ASOS Class 12 Psychology Chapter 25 স্বাস্থ্য মনোবিজ্ঞান

ASOS Class 12 Psychology Chapter 25 স্বাস্থ্য মনোবিজ্ঞান, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Psychology Chapter 25 স্বাস্থ্য মনোবিজ্ঞান and select needs one.

ASOS Class 12 Psychology Chapter 25 স্বাস্থ্য মনোবিজ্ঞান

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. ASOS Class 12 Psychology Chapter 25 স্বাস্থ্য মনোবিজ্ঞান These solutions are part of SCERT All Subject Solutions. Here we have given Solutions for All Subject, You can practice these here.

স্বাস্থ্য মনোবিজ্ঞান

Chapter : 25

25.1 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

১। আধুনিক জীৱনত জীৱনৰ গুণগত বৈশিষ্ট্যৰ প্ৰতি ভাবুকি সৃষ্টি কৰা মূল প্ৰত্যাহ্বানবোৰ তালিকাভুক্ত কৰা। 

উত্তৰঃ পৰিবেশৰ পৰিৱৰ্তনসমূহ, পৰিয়ালৰ বিভাজন, প্ৰতিযোগিতা,নিঃসঙ্গতা।

২। প্ৰতিটোৰে তিনিটাকৈ উদাহৰণ দিয়া:

(ক) চাপপূৰ্ণ জীৱন ঘটনাসমূহ,

(খ) বিবাদসমূহ আৰু 

(গ) কৰ্মৰ লগত জড়িত চাপসমূহ,

উত্তৰঃ (ক) পত্নীৰ বিয়োগ, কর্মহীনতা, ঋণ

(খ) কামৰ ঠাইলৈ সলাই লোৱা, পানী সংগ্ৰহ কৰি, ল’ৰা-ছোৱালীক বিদ্যালয়লৈ পঠিয়ায়।

(গ) অধিক ভাৰ দিয়া কাম কৰা, ভূমিকা অস্পষ্টতা, সময়ৰ হেঁচা।

25.2 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

তলত দিয়াবোৰৰ খালী ঠাই পূৰণ কৰা:

(ক) বিশ্রামে প্রায়েই অন্তর্ভুক্ত কৰি লয়____ নিশ্বাস লোৱা কাৰ্য, টানি লোৱা আৰু লাহে লাহে____ যেতিয়া পেশীসমূহ শিথিল কৰা হয়।

উত্তৰঃ গভীৰ, উশাহ, নিশ্বাস এৰি দিয়া। 

(খ) _____ চেতনা বিকাশ প্রাপ্ত কৰি তোলা প্রক্রিয়াই ওজন নিয়ন্ত্ৰণৰ প্ৰক্ৰিয়ালৈ_____ ।

উত্তৰঃ নিয়ন্ত্রণ, অৱদান যোগায়।

(গ) খাদ্য সম্পর্কীয় নিয়ন্ত্রণে_____ পৰিকল্পনা কৰা_____ পদ্ধতিসমূহ, আৰু অভ্যাসসমূহ অন্তর্ভুক্ত কৰি লয়। 

উত্তৰঃ সাঁজ (খানা), ৰন্ধা, খোৱা

25.3 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ 

বেমাৰ সৃষ্টি কৰা আৰু বেমাৰৰ প্ৰকৃতি সম্পৰ্কীয় উপাদানৰ তালিকা দুখন মিলোৱাঃ

(১) সুৰা (Alcohol)(ক) শ্বাসতন্ত্র বেনাৰ (respiratory disease)
(২) ধূমপান কৰা (Smoking)(খ) অভ্যন্তৰৰ বেমাৰ (intestinal illness)
(৩) জাঁৱৰ-জোথৰৰ খাদ্য (Junk food)(গ) এইচ আই ভি /এইডছ (HIV AIDS)
(৪) নিৰাপত্তাহীন যৌন (Unsafe sex)(ঘ) মেদবহুলতা (obesity)

উত্তৰঃ 

(১) সুৰা (Alcohol)(খ) অভ্যন্তৰৰ বেমাৰ (intestinal illness)
(২) ধূমপান কৰা (Smoking)(ক) শ্বাসতন্ত্র বেনাৰ (respiratory disease)
(৩) জাঁৱৰ-জোথৰৰ খাদ্য (Junk food)(ঘ) মেদবহুলতা (obesity)
(৪) নিৰাপত্তাহীন যৌন (Unsafe sex)(গ) এইচ আই ভি /এইডছ (HIV AIDS)

25.4 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ

১। কৃতকার্য বয়সীয়াকাল প্ৰদৰ্শন কৰা লোকসকলৰ ক্ষেত্ৰত কিবোৰগুৰুত্বপূৰ্ণ উপাদান পোৱা যায়? 

উত্তৰঃ খাদ্য, শাৰীৰিক কাৰ্য, সামাজিক জীৱনত জড়িত হোৱা।

২। প্রাথমিক নিবাৰণৰ পদক্ষেপসমূহৰ লেখ লোৱা। 

উত্তৰঃ স্বাস্থ্যৰ বিষয়ে শিক্ষণ, অভিৰোচনৰ উন্নতি ঘটাই, স্বাস্থ্য আচৰণ অনুশীলনৰ কৌশসমূহ, দুৰ্বল স্বাস্থ্য অনুশীলনসমূহৰ পৰিশোধন।

৩। জীৱনৰ আয়ু বেদীক দৃষ্টিভংগীৰ উপাদানসমূহ বৰ্ণনা কৰা।

উত্তৰঃ আহাৰ (খাদ্য), আচাৰ (আচৰণ) আৰু বিহাৰ তথা বিচাৰ (আমোদ-প্রমোদ তথা চিন্তা)।

পাঠ্য সমাপ্তিৰ অনুশীলনীৰ উত্তৰঃ 

তলৰ প্ৰশ্নসমূহৰ উত্তৰবোৰ লিখা:

১। স্বাস্থ্য আৰু মঙ্গলৰ ধাৰণাসমূহ আলোচনা কৰা। 

উত্তৰঃ স্বাস্থ্যই শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক মঙ্গলৰ অৱস্থা এটাৰ কথা সুচায়। স্বাস্থ্যক বেমাৰ আজাৰৰ পৰা মুক্ত এটা অৱস্থা হিচাপে বিভ্ৰান্ত কৰা উচিত নহয় ই এটা ইতিবাচক অৱস্থা বেমাৰ আজাৰৰ অনুপস্থিতিৰ উপৰিও বর্ধনশীল আৰু চম্ভালি লোৱাটো ইয়ে চামিল কৰি লয় মানুহৰ ব্যক্তিগত আৰু সামাজিক জীৱনত স্বাস্থ্যই মূখ্য স্থান দখল কৰি লয় বৰ্তমান পৃথিৱীত মানুহৰ জীৱনৰ গুণগত অৱস্থা বিভিন্ন দিশৰ পৰা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে যিবোৰ মানুহৰ দুৰ্বল স্বাস্থ্যৰ ওপৰত প্ৰতিফলিত হয়। এহাতে বাহ্যিক পৰিবেশ অতি গতিশীলভাৱে পৰিৱৰ্তিত হৈছে। ইয়ে বহুসংখ্যক পৰিবেশীয় চাপ চম্ভালি লোৱা কাৰ্যৰ দাবী উত্থাপন কৰে। এইবোৰে আকৌ সামাজিক গাঠনি পৰিৱৰ্তিত কৰে (যেনে- পৰিয়াল আৰু অন্যান্য সামাজিক অনুষ্ঠানসমূহৰ মাজত বিভাজন বা ভাঙোন), প্রতিযোগিতাৰ বৃদ্ধি আৰু ভোগবাদ আদিয়ে হতাশা, নিঃসঙ্গতা, মতবিৰোধ, সহায়ৰ অভাৱ আদি বৃদ্ধিত অৰিহণা যোগাইছে। ইয়াৰ ফলত মনোদৈহিক বিশৃংখলতাসমূহ বাঢ়িবলৈ লৈছে। এই অৱস্থাৰ এটা বিশ্লেষণে সুচার যে স্বাস্থ্য আৰু কুশল গুৰুত্বহীন হৈ পৰিছে।

বৰ্তমানৰ ব্যস্ত জীৱনত আমাৰ প্ৰতিজন লোকে নানাধৰণৰ স্নায়বিক উত্তেজনা আৰু চাপসমূহৰ অভিজ্ঞতা আহৰণ কৰিছে। বৰ্তমান কালত চাপক নীৰৱ হত্যাকাৰী হিচাপে স্বীকৃতি দিয়া হৈছে। শাৰীৰিক স্বাস্থ্য আৰু মনোবৈজ্ঞানিক মঙ্গলৰ ক্ষেত্ৰত ইয়াৰ নেতিবাক প্ৰভাৱ আছে। বিধিগতভাৱোপে ঘটনা সমূহৰ প্ৰতি কাৰ্যকলাপ ভীতিগ্ৰস্ত আৰু বাধাপ্রাপ্ত কৰি তোলা হিচাপে লক্ষ্য কৰা হয়, সেই বিষয়ে সূচায়। পৰিৱেশত যিবোৰ অৱস্থা অথবা উপাদানে চাপ সৃষ্টি কৰে সেইবোৰক চাপসৃষ্টিকাৰী বুলি কোৱা হয়। চাপ সৃষ্টিকাৰীসমূহৰ তালিকাখন বৰ দীঘলীয়া হোৱাৰ সময়তে, এইবোৰক চাৰিটা প্ৰধান শ্ৰেণীত দলভুক্ত কৰিব পাৰি।

চাপপূর্ণ জীৱন ঘটনাসমূহ যেনে: বিচ্ছেদ, অৱসৰ গৰ্ভাৱস্থা, ওৰ সম্বন্ধীয় আৰু মৰমৰ লোকৰ মৃত্যু, বেকাৰি বা কর্মহীনতা– দৈনন্দিন জীৱনৰ বিবাদ বা বিতর্কসমূহ যেনেঃ বিচ্ছেদ, ইৱসৰ, গৰ্ভাৱস্থা, ওচৰ সম্বন্ধীয় আৰু মৰমৰ লোকৰ মৃত্যু, বেকাৰি বা কর্মহীনতা।

দৈনন্দিন জীৱনৰ বিবাদ বা বিতৰ্কসমূহ যেনে: বজাৰ-সমাৰ কৰা, অধিক প্ৰতিশ্ৰুতি বা শপত, কষ্টকৰ অৱস্থাত কৰ্মক্ষেত্ৰলৈ অহাযোৱা কৰি থকা কৰ্মৰ লগত সম্বন্ধযুক্ত চাপ যেনেঃ ভূমিকাৰ অস্পষ্টতা, বা সম্ভাৱহীন কৰ্মৰ পৰিবেশ, লক্ষ্যসমূহ পৰিপূৰ্ণ কৰাৰ বাবে আৰু দুৰ্যোগ বা প্রচণ্ড দুৰ্ঘটনাসমূহৰ দৰে সৰ্বনশীয়া বা বিপর্যয়গ্রস্ত ঘটনাসমূহ। চাপ হৈছে সকলোৰে বাবে অতি শক্তিশালী স্বাস্থ্য সঙ্কট কিন্তু প্ৰভাৱ নিৰ্ভৰ শীল হয় ব্যক্তি আৰু পৰিবেশৰ কর্মক্ষম মাত্ৰাৰ ওপৰত ইয়াৰোপৰি সকলো মানুহ নিশ্চিত কিছুমান প্ৰৱণতা বা বৈশিষ্ট্যৰ দিশৰ পৰা যেনে আশাবাদিতা, নিয়ন্ত্ৰণৰ ধাৰণা, স্বাস্থ্যৰ বিশ্বাসসমূহ, আবেগিক অৱস্থা আৰু ব্যক্তিত্বৰ আৰ্হি পৃথক পৃথক হয় যিয়ে চাপৰ সৈতে চম্ভালি লোৱা কাৰ্যত সহায় অথবা বাধা প্ৰদান কৰিব পাৰে।

২। স্বাস্থ্যৰ উন্নতিৰ বাবে বিবেচনা কৰিবলগীয়া উপাদানবোৰ কি কি? 

উত্তৰঃ স্বাস্থ্য আহৰ কৰাৰ বাবে নিম্ন উল্লিখিত নিশ্চিত আচৰণৰ আৰ্হিসমূহৰ প্রয়োজন হয়। গুৰুত্বপূৰ্ণ আচৰণসমূহ হৈছে— 

বিশ্রাম বা শৈথিল্য: চাপ কমোৱাৰ বাবে বৰ উপকাৰী। ধ্যান যিয়ে এটা বস্তু, শব্দ অথবা খণ্ডবাক্যৰ ওপৰত মনোযোগ কেন্দ্ৰীভূত কৰা কাৰ্য “অন্তৰ্ভুক্ত কৰি লয়, দাবী কৰিব পৰা প্ৰভাৱ থকা দেখা গৈছে। আন একধৰণৰ বিশ্রামক উন্নত মাংসপেশী শৈথিল্য হিচাপে কোৱা হৈছে। ইয়ে যেতিয়া আৰামদায়ক ভাৱে শুই পৰা অথবা বহি লোৱা হয় তেতিয়া পেশীসমূহ প্রণালীবদ্ধভাবে অনমনীয় কৰি লোৱা আৰু তাৰ পিছত শিথিল কৰি লোৱা কাৰ্য অন্তর্ভুক্ত কৰি লয়। এই উদ্দেশ্যৰ বাবে যোগ নিদ্ৰাকে ব্যৱহাৰ কৰা হয়। বিশ্রামে প্ৰায়েই গভীৰ নিশ্বাস লোৱা কাৰ্যকো অন্তর্ভুত কৰি লয়। ইয়াত কেইচেকেণ্ডমানৰ বাবে উশাহ টানি লোৱা হয় আৰু তাৰ পিচত লাহে লাহে এৰি দিয়া হয়।

ব্যায়াম বা অনুশীলন: নিয়মিত ব্যায়ামে শাৰীৰিক আৰু মানসিক স্বাস্থ্য বজাই ৰাখিবলৈ সহায় আগবঢ়ায়। ইয়ে হৃদযন্ত্র আৰু হাওঁফাওঁ শক্তিশালী কৰি তোলে আৰু দেহৰ দ্বাৰা অক্সিজেনৰ ব্যৱহাৰৰ উন্নতি ঘটায়। হেন্দোলি যোৱা, দৌৰা, চাইকেল চলোৱা আৰু বায়বীয় অনুশীলনসমূহ ইয়াৰ বাবে অতি উপকাৰী। ইয়াৰ উপকাৰসমূহে হৃদবাহিকা সম্বন্ধীয় বা ৰক্ত চলাচল সম্পৰ্কীয় উপযুক্ততা আৰু সহন ক্ষমতা শাৰীৰিক বাবে উন্নত ক্ষমতা, দেহৰ ওজনৰ সৰ্বাধিক ফলপ্ৰসূকৰণ, পেশীৰ স্থিতিস্থাপকতা আৰু শক্তিৰ উন্নতি সাধন, উচ্চ ৰক্তচাপৰ নিয়ন্ত্রণ, উন্নত চাপ সহনশীলতা, আৰু মনোযোগ তথা চিত্তসযোগ কেন্দ্রীভূতকৰণ অন্তৰ্ভুক্ত কৰি লয়। ব্যায়ামৰ পৰা উপকাৰ পোৱাৰ বাবে ইয়াক নিয়মিত ভাৱে কৰা উচিত।

ওজন নিয়ন্ত্ৰণ: খাদ্যৰ সম্পূৰ্ণ ব্যৱস্থাপনা বা নিয়ন্ত্ৰণৰ্ক এটা জটিল পদ্ধতিৰ দ্বাৰা নিৰূপণ কৰা হয় প্ৰকৃতাৰ্থত কিছুমান জৈৱৰাসায়নিক প্রক্রিয়াই ইয়াক নিয়ন্ত্ৰিত কৰে খাদ্যৰ দুৰ্বল নিয়ন্ত্ৰণ কাৰ্যই দেহৰ চৰ্বি বা স্নেহ উচ্চভাৱে পুঞ্জীকৰণৰ দিশলৈ আগুৱাই নিয়ে। ইয়াৰ ফলত সৃষ্টি হোৱা মেদবহুলতাই বিপদৰ উপাদান হিচাপে কাম কৰে কাৰণ ইয়ে ৰক্তচাপ আৰু ৰক্তপিত্তগত মেদৰ স্তৰ বৃদ্ধি কৰে। মেদবহুলতাক আগতীয়া মৰণশীলতাৰ কাৰণ হিচাপে পোৱা গৈছে। জিনেটিক উপাদানসমূহ, আৰু চাপ উভয়ে মেদবহুলতাৰ প্ৰতি অৱদান যোগায়। ওজন নিয়ন্ত্ৰণ কৰাটো বৰ জটিল। খাদ্য সম্বন্ধীয় হস্তক্ষেপ প্রয়োজনীয় যদিও ই প্ৰায়েই স্থায়ী ওজন নিয়ন্ত্ৰণৰ বাবে এটা ভিন্ন শাখাযুক্ত অভিগমন উত্তম হিচাপে পোৱা যায়। খোৱাৰ অভ্যাসৰ বিশ্লেষণক মানুহক তেওঁলোকৰ খোৱাৰ আৰ্হিসমূহ সম্পর্কে সচেতন কৰাৰ বাবে ব্যৱহাৰ কৰা হয়। খোৱা কাৰ্য প্ৰভাৱিত কৰা উদ্দীপকসমূহৰ বিশ্লেষণে খোৱা কার্য নিয়ন্ত্ৰিত কৰাৰ অন্তদৰ্শন প্ৰদান কৰে। মানুহক তেওঁলোকৰ পৰিবেশত থকা উদ্দীপকসমূহ যিবোৰে পূৰ্বতে অধিক খাদ্য খোৱাৰ বাবে আৰু এনে কাৰ্য বজাই ৰখাৰ বাবে আহ্বান জনাইলি সলনি কৰাৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰা হয়। ৰোগীসকলক নিজে নিজে খোৱা প্ৰক্ৰিয়া নিয়ন্ত্ৰিত কৰাৰ বাবে প্রশিক্ষিত কৰা হয়। খাদ্যৰ ওপৰত আত্ম-নিয়ন্ত্ৰণৰৰ চেতনা বিকাশপ্রাপ্ত কৰি তোলা প্রক্রিয়াই ওজন নিয়ন্ত্রিত প্ৰক্ৰিয়ালৈ অৱদান যোগায়।

খাদ্য: আমাৰ প্ৰত্যেকজনৰ বাবে স্বাস্থ্যকৰ খাদ্য বিশেষ লক্ষ্য হোৱা উচিত। অধ্যয়নসমূহে উনুকিয়াইছে যে কেনচাৰ, উচ্চ ৰক্তচাপ আৰু হৃদবাহিকা সম্বন্ধীয় ৰোগসমূহ বিকাশত খাদ্য সম্বন্ধীয় অভ্যাসবোৰ জটিলভাৱে অন্তৰ্ভুক্ত হৈ আছে। কম ৰ্বি আৰু নিম্ন ৰক্তপিত্তগত মেদৰ খাদ্যই হৃদৰোগ সম্বন্ধীয় বেমাৰৰ ঘটনা হ্ৰাস কৰে। খাদ্য সম্বন্ধীয় নিয়ন্ত্রণে খানাৰ পৰিকল্পনা কৰা, বনোৱা পদ্ধতিসমূহ আৰু খোৱা অভ্যাসসমূহ অন্তর্ভুক্ত কৰি লয়।

৩। স্বাস্থ্যৰ প্ৰতি বিশেষ কিছুমান ভাবুকিৰ বিষয়ে উল্লেখ কৰা।

উত্তৰঃ প্ৰায়বোৰ বেমাৰ আজাৰ আৰু স্বাস্থ্যৰ প্ৰতি ভাবুকিসমূহ যিবোৰে আমাৰ জীৱনদৈৰ্ঘ্য হ্ৰাস কৰে সেইবোৰ আমি প্ৰদৰ্শন কৰা আচৰণৰ পথসমূহ আৰু আমাৰ মাজত প্ৰদৰ্শন কৰা আচৰণৰ লগত সম্বন্ধ যুক্ত হৈ আছে। এনে অৱস্থাসমূহৰ উন্নতি সাধন কৰাৰ বাবে আমি কিছুমান কাম কৰা উচিত আৰু কিছুমান কৰা উচিত নহয়— এনে এটা জীৱনশৈলী গ্রহণ কৰা উচিত। দুৰ্ভাগ্য মানুহে এনে অভ্যাসবোৰহে বিকাশপ্রাপ্ত কৰি লয় যিবোৰে নানা সমস্যাৰ সৃষ্টি কৰে। তেওঁলোকে নানা আত্ম-ধ্বংসাত্মক আচৰণসমূহতহে লিপ্ত হয়। বিশেষ কিছুমান গুৰুত্বপূৰ্ণ কাম যিবোৰ স্বাস্থ্যৰ সংশয় বৃদ্ধি কৰে সেইবোৰ হৈছে:

১। সুৰা আৰু মাদক দ্ৰব্যৰ ব্যৱহাৰঃ আধুনিক কালত এইবোৰ আটাইতকৈ সাধাৰণ স্বাস্থ্যৰ ক্ষতি কৰা অভ্যাস। অধিকভাৱে এইবোৰ লোৱাৰ ফলত এইবোৰে তাৎক্ষণিক ভাৱে মানুহক হত্যা কৰিব পাৰে। সুৰা আৰু মাদক দ্ৰব্যৰ প্ৰতি আসক্তিয়ে প্ৰায়ে শ্বাসতন্ত্র আভ্যন্তৰিক বিশেষকৈ লিভাৰ আৰু সাধাৰণভাৱে অন্যান্য শাৰীৰিক পদ্ধতিসমূহ নষ্ট কৰি পেলাব পাৰে। চিন্তা কৰিব পৰা ক্ষমতা আৰু সিদ্ধান্তস‌ গ্ৰহণ কৰিব পৰা ক্ষমতাও ক্ষতিগ্রস্ত হয়। বিশেষকৈ সুৰাই বেয়াকৈ লিভাৰ প্ৰভাৱিত কৰে আৰু ইয়ে দৃঢ় সংহৃত বিশুদ্ধতা উৎপন্ন কৰিব পাৰে।

২। ধূম-পান কৰা: বিভিন্ন অধ্যয়নসমূহে স্পষ্টবাৱে দেখুৱাইছে যে হাওঁ- ফাওঁৰ কেনচাৰ আৰু হৃদপিণ্ডৰ বেমাৰৰ আপতন ধুমপানকাৰীসকলৰ মাজত অধিক। ধূমপানে স্থায়ী শ্বাস ৰোগৰ আৰু শ্বাস সম্বন্ধীয় বিশৃংখলতাসমূহৰ দিশলৈ আগুৱাই নিয়ে। মনত লগা ভাৱে ধূমপানৰ বিপদ একমাত্র ধূমপানকাৰীসকলৰ সৈতে সীমাবদ্ধ নহয়। পত্নীসকল, পৰিয়ালৰ প্ৰতিনিধিসকল একেলগে কাম কৰা যিসকলে ধুমপানকাৰীসকলৰ লগত একেলগে বসবাস কৰে। তেওঁলোকো নানা ধৰণৰ স্বাস্থ্য বিশৃংখলতাৰ দ্বাৰা আসত হৈ উঠে। অধিক ওজন আৰু চাপৰ দ্বাৰা আক্ৰান্ত লোকসকলৰ বাবে ধুম পান কৰাটো অধিক বিপদজনক। 

৩। ধপাতৰ ব্যৱহাৰ: ভাৰতবৰ্ষত ধঁপাত নানা ধৰণে ব্যৱহাৰ কৰা হয় মানুহে কেঁচা ধঁপাত খায়, ইয়াৰ গোন্ধ লয় আৰু পানৰ লগত ইয়াক পাগুলি খায়। অধ্যয়নসমূহে উনুকিয়াই যে ধঁপাত ব্যৱহাৰ কৰা কাৰ্যৰ লগত মুখৰ কেনচাৰ সম্বন্ধযুক্ত হৈ আছে৷ ইয়ে বেয়া ধৰণে মৌখিক স্বাস্থ্য প্ৰভাৱিত কৰে আৰু আনিক দাঁতৰ আলু তথা দাঁতসমূহো প্ৰভাৱিত কৰে।

৪। স্বাস্থ্যৰ উন্নতি ঘটোৱাৰ বাবে কিছু সংবাদৰ পৰামৰ্শ আগবঢ়োৱা ৷ 

উত্তৰঃ বহুদিনলৈ জীয়াই থকা আৰু ফলোৎপাদক তথা এটা স্বাস্থ্যকৰ জীৱন সকলোৰে বাবে এটা সপোন। এনে ঈৰ্ষা কৰিব পৰা লক্ষ্য সাধনত কৃতকার্য হোৱা লোকসকলৰ পৰা আমি ইয়াৰ বিষয়ে শিকিব পাৰোঁ। এনে কৃতকার্য বয়সীয়া লোকসকললৈ লক্ষ্য কৰি আমি লক্ষ্য কৰোঁ যে তেওঁলোক স্পষ্টভাৱে আনসকলতকৈ তিনিটা উপাদানত যেন– খাদ্য, শাৰীৰিক কাৰ্য আৰু সামাজিক জীৱনত অংশ গ্ৰহণ পৃথক প্ৰকৃতিৰ আছিল। বিশেষভাৱে, এই লোকসকলে পাতপূর্ণ সেউজীয়া আৰু শিপাজাতীয় শাক-পাচলিসমূহ, বিশুদ্ধ গাখীৰ, তেজাল ফলমূলসমূহ অধিকভাৱে পছন্দ কৰিছিল আৰু নিম্ন মজলীয়া পৰিমাণৰ খাদ্য খাইছিল। তেওঁলোকে নিম্ন মজলীয়া স্তৰৰ কেলৰী অক্ষত ভাৱে বজাই ৰাখে। তেওঁলোক শাৰীৰিক কাৰ্যত ব্যস্ত হৈ থাকে আৰু নিয়মীয়াভাৱে খোজ কাঢ়ে আৰু তেওঁলোকে পাৰিবাৰিক তথা সামাজিক কামকাজসমূহ বজাই ৰাখে।

বিস্তাৰিত প্ৰকাৰৰ গৱেষণাসমূহৰ ওপৰত নিৰ্ভৰ কৰাৰ পিছত, এয়া উপলব্ধি কৰা হৈছে যে নিশ্চিত সতর্কতামূলক কৌশলসমূহ গ্ৰহণৰ মাজেৰে স্বাস্থ্য আৰু মঙ্গল নিশ্চিত কৰাটো সম্ভৱ। এনে কৌশলসমূহৰ চমু বর্ণনা তলত প্ৰদান কৰা হ’ল।

(i) প্রাথমিক নিৰোধ: ইয়ে প্ৰতিৰোধ কৰিব পৰা বেমাৰ আৰু জখনৰ সংঘটন লোপ কৰা অথবা কমোৱাৰ প্ৰচেষ্টা চলায়। ইয়ে মানুহক আচৰণ আক স্বাস্থ্যৰ বিষয়ে শিকাৰ ক্ষেত্ৰত সহায় আগবঢ়োৱা, স্বাস্থ্যকৰ আচৰণ অনুশীলনত কৰাৰ বাবে অভিৰোচন আৰু প্রয়োজনীয় কৌশলসমূহৰ উন্নতি ঘটোৱা আৰু দুর্বল স্বাস্থ্য অনুশীলনসমূহ ৰূপান্তৰ কৰা প্ৰক্ৰিয়াসমূহ অন্তর্ভুক্ত কৰি লয়। ইয়ে আকৌ নিৰাপত্তাশীলকৰণৰ বিষয়ে সচেতনাতা সৃষ্টি কৰা কাৰ্য অন্তৰ্ভুক্ত কৰি লয়।

(ii) সহায়ক নিৰোধ: এনে ধৰণৰ নিৰোধ বা নিবাৰণৰ মুখ্য উদ্দেশ্য হৈছে এগৰাকী ব্যক্তিয়ে ভুগি থকা বেমাৰৰ পীড়াদায়কতা হ্ৰাস কৰা। নির্দিষ্ট বেনাৰ পুংখানুপুংখ ৰূপে পৰীক্ষা কৰা ৰোগ নিৰ্ণাত্মক অভীক্ষাসমূহ ব্যৱহাৰ কৰি প্ৰাৰম্ভিক উদ্ঘাটনৰ সহায়ত নিৰাময়ৰ বাবে পদক্ষেপসমূহ ল’ব পৰা যায়। দেহৰ অংশসমূহৰ বিষয়ে আৰু বিভিন্ন অংগসমূহৰ কার্যপ্রণালীৰ বিষয়ে ইযবোৰ ৰোগ নিবাৰণত সহায় কৰিব পাৰে মানুহে শিকিব পাৰে।

(iii) জীৱনশৈলীৰ পৰিৱৰ্তন: এইটো লিপিবদ্ধ কৰিবই লাগিব যে যেতিয়া জীৱনশৈলী দোষমুক্ত হয়, একমাত্র ঔষধ ৰোগ নিৰাময়ৰ বাবে প্ৰচুৰ নহয় এয়া উপলব্ধি কৰাটো প্রয়োজনীয় যে আমি ভবা প্রক্ৰিয়া আৰু আচৰণ প্ৰকাশ কৰা প্রক্রিয়া আভ্যন্তৰীণভাবে সম্বন্ধযুক্ত। মন আৰু দেহা দুয়োটা একেলগে আগবাঢ়ি যায়। বিভিন্ন ধৰণৰ বেমাৰবোৰ প্ৰায়েই আমাৰ বিশ্বাসবোৰ আৰু অভ্যাসবোৰৰ দ্বাৰা সৃষ্টি হয়। স্বাস্থ্যৰ শীৰ্ষাৱস্থা আহৰণ কৰাৰ বাবে মন আৰু দেহৰ মাজত সঙ্গতি আহৰণ কৰিব লাগিব। এয়া এইটো দৃষ্টিভংগীৰ সৈতে যুক্ত যে আয়ুৰবেদে,ভাৰতীয় ঔষধৰ পদ্ধতি, পৰামৰ্শ আগবঢ়ায় যে স্বাস্থ্য আৰু মঙ্গল উপযুক্ত আহাৰ (খানা), বিহাৰ আমোদ-প্রমোদ, আচাৰ ব্যৱহাৰ আৰু বিচাৰ চিন্তা আদিৰ ওপৰত নিৰ্ভৰশীল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top