Assam Jatiya Bidyalay Class 5 Assamese Chapter 12 দুষ্ট কানাই

Join Telegram channel

Assam Jatiya Bidyalay Class 5 Assamese Chapter 12 দুষ্ট কানাই, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় আপোন পাঠ Class 5 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 12 দুষ্ট কানাই Class 5 Assamese Question Answer can be of great value to excel in the examination.

Assam Jatiya Bidyalay Class 5 Assamese Chapter 12 দুষ্ট কানাই Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 5 Assamese Chapter 12 দুষ্ট কানাই provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

দুষ্ট কানাই

Chapter – 12

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক প্ৰশ্নোত্তৰ

* তলৰ শব্দবোৰৰ অৰ্থ লিখা :

শ্যাম-কানু, বংশী, খটাসুৰ, লৱণু, পলকতে, হাতত সাৰে ভৰিত সাৰে, বলাই, কনিষ্ঠ, চতুৰালি, সকাম, পিপৰা, নিদ্ৰামগ্ন, দধিমথন, বিষম, নিদাৰণী, বদমান, চম্ভালা, গোচৰ, টলাব, অনৰ্গল, আকাল, নাটে, গোৱাল, সয়া, গভাইত, দুৰ্গম, থিৰে।

উত্তৰ :- 

শব্দ   অৰ্থ
শ্যাম-কানুকৃষ্ণ।
বংশীবাঁহী।
খটাসুৰবৰ দুষ্ট ল’ৰা।
লৱণুমাখন।
পলকতেচকুৰ পচাৰতে।
হাতত সাৰে ভৰিত সাৰেকোনো শব্দ নোহোৱাকৈ; মনে মনে।
বলাইশ্ৰীকৃষ্ণৰ ককায়েক; বসুদেৱ ৰোহিণীত পুত্ৰ; হলধৰ।
কনিষ্ঠআকাৰ বয়স আদিত আটাইতকৈ সৰু।
চতুৰালিচাতুৰী; চাতুৰ্য।
সকামকাম; প্ৰয়োজন।
পিপৰাপৰুৱা।
নিদ্ৰামগ্নটোপনিয়ে ধৰা হেতুকে অলস।
দধিমথনদৈ-গাখীৰ তৈয়াৰ কৰা।
বিষমঅসমান; বিযুৰীয়া; দু:সহ।
নিদাৰুণীদয়াহীন; নিষ্ঠুৰ।
বদনামদুৰ্নাম; অপযশ।
চম্ভালা বশ কৰা; সাৱধানতা লোৱা।
গোচৰদোষী মানুহৰ বিৰুদ্ধে সু-বিচাৰ পাবৰ বাবে বিচাৰকৰ আগত কৰা প্ৰাৰ্থনা; নিবেদন।
টলাববিচলিত; জোঁকাৰিব।
অনৰ্গলঅবিৰামভাৱে।
আকালঅভাৱ; নাটনি।
নাটেনোজোৰে।
গোৱালগুৱাল।
সয়াসহ্য।
গভাইতপাকৈত (চোৰ)।
দুৰ্গমযাবলৈ কঠিন বা কষ্টকৰ।
থিৰেলৰচৰ নোহোৱাকৈ।
কলংকচেকা; দাগ; দুৰ্নাম; অপবাদ।

পাঠভিত্তিক ক্ৰিয়া-কলাপৰ প্ৰশ্নোত্তৰ

১। প্ৰথমে কোৱা, তাৰ পিছত লিখা :

(ক) কৃষ্ণই কিয় লৱণু চুৰ কৰি খায় ?

উত্তৰ :- লৱণু খাই ভাল পোৱা কৃষ্ণৰ নিজ ঘৰৰ লৱণুতকৈ আনৰ ঘৰৰ লৱণুৰ প্ৰতিহে আকৰ্ষণ বেছি। সেয়েহে কৃষ্ণই গোৱালীপাৰাৰ গোপীসকলৰ ঘৰত সোমাই লৱণু চুৰ কৰি খায়।

(খ) কৃষ্ণৰ ককায়েকৰ নাম কি ?

উত্তৰ :- কৃষ্ণৰ ককায়েকৰ নাম হ’ল বলাই বা বলোভদ্ৰ।

(গ) প্ৰথমতে গোপীৰ ঘৰত কৃষ্ণই কিয় সোমাল বুলি কৈছিল ?

উত্তৰ :- গোপীৰ ঘৰত কৃষ্ণই নিজৰ ঘৰ বুলি ভুলতেই সোমাল বুলি প্ৰথমতে কৈছিল।

(ঘ) যশোদাই কৃষ্ণক কিয় গালি পাৰিছিল ?

উত্তৰ :- কৃষ্ণই গোৱালীপাৰৰ গোপীসকলৰ ঘৰে ঘৰে লৱণু চুৰ কৰি খোৱাৰ লগতে নানা অত্যাচাৰ কৰিছিল। অসহ্য হৈ এদিন গোপীসকলে মাক যশোদাৰ ওচৰত গোচৰ দিলেগৈ। গোচৰ দি গোপীসকল আঁতৰি যোৱাৰ পিছত খঙত ভমকত যশোদাই লগৰ গোপবালসকলৰ লগত খেলি থকা অৱস্থাৰ ধৰি আনি কৃষ্ণক হাত দুখন বান্ধি থ’লে আৰু অনৰ্গল গালি পৰিবলৈ ধৰিলে।

(ঙ) যশোদাৰ শাস্তি পাই কৃষ্ণই কি বুলি কৈছিল ?

উত্তৰ :- যশোদাৰ শাস্তি পাই কৃষ্ণই কৈছিল যে, মাকে যেন তেওঁক আৰু গালি নাপাৰে। তেওঁৰ ওপৰত বাৰে বাৰে দিয়া অপমান তেওঁ কিবাকৈহে সহ্য কৰি আছে। কৃষ্ণই কৈছে যে এটি সামান্য পুৰণি কলহ ভঙাৰ কাৰণে মাকে তেওঁক গভাইত চোৰৰ দৰে গৰুৰ পঘাৰে বান্ধি অপযশ দিছে। এই সামান্য অপৰাধখিনিয়েই মাক যশোদাই সহ্য কৰিব নোৱাৰে, আৰু নো কি সহ্য কৰিব। তপ-জপ, যাগ-যজ্ঞ আদি কৰিও মাকে সন্তানৰ মুখ দেখা নাছিল। বৃদ্ধাৱস্থাত কৃষ্ণইহে জন্ম লৈ মাকৰ কাঠবাঁজী কলংক দূৰ কৰিলে। ৰজাৰ কুমাৰ হৈও কৃষ্ণই দুৰ্গম সংকট বনত গৰু চৰাইহে ভাত খাব লাগে। ইয়ান উপকাৰ কৰা সত্বেও মাকে তেওঁৰ উপকাৰৰ নাম নলয়। বৰং লৱণু চোৰ নাম দি তেওঁৰ সমস্ত উপকাৰ ঢাকি ৰাখিলে। কৃষ্ণই এই অপমান সহিব নোৱাৰে আৰু কংসৰ নগৰী মধুপুৰীলৈ পলাই যাব। পাছত মাকে তেওঁক লগ নাপাই কান্দিব লাগিব আৰু মাকে তেওঁক লৈ কৰা সকলো কল্পনা শেষ হ’ব।

(চ) মাক যশোদাই কিয় কৃষ্ণক গালে মুখে চুমা খাই মৰম কৰিছিল ?

উত্তৰ :- লৱণু চুৰি কৰাৰ অপৰাধত যেতিয়া মাক যশোদাই কৃষ্ণক গৰুৰ পঘাৰে বান্ধি নানা গালি পাৰিছিল তেতিয়া কৃষ্ণইও গালিৰ প্ৰত্যুত্তৰত নিজে যশোদাক কৰা উপকাৰৰ কথা সোঁৱৰাই যশোদাক জব্দ কৰিবলৈ চেষ্টা কৰিলে। ইয়াৰ পিছতো মাক যশোদাক টলাব নোৱাৰি শেষত কৃষ্ণই কংসৰ নগৰী মধুপুৰীলৈ পলাই যাব বুলি কোৱাৰ লগে লগে যশোদা আৰু থিৰেৰে থাকিব নোৱাৰিলে। কৃষ্ণক সাৱটি লৈ তেওঁ গালে মুখে চুমা খাই মৰম কৰিলে।

২। কৃষ্ণৰ অনেক নাম আছে। তোমালোক কৃষ্ণৰ এই নামবোৰ সংগ্ৰহ কৰি এখনি তালিকা কৰা।

উত্তৰ :- কৃষ্ণৰ অনেক নাম আছে। আমাৰ পাঠটিতে থকা এনে নাম কিছুমান হ’ল কানাই, শ্যাম-কানু ইত্যাদি। ইয়াৰ উপৰি কৃষ্ণৰ আন কিছুমান নাম হ’ল – দৈৱকীনন্দন,  গোবিন্দ, নাৰায়ণ, বনমালী, মুকুন্দ, যদু, উপানন্দ, অনন্ত, দীনবন্ধু, পশুপতি, সত্যনাৰায়ণ, নৃসিংহ, ঘনশ্যাম, সনাতন, হৃষিকেশ, চক্ৰপাণি, মুৰলীমনোহৰ ইত্যাদি।

৩। বুজা আৰু লিখা :

বংশী = বাঁহী

চকু = __________

কলহ =  __________

চেষ্টা =  __________

পাত্ৰ =  __________

গিৰিয়েৰা =  __________

নিদ্ৰা =  __________

চিঞৰ =  __________

খং =  __________

উত্তৰ :- বংশী = বাঁহী

চকু = নয়ন

কলহ = কলচী

চেষ্টা = যত্ন

পাত্ৰ = বাচন

গিৰিয়েৰা = স্বামী, পতি

নিদ্ৰা = টোপনি, ঘুমটি

চিঞৰ = আটাহ

খং = ৰাগ

৪। চমুটোকা লিখা :

বলোভদ্ৰ, যশোদা, নন্দ, কংস

উত্তৰ :- বলোভদ্ৰ :- বলোভদ্ৰ হ’ল কৃষ্ণৰ ককায়েকৰ নাম। তেওঁক বলাই বা বলোৰাম নামেৰেও জনা যায়।

৫। ‘দুষ্ট কানাই’ পাঠটোৰ পৰা কৃষ্ণৰ ল’ৰাকালিৰ কোনবোৰ কথা জানিব পাৰি বাৰু ?

উত্তৰ :- কৃষ্ণই ঘৰৰ চাৰিবেৰৰ মাজত আৱদ্ধ হৈ থাকিবলৈ ভাল নাপায়। কৃষ্ণই লৱণু খাই ভাল পায় কিন্তু ঘৰৰ লৱণুতকৈ আনৰ ঘৰৰ লৱণু খাইহে বেছি ভাল পায়। ইয়াৰ বাবে তেওঁ চুৰ কৰি খাবলৈও কুণ্ঠাবোধ নকৰে। ধৰা পৰিলেও সৈ নাকাঢ়ে বৰঞ্চ গিৰীহঁতকহে ওলোটাই জালত পেলায়। শ্ৰীকৃষ্ণই গোপবালক সকলৰ সৈতে খেল-ধেমালি কৰি ভাল পায়। সেয়ে কোনো শিশু বিচনাত শুই থাকিলে জগাই দিয়ে। ইয়াৰোপৰি কৃষ্ণই বনৰ জীৱ-জন্তুকো খুব মৰম কৰে। নিজেতো লৱণু চুৰ কৰি খায়েই তাৰোপৰি লগতে বান্দৰবোৰকো মাতি আনি লৱণু খুৱাই শেষ কৰে। কৃষ্ণই গৰু চৰাইছিল বনত। তেওঁ লগত আন গোপবালকসকলৰ সৈতে বাঁহী বজাই বজাই গৰখীয়া হিচাপে গৰু চৰাইছিল।

কৃষ্ণ ল’ৰালিত খুব বুদ্ধিমান আছিল। কাক কি কথা ক’লে কামত আহিব সেয়া বুজি পাইছিল। গোপীসকলক ককায়েক বলোভদ্ৰৰ নাম ব্যৱহাৰ কৰা কথাটোত আৰু মাক যশোদাক কংসৰ নগৰী মধুপুৰীলৈ পলাই যাব বুলি ভাবুকি দিয়া কথাত ইয়াৰ প্ৰমাণ পোৱা যায়। উপস্থিত বুদ্ধিতো তেওঁ সিদ্ধহস্ত আছিল। লৱণু চুৰ কৰি খাই ধৰা পৰাৰ পিছতো নিজৰ ঘৰ বুলি ভুলতে গোপীৰ ঘৰত সোমোৱা, লৱণুৰ পাত্ৰৰ পৰা পিপৰা গুচাই দিয়া, হেৰুৱা গৰু বিচাৰি নিদ্ৰামগ্ন শিশুক জগাই দিয়া আদি আৰু নিজৰ হাতৰ লৱণু গোপীৰ মুখত সানি দি ওলোটাই চুৰ সজোৱা আদি কথাত ইয়াৰ প্ৰমাণ পোৱা যায়।

কৃষ্ণই দুই এটা সৰু সুৰা অপৰাধ কৰিলেও যে তেওঁ মাকক কৰা উপকাৰতকৈ যে সেয়া অতি সামান্য তাক বুজাই দিয়াতো সিদ্ধহস্ত। মাক যশোদাই ৰজাৰ কুমাৰ হৈও আনৰ ঘৰত লৱণু চুৰ কৰি খোৱা কথাটোত গালি পৰাত তেওঁ প্ৰত্যুওৰ দিছে এইবুলি যে ৰজাৰ কুমাৰ হৈও তেওঁ দুৰ্গম সংকট বনত গৰু চৰাইহে ভাত খাব লাগে। ইয়াৰ পৰা ইয়াকে বুজা যায় যে ল’ৰালি কালত কৃষ্ণ প্ৰখৰ বুদ্ধিসম্পন্ন আছিল।

৬। বাক্য ৰচনা কৰা :

ইফালে-সিফালে, এখোজ-দুখোজ, আকাশ-বতাহে, ৰ’দে-বৰষুণে।

উত্তৰ :- (i) ইফালে-সিফালে :- জিতুৱে শব্দটো শুনি ইফালে-সিফালে চালে কিন্তু কাকো দেখা নাপালে।

(ii) এখোজ-দুখোজ :- গোপীসকলে গাখীৰ মথি থাকোতে কৃষ্ণই মনে মনে এখোজ-দুখোজকৈ গোপীৰ গৃহত প্ৰৱেশ কৰিছিল।

(iii) আকাশে-বতাহে :- আকাশে-বতাহে এতিয়া মাথো ধূলি আৰু ধোৱাহে দেখিবলৈ পোৱা যায়।

(iv) ৰ’দে-বৰষুণে :- খেতিয়কসকলে ৰ’দে-বৰষুণে পথাৰত কাম কৰে বাবেহে আমি খাদ্যবস্তু পাবলৈ সক্ষম হওঁ।

৭। ক অংশৰ লগত খ অংশ মিলোৱা :

ক অংশখ অংশ
কাৰণকান্দোন
খোৱাঅসহ্য
হাঁহিসুগম
প্ৰৱেশবাহিৰ
বদনামঅকাৰণ
দুৰ্গমনোখোৱা
সহ্যসদনাম
ভিতৰপ্ৰস্থান

উত্তৰ :- 

ক অংশখ অংশ
কাৰণঅকাৰণ
খোৱানোখোৱা
হাঁহিকান্দোন
প্ৰৱেশপ্ৰস্থান
বদনামসদনাম
দুৰ্গমসুগম
সহ্যঅসহ্য
ভিতৰবাহিৰ

৮। তলৰ উদাহৰণটো চাই বাকীকেইটা নিজে কৰা :

প্ৰত্যুত্তৰ = প্ৰতি + উত্তৰ

অত্যাধিক = __________ + __________

ইত্যাদি = __________ + __________

বিদ্যালয় = __________ + __________

মহোৎসৱ = __________ + __________

যথেষ্ট = __________ + __________

উত্তৰ :- প্ৰত্যুত্তৰ = প্ৰতি + উত্তৰ।

অত্যাধিক = অতি + অধিক।

ইত্যাদি = ইতি + আদি।

বিদ্যালয় = বিদ্যা + আলয়।

মহোৎসৱ = মহৎ + উৎসৱ।

যথেষ্ট = যথা + ইষ্ট।

৯। গদ্য ৰূপত লিখা :

যশোদা জননী                কিনো নিদাৰুণী

               কৃষ্ণৰ হাতক বান্ধে।

কোমল হাতত                দুখ পাই হৰি

             মাৱৰ মুখ চাই কান্দে।।

উত্তৰ :- কৃষ্ণৰ মাক যশোদাৰ হিয়াখন এনে নিদাৰুণ অৰ্থাৎ কঠোৰ হৃদয়ৰ যে কৃষ্ণৰ হাত দুখন বান্ধি থয়। ফলত কুমলীয়া হাত দুখনত হৰি অৰ্থাৎ শ্ৰীকৃষ্ণই দুখ পায়। তেওঁ মাক যশোদাৰ মুখলৈ চাই কান্দি থাকে।

পাঠভিত্তিক অতিৰিক্ত প্ৰশ্নোওৰ

১। ‘দুষ্ট কানাই’ পাঠটোত লেখকে দুষ্ট শ্ৰীকৃষ্ণক বুজাবলৈ কি শব্দ ব্যৱহাৰ কৰিছে ?

উওৰ :- খটাসুৰ শব্দটি।

২। শ্ৰীকৃষ্ণই গোপীৰ ঘৰত লৱণু চুৰ কৰি খাই থাকোতে গোপীসকলে কি কৰি আছিল ?

উত্তৰ :- গোপীসকলে গাখীৰ মথি আছিল।

৩। গোপীৰ ঘৰত লৱণু খোৱাৰ মাজতে কৃষ্ণই ইফালে-সিফালে কিয় চাই আছিল ?

উত্তৰ :- কোনোবাই আহি দেখিব বুলি লৱণু খোৱাৰ মাজতে কৃষ্ণই ইফালে-সিফালে চাই আছিল।

৪। ‘কথা ওলোটাই পাক লোৱা দেখি গোপীগৰাকীয়ে কৃষ্ণক এৰি দিলে’- ইয়াত কি কথা ওলোটাই পাক লোৱাৰ বিষয়ে কোৱা হৈছে,  বুজাই লিখা।

উত্তৰ :- ঘৰৰ ভিতৰত কৃষ্ণক পাই গোপীয়ে কৃষ্ণক জৱাবদিহি কৰিলে। কৃষ্ণইও পাৰে মানে মিছা মাতিলে। কিন্তু কৃষ্ণৰ মুখখন শুঙি চাই গোপীগৰাকীয়ে লৱণুৰ গোন্ধ পাই দধিমথনত ব্যস্ত থকা আন আন গোপীসকলক চিঞৰি মাতি কৃষ্ণই লৱণু চুৰ কৰি খোৱাৰ কথা ক’লে। কথা বিষম দেখি কৃষ্ণই নিজৰ হাতৰ লৱণু গোপীগৰাকীৰ মুখত সানি দিলে আৰু এইবুলি ক’লে তেওঁ (কৃষ্ণ) লৱণু খোৱাই নাই, গোপীগৰাকীয়েহে খাইছে আৰু গিৰিয়েকৰ শাস্তিৰ ভয়ত কৃষ্ণক লৱণু চুৰ কৰি খোৱা বুলি বদনাম দিছে। এইদৰে কৃষ্ণই নিজে লৱণু চুৰ কৰি খাই ওলোটাই গোপীক চোৰ সজালে। কথা ওলোটাই পাক লোৱা দেখি গোপীগৰাকীয়ে কৃষ্ণক এৰি দিলে।

৫। যশোদা কাৰ ৰাণী আছিল ?

উত্তৰ :- যশোদা আছিল গোৱালৰ ৰজা নন্দৰ ৰাণী।

৬। কৃষ্ণক মাক যশোদাই কিহেৰে বান্ধিছিল ?

উত্তৰ :- গৰুৰ পঘাৰে।

৭। কৃষ্ণই মাক যশোদাৰ কি কলংক দূৰ কৰিছিল ?

উত্তৰ :- মাক যশোদাৰ কাঠবাঁজী কলংক কৃষ্ণই জন্ম লৈ দূৰ কৰিছিল।

৮। কংস কোন ?

উত্তৰ :- কংস আছিল কৃষ্ণৰ মোমায়েক।

৯। কংসৰ নগৰখনৰ নাম কি ?

উত্তৰ :- কংসৰ নগৰখনৰ নাম হ’ল মধুপুৰী।

১০। ‘দুষ্ট কানাই’ পাঠটি কিহৰ আধাৰত ৰচনা কৰা হৈছে ?

উত্তৰ :- ‘দুষ্ট কানাই’ পাঠটি মহাপুৰুষ মাধৱদেৱ ৰচিত ‘পিম্পৰা গুচোৱা’ ঝুমুৰাৰ আধাৰত ৰচনা কৰা হৈছে।

১১। চমুটোকা লিখা :

মাধৱদেৱ

উত্তৰ :- মাধৱদেৱ :- মাধৱদেৱ আছিল শংকৰদেৱৰ পৰম শিষ্য, ধৰ্মপ্ৰচাৰক আৰু বহুমুখী প্ৰতিভাৰ আকাৰ। অসমৰ সাহিত্য-সংস্কৃতি আৰু আধ্যাত্মিক চিন্তাৰ জগতত মাধৱদেৱৰ বহুমূলীয়া অৱদান আজিও জিলিকি আছে। ১৪১১শকৰ (ইং ১৪৮৯ চন) জেঠ মাহত লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ ওচৰৰ লেটেকুপুখুৰী গাঁৱত মাধৱদেৱৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল গোবিন্দগিৰী আৰু মাতৃৰ নাম মনোৰমা।

মাধৱদেৱৰ শৈশৱ আৰু কৈশোৰৰ দিনবোৰ আছিল সুখ-দুখৰ সান-মিহলিৰে বিচিত্ৰ। শান্ত-শিষ্ট স্বভাৱৰ চোকা বুদ্ধিৰ ল’ৰা মাধৱে সহজতে সকলোৰে মৰম-চেনেহ লাভ কৰিছিল। তেওঁ আছিল উদাৰ হিয়া, নিৰ্ভয় চিও আৰু তীক্ষ্ণ বুদ্ধিৰ অধিকাৰী। কামৰূপ ৰাজ্যৰ ভিতৰুৱা বণ্ডুকাৰাজ্যৰ ৰাজেন্দ্ৰ অধ্যাপকৰ শালাত তেওঁ ছাত্ৰ-জীৱন আৰম্ভ কৰে। তাত তেওঁ ন্যায়, তৰ্ক, কাব্য আৰু কায়স্থালি বৃত্তিৰ বহল জ্ঞান লাভ কৰে। পিতৃ গোবিন্দগিৰীৰ মৃত্যুৰ পিছত মাধৱদেৱ ভনীজোঁৱায়েক গয়াপানিৰ ওচৰলৈ আহে। তাতে তেওঁ মাতৃৰ অসুখ নিৰাময়ৰ বাবে দেৱীলৈ পঠা ছাগলী এটা বলি দিয়াৰ মানসেৰে গয়াপানিক ছাগলী বিচাৰিব দিয়ে। এই কথাটোকে লৈ ইতিমধ্যে শংকৰদেৱৰ বৈষ্ণৱ ধৰ্মত অনুৰুক্ত গয়াপানিৰ লগত মনোমালিন্য হোৱাত  গয়াপানিয়ে মাধৱদেৱক শংকৰদেৱৰ ওচৰলৈ লৈ যায়। শংকৰদেৱে যুক্তিৰ দ্বাৰা তেওঁক বিষ্ণুৰ মাহাত্ম্য সম্পৰ্কে অৱগত কৰোৱাৰ পিছত মাধৱদেৱ হৈ পৰে এজন সম্পূৰ্ণ নতুন ব্যক্তি। শংকৰদেৱক গুৰু মানি তেওঁ মনে প্ৰাণে নৱ বৈষ্ণৱ ধৰ্মৰ প্রচাৰত নিজকে নিয়োজিত কৰে। তীক্ষ্ণ বুদ্ধিসম্পন্ন, প্ৰতিভাশালী, সুগায়ক আৰু সুপণ্ডিত মাধৱে শংকৰদেৱৰ হৃদয় সম্পূৰ্ণৰূপে জয় কৰিলে। মাধৱদেৱৰ দৰে মহান পুৰুষজনৰ সান্নিধ্যত শংকৰদেৱে তেওঁৰ ভক্তি আন্দোলনক সফলতাৰে বিয়পাই দিব পাৰিছিল। দুয়োজনা গুৰুৱে ৰচনা কৰিছিল নানা গীত, নাট, কাব্য আৰু ভক্তি আলোচনামূলক গন্থ।

শংকৰদেৱৰ তিৰোভাৱৰ পিছত তেওঁৰ ধর্মীয় উত্তৰাধিকাৰী হয় মাধৱদেৱ। মাধৱদেৱে স্বকীয় প্ৰতিভাৰে নৱবৈষ্ণৱ আন্দোলনক অধিক শক্তিশালী কৰি তোলে। মাধৱদেৱৰ নানা গীত-মাত নাট আৰু ঝুমুৰাৰ আকৰ্ষণত আৰু শক্তিশালী ব্যক্তিত্বৰ প্ৰভাৱত দিনে দিনে বৈষ্ণৱ ধৰ্মৰ ভক্তৰ সংখ্যা বাঢ়িব ধৰে। ইয়াতে কিছু অসৎ লোকে ঈষান্বিত হৈ মাধৱদেৱৰ বিপক্ষে লগাত মাধৱদেৱে কোচবিহাৰলৈ যায়। তাত ৰজা  লক্ষ্মীনাৰায়ণে নৱ-বৈষ্ণৱ ধৰ্মক ৰাজধৰ্ম বুলি স্বীকৃতি দিয়ে। এই কোচবেহাৰতে ১৫৬৮ শকৰ (১৫৯৬চনৰ) ভাদ মাহৰ শুক্লা দ্বিতীয়া তিথিত মাধৱদেৱৰ তিৰোভাৱ ঘটে।

মহাপুৰুষ মাধৱদেৱে অসমৰ সাহিত্য আৰু সংস্কৃতিলৈ আপুৰুগীয়া বৰঙণি যোগাই থৈ গৈছে। তেওঁৰ বৰগীত আৰু ঝুমুৰা বোলা ক্ষুদ্ৰ ক্ষুদ্ৰ নাটবোৰত কৃষ্ণৰ দুষ্টালি আৰু চল-চাতুৰীৰে ভৰা শিশুকালৰ মনোমোহা ছবি দেখিবলৈ পোৱা যায়। মাধৱদেৱৰ দ্বাৰা ৰচিত ‘ভক্তি-ৰত্নাৱলী’, ‘নাম-মালিকা’, ‘ৰাজসূয় কাব্য’ আদি গন্থবোৰ আমাৰ সাহিত্যত অমূল্য সম্পদ। কিন্তু মাধৱদেৱৰ সৰ্বশ্ৰেষ্ঠ ৰচনা আৰু অসমীয়া ভাষাৰ মহামূল্যবান গ্ৰন্থখনি হৈছে ‘নামঘোষা’। ‘নামঘোষা’ এখন উচ্চ দাৰ্শনিক ভাৱৰ পুথি। শংকৰদেৱে আৰম্ভ কৰা নৱবৈষ্ণৱ ধৰ্মৰ আন্দোলনক সফলতাৰে আগুৱাই নিয়াৰ লগতে মাধৱদেৱে এইদৰে সাহিত্য, গীত আৰু নৃত্যৰ ক্ষেত্ৰতো এক নৱ-জাগৰণৰ সৃষ্টি কৰিছিল। শংকৰদেৱক প্ৰাণতকৈও বেছি ভালপোৱা আৰু শ্ৰদ্ধা কৰা মাধৱদেৱ  শংকৰদেৱৰ দৰেই অসমৰ জাতীয় জীৱনত পৰম পূজ্য ব্যক্তি।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top