Assam Jatiya Bidyalay Class 7 Assamese Chapter 7 ভদৰী

Assam Jatiya Bidyalay Class 7 Assamese Chapter 7 ভদৰী, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় আপোন পাঠ Class 7 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 7 ভদৰী Class 7 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 7 Assamese Chapter 7 ভদৰী Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 7 Assamese Chapter 7 ভদৰী provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

ভদৰী

Chapter – 7

অসম জাতীয় বিদ্যালয়

১। প্রথমে কোৱা, তাৰ পাছত লিখা। 

ক) “ঐ অ! ভাত লৈ আহ! শুনিছনে ?” ― কথাষাৰ কোনে  কাক কৈছিল?

উত্তৰঃ এই কথাষাৰ শিশুৰামে ঘৈণীয়েক ভদৰীক কৈছিল। 

খ) বেথাই বহুৱাৰে সৈতে শিশুৰামৰ কিয় খকা-খুন্দা লাগিছিল? 

উত্তৰঃ বেথাই বহুৱাই শিশুৰামৰ মাটিৰ সীমা ঠেলা বাবে শিশুৰামৰ সৈতে থকা-খুন্দা লাগিছিল।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

গ) ভদৰীয়ে বিবাহিত জীৱনৰ অপৰিহাৰ্য অংগবোৰ কি কি বুলি ভাবিছিল?

উত্তৰঃ ভদৰীয়ে বিবাহিত জীৱনৰ অপৰিহাৰ্য অংগ হিচাপে ভুকুটো, ঢকাটো, চৰটো, গোৰটো আৰু ঢেকিঠোৰাৰে মাৰটো এইবোৰক ভাবিছিল।

ঘ) ভদৰীক শিশুৰামৰ আক্ৰমণৰ পৰা কোনে ৰক্ষা কৰিছিল? 

উত্তৰঃ ভদৰীক শিশুৰামৰ আক্ৰমণৰ পৰা শিশুৰামৰ বেলেগতীয়া ভায়েক কিনাৰামে ৰক্ষা কৰিছিল।

ঙ) শিশুৰামক হাজোতৰ পৰা ডাক্তৰে কিয় ভদৰীৰ ওচৰলৈ লৈ আনিছিল?

উত্তৰঃ আস্পাতালৰ ডেৰেচীৰ কথা শুনিয়েই ভদৰী আকৌ অজ্ঞান হৈ পৰা দেখি শিশুৰামক হাজোতৰ পৰা আনি তাইৰ আগত নিদিলে তাইৰ সোনকালে আৰোগ্য হ’বৰ আশা নাই বুজি শিশুৰামক হাজোতৰ পৰা ভদৰীৰ ওচৰলৈ লৈ আনিছিল।

চ) ভদৰীয়ে ডাক্তৰৰ ওচৰত কেনেকৈ গা কাটিছিল বুলি বুজাইছিল?

উত্তৰঃ ভদৰীয়ে ডাক্তৰক বুজাইছিল যে তেওঁ মাছ কাটিবলৈ যাওঁতে উজুটি খাই পাতি খোৱা মৈদাত পৰি গা কাটিছিল।

ছ) শিশুৰামে কিমান দিন ফাটেক খাটিছিল? 

উত্তৰঃ শিশুৰায়ে তিনিমাহ ফাটেক ঘাটিছিল।

২। বুজা আৰু লিখা :

গৰুটো ― গৰুজাক।

মাছটা ― মাছবোৰ।

শিক্ষক গৰাকী ―  শিক্ষকবৃন্দ।

পর্বতটো ― পর্বতমালা।

৩। বাক্য ৰচনা কৰা :

কেঁকনি-গেঁথনি, পেটে-ককালে লগা, লঘোনে-ভোকে, উঠা-বহা, খোৱা-লোৱা।

উত্তৰঃ কেঁকনি-গেথঁনি : ভদৰীয়ে অসুখীয়া গাৰে কেঁকনি-গেঁথনি মাৰি হ’লেও গিৰিয়েকৰ আলপৈচান ধৰিব লাগিছিল।

পেটে কঁকালে লগা : শিশুৰামে হাজোতত থাকোতে ভালদৰে খাবলৈ নাপাই পেটে কঁকালে লাগিছিল।

লঘোণে-ভোকে : বেচেৰী ভদৰীয়ে লঘোণে- ভোকে কেঁচা খৰি ফুৱাই ফুৱাই ভাত ৰান্ধিও গিৰিয়েকৰ মাৰ খাব লগা হৈছিল।

উঠা-বহা : ভদৰীয়ে দিনটোত কেইবাৰ উঠা-বহা কৰি থাকিছিল তাৰ কোনো হিচাব নাছিল।

খোৱা লোৱা : ভালদৰে খোৱা-লোৱা কৰিলেহে স্বাস্থ্য ভালে থাকে।

৪। উদাহৰণটো চাই বাকীখিনি কৰা :

উদাহৰণ :

সঁচা ― মিছা।

সপোণ ― দিঠক।

অসীম ― সীমা।

যুগুত ― অযুগুত।

সহ্য ― অসহ্য।

জ্ঞানী ― অজ্ঞানী।

৫। বুজা আৰু লিখা :

বাইক ― বাক্য।

লগন ― লগ্ন।

কৰম ― কৰ্ম।

ধৰম ― ধৰ্ম।

বিৰিখ ― বৃক্ষ।

ভকতি ― ভক্তি।

জনম ― জন্ম।

৬। পাঠটোত শিশুৰামে পথাৰত হাল বাই খেতি কৰাৰ কথা উল্লেখ আছে। খেতি কৰিবলৈ খেতিয়কক কি কি লাগে তাৰ এখন তালিকা যুগুত কৰা।

উত্তৰঃ খেতি কৰিবলৈ খেতিয়কক লগা সঁজুলিবোৰ হ’ল– নাঙল, মৈ, কোৰ, জবকা, খন্তি ইত্যাদি।

৭। পাঠটিৰ ৰচকগৰাকীক কি কি কাৰণত ‘ৰসৰাজ’ আৰু ‘সাহিত্যৰথী’ বুলি অভিহিত কৰা হয় সেই বিষয়ে একোটিকৈ টোকা যুগুত কৰা।

উত্তৰঃ ৰসৰাজ : লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা কেবাখনো পুথি ৰসেৰে ভৰপুৰ। কৃপাবৰ বৰুৱাৰ ওভতনি, কৃপাবৰ বৰুৱাৰ ভাবৰ বুৰবুৰণি, কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, লিটিকাই, চিকৰপতি-নিকৰপতি আদি পুথিত বেজবৰুৱাই অতি সুন্দৰ ৰসাল কথাৰে বিষয়বস্তু অৱতাৰণা কৰিছে। তেওঁ ৰচনা কৰা অন্যান্য পুথি সমূহো ৰসেৰে ভৰপুৰ। সেয়েহে তেওঁক ৰসৰাজ অর্থাৎ‍ ৰসৰ ৰাজা বুলি অভিহিত কৰিছে। 

সাহিত্যৰথী : লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া সাহিত্যৰ ৰথখন চলাই নিবলৈ সাহিত্যৰ সকলো দিশতে তেওঁ ৰচনা কৰিছিল। কবিতা, গল্প, উপন্যাস প্রবন্ধ, নাটক আদি এটা দিশো তেওঁৰ ৰচনাই বাদ দিয়া নাছিল। লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া চুটীগল্পৰ জনক আছিল। সকলো দিশ সামৰি তেও সাহিত্য ৰচনা কৰা বাবে তেওঁক সাহিত্যৰথী বুলি অভিহিত কৰিছে।

৮। ভাৱ বহলাই লিখা : 

“আঠুৱা চাই ঠেং মেলা”

উত্তৰঃ মহ নিবাৰণৰ কাৰণে আঁঠুৱা ব্যৱহাৰ কৰা হয়। আঁঠুৱা যিমান দীঘল আৰু বহল সেইমতে আঠুৱাৰ তলত ঠেং মেলি শুব লাগে। চুটী আঁঠুৱাত দীঘলকৈ ঠেং মেলি শুলে আঁঠুৱা দাং খাই মহ সোমাই কামুৰিব, লগতে আঁঠুৱাও ফাটি যাব পাৰে। অৰ্থাৎ‍ নিজৰ সামর্থ অনুযায়ীহে কাম কৰিব লাগে। আয়তকৈ ব্যয় বেছি হ’লে ধাৰত পোত যাব লাগিব আৰু বহুত অশান্তি হ’ব।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top