ASOS Class 12 Psychology Chapter 16 আত্ম বা স্বয়ং কি?

ASOS Class 12 Psychology Chapter 16 আত্ম বা স্বয়ং কি?, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Psychology Chapter 16 আত্ম বা স্বয়ং কি? and select needs one.

ASOS Class 12 Psychology Chapter 16 আত্ম বা স্বয়ং কি?

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. ASOS Class 12 Psychology Chapter 16 আত্ম বা স্বয়ং কি? These solutions are part of SCERT All Subject Solutions. Here we have given Solutions for All Subject, You can practice these here.

আত্ম বা স্বয়ং কি?

Chapter : 16

16.1 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

উপযুক্ত শব্দৰে খালী ঠাই পূৰণ কৰা:

(১) ব্যক্তিগত সংস্কৃতিত ব্যক্তিয়ে______ অগ্ৰাধিকাৰ (prefer) দিয়ে। আনহাতে সামগ্রিক সংস্কৃতিত তেওঁলোকে______ অগ্রাধিকাৰ (prefer) দিয়ে।

উত্তৰঃ স্বাধীন, নিৰ্ভৰশীল।

(২) ______ এ বস্তুগত স্বয়ং সামাজিক স্বয়ং আৰু আধ্যাত্মিক স্বয়ঙৰ বিষয়ে কৈছিল।

উত্তৰঃ উইলিয়াম জেমচ্।

3. পাঁচ কোষৰ তত্ত্ব অনুসৰি, যিদৰে ভাৰতীয় চিন্তাধাৰাত ব্যাখ্যা কৰা হয়, অন্নমায়া কোষে _____ সামৰে।

উত্তৰঃ মুঠ শাৰীৰিক অবয়ৱ।

16.2 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

(১) ক্তম্ভ (Column) (ক) ৰ সৈতে স্তম্ভ (Column) (খ) মিলোৱা।

স্তম্ভ (ক)স্তম্ভ (খ)
(ক) আত্ম সম্মান।(i) আত্ম আচৰণৰ প্ৰকাশ।
(খ) আত্ম কার্যকাৰিতা।(ii) আনৰ প্ৰতিক্ৰিয়া আৰু বাহ্যিক পৰিৱেশৰ দ্বাৰা আচৰণ নিয়ন্ত্রণ।
(গ) আত্ম উপস্থাপন।(iii) আত্ম ধাৰণাৰ কাৰ্যৰ উপাদানৰ মূল্য নিৰূপণ।
(ঘ) আত্ম নিৰীক্ষণ।(iv) নিজৰ বিষয়ে চিন্তা কৰা।
(ঙ) আত্ম সচেতনতা।(v) নিজৰ ক্ষমতা সম্পৰ্কে বিশ্বাস।

উত্তৰঃ

স্তম্ভ (ক)স্তম্ভ (খ)
(ক) আত্ম সম্মান।(iii) আত্ম ধাৰণাৰ কাৰ্যৰ উপাদানৰ মূল্য নিৰূপণ।
(খ) আত্ম কার্যকাৰিতা।(v) নিজৰ ক্ষমতা সম্পৰ্কে বিশ্বাস।
(গ) আত্ম উপস্থাপন।(i) আত্ম আচৰণৰ প্ৰকাশ।
(ঘ) আত্ম নিৰীক্ষণ।(ii) আনৰ প্ৰতিক্ৰিয়া আৰু বাহ্যিক পৰিৱেশৰ দ্বাৰা আচৰণ নিয়ন্ত্রণ।
(ঙ) আত্ম সচেতনতা।(iv) নিজৰ বিষয়ে চিন্তা কৰা।

পাঠ্য সমাপ্তিৰ অনুশীলনীৰ উত্তৰঃ

(১) স্বয়ঙৰ ধাৰণা ব্যাখ্যা কৰা। 

উত্তৰঃ তোমাক যদি কোনাবাই প্রশ্ন কৰে, তুমি কোন? আমি প্ৰায়ে শাৰীৰিক উপাদান, চৰিত্ৰ, লক্ষ্য, অভিৰুটি ইত্যাদিৰ বর্ণনা দিওঁ। আত্মা ধাৰণা হৈছে বিভিন্ন সংবাদৰ সামগ্ৰিক ৰূপ। ই মনোবিজ্ঞানৰ ক্ৰিয়াৰ কেন্দ্রীয় দিশ গঠন কৰে। ইয়াৰ ব্যাখ্যা বিভিন্ন দিশৰ পৰা সম্ভৱ কৰি তোলা (approach) হয়। এক সুক্ষ্ম পৰ্যালোচনাৰ এই দৃষ্টিভংগীসমূহ (Vicuna) চালে এইটো বুজিব পাৰি যে স্বয়ং এক বিষয় লগে লগে এক বস্তুও। স্বয়ং এক বিষয় হিচাপে ইয়ে ব্যক্তিৰ আত্মা চিন্তা, অনুভৱ আৰু ক্ৰিয়াৰ অভিজ্ঞতাক সামৰি লয়। সেয়ে, যেতিয়া মোৰ খং উঠে অথবা স্বাধীনতাৰ ভাবৰ কথা চিন্তা কৰোঁ, তেতিয়া সেই প্ৰকাৰৰ “মই”— স্বয়ং বিষয় হিচাপে প্রকাশিত হয়। আনহাতে, বস্তু হিচাপে স্বয়ং হ’ল অইন ব্যক্তিৰ স্বয়ং বা মোৰ সম্বন্ধে ধাৰণা। সাম্প্রতিক মেজাজৰ (mode) প্রতিনিধি বোধগম্য হোৱাৰ প্ৰচেষ্টাক স্বয়ঙৰ ধাৰণাই চলাই আহিছে।

স্বয়ংৰ অভিজ্ঞতা বৰ সাধাৰণ (common) কিন্তু ই এক জটিল ধাৰণা। ইয়াৰ গঠন আৰু সষ্টি (content) সমাজ আৰু সমাজত বাস কৰা ব্যক্তি সংস্কৃতিৰ দ্বাৰা গঠিত। সাংস্কৃতিক প্ৰসংগত ব্যক্তিয়ে পৃথিৱীখনক দুটা ভাগত ভাগ কৰিছে। স্বয়ং আৰু স্বয়ংহীন ব্যক্তিগত সংস্কৃতিত ব্যক্তিয়ে স্বাধীন বিশ্লেষণৰ কথাক (contrual) অগ্ৰাধিকাৰ (prefer) দিব যি ক্ষেত্ৰত সামুহিক সংস্কৃতিয়ে নিৰ্ভৰশীল (Interdependent) স্বয়ঙৰ ভাৱক অগ্ৰাধিকাৰ (Prefer) প্রদান ককৰিব। স্বাধীন স্বয়ঙৰ বিশ্লেষণে স্বয়ত্তক আবদ্ধ (fourded) স্পৃহী (seperate) আৰু ব্যক্তিগত অস্তিত্ব (entity) ৰূপে গণ্য কৰে, যিটোৱে এগৰাকী ব্যক্তিৰ চিন্তাক নিজৰ মাজত কেন্দ্ৰীভূত কৰে। ইয়াৰ বিপৰীতে, নির্ভৰশীল (Interdependent) স্বয়ণ্ডৰ বিশ্লেষণে গুরুত্ব দিয়ে সংযোগ (interdependence) আৰু ভাগ-বতৰাৰ ওপৰত। এই ক্ষেত্ৰত স্বয়ং আৰু স্বয়ঙৰ বাহিৰৰ পৰিসীমা ওপৰা-উপৰি (overlapping) হয়। এইটো সম্ভৱতঃ, উল্লেখ কৰিব পাৰি যে স্বয়ং বিশ্লেষণৰ দুই ধৰণৰ প্ৰকাৰৰ (mode) বহল দিশ (tread) আৰু এক ধৰণৰ সংস্কৃতিত ব্যক্তিয়ে দুয়োধৰণৰ বিশ্লেষণ বিভিন্ন পৰ্যায়ত (degree) প্ৰদৰ্শন (display) কৰিব পাৰে।

কিছু সংখ্যক গৱেষকে স্বয়ঙৰ ভাৱৰ উদ্ভৱ আৰু গঠন সামাজিক পাবস্পৰিক ক্ৰিয়াৰ ফলত হোৱা বুলি ধাৰণা কৰে। সাধাৰণতে যেতিয়া কোনো এটি শিশুক সম্বোধন কৰা হয় তেতিয়া সি / তাই নিজৰ সম্পৰ্কে চিন্তা কৰিবলৈ আৰম্ভ কৰে। সেয়ে, সামাজিক অভিজ্ঞতাত স্বয়ঙৰ উদ্ভৱ হয়। ক্রমান্বয়ে ব্যক্তিয়ে স্বয়ঙৰ বা আত্মৰ বিশেষ দৃষ্টিভংগীক অভ্যন্তৰীণ (internalize) কৰে যিটো শক্তিশালী উৎস হৈ আচৰণক প্ৰভাৱিত কৰে। স্বয়ঙৰ কিছু অংশ আমাৰ ব্যক্তিগত আৰু সেয়া কেৱল আমিহে জানো। আনটো অংশ ৰাজহুৱা যিটো বাকীবোৰেও জানে। তাৰোপৰি, দলৰ সদস্যৰূপে ভাগ লোৱাৰা এটা অংশ স্বয়ঙৰ থাকে। এই ধৰণৰ স্বয়ঙক কোৱা হয় সামূহিক স্বয়ং বা সাাজিক পৰিচয় বুলি।

(২) ভাৰতীয় ধাৰণাৰ পাঁচটা কোষৰ বিষয়ে আলোচনা কৰা। 

উত্তৰঃ কোষ শব্দৰ অর্থ হৈছে আরবণ বা আচ্ছাদন। ভাৰতীয় চিন্তাধাৰাত আমাৰ জীৱৰ মাজত পাঁচটা কোচ বা কোষ আছে। তলত এইবিলাকৰ বিষয়ে আলোচনা কৰা হ’ল–

(i) অন্নমায়া কোচ (Anramaya Kosh): এই কোষে সামগ্রিকভাৱে শৰীৰক সামৰি লয়। পাঁচ কোষৰ তত্ত্ব অনুসৰি, যিদৰে ভাৰতীয় চিন্তাধাৰাত ব্যাখ্যা কৰা হয়, অন্নমায়া কোষে মুঠ শাৰীৰিক অবয়ব সামৰে। ই উপস্থিতি আটাইতকৈ বাহিৰৰ স্তৰ । ইয়াক অন্নমায়া বোলা হয় কাৰ ই খাদ্যৰ ওপৰত ভিত্তি কৰে যি খাদ্য আমি খাওঁ আৰু ক্ষয় (consume) কৰো। 

(ii) প্রাণামায়া কোচ (Pranamaya Kosh): এই স্তৰতো প্ৰাণৰ সৈতে জড়িত আৰু উশাহ নিশাহ আৰু দেহৰ উপাদানৰ বাসায়নিক (metabolic) প্ৰক্ৰিয়াক প্ৰতিনিধিত্ব কৰে। ইয়াত পাঁচটা গ্রাহক (effetor) সোমাই আছে।

(iii) মনোমায়া কোচ (Manomaya Kosh): ই ইন্দ্ৰিয়ক লৈ গঠিত। ই স্বাত্তৰ (ego) স্থান আৰু ই ব্যক্তিৰ ব্যক্তিগত লিপ্ততা (involvement) যিবোৰে ব্যক্তিক হেঁপাহ আৰু ক্ৰিয়াৰ সৈতে সাঙোবে সেয়া চালিত (lead) কৰে। 

(iv) বিজ্ঞানমায়া কোচ (Vigyanamaya Kosh): ইয়াত পাঁচটা ইন্দ্ৰিয় আছে আৰু আছে বুদ্ধি। ই পৃথিৱীৰ জীৱনক নিয়ন্ত্রণ করে। একাত অনুভৱৰ উপস্থিতিৰ জীৱক অতীতৰ ক্ৰিয়াৰ সৈতে সম্পৰ্ক কৰায়। তাৰোপৰি, গৌৰৱ আৰু ঠাই অনুভৱ কৰায়।

(v) আনন্দমায়া কোচ (Anandamaya Kosh): ই এক আনন্দৰ আচ্ছাদন। আশীৰ্বাদৰ অনুভৱৰ আধ্যাত্মিক ভিত্তি থাকে, তাৰোপৰি, কোনো এটা হেঁপাহৰ বস্তুৰ পৰা লাভ কৰা আনন্দও ইয়াৰ অংশ।

(৩) সম্ভাৱনীয় আত্ম মূল্য নিৰ্দ্ধাৰণ‌ (Appraisal) পথৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ এইটো প্ৰায়েই ধৰি লোৱা হয় যে আমি নিজকে খুব ভালদৰে জানো। যদিও, প্রকৃতিতে সেয়া সত্য নহয়। অধ্যয়নে দেখুৱাইছে আমাৰ আত্ম ধাৰণাৰ বিভিন্ন দিশ আছে যিবোৰ আমিও নিজেও জানো আৰু আনেও এই বিষয়ে জানে।

আন কথাত ক’বলৈ হ’লে এইটো ৰাজহুৱা কিন্তু আন তিনিটা সম্ভাবনা আছে সেই কেইটা তলত দিয়া হলঃ

1. কিছুমান আত্ম আৰোপ (Attribute) আছে যিবোৰ ব্যক্তিগৰাকীয়ে জানে কিন্তু আনে নাজানে।

2. কিছুমান আত্ম আৰোপ আছে যিবোৰ ব্যক্তিগৰাকীয়েও জানে আৰু আনে নেজানে।

3. কিছুমান আত্ম আৰোপ আছে যিবোৰ ব্যক্তিগৰাকীয়েও নাজানে আৰু আনেও নাজানে।

তুমি সহজেই সেই পৰিস্থিতিৰ কল্পনা কৰিব পাৰিবা য’ত আত্ম আৰোপৰ তাৰতম্য ব্যক্তিগৰাকীয়ে জানে বা নাজানে। এক স্বাস্থ্যসম্মত জীৱনৰ বাবে কোনো এজনৰ আৰোপৰ উচিত প্ৰশংসাৰ প্ৰয়োজন। তাৰোপৰি, এইটো হয়তো এক প্রকৃত মুল্য নিৰূপন (Appraisal), নিৰপেক্ষ জ্ঞান আৰু নিজৰ শক্তি আৰু দুৰ্বলতাৰ উপলব্ধি যিটোৰ ওপৰত ভিত্তি কৰি সঠিক ক্ৰিয়াৰ গাঁঠনিৰ পৰিকল্পনা কৰিব পাৰি।

আত্ম সম্পর্কে আলোচনা কৰোতে এইটো আঙুলিয়াব লাগে যে ব্যক্তিয়ে প্ৰায়ে আত্ম সেৱাৰ পক্ষপাতিত্ব (Fias) প্রদর্শন কৰে। এই প্ৰৱণতাৰ বাবে বস্তুবোৰ এনেধৰণে চায় য’ত ইতিবাচক আত্ম আৰোপ বৰ্দ্ধিত (Enhorce) হয়। উদাহৰণস্বৰূপে, ব্যক্তিয়ে যিকোনো ক্ৰিয়াৰ সফলতা ব্যাখ্যা কৰে তেওঁলোকৰ ক্ষমতা আৰু প্ৰচেষ্টাৰ ভেটিত আৰু আৰোপৰ উত্তীৰ্ণহীনতাক বাহ্যিক উপাদান যেনে সুযোগ বা ভাগ্য, তাৰোপৰি, প্ৰত্যেকেই আনৰ পৰা ইতিবাচক প্রশংসা বিচাৰে, সেইটো শুদ্ধই হওঁক বা অশুদ্ধই হওঁক, এইবোৰে ভুল আত্ম প্ৰতিৰূপ গঠন কৰে আৰু অন্যান্য সমস্যাৰো সৃষ্টি কৰে।

(৪) আৱেগ আৰু অভিৰোচনৰ সৈতে আয়ু বিশ্লেষণৰ সম্পৰ্ক আলোচনা কৰা।

উত্তৰঃ স্বয়ং আৰু আৱেগ (Self and Emotion): কিছুমান আৱেগে আভ্যন্তৰীণ গুণ বা বৈশিষ্ট্যসমূহৰ ওপৰত গুৰুত্ব (Emophosis) দিয়ে। উদাহৰণস্বৰূপে, যেতিয়া কোনো এগৰাকী লোকে কিবা এটা বিশেষ কার্য সম্পাদন কৰে। তেতিয়া তেওঁৰ গৌৰৱ আৰু উচ্চ মনোভাৱৰ উমান পোৱা যায়। সেইদৰে হতাশাই ঠাই লয় যেতিয়া ব্যক্তিগত লক্ষ্য আৰু হেঁপাহত (আভ্যন্তৰীণ আৰোপ) বাধা আছে। এই ধৰণৰ পৰিস্থিতিত আবেগিক অভিজ্ঞতাই স্বয়প্তক সামাজিক সম্পৰ্কৰ পৰা পৃথক (Separate) অথবা নিযুক্তিহীন (Diserage) কৰে। আনহাতে, কিছুমান ইতিবাচক আবেগ আছে এনে ইতিবাচক আবেগ হৈছে গুরুত্বপূর্ণ অনুভৱ কৃতজ্ঞতাৰ অনুভৱ আৰু শ্রদ্ধা। সেই আবেগবোৰে ঠাই লয় যেতিয়া কোনো এজনৰ আনৰ সৈতে নিবিড় বা অনুকূল (Congenial) সম্পর্ক গটি উঠে। এনেধৰণৰ আৱেগে ব্যক্তিৰ মাজৰ সম্পৰ্কৰ্ক উদ্‌গনি দিয়ে। এই কথা নেতিবাচক আৱেগৰ ক্ষেত্ৰতো একে, যেনে অপৰাধী বা ধৰুৱাভাৱৰ (Indeltness) অনুভৱ। এইবোৰে ঠাই লয় যেতিয়া কোনো এগৰাকী লোকে আনৰ সৈত সম্পৰ্ক ৰক্ষা কৰা ব্যৰ্থ হয় তেতিয়া। এই ধৰণৰ আৱেগে সামাজিকভাৱে নিযুক্ত (Engaged) আৱেগক প্ৰতিফলিত কৰে। এইটো দেখিবলৈ পোৱা গৈছে যে যিসকল ব্যক্তিৰ নিৰ্ভৰশীল আত্ম বিশ্লেষণ আছে সেইবোৰ সামাজিক ভাৱে নিযুক্ত (Engaged) আৱেগৰ অভিজ্ঞতা সঘনাই স্বাধীন আত্ম বিশ্লেষণতকৈ অধিকভাৱে লাভ কৰে।

স্বয়ং আৰু অভিৰোচন (Self and Motivation): এইটো সাধাৰণতেই চিন্তা কৰা যায় যে অভিৰোচনৰ চৰ্চা ব্যক্তিৰ আভ্যন্তৰীণ প্ৰক্ৰিয়াৰ লেনদেনৰ সৈতে জড়িত। প্রয়োজনৰ ধাৰণা আৰু অভিৰোচনে এই প্ৰক্ৰিয়াৰ সৈতে লেনদেন (Deal) কৰে। এই দৃষ্টিভংগী স্বাধীন আত্ম বিশ্লেষণৰ নিচিনা। সকলোবোৰে ব্যক্তি অথবা “মই” ৰ সৈতে জড়িত অভিৰোচনকে বুজায়। নিৰ্ভৰশীল আত্ম ক্ষেত্ৰত, আচৰণবোৰ নিৰ্দেশিত বা প্ৰদৰ্শিত হয় আনৰ বাধ্যবাধকতাৰ (Obligation) প্রত্যাশাত (যেনে, মাক-দেউতাক, শিক্ষক, পৰিয়ালৰ অইন সদস্য) আৰু তেওঁলোকৰ প্ৰতি থকা কৰ্তব্যৰ বাবে। এই প্রসঙ্গত সফলতাৰ অধ্যয়নে অভিৰোচনৰ ব্যৱহাৰিক যোগান ধৰিব পাৰে।

সফলতাৰ অভিৰোচনে ‘হেঁপাহৰ শ্ৰেষ্ঠতা’ৰ (Excel) সৈতে লেনদেন কৰে। এই হেঁপাহ সকলো সংস্কৃতিতে আছে। যদিও, বিভিন্ন সংস্কৃতিত ইয়াক ভিন্ন ধৰণে ধাৰণা কৰা হৈছে সংস্কৃতি য’ত স্বাধীন তেনেক্ষেত্ৰত আত্ম বিশ্লেষণে মুখ্য ভূমিকা লৈ আছে এই প্ৰয়োজনৰ ব্যক্তিগত আধাৰত, আনহাতে সংস্কৃতি, য’ত নিৰ্ভৰশীল তেনেক্ষেত্ৰত আত্ম বিশ্লেষণক গুৰুত্ব দিয়া হয়, এই প্রয়োজন সামূহিক আৰু সামাজিক ভাবে গঠিত হয়। ভাৰতীয় প্ৰসঙ্গত য’ত সামূহিক (Collectivism) আৰু নিৰ্ভৰশীল স্বয়ঙে সামাজিক ধাৰণাক কর্তৃত্বশীল (dominate) কৰে, সফলতাক চিন্তাৰ এক গুৰুত্বপূৰ্ণ দিশৰূপে প্রত্যক্ষ (Emerge) কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top