Assam Jatiya Bidhyalay Class 7 Assamese Chapter 18 শ্ৰীশঙ্কৰদেৱ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় আপোন পাঠ Class 7 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidhyalay Class 7 Assamese Chapter 18 শ্ৰীশঙ্কৰদেৱ Class 7 Assamese Question Answer can be of great value to excel in the examination.
Assam Jatiya Bidhyalay Class 7 Assamese Chapter 18 শ্ৰীশঙ্কৰদেৱ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidhyalay Class 7 Assamese Chapter 18 শ্ৰীশঙ্কৰদেৱ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.
শ্ৰীশঙ্কৰদেৱ
Chapter – 18
অসম জাতীয় বিদ্যালয়
১। কবিতাটোৰ সাৰাংশ লিখা।
উত্তৰঃ পোন্ধৰ শতিকাৰ মাজভাগত অসমৰ বুকুত এজন যোগী মহাপুৰুষৰ জন্ম হৈছিল। তেওঁ অসমত নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া জাতিক একতাৰ ডোলেৰে বান্ধ খুৱাই এক মহান সাম্যৰ ৰাজ প্ৰতিষ্ঠা কৰিছিল। ধর্মীয় জীৱন, সামাজিক জীৱন, ভাষা, সাহিত্য সংস্কৃতি আদি সকলোৰে নতুনত্বৰ সৃষ্টি কৰি নৱ-জাগৰণ সুচনা কৰিছিল। স্বৰ্গৰ বাতৰি আনি অসম ভূমিত প্ৰচাৰ কৰিছিল যি সুৰ আজিও অসমৰ ঘৰে ঘৰে প্ৰতিধ্বনি হৈ আছে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ নৱবৈষ্ণৱ ভক্তি ধর্ম প্ৰচাৰ কৰি সত্ৰ স্থাপন কৰি ধৰ্ম প্ৰচাৰৰ জৰিয়তে অসমীয়াৰ নতুন জীৱন দান দিছিল। গোটেই অসমভূমি তেওঁৰ জীৱনী সিঁচৰতি হৈ আছে যাক লিখাৰ সাধ্য কাৰো নাই। তেওঁৰ জ্ঞান-জ্যোতিৰ পৰশত অসমভূমি গোটেই বিশ্বতে উজলি উঠিছিল। এইজনা মহাপুৰুষ শংকৰদেৱৰ আশীষ বাণী শিৰত লৈ অসমীয়া জাতি আগবাঢ়ি যোৱাটো কবিয়ে একান্ত মনেৰে কামনা কৰিছে।
২। কবিয়ে শ্ৰীশংকৰদেৱক কিয় ‘অতীতৰ ধ্যানমগ্ন যোগী’ বুলি কৈছে?
উত্তৰঃ এজন যোগীয়ে যেনেকৈ যোগ-সাধনাৰে সমাজৰ মংগল সাধন কৰে। মহাপুৰুষ শ্ৰীশংকৰদেৱেও অসমৰ মানুহৰ কাৰণে বহুত ভাল কাম কৰি থৈ গৈছে। অসমৰ ৰীতি-নীতি, অসমৰ আচাৰ-ব্যৱহাৰ, ধৰ্ম, সমাজ ব্যৱস্থা সকলোতে তেওঁ নতুনত্ব আনি অসমীয়া সমাজখন একতাৰ ডোলেৰে বান্ধিছিল। সেইবাবে কবিয়ে শংকৰদেৱক ‘অতীতৰ ধ্যানমগ্ন যোগী বুলি কৈছে।
৩। প্রথমে কোৱা তাৰ পিছত লিখা।
ক) স্বৰ্গৰ বাতৰি দেৱ মৰতলৈ কোনে আনিলে?
উত্তৰঃ স্বৰ্গৰ বাতৰি দেৱ মৰতলৈ আনিলে মহাপুৰুষ শংকৰদেৱে।
খ) অসমৰ ঘৰে ঘৰে কি বাজি উঠিছে বুলি কবিয়ে কৈছে?
উত্তৰঃ মহাপুৰুষ শংকৰদেৱে একশৰণ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিবলৈ যি গীত-পদ ৰচনা কৰিছিল সেইয়া আজিও অসমৰ ঘৰে ঘৰে বাজি থাকে বুলি কবিয়ে কৈছে।
গ) বেদ-উপনিষদৰ পৰা বাছি বাছি ফুল তুলি শ্ৰীশংকৰদেৱে কি কৰিছে?
উত্তৰঃ বেদ-উপনিষদৰ পৰা বাছি বাছি ফুল তুলি শ্ৰীশংকৰদেৱে বৰগীত, কাব্য, অংকীয়ানাট আদি ৰচনা কৰিলে আৰু তাৰ জৰিয়তে এক শৰণ ভক্তি ধৰ্ম প্ৰচাৰ কৰিলে।
ঘ) আমি কাৰ বলেৰে বলীয়ান হৈ আগুৱাই যাম?
উত্তৰঃ আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বলেৰে বলীয়ান হৈ আগুৱাই যাম।
ঙ) মৰুময় সংসাৰ বুলিলে কি বুজা?
উত্তৰঃ মৰুময় সংসাৰ বুলিলে এখন পানী বিহীন অর্থাৎ সংসাৰত একো ভাল কামৰ চিন-চাব নথকা দুর্যোগেৰে ভৰা সংসাৰ বুজা যায়।
৪। “তোমাৰ জীৱনী দেব। লিখে এনে সাধ্য কাৰ,গোটেই অসমভূমি বিস্তৃত জীৱনী যাৰ।”— ইয়াত কাৰ জীৱনী অসমজুৰি বিস্তৃত বুলি কবিয়ে কৈছে? কিয় এনেদৰে বিয়পি পৰিছে?
উত্তৰঃ ইয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনী অসম জুৰি বিস্তৃত বুলি কবিয়ে কৈছে।
মহাপুৰুষ শংকৰদেৱে একশৰণ ভক্তিধৰ্ম প্ৰচাৰ কৰা বাবে আহোম ৰজাৰ ৰোষত পৰিছিল। সেইকাৰণে পলাই ফুৰিব লগা হৈছিল। সেই সময়ত অসমৰ বিভিন্ন ঠাইত সত্ৰ পাতি এক শৰণ ভক্তি ধৰ্ম প্ৰচাৰ কৰি ফুৰিছিল।
অৱশেষত মহাপুৰুষজনাই আহোমৰাজ্য পৰিত্যাগ কৰি কোচবিহাৰৰ মহাৰাজ নৰনাৰায়ণ ৰাজসভা শুৱনি কৰি তাতে কেবাখনো গুণমালাকে আৰ্হি কৰি পুথি ৰচনা কৰিছিল। গোটেই অসমভূমি বিচৰণ কৰি অসমীয়া সমাজখন আটক-ধুনীয়াকৈ সজাই পৰাই, বৈষ্ণৱ ধৰ্মৰ মহিমাৰে পবিত্ৰ কৰি, ভাষা-সাহিত্য, সংস্কৃতিৰ বৰ ঘৰ শুৱনি কৰি অসমৰ কণ্ঠত গৌৰৱৰ, মহিমাৰ, গৰিমাৰ জয়মালা পিন্ধাই থৈ গ’ল। সেয়েহে কবিয়ে অসমজুৰি বিস্তৃত বুলি কৈছে।
৫। শ্রীশংকৰদেৱৰ বিষয়ে এখন ৰচনা লিখা।
উত্তৰঃ জয়গুৰু শংকৰ সৰ্বগুণাকৰ
যাকেৰি নাহিকে উপাম
তাহেৰে চৰণকু ৰেণু শত কোটি
বাৰেক কৰোঁহো প্ৰণাম
চতুৰ্দ্দশ আৰু পঞ্চদশ শতিকাৰ মাজভাগত অসমত ধৰ্মৰ বিপৰ্য্যয় ঘটিছিল। অধৰ্মৰ প্রভাৱে মানুহবিলাকৰ ভাল-বেয়াৰ বিচাৰ কৰা ক্ষমতা নাইকিয়া কৰি পেলাইছিল। বাঞ্ছিত ফল লাভৰ বাবে দেৱ-দেৱীক জীৱ-জন্তু বলি দিছিল আৰু মানুহো বলি দিবলৈ এৰা নাছিল। ধৰ্মৰ নামত মানুহৰ ওপৰত নানা অত্যাচাৰ কৰা হৈছিল। ইতিহাসৰ এই কলঙ্কিত সময়ছোৱাতে পঞ্চদশ শতিকাৰ মাজভাগত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল। তেওঁৰ ধৰ্ম, শিক্ষা, সাহিত্য, সংস্কৃতিৰ বহুমুখী প্রতিভাৰ ছত্ৰছায়াত অসমীয়া জাতিয়ে ভেদাভেদ পৰিহৰি এখন নতুন সমাজ প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। ধর্মীয় জীৱন, সামাজিক জীৱন, ভাষা-সাহিত্য সংস্কৃতি আদি সকলো দিশত নতুনত্বৰ সৃষ্টি কৰি অসমত নৱ জাগৰণৰ সৃষ্টি কৰিছিল।
১৪৪৯ খ্ৰীষ্টাব্দত আহিন মাহৰ শুক্লা দশমী তিথিত বৰদোৱাৰ আলি পুখুৰী নামে ঠাইত মহাপুৰুষজনাৰ আবিৰ্ভাৱ হয়। পিতৃ কুসুম্বৰ ভূঞা আৰু মাতৃ সত্যসন্ধ্যা। শৈশৱতে পিতৃ-মাতৃক হেৰুৱায় বুঢ়ীমাক খেৰসূতীৰ যত্নত ডাঙৰ-দীঘল হৈছিল। বাৰ বছৰ বয়সত পঢ়াশালীলৈ গৈ বর্ণমালা শিকিয়ে আকাৰ-ইকাৰ নোহোৱাকৈ এটি মনোৰম কবিতা ৰচনা কৰিছিল। অতি কম সময়ৰ ভিতৰতে চাৰিবেদ, চৈধ্যশাস্ত্ৰ আৰু ওঠৰ পুৰাণত ব্যুৎপত্তি লাভ
কৰি বিদগ্ধ পাণ্ডিত্যৰ পৰিচয় দিছিল। শিক্ষা সাং কৰাৰ পাচত ৰাজকার্য বাদ দি একনিষ্ঠভাৱে শাস্ত্র চর্চ্চা আৰু আধ্যাত্মিক সাধনাত নিমগ্ন হৈ পৰিছিল।
ভগবানেই সর্বময় কৰ্ত্তা এই মতবাদৰ ভিত্তিতে তেওঁ এক শৰণ ভাগৱতী ধৰ্ম প্ৰৱৰ্তন কৰে আৰু সেয়ে পাছত মহাপুৰুষীয়া ধৰ্ম বা বৈষ্ণৱ ধৰ্ম নামে অভিহিত হয়। ধৰ্ম প্ৰচাৰৰ বাবে তেওঁ ভাগৱত পুৰাণ, ৰামায়ণ গীতা আদি শাস্ত্ৰক আয়ত্ব কৰি বৰগীত, কাব্য, অংকীয়া নাট আদি কেবাখনো পুথি ৰচনা কৰিছিল। হৰিনাম অমৃতসাগৰ অসমভূমি প্লাৱিত কৰি মানুহৰ অন্তৰে অন্তৰে হৰিনামৰ সোঁত বোৱাই দিছিল। তেওঁ অনাসক্ত গৃহী আছিল। তেওঁৰ ধৰ্মত গৃহী আৰু গৃহ ত্যাগীৰ স্থান সমান। তেওঁ ছকুৰি বৰগীত, ছয়খন অংকীয়া নাট, ভাগৱতৰ কেবাটাও স্কন্ধ, কীৰ্তন দশমৰ আদিছোৱা, উত্তৰাকাণ্ড ৰামায়ণ, গুণমালা, নিমিনৱ্যসিদ্ধ সংবাদ আদি বহুকেইখন পুথি প্ৰণয়ন কৰি ধৰ্মৰ জগতখনক বিনন্দীয়া ৰূপেৰে সজাই পৰাই থৈ গৈছে এনে নহয়, অসমীয়া ভাষা-সাহিত্যকো তেওঁৰ ৰচনা সম্ভাৰেৰে উভৈনদী কৰি গৈছে।
মুঠতে গুৰুজনাই ছকুৰি বছৰীয়া মানবী লীনাৰে অসমীয়া সমাজখনক বৈষ্ণৱ ধৰ্মৰ মহিমাৰে পবিত্ৰ কৰি, ভাষা- সাহিত্য- সংস্কৃতিৰ বৰঘৰ শুৱনি কৰি অসমক বিশ্বজগতত গৌৰবেৰে পৰিচয় কৰাই দি থৈ গ’ল।