🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Assam Jatiya Bidyalay Class 4 Assamese Chapter 8 গ্রাহক আহিলে খং উঠা দোকানীজন

Assam Jatiya Bidyalay Class 4 Assamese Chapter 8 গ্রাহক আহিলে খং উঠা দোকানীজন, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় অসমীয়া Class 4 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 8 গ্রাহক আহিলে খং উঠা দোকানীজন Class 4 Assamese Question Answer can be of great value to excel in the examination.

Assam Jatiya Bidyalay Class 4 Assamese Chapter 8 গ্রাহক আহিলে খং উঠা দোকানীজন Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 4 Assamese Chapter 8 গ্রাহক আহিলে খং উঠা দোকানীজন provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

গ্রাহক আহিলে খং উঠা দোকানীজন

Chapter – 8

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক প্ৰশ্নোত্তৰ

ক্রিয়াকলাপ

অৰ্থৰ সৈতে চিনাকি :- ভ্রূক্ষেপ – কেৰাহিকৈ চোৱা কাৰ্য, বেঁকা চাৱনি, ভ্রূক্ষেপ কৰ – আওকাণ বা অবহেলা কৰা। দৃঢ়প্রতিজ্ঞ — প্রতিজ্ঞা বা পণত দৃঢ় বা স্থিৰ। পানীপোতা — টিনৰ বা খেৰৰ ঘৰৰ চালৰ তলত পানী পৰা ভাগ।

● পঢ়া আৰু বুজা :

বয় + য়য় = ব্য। 

সয় + বয় = স্ব।

নয় + সয় = ন্স।

১। পঢ়া আৰু লিখাঁ : 

ব্যতিক্রম    ব্যৱহাৰ     স্বাধীন স্বাভাবিক    ফ্রান্স

পাঠভিত্তিক প্রশ্নোত্তৰ

১। প্রথমে কোঁৱা, তাৰ পাছত লিখাঁ : 

(ক) দোকানীজনৰ দোকানখন কিয় বন্ধ হোৱাৰ উপক্ৰম হৈছিল ?

উত্তৰঃ গ্ৰাহকৰ প্ৰতি কৰা দোকানীজনৰ ব্যৱহাৰ তথা আওকণীয়া মনোভাৱৰ কাৰণে দোকানখন বন্ধ হোৱাৰ উপক্ৰম হৈছিল।

(খ) লিউবেনহুকে কি হোৱাৰ সপোন দেখিছিল ? 

উত্তৰঃ লিউৱেনহুকে চছমা সজা এজন শ্রেষ্ঠ কাৰিকৰ হোৱাৰ সপোন দেখিছিল।

(গ) লিউৱেনহুকে কি কাৰণে মনত বৰ ৰং পাইছিল ?

উত্তৰঃ লিউৱেনছকে লেন্সৰ মাজেৰে সৰু বস্তু ডাঙৰকৈ চাই মনত বৰ ৰং পাইছিল। 

(ঘ) তেওঁ কেনেধৰণৰ লেন্স তৈয়াৰ কৰাত ব্যস্ত আছিল ? 

উত্তৰঃ তেওঁ কাচ কাটি কাটি তাৰ পৰা সৰু বস্তু অধিক ডাঙৰকৈ দেখুৱাব পৰা লেন্স তৈয়াৰ কৰাত ব্যস্ত আছিল। 

(ঙ) বিশ্বৰ প্ৰথমটো আধুনিক অনুবীক্ষণ যন্ত্র কিমান চনত কোনে আবিস্কাৰ কৰিছিল? তেওঁৰ ক’ত জন্ম হৈছিল ? 

উত্তৰঃ বিশ্বৰ প্ৰথমটো আধুনিক অনুবীক্ষণ যন্ত্র ১৬৭৫ চনত, লিউৱেনহুকে আৱিস্কাৰ কৰিছিল। অনুবীক্ষণ যন্ত্ৰৰ উদ্ভাৱক এন্টনি ভন লিউৱেনছকৰ হলেণ্ডৰ ডেলফল নামৰ চহৰত জন্ম হৈছিল।

(চ) লিউৱেনহুকে অনুবীক্ষণ যন্ত্ৰটোৰে কি কি পৰীক্ষা কৰিছিল ? 

উত্তৰঃ লিউৱোহুকে অনুবীক্ষণ যন্ত্ৰটোৰে মহ-মাখিৰ শুং, ওকনিৰ ঠেং গছৰ পাত, নিজৰ গাৰ ছাল-চুলি, গৰু-ছাগলীৰ নোম, মাখিৰ মগজু আদি পৰীক্ষা কৰিছিল।

(ছ) অনুবীক্ষণ যন্ত্ৰেৰে পৰীক্ষা কৰি লিউবেনহুকে কি কি নতুন কথা জানিব পাৰিলে ?

উত্তৰঃ অনুবীক্ষণ যন্ত্ৰেৰে পৰীক্ষা কৰি লিউবেহুকে পানীত খালী চকুৰে ধৰা পেলাব নোৱাৰা অসংখ্য ক্ষুদ্র ক্ষুদ্র জীৱই বাস কৰা নতুন কথা জানিব পাৰিলে। অপৰিস্কাৰ পানীত এইবোৰৰ পৰিমাণ পৰিস্কাৰ পানীতকৈ বেছি থাকে যদিও, পৰিস্কাৰ পানীতো কিল্‌বিলাই থকা খালী চকুৰে ধৰিব নোৱাৰা ক্ষুদ্ৰ জীৱবোৰৰ কথা অনুবীক্ষণ যন্ত্ৰেৰে পৰীক্ষা কৰিহে জানিব পৰা যায়। পিছলৈ এই জীৱবোৰক জীৱাণু নাম দিয়া হয়।

(জ) জীবাণু মানে কি ? 

উত্তৰঃ পানীত খালী চকুৰে ধৰা পেলাব নোৱাৰা অসংখ্য ক্ষুদ্র ক্ষুদ্র জীব বাস কৰে, এই ক্ষুদ্র জীৱবোৰেই জীবাণু। 

৩। পাঠটো পঢ়ি লিউৱেনহুকৰ বিষয়ে দহোটামান বাক্যত এটি টোকা লিখা।

উত্তৰঃ আধুনিক অনুবীক্ষণ যন্ত্ৰৰ উদ্ভাৱক এন্টনি ভন লিউৱেনহুকৰ জন্ম হৈছিল হলেণ্ডৰ ডেলফট চহৰত। ঘৰুৱা অসুবিধাৰ বাবে পঢ়া আধৰুৱা কৰি, চছমাৰ দোকান দি জীবিকা অর্জনৰ মন মেলিলে। চছমা সজা এজন শ্রেষ্ঠ কাৰিকৰ হোৱাৰ সপোন দেখা লিউৱেনহুকে লেন্সৰ মাজেৰে সৰু বস্তু ডাঙৰকৈ চাই মনত বৰ আনন্দ পাইছিল। এখন হাতেৰে লেন্স এখন ধৰি আনখন হাতেৰে সৰু বস্তু লেন্সখনৰ তললৈ আনি পৰীক্ষা কৰিবলৈ ভালপোৱা লিউনেহুকে বুজি পাইছিল যে এই কামটো বৰ অসুবিধাজনক। শেষত বহুতো পৰীক্ষা-নিৰীক্ষাৰ অন্তত তেওঁ ১৬৭৫ চনত বিশ্বৰ প্ৰথমটো অনুবীক্ষণ যন্ত্ৰ আৱিস্কাৰ কৰিলে। এই যন্ত্ৰটো সাজিবলৈ ব্যৱহাৰ কৰা লেন্সবোর তেওঁ নিজে কাচ কাটি তৈয়াৰ কৰিছিল। তেওঁক যিহেতু মানুহে বলিয়া বুলি ভাবিছিল, গতিকে কাচ কাটি লেন্স তৈয়াৰ পদ্ধতিটোও নিজেই উদ্ভাবন কৰিছিল। তেওঁ সজা অনুবীক্ষণ যন্ত্ৰটোৰে মহ-মাখিৰ তা. ওকনিৰ ঠেং, গছৰ পাত, নিজৰ গাৰ ছাল-চুলি, গরু-ছাগলীৰ নোম, মাথিৰ মগজু আদি পৰীক্ষা কৰাৰ উপৰিও পানীৰ জীৱাণু আদিও পৰীক্ষা কৰিব পৰা যায়। এক চেকা স্বভাৱৰ মানুহ আছিল বাবেই লেউবে ছকে অনুবীক্ষণ যন্ত্ৰৰ দৰে এক মহান আবিষ্কার বিশ্বলৈ আগবঢ়াবলৈ সক্ষম হৈছে।

৪। বুজা আৰু বাক্য সাজা :

কাটি কাটি :- ভাস্কৰগৰাকীয়ে শিল কাটি কাটি মূর্তি সাজিছে।

সৰু-সৰু :- মাছৰ টুকুৰাবোৰ সৰু সৰু কৈ কাটি পেলালে।

চাই চাই :- তেওঁলৈ বাট চাই চাই মোৰ চকু বিষালে।

ক্ষুদ্র ক্ষুদ্র :- পানীত ক্ষুদ্র ক্ষুদ্র জীবাণু থাকে।

শুই-শুই :- তেওঁ ওই ওই কিতাপ পঢ়ি আছে। 

ৰৈৰৈ :- বহুসময় ৰীণাই ৰীতাৰ বাবে ৰৈ ৰৈ ঘৰলৈ উভতি গ’ল।

৫। বুজা আৰু লিখাঁ :

সমাজ ― সমজুৱা।

পথাৰ ― পথৰুৱা।

বজাৰ ― বজৰুৱা।

কলপাত ― কলপটুৱা।

এঙাৰ ― এঙাৰুৱা।

৬। কোনে, কৈছিল, কাক কৈছিল আৰু কেতিয়া কৈছিল : “কি হ’লনো ? কিয় এনেদৰে মাতিছে। দেখা নাই নে, মই কাম যে কৰি আছোঁ । মোক এতিয়া দিগদাৰ নকৰিব।”

উত্তৰঃ “কি হ’লনো ? কিয় এনেদৰে মাতিছে ? দেখা নাই নে, মই কাম যে কৰি আছোঁ। মোক এতিয়া দিগদাৰ নকৰিব”—কথাষাৰ দোকানীজনে (লিউৱেনহুকে) কৈছিল। গ্রাহকক কৈছিল, যেতিয়া তেওঁ নিজৰ কামত মগ্ন হৈ থাকোতে গ্রাহকে বস্তু বিচাৰি আমনি কৰি থাকে, তেতিয়া বিৰক্ত হৈ কৈছিল।

৭। তুমি জনা আন আন বিজ্ঞানীসকলে কি কি বস্তু উদ্ভাৱন কৰি উলিয়াইছে, তাৰ এখন তালিকা কৰা।

উত্তৰঃ বিজ্ঞানীসকলে উদ্ভাৱন কৰা বিভিন্ন বস্তুৰ নামৰ তালিকা :

বিজ্ঞানীৰ নামআবিস্কাৰ
(১) গুপ্রিয়েম মার্কনিৰেডিঅ’ বা অনাতাঁৰ যন্ত্ৰ আৱিস্কাৰ
(২) জিনিয়াছ পাপিনপ্ৰেচাৰ কুকাৰ
(৩) ৰবাৰ্ট হুকজীবদেহৰ কোষ
(৪) লিউকোহকঅনুবীক্ষণ যন্ত্র
(৫) জন লবি বেয়ার্ডটেলিফোন
(৬) আলেকজেণ্ডাৰ গ্ৰাহাম বেলমবাইল ফোন

৮। (ক) গেলিলিঅ’ গেলিলি :- ১৫৬৪ চনৰ ফেব্ৰুৱাৰীত জন্ম গ্রহণ কৰা গেলিলিঅ’ গেলিলি এগৰাকী ইটালীয়ান গণিতজ্ঞ, জ্যোতির্বিদ,

পদার্থবিজ্ঞানী আৰু দার্শনিক আছিল, যি গৰাকীয়ে বিজ্ঞানত এক নতুন ধাৰাৰ সৃষ্টি কৰিছিল। টেলিস্ক ‘পৰ উন্নতিত বিশেষভাবে সহায়ৰ হাত আগবঢ়োৱা গেলিলিঅ’ক “আধুনিক পদার্থবিজ্ঞান আৰু আধুনিক বিজ্ঞানৰ পিতৃ” বুলি কোৱা হয়। এইজনা মহান জ্যোতিবিদৰ মৃত্যু হয় ১৬৪২ চনৰ ৮ জানুৱাৰীত।

(খ) গুগ্লিয়েম মার্কনি :- অনীতাৰৰ আৱিস্কাৰক মহান বিজ্ঞানী গুগ্নিয়েন মার্কনিৰ জন্ম হয় ১৮৭৪ চনৰ ২৫ এপ্ৰিলত আৰু মৃত্যু হয় ১৯৭৭ চনৰ ২০ জুলাইত। পদার্থবিজ্ঞানৰ নবেল বঁটা বিজয়ী (১৯০৯ চনত) এইজনা মহান ইটালীয়ান বিজ্ঞানী বিজ্ঞান আৰু বৈদ্যুতিক বিষয়ত বিশেষভাবে আগ্রহী আছিল। অধ্যবসায় আৰু ঐকান্তিক চেষ্টাৰ ফলত মার্কনিয়ে অঁনাতাৰ বা ৰেডিঅ’ৰ আৱিস্কাৰেৰে নতুন পদক্ষেপ আগবঢ়াবলৈ সক্ষম হৈছিল।

৯। নতুন শব্দ গঠন কৰাঁ : 

বলিয়া- বলিয়ালি।

বলিয়া ― বলিয়ালি। 

ল’ৰা — ল’ৰালি।

কৃপণ ― কৃপণালি। 

চতুৰ — চতুৰালি।

টেঙৰ ― টেঙৰালি। 

ধূর্ত ― ধৃতালি।

বান্দৰ ― বান্দৰালি।

ভণ্ড ― ভণ্ডামি।

৯। পঢ়া, বুজা আৰু লিখাঁ :

কিলবিল ― কিলবিলাই।

বাক্য – পানীডোঙাত বহুতো পোকে কিলবিলাই আছে।

পিৰপিৰ ― পিৰপিৰাই।

বাক্য ― পৰুৱাটো সোমাই আছে বাবে তাৰ গাটো পিৰপিৰাই আছে।

খিলখিল ― খিলখিলাই।

বাক্য — তাৰ ৰসাল কথাবোৰ শুনি সিহঁতে খিলখিলাই হাঁহিছে। 

তিৰবিৰ — তিৰবিৰাই।

বাক্য – নিশাৰ আকাশত তৰাবোৰে তিৰবিৰাই থাকে। 

গিজগিজ ― গিজগিজাই।

বাক্য – গ্রন্থমেলাত অসংখ্য মানুহেৰে গিজগিজাই আছে।

চিকমিক ― চিকমিকাই।

বাক্য — বৰষুণ আহিব কিজানি! আকাশত বিজুলীয়ে চিক্‌মিকাই আছে। 

১১। বিপৰীত অর্থবোধক শব্দ লিখা : 

ক্ষুদ্র, উন্নত, সক্ষম, পৰিস্কাৰ।

উত্তৰঃ            

শব্দবিপৰীত শব্দ
ক্ষুদ্রবৃহৎ
উন্নতঅনুন্নত
সক্ষমঅক্ষম 
পৰিস্কাৰঅপৰিস্কাৰ

১২। ভাৰা আৰু উত্তৰ উলিওৱা : 

কাণত ধৰে, নাকত বহে বস্তুটোনো কি? বহুতকে লাগে 

উত্তৰঃ চছমা।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top