ASOS Class 12 Psychology Chapter 31 আগতীয়া বাল্যকালৰ বিকাশৰ ধাৰা

ASOS Class 12 Psychology Chapter 31 আগতীয়া বাল্যকালৰ বিকাশৰ ধাৰা, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Psychology Chapter 31 আগতীয়া বাল্যকালৰ বিকাশৰ ধাৰা and select needs one.

ASOS Class 12 Psychology Chapter 31 আগতীয়া বাল্যকালৰ বিকাশৰ ধাৰা

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. ASOS Class 12 Psychology Chapter 31 আগতীয়া বাল্যকালৰ বিকাশৰ ধাৰা These solutions are part of SCERT All Subject Solutions. Here we have given Solutions for All Subject, You can practice these here.

আগতীয়া বাল্যকালৰ বিকাশৰ ধাৰা

Chapter : 31

31.1 পাঠ্য অন্তৰ্গত প্রশ্নাৱলীৰ উত্তৰঃ

তলত দিয়াবোৰৰ মিলাই লিখা:

(ক)(খ)
১। নৱজাতক(ক) উচ্চতাৰ বৃদ্ধি।
২। কৈশোৰ(খ) ২-৬ বছৰসমূহ।
৩। আগতীয়া বাল্যকাল(গ) ১৮/১৯ বছৰৰ পৰা ৪০বছৰসমূহ।
৪। সংজ্ঞানাত্মক প্রক্রিয়া(ঘ) বন্ধুত্ব স্থাপন।
৫। সংজ্ঞাত্মক প্রক্রিয়া(ঙ) জন্মৰ পৰা ১ মাহ।
৬। সামাজিক প্রক্রিয়া(চ) মোবাইলত খেল খেলা।
৭। জৈৱিক প্ৰক্ৰিয়া(ছ) ১১-১২ বছৰৰ পৰা ১৮-১৯বছৰলৈ।

উত্তৰঃ

(ক)(খ)
১। নৱজাতক(ঙ) জন্মৰ পৰা ১ মাহ।
২। কৈশোৰ(ছ) ১১-১২ বছৰৰ পৰা ১৮-১৯বছৰলৈ।
৩। আগতীয়া বাল্যকাল(গ) ১৮/১৯ বছৰৰ পৰা ৪০বছৰসমূহ।
৪। সংজ্ঞানাত্মক প্রক্রিয়া(খ) ২-৬ বছৰসমূহ।
৫। সংজ্ঞাত্মক প্রক্রিয়া(চ) মোবাইলত খেল খেলা।
৬। সামাজিক প্রক্রিয়া(ঘ) বন্ধুত্ব স্থাপন।
৭। জৈৱিক প্ৰক্ৰিয়া(ক) উচ্চতাৰ বৃদ্ধি।

31.2 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ 

তলত উল্লেখ কৰা বাক্যসমূহৰ শুদ্ধ /অশুদ্ধ নিৰ্ণয় কৰা— 

১। বিকাশ সদায় একে হাৰত অগ্ৰসৰ হয়। শুদ্ধ /অশুদ্ধ

উত্তৰঃ অশুদ্ধ।

২। বিকাশ মাথোঁ পৰিৱেশৰ দ্বাৰাহে প্ৰভাৱিত হয়। শুদ্ধ /অশুদ্ধ

উত্তৰঃ অশুদ্ধ।

৩। বুদ্ধি আৰু বিকাশৰ অৰ্থ একে। শুদ্ধ/অশুদ্ধ

উত্তৰঃ অশুদ্ধ।

৪। বিকাশ সাধাৰণতে সংঘটিত হয় একে অনুক্রমত। শুদ্ধ /অশুদ্ধ

উত্তৰঃ শুদ্ধ।

৫। গৰ্ভৱতী মহিলাৰ স্বাস্থ্যই শিশুটোৰ স্বাস্থ্যৰ বিকাশৰ ওপৰত প্ৰভাৱ পেলায়। শুদ্ধ /অশুদ্ধ

উত্তৰঃ শুদ্ধ।

৬। পাৰিবাৰিক অশান্তিয়ে শিশুৰ বিকাশৰ ওপৰত প্ৰভাৱ পেলায়। শুদ্ধ /অশুদ্ধ

উত্তৰঃ শুদ্ধ।

৭। শিশুক পৰিৱেশৰ লগত যিমানেই সম্পর্ক স্থাপন কৰিব দিয়া হয় সিমানেই তাৰ বিকাশ লেহেম হয়। শুদ্ধ /অশুদ্ধ

উত্তৰঃ অশুদ্ধ।

৮। আমাৰ শিক্ষণ ক্ষমতা আমাৰ বংশগতিৰ দ্বাৰা নিৰূপিত হয়। শুদ্ধ /অশুদ্ধ

উত্তৰঃ শুদ্ধ।

31.3 পাঠ্য অন্তৰ্গত প্রশ্নাৱলীৰ উত্তৰঃ 

তলত উল্লেখ কৰা বৈশিষ্ট্যসমূহ শিশুৰ বিকাশৰ কোন কোন ক্ষেত্ৰত দেখা দিয়ে লিখা।

১। সহযোগিতামূলক খেলা-ধূলা

উত্তৰঃ সামাজিক বিকাশ।

২। দোষ।

উত্তৰঃ আৱেগিক বিকাশ।

৩। বস্তুৰ স্থায়িত্বশীলতা।

উত্তৰঃ সংজ্ঞাত্মক বিকাশ।

৪। লিংগ বিষয়ে শিকা।

উত্তৰঃ সামাজিক বিকাশ।

৫। এন্ধাৰৰ প্ৰতি ভয়।

উত্তৰঃ আৱেগিক বিকাশ।

৬। কাল্পনিক বন্ধু।

উত্তৰঃ সামাজিক বিকাশ।

৭। জঁপিওৱা লৰা-ঢপৰা কৰা।

উত্তৰঃ দৈহিক বিকাশ।

৮। কটা আৰু আঠা লগোৱা।

উত্তৰঃ দৈহিক বিকাশ।

পাঠ্য সমাপ্তিৰ অনুশীলনীৰ উত্তৰঃ

১। বুদ্ধি আৰু বিকাশৰ নীতিসমূহ লিখা।

উত্তৰঃ বিভিন্ন প্ৰকাৰৰ বিকাশমূলক পৰিৱৰ্তনমূহৰ আৰত কিছুমান নিৰ্দিষ্ট নীতি পৰিলক্ষিত হয়। এনেকুৱা ধৰণৰ কিছু নীতি তলত উল্লেখ কৰা হ’ল:

(১) বৃদ্ধি আৰু বিকাশে এক শৃংখলাবদ্ধ গতি মানি চলে। 

(২) প্ৰতিটো শিশুৱে নিজৰ বৈশিষ্ট্য থকা একাধিক স্তৰ বা পৰ্যায় অতিক্রম কৰে।

(৩) বিকাশৰ হাৰ আৰু ধহৰণত ব্যক্তি-পার্থক্য পৰিলক্ষিত হয়।

(৪) মানৱ জীৱনৰ বিকাশ নিৰন্তৰ আৰু সামগ্রীকভাৱে সংঘটিত হয় যদি দেহৰ প্ৰতিটো অংশৰ বিকাশ ভিন ভিন হাৰত সম্ভব হয়। সাধাৰণতে গতি দুটা প্রধান দিশে আগবাঢ়ি যায়।

(ক) শিৰ পুচ্ছৰ: বিকাশ অর্থাৎ বিকাশৰ গতি মস্তিষ্কৰ পৰা আৰম্ভ কৰি দেহৰ নিম্নাংশলৈ ক্ৰমাগতভাৱে সংঘটিত হয়।

(খ) সাধাৰণৰ পৰা বিশিষ্ট: অর্থাৎ বিকাশ সংঘটিত হয় দেহৰ সোমাজ বা কেন্দ্ৰ পৰা কাষৰ অংগ প্ৰত্যংগলৈ। সেইবাবে শিশুৱে ৰাজহাড়ৰ নিয়ন্ত্রণ অজ্ঞতা বাহু, আঙুলি আদি বিশেষ অংগতকৈ আগতে লাভ কৰে।

২। এটা প্রকৃত বয়সতকৈ ডাঙৰ শিশু আৰু এটা প্ৰকৃত বয়সতকৈ সৰু শিশুক বাছি উলিওৱা আৰু সিহঁতৰ বিকাশৰ ওপৰত প্ৰভাৱ পেলোৱা কাৰকসমূহ চিনাক্ত কৰা।

উত্তৰঃ এটা প্ৰকৃত বয়সতকৈ ডাঙৰ শিশু আৰু এটা প্রকৃত বয়সতকৈ সৰু শিশুক বাছি উলিওৱা আৰু সিহঁতৰ বিকাশৰ ওপৰত প্ৰভাৱ পেলোৱা কাৰকসমূহ:

(ক) শিৰ পুচ্ছৰ: বংশগতিয়ে আমি আণাৰ পূৰ্বপুৰুষসকলৰ পৰা জন্মগতভাৱে কি বহন কৰো তাকে বুজায়। ইয়াত আমাৰ দৈহিক অৱয়ব যেনে- ওখ, চাপৰ আদিৰ নিৰ্ধাৰিত হয়। তাৰোপৰি বৌদ্ধিক সামৰ্থ্য তথা অন্য বহুত শাৰীৰিক, মানসিক, মনো-সামাজিক আচৰণৰ দিশসমূহো বংশগতিৰ দ্বাৰাই নিৰ্ণীতি হয়

(খ) জন্মপূর্বকালীন পৰিৱেশ: শিশু এটাৰ পৰৱৰ্তী বৃদ্ধি আৰু বিকাশৰ ক্ষেত্ৰত মাতৃ গৰাকীৰ গৰ্ভকালীন অৱস্থা এক গুৰুত্বপূৰ্ণ কাৰক। এই অৱস্থাত যদি মাতৃয়ে পুষ্টিহীন খাদ্য গ্ৰহণ কৰে অথবা বেমাৰ-আজাৰত আক্ৰান্ত হয় আৰু কিছুমান ক্ষতিকাৰক দৰৱ গ্ৰহণ কৰে, তেন্তে শিশুৰ বৃদ্ধিত বেয়াকৈ প্ৰভাৱ পৰিব পাৰে।

(গ) পুষ্টি: শিশু এটা সুস্থ বিকাশৰ বাবে আৱশ্যকীয় পৰিপুষ্টিৰ অতিকে প্রয়োজন। পুষ্টিহীনতাত ভোগ শিশুৰ বৃদ্ধিৰ গতি লেহেম ততা বিসংগতিপূর্ণ হয়।

(ঘ) মানসিক স্তৰ: উন্নত বুদ্ধি শিশুৰ দ্ৰুত বিকাশহৰ লগত আনহাতে নিম্ন বুদ্ধি বিভিন্ন বাধ্যগ্রস্ত দিশৰ লগত সম্পর্কিত হৈ আছে। শৰীৰ আৰু মগজুৰ মাজত ওতঃপ্রোত সম্পর্ক আছে বাবে ‘সুস্থ মন এটা সুস্থ শৰীৰতহে সম্ভৱ হয় বুলি কোৱা হয় ৷

(ঙ) গৃহৰ আবেগিক পৰিবেশ: শিশুৰ ঘৰখনৰ পৰিবেশ যদি অশান্তিদায়ক, হাইকাজিয়াৰে ভৰা অথবা শিশুটোৱে যদি পর্যাপ্ত মৰম, চেনেহ, আদব, যত্ন আদি নাপায় আৰু শাৰীৰিক, মানসিকভাৱে নিৰ্যাদিত হয়, তেন্তে তেনে শিশুৰ বিকাশো বাধাগ্রস্ত হয়। গৃহ পৰিৱেশৰ শান্ত, সহনশীল অৱস্থা আৰু আনৰ প্রতি শ্রদ্ধাশীল মনোভোৱে শিশুৰ বিকাশৰ ওপৰত সুখ প্ৰভাৱ পেলায়।

(চ) শিশুৰ স্বাস্থ্য: শিশুৰ বৃদ্ধি-বিকাশৰ ওপৰত সিহঁতৰ স্বাস্থ্যই যথেষ্ট প্রভাৱ পেলোৱা দেখা যায়। শিশু যদি সঘনাই বেমাৰ-আদাৰত আক্ৰান্ত হয়, দৈহিক ভাৱে যদি বিসংগতিপূর্ণ বা অক্ষম হয় নাইবা অন্তঃক্ষৰা গ্ৰন্থিসমূহৰ কাৰ্য বাধাগ্রস্ত হ’লে শিশুৰ বৃদ্ধি আৰু বিকাশো বাধাগ্ৰস্ত হ’ব। যিকোনো আভ্যন্তৰীণ দৈহিক-জৈৱিক বিসংগতিয়ে শিশুৰ বিকাশত প্ৰভাৱান্বিত কৰে।

(ছ) উদ্দীপনাৰ স্তৰ: পৰিৱেশে শিশুৰ মনত কিমান উদ্দীপনাৰ সৃষ্টি কৰিব পাৰে, পৰিবেশৰ বিভিন্ন দিশসমূহক কিদৰে উদ্ভাৱন কৰিব পাৰে, সমাজৰ অন্য ব্যক্তিসকলৰ লগত শিশুৰ সম্পৰ্ক স্থাপন বা আন্তঃক্ৰিয়াৰ সুবিধা আদিয়ো সিহঁতৰ বুদ্ধি-বিকাশত প্ৰভাৱ পেলায়। উদ্দীপনাই আমাক কোনো এটা কাম কৰিবলৈ মনৰ যি অৱস্থা তাক বুজায় অর্থাৎ এজন ব্যক্তিক ব্যস্ত ৰখাৰ এক উপায় হৈছে উদ্দীপনা।

(জ) আর্থ-সামাজিক অৱস্থা: শিশুৰ চাৰিওফালে থকা বিভিন্ন ধৰণৰ অর্থনৈতিক আৰু সামাজিক অৱস্থা আৰু সুবিধা আদিয়ে সিহঁতৰ বৃদ্ধি আৰু বিকাশত প্রভাৱ পেলোৱা দেখা যায়। শিশুৱে লাভ কৰা পৰিপুষ্টি, উৎসাহ উদ্দীপনা, বিভিন্ন সামাজিক সা-সুবিধা, পৰিয়ালৰ আৰ্থিক মানদণ্ড আদিয়ে শিশুৰ বিকাশ অনুকূল আৰু প্ৰতিকূল হিচাপে গঢ় দিয়ে।

৩। এটা তিনি বছৰীয়া শিশুক এসপ্তাহ সময় নিৰীক্ষণ কৰা আৰু তাৰ সামাজিক, আৱেগিক, দৈহিক আৰু সংজ্ঞানাত্মক বিকাশৰ বিষয়ে লিখা।

উত্তৰঃ সংজ্ঞানাত্মক বিকাশ: শিশুটোৱে উপলব্ধি কৰে যে পৃথিৱীখনৰ অস্তিত্ব সি বা তাই নেদেখিলেও আছে (বস্তুৰ স্থায়িত্বশীলতাৰ ধাৰণা)

আনৰ দিশসমুহ ভালদলে বুজিব নোৱাৰে (আত্মকেন্দ্ৰিক ভাৱ) যুক্তিসংগত চিন্তাৰ অভাৱ।

সকলো প্ৰকাৰৰ বস্তুবে (জড় বা জীৱ উভয়ৰে) প্ৰাণ থকা বুলি ভাৱে (সর্বপ্রাণবাদিতা)।

অধিক কল্পনাপ্ৰৱণতা আৰু ক্ৰীড়াপ্ৰৱণতা।

সমতলৰ উপস্থিতিয়ে খেলি মেলিৰ সৃষ্টি কৰে।

সীমিত স্মৃতি শক্তি্।

বস্তুৰ কাৰণ কাৰ্য বা অন্তর্নিহিত সম্পৰ্কৰ বিষয়ে খেলিমেলি। 

বস্তুৰ ৰং, আকাস, আকৃতি, সংখ্যা, দিশ আদিৰ বিষয়ে প্রাথমিক ধাৰণা আহৰণ কৰে।

এটা বা দুটা শব্দ উচ্চাৰণৰ পৰা ব্যাকৰণৰ নিয়মানুসাৰে বাক্য ক’ব পৰা হয়।

দৈহিক বিকাশ: শিশু দৈহিক ওজন হয় ৩২-৩৩ পাউণ্ড আৰু উচ্চতা হয় ৩৭-৩৮ ইঞ্চি, এটা চিৰি জঁপিয়াব পাৰে, তিনিটা চকাৰ চাইকেল চলাব পাৰে, ছবি আঁকা পেঞ্চিল ধৰিব পাৰে, আঠটা ব্লকৰ (টুকুৰা) লগ লগাই এটা দীঘল টাৱাৰ বনাব পাৰে।

আৱেগিক বিকাশ: (শিশুটোৱে) আনৰ পৰা পৃকক হোৱাৰ ভয় খায়,

নঞার্থক মনোভাৱ

মুখেৰে খং, দুখ আৰু আনন্দৰ প্ৰকাশ বেলেগ বেলেকৈ দেখুৱাব পাৰে,

ৰসিকতাৰ অনুভূতি থাকে।

আৱেগিক বিকাশ:

পিতৃ-মাতৃৰ কামৰ নকল কৰিব পাৰে,

স্বাধীন আৰু আকোৰগোজ ধৰণৰ হয়,

নিজৰ অধীনত বস্তু ৰখা প্ৰৱণতা, 

এটা শিশুৰ লগত খেলি ভাল পায়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top