুখীয়াৰ দুখ নুবুজা ধনী-মানী মানুহ আৰু নেতাসকলক উদ্দেশ্য কৰি মঘাইয়ে নিজৰ ঢোল বাদনত গাইছিল এইদৰে –

‘ৰাইজখনে কান্দিছে              ডা-ডাঙৰীয়া

                দেশখনে কান্দিছে চোঁৱা,

ৰাইজৰ বলতে                    তুমি বলৱন্ত

                কিয়নো পাহৰি যোৱা।’

(ঙ) মঘাইয়ে কেনে সাজপাৰ পৰিধান কৰিছিল ?

উত্তৰ :- মঘাই ওজাই সদায় সাধাৰণ সাজ-পাৰ পৰিধান কৰিছিল।

(চ) ঢোল এটাৰ দুটা অংশৰ নাম লিখা।

উত্তৰ :- ঢোল এটাৰ দুটা অংশৰ নাম হ’ল- কোবনি আৰু তালি।

(ছ) ঢোলৰ ওজাসকলে ‘ছেও’বোৰক কি বুলি কয় ?

উত্তৰ :- ঢোলৰ ওজাসকলে ‘ছেও’ বোৰক ‘হাত’ বুলি কয়।

২। চমুটোকা লিখা :

মঘাই ওজা, ঢোল, বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মা, ধুমুহা-বৰষুণ।

উত্তৰ :- (i)  মঘাই ওজা :- মঘাই ওজাৰ প্ৰকৃত নাম আছিল মঘাই বৰুৱা। যোৰহাট জিলাৰ হাতীগড় মৌজাৰ নাওশলীয়া নামৰ গাঁৱত অতি দুখীয়া পৰিয়াল এটিত ১৯১৬ চনত মঘাইৰ জন্ম হৈছিল। মঘাইৰ পাঁচবছৰ বয়সতে দেউতাকৰ মৃত্যু হৈছিল। দেউতাকৰ মৃত্যুৰ পিছত ছয়টি ভাই-ভনীয়ে সৈতে মঘাইয়ে অতি কষ্টৰে দিনবোৰ পাৰ কৰিছিল। তেওঁ দিনৰ ভাগত হাজিৰা কাম কৰি ৰাতি ৰাতি গুৰুৰ ওচৰত ঢোল শিকিছিল। অতি সুন্দৰভাৱে ঢোল বাব জনা মঘাই কমসময়ৰ ভিতৰতে ধুনীয়াকৈ ঢোল বজাবলৈ শিকিছিল। তেওঁৰ অতি সুন্দৰভাৱে ঢোল বজাব পৰা গুণেই তেওঁক সকলোৰে মাজত চিনাকি কৰাই দিছিল। মানুহে বিভিন্ন সভা-সমিতিলৈ তেওঁক ঢোল বজাবলৈ নিমন্ত্ৰণ কৰিবলৈ ধৰিলে। এনেদৰে ঢোল বজাই ফুৰোঁতে মঘাইৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য ফণী শৰ্মা, বিখ্যাত চাহ খেতিয়ক গকুল বৰা আৰু দেশৰ আন বহু গুণী-জ্ঞানী ব্যক্তিৰ সৈতে চা-চিনাকি হৈছিল। এই লোকসকলৰ পৰা উৎসাহ পাই তেওঁ দিনক দিনে ঢোল বাদনত উন্নতি কৰি এদিন ৰাইজৰ পৰা ‘ওজা’ উপাধি পাইছিল।

মঘাই বৰুৱাই অতি অভাৱ-অনাটনৰ মাজত পৰিয়াল পোহপাল দিবলগীয়া হৈছিল। দুখীয়া মঘাই ওজাই অসমৰ ৰাইজক প্ৰাণভৰি ভাল পাইছিল। ঢোলবাদনৰ মাজতে মঘাই ওজাই গীতৰ মাজেৰে দুখীয়া জনতাৰ মনৰ কথা প্ৰকাশ কৰিছিল। 

মঞ্চত মঘাই ওজাৰ ঢোলবাদন আছিল অপূৰ্ব। একেবাৰতে দহটাকৈ ঢোল বজাই ৰাইজক বিমুগ্ধ কৰিছিল। এনেদৰে ঢোল বজাওতে মঘাইয়ে নিজৰ দুয়োহাত, ভৰি আৰু মূৰ ব্যৱহাৰ কৰিছিল। মঘাই ওজাৰ ঢোলবাদনে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ হেজাৰ হেজাৰ লোকক মন্ত্ৰমুগ্ধ কৰি অপাৰ আনন্দ দিছিল। ঢোলবাদনৰ বাবে মঘাই ওজাই দেশে-বিদেশ ভ্ৰমণ কৰিছিল। কেইবাখনো অসমীয়া কথাছবিতো তেওঁ অভিনয় কৰিছিল। অসমৰ ৰাইজে মঘাই ওজাক ‘ঢোলৰ যাদুকৰ’ আখ্যা দিছিল।

এইগৰাকী অসাধাৰণ শিল্পী ঢোলৰ যাদুকৰ, অসমৰ সুযোগ্য সন্তান মঘাই ওজাই ১৯৭৮ চনৰ ১৫ মাৰ্চৰ দিনা নশ্বৰ দেহ ত্যাগ কৰে। ঢোল থাকে মানে অসমীয়া জাতিয়ে মঘাই  ওজাক শ্ৰদ্ধাৰে সুঁৱৰি থাকিব।

(ii) বিষ্ণুপ্ৰসাদ ৰাভা :- কুৰি শতিকাত মুষ্টিমেয় যি কেইগৰাকী মহান শিল্পীয়ে আমাৰ জনগণক ঐক্য-সম্প্ৰীতিৰ ডোলেৰে এক কৰি প্ৰগতিৰ পথেদি আগুৱাই লৈ যাবৰ কাৰণে যত্ন কৰিছিল, বিষ্ণুপ্ৰসাদ ৰাভা আছিল সেইসকলৰ অন্যতম।ৰাভাৰ জন্ম হৈছিল ১৯০৯ চনত ঢাকা চহৰত। দেউতাক গোপাল চন্দ্ৰ ৰাভা আছিল ইংৰাজ সশস্ত্ৰ বাহিনীৰ চুবেদাৰ মেজৰ। চাকৰিৰ খাতিৰতে তেওঁ ঢাকাত নিগাজীকৈ থাকিবলগীয়া হৈছিল। বিষ্ণুপ্ৰসাদে সেই সময়ত নিচেই সৰু অৱস্থাতেই অৰ্থাৎ চাৰি নে পাঁচবছৰ বয়সতে অসাধাৰণ প্ৰতিভাৰ পৰিচয় দিছিল। সংগীতানুৰাগী পিতৃৰ পৰা বিষ্ণুপ্ৰসাদে প্ৰেৰণা লাভ কৰিছিল। পিতৃ গোপাল চন্দ্ৰ ৰাভাই নিজে সংগীত চৰ্চা কৰাৰ উপৰিও বিষ্ণুপ্ৰসাদহঁতক ঘৰতে গীত আৰু নৃত্যৰ শিক্ষা দিছিল। ছবছৰমান বয়সতে বিষ্ণুপ্ৰসাদে উচাংগ সংগীতৰ প্ৰাথমিক কথাবোৰ আয়ও কৰিছিল।

ৰাভাৰ সাতবছৰমান বয়সতে দেউতাক ঢুকায়। ফলত তেওঁলোকৰ পৰিয়ালটো ১৯১৭ চনত তেজপুৰৰ পুৰণি ঘৰলৈ উভতি আহিবলৈ বাধ্য হয়। অৰ্থৰ অনাটনত পৰি মাকে এদিন স্বৰ্গীয় গোপাল চন্দ্ৰ ৰাভাৰ বিশাল ভূ-সম্পত্তি এৰি দিবলগীয়াত পৰিছিল। ইয়াৰ মাজতো মাকে বিষ্ণুপ্ৰসাদক স্থানীয় স্কুলতে নাম লগাই দিছিল। এনে বিপৰ্যয়ৰ মাজতো হতাশ নহৈ ৰাভাই ছেগাচোৰাকাকৈ সংগীত চৰ্চা অব্যাহত ৰখাৰ লগতে খেল-ধেমালিত বিশেষ দক্ষতা দেখুৱাব পৰিছিল। ফুটবল, ক্ৰিকেট, টেনিচ, বেডমিণ্টন, কেৰম আদি খেল দক্ষতাৰে খেলিব পাৰিছিল। ছাত্ৰ হিচাপে তেওঁ মেধাৱী ছাত্ৰ আছিল। তেওঁ তাহানিৰ দৰং জিলাৰ ভিতৰতে প্ৰথম হৈ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ জলপানি লাভ কৰিছিল। কলিকতাৰ প্ৰেছিডেন্সি কলেজৰ পৰা প্ৰথম বিভাগত আই এছ ছি পাছ কৰি তেওঁ তাতেই বি এছ ছি পঢ়িবৰ বাবে নামভৰ্ত্তি কৰাই লৈছিল। কিন্তু সেইসময়ত বংশদেশৰ গাঁৱে-ভূঞে বিয়পি পৰা দেশৰ স্বাধীনতা বিপ্লৱৰ জোৱাৰে ৰাভাক স্পর্শ কৰাত তেওঁৰ কলেজীয়া শিক্ষা-জীৱনৰ সিমানতে অন্ত হয়।

ইয়াৰ পিছত কলেজ এৰি আহি ৰাভাই দিহিঙে-দিপাঙে মুক্ত পখীৰ দৰে ঘূৰি ফুৰিছিল। তেওঁ গাঁৱে-ভূঞে, পাহাৰ-জংঘলে ঘূৰি বিভিন্ন ব্যক্তি আৰু সমাজৰ পৰা বিচিত্ৰ সুকুমাৰ কলাৰ অভিজ্ঞতা আহৰণ কৰি নিজৰ জ্ঞানৰ ভাণ্ডাৰ পূৰ্ণ কৰিছিল। তেওঁ অসমৰ বিবিধ থলুৱা সুৰত বহুতো গীত-মাত ৰচনা কৰে। ইয়াৰ উপৰি সাহিত্য সাধনাতো জড়িত হৈ বহুতো গল্প-উপন্যাস-নাট আদি ৰচনা কৰে । এসময়ত তেওঁ সএীয়া সংস্কৃতিৰ বিদগ্ধ পণ্ডিতৰূপে পৰিগণিত হয়। গীত, আলেখ্য, নাটিকা আদি বাণীবদ্ধ কৰা সংক্ৰান্তত কলিকতাত থকা কালত তেওঁ এদিন সেইকালৰ বিশ্ববিশ্ৰুত ৰুচ নৃত্যাংগনা আনা পাভলোভাক লগ পায়। তেতিয়াৰ পৰাই তেওঁ প্ৰাচীন ভাৰতীয় নৃত্য পৰম্পৰাৰ প্ৰতি আকৃষ্ট হয়। ৰাভাদেৱৰ তাণ্ডৱ নৃত্য দেখি বহুতে চমৎকৃত হৈছিল; মুগ্ধ হৈছিল। ১৯৪৬ চনত নিৰ্মিত ‘চিৰাজ’ ছবিৰ তেওঁ অন্যতম পৰিচালক তথা অভিনেতা আছিল। চলচিত্ৰ আৰু মঞ্চ দুয়োটাতে ৰাভাদেৱে সমান দক্ষতাৰে অভিনয় কৰিব পাৰিছিল।

ইয়াৰ পিছত তেওঁ সাম্যবাদী ৰাজনীতিৰ সৈতে জড়িত হয়। ১৯৫০ আৰু ১৯৬২ চনত তেওঁ দুবাৰ কাৰাবৰণ কৰিবলগীয়াত পৰে। ১৯৬৭ চনত তেওঁ অসম বিধানসভাৰ সদস্য নিৰ্বাচিত হৈছিল। ৰাজনৈতিক জীৱনে শিল্পী সাধনাত আউল লগাই দিয়াৰ ফলত তেওঁ হাতত লোৱা অনেক কাম অসম্পূৰ্ণ হৈ ৰ’ল। কঠিন ৰোগত আক্ৰান্ত হৈ ১৯৬৯ চনৰ ১৯ জুনৰ দিনা পুৱতি নিশা ৰাভাদেৱে শেষ নিশ্বাস ত্যাগ কৰে। ৰাভাদেৱৰ গীতসমূহক পৰৱৰ্তী কালত ‘ৰাভাসংগীত’ বা ‘বিষ্ণুৰাভা সংগীত’ নামেৰে জনাজাত হয়। সাহিত্য আৰু শিল্প কলাত অসমৰ জনসাধাৰণৰলৈ স্মৰণীয় অৱদান দিয়া হেতুকে তেওঁক ‘কলাগুৰু’ সন্মানেৰে বিভূষিত কৰা হয়। আজীৱন দুখীয়া নিচলাৰ কাৰণে সংগ্রাম কৰিছিল বাবে গুণমুগ্ধ অনেকে তেঁওক ‘শিল্পী সৈনিক’ আখ্যা দিছে।

(iii) ফণী শৰ্মা :- বিশিষ্ট নাট্যকাৰ আৰু অভিনেতা। ১৯১০ চনত তেজপুৰত জন্ম গ্ৰহণ কৰে। অসমৰ নাট্য আন্দোলনত ফণী শৰ্মাৰ অৱদান অতুলনীয়। যি সময়ত ৰক্ষণশীল অসমীয়া সমাজখনে অভিনয় ক্ষেত্ৰখনত নাৰীৰ অভিনয়ত অনুমোদন দিয়া নাছিল সেই সময়ত ফণী শৰ্মা প্ৰকৃত নাট্যকাৰ-পৰিচালক-অভিনেতা সকলে সহ-অভিনয়ৰ বাট মুকলি কৰে।

ফণী শৰ্মাই প্ৰথম অসমীয়া চলচিত্ৰ ‘জয়মতী’ত অভিনয় কৰে। সাম্প্ৰদায়িক সম্প্ৰীতিৰ পটভূমিত ৰচিত ‘চিৰাজ’ (১৯৪৮) বোলছবিৰ নিৰ্মাণ কৰে। ১৯৫৫ চনত তেওঁ পৰিচালনা কৰা ‘পিয়লি ফুকন’ ছবিয়ে ৰাষ্ট্ৰপতিৰ যোগ্যতাৰ প্ৰমাণ পত্ৰ লাভ কৰে। ইয়াৰ উপৰি ‘পূৰ্বজ্যোতি থিয়েটাৰ’ নামৰ এটি ভ্ৰাম্যমান নাট্যদলত যোগদান কৰি শৰ্মাদেৱে বিভিন্ন সেৱা আগবঢ়ায়।

ফণী শৰ্মাদেৱে বহুকেইখন নাটক ৰচনা কৰিছিল। তাৰ ভিতৰত ‘ভোগজৰা’, ‘মায়ঙৰ বেজ’, ‘কিয়’, ‘নাগপাশ’ লক্ষীধৰ শৰ্মাৰ গল্পৰ আধাৰত ‘চিৰাজ’ আদি উল্লেখযোগ্য। অসমৰ নাট্য আন্দোলনলৈ আগবঢ়োৱা অতুলনীয় অৱদানৰ বাবে সুধীসমাজে শৰ্মাদেৱক ‘নটসূৰ্য’ উপাধিৰে বিভূষিত কৰে। ১৯৭০ চনত ১৩ জুলাইত নটসূৰ্য ফণী শৰ্মাই পৰলোকগমণ কৰে।

(iv) ঢোল :- ঢোল হ’ল কাঠ খুলি দুই মূৰ জন্তুৰ ছালেৰে মেৰিওৱা, ডিঙিত ওলোমাই বজোৱা বাদ্য বিশেষ। সাধাৰণতে আম, চাম, কঁঠাল আদি কাঠেৰে ঢোলৰ খোলটো সজা হয়। অসমৰ সংগীত জগতত বিবিধ ঢোলৰ প্রচলন দেখা যায় যদিও বিহু-ঢোল অসমত অতি জনপ্ৰিয়। বিহু উৎসৱত ঢোল অপৰিহাৰ্য বাদ্য। অসমত প্ৰচলিত বিবিধ ঢোলৰ ভিতৰত উজনিৰ বিহু ঢোল, নামনিৰ ঢেপাঢোল, বৰঢোল, জয়ঢোল, পাতিঢোল আদিৰ নাম উল্লেখযোগ্য। দেওধনী নৃত্যৰ লগত ব্যৱহৃত জয়ঢোলৰ আকাৰ অলপ সৰু। মঙ্গলদৈ অঞ্চলত ঘাইকৈ প্ৰচলিত ঢেপাঢোলৰ ভিতৰত পানী ভৰাই বজোৱা হয়।

অসমৰ জনজাতিসকলৰ মাজতো ঢোলৰ ব্যৱহাৰ বহুল। জনজাতিভেদে অৱশ্যে ঢোলৰ নাম বেলেগ বেলেগ। যেনে – মিচিংসকলৰ দুমদুম, ৰাভাসকলৰ হেমখাম, তিৱাসকলৰ খ্ৰামবাব, কাৰ্বিসকলৰ চেংবুৰূপ আৰু বড়োসকলৰ খ্ৰাম আদি।

অসমৰ ওজা ঢুলীয়াই ঢোলৰ ছেৱত যাদুকৰী সুৰ আৰু মাত সৃষ্টি কৰিব পাৰে।

(v) ধুমুহা-বৰষুণ :- বৰষুণৰ লগতে বৰ কোবালকৈ বতাহ কলিলে তাক ধুমুহা-বৰষুণ বোলা হয়। সাধাৰণতে আমাৰ অসমৰ চ’ত মাহৰ শেষৰ পৰা বহাগ মাহলৈ ধুমুহা-বৰষুণ আহে। ধুমুহা-বৰষুণৰ লগতে মেঘৰ তীব্ৰ গাজনি শুনা যায় আৰু কোনো কোনো ঠাইত ব্ৰজপাতো পৰে। বহাগ মাহৰ এই ধুমুহা-বৰষুণক বৰদৈচিলা বোলা হয়। এই মাহতে বৰদৈচিলা মাকৰ ঘৰলৈ যায় বুলি জনবিশ্বাস আছে। এই ধুমুহা-বৰষুণত গছ-গছনি, মানুহৰ ঘৰ-বাৰী আদিৰ বিস্তৰ ক্ষতি হয়। ধুমুহা-বৰষুণ আহিলে আমি মুকলি ঠাইত থকা অনুচিত। কোনো মজবুত ঘৰৰ ভিতৰত আশ্ৰয় ল’ব লাগে আৰু ধুমুহা-বৰষুণ শেষ নোহোৱালৈকে বাহিৰলৈ ওলাব নালাগে। ধুমুহা-বৰষুণত বৈদ্যুতিক তাৰ আদি উভালি পৰে, গতিকে আমি বাহিৰলৈ ওলালেও সাৱধানেহে ওলাব লাগে। 

ঢোলৰ যাদুকৰ মঘাই ওজাই তেওঁৰ ঢোল বাদনত ধুমুহা-বৰষুণ অহাৰ শব্দ অবিকল ৰূপত ফুটাই তুলিবলৈ সক্ষম হৈছিল। মানুহে সেয়া সঁচাই ধুমুহা-বৰষুণ নে ঢোলৰ মাত ধৰিবই পৰা নাছিল।

Leave a Reply

error: Content is protected !!
Scroll to Top
Scroll to Top
adplus-dvertising