Assam Jatiya Bidhyalay Class 7 Assamese Chapter 9 ওজাপালি, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় আপোন পাঠ Class 7 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidhyalay Class 7 Assamese Chapter 9 ওজাপালি Class 7 Assamese Question Answer can be of great value to excel in the examination.
Assam Jatiya Bidhyalay Class 7 Assamese Chapter 9 ওজাপালি Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidhyalay Class 7 Assamese Chapter 9 ওজাপালি provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.
ওজাপালি
Chapter – 9
অসম জাতীয় বিদ্যালয়
১। একোটিকৈ বাক্যত উত্তৰ লিখা।
ক) ওজা শব্দটো কি শব্দৰ পৰা ওলাইছে?
উত্তৰঃ ওজা শব্দটো সংস্কৃত শব্দ ‘উপাধ্যায়’ শব্দৰ পৰা ওলাইছে।
খ) ওজাপালি অনুষ্ঠানত কেইজন গায়ক থাকে?
উত্তৰঃ ওজাপালি অনুষ্ঠানত তিনিজনৰ পৰা সাতজন গায়ক থাকে।
গ) অসমৰ ওজাপালি প্ৰধানকৈ কেইটা ভাগত বিভক্ত আৰু কি কি?
উত্তৰঃ অসমৰ ওজাপালি প্ৰধানকৈ দুটা ভাগত বিভক্ত। সেই দুটা ভাগ হ’ল সুকনান্নী ওজাপালি আৰু বিয়াহৰ ওজাপালি।
ঘ) বিষয়বস্তু অনুসৰি ওজাপালিৰ ভাগ দুটা কি কি?
উত্তৰঃ বিষয়বস্তু অনুসৰি ওজাপালি অনুষ্ঠানটো দুটা বহল ভাগত ভগাব পাৰি। সেই ভাগ দুটা হ’ল— মহাকাব্য আশ্রিত ওজাপালি আৰু মহাকাব্য অনাশ্রিত ওজাপালি।
ঙ) মনসা সংগীত কি?
উত্তৰঃ মহাকাব্য অনাশ্রিত সৰ্গদেৱীক বন্দনা কৰিবলৈ গোৱা ধৰ্মীয় গীতবোৰেই মনসা সংগীত।
চ) ‘সুকনান্নী’ৰ ওজা কাক বোলা হয়?
উত্তৰঃ সুকবি নাৰায়ণদেৱৰ পাঁচালী গোৱা ওজাসকলক ‘সুকনান্নী’ৰ ওজা বোলা হয়।
ছ) ওজাপালিত ওজাজন কেনে ব্যক্তি হ’ব লাগে?
উত্তৰঃ ওজাপালিৰ ওজাজন সাংগীতিক দিশৰ সকলো ক্ষেত্ৰতে দক্ষতা আৰু সম্যক জ্ঞান থকা হ’ব লাগে।
জ) দৰঙত দাইনাপালিক কি বোলে?
উত্তৰঃ দৰঙত দাইনাপালিক কথা শলগা বা কথা ধৰা পালি বোলে।
ঝ) বিয়াহৰ ওজাপালি কি সংগীতৰূপে আৰু ক’ত ক’ত প্ৰতিপালিত হ’ল?
উত্তৰঃ বিয়াহৰ ওজাপালি মার্গসংগীতৰূপে পণ্ডিতসকলৰ ধৰ্মসভাত, জাতীয় উৎসৱত বা ৰজাসকলৰ আশ্ৰয়ত প্ৰতিপালিত হ’ল।
২। চমুকৈ উত্তৰ লিখা :
ক) ওজাপালিৰ উৎপত্তি সম্পৰ্কত থকা জনবিশ্বাসৰ বিষয়ে লিখা।
উত্তৰঃ ওজাপালিৰ উৎপত্তি সম্পৰ্কত থকা জনবিশ্বাস বিভিন্ন জনসমাজত প্ৰচলিত হৈ আছে। তেনে এক জনবিশ্বাস মতে, দৰঙত বহুলভাৱে প্ৰচলিত ব্যাস সংগীত হেনো পাৰিজাতী নামৰ এগৰাকী মহিলাই সপোনত পাইছিল। সপোনতে তাঁতশালত কাপোৰ বৈ থাকোঁতে তেওঁ হঠাতে স্বৰ্গৰ পৰা মৰ্ত্যলৈ মধুৰ সুৰ যুক্ত গীতৰ ধ্বনি নামি অহা শুনিছিল। সপোনত তেওঁ আত্মবিভোৰ হৈ তাঁতশালৰ পৰা উঠি আহি মুদ্ৰাসহ নৃত্য কৰিবলৈ লয়। পিছত পাৰিজাতীয়ে সপোনত লাভ কৰা সেই নৃত্য-গীত শিষ্যসকলক শিকায় আৰু তাৰপৰাই ব্যাস সংগীতৰ উৎপত্তি হয় বুলি সেই অঞ্চলৰ মানুহে আজিও বিশ্বাস কৰে।
খ) মহাকাব্য আশ্রিত ওজাপালি প্ৰধানকৈ কিহৰ কাহিনীৰ ওপৰত নিৰ্ভৰ কৰে? এইবিধ ওজাপালিৰ ভাগবোৰ দেখুওৱাঁ।
উত্তৰঃ মহাকাব্য আশ্রিত ওজাপালি প্রধানকৈ মহাভাৰত আৰু ৰামায়ণৰ লগতে পুৰাণৰ কাহিনীৰ ওপৰত নিৰ্ভৰ কৰে। এইবিধ ওজাপালিৰ ভাগবোৰ হ’ল—
ক) ব্যাসসংগীত বা বিয়াহৰ ওজাপালি বা ব্যাস গোৱা ওজাপালি।
খ) ৰামায়ণ সংগীত বা ৰামায়ণ গোৱা ওজাপালি।
গ) ভাউৰা বা ভাওৰীয়া বা ভাইৰা ওজাপালি।
ঘ) দুর্গাবৰী ওজাপালি।
ঙ) সত্ৰীয়া ওজাপালি বা বিয়হীয়া ওজাপলি।
চ) পাঞ্চালী বা দুলড়ী ওজাপালি।
গ) মহাকাব্য অনশ্ৰিত ওজাপালিৰ ভাগবোৰ কি কি?
উত্তৰঃ মহাকাব্য অনাশ্রিত ওজাপালিৰ ভাগবোৰ এনেধৰণৰ―
ক) সুকনান্নী ওজাপালি বা ৰং গোৱা ওজাপালি।
খ) বিষহৰিৰ গান।
গ) মাৰৈ পূজাৰ গান বা মাৰে গান।
ঘ) পদ্মপুৰাণৰ গান।
ঘ) ওজাপালিত দাইনাপালিজন কেনে হ’ব লাগে?
উত্তৰঃ দাইনাপালিজন ওজাজনৰ সোঁহাতস্বৰূপ। গতিকে দাইনাপালিজন বাকপটু, উপস্থিত বুদ্ধিসম্পন্ন, ৰসিক আৰু সমসাময়িক তথা দৈনন্দিন জীৱনৰ ঘটনা প্ৰবাহৰ লগত সু-পৰিচিত ব্যক্তি হ’ব লাগে।
ঙ) ব্যাসগোৱা ওজাপালিৰ ওজা আৰু পালিসকলৰ সাজপাৰৰ বিষয়ে লিখা।
উত্তৰঃ ব্যাসগোৱা ওজাপালিৰ ওজাজনে চৌকাচাপকন চোলাৰে সংলগ্ন ঘুৰণীয়া জামা পৰিধান কৰে। মূৰত অৰ্ধনৌকাকৃতিৰ পাগুৰি, কঁকালত টঙালি, কান্ধৰ দুয়োকাষে দীঘলকৈ ওলোমাই লোৱা ৰঙীণ ফুলাম পছৰা, হাতত গামখাৰু, গলত মণিমালা, হাতৰ আঙুলিত আঙুঠি, ভৰিৰ নুপুৰ আৰু কপালত চন্দনৰ ফোঁট লয়। আনহাতে পালিসকলে শুধ বগা ধূতি, চাপকন চোল, মূৰত ডিম্বাকৃতিৰ পাগুৰি, কান্ধত গামোচা আৰু কপালত চন্দনৰ ফেঁট লয়।
চ) সুকনান্নী ওজাপালিত ওজা, দাইনাপালি আৰু পালিসকলৰ সাজ-সজ্জাৰ বিষয়ে লিখা।
উত্তৰঃ সুকনান্নী ওজাপালিত ওজাই ধর্মীয় পবিত্ৰতাৰ প্ৰতীক কপাহী বা পাটৰ শুদ্ধ বগা পোছাক পিন্ধে। ওজা, দাইনাপালি আৰু পালিয়ে ধুতি চাপকন চোলা পৰিধান কৰে আৰু দীঘল চাদৰ এখনেৰে মূৰত পাগ মাৰে। ওজাৰ পাগমৰা চাদৰটো ডিম্বাকৃতিৰ। দাইনাপালি আৰু পালিৰ পাগ মৈৰাচকীয়া অৰ্থাৎ পাগমৰা চাদৰৰ আগটো মূৰৰ আগফালে মৈৰাই চালি ধৰা অৱস্থাৰ দৰে ওলাই থকা। পালিৰ কান্ধত একোখন ফুলাম গামোচা থাকে। ওজাই কপাহী বা পাটৰ দহিত কদমসহ পদুমফুল থকা চাদৰ এখন কান্ধেৰে মেৰিয়াই লয়। ওজাজনে গলত ঢোল-মাদলী আৰু ৰূপৰ খট খুওৱা মাদলী, কাণত সোণৰ লংফুটি বা কেৰু, হাতত ৰূপৰ গামখাৰু বা দুপতীয়া খাৰু আৰু আঙুলিত আঙুঠি পিন্ধে। দাইনাপালি জনে ওজাৰ দৰে হাতত গামখাৰু আৰু খট খুওৱা ৰূপৰ মাদলী আৰু আঙুলিত ৰূপৰ আঙুঠি ব্যৱহাৰ কৰে। ওজা আৰু পালিসকলে কপালত ৰঙাফোট লয়।
ছ) ওজাপালিক কিয় পুতলানাচৰ ক্ৰমবিৱৰ্তিত ৰূপ বুলি ক’ব পৰা যায়?
উত্তৰঃ সংস্কৃত শব্দ পাঞ্চালী বা পাঞ্চালিকাৰ পৰা ওলোৱা পাঁচালী সাহিত্যক ওজাপালি সাহিত্য বুলি কয়। ইয়াৰ মূলতে হ’ল পাঁচালী গীত-পদ সাধাৰণতে ওজাপালিয়ে প্রদর্শন কৰে। পাঁচালী শব্দৰ অৰ্থ পুতলা। ঐতিহ্যপূর্ণ প্রাচীণ পুতলা নাচৰ লগত ওজাপালিৰ মিল আছে। পুতলা বা পাঁচালী গীতৰ আৰ্হিত বিবিধ নৃত্য, গীত, মুদ্রা, বাদ্যৰ সহায়ত সুৰযুক্তকৈ আবৃত্তি কৰা হয় বাবে ওজাপালিক পুতলানাচৰ ক্ৰমবিৱৰ্তিত ৰূপ বুলি ক’ব পৰা যায় ৷
৩। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা :
“অসমৰ ওজাপালি অনুষ্ঠানৰ মহত্ব আৰু গভীৰতা আন অনুষ্ঠানৰ স’তে তুলনা কৰিব নোৱাৰি৷”
উত্তৰঃ প্ৰসংগ : এই কথাশাৰী আমাৰ পাঠ্যপুথি ‘আপোন পাঠ’ৰ ‘ওজাপালি’ নামৰ প্ৰবন্ধৰ পৰা তুলি দিয়া হৈছে।
সংগতি : ওজাপালি নাম অনুষ্ঠানটো যে অন্য অনুষ্ঠানৰ লগত মহত্ব আৰু গভীৰতাৰ ফালৰ পৰা নিমিলে সেই প্ৰসংগত এই কথাষাৰ দাঙি ধৰা হৈছে।
ব্যাখ্যা : ওজাপালি অনুষ্ঠানটো এটা অতি মহৎ অনুষ্ঠান। এই অনুষ্ঠানটোত যিমান মহত্ব আছে সিমান গভীৰতাও আছে। ওজাপালি ওজাজনে দাইনাপালিৰ সহায়ত বাকী পালিসকলোৰে সৈতে যিধৰণে অনুষ্ঠান আগবঢ়াই নিয়ে সেইয়া অতি সুন্দৰ। ওজা আৰু দাইনাপালিয়ে নিজৰ উপস্থিত বুদ্ধিৰ দ্বাৰাই সমসাময়িক আৰু দৈনন্দিন জীৱনৰ ঘটনা প্রবাহৰ লগত সংগতি ৰাখি যিদৰে কাহিনী উপস্থাপন কৰে অন্য কোনো অনুষ্ঠানতে তেনে দেখা নাযায়। তদুপৰি মূল বিষয়বস্তুৰ লগত সংগতি ৰাখি দাইনাপালিয়ে শ্ৰোতাক যিধৰণে উপমা, কৌতুক আদিৰ দ্বাৰা অতিৰঞ্জিত কথাৰ সহায়ত হাস্যৰসুৰ সৃষ্টি কৰি আনন্দ প্ৰদান কৰে তাৰ তুলনা পাবলৈ নাই। এই সুন্দৰ মনোৰম অনুষ্ঠানটো কিন্তু লাহে লাহে সমাজৰ পৰা হেৰাই যাবলৈ অতিক্ৰম কৰিছে। ওজা আৰু পালিৰ সমন্বয়ত যি ৰস ৰঙৰ সৃষ্টি হয় তাক ধৰি ৰাখিবলৈ সকলোৱে যত্নপৰ হোৱা উচিত।
৪। চমুটোকা লিখা :
(ক) সুকবি নাৰায়ণদেৱ।
(খ) দেওধনী নৃত্য।
(গ) কবি সন্দকৰ।
(ঘ) কবি দুর্গাবৰ।
(ঙ) মাৰেগান।
উত্তৰঃ (ক) সুকবি নাৰায়ণদেৱ : মহাপুৰুষ শংকৰদেৱৰ সমসাময়িক পাঁচালী কবিসকলৰ ভিতৰত সুকবি নাৰায়ণদেৱো এজন। তেওঁ ‘পদ্ম-পুৰাণ’ নামৰ পাঁচালী সাহিত্য ৰচনা কৰিছিল। ওজাপালিয়ে সুকবি নাৰায়ণদেৱৰ পাঁচালী বিশেষকৈ মনসা পূজাত গায়। তেওঁৰ মনসাবাক্য বা বেউলা উপাক্ষান সমাজত বৰ জনপ্ৰিয়। সুকবি নাৰায়ণদেৱৰ পাঁচালী গোৱা ওজাসকলৰ ‘সুকনান্নী’ৰ ওজা বুলি কয়।
(খ) দেওধনী নৃত্য : প্ৰকৃতি আৰু জীৱনৰ প্ৰতি থকা বিশ্বাসে মানুহক বিচিত্র শিল্প প্ৰদান কৰিলে। মানুহে প্ৰকৃতিক মাতৃ ধাৰণা কৰি গোৱাৰ লগে লগে দেৱী পূজাত নৃত্যৰ আৰম্ভ কৰা হয়। ‘মাৰৈ’ পূজাৰ সময়ত ‘কেচাইখাতী’ গোসানীৰ আগত দেওধনী নৃত্য কৰে। দেওধনীয়ে ৰঙা বস্তু পৰিধান কৰি, মুখত ডাঙৰ বলি কটা দা লৈ চুলি মেলি এই নৃত্য কৰে। নৃত্য কৰাৰ সময়ত দেৱতাৰ অস্তিত্ব নিজৰ গাত অনুভৱ কৰে।
(গ) কবি মনকৰ : অসমীয়া মনসা কবিসকলৰ ভিতৰত মনকৰ প্রথম কবি। কমতা ৰজা জল্লেশ্বৰ দিনত কবি মনকৰে মনসা গীত ৰচনা কৰিছিল। মনকৰে তেওঁৰ গীতৰ নাম দিছে ‘শ্রাবণেৰ গীত’, ‘পোঞাৰ পাঞ্চালি’ (পদ্মৰ পাঞ্চালী)।
(ঘ) কবি দুর্গাবৰ : কবি দুর্গাবৰ কায়স্থ কুলত জন্ম আৰু পিতৃৰ নাম আছিল চন্দ্ৰবৰ। কবি দুর্গাবৰ মহাৰাজ নৰ নাৰায়ণৰ দিনৰ ৰজা বুলি তেওঁৰ ৰচনাৰ পৰা বুজিব পৰা যায়। ‘পদ্মৰ পাঁচালী’ নামৰ পুথি কবি দুর্গাবৰে ৰচনা কৰিছিল। দুর্গাবৰী মনসা গীতৰ পুথি খণ্ডিতভাৱে পোৱা গৈছে। পদ্মৰ পাঁচালীৰ উপৰিও কবি দুর্গাবৰে ‘গীতি ৰামায়ণ’ ৰচনা কৰিছিল। ৰামায়ণী কবি, মনসা কবি আৰু সংগীতজ্ঞ হিচাপে অসমীয়া সাহিত্যত দুর্গাবৰৰ এখনি বিশিষ্ট স্থান আছে।
(ঙ) মাৰে গান : গোৱালপাৰাত ৰাভাসকলৰ মাজত ‘মাৰেগান’ নামেৰে বহুলভাৱে প্রচলিত এবিধ গান আছে। গোৱালপাৰাত ৰাভাসকলৰ মাজত সৰ্গদেৱী বিষহৰি বা পদ্মাৱত্তীৰ পূজাত (গোৱালপাৰাত মাৰে পূজা নামে খ্যাত) কোনো এজন মনসা কবিৰে ৰচিত পদ নাগায় তেওঁলোকে অতীজৰ পৰা তেওঁলোকৰ সমাজত মুখে মুখে প্রচলিত ভণিতাহীন গীত পদ গায়।
৫। তুমি জনা অসমৰ যিকোনো এটি লোক অনুষ্ঠানৰ বিষয়ে এখনি ৰচনা লিখা।
উত্তৰঃ অসমৰ যিকোনো এটি লোক অনুষ্ঠান বুলি কওতে আমি বিহুৰ কথা ক’ব পাৰো। বিশেষকৈ কৃষিক কেন্দ্ৰ কৰিয়ে বিহুৰ উৎপত্তি হৈছে। অসমৰ প্ৰাচীন অধিবাসীসকল মঙ্গোলীয় গোষ্ঠীৰ আছিল। সেই সময়ৰ কৃষিৰ লগত জৰিত লোকসকলৰ বহুতো বিশ্বাস কৃষি কৰ্মৰ লগত জৰিত আছিল। পথাৰৰ উৰ্বৰতা আৰু শষ্যৰ প্ৰাচুৰ্যৰ কাৰণে অলৌকিক শক্তিক সন্তুষ্ট কৰিবলৈ আদিম কৃষিজীৱি সমাজে বতাহ বৰষুণৰ অনুকৰণত পথাৰত নাচিছিল। সাধাৰণতে অসমত বহাগ মাহত বৰষুণ দিবলৈ আৰম্ভ কৰে। কৃষিৰ লগত জৰিত লোকসকলে তেতিয়া বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ লগতে শষ্যৰ উৎপাদন বঢ়াবলৈ নৃত্য কৰে। অসমীয়াৰ বহাগ বিহু তাৰ পৰাই উৎপত্তি হৈছে। চ’ত-বহাগৰ দোমাহীৰ দিনাৰ পৰা সাত দিন ব্যাপী এই বিহু চলে। এইদৰে বহাগ বিহু বা ৰঙালী বিহু, কাতি বিহু বা কঙালী বিহু আৰু মাঘ বিহু বা ভোগালী বিহু এই তিনিটা বিহু অসমীয়া মানুহে পালন কৰে।
৬। সন্ধি ভাঙা আৰু কৰা :
গায়ক = গৈ + অক।
নায়ক = নৈ + অক।
সংস্কৃত = সম + কৃত।
নৌকা + আকৃতি = নৌকাকৃতি।
ডিম্ব + আকৃতি = ডিম্বাকৃতি।
মনোৰম = মন: + ৰম।
গৱেষণা = গৱ + এষণা।
৭। নতুন শব্দ সাজা :
অনুষ্ঠান + ইক = অনুষ্ঠানিক।
সংগীত + ইক = সাংগিতীক।
পুৰাণ + ইক = পৌৰাণিক।
সমাজ + ইক = সামাজিক।
লোক + ইক = লৌকিক।
সংস্কৃত + ইক = সাংস্কৃতিক।
ৰস + ইক = ৰসিক।
৮। বিপৰীত শব্দ লিখা :
প্রাচীন ― আধুনিক।
বিশাল ― ঠেক।
শিষ্য ― গুৰু।
মর্যাদা ― অমর্যাদা।
ৰসিক ― বেৰসিক।