Assam Jatiya Bidyalay Class 4 Assamese Chapter 2 হাতীক গা ধুওৱাৰ কথা

Assam Jatiya Bidyalay Class 4 Assamese Chapter 2 হাতীক গা ধুওৱাৰ কথা, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় অসমীয়া Class 4 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 2 হাতীক গা ধুওৱাৰ কথা Class 4 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 4 Assamese Chapter 2 হাতীক গা ধুওৱাৰ কথা Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 4 Assamese Chapter 2 হাতীক গা ধুওৱাৰ কথা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

হাতীক গা ধুওৱাৰ কথা

Chapter – 2

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক প্ৰশ্নোত্তৰ

ক্রিয়াকলাপ 

অৰ্থৰ সৈতে চিনাকি :- ঈর্ষাপৰায়ণ—পৰশ্রীকাতৰ। মুকুট ৰজা বা দেৱ-দেৱীৰ মূৰৰ ভূষণ বা অলংকাৰ, কিৰীটি। হুকুম—আদেশ, আজ্ঞা, অনুমতি। বক্‌ছিছ-পুৰস্কাৰ অনুচৰ লগুৱা, আলধৰা। হুল-জোঙা বস্তু বা সৰু কাইট।

পাঠভিত্তিক প্রশ্নোত্তৰ

১। প্রথমে কোৱা, তাৰ পাছত লিখা : 

(ক) ভীমবৰ কেনেকুৱা প্ৰকৃতিৰ আছিল ?

উত্তৰঃ  ভীমবৰ এলেহুৱা প্ৰকৃতিৰ আছিল। 

(খ) ৰামধনে কি কাম কৰি পৰিয়ালটো পোহপাল দিছিল ? 

উত্তৰঃ ৰামধনে ধোবাৰ কাম কৰি পৰিয়ালটো পোহপাল দিছিল। 

(গ) ৰজাই ৰামধনক কি ধুবলৈ কৈছিল ?

উত্তৰঃ  ৰজাই ৰামধনক ৰজাৰ হাতীটো ধুবলৈ কৈছিল।

(ঘ) ৰামধনক ভীমবৰে কিয় অপকাৰ কৰাৰ কথা ভাবিছিল ?

উত্তৰঃ ৰামধনক স্বচ্ছল অবস্থা দেখি ঈর্ষাপৰায়ণ ভীমবৰে ৰামধনৰ অপকাৰ কৰাৰ কথা ভাবিছিল।

(ঙ) ৰজাই ভীমবৰক ৰাজ্যৰ পৰা বাহিৰ কৰি দিছিল কিয় ? 

উত্তৰঃ  ৰজাই ভীমবৰক ৰাজ্যৰ পৰা বাহিৰ কৰি দিছিল। কিয়নো ভীমবৰে গঢ়া পাত্ৰটো হাতীটোৱে ভৰি দিওঁতেই ভাঙি গৈছিল; অথচ সি ৰজাৰ অনুচৰৰ পৰা মজুৰি আৰু বক্‌ছিছ বিচাৰিছিল। 

২। কোনে কৈছিল আৰু কেতিয়া কৈছিল ?

(ক) “তোমাৰ নো মনত কিহৰ দুখ ?”

উত্তৰঃ  “তোমাৰ নো মনত কিহৰ দুখ”— কথাষাৰ ৰজাই ভীমবৰক কৈছিল; যেতিয়া ভীমবৰৰ ক’বলগীয়া কিবা আছে নেকি বোলা ৰজাই সোধা প্ৰশ্নৰ উত্তৰত ভীমবৰে মনত অলপ দুখ আছে বুলি কৈছিল। 

(খ) “লোকলৈ বুলি হুল পুতি, নিজে মৰে ফুটি”।

উত্তৰঃ “লোকলৈ বুলি হল পুতি, নিজে মৰে ফুটি”— কথাষাৰ এটি প্রবচন বা ফকৰা যোজনা। ৰামধনক ঈর্ষা কৰি বিপদত পেলাবলৈ যোৱাৰ পৰিণামত ভীমবৰ ৰাজ্যৰ পৰা ৰজাৰ আদেশত বাহিৰ হ’বলগীয়া হোৱাত, ৰামধনে এই কথাষাৰ ভীমবৰক কৈছিল।

(গ) “এই হ’লেই আৰু। অলপ বাকী”

উত্তৰঃ “এই হ’লেই আৰু অলপ বাকী”—কথাষাৰ ভীমবৰে ৰজাৰ অনুচৰক কৈছিল। যেতিয়া ৰজাই হাতী তিয়াব পৰা পাত্রটি গঢ়া হ’ল নে নাই জানিবলৈ আহিছিল, তেতিয়া ৰজাৰ অনুচৰে ভীমবৰ কুমাৰৰ পৰা এই কথাষাৰ উত্তৰৰূপে পাইছিল।

(ঘ) “চাওক মহাৰাজ, হাতীয়ে ভৰি দিওঁতেই পাত্ৰটো ভাঙি গ’ল। মই এতিয়া হাতীক গা ধুৱাওঁ কেনেকৈ ?

উত্তৰঃ “চাওক মহাৰাজ, হাতীয়ে ভৰি দিওঁতেই পাত্ৰটো ভাঙি গ’ল। মই এতিয়া হাতীক গা ধুৱাওঁ কেনেকৈ?” কথাষাৰ ৰামধনে ৰজাক কৈছিল। ভীমবৰে ৰজাৰ হাতীটোক গা ধুওৱাবলৈ তৈয়াৰ কৰা পাত্ৰটোত যেতিয়া মাউতৰ নিৰ্দেশত হাতীটোৱে ভৰি দিছিল, মুহূর্ততে পাত্ৰটো টুকুৰা-টুকুৰকৈ ভাঙি পৰাত ৰামধনে এনেদৰে কৈছিল।

৩। বুজা আৰু লিখা :

হাবি অৰণ্য ডাঙৰ
বৃহৎআহাৰনেগুৰ
জিৰণিবিশ্রামনেজ
খাদ্য

৪। পঢ়া, বুজা আৰু লিখা :

ম’হ ― ম’হৰ পালটো দেখি আমাৰ বৰ ভাল লাগিছিল।

মহ ― মহে কামুৰিলে খজুৱায়।

হাতী — হাতী বৰ নির্জ প্রাণী

হাটী ― গুৱাহাটী এখনি বিখ্যাৎ মহানগৰ। 

গাত ― গাত গামোচা লৈ ভাল লাগে।

গাঁত ― গাঁতটো ইমান দ !

হাত ― হাত মানুহৰ প্ৰয়োজনীয় অংগ। 

হাট ― দেওবৰীয়া হাটত বহুতো বস্তু পোৱা যায়।

৫। পঢ়া আৰু বুজা :

ঘৰ ― ঘৰচীয়া।

গাওঁ ― গাঁৱলীয়া।

বতৰ ― বতৰীয়া।

৬। কাষৰ বাকচলৈ চোঁৱা আৰু মিলাই লিখা :

নিশাহ     জন্তু        পিয়াহে ৰাণী     ভোকে

ডাঙৰ আৰু দীঘল = ডাঙৰ দীঘল।

জীৱ আৰু জন্তু = জীৱ জন্তু।

উশাহ আৰু নিশাহ = উশাহ নিশাহ। 

ভোকে আৰু পিয়াহে = ভোকে পিয়াহে।

ৰজা আৰু ৰাণী = ৰজা ৰাণী।

লঘোণে আৰু ভোকে = লঘোণে ভোকে।

৭। পঢ়া, বুজা আৰু লিখা :

দুষ্ট ― দুষ্টালি।

বেজা – বেজালি।

কৃপন ― কৃপনালি। 

ল’ৰা ― ল’ৰালি।

পুৰুষ ― পুৰুষালি।

টেঙৰ ― টেঙৰালি।

৮। তলৰ শব্দবোৰ উপযুক্ত ঠাইত বহুৱাই বাক্যবোৰ সম্পূৰ্ণ কৰা :

খমক্‌কৈ ; দপদপাই ; সৰসৰাই ; ঠকঠককৈ ; ফুচফুচাই। 

(ক) ডাঙৰকৈ হোৱা শব্দত সি খক্‌মককৈ সাৰ পালে।

(খ) ঠাণ্ডাত ল’ৰাটো ঠকঠককৈ কঁপিছে।

(গ) মানুহ দুজনে ফুচফুচাই কথা পাতি আছে।

(ঘ) জুইকুৰা দপদপাই জ্বলি আছে।

(ঙ) সাপটো সৰসৰাই গৈছে।

৯। অমিলটো বিচাৰি উলিওৱা :

(ক) বাঘ, সিংহ, (বান্দৰ), শিয়াল।

(খ) সিংহ, ভালুক (ঘঁৰিয়াল), হাতী।

(গ) হাতী, (জিৰাফ), গড়, বাঘ। 

(ঘ) গৰু, হাতী, ম’হ, (শিয়াল)

১০। ভাবা আৰু উত্তৰ উলিওৱা :

শিলৰ দৰে তল পৰে

ভেলৰ দৰে ভাঁহে,

ফৰিঙৰ দৰে মাৰে জাঁপ

কুকুৰৰ দৰে বহে।

উত্তৰঃ ভেকুলী।

অতিৰিক্ত প্রশ্নোত্তৰ

১। উত্তৰঃ দিয়া :

(ক) ‘হাতীক গা ধুওৱাৰ কথা’ৰ দৰে কাহিনীবোৰক কি বুলি কোৱা হয়। ইয়াত কি শিক্ষা দিয়া হয় ? উত্তৰঃ ‘হাতীক গা ধুওৱাৰ কথা’ৰ দৰে কাহিনীবোৰক কোৱা হয়— ‘সাধুকথা’। ‘সাধুকথাৰ জৰিয়তে নৈতিকতাৰ শিক্ষা বা নীতিশিক্ষা দিয়া হয়।

(খ) ‘লোকলৈ বুলি হুল পুতি নিজে মৰে ফুটি’— মানে কি ? এনেধৰণৰ কথাবোৰক কি বোলা হয় ?

উত্তৰঃ ‘লোকলৈ বুলি হল পুতি নিজে মৰি ফুটি’— মানে হ’ল— আনক (অন্য মানুহক) অপকাৰ কৰিবলৈ গৈ নিজৰ বিপদ মাতি অনা। এনেধৰণৰ কথাই প্ৰৱচন বা ফকৰা যোজনা (Proverb)।

(গ) হাবি ―  অৰণ্য, ডাঙৰ ―  বৃহৎ, এনেধৰণৰ শব্দবোৰ কি শব্দ? ই কি বুজায় ?

উত্তৰঃ  হাবি-অৰণ্য, ডাঙৰ-বৃহৎ, এনেধৰণৰ একেজাতীয় শব্দবোৰ সমার্থক শব্দ। ই একে অর্থ থকা শব্দকে (সম+ অর্থ= সমার্থ) বুজায়।

(ঘ) একো কাম-বন নকৰা মানুহক আৰু পৰিশ্ৰম কৰা মানুহক কি বোলা হয় ?

উত্তৰঃ একো কাম-বন নকৰা লোকক এলেহুৱা আৰু পৰিশ্ৰম কৰা মানুহক পরিশ্রমী বা কর্মীলোক বোলা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top