AJB Class 7 Assamese Chapter 8 কুম্পুৰ সপোন : ভূত পোৱালি

AJB Class 7 Assamese Chapter 8 কুম্পুৰ সপোন : ভূত পোৱালি, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় আপোন পাঠ Class 7 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. AJB Class 7 Assamese Chapter 8 কুম্পুৰ সপোন : ভূত পোৱালি Class 7 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

AJB Class 7 Assamese Chapter 8 কুম্পুৰ সপোন : ভূত পোৱালি Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The AJB Class 7 Assamese Chapter 8 কুম্পুৰ সপোন : ভূত পোৱালি provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

কুম্পুৰ সপোন : ভূত পোৱালি

Chapter – 8

অসম জাতীয় বিদ্যালয়

১। উত্তৰ লিখা :

ক) কুম্পুৱে সপোনত কি দেখিছিল?

উত্তৰঃ কুম্পুৱে সপোনত দুটা ভূতৰ পোৱালি দেখিছিল আৰু লগতে দুজনী যখিনী ছোৱালী দেখিছিল।

খ) ভূতৰ পোৱালিকেইটা দেখিবলৈ কেনেকুৱা?

উত্তৰঃ ভূতৰ পোৱালিকেইটা দেখিবলৈ এটা বগা আৰু এটা ক’লা। 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

গ) ভূত-পোৱালিকেইটাই কি কি কৰিছিল? 

উত্তৰঃ ভূতৰ পোৱালিকেইটাই কথা পাতিছিল আৰু এটাই নাক জোকাৰিছিল।

ঘ) কুম্পুৰ মাকে ভূতৰ বিষয়ে কি বুলি কয়?

উত্তৰঃ  কুম্পুৰ মাকে ভূতৰ বিষয়ে কুম্পুক এইদৰে কয় যে ভূতে বোলে মানুহ ধৰি খায় আৰু পুখুৰীলৈ নি ভৰিকেইটা ওপৰ কৰি বোকাত মূৰটো এহাতমান সোমাই থয়।

ঙ) কুম্পুৰ কিয় ভূতলৈ ভয় নাই?

উত্তৰঃ কুম্পু সাহসী ল’ৰা। সপোনত ভূতে তাৰ ওচৰ চাপিবলৈ সাহসে কৰা নাই, সেই কাৰণে কুম্পুৰ ভূতলৈ ভয় নাই। 

চ) যখিনীয়ে কি কৰি আছিল আৰু কুম্পুৱে যখিনীৰ লগত কি কৰিছিল? 

উত্তৰঃ যখিনীয়ে এংকোৰ বেংকোৰ কৰি নাচি আছিল। এজনীয়ে আনজনীৰ হাতত হাত ধৰি ঘুৰি ঘূৰি নাচিছিল আৰু কুম্পুৱে সিহঁতৰ কাণ দুখন মুচৰি দিছিল। 

২। “কুম্পুৰ সপোন ভূত পোৱালি” পদ্যটিৰ কথাখিনি নিজৰ ভাষাৰে লিখা।

উত্তৰঃ কুম্পুৱে মাকক কৈ আছে যে তেওঁ সপোনত দুটা ভূতৰ পোৱালি দেখিলে। লগতে আৰু দুজনী নাক জিলিকা, চকু টেলেকা, টিলিকা-টিলিকা, পিলিকা পিলিকা যখিনীও দেখিলে। ভূত দুটাৰ এটা ক’লা আৰু আনটো বগা। নাঙত ভূত দুটাই টাকুট ধাকুট কুট আৰু পুট পুট পুট কৈ কথা কয়। এটাই নাক জোকাৰি ধুৎ ধুৎ কয়। সিহঁতে ফুচফুচ ফাচকৈ গান গাই গাই দেখিবলৈ ভাল লগাকৈ নাচে।

এংকোৰ বেংকোৰ কৰি যখিনীহঁতক নচুৱাই আৰু একেলগে উঠি নেপেলালে চুলিত ধৰে, চৰ মাৰে। চৰখোৱা যখিনীয়ে কঁকাল ভাঙি ভাঙি নাচে। ভূত পোৱালিটোৱে জাপমাৰি ভেঙৰা-ভেঙুৰিকৈ ঠেং ডাঙি ডাঙি নাছে।

মাকে কয় যে ভূতে মানুহ ধৰি খায় আৰু পুখুৰীৰ পাৰলৈ নি ভৰি দুখন ওপৰলৈ তানি মাটিত পুতি থয়। কিন্তু কম্পুক হ’লে সিহঁতে একো কৰা নাই। কম্পুৰ ওচৰ চাপিবলৈ সিহঁতে সাহসেই কৰা নাই। ভয় কৰা ল’ৰাকহে ভূতে ধৰি কিলায়। কুম্পুৰ হ’লে ভূতলৈ অলপো ভয় নাই। যখিনীয়ে হাতত ধৰাধৰিকৈ নাচি থাকোতে কুম্পুৱে দুয়োটাৰে কাণ মুচৰি দিলে। সিহঁতৰ দীঘল কাণত মুচৰিবলৈ কুম্পুৱে বৰ ভাল পায়। কাণ মুচৰি দিলে সিহঁতে তাল-ফাল লগায়। বিচাৰি ফুৰা ভূত পোৱালি দুটা পাই কুম্পুৱে আনি আলমাৰিটোত ভৰাই থলে। তাৰ পিছত কুম্পুৱে মাকৰ মাতত সাৰ পালে। কুম্পুৰ ভূতলৈ অলপো ভয় নাই। 

৩। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ শিশু সাহিত্যৰ বিষয়ে এখন ৰচনা লিখা।

উত্তৰঃ প্ৰতিখন দেশতে মাজে সময়ে এনে কিছুমান মানুহৰ জন্ম হয়, যিসকলে সেই জাতিটোক নিজৰ ব্যক্তিগত প্ৰচেষ্টাৰে বহুদূৰ আগবঢ়াই লৈ যায়। তেওঁলোকে এই পৃথিৱীত যিমান দিন নাথাকক, জীয়াই থকা প্ৰতিটো দিন সুপৰিকল্পিত ভাৱে খৰচ কৰে আৰু মাতৃভূমিক এক বৃহৎ অৰিহণা দি যাবলৈ সক্ষম হয় অসমীয়াৰ অতি মৰমৰ হিয়াৰ আপোন ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা তেনে এজন মহান পুৰুষ। বছৰৰ হিচাবত তেওঁ পঞ্চাছ বছৰো জীয়াই নাথাকিল। কিন্তু তাৰ ভিতৰতে তেওঁ অসমীয়া সাহিত্য, শিল্প, কলা আদি সকলো ক্ষেত্ৰতে যি অৱদান আগবঢ়াই গ’ল সেয়ো অসমীয়াৰ বাবে বৰ গৌৰৱৰ কথা।

তেওঁৰ উপৰিপুৰুষ সুদুৰ ৰাজস্থানৰ পৰা আহি অসমত থাকি হাড়ে-হিমজুৱে অসমীয়া হৈ পৰিছিল।

হৰি বিলাস আগৰৱালা, চন্দ্ৰ কুমাৰ আগৰৱালাৰ বংশৰ সন্তান জ্যোতিপ্ৰসাদ অসমীয়া জাতি, সমাজ তথা সাহিত্যৰ উন্নতিৰ বাবে দেহে কেহে খাটিছিল। জ্যোতিপ্ৰসাদে অসমীয়া সাহিত্যত কিছুমান অমৰ সৃষ্টি কৰি থৈ গৈছে। তেওঁ ৰচিত প্রথম গল্পটোৰ নাম আছিল “সতীৰ সোঁৱৰণী” এই গল্পটো বাঁহী কাকতত প্ৰকাশ পাইছিল। তেওঁৰ আনকেইটামান গল্প হ’ল- ৰূপহী, বগীতৰা, সোণতৰা, সোণটিৰ অভিযান, যুজাৰু, সন্ধ্যা, প্রত্নতাত্বিকৰ কলাঘুমতি, শিলাকুটি নীলা চৰাই ইত্যাদি। তেওঁ সৰু ল’ৰা ছোৱালীৰ কাৰণেও কবিতা, অন্যান্য গল্প-প্রবন্ধ, নাটক ৰচনা কৰিছিল। শিশুৰ বাবে ৰচনা কৰা এখন নাটক হ’ল “ঘোঁৰা-ডাঙৰীয়া”। জ্যোতি ৰামায়ণো তেওঁ সৰু ল’ৰা-ছোৱালীৰ উপযোগীকৈ ৰচনা কৰিছিল। তেওঁ ৰচনা কৰা একমাত্র উপন্যাসখনৰ নাম “আমাৰ গাঁও”। তেওঁ কেইখনমান কালজয়ী নাটক ৰচনা কৰিছিল। মুঠতে জ্যোতিপ্ৰসাদ আগৰৱালাই শিশুসকলৰ উপৰিও সকলোৰে উপযোগীকৈ সাহিত্য ৰচনা কৰিছিল। বিশেষকৈ তেওঁৰ কালজয়ী গীতবোৰে অসমীয়া ডেকা-গাভৰুক বাৰুকৈয়ে উদ্বুদ্ধ কৰিছিল? 

৪। চমুটোকা লিখা :

(ক) জয়মতী বোলছবি। 

(খ) শিল্পী দিৱস।

(গ) জ্যোতি চিত্ৰবন।

উত্তৰঃ (ক) জয়মতী বোলছবি : লক্ষ্মীনাথ বেজবৰুৱাই ১৯১৫ চনত ‘জয়মতী কুঁৱৰী’ নাটকখন ৰচনা কৰে। ১৯৩১-৩২ চনত জেলত থাকোতে জ্যোতিপ্ৰসাদ আগৰৱালাই “জয়মতী কুঁৱৰী”ক চিনেমাৰ উপযোগীকৈ লিখি উলিয়াইছিল। অসমত প্ৰথমবাৰৰ বাবে অসমীয়া ভাষাত চিনেমা নির্মাণ কৰিবলৈ জ্যোতিপ্ৰসাদে নিজৰ বাগিচাতে ‘চিত্ৰবন’ ষ্টুডিঅ’ সাজি লয় আৰু তাতে ১৯৩৫ চনত জয়মতী চিনেমা নিৰ্মাণ কৰে। তেওঁ বহুতো অসুবিধাৰ সন্মুখীন হৈছিল যদিও চিনেমা নিৰ্মাণ কৰিহে এৰিছিল।

(খ) শিল্পী দিৱস : ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই সঁচা অৰ্থত এজন প্ৰকৃত শিল্পী আছিল। নৰিয়া গাৰে তেওঁ অসমীয়া মানুহক আৰু অসমীয়া সমাজৰ উন্নতিৰ হকে যিমানখিনি কৰিছিল তাৰ তুলনা পাবলৈ নাই। সেইবাবে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুৰ দিন ১৭ জানুৱাৰিৰ দিনটো ‘শিল্পী দিৱস’ হিচাপে পালন কৰা হয়।

(গ) জ্যোতি চিত্ৰবন : জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া ভাষাত তাহানি ১৯৩৫ চনতেই ‘জয়মতী কুঁৱৰী’ চিনেমা নিৰ্মাণ কৰিছিল। তাৰ চাৰিবছৰ পাছত ১৯৩১ চনত জ্যোতিপ্ৰসাদে পুনৰ “ইন্দ্ৰমালতী” নামৰ এখন চলচ্চিত্ৰ নিৰ্মাণ কৰে। তাৰ পাছত অসম চৰকাৰে যেতিয়া কাহিলীপাৰাত চিনেমা নিৰ্মাণ কৰিবলৈ ষ্টডিঅ’ নিৰ্মাণ কৰে তেতিয়া তাৰ নাম ৰাখিলে জ্যোতিৰ নামেৰে জ্যোতি চিত্ৰবন।

৫। বিপৰীত লিংগ নিৰ্ণয় কৰা :

যখ ― যখিনী।

ভূত ― ভূতুনী।

সিংহ ― সিংহিনী। 

শিয়াল ― শিয়ালনী। 

বোন্দা ― জাই।

শৰ ― ভেলেঙী।

৬। কাক কি বোলে?

গৰুৰ পোৱালি ― দামুৰি। 

মাছৰ পোৱালি ― পোনা।

ভেকুলীৰ পোৱালি ― লালুকী।

কাৱৈ মাছৰ পোৱালি ― কাৱৈ টিলিকা।

গৰৈ মাছৰ পোৱালি ― গৰৈ টিলিকা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top