Assam Jatiya Bidhyalay Class 7 Assamese Chapter 10 অনুৰাগ আৰু চাৰমেন ক্ৰ’ৰ মানুহবোৰ

Assam Jatiya Bidhyalay Class 7 Assamese Chapter 10 অনুৰাগ আৰু চাৰমেন ক্ৰ’ৰ মানুহবোৰ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় আপোন পাঠ Class 7 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidhyalay Class 7 Assamese Chapter 10 অনুৰাগ আৰু চাৰমেন ক্ৰ’ৰ মানুহবোৰ Class 7 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidhyalay Class 7 Assamese Chapter 10 অনুৰাগ আৰু চাৰমেন ক্ৰ’ৰ মানুহবোৰ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidhyalay Class 7 Assamese Chapter 10 অনুৰাগ আৰু চাৰমেন ক্ৰ’ৰ মানুহবোৰ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

অনুৰাগ আৰু চাৰমেন ক্ৰ’ৰ মানুহবোৰ

Chapter – 10

অসম জাতীয় বিদ্যালয়

১। উত্তৰ লিখা :

ক) অনুৰাগক কিহে বৰকৈ আকৰ্ষণ কৰে?

উত্তৰঃ অসমৰ বিভিন্ন জনজাতিৰ পৰম্পৰাগত সংস্কৃতিয়ে তাক বৰকৈ আকৰ্ষণ কৰে।

খ) অনুৰাগৰ দেউতাকে ক’ত চাকৰি কৰে? 

উত্তৰঃ অনুৰাগৰ দেউতাকে কাৰ্বি আংলং জিলাৰ সদৰ ডিফুত চাকৰি কৰে।

গ) অনুৰাগে গাড়ীৰ খিৰিকিৰে কি দেখি আত্মহাৰা হৈছিল? 

উত্তৰঃ সোণোৱালী ধাননি পথাৰ, অকোৱা-পকোৱা পাহাৰীয়া বাট, অৰণ্যৰ বিশালতা, দূৰৰ পাহাৰৰ কাষত পুতলাৰ দৰে কাৰ্বিলোকৰ কণমানি ঘৰ, মেঘে কঁপাহৰ জোলাৰ দৰে মাৰি নিয়া ঝুম খেতিৰ পথাৰবোৰ গাড়ীৰ খিৰিকিৰে দেখি অনুৰাগ আনন্দত আত্মহাৰা হৈছিল।

ঘ) স্কুটাৰ চলাই অহা অনুৰাগহঁতৰ কাষ চপা ব্যক্তিজন কোন আছিল? 

উত্তৰঃ স্কুটাৰ চলাই অনুৰাগহঁতৰ কাষ চপা ব্যক্তিজন আছিল ধনসিং ক্ৰ’। 

ঙ) অনুৰাগহঁতে ৰাতি চাৰমেন ক্ৰ’ৰ ঘৰত কিয় থাকিব লগা হৈছিল।

উত্তৰঃ সাজ লাগো লাগো হোৱা সময়ত, হাবিতলীয়া পথ এটাৰ মূৰত অনুৰাগহঁত যোৱা গাড়ীখনৰ ষ্টাৰ্ট বন্ধ হৈ গৈছিল। ড্রাইভাৰে আপ্রাণ চেষ্টা কবিও গাড়ীখন পুনৰ ষ্টাৰ্ট কৰিব নোৱাৰিলে। সেই সময়ত ধনসিং ক্রই লগ পাই অনুৰাগহঁতক নিজৰ ঘৰলৈ অৰ্থাৎ চাৰমেন ক্ৰ’ৰ ঘৰলৈ লৈ আহিছিল। গাড়ীখন ভাল নোহোৱা বাবে তেওঁলোকে চাৰমেন ক্ৰ’ৰ ঘৰত থাকিব লগা হৈছিল। 

চ) চাৰমেন ক্রু কোন?

উত্তৰঃ ধনসিং ক্ৰ’ৰ দেউতাক চাৰমেন ক্ৰ’। তেওঁ সেই গাঁৱৰ ‘ছাবাৰ’ অর্থাৎ গাঁওবুঢ়া। এজন বিজ্ঞ, সম্মানীয় আৰু অবস্থাপন্ন লোক। লগতে এজন লোক শিল্পীও।

ছ) পাঠটিত কাৰ্বি সাজপাৰৰ কেনে বর্ণনা পাইচা? 

উত্তৰঃ পাঠত কাৰ্বি সাজপাৰৰ বৰ্ণনা এনেদৰে পাইছো— তেওঁলোকৰ পৰম্পৰাগত মাজ ৰিক, চই, প’হ’ অর্থাৎ‍ চুৰীয়া, চোলা আৰু পাণ্ডুৰী। পিনী, ৱামকক, পে চেলেং; অর্থাৎ মেখেলা-চাদৰ আৰু কঁকালি।

জ) গাঁৱৰ মানুহবোৰে অতিথিৰ বাবে কি আনিছিল আৰু কিয় আনিছিল?

উত্তৰঃ গাঁৱৰ মানুহবোৰে অতিথিৰ বাবে হাতে হাতে শাক-পাচলি, মুর্গী, মাছ আৰু ঘৰতে চাউলৰ পৰা প্ৰস্তুত কৰা পানীয় ‘হৰলাঙ’ৰ চুঙা আনিছিল। অতিথিপৰায়ণ কাৰ্বিসকলে এঘৰৰ অতিথি গাঁওখনৰে অতিথি বুলি জ্ঞান কৰে সেই কাৰণে আনিছিল।

ঝ) কাৰ্বি সমাজত ৰাজতন্ত্ৰ কিদৰে বৰ্তি আছে? 

উত্তৰঃ কাৰ্বিসমাজত আজিও অতীতৰে পৰা চলি অহা ৰাজতন্ত্ৰৰ প্ৰতি সম্মান প্ৰদৰ্শন কৰা হয়। ৰজাক আৰু তেওঁৰ বিষয়াবৰ্গক অতীতৰ দৰেই সম্মান কৰে। সমাজৰ ভিতৰুৱা সমস্যা সমাধান কৰা, বিচাৰ আদিৰ ক্ষেত্ৰত পৰম্পৰাগত নিয়ম অর্থাৎ সামাজিক প্রথামতে কার্বি সমাজখনে চলে। এইদৰে কাৰ্বি সমাজত ৰাজতন্ত্ৰ বৰ্তি আছে।

ঞ) চাৰমেন এই অনুৰাগক কি গীত গাই শুনাইছিল? 

উত্তৰঃ চাৰমেন ক্ৰ’ই অনুৰাগক তেওঁলোকৰ ‘ছাবিন আলুন’ অর্থাৎ কাৰ্বিসকলৰ নিজা ৰামায়ণৰ কাহিনীৰ গীত গাই শুনাইছিল।

ট) অনুৰাগে চাৰমেন ক্ৰ’ৰ ঘৰত দেখা বাদ্যযন্ত্ৰৰ এটা বর্ণনা দিয়া।

উত্তৰঃ অনুৰাগক চাৰমেন ক্ৰই এটা কোঠালৈ লৈ গৈছিল। তাত আছিল নানা ধৰণৰ বাদ্যযন্ত্ৰ। কিছুমান মুখেৰে ফুঁৱাই বজোৱা কিছুমান চামৰাৰে চোৱা সৰু-বৰ আকৃতিৰ ঢোল, তাল, বীণাসদৃশ আৰু বাঁহৰ বাদ্য। 

ঠ) ‘বাৰহ’ মানে কি?

উত্তৰঃ ‘বাৰহ’ মানে হ’ল শিল্পীয়ে মনোৰম শিল্পকৰ্ম কৰা কাঠ-বাহঁৰ এবিধ সামগ্রী। 

ড) ‘জাম্বিলী আথন’ মানে কি? 

উত্তৰঃ এডাল কাঠ বা বাঁহ চাছি তাত নানা ফুল তুলি কাঠৰ চৰাই কাটি বহুৱাই দি সুন্দৰকৈ সজোৱা এবিধ শিল্প কর্ম হ’ল ‘জাম্বিলী আথন’। 

ঢ) কাৰ্বি ৰামায়ণখনৰ নাম কি?

উত্তৰঃ কাৰ্বি ৰামায়ণখনৰ নাম হ’ল ‘ছাবিন আলুন’। 

২। চমুটোকা লিখা : 

(ক) চ’মাংকান। 

(খ) ৰংবং তেৰাং। 

(গ) ইয়াৰুইঙ্গম।

উত্তৰঃ ৰংবং তেৰাং : আধুনিক অসমীয়া সাহিত্যৰ এজন প্ৰসিদ্ধ সাহিত্যিক। তেওঁ ৰচনা কৰা ‘ৰংমিলিৰ হাঁহি’ নামৰ পুথিখনৰ বাবে ১৯৮২ চনত প্রশাসন পৰিষদ বঁটা লাভ কৰে। তেওঁ অসম সাহিত্য সভাৰ সভাপতিও হয়।

ইয়াৰুইঙ্গম : বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই কাৰ্বিসকলৰ সামাজিক জীৱনক লৈ ৰচনা কৰা এখন মনোৰম কিতাপ। এই কিতাপখনৰ বাবে বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্যই সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল।

৩। তলৰ উৎসৱ কেইটি কত, কেতিয়া উদযাপিত হয় লিখা। 

(ক) বাৰে চহৰীয়া ভাওনা।

(খ) ফাটবিহু।

(গ) মহোহো। 

(ঘ) মাছমৰা উৎসৱ। 

(ঙ) বোকা ভাওনা।

(চ) জোনবিল মেলা।

(ছ) ভঠেলি।

উত্তৰঃ ক) বাৰে চহৰীয়া ভাওনা : বাৰে চহৰীয়া ভাওনা জামুগুৰি নামে ঠাইত উদযাপিত হয়। এই ভাওনা উৎসৱ গোটেই অসমৰ ভিতৰত নাম থকা অনুষ্ঠান।

খ) ফাটবিহু : লক্ষীমপুৰ জিলাৰ ঢকুৱাখনাত অনুষ্ঠিত হয়। ফাটবিহু উৎসৱৰ বাবে ঢকুৱাখনা বিখ্যাত। 

গ) মহোহো : নামনি অসমত আঘোণ মাহৰ পূৰ্ণিমাৰ দিনাখন মহ খেদা আপুৰুগীয়া মহোহো উদযাপিত হয়। 

ঘ) মাছ মৰা উৎসৱ : জোনবিলৰ পাৰলৈ গোভা ৰজাক ৰাইজে আদৰি আনি ৰাইজে বিলৰ পানীত মাছ মাৰিবলৈ নামে। এয়ে মাছ মৰা উৎসৱ। 

ঙ) জোনবিল মেলা : জাগীৰোড আৰু জাগীভকত গাঁৱৰ মাজত জোনবিল নামে এখন বিলৰ পাৰত মাঘ মাহৰ দ্বিতীয় বা তৃতীয় সপ্তাহৰ শনি বা দেওবাৰে এই জোনবিল মেলা অনুষ্ঠিত হয়।

চ) ভঠেলি : কামৰূপ জিলাৰ উত্তৰ অঞ্চলত বহাগ বিহুৰ সময়ত ভঠেলি উৎসৱ উদযাপিত হয়।

৪। সন্ধি ভাঙা :

সংস্কৃতি = সম + কৃতি। 

কার্যালয় = কার্য + আলয়। 

সন্মুখ = সন + মুখ।

উৎসৱ =  উ: + সব।

মৰমিয়াল = মৰম + ইয়াল।

সম্ভাষণ = সম্ভা + আষণ।

নমস্কাৰ = নাম: + কাৰ।

মনোৰম =  মন: + ৰম।

নিষ্কলুষ = নিঃ+ কলুষ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top