🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Assam Jatiya Bidyalay Class 4 Assamese Chapter 12 ঢোপ-খেলৰ আনন্দ

Assam Jatiya Bidyalay Class 4 Assamese Chapter 12 ঢোপ-খেলৰ আনন্দ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় অসমীয়া Class 4 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 12 ঢোপ-খেলৰ আনন্দ Class 4 Assamese Question Answer can be of great value to excel in the examination.

Assam Jatiya Bidyalay Class 4 Assamese Chapter 12 ঢোপ-খেলৰ আনন্দ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 4 Assamese Chapter 12 ঢোপ-খেলৰ আনন্দ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

ঢোপ-খেলৰ আনন্দ

Chapter – 12

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক প্ৰশ্নোত্তৰ

ক্রিয়াকলাপ

অৰ্থৰ সৈতে চিনাকি :- চুবুৰি — নগৰ বা গাঁৱৰ মানুহৰ বসতি থকা এক খণ্ড। টঙালি ― ককালত আটি লোৱা ঠেক, দীঘল কাপোৰ, ককাঁলী পেটি। ৰগৰ কৌতুক, আনন্দ, ৰং – তামছা। কিৰিলি — ডাঙৰকৈ শব্দ কৰি মৰা হাঁহি, বৰকৈ হাঁহি হাঁহি কৰা ৰং ― ধেমালি। সন্তুষ্টি ― তৃপ্তি, সন্তোষ, পৰিতুষ্টি, প্রসন্নতা ।

● পঢ়া আৰু বুজা : 

সয় + কয় = স্ক।

নয় + তয় + উৱে = ন্তু।

তয় + য়য় = ত্য।

নয় + দয় = ন্দ।

পয় + ৰয় = প্র।

ষয় + টয় = ষ্ট।

পাঠভিত্তিক প্রশ্নোত্তৰ

১। প্রথমে কোঁৱা, তাৰ পাছত লিখাঁ :

(ক) চুবুৰীটোৰ ল’ৰা-ছোৱালীবোৰে তপন খুৰাক অহা দিনটোলৈ কিয় বৰ আশাৰে বাট চাই থাকে ?

উত্তৰঃ চুবুৰীটোৰ ল’ৰা-ছোৱালীবোৰে তপন খুৰাক অহা দিনটোলৈ বৰ আশাৰে বাট চাই থাকে। কাৰণ তেওঁ আহিলে সকলোবোৰকে নতুন খেল শিকায়।

(খ) ঢোপ মানে কি? ঢোপ খেল কাক কয় ? 

উত্তৰঃ গামোচা এখন পকাই পকাই লাৰু এটাৰ দৰে কৰি, এটা মূৰ চিলাৰ নেজডালৰ দৰে উলিয়াই, নেজ থকা বল সদৃশ হ’লেই তাক ‘ঢোপ’ বুলি কোৱা হয়। এই ‘ঢোপটোৰে যি খেল খেলা হয় তাকেই ‘ঢোপখেল’ বুলি কয়।

(গ) ঢোপ-খেল কিমান পুৰণি ? 

উত্তৰঃ ঢোপ খেল বহুত পুৰণি, তপন খুৰাৰ ভাষাত— তেওঁলোকৰ  ককা-আইতা, আজু ককা – আইতাহঁতৰ দিনৰে খেল।

(ঘ) ঢোপ খেল খেলিবলৈ কেনেদৰে ঘৰ কৰা হয় ?

উত্তৰঃ ঢোপ খেল খেলিবলৈ মুকলি ঠাইত চাৰিচুকীয়াকৈ আঁচ টানি কাবাদী খেলৰ সমান এটা ঘৰ কৰি, মাজতে সমানকৈ আঁচ টানি। ঘৰটো দুভাগ কৰা হয়। 

(ঙ) তোপ খেলৰ ‘ঘাই’ৰ কাম কি ?

উত্তৰঃ ঢোপ খেলৰ ‘ঘাই’ৰ কাম হ’ল ঢোপটো দলিয়াই আনটো দলৰ ঘাইৰ গাত লগোৱা।

(চ) ঢোপ খেলৰ সৈয়া’ মানে কি ?

উত্তৰঃ ঢোপ খেলৰ ‘সৈয়া’ হ’ল — যিজনৰ গাত ঢোপ লাগিব তেওঁ নিজৰ দলৰ পৰা বাহিৰ হৈ আনটো দলৰ পাছফালে থিয় হৈ থাকিব লগা খৈলুৱৈজন।

(ছ) ৰাখাল কেনেকৈ সৈয়া’ হ’ল ? 

উত্তৰঃ ৰুণে হাতত থকা রূপটো ৰিমহঁতৰ দললৈ দলিওৱাত ঢোপ ৰাখালৰ গাত লাগিল আৰু এনেকৈয়ে রাখাল ‘সৈয়া’ হ’ল।

৩। বাক্য ৰচনা কৰাঁ : 

টঙালি, খেল, কিৰিলি, মজা।

উত্তৰঃ টঙালি :- যুঁজলৈ যাবলৈ ৰঙমনে ককাঁলত টঙালি বান্ধিছে। 

খেল :- নয়নাভে ক্রিকেট খেল খেলি বৰ ভাল পায়।

কিৰিলি :- বিদিশাহঁতে খেল জিকাৰ আনন্দত কিৰিলি পাৰি উঠিছে। 

মজা :- তেওঁৰ ৰগৰ ভৰা কথাত সকলোৱে মজা পায়। 

৪। কোনে কৈছিল, কাক কৈছিল আৰু কিয় কৈছিল ? 

(ক) “তোমালোকে বোলে নতুন নতুন খেল শিকিবলৈ একেবাৰে ককালত টঙালি বান্ধি আছা ?”

উত্তৰঃ “তোমালোকে বোলে নতুন খেল শিকিবলৈ একেবাৰে ককালত টঙালি বান্ধি আছা—” কথাষাৰ তপন খুৰাকে চুবুৰীটোৰ ল’ৰা ছোৱালীবোৰক কৈছিল, যেতিয়া ল’ৰা-ছোৱালীবোৰে নতুন খেল শিকিবলৈ আগ্ৰহেৰে তেওঁৰ ওচৰলৈ আহিছিল।

(খ) “ঠিক আছে শিকাম। কিন্তু তোমালোকে খেলটো ভাল পাবানে বাৰু ?”

উত্তৰঃ উক্ত কথাষাৰ ৰাখালৰ তপন খুবাকে ল’ৰা-ছোৱালীবোৰক কৈছিল, যেতিয়া তেওঁক ল’ৰা-ছোৱালীবোৰে মজাৰ খেলটো শিকাবলৈ

অনুৰোধ কৰিছিল। 

(গ) “তুমি এতিয়া সৈয়া”। মণিহঁতৰ দলৰ পাছফালে থিয় দিয়াঁহি আহা”।

উত্তৰঃ উক্ত কথাষাৰ তপন খুৰাকে অশোকক কৈছিল, যেতিয়া মনিয়ে ঢোপটো দলিয়াওতে ঢোপটো গৈ অশোকৰ গাত লগাত, মণিয়ে

আনন্দত কিৰিলি পাৰি উঠিছিল। 

(ঘ) “অ খুৰা, ইমান মজাৰ খেল ভাই ”

উত্তৰঃ উক্ত কথাষাৰ তপন খুৰাকক, ল’ৰা-ছোৱালীবোৰে কিৰিলি পাৰি কৈছিল, যেতিয়া তপন খুবাকে শিকোৱা ঢোপ খেল খেলি সিহঁতে মজা পাইছিল।

৫। পঢ়া, বুজা আৰু লিখা : 

ল’ৰা + ছোৱালী = ল’ৰা-ছোৱালী। 

শিক্ষক + শিক্ষয়িত্রী = শিক্ষক-শিক্ষয়িত্রী। 

ককা + আইতা = ককা-আইতা।

মা + দেউতা = মা-দেউতা।

ল’ৰা + ছোৱালী = ল’ৰা-ছোৱালী।

খুৰা + খুৰী = খুৰা-খুৰী।

৬। বুজা আৰু লিখাঃ

নতুন – পুৰণি।

মুকলি — আবদ্ধ। 

নিজৰ — পৰৰ।

পাছফাল — আগফাল।

৭। পঢ়া, বুজা আৰু লিখা :

(ক) খেল খেলে যিয়ে = খেলুৱৈ।

(খ) অভিনয় কৰে যিয়ে = অভিনেতা।

(গ) নাটক ৰচে যিয়ে = নাট্যকাৰ। 

(ঘ) কবিতা ৰচে যিয়ে = কবি।

(ঙ) গানৰ সুৰ দিয়ে যিয়ে = সুৰকাৰ।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top