Assam Jatiya Bidyalay Class 4 Assamese Chapter 7 মোহন আৰু কলীয়া

Assam Jatiya Bidyalay Class 4 Assamese Chapter 7 মোহন আৰু কলীয়া, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় অসমীয়া Class 4 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 7 মোহন আৰু কলীয়া Class 4 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 4 Assamese Chapter 7 মোহন আৰু কলীয়া Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 4 Assamese Chapter 7 মোহন আৰু কলীয়া provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

মোহন আৰু কলীয়া

Chapter – 7

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক প্ৰশ্নোত্তৰ

ক্রিয়াকলাপ

অৰ্থৰ সৈতে চিনাকি :- তন্দ্ৰা ― চিলমিলিয়া টোপনি। ক্ষোভ – মৰমৰ অশান্তি। লেঙেৰিয়াই লেঙেৰিয়াই ― খোৰাই -খোৰাই। নিষ্ঠুৰ ― নিদয়। অত্যাচাৰ — অন্যায় আচৰণ, উৎপীড়ন। পহৰা দি ― চোকা দৃষ্টিৰে চাই থাক। ঢাপ ― বাৰীৰ চাৰিওফালে মাটিৰে কৰা গড়।

● পঢ়া আৰু বুজা :

সম ― কয় = স্ক।

সম + থয়  স্থ।

তয় + বয় = ত্ব।

বয় + ধয় = ব্ধ।

● পঢ়া আৰু লিখা :

স্কুল,ৰাস্তা,তন্দা,উপলব্ধি

পাঠভিত্তিক প্রশ্নোত্তৰ

১। প্রথমে কৌবা, তাৰ পাছত লিখা : 

(ক) নবাৰণৰ কিয় নিজৰ ঘৰখনলৈ মনত পৰিছিল ?

উত্তৰঃ ভাস্কৰ (নবাৰুণৰ মাহীয়েক ল’ৰা) হ’তে ঘৰৰ কুকুৰ (কলীয়া)ক পিটি, লেঙেৰা কৰা দেখি নবাৰণৰ নিজৰ ঘৰখনলৈ মনত পৰিছিল। বিশেষকৈ সিহঁতৰ পোহনীয়া, তাৰ অতি মৰমৰ মোহন নামৰ কুকুৰটোলৈ, যিটো কুকুৰক নৱাৰুণহঁতৰ নিজৰ ঘৰখনৰ মানুহখিনি পৰিয়ালৰ মাজৰ এজন বুলি মৰম কৰে।

(খ) ঘৰখনৰ লগতে আৰু কাৰ কথা নৱাৰণৰ মনলৈ আহিছিল ? 

উত্তৰঃ ঘৰখনৰ লগতে নৱাৰুণৰ নিজৰ ঘৰৰ, তাৰ অতি মৰমৰ মোহন নামৰ কুকুৰটোলৈও মনত পৰিছিল।

(গ) নৱাৰণৰ সৈতে মোহনে কি কি কৰিছিল ?

উত্তৰঃ নৱাৰণৰ সৈতে মোহনে খেলি-ধূলি ভাল পাইছিল। মোহনে নৱাৰুণ যেতিয়া গা ধুবলৈ যায়, তেতিয়া পাৰৰ পৰা নৱাৰুণে বিভিন্ন ধৰণে পানীত জঁপিয়াই সাঁতুৰি থাকে। নবাৰুণে পঢ়ি থকা সময়ত পঢ়া টেবুলৰ তলতে মোহন শুই থাকে। স্কুললৈ যাওঁতে নৱাৰুণক স্কুলত থৈ আহে গৈ আৰু নৱাৰুণ ঘৰলৈ ঘূৰি আহোঁতে দূৰৰ পৰাই আগবঢ়াই আনি, মনৰ আনন্দত নেজডাল জোকাৰি জোকাৰি নৱাৰুণৰ গালৈ জঁপিয়াই। 

(ঘ) মোহনে নবাৰুণক স্কুললৈ থ’বলৈ যাওঁতে ৰাস্তাই ৰাস্তাই কিয় প্ৰস্ৰাৱ কৰিছিল ? 

উত্তৰঃ মোহনে নৱাৰণক স্কুললৈ থ’বলৈ যাওঁতে ৰাস্তাই ৰাস্তাই প্ৰস্ৰাৱ কৰি গৈছিল যাতে সি উভতি আহোঁতে ৰাস্তা নেহেৰুৱায়। উভতি আহোঁতে নিজৰ প্ৰস্ৰাৱ গুঙি শুঙিহে সি ঘৰ ওলায়হি। 

(ঙ) নবাৰুণে ভাস্কৰৰ স’তে কিয় নেখেলে বুলি কৈছিল ?

উত্তৰঃ  ভাস্কৰে পোহনীয়া কুকুৰ (কলীয়া) টোক বৰকৈ পিটা দেখে নৱাৰুণে বেয়া পাই ভাস্কৰৰ লগত আৰু কেতিয়াও নেখেলে বুলি কৈছিল।

(চ) কলীয়াই ভাস্কৰহঁতৰ ঘৰৰ কি কি উপকাৰ কৰিছিল ? 

উত্তৰঃ কলীয়াই ভাস্কৰহঁতৰ ঘৰখনৰ বহুতো উপকাৰ কৰিছিল। ৰাতি ৰাতি ভাস্কৰহঁতৰ ঘৰটো কলীয়াই পহৰা দি থাকে বাবেই ৰাতি চোৰ সোমাবলৈ সাহস নকৰে। তাৰোপৰি ফুলনিৰ ফুল, বাৰীৰ শাক পাচলি এইবোৰ খাবলৈ অহা গৰু-ছাগলীক কলীয়াই খেদি নি দূৰৈত থৈ আহেগৈ। ভাস্কৰ ক’ৰবালৈ গ’লেও কলীয়াইহে আগবঢ়াই থৈ আহে।

(ছ) নবাৰণৰ কথাত ভাস্কৰে কি উপলব্ধি কৰিলে ? 

উত্তৰঃ নৱাৰুণৰ কথাত ভাস্কৰে সিহঁতৰ ঘৰখনত কলীয়াৰ গুৰুত্ব ভালদৰে উপলব্ধি কৰিলে। 

২। তোমাৰ ঘৰত থকা পোহনীয়া জীৱ-জন্তুক লৈ কাহিনী লিখিবলৈ যত্ন কৰা। 

উত্তৰঃ  আমাৰ ঘৰত থকা পোহনীয়া কুকুৰ পোৱালীটোৰ নাম হ’ল—টমি। টমিয়ে অনবৰতে মোৰ কাষতে থাকে, মই পঢ়ি থকা সময়ত মোৰ পঢ়া মেজখনৰ তলতে শুই থাকে। মই ক’ৰবালৈ ওলাই গ’লে সিও মোৰ পাছে পাছে যায়। মাথো ৰাতি শুৱৰ সময়তহে দেউতাই তাৰবাবে সৰুকৈ কাগজ কাঠেৰে সজাই দিয়া ঘৰটোত সোমাই থাকেগৈ। “ট’মি বুলি মাতিলেই য’তেই নাথাকক দৌৰি কাষ পায়হি। মই নথকা সময়ত সি মাৰো লগ হৈ পৰে। মা’য়ে আজিকালি তাক মৰমতে মোক দিয়া হৰলিক্সবো ভাগ দিয়ে। আগতে মা’য়ে কুকুৰৰ নাম শুনিলেই ভয় কৰিছিল, টমিয়ে ইমান মৰম লগালে যে মা’য়ে এতিয়া তাক মোতকৈও বেছি মৰম কৰে যেনহে লাগে। সি কাষত থাকিলে মা’ৰ হেনো বৰ ভাল লাগে। মই বা দেউতা ক’ৰবাৰ পৰা আহি পালেও মনৰ আনন্দত সি আমাৰ গালৈকে জঁপিয়াই আৰু নিজৰো গা চেলেকে। দেউতাৰ খেতি বাতিত বৰ নিচা। আমাৰ ফুলনি আৰু শাকনি বাৰী দুখনত টমিৰ বাবেই বাহিৰৰ কোনেও সোমাবলৈ সাহ নকবে। তাৰোপৰি মোৰ দেখি ভাল লাগে যে আমাৰ ঘৰত থকা পাৰ তিনিয়োৰৰ লগত সি চোতালত একেলগে খায়, পাৰকেইটা যেন তাৰ লগৰীয়াহে।সঁচাকৈয়ে টমি যে ইমান মৰমলগা। 

৩। কোনে কৈছিল, কাক কৈছিল, কিয় কৈছিল ?

(ক) “নাই নেখেলোঁ। খেলিবলৈ মোৰ মন যোৱা নাই।” 

উত্তৰঃ “নাই নেখেলোঁ। খেলিবলৈ মোৰ মন যোৱা নাই”— কথাষাৰ নৱাকণে ভাস্কৰক কৈছিল, যেতিয়া ভাস্কৰে নৱাৰণক বল খেলিবলৈ লগ ধৰিছিল।

(খ) “তুমি যে কি ল’ৰা! এটা কুকুৰক মৰাৰ কাৰণে তুমি মোক নমতা হৈছা। সি-তো আৰু মানুহ নহয় !”

উত্তৰঃ “তুমি যে কি ল’ৰা! এটা কুকুৰক মৰাৰ কাৰণে তুমি মোক নমতা হৈছা। সি-তো আৰু মানুহ নহয়।”—কথাষাৰ ভাস্কৰে নৱাৰণক কৈছিল, যেতিয়া ভাস্কৰে নৱাৰলক খেলিবলৈ নোযোৱাৰ কাৰণ সুধিছিল; তেতিয়া নৱাৰুণে ভাস্কৰক পোহনীয়া কুকুৰ কলীয়াক মৰা বাবে বেয়া পোৱা বুলি কোৱাত, ভাস্কৰে নৱাৰণক উক্ত কথাষাৰ কৈছিল।

(গ) “হ’ব দিয়া। মই আৰু তোমাক বেয়া পাই নাথাকোঁ।”

উত্তৰঃ “হ’ব দিয়া। মই আৰু তোমাক বেয়া পাই নাথাকো”— কথাষাৰ নবাৰুণে ভাস্কৰক কৈছিল, যেতিয়া ভাস্কৰে নৱাৰণৰ কথাত লাজ পাই, আৰু কেতিয়াও কলীয়াক মাৰপিট নকৰোঁ বুলি কৈছিল,

তেতিয়া ভাস্কৰৰ কথাত সন্তুষ্ট হৈ নৱাৰুণে এনেদৰে কৈছিল।

৪। বাক্য ৰচনা কৰাঁ :

খুৱাই বুৱাই, লেঙেৰিয়াই-লেঙেৰিয়াই। 

উত্তৰঃ খুৱাই-বুৱাই :- কমাই তাইৰ ঘৰৰ কুকুৰ পোৱালীটোক খুৱাই বুঝাই নোদোকা কৰি তুলিছে। 

লেঙেৰিয়াই লেঙেৰিয়াই :- কলীয়াৰ ঠেঙ ভঙা বাবে সি লেঙেৰিয়াই লেঙেৰিয়াহ খোজ কাঢ়িছে।

৫। বুজা আৰু লিখাঁ :

(ক) শাক আৰু পাচলি = শাক-পাচলি।

(খ) গৰু আৰু ছাগলী = গৰু-ছাগলী।

(গ) কুকুৰ আৰু মেকুৰী = কুকুৰ-মেকুৰী।

(ঘ) দিন আৰু ৰাতি = দিন-ৰাতি।

(ঙ) ৰাম আৰু লক্ষ্মণ = ৰাম-লক্ষ্মণ।

৬। বাকচত থকা শব্দৰে খালী ঠাই পূৰোৱা :

(ক) কুকুৰে ভুকে।

(খ) গৰুয়ে হেম্বেলিয়ায়।

(গ) সিংহই গোঁজৰে।

(ঘ) শিয়ালে হোৱা দিয়ে।

(ঙ) ছাগলীয়ে বেবায়।

(চ) মেকুৰীয়ে মেও মেও কৰে।

(ছ) মহে কুনকুনায়।

(জ) বান্দৰে খেকথেকায়।

৭। বুজা আৰু লিখা :

ভাস্কৰৰ কথাত নবাৰুণে উত্তৰ দিলে, “তুমি মোৰ একো অন্যায় কৰা নাই। কিন্তু ৰাতিপুৱা যে তুমি তোমালোকৰ কলীয়াক ইমান পিটিলা, কিয় বাৰু ?

তোমাৰ অলপো বেয়া নালাগিলনে? সি এতিয়াও লেঙেবিয়াই লেঙেৰিয়াই খোজ কাঢ়ি আছে। ইমান নিষ্ঠুৰ তুমি। সেই কাৰণেই তোমাক বেয়া পাইছোঁ।”

অতিৰিক্ত প্রশ্নোত্তৰ

১। চমু উত্তৰ দিয়া :

(ক) বিদ্যালয়ত কি কৰা হয়, বিদ্যালয় শব্দটির অর্থ কি ?

উত্তৰঃ বিদ্যালয়ত বিদ্যা বা শিক্ষা দিয়া হয়। বিদ্যা আৰু আলয় শব্দ দুটা মিলি বিদ্যালয় হৈছে। বিদ্যা মানে জ্ঞান বা শিক্ষা আৰু আলয় মানে ঘৰ বা ভবন। বিদ্যালয় শব্দৰ অৰ্থ হৈছে বিদ্যাৰ যি ঘৰ।

(খ) ঘৰচীয়া মানে কি বুজা ? বনৰীয়া মানে কি ?

উত্তৰঃ ঘৰচীয়া মানে পোহনীয়া, ঘৰত যি পশু-পক্ষী পোহা বা ৰখা হয় সেয়াই ঘৰচীয়া। বনত থকা পশু-পক্ষীক বনৰীয়া বোলা হৈছে। কুকুৰ, মেকুৰী, ভাটো, মইনা আদি ঘৰচীয়া পশু-পক্ষী, আনহাতে বাঘ, সিংহ, ঘোং, কুলি, কেতেকী আদি বনৰীয়া পশু-পক্ষী। 

২। অব্যয় পদ কাক বোলে ? উদাহৰণ দিয়া।

উত্তৰঃ যি পদৰ কোনো অবস্থাতে পৰিৱৰ্তন নহয় তাকেই অব্যয় পদ বোলে। যেনেঃ গৰু আৰু ছাগলীবোৰে পথাৰত ঘূৰি ফুৰিছে। ৰাম আৰু লক্ষ্মণ ভাই-ককাই আছিল।

আৰু, কেতিয়াবা, কিন্তু, যদি, হেবা, যেন, অথবা, গতিকে,

ঠিক, অথচ, বাদ, নে, কি, যেনে, সৈতে, নিমিত্তে ইত্যাদি অব্যয় পদ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top