ASOS Class 12 Psychology Chapter 15 ব্যক্তিগত বৈষম্যসমূহৰ মননঃ বুদ্ধিৰ সংঘটন

ASOS Class 12 Psychology Chapter 15 ব্যক্তিগত বৈষম্যসমূহৰ মননঃ বুদ্ধিৰ সংঘটন, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Psychology Chapter 15 ব্যক্তিগত বৈষম্যসমূহৰ মননঃ বুদ্ধিৰ সংঘটন and select needs one.

ASOS Class 12 Psychology Chapter 15 ব্যক্তিগত বৈষম্যসমূহৰ মননঃ বুদ্ধিৰ সংঘটন

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. ASOS Class 12 Psychology Chapter 15 ব্যক্তিগত বৈষম্যসমূহৰ মননঃ বুদ্ধিৰ সংঘটন These solutions are part of SCERT All Subject Solutions. Here we have given Solutions for All Subject, You can practice these here.

ব্যক্তিগত বৈষম্যসমূহৰ মননঃ বুদ্ধিৰ সংঘটন

Chapter : 15

15.1 পাঠ্য অন্তৰ্গত প্রশ্নাৱলীৰ উত্তৰঃ

শুদ্ধ বিকল্প নিৰ্বাচন কৰা:

(i) এটা বুদ্ধি অভীক্ষাত এটা বৃহৎ দলৰ ৰাশিসমূহে এনে এটা বিতৰণ প্ৰদৰ্শন কৰিব য’ত অধিক সংখ্যকে পাব:

(ক) নিম্ন ৰাশিসমূহ।

(খ) মজলীয়া ৰাশিসমূহ।

(গ) উচ্চ ৰাশিসমূহ।

(ঘ) চূড়ান্তভাৱে উচ্চ ৰাশিসমূহ।

উত্তৰঃ (খ) মজলীয়া ৰাশিসমূহ।

(ii) বুদ্ধিৰ প্ৰথম অভীক্ষাৰ লগত সম্বন্ধযুক্ত হৈ আছে–

(ক) বীনে।

(খ) স্পিয়াৰমেন।

(গ) টাৰমেন।

(ঘ) ৰাভেন।

উত্তৰঃ (ক) বীনে।

(iii) বুদ্ধি একাধিক উপাদানক লৈ গঠিত বুলি কোনে উল্লেখ কৰিছে?

(ক) থাৰ্ষ্টতন।

(খ) ওইলফোর্ডে।

(গ) ভামনে।

(ঘ) ষ্টানবার্গে।

উত্তৰঃ (ক) থাৰ্ষ্টতন।

(iv) যি দৃষ্টিভংগীয়ে বুদ্ধিক সঞ্চালনসমূহ, বিষয়বস্তুসমূহ সৃষ্টসমূহৰ

(ক) পদ্ধতিসমূহৰ আৰ্হি হিচাপে।

(খ) প্রজ্ঞাৰ গাঁথনি হিচাপে।

(গ) পদানুক্রমে আৰ্হি হিচাপে।

(ঘ) জি উপাদানৰ আৰ্হি হিচাপে।

উত্তৰঃ (খ) প্ৰজ্ঞাৰ গাঁথনি হিচাপে।

15.2 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

শুদ্ধ বিকল্প নির্বাচন কৰা:

(i) তলৰ কোনটোৱে বুদ্ধিৰ অপ্ৰজ্ঞানাত্মক দিশৰ সৈতে মকামিলা নকৰে?

(ক) ব্যৱহাৰিক বুদ্ধি।

(খ) সামাজিক বুদ্ধি।

(গ) আৱেগিক বুদ্ধি।

(ঘ) বুদ্ধিৰ প্ৰক্ৰিয় আৰ্হি।

উত্তৰঃ (ঘ) বুদ্ধিৰ প্ৰক্ৰিয় আৰ্হি।

(ii) তলত দিয়া সূত্র প্রয়োগ কৰি বুদ্ধাংক আহৰণ কৰা হয়:

(ক) MAICA + 100

(খ) MA / CA x 100

(গ) CA / MAX 100

(ঘ) CA/MA + 100

উত্তৰঃ (খ) MA /CA X 100

(iii) ওৱেচ্লাৰৰ অভীক্ষাই পৰিমাণ প্ৰদান কৰে:

(ক) বিশেষ সামৰ্থ্যসূহৰ।

(খ) মৌখিক সামর্থ্যৰ।

(গ) বুদ্ধিৰ প্ৰক্ৰিয়াসমূহৰ।

(ঘ) সাধাৰণ সামর্থ্যৰ।

উত্তৰঃ (ঘ) সাধাৰণ সামৰ্থ্যৰ।

(iv) এটা বুদ্ধি অভীক্ষাত তলত দিয়াবোৰ থাকিব লাগিব? 

(ক) মানদণ্ডসমূহ।

(খ) বৈধতা।

(গ) নিৰ্ভৰযোগ্যতা।

(ঘ) ওপৰৰ সকলোবোৰ।

উত্তৰঃ (ঘ) ওপৰৰ সকলোবোৰ।

(v) বুদ্ধি অভীক্ষাসমূহে সহায় নকৰে:

(ক) নির্দেশনাত।

(খ) কোনো সংগঠন বা সেনাবাহিনীৰ লোক নির্বাচন।

(গ) শিক্ষণৰ পৰিমাপণত।

(ঘ) সমস্যা সমাধান সামৰ্থ্যৰ পৰিমাপণত।

উত্তৰঃ (গ) শিক্ষণৰ পৰিমাপণত।

পাঠ্য সমাপ্তিৰ প্ৰশ্নাৱলীৰ উত্তৰঃ

(১) মনোবিজ্ঞানীসকলে বুদ্ধিৰ ধাৰণা ব্যৱহাৰ কৰা উপায়সমূহৰ লগত তোমাৰ পৰিচয়ৰ বিষয়ে প্ৰকাশ কৰা।

উত্তৰঃ বুদ্ধিৰ গাঁথনি, ই একক অথবা বহু উপাদানমূলক যিয়েই নহওঁক কিয়, এটা বিষয় হৈ আহিছে৷ উপাদান বিশ্লেষণ নামসহসম্বন্ধমূলক কৌশল ব্যৱহাৰ কৰি বিভিন্ন গৱেষকে বুদ্ধিৰ গঠন প্রণালী অনাবৃত কৰাৰ বাবে প্রচেষ্টা চলাই আহিছে।

সাধাৰণ উপাদান (জি) হিচাপে বুদ্ধি: স্পিয়াৰমেনে উপস্থাপন কৰিছিল যে‌ আমি এটা সাধাৰণ বুদ্ধিৰ উপাদানৰ (জি) আৰু বহুতো বিশেষ উপাদান (এচ) যিবোৰ বিশেষ সামৰ্থ্যসমূহৰ প্ৰতি বিশিষ্ট হয় সেইবোৰৰ অধিকাৰী হওঁ। যি উপাদান সকলো প্ৰকাৰৰ সামৰ্থ্যৰ মাজেৰে প্ৰবাহিত হয় ই বিমূর্ত সম্পর্কসমূহ উপলব্ধি কৰা সামৰ্থ্যত প্রকাশিত হয়।

বুদ্ধিৰ বিবিধ উপাদানসমূহ: থাষ্টতনে উত্থাপন কৰিছিল যে বুদ্ধিয়ে ৭টা উপাদান যেনে মৌখিক উপলব্ধি, শব্দ, বাকচাতুর্য, সংখ্যা, স্থান, সাংসর্গিক স্মৃতি ইন্দ্রিয়ানুভূত গতি আৰু সাধাৰণ সিদ্ধান্ত বা আৰোহ (অথবা সাধারণ যুক্তি প্রদান ) অন্তর্ভুক্ত কৰি লয়। তেখেতে এই উপাদানসমূহ পৰিমাপ কৰাৰ বাবে প্ৰাথমিক মানসিক সমস্যাসমূহৰ এটা অভীক্ষা বিকাশপ্রাপ্ত কৰি তুলিছিল।

(২) বুদ্ধিৰ মূল্যাঙ্কনত ব্যৱহাৰ কৰা এটা মনোবৈজ্ঞানিক অভিক্ষাৰ নিহিত গুণাৱলীৰ বিষয়ে ব্যাখ্যা কৰা।

উত্তৰঃ বুদ্ধিৰ এটা বিস্তাৰিত পৰিমাপ প্ৰদান কৰাৰ উদ্দেশ্যৰ সৈতে গুইলফোর্ডে আন এটা দৃষ্টিভংগী প্ৰদান কৰিছিল। তেওঁ ইয়াক প্ৰজ্ঞাৰ গাঁঠনি (এচ আই) আহি হিচাপে পৰিভাষিত কৰিছে। এই আৰ্হিটোৱে তিনিটা মূল বিস্তাৰৰ সৈতে বৌদ্ধিক সংলক্ষণসমূহ শ্ৰেণীকৰণ কৰিছে।

সঞ্চালনসমূহ: এগৰাকী ব্যক্তিয়ে কি কৰে? সঞ্চালনসমূহে প্রজ্ঞান, স্মৃতি, ভিন্নমুখী উৎপাদন (সৃষ্টিশীলতা), সমকেন্দ্রিক উৎপাদন আৰু মূল্যাংকন সামৰি লয়।

বিষয়বস্তুসমূহ: ইয়ে বস্তুসমূহৰ অথবা সংবাদ যাৰ ওপৰত সঞ্চালনসমূহ সম্পন্ন কৰা হয় সেয়া সূচায় এইবোৰ দৰ্শন, শ্ৰৱণ, প্রতীকধর্মী (যেনে, আখসমূহ, সংখ্যাসমূহ), শব্দার্থীয় (যেনে শব্দবোৰ) আৰু আচৰণূলক ততা প্রতিমূর্তি সম্বন্ধীয় (ব্যক্তিৰ আচৰণ, মনোভাৱসমূহ, প্রয়োজনসমূহ ইত্যাদি) অন্তর্ভুক্ত কৰিলয়।

সৃষ্টবস্তুসমূহ: ইয়ে তেনে আকাৰ যিটোত এগৰাকী ব্যক্তিৰ দ্বাৰা সংবাদ প্ৰক্ৰিয়াকৰণ কৰা হয় সেই বিষয়ে সূচায়। সৃষ্ট বস্তুসমূহত, শ্রেণীসমূহত, সম্পর্কসমূহ, পদ্ধতিৰ পৰিৱৰ্তনসমূহ আৰু প্ৰযুক্ত কৰা হয়।

(৩) এটা বুদ্ধিৰ অভীক্ষাৰ বিষয়ে ব্যাখ্যা কৰা আৰু ইয়াৰ সম্ভাব্য ব্যৱহাৰবোৰৰ বিষয়ে উল্লেখ কৰা।

উত্তৰঃ বুদ্ধিৰ এটা বিস্তাৰিত পৰিমাপ প্ৰদান কৰাৰ উদ্দেশ্যৰ সৈতে গুইলফোর্ডে আন এটা দৃষ্টিভংগী প্ৰদান কৰিছিল। তেওঁ ইয়াক প্ৰজ্ঞাৰ গাঁঠনি (এ আই) আহি হিচাপে পৰিভাষিত কৰিছে। এই আৰ্হিটোৱে তিনিটা মূল বিস্তাৰৰ সৈতে বৌদ্ধিক সংলক্ষণসমূহ শ্ৰেণীকৰণ কৰিছে। 

সঞ্চালনসমূহ: এগৰাকী ব্যক্তিয়ে কি কৰে? সঞ্চালনসমূহে প্রজ্ঞান, স্মৃতি, ভিন্নমুখী উৎপাদন (সৃষ্টিশীলতা), সমকেন্দ্ৰিক উৎপাদন আৰু মূল্যাংকন সামৰি লয়। 

বিষয়বস্তুসমূহ: ইয়ে বস্তুসমূহৰ অথবা সংবাদ যাৰ ওপৰত সঞ্চালনসমূহ সম্পন্ন কৰা হয় সেয়া সূচায়। এইবোৰ দৰ্শন, শ্রৱণ, প্রতীকধর্মী (যেনে, আখসমূহ, সংখ্যাসমূহ), শব্দার্থীয় (যেনে শব্দবোৰ) আৰু আচৰণুলক ততা প্রতিমূর্তি সম্বন্ধীয় (ব্যক্তিৰ আচৰণ, মনোভাৱসমূহ, প্রয়োজনসমূহ ইত্যাদি) অন্তর্ভুক্ত কৰিলয়।

সৃষ্টবস্তুসমূহ: ইয়ে তেনে আকাৰ যিটোত এগৰাকী ব্যক্তিৰ দ্বাৰা সংবাদ প্ৰক্ৰিয়াকৰণ কৰা হয় সেই বিষয়ে সুচায়। সৃষ্ট বস্তুসমূহত, শ্রেণীসমূহত, সম্পর্কসমূহ, পদ্ধতিৰ পৰিৱৰ্তনসমূহ আৰু প্ৰযুক্ত কৰা হয়।

এটা প্ৰক্ৰিয়া হিচাপে বুদ্ধি: এই দৃষ্টিভংগীটো প্ৰজ্ঞানাত্মক বিজ্ঞান পৰম্পৰাৰ লগত সম্বন্ধযুক্ত হৈ আছে। বিশেষভাৱে সংবাদ প্ৰক্ৰিয়াকৰণ আৰ্হি ইয়াৰ প্ৰতি অতি প্রাসঙ্গিক। ইয়ে বৌদ্ধিক কাৰ্যসমূহ গ্ৰহণ কৰাৰ সময়ত অর্জন, উপস্থাপন। আৰু সংবাদৰ ব্যৱহাৰৰ প্ৰক্ৰিয়াসমূহ অন্বেষণ কৰে।

ত্রিমূৰ্তিমূলক তত্ত্ব: উপাদানমূলক অথবা মনোমিতি অভিগমন অগ্ৰাহ্য কৰাৰ পিছত ৰ’বার্ট ষ্টার্নবার্গে তিনিটা দিশত যেনে উপাদানমূলক, অভিজ্ঞতামূলক আৰু প্রাসঙ্গিক বুদ্ধিৰ বিশ্লেষণ কৰিছিল। উপাদানমূলক দিশে তেনে প্রক্রিয়াসমূহ অন্তর্ভুক্ত কৰি লয় যিবোৰ মানবিশিষ্ট কৰি তোলা অভীক্ষাসমূহত এটা অভীক্ষালৈ পদসমূহৰ প্ৰতি প্ৰতিক্ৰিয়া কৰাৰ সসময়ত এগৰাকী ব্যক্তিৰ দ্বাৰা প্ৰয়োগ কৰা হয়। ইয়াৰ গঠনকাৰীসমূহে অৱস্থাৰ পৰিৱৰ্তনৰ অন্যতম উপাদান অথবা উচ্চ শৃংখলৰ নিয়ন্ত্ৰণ প্ৰক্ৰিয়াসমূহ কাৰ্য সম্পাদনৰ অন্যতম উপাদান, অর্জিত অন্যতম উপাদান আৰু স্থানান্তৰ উপাদান অন্তৰ্ভুক্ত কৰি লয়। 

দ্বিতীয় দিশটো হৈছে অভিজ্ঞতামূলক যিটোৱে মানুহৰ মানসিক জগত আৰু বাহিৰৰ অথবা বাহ্যিক জগত এই দুয়োখন জগত কেনেভাৱে সম্বন্ধযুক্ত হৈ আছে সেই পথৰ বিষয়ে সুচায়। ইয়ে বুদ্ধিৰ বিশ্বাস বা মতৰ লগত সৃষ্টিশীলতাক যোগ দিয়ে। বাস্তব ক্ষেত্ৰত এগৰাকী ব্যক্তিৰ বুদ্ধিয়ে তেওঁৰ অভিজ্ঞতাসমূহৰ আকাৰ প্ৰদান কৰে। এগৰাকী লোকৰ অভিজ্ঞতা যি তেওঁ প্ৰভাৱিত কৰে, সেয়াই বুদ্ধি। বুদ্ধিৰ তৃতীয় দিশটো হৈছে প্রাসঙ্গিক। ইয়ে ব্যক্তিসকলে তেওঁলোকৰ পৰিৱেশসমূহ সমানে ভগাই লোৱা, সেইবোৰৰ লগত সমাযোজনা কৰা, আৰু সহজলভ্য সম্পদসমূহৰ পৰা সৰ্বোচ্চ পৰিমাপ পাবলৈ প্ৰচেষ্টা উপায়ৰ কথা সূচয়। ইয়াক আকৌ ব্যৱহাৰিক বুদ্ধি বুলিও কোৱা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top