Assam Jatiya Bidyalay Class 4 Assamese Chapter 13 বৰপোনাৰ হাট

Assam Jatiya Bidyalay Class 4 Assamese Chapter 13 বৰপোনাৰ হাট, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় অসমীয়া Class 4 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 13 বৰপোনাৰ হাট Class 4 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 4 Assamese Chapter 13 বৰপোনাৰ হাট Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 4 Assamese Chapter 13 বৰপোনাৰ হাট provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

বৰপোনাৰ হাট

Chapter – 13

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক প্ৰশ্নোত্তৰ

ক্রিয়াকলাপ

অর্থৰ সৈতে চিনাকি :- হাট ― সপ্তাহৰ নিৰ্দিষ্ট দিনত বহা বজাৰ। সস্তা — সুলভ, কমদামী। বজাৰ – বেচা-কিনা কৰা ঠাই, হাট। চৰু — মাটিৰ ৰন্ধা পাত্র, চুচুক চামাক— কোনো ঠাই বা লোকৰ আগলৈ যাবলৈ ভয় বা লাজ কৰি আগ-পাছ কৰা কাৰ্য। তর্জন-গর্জন — খং প্ৰকাশ কৰি গুজবি-গুমৰি ডাবি দিয়া কাৰ্য। লেবেলা — শুকান, মরহা, ক্ষীণ। আঁচল – কাপোৰৰ আগ, আঞ্চল। আচল – মূল, প্রধান, প্রকৃত, যথার্থ।

১। কবিতাটি মনত ৰাখাঁ :

পাঠভিত্তিক প্রশ্নোত্তৰ

২। প্রথমে কোঁৱা, তাৰ পাছত লিখাঁ :

(ক) বৰপোনাই হাটলৈ যাওঁতে হাতত কি লৈ ওলাল ? 

উত্তৰঃ বৰপোনাই হাটলৈ যাওঁতে সোঁহাতত মোনা আৰু বাওঁহাতত ছাতি লৈ ওলাল।

(খ) বাটত ভঁৰালীখুৰাই কি কৰিলে ? 

উত্তৰঃ বাটত ভঁৰালী খুৰাই বৰালি মাছ এটি কিনিলে।

(গ) বৰপোনাই সস্তাত কি কিনিলে ? 

উত্তৰঃ বৰপোনাই সম্ভাত বাত দুটিমান কিনিলে।

(ঘ) বৰপোনাই ভাগৰ লগাত ক’ত জিৰালে ? 

উত্তৰঃ বৰপোনাই ভাগৰ লগাত বাটতে এজোপা

বটৰ তলত জিৰালে।

(ঙ) মাকৰ ভয়ত বৰপোনাৰ কেনে অৱস্থা হ’ল ?

উত্তৰঃ মাকৰ ভয়ত বৰপোনাৰ ‘প্ৰাণ উৰি যাওঁ ? যেন অবস্থা হ’ল। 

(চ) মাকে খঙতে কি কি কৰিব বুলি বৰপোনাই ভাবিলে ?

উত্তৰঃ মাকে খঙতে বৰপোনাক গালি শপনি পৰাৰ উপৰিও পুত্ৰলৈ চাই চাই চকু বিষেৱাৰ খঙতে মুখত চক ছাই এমুঠি সনাৰ লগতে তিনিভূকু দিব বুলি বৰপোনাই ভাবিলে।

(ছ) বৰপোনাই আচল কথাটো কৈ দিয়াত মাকৰ কেনে অবস্থা হ’ল আৰু মাকে তাক কি ক’লে ?

উত্তৰঃ বৰপোনাই আচল কথাটো কৈ দিয়াত মাকে আঁচলৰ আগেৰে চুকপানী মচিলে আৰু তাক ক’লে যে সি সৎ ল’ৰা বাবে সঁচা কথা কৈ মাকক মুখ দিছে গতিকে তাক আৰু কেতিয়াও গালি নাপাৰে।

৩। বাওঁফালৰ লগত সোঁফাল মিলাই লিখ :

ছাতি ― বাৰ।

বৰালি ― ভুকু।

মাৰ ― খৰালি।

চকু ― পৰত।

ঘৰত ― কাতি।

উত্তৰঃ ছাতি ― কাতি।   

বৰালি ― খৰালি।

মাৰ ― বাৰ।

চকু ― ভুকু।

৪। অভিধান চাই অর্থ বিচাৰি লোৱাঁ :

চাই, ছাই, আচল, আঁচল, বিশাল, বিষাল। 

চাই ― দৃষ্টি দিয়া, বিবেচনা কৰা, চোৱা কাৰ্য।

ছাই — অৱশিষ্ট, ভষ্ম।

আচল — প্রকৃত, সঁচা, মূল।

আঁচল — কাপোৰৰ আগভাগ, আঞ্চল। 

বিশাল ― বৰ ডাঙৰ, বহল, বৃহৎ।

বিষাল — বিহ বা গৰল যুক্ত, বিষৰ প্ৰভাৱ থকা। 

৫। বাক্য ৰচনা কৰাঁ :

অ’ত-ত’ত, গালি-শপনি, চুচুক-চামাক, তর্জন-গর্জন। 

উত্তৰঃ অ’ত-ত’ত :- তেওঁ অ’ত-ত’ত কিতাপবোৰ পেলাই থৈছে।

গালি-শপনি :- মাকৰ গালি-শপনিৰ ভয়ত তেওঁ মনে মনে ৰ’ল। 

চুচুক-চামাক :- মেকুৰীটোৱে চুচুক-চামাককৈ পাকঘৰত সোমালগৈ। 

তর্জন-গর্জন :- ল’ৰাজনৰ উৎপাতত অতীষ্ঠ হৈ শিক্ষকজনে তর্জন-গৰ্জন কৰি উঠিল।

৬। কবিতাটোৰ কথাখিনি নিজৰ ভাষাৰে কাহিনী হিচাপে লিখিবলৈ যত্ন কৰা।

উত্তৰঃ বৰপোনাই হাতত মোনা আৰু ছাতিলৈ পুৱাই হাটলৈ গ’ল আৰু ভঁৰালী খুৰাই বৰালি মাছ কিনা দেখা পাই বৰপোনাইও বাত দুটিমান সস্তাতে কিনি থলে। বজাৰৰ পৰা উভতি আহোঁতে ভাগৰ লগাত বাটতে এজোপা বটৰ তলত জিৰাওঁতে দুৰ্ঘেৰি টোপনি আহিল। লগত যোৱা ভঁৰালী খুৰাইও সময়ত বজাৰ সামৰি ঘৰলৈ আহোঁতে বাটত বেলি দূপৰলৈকে শুই থকা বৰপোনাক জগাই কিয় ইমান দেৰি ঘৰলৈ যোৱা নাই, এনেদৰে শুই আছে সুধি ঘৰলৈ যাবলৈ ক’লে। মাকৰ ভয়ত গালি শপনি খাব বুলি ভয় খালে আৰু ঘৰ পোৱাত ‘এতিয়াহে ঘৰ সোমালি, লেৰেলা ‘পাচলি লৈ’ বুলি তৰ্জন গৰ্জন কৰাত বৰপোনাই কৈ লাভ নাই বুলি ভাবি মাকক আচল কথাকে ক’লে। মাকে পুত্ৰক সৎ বুলি বুজিব পাৰি আঁচলেৰে চকুলো টুকি, পুত্ৰক আৰু গালি নাপাৰো বুলি ক’লে।

৭। অৰ্থৰ পাৰ্থক্য দেখুৱাই বাক্য ৰচনা কৰাঁ : 

লৰা (লৰচৰ কৰা) :- ভূমিকম্পত ঘৰটো লৰা যেন লাগিছে। 

ল’ৰা (পুত্ৰ, পুৰুষ সন্তান) :- তেওঁৰ এটাও ল’ৰা নাই।

কলা (যি কাণেৰে নুশুনে, বধিৰ) :- তেওঁৰ দুয়োখন কাণ কলা। 

ক’লা (কৃষ্ণবর্ণ, এঙাৰ বৰণীয়া) :- তেওঁৰ চুলিখিনি কিচ্‌কিচীয়া ক’লা। 

বল (পৰাক্ৰম, শক্তি) :- ভীমৰ বল অতুলনীয়।

ব’ল (‘যা’ ধাতুৰ অনুজ্ঞা ৰূপ, গতি কৰা) :- ব’ল! আমি এপাক নৈৰ পাৰে পাৰে ফুৰি আহোঁ।

৮। বাক্য ৰচনা কৰাঁ :

মেকুৰী-খোজ :- তেওঁ মেকুৰী-খোজেৰে কোনেও নজনাকৈ কামটো কৰি থৈ আহিল। 

কুকুৰ-লৰ :- তেওঁ মুহূর্ততে কুকুৰ-লৰ দিলে। 

শহা-কণীয়া :- শহা-কণীয়া ৰিন্টুয়ে সকলো কথা আগতেই শুনা পায়।

কুকুৰ-ধেমালি :- কুকুৰ-ধেমালি কৰি বিপদ চপাই নলবা দেই।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top