Assam Jatiya Bidyalay Class 4 Assamese Chapter 5 পোহৰ পখিলা

Assam Jatiya Bidyalay Class 4 Assamese Chapter 5 পোহৰ পখিলা, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় অসমীয়া Class 4 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 5 পোহৰ পখিলা Class 4 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 4 Assamese Chapter 5 পোহৰ পখিলা Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 4 Assamese Chapter 5 পোহৰ পখিলা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

পোহৰ পখিলা

Chapter – 5

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক প্ৰশ্নোত্তৰ

কবি পৰিচয় :- জ্যোতিপ্ৰসাদ আগৰৱালা:  ১৯০৩ চনত ডিব্ৰুগড়ৰ তামোলবাৰী চার বাগিচাত জন্ম গ্রহণ কৰা জ্যোতিপ্ৰসাদ আগৰৱালা অসমীয়া সাহিত্য —সংস্কৃতিৰ সাধক। একেধাৰে কবি-গীতিকাৰ সুৰকাৰ আৰু নাট্যকাৰ, জীৱনীকাৰ আগৰৱালাদেৱৰ অসামান্য শিল্প সাধনাৰ বাবে তেওঁক ‘ৰূপকোঁৱৰ’ উপাধি দিয়া হৈছে। গীতি-ৰামায়ণ চন্দ্ৰকুমাৰ আগৰৱালা (জীৱনী) ইত্যাদি। তেওঁৰ শিশু উপযোগী পুথি। অসমীয়া বোলছবি (চিনেমা)ৰ পথ প্ৰদৰ্শক আগৰৱালাদেৱৰ ‘জয়মতী’ প্ৰথম অসমীয়া কথাছবি। এইজনা কলা-সংস্কৃতিৰ অক্লান্ত সাধকৰ মাত্র ৪৭ বছৰ বসয়তে (১৯৫১ চনত) অকাল মৃত্যু ঘটে।

ক্রিয়াকলাপ

অৰ্থৰ সৈতে চিনাকি :- নোহোৱা-নোপজা— আগেয়ে কেতিয়াও নঘটা বা জন্ম নোহোৱা। নাভূত— নাশ্রুত, কাল্পনিক। চানেকি— কাপোৰত তুলিবলৈ কৰা ফুলৰ আৰ্হি, আদর্শ, নমুনা। লাহী— লেহুকা, মিহি, পাতল। ন-কৈ—নতুনকৈ। শিয়ৰা— আচৰিত হৈ বা ভয় খাই গাৰ নোম থিয় হোৱা। চিৰ-সুন্দৰ— সৃষ্টিকর্তা, ঈশ্বৰ।

পাঠভিত্তিক প্রশ্নোত্তৰ

১। কবিতাটি মনত ৰাখাঁ।

২। প্রথমে কোৱাঁ, তাৰ পাছত লিখাঁ :

(ক) পখিলাজাক কোন দেশৰ ? আৰু কাৰ ফুলনিত নাচে ? 

উত্তৰঃ পখিলাজাক পোহৰ দেশৰ আৰু কবিৰ ফুলনিত নাচে।

(খ) পখিলাজাকৰ পাখিবোৰ কেনেকুৱা ?

উত্তৰঃ পখিলাজাকৰ পাখিবোৰ ফুলাম। ৰঙা, নীলা, হালধীয়া বিবিধ ৰঙৰ। 

(গ) কি কাৰণে ফুলৰ পুৰণি পাহি সৰিছে বুলি কবিয়ে কৈছে ? 

উত্তৰঃ ন- পখিলাৰ লাহী ভৰতেই ফুলৰ পুৰণি পাহি সৰি পৰিছে বুলি কবিয়ে কৈছে।

(ঘ) কবিয়ে পখিলাৰ পাখিত কি লিখা থকাৰ কথা কৈছে ? 

উত্তৰঃ কবিয়ে পখিলাৰ পাখিত চিৰ-সুন্দৰ (সৃষ্টিকর্তা)ৰ একা বেঁকা আখৰ লিখা থকাৰ কথা কৈছে।

৩। পঢ়া, বুজা আৰু লিখা :

ওপজা – নোপোজা।

হোৱা – নোহোৱা।

পোৱা – নোপোৱা।

যোৱা – নোযোৱা।

খোৱা – নোখোৱা।

গোৱা – নোগোৱা।

৩। বাক্য ৰচনা কৰা :

ৰৈ ৰৈ ― কুলিটিয়ে ৰৈ ৰৈ বিনাইছে। 

মনে মনে — শ্ৰেণীত মনে মনে থকা উচিত।

পাছে পাছে — গড়টোৰ পাছে পাছে পোৱালিটি গৈ আছে।

ঘৰে ঘৰে — দেৱালীত ঘৰে ঘৰে বন্তি জ্বলায়। 

হাঁহি হাঁহি ― প্ৰভাৱতীৰ কথাত হাঁহি হাঁহি থাকিব নোৱাৰি। 

গৈ গৈ ― তেওঁ গৈ গৈ যথাস্থান পালেগৈ। 

মাজে মাজে ― তাই মাজে মাজে আমাৰ তালৈ আহে।

কৈ কৈ ― তাক কৈ কৈ কাম এটা কৰাব নোৱাৰি।

৫। বাক্য ৰচনা কৰা :

পাই ― ৰাখীয়ে হেৰোৱা কলমটো পাই ভাল পালে।

পায় ― মায়ে মোক বৰ ভাল পায়।

খাই ― তেওঁ মাছৰ আঞ্জাখন খাই বৰ ভাল পালে। 

খায় ― তেওঁ সময়মতে ভাত খায়।

গাই ― ল’ৰাজনে গান গাই গাই ভাগৰি পৰিছে। 

গায় ― চিত্তয়ে বৰ ভাল গান গায়।

চাই ― তেওঁ টিভিৰ চিনেমা চাই বৰ ভাল পায়। 

চায় ― তেওঁ আজৰি পৰতহে টি. ভি. ৰ অনুষ্ঠান চায়।

৬। পঢ়া, বুজা আৰু লিখা :

মিচিকীয়া ― বতাহ।

মিচিকীয়া ― হাঁহি।

শুৱলা ― তামোল।

শুৱলা – মাত।

সুৰীয়া – হাঁহি।

সুৰীয়া — গান।

থুৰীয়া — মাত।

থুৰীয়া — তামোল।

ফিৰফিৰীয়া — গান।

ফিফিৰীয়া— বতাহ।

৭। পঢ়া, বুজা আৰু লিখা :

পথিলাটো ― পখিলাজাক।

গৰু ― গৰুজাক।

চৰাই ― চৰাইজাক। 

মানুহ — মানুহজাক, মানুহবোৰ।

শিক্ষক ― শিক্ষক বৃন্দ, শিক্ষকমণ্ডলী।

৮। পঢ়া আৰু বুজা :

ফুল ― ফুলাম।

জোন ― জোনাক।

ৰং ― ৰঙীণ।

খং ― খঙাল।

৯। একে অর্থ বুজোৱা শব্দ লিখা :

ফুল ― পুষ্প।

নতুন ― ন, নব্য।

পাখি ― ডেউকা।

পুৰণি ― প্রাচীন, পূৰ্বৰ।

অতিৰিক্ত প্রশ্নোত্তৰ

১। পখিলা কিহৰ ৰাণী ? পখিলাই কি কাৰণে নাচি ফুৰে ? 

উত্তৰঃ পখিলা প্ৰকৃতিৰ ৰাণী। ই ঈশ্বৰৰ অপৰূপ সৃষ্টি। মনৰ আনন্দত ফুলৰ মৌ চুহি পখিলাই প্রকৃতি জগতৰ সমূহ সৌন্দর্য উপভোগ কৰি নাচি ফুৰে।

২। (ক) ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি ? ছবিখনৰ নায়িকাগৰাকী কোন আছিল ? 

উত্তৰঃ প্রথম অসমীয়া কথাছবি ‘জয়মতী’ নায়িকা—আইদেউ সন্দিকৈ। 

(খ) আগৰৱালাদেৱ ৰচিত প্রথম গীতৰ কলিটি কি আছিল ? 

উত্তৰঃ ‘গছে গছে পাতি দিছে’ ফুলৰে শৰাই ………

ৰাম ৰাম………’।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top