Assam Jatiya Bidyalay Class 4 Science Chapter 3 বতৰ, বায়ু পানী

Assam Jatiya Bidyalay Class 4 Science Chapter 3 বতৰ, বায়ু পানী, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় বিজ্ঞান Class 4 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 3 বতৰ, বায়ু পানী Class 4 Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 4 Science Chapter 3 বতৰ, বায়ু পানী Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 4 Science Chapter 3 বতৰ, বায়ু পানী provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

বতৰ, বায়ু পানী

Chapter – 3

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

১। মানুহৰ ওপৰত বতৰৰ প্ৰভাৱ বিষয়ে দহটা শাৰী লিখা।

উত্তৰঃ মানুহৰ বেছিভাগ কামেই বতৰৰ ওপৰত নিৰ্ভৰশীল। বৰষুণৰ বতৰত পথাৰত পানী জমা হ’লেহে ধান খেতি ভাল হয়। আকৌ শাক-পাচলি আদিৰ বাবে বেচিকৈ বৰষুণ হ’লে খেতি নষ্ট হয়।

ধুমুহাৰ ফলত মানুহৰ বিস্তৰ ক্ষতি হয়। ধুমুহাত মানুহৰ ঘৰ-দুৱাৰ ভাঙি নষ্ট হয়। তদুপৰি ডাঙৰ নদী বা সাগৰত মাছ মাৰিবলৈ যাওঁতে ধুমুহাৰ ফলত মাছ-মৰীয়াৰ মৃত্যু হয়। অৱশ্য আজিকালি ৰেডিও বা দূৰদৰ্শনৰ জৰিয়তে বতৰৰ আগজাননী পাব পাৰি। ধুমুহা বা বৰবেছি বৰষুণ, অতিপাত খৰাঙৰ কথা আগতীয়াকৈ জানিব পাৰি। মানুহৰ কাম-কাজৰ ওপৰত বতৰৰ বহু প্ৰভাৱ আছে।

২। আবেলিৰ ৰ’দৰ তাপ ভৰ দুপুৰীয়াৰ ৰ’দৰ তাপতকৈ কম কিয় ?

উত্তৰঃ আবেলিৰ ৰ’দৰ তাপ ভৰ দুপুৰীয়া ৰ’দৰ তাপতকৈ কম। চিত্ৰত দেখুৱা ধৰনে ক পৃথিৱীৰ এখন ঠাই।

দুপুৰীয়া সূৰ্য সেই ঠাই ডোখৰত মূৰৰ ওপৰত থাকে। এইসময়ত সূৰ্যৰ পৰা অহা ৰশ্মি বায়ুমণ্ডলৰ মাজেৰে কখ দূৰত্ব পাৰ হৈ আহে। আবেলি সূৰ্য মূৰৰ ওপৰত নাথাকে। আবেলি সূৰ্যৰ ৰশ্মি হেলনীয়াকৈ ঠাইলৈ আহে। এইবাৰ সূৰ্য্যৰ ৰশ্মি হেলনীয়াকৈ বেছি দূৰ আহিবলগা বাবে ৰ’দৰ তাপ ক’ম। অৰ্থাৎ সূৰ্য্যৰ ৰশ্মি কম ঠাই আহিবলৈ হ’লে ৰ’দ প্ৰখৰ হয় আৰু সূৰ্য্যৰ ৰশ্মি বেছি ঠাই অতিক্ৰম কৰি আহিবলৈ হ’লে ৰ’দ প্ৰখৰ নহয়।

৩। বতৰ পৰিৱৰ্তন কাৰণ কি লিখা।

উত্তৰঃ বতৰ পৰিৱৰ্তনৰ প্ৰধান কাৰণ হ’ল জলচক্ৰ। দিনৰ ভাগত সূৰ্য্যৰ তাপত পানী লাহে লাহে বাষ্প হয়। বাষ্প হ’ল পানীৰ গেছীয় অৱস্হা। পানীৰ বাষ্পক জলীয় ভাপ বুলিও কোৱা হয়। বতাহে জলীয় ভাপ এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই নিয়ে। পৃথিৱীৰ যিমান উপৰলৈ যোৱা যায়,বায়ু সিমান চেচাঁ হয়। জলিয় ভাপ চেঁচা হ’লে পুনৰ পানী হয়। পানীৰ ভাপ, চেচাঁ বায়ু লগ লাগি পুনৰ সৰু সৰু পানীৰ কণিকা হৈ পৰে। এই কণিকাবোৰ অতি পাতল আৰু আকাশত ভাঁহি ফুৰে। এই কণিকাবোৰৰ সমষ্টিয়ে মেঘ। মেঘ ঘন হ’লে তাৰ মাজেৰে সূৰ্যৰ পোহৰ পৃথিৱীলৈ আহিব নোৱাৰে। তেতিয়া মেঘৰ বৰণ ক’লা হয়। এনেকৈয়ে বতৰ পৰিৱৰ্তন হৈ থাকে।

৪। পৃথিৱীৰ পানীৰ পৰা অনবৰতে ভাপ ওলাই থাকে । ইয়াকে দেখুৱাবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা।

উত্তৰঃ পৃথিৱীৰ পানীৰ পৰা অনবৰতে যে ভাপ ওলায় থাকে সেইটো পৰীক্ষা এটাৰ পৰা সহজতে বুজিব পাৰি।

এটা প্লাষ্টিকৰ মোনাত কেই চামুচমান পানী লৈ সূতা এডালেৰে মুখখন বন্ধা হ’ল। এইখিনি কাম কোঠা এটাৰ ভিতৰত কৰি ল’ব পাৰি। ইয়াৰ পিছত বন্ধ প্লাষ্টিকৰ মোনাটো কোঠাৰ বাহিৰত উলিয়াই দিয়া হ’ল। কিছু সময় পিছত  মন কৰিলে দেখা যাব যে প্লাষ্টিকৰ মোনাটোৰ ওপৰ ফালে ভিতৰত সৰু সৰু পানীৰ টোপাল জমা হৈছে। এই পানীৰ টোপাল বোৰ পানীৰ পৰা অনবৰতে যে ভাপ ওলাই থাকে সেইবাবেহে সৃষ্টি হৈছে।

৫। বায়ুমণ্ডলত যে অনবৰতে জলীয় ভাপ থাকে এটা পৰীক্ষাৰ সহায়ত দেখুওৱা।

উত্তৰঃ বায়ুমণ্ডলত যে অনবৰতে জলীয় ভাপ থাকে সেইটো পৰীক্ষা এটাৰ পৰা বুজিব পাৰি।

পৰীক্ষা : এটা গিলাচত পানী লৈ তাত কেইটুকুৰামান বৰফ বা আইচক্ৰীম পেলাই দিয়া হ’ল। অথবা গিলাচটোত অকল বৰফে ল’ব পাৰি। অলপ পিছত গিলাচৰ বাহিৰপিনে ধোঁৱাৰ নিচিনা চামনি এটা পৰে। হাতেৰে চুই চালে গিলাচৰ বাহিৰ ফালটো ভিজা ভিজা লাগে। আচলতে এই চামনিটো সৰু সৰু পানীৰ কণিকাৰে গঠিত। বতাহত থকা জলীয় ভাপ ঠাণ্ডা গিলাচত লাগি চেঁচা হৈ পানীৰ কণিকাত পৰিণত হয়।

ডাৱৰীয়া বতৰত বায়ুত জলীয় ভাপ বেছি থাকে সেইবাবে বতৰ সেমেকা হয়।

বায়ুমণ্ডলত যে অনবৰতে জলীয় ভাপ থাকে

৬। মেঘ কি ? মেঘৰ পৰা বৰষুণ কেনেকৈ হয় ?

উত্তৰঃ আকাশত ভাঁহি ফুৰা সৰু সৰু পানীৰ কণিকাবোৰ লগ লাগি মেঘ বা ডাৱৰৰ সৃষ্টি হয়।

দিনৰ ভাগত সূৰ্যৰ পোহৰ পৰি জলভাগ আৰু স্থলভাগ গৰম হয়। সূৰ্যৰ তাপত পানী লাহে লাহে বাষ্প হয়। বাষ্প হ’ল পানীৰ গেছীয় অৱস্হা। পানীৰ বাষ্পক জলীয় ভাপ বোলে। বতাহে জলীয় ভাপ এঠাইৰ পৰা আন এঠাইলৈ কঢ়িয়াই নিয়ে। পৃথিৱীৰ যিমান ওপৰলৈ যোৱা হয় বায়ু সিমান চেচাঁ হয়। জলীয় ভাপ চেঁচা হ’লে পুনৰ পানী হয়। পানীৰ ভাপ, চেচাঁ বায়ু লগ লাগি পুনৰ সৰু সৰু পানীৰ কণিকা হৈ পৰে। এই কণিকাবোৰ অতি পাতল আৰু আকাশত ভাঁহি ফুৰে। এই কণিকাবোৰৰ সমষ্টিয়ে মেঘ। মেঘ ঘন হ’লে তাৰ মাজেৰে সূৰ্যৰ পোহৰ পৃথিৱীলৈ আহিব নোৱাৰে। তেতিয়া মেঘৰ বৰণ ক’লা হয়।

ডাৱৰৰ কণিকাবোৰত জলীয় ভাপ যোগ হৈ থাকে। ফলত কণিকাবোৰৰ আকাৰ বাঢ়ি ডাঙৰ হয়। কণিকাবোৰৰ আকাৰ বাঢ়ি ডাঙৰ হয়। কণিকাবোৰৰ আকাৰ ডাঙৰ হ’লে তেতিয়া গধূৰ হয়। আকাশত ভাঁহি থাকিব নোৱাৰা হয় আৰু পৃথিৱীত বৰষুণ আকাৰে সৰি পৰে।

মেঘৰ পৰা বৰষুণ কেনেকৈ হয়

৭। জলচক্ৰ কাক বোলে ?

উত্তৰঃ পানী ভাপ হৈ ওপৰলৈ যোৱা আৰু পুনৰ পানী হৈ ঘূৰি অহাটো চলিয়েই থাকে। ইয়াকে জলচক্ৰ বোলে।

৮। জলচক্ৰ চলি নাথাকিলে কি হ’ব ?

উত্তৰঃ জলচক্ৰ চলি নাথাকিলে এই পৃথিৱীত মানুহ, জীৱ-জন্তু, গছ-গছনি বাচি থাকিব নোৱাৰিব। কাৰণ জলচক্ৰৰ বাবেহে সকলোবোৰ উপাদান সম পৰিমানে মানুহ,জীৱ-জন্তু, গছ-গছনি আদিয়েই পাই থাকে।

৯। এটা জলচক্ৰৰ ছবি আঁকি সকলো কথা নিৰ্দেশ কৰা।

উত্তৰঃ                       

জলচক্ৰৰ ছবি

১০। কুঁৱলী আৰু নিয়ৰ কেনেকৈ সৃষ্টি হয় লিখা।

উত্তৰঃ বায়ুমণ্ডলত পানীৰ কণিকাৰ বাহিৰেও আন কিছুমান কণিকা ওপঙি থাকে। এইবোৰ হ’ল―ধূলি, ধোঁৱা আৰু বৰফৰ সৰু সৰু টুকুৰা ইত্যাদি। কেতিয়াবা ধোঁৱা বা ধূলিৰ কণিকাক আশ্ৰয় কৰি পানীৰ ভাপ চেচাঁ হৈ পানীৰ কণিকাত পৰিণত হয়। জাৰকালি চেঁচা বতৰত ধূলি আদিৰ লগত থকা এই কণিকাবোৰে বায়ুমণ্ডল ছাতি ধৰে। এয়েই কুঁৱলী।

জাৰকালি সূৰ্য অস্ত যোৱাৰ পাছত মাটি, গছ-গছনি শিল আদি চেঁচা হৈ পৰে। এইবোৰ বায়ুতকৈও সোনকালে চেঁচা হয়, এই চেঁচা মাটি, শিল আদিতো কুঁৱলীৰ কণিকা বা বায়ুৰ জলীয় ভাপ লগ লাগি পানীৰ টোপালত পৰিণত হয়। ইয়াকে নিয়ৰ বোলে।

১১। জলবতাহ আৰু স্থলবতাহ কি ?

উত্তৰঃ জলবতাহ : সূৰ্যৰ তাপত পৃথিৱীৰ মাটিভাগ আৰু পানীভাগ গৰম হয়। সূৰ্যৰ তাপ সমানে পৰিলেও মাটিভাগ সোনকালে গৰম হয়। পানী পানী লাহে লাহে গৰম হয়। গধূলিৰ পিছত মাটি সোনকালে ঠাণ্ডা হয় কিন্তু পানী মাটিতকৈ গৰম হৈ থাকে। সেইকাৰণে দিনৰ ভাগত মাটি ভাগ পানীতকৈ গৰম। মাটিৰ ওপৰৰ বায়ু গৰম হৈ ওপৰলৈ উঠি যায়। তেতিয়া পানীৰ ওপৰৰ বায়ু মাটিলৈ বয়। পানীৰ ওপৰৰ পৰা অহা বাবে এই বতাহক জলবতাহ বোলে।

জলবতাহ

স্থলবতাহ : ৰাতি পানী বেছি গৰম হৈ থাকে। সেইবাবে পানীৰ ওপৰৰ বায়ু ওপৰলৈ উঠি যায়। এই ঠাই পূৰাবলৈ মাটিভাগৰ পৰা বতাহ পানীৰ ফালে বলে। ইয়াক স্থলবতাহ বোলে।

স্থলবতাহ

১২। পানী দূষিত হোৱাৰ কাৰণবোৰ লিখা। 

উত্তৰঃ পানী দূষিত হোৱাৰ বহু কাৰণ আছে। খাল, বিল পুখুৰীৰ পানী বন্ধ পানী। বন্ধপানী অতি সহজে দূষিত হয়। বন্ধ পানীত গেলা পঁচা আৱৰ্জনা, মৰা জীৱ জন্তু অলাগতিয়াল বস্তু পেলালে সোনকালে দূষিত হয়। বাহিৰৰ পৰা অহা লেতেৰা পানী সোমালেও খুব সোনকালে খাল বিলৰ পানী দূষিত হয়। দেখাত চফা যেন দেখিলেও চকুৰে মনিৱ নোৱাৰা অনেক জীৱণুৱে  পানী দূষিত কৰে। এলেকা পানী সেৱন কৰিলে নানা ধৰণৰ বেমাৰ-আজাৰ হয়।

এইবোৰৰ উপৰিও কল-কাৰখানাৰ অলাগতিয়াল বস্তু আদি নৈ বা খাল-বিলত পেলালে পানী খুব সোনকালে দূষিত কৰে। নৈৰে বৈ অহা ঘোলা পানীত অলাগতিয়াল আৱৰ্জনা আদি মিহলি হৈ থাকে।

১৩। দুখন গ্ৰীষ্মপ্ৰধান আৰু দুখন শীতপ্ৰধান দেশৰ নাম লিখা।

উত্তৰঃ গ্ৰীষ্মপ্ৰধান দেশ― ভাৰত, কেনিয়া।

শীতপ্ৰধান দেশ― কানাডা, নৰৱে।

১৪। বায়ুমণ্ডলৰ মাজেৰে বেছি দূৰ আহিলে পৃথিৱীৰ পৰা সূৰ্যৰ ৰশ্মিৰ পৰিমাণ কম হয় কিয় ?

উত্তৰঃ সূৰ্যৰ ৰশ্মি বায়ুমণ্ডলৰ মাজেৰে সৰকি আহোঁতে কিছু অংশ বায়ুমণ্ডলত থকা বিভিন্ন কণিকাত খুন্দা খাই সিঁচৰতি হৈ যায়।

১৫। শুদ্ধত (✔) চিন দিয়া।

(ক) মেৰু অঞ্চল পৃথিৱীৰ মাজভাগতকৈ ঠাণ্ডা। শুদ্ধ/অশুদ্ধ

(খ) জলীয় ভাপ পানীৰ গেছীয় অৱস্থা।শুদ্ধ/অশুদ্ধ

(গ) বন্ধ কোঠাত কাপোৰ সোনকালে শুকায়।শুদ্ধ/অশুদ্ধ

(ঘ) মাটিতকৈ পানী সোনকালে গৰম হয়।শুদ্ধ/অশুদ্ধ

(ঙ) পানীতকৈ মাটি সোনকালে ঠাণ্ডা হয়।শুদ্ধ/অশুদ্ধ

উত্তৰঃ (ক) মেৰু অঞ্চল পৃথিৱীৰ মাজভাগতকৈ ঠাণ্ডা।

(খ) জলীয় ভাপ পানীৰ গেছীয় অৱস্থা।

(গ) বন্ধ কোঠাত কাপোৰ সোনকালে শুকায়। X

(ঘ) মাটিতকৈ পানী সোনকালে গৰম হয়। X

(ঙ) পানীতকৈ মাটি সোনকালে ঠাণ্ডা হয়।

১৬। একোটা শব্দৰে পুৰোৱা।

(ক) বতৰ পৰিৱৰ্তনত _____ মুখ্য ভূমিকা লয়।

(খ) শুকান বতৰ ______ পাওঁ।

(গ) পানীভাগৰ পৰা মাটিভাগলৈ বোৱা বতাহক _______ বোলে।

(ঘ) ডাৱৰীয়া বতৰত জলীয় ভাপ ________ থাকে।

(ঙ) বৰষুণ জোখাৰ একক হ’ল ________ ।

উত্তৰঃ (ক) বতৰ পৰিৱৰ্তনত পানীয়ে মুখ্য ভূমিকা লয়।

(খ) শুকান বতৰ জাৰকালি পাওঁ।

(গ) পানীভাগৰ পৰা মাটিভাগলৈ বোৱা বতাহক জলবতাহ বোলে।

(ঘ) ডাৱৰীয়া বতৰত জলীয় ভাপ বেছি থাকে।

(ঙ) বৰষুণ জোখাৰ একক হ’ল ছেন্টিমিটাৰ

১৭। বৰষুণ কেনেকৈ জোখা হয় ?

উত্তৰঃ পৃথিৱীৰ সকলো ঠাইতে সমানে বৰষুণ নহয়। কেতিয়াবা কিছুমান ঠাইত বৰষুণ বেছি হয় আৰু কেতিয়াবা কিছুমান ঠাইত বৰষুণ কম হয়। বৰষুণ অতি সহজে জুখিব পাৰি।

চিত্ৰত দেখুওৱা ধৰণে এটা পাত্ৰ লোৱা হ’ল। বৰষুণ আৰম্ভ হোৱাৰ লগে লগে পাত্ৰটো চোতালৰ বৰষুণ পৰা ঠাইত থৈ দিলে হ’ল। পাত্ৰটোত বৰষুণ জমা হ’ব । পানী কৰোপৰা আহি চিটিকি পৰিব নালাগে। বৰষুণ শেষ হ’লে পাত্ৰটোত জমা হোৱা পানীৰ উচ্চতা জোখা হয়। পানীৰ উচ্চতা জোখোতে ছেন্টিমিটাৰত জুখিব লাগে। যদি পাত্ৰটোত উচ্চতা তিনি ছেন্টিমিটাৰ তেতিয়া বুজিব লাগিব সেইদিনাখনৰ বৰষুণৰ পৰিমাণ তিনি ছেন্টিমিটাৰ। এইদৰে সপ্তাহত বা মাহত বৰষুণৰ পৰিমাণ জুখিব পাৰি।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top