Assam Jatiya Bidyalay Class 7 Assamese Chapter 4 মেধি তীর্থলৈ যাব, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় আপোন পাঠ Class 7 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 4 মেধি তীর্থলৈ যাব Class 7 Assamese Question Answer can be of great value to excel in the examination.
Assam Jatiya Bidyalay Class 7 Assamese Chapter 4 মেধি তীর্থলৈ যাব Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 7 Assamese Chapter 4 মেধি তীর্থলৈ যাব provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.
মেধি তীর্থলৈ যাব
Chapter – 4
অসম জাতীয় বিদ্যালয়
১। উত্তৰ লিখা :
ক) মেধিৰ ঘৰ ক’ত?
উত্তৰঃ মেধিৰ ঘৰ কলিয়াবৰত।
খ) মেধিৰ সুখ্যাতি কিহত?
উত্তৰঃ মেধিৰ সুখ্যাতি নামগোৱাত।
গ) তীর্থলৈ যাওঁতে মেধিয়ে লগত কি নিছিল?
উত্তৰঃ তীৰ্থলৈ যাওঁতে মেধিয়ে টকা আঢ়ৈকুৰি আৰু কানিৰ টেমাটো লগত নিছিল।
ঘ) জাহাজত উঠি মেধিয়ে কি অদ্ভুত দেখিছিল?
উত্তৰঃ জাহাজত উঠি মেধিয়ে দেখিছিল যে পাৰৰ গছবোৰ উভতি লৰিছে এইটোৱে তেওঁৰ বাবে অদ্ভুত।
ঙ) মেধিয়ে কিয় একো খাব পৰা নাছিল?
উত্তৰঃ জাহাজখন বঙালে-কঙালে ভৰি আছিল কাৰণে একো খাব পৰা নাছিল।
২। “মেধি তীর্থলৈ যায়” পদ্যটিত প্রকাশ পোৱা কথাখিনি তোমাৰ নিজৰ ভাষাত লিখা।
উত্তৰঃ নামগোৱাত সুখ্যাতি থকা মেধিৰ কলিয়াবৰত ঘৰ। কানি ঋণ বাবে কাণীয়া মেলতো সকলোৰে মাজত মানভাগটি পায় মেধিয়ে। পূণ্য কৰিবৰ মনেৰে আজি মেধি তীর্থলৈ যাব ওলাল। লগত ল’লে এটা মোনাত আঢ়ৈকুৰি টকা আৰু কানিৰ টেমাটো। পাতত চাৰিওফালে ঢৌ উঠিল। মেধি তীর্থলৈ যায়। টিকত ঘৰ পাই দেখিলে যে টিকট কিনাৰ কোনো উপায় নাই। টিকট কাটিব খোজোতে কলৈ যাব বুলি প্ৰশ্ন কৰাত তীর্থ য’লৈ যাম বুলি উত্তৰ দিলে। তেতিয়া টিকট দিয়া বাবুৱে তেনে টিকট নাই বুলি ক’লে। উপায় নাই যদিও মেধিয়ে জাহাজত উঠি ল’লে। জাহাজ ক্ৰমান্বয়ে খৰকৈ চলিবলৈ আৰম্ভ কৰাত মেধিয়ে দেখিলে যে পাৰৰ গছবোৰ উভতি লৰি আছে। মেধিৰ কাৰণে এইটো অদ্ভুত ঘটনা। লগুণডালত খামুচি ধৰি গৈ থাকোতে দুখনমান তামোল খোৱাৰ সময় পাৰ হৈছে। এনেতে দেখিলে যে জাহাজ বালিত লাগি ধৰি লৰচৰ নকৰা হ’ল। বঙালে-কঙালে ভৰি থকা জাহাজখনত মেধিয়ে একো নোখোৱাকৈ তিনিদিন থাকিবলগীয়া হোৱাত মেধি উঠিব নোৱাৰা হ’ল। কলপকলপকৈ মেধি শুদ্ধ শৰীৰেৰে তীর্থলৈ যাব ওলাইছে।
৩। তলৰ শব্দকেইটাত কি কাৰণে ‘ণ’ হৈছে লিখা।
পূণ্য : স্বাভাৱিকতে মূৰ্দ্ধন্য ‘ণ’ হৈছে।
ভাষণ : একেটা পদতে থকা ঋ, ৰ, ষ আৰু দন্ত্য ‘ন’ৰ মাজত স্বৰবৰ্ণ, ক বর্গ বা প বৰ্গৰ কোনো বর্ণ য, ৱ, হ থাকিলেও দন্ত্য ‘ন’ মূৰ্দ্ধন্য ‘ণ’ হৈছে।
ঋণ/তৃণ : ‘ঋ’ৰ পিছত থকা কাৰণে দন্ত্য ‘ন’ মূৰ্দ্ধন্য ‘ণ’ হৈছে।
কৃপণ : একেটা পদত ঋ আৰু প বৰ্গৰ বৰ্ণ থকা কাৰণে মূৰ্দ্ধন্য ‘ণ’ হৈছে।
কাৰণ/বৰ্ণ : ‘ব’ৰ পিছত থকা বাবে দন্ত্য ‘ন’ মূৰ্দ্ধন্য ‘ণ’ হৈছে।
নাৰায়ণ : উত্তৰ, দক্ষিণ, চান্দ্ৰ, নাৰ আদি শব্দত পিছত থকা অয়ন শব্দৰ দন্ত্য ‘ন’ মূদ্ধণ্য ‘ণ’ হয়।
গ্রহণ : একেটা পদতে থকা ঋ, ৰ, ষ আৰু দন্ত্য ‘ন’ৰ মাজত স্বৰবৰ্ণ, ক বর্গ বা প বৰ্গৰ কোনো বর্ণ য, ৱ, হ থাকিলেও দন্ত্য ‘ন’ মূৰ্দ্ধন্য ‘ণ’ হৈছে।
৪। ভাৱ বহলাই লিখা :
ক) “হস্তীৰো পিছলে পাৱ, সজ্জনৰো বুৰে নাও।”
উত্তৰঃ হাতী এবিধ বৰ ডাঙৰ শক্তিশালী জীৱ । তাৰ ভৰিও মোটা আৰু শকত। সেইবাবে সহজে আৰু সাধাৰণতে পিচল নাখায়। কিন্তু কেতিয়াবা হঠাতে এনেকুৱা ব্যতিক্ৰম ঘটনা ঘটে যে হাতীৰ ভৰিও পিচলি যায়। এইয়া অসম্ভৱ নহয়। সেইদৰে সজ্জন অর্থাৎ সদায় সৎ পথত থকা আৰু আনৰ হিত সাধন কৰা লোকৰো কেতিয়াবা এনে দুর্ভাগ্যই লগ দিয়ে যে নৌকাত যাত্ৰা কৰোতে নাও বুৰি যায়। সাধু-সন্তৰ নাও আমি সাধাৰণতে বুৰিব বুলি নাভাবো। ইয়াৰ দ্বাৰা ইয়াকে বুজাব খুজিছে যে সকলো প্ৰাণীয়ে ভাগ্যৰ অধীন। বিপদ-সম্পদ সকলোৰে ভাগ্যত ঘটিব পাৰে। ই এটা প্ৰকৃতিৰ অলিখিত নিয়ম।
খ) “অতি ভক্তি চোৰৰ লক্ষণ”
উত্তৰঃ প্ৰতিটো কথাৰ আৰু প্ৰতিটো কাৰ্যৰ একোটা নিৰ্দ্দিষ্ট সীমা আছে। সেই সীমা অতিক্ৰম নকৰালৈকে মানুহে তাক সাধাৰণ দৃষ্টিৰে চায়। যেতিয়া সেই সীমা অতিক্ৰম কৰে তেতিয়াই মানুহে এটা ধাৰণা কৰে যে তাৰ মাজত অন্য এটা কাৰণ সোমাই আছে। তেনেদৰে স্বাভাৱিক ভক্তি পৰায়ণ লোকসকল সকলোৰে আদৰ শ্ৰদ্ধাৰ পাত্ৰ। যেতিয়া সেই ভক্তি সীমা চেৰাই যায় তেতিয়া তাত কিবা উদ্দেশ্য লুকাই আছে বুলি বুজিব লাগিব। তেনেলোক হয় দুষ্ট প্রকৃতিৰ নাইবা চোৰ স্বভাৱৰ। প্রথমে ভক্তি দেখুৱাই পাছত সুবিধা বুজি নিজৰ স্বাৰ্থ পূৰণ কৰে।
৫। প্রসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা :
ক) পাৰৰ গছবোৰ উভতি লৰিলে, এনে অদ্ভুত নাই, লগুণডালত খামুচি ধৰি মেধি তীৰ্থলৈ যায়।
উত্তৰঃ প্ৰসংগ : এই কবিতা ফাঁকি আমাৰ পাঠ্যপুথি ‘আপোন পাঠ’ৰ দণ্ডিনাথ কলিতাদেৱে ৰচনা কৰা “মেধি তীৰ্থলৈ যায়” নামৰ কবিতাৰ পৰা তুলি দিয়া হৈছে।
সংগতি : ইয়াত কবিয়ে কলিয়াবৰৰ মেধিয়ে জাহাজত উঠি তীর্থলৈ গৈ থাকোতে পাৰৰ গছবোৰ ওলোটাফালে লৰি গৈ থকা দেখি আচৰিত হোৱা প্ৰসংগত কথাখিনি কৈছে।
ব্যাখ্যা : হৰি নাম গোৱা মেধিয়ে যেতিয়া পূণ্য কৰিবৰ মন কৰি তীৰ্থলৈ যাবৰ বাবে জাহাজত উঠিল তেতিয়া কিছুমান আচৰিত দৃশ্য দেখিবলৈ পাইছিল। হাজত উঠাৰ পাছত যেতিয়া জাহাজ তীব্র বেগে আগবাঢ়িবলৈ ধৰিছিল তেতিয়া মেধিয়ে দেখিবলৈ পাইছিল যে পাৰত থকা গছবোৰ জাহাজ যোৱাৰ বিপৰীত ফালে দৌৰি যাব লাগিছে। মেধিয়ে আগেয়ে কেতিয়াও এনে দৃশ্য দেখা নাছিল। গছবোৰ ওলোটাফালে লৰি যোৱা যেন দেখি মেধি আচৰিত হোৱাৰ উপৰিও এইটো অলৌকিক ঘটনা বুলি ভাবিছিল। লগুণ থকা মানুহৰ লণ্ডণডালৰ ওপৰত বৰ বিশ্বাস। সেইবাবে মেধিয়ে আচৰিত দৃশ্য দেখি কিবা অঘটন ঘটনা ঘটিব পাৰে বুলি লগুণডালত খামুচি ধৰিছিল।
খ) বঙালে-কঙালে আছে ভৰি মেধিয়ে কেনেকৈ খায়?
কলপকলপকৈ শুধ শৰীৰে মেধি তীৰ্থলৈ যায়।
উত্তৰঃ প্রসংগ : এই কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘আপোন পাঠ’ৰ দণ্ডিনাথ কলিতাদেৱে ৰচনা কৰা “মেধি তীৰ্থলৈ যায়” নামৰ কবিতাৰ পৰা তুলি দিয়া হৈছে।
সংগতি : ইয়াত কবিয়ে নামগোৱা মেধিৰ খোৱা-বোৱাত থকা নীতি নিয়মৰ বাবে জাহাজত যে একো খাব পৰা নাছিল সেই কথা উল্লেখ কৰিছে।
ব্যাখ্যা : জাহাজ এখনত বিভিন্ন যাত্রী অহা যোৱা কৰে। সেই যাত্ৰীসকলৰ সকলোৰে ধৰ্ম একে নহয়। আনকি জাতিও বেলেগ বেলেগ হয়। হিন্দু ধৰ্মৰ এনে বহুত মানুহ আছে যিসকলে একে ধৰ্মৰ হ’লেও উচ্চ-নীচ জাতিৰ বিচাৰ কৰি একেলগে ভোজন গ্ৰহণ নকৰে। মেধি জাহাজত উঠি যাওঁতেওঁ জাহাজত বহু ধৰণৰ মানুহ আছিল। জাহাজত উঠি তীৰ্থলৈ যোৱাৰ আগতে তেওঁ কেতিয়াও নিজ জাতিৰ মানুহৰ বাহিৰে অন্য কাৰো লগতে আহাৰ গ্ৰহণ কৰি পোৱা নাছিল। অন্য জাতিৰ লগত আহাৰ গ্ৰহণ কৰিলে শৰীৰ শুদ্ধ নাথাকে বুলি বিশ্বাস কৰিছিল। সেইবাবে কলপকলপ্কৈ অর্থাৎ কোনোমতে জীৱনটো ধাৰণ কৰি মেধি তীৰ্থলৈ গৈছিল।
৬। পদ্যটিত ব্যৱহৃত ‘কানীয়া মেল’, ‘ধুতি গা’, ‘ঘোঁৰাৰ ছুটি’, তামোল খোৱাৰ বেলি’ –এই ব্যাক্যাংশবোৰৰ তাৎপৰ্যৰ বিষয়ে চমুকৈ লিখাঁ।
উত্তৰঃ কানীয়া মেল : কানি এবিধ ৰাগিয়াল বস্তু। ইয়াক আগতে বহুত অসমীয়া মানুহে সেৱন কৰিছিল। এবাৰ কানি খাবলৈ আৰম্ভ কৰাৰ পিছত তাক সহজে ত্যাগ কৰিব নোৱাৰিছিল। এজন কানি খোৱা মানুহে সংগ বিচাৰি অন্য কানি খোৱা মানুহৰ ওচৰলৈ যায়। এইদৰে একে ঠাইতে কেবাজনো কানীয়া মানুহ লগ হৈছিল। এই কানীয়া মানুহৰ মাজত নানা তৰহৰ মেল হয়। তেনেকুৱা মেলকে কানীয়া মেল বুলি কয়।
ধুতি গা : আগৰ দিনত মানুহে আন ধৰ্মৰ মানুহ নাইবা কোনো নীচ জাতিৰ মানুহক বিশেষ এৰাব নোৱাৰা কাৰণ নহ’লে নুচুইছিল। কাৰণ তেনেকুৱা মানুহক চুলে চুৱা যোৱা বুলি বিশ্বাস কৰিছিল। নুচুৱাকৈ থাকিব পাৰিলে নিজকে শুদ্ধযেন ভাবিছিল। তেনেকৈ আন কোনো নীচ বুলি ভবা মানুহক নুচুৱাকৈ থকাটোকে ধুতি গাৰে থকা বুলি কৈছিল। মেধিয়ে জাহাজত বিভিন্ন ধৰণৰ মানুহ দেখি ধুতি গাৰে কেনেকৈ যাব পাৰিব বুলি নিজকে প্রশ্ন কৰিছিল।
ঘোঁৰাৰ ছুটী : ঘোঁৰাই অতি বেগাই দৌৰিব পাৰে। ই যেতিয়া অতি বেগাই লৰ মাৰে তেতিয়া সেই কাৰ্যক ঘোঁৰাৰ ছুটি বুলি কয়। মেধি তীৰ্থলৈ যাবৰ বাবে উঠা জাহাজখন যেতিয়া বেগাই চলিবলৈ আৰম্ভ কৰিছিল তেতিয়া জাহাজখনক ঘোঁৰাৰ চুটিৰ লগত তুলনা কৰিছিল।
তামোল খোৱাৰ বেলি : অসমীয়া মানুহে কেচা তামোল পাণ-চুণৰ সৈতে (কিছুমানে তাৰ লগত ধপাতৰ পাতো খায়) চোবাই চোবাই যায়। এখন তামোল মুখত ভৰাই চোবাই খাওতে যিমান সময় লাগে সেই সময়খিনিক তামোল খোৱাৰ বেলি বুলি কয়।