ASOS Class 12 Psychology Chapter 14 প্ৰাপ্তবয়স্ককাল আৰু বাৰ্ধক্য কাল

ASOS Class 12 Psychology Chapter 14 প্ৰাপ্তবয়স্ককাল আৰু বাৰ্ধক্য কাল, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Psychology Chapter 14 প্ৰাপ্তবয়স্ককাল আৰু বাৰ্ধক্য কাল and select needs one.

ASOS Class 12 Psychology Chapter 14 প্ৰাপ্তবয়স্ককাল আৰু বাৰ্ধক্য কাল

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. ASOS Class 12 Psychology Chapter 14 প্ৰাপ্তবয়স্ককাল আৰু বাৰ্ধক্য কাল These solutions are part of SCERT All Subject Solutions. Here we have given Solutions for All Subject, You can practice these here.

প্ৰাপ্তবয়স্ককাল আৰু বাৰ্ধক্য কাল

Chapter : 14

14.1 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

(১) বয়স্কসকলৰ স্মৃতি সম্পাদন উপাদানসমূহৰ এখন তালিকা প্ৰস্তুত কৰা। 

উত্তৰঃ (ক) স্মৃতিৰ বিষয়ে বিশ্বাস।

(খ) স্মৃতি কৌশলসূহৰ ব্যৱহাৰ।

(গ) বয়সীয়াসকলৰ জীৱনশৈলীসমূহ।

(২) বয়স্ককালৰ দৈনন্দিন বুদ্ধিৰ কিদৰে বিচাৰ কৰিব পাৰি?

উত্তৰঃ ইয়াক তেওঁলেকৰ ৰাস্তাৰ নানা চিত্ৰসমূহ অধ্যয়ন, নিদর্শন বুজি পোৱাৰ ক্ষমতা, বিভিন্ন প্রপত্র বা নাম ভৰ্তি কৰা, কথোপকথন বুজি পোৱা, বজাৰ কৰা আৰু দৈনন্দিন জীৱনৰ কামকাজসহ সম্পাদন কৰাৰ মাজেৰে বিচাৰ কৰিব পৰা‌ যায়।

14.2 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

(১) বয়স্ককালত কি উপাদনবোৰে অৱসাদ সৃষ্টি কৰে? 

উত্তৰঃ জৈৱিক উপাদানসমূহ যেনে জৈৱৰাসায়নিক গণ্ডোগোল আৰু সামাজিক সাংস্কৃতিক উপাদানসমূহ যেনে, অৱসহ, অকলশৰীয়া হৈ পৰা ইত্যাদিয়ে বয়সীয়া কালত অৱসাদৰ সৃষ্টি কৰিব।

(২) তিনিটা মনোবৈজ্ঞানিক হস্তক্ষেপৰ নাম লিখা।

 উত্তৰঃ (১) মানসিক স্বাস্থ্য সেৱাসমূহৰ মাজেৰে সহায় বিচাৰি।

(২) পাৰিবাৰিক প্ৰতিকাৰ।

(৩) সামাজিক প্ৰতিকাৰসমূহ।

পাঠ্য সমাপ্তিৰ প্রশ্নাৱলীৰ উত্তৰঃ

(১) মধ্যবয়সীয়া লোকসকলৰ বাবে প্ৰধান বিকাশমূলক কাৰ্যবোৰ কি কি?

উত্তৰঃ বয়স্ত নাগৰিক আৰু সামাজিক দায়বদ্ধতা আহৰণ, জীৱন নিৰ্বাহৰ অর্থনৈতিক মানদণ্ড প্রতিষ্ঠা কৰা আৰু পৰিচালনা কৰা, কম বয়সীয়া ল’ৰা-ছোৱালীসকলক দায়বদ্ধ আৰু সুখী বয়স্ক লোক হোৱাৰ বাবে সহায় আগবঢ়োৱা, প্রাপ্তবয়স্কসকলৰ অৱসৰ সময়ৰ কামকাজ বিকাশপ্রাপ্ত কৰি তোলা, এগৰাকী ব্যক্তি হিচাপে নিজৰ পত্নীৰ লগত সম্বন্ধ ৰক্ষা কৰা, মধ্যবয়সৰ মনোবৈজ্ঞানিক পৰিৱৰ্তনসমূহ গ্ৰহণ কৰা আৰু সেইবোৰৰ লগত সমন্বয় সাধন কৰা আৰু বয়সস্থ পিতৃ-মাতৰ লগত অভ্যস্ত কৰি লোৱা।

(২) বয়স বাঢ়ি অহাৰ লগে লগে বাহ্যিকভাবে দেখা দিয়া বিশেষ পৰিবৰ্তন কিছুমানৰ বিষয়ে বর্ণনা দিয়া। 

উত্তৰঃ বাহ্যিক পৰিৱৰ্তনসমূহে বার্ধক্য হোৱাৰ বাহ্যিক আভাসসমূহৰ কথা সূচায়। অধিকভাৱে নীৰিক্ষণ কৰিব পৰা পৰিৱৰ্তনবোৰ হৈছে তেনে পৰিৱৰ্তনবোৰ যিবোৰ ছাল, চুলি, দাঁত আৰু সাধাৰণ চাল-চলন আদিৰ সৈতে সমন্ধযুক্ত হৈ আছে।

এই সময়ত ছালৰ পৰিৱৰ্তনসমূহ সংঘটিত হয়। আটাইতকৈ চকুত ধৰা পৰিৱৰ্তন হৈছে শোটোৰা পৰিবলৈ ধৰাটো। শোটোৰা পৰিবলৈ ধৰা প্ৰক্ৰিয়া মাজ বয়সবোৰত আৰম্ভ হয়। ছাল অধিক ডাঠ, কঠিন আৰু কম নমনীয় হয়। ই সেৰসেৰীয়া আৰু শুকান হৈ উঠে।

বয়স বাঢ়ি অহাৰ লগে লগে ব্যক্তিগৰাকীৰ চুলিবোৰ বগা হ’বলৈ ধৰে আৰু ইয়াৰ চমক হ্রাস হয়। ই দুৰ্বল হ’বলৈ আৰম্ভ কৰে। দুকুৰি পোন্ধৰ বছৰ বয়সত প্রায় ৬৫ শতাংশ মানুহেই উৎপাদন হ্ৰাস হৈ পৰে। ইয়ে দাঁতৰ ক্ষয় প্রক্রিয়া সংকটপূর্ণ কৰি তোলে।

শাৰীৰিক শক্তি: ৩০ বছৰ বয়সৰ পৰা ৮০ বছৰ আৰু ওপৰলৈ অৱনমিত হ’বলৈ আৰম্ভ কৰে। অধিক দুর্বল্য সংঘটিত হয়, পিঠিৰ আৰু ভৰিব মাংসপেশীসমূহত, কম হয় বাহুর মাংসপেশীসমূহত। শক্তি উৎপাদন হোৱা প্ৰক্ৰিয়াত অগ্রসমুখী অৱনতি ঘটে। হাড়বোৰ বর্ধিকভাৱে ঠুনুকা হ’বলৈ ধৰে। আৰু সহজে ভঙাৰ ফালে গতি কৰে। কেলছিয়াম জমা পৰে আৰু গাঠিৰ বেমাৰ বয়স বৃদ্ধিৰ লগে লগে বৃদ্ধি পায়। পেশীয় ব্যুহতত্ত্ব আকাৰ আৰু শক্তিৰ দিশৰ পৰা হ্ৰাস হয়। পেশীয় দৃঢ়তা বয়স বঢ়াৰ লগে পেশীতত্ত্বসমূহৰ ভিতৰত চৰ্বিযুক্ত পদাৰ্থবোৰ বৃদ্ধি হোৱাৰ কাৰণে ধৰি ৰখাটো বৰ্ধিতভাৱে কঠিন হৈ উঠে।

দাঁত হেৰুওৱা, তপা হোৱা, চুলি মুগা পৰা, ছাল সোতৰা পৰা আৰু শাৰীৰিক শক্তিৰ অভাৱ হোৱা আদি সকলোবোৰে এগৰাকী ব্যক্তিৰ আত্ম-ধাৰণা আৰু বিশ্বাসত নেতিবাচক প্রভাৱ পেলায়।

(৩) বৃদ্ধবয়সত হৃদবাহিকা সম্বন্ধীয় পদ্ধতিত কি ঘটে?

উত্তৰঃ হৃদবাহিকা সম্বন্ধীয় প্রণালীয়ে যিয়ে হৃদযন্ত্র (হৃদপিণ্ড) আৰু বক্ত নালিকাসমূহ অন্তর্ভুক্ত কৰি লয়, স্বাভাৱিক বাৰ্ধক্যৰ প্রভাৱ ধীৰভাৱে প্রদর্শিত কৰে। বাৰ্ধক্য প্ৰক্ৰিয়াৰ সৈতে ৰক্ত নালিকাসমূহৰ পৰিৱর্তনসাধ্যতা আৰু বক্ত কোষ উৎপাদনৰো পৰিৱৰ্তনসাধ্যতা হ্রাস হয়। হৃদপিণ্ডই জিৰণি লোৱাৰ বাবে আৰু ৰক্ত চলাচলৰ বাবে ধমনীয় সিৰাৰ প্ৰতিৰোধ ক্ষমতাৰ প্ৰয়োজন হোৱা য় বৃদ্ধি হোৱা দেখা যায়। বহুতো বৃদ্ধলোকে উচ্চ ৰক্তচাপত ভোগা দেখা যায়। অৱশ্যে, স্বাস্থ্যৱান বৃদ্ধলোকসকলৰ ক্ষেত্ৰত স্বাস্থ্যৱান ডেকা লোকসকলৰ দৰে সদৃশ ৰক্তচাপ দেখা যায়।

(৪) বৃদ্ধ বয়সৰ অৰ্থনৈতিক সমস্যাবোৰ কি কি? 

উত্তৰঃ স্বনিযুক্ত বয়সীয়া লোকসকল অথবা যিসকলৰ পাৰিবাৰিক ব্যৱসায় আছে তেওঁলোকে মৃত্যুৰ আগলৈ অথবা অসমর্থ হোৱালৈকাম কৰিবলৈ লয়। যিসকলে আনৰ কাৰণে কাম কৰে তেওঁলোকে এটা নিৰ্দিষ্ট বয়সৰ পিছত অৱসৰ লয়। ব্যক্তিৰ অৱসৰৰ প্ৰতি ব্যক্তিগত মনোভাৱ বা অভিবৃত্তি বিভিন্ন কাৰকৰ কাৰ্যৰ বাবে যেনে আয়, শিক্ষাগত স্তৰ আৰু বৃত্তীয় স্তৰ বেলেগ বেলেগ ধৰণৰ হয়।

ব্যক্তিসকলৰ বাবে অৱসৰৰ লগত সমাযোজন প্ৰায়েই জটিল ধৰণৰ হয়। অৱসৰে নতুন জীৱনশৈলী যিবোৰ আয় হ্রাস হোৱা, কাৰ্যৰ স্তৰ কমি যোৱা আৰু মুক্ত সময় বৃদ্ধি পোৱা আদিৰ দ্বাৰা বৈশিষ্ট্যপূৰ্ণ কৰি তোলা হয়, সেইবোৰৰ লগত সমাযোজন কৰাৰ প্ৰয়োজন হয়। পুৰুষসকলৰ ক্ষেত্ৰত অৱসৰে অধিক চাপ সৃষ্টি কৰে কাৰণ আমাৰ সমাজত মানুহৰ পৰিচয়ৰ বিশিষ্ট অংশ তেওঁলোকৰ কামৰ ওপৰত নিৰ্ভৰশীল হয়। এনেভাবে কাম হেবৱাৰ ফলত আত্মসন্মান আৰু আত্ম-মূল্য হ্ৰাস পোৱাৰ পৰিণতিৰ সৃষ্টি হয়। অৱসৰ পোৱা লোকসকলে অর্থনৈতিক সমস্যাসমূহ, বেমাৰ-আতাৰ আৰু অকলশৰীয়া হোৱা উপলব্ধি বাবে অৱসৰৰ লগত সমাযোজন কৰিবলৈ কষ্ট পায়। অৱসৰ পোৱা লোকসকলে তেওঁলোকৰ ভূমিকাসমূহৰ লগত ব্যক্তিগত আৰু সামাজিক সংগঠনসমূহৰ লগত আৰু তেওঁলোকৰ সফলতা তথা উৎপাদনশীলতাৰ অনুভূতিৰ লগত নানা ধৰণৰ সমাযোজন কৰিবলগীয়া হয়। 

যি কি নহওঁক, ইয়ে প্রয়োজনীয়ভাবে ইয়াকো নুসুচায় যে সকলোৰে বাবে অৱসৰে নেতিবাচক ফলসমূহ কঢ়িয়াই আনে। কিছুমানৰ ক্ষেত্ৰত, তেওঁলোকৰ আত্মসন্মান আৰু জীৱনৰ সন্তুষ্টিৰ ক্ষেত্ৰত ইয়াৰ কোনো বেয়া প্রভাৱ নাথাকিবও পাৰে। কিছুমানৰ বাবে অৱসৰৰ পিছত স্বাস্থ্যৰ উন্নতি ঘটিবও পাৰে। অৱসৰ পোৱা লোকসকলে সামাজিক আৰু চখৰ লগত জড়িত কামৰ বাবে বিশেষকৈ যদিহে তেওঁলোকৰ পৰ্যাপ্ত অর্থনৈতিক সম্পদ থাকে আৰু এনেবোৰ কামৰ লগত জড়িত হৈ থকাৰ বাবে স্বাস্থ্যৱান হৈ থাকে, অধিক সময় লাভ কৰিব পাৰে।

(৫) মনোবৈজ্ঞানিক হস্তক্ষেপৰ প্ৰধান লক্ষ্যসমূহ কি কি? 

উত্তৰঃ মনোবৈজ্ঞানিক হস্তক্ষেপৰ আটাইতকৈ গুৰুত্বপূৰ্ণ লক্ষ্যসমূহ হৈছে:

(১) এগৰাকী লোকৰ আচৰণৰ অন্তদৃষ্টি বা সংপ্রজ্ঞা।

 (২) বিৰক্তি বা অৱসাদৰ সকাহ।

(৩) বর্তমান অৱস্থাৰ লগত অভ্যস্তভৱন বা সমন্বয় সাধন।

 (৪) আত্ম-যত্নৰ কৌশলসমূহৰ উন্নতি সাধন।

(৫) কাৰ্য উৎসাহিত কৰা।

(৬) স্বতন্ত্ৰতা সূচল কৰি দিয়া।

(৭) নিদৰ দুৰ্বলতা আৰু প্ৰতিকূলতাসমূহ গ্ৰহণ কৰা। 

(৮) আত্মব্যাক্তিক সম্পর্কসমূহৰ উন্নতি ঘটোৱা।

(৬) চমুটোকা লিখা:

(i) বিচ্ছিন্ন হোৱা। 

(ii) বয়সীয়াসকলৰ বাবে সামাজিক হস্তক্ষেপসমূহ।

উত্তৰঃ ব্যক্তিক পৰিৱৰ্তিত কৰি তোলাৰ উপৰিও এগৰাকী লোকে যিটো পৰিবেশ বা পৰিস্থিতিত কাম কৰে সেই পৰিৱেশ বা পৰিস্থিতি পৰিৱৰ্তন কৰিবলৈ আমি ভাল পাব লাগিব। ঘৰুৱা পৰিৱেশ, কাৰ্যৰ কাৰ্যসূচী আৰু ব্যক্তিয়ে বসবাস কৰা ওচৰ চুবুৰীয়া আৰু সম্প্ৰদায়ৰ প্ৰতি আমি মনেযোগ দিব লাগিব। সামাজিক হস্তক্ষেপে বয়সীয়া লোকসকলৰ প্ৰতি আৰু সম্প্রদায়, পৰিয়াল আৰু বন্ধু-বান্ধৱৰ ওপৰত বয়সীয়া লোকসকলৰ বৰ্ধিত নিৰ্ভৰশীলতাৰ প্ৰতি মনোভাৱৰ পৰিবৰ্তন অন্তৰ্ভুক্ত কৰি ল’ব।

(iii) বৃদ্ধকালত অৱসাদ।

উত্তৰঃ বয়সস্থ লোকসকলে প্ৰায়েই অৱসাদৰ দুটা মুখ্য লক্ষণ দেখুৱায়: অৱসাদমূলক অনুভূতি (বিমর্ষতা, দোষ, আশাহীনতা, অসহায়তা আৰু হ্ৰাস হৈ মহা আচৰণ ত্যাগ কৰা, নিস্পৃহা প্ৰায়বোৰ বয়সীয়ালোকে তেওঁলোকৰ অৱসা নানা ধৰণৰ অভিযোগৰ (যেনে ডোক কমা, টোপনিৰ ক্ষেত্ৰত অসুবিধা পোৱা) দ্বাৰা কায়িকভাৱেও বৰ্ণনা কৰে। জৈৱিক উপাদান (জৈৱ ৰাসায়নিক অসুবিধাসমূহ) আৰু সামাজিক-সাংস্কৃতিক বয়সীয়া লোকসকলৰ মূল সম্পৰ্কীয় সাংস্কৃতিক দৃষ্টিভংগী, নিঃসঙ্গতা, অৱসৰ, বিধিবদ্ধকৰণ উপাদানসমূহ— উভয় উপাদানে বয়সীয়া লোকসকলৰ কথা উপলব্ধি কৰা, বস্তুগত মালিকীস্বত্ব হেৰুওৱা আৰু অকৃতকার্যতাসমূহেও অৱসাদৰ ক্ষেত্ৰত অৰিহণা যোগায়।

(iv) বয়সৰ লগে লগে চি এন এচ পৰিৱৰ্তনসমূহ।

(v) পাৰিবাৰিক প্ৰতিকাৰ।

উত্তৰঃ পাৰিবাৰিক প্ৰতিকাৰে জীৱনৰ বিভিন্ন ধৰণৰ সমাযোজনৰ ক্ষেত্ৰত যেনে অৱসৰ, পাৰিবাৰিক যত্ন প্ৰদানৰ ভূমিকা, ককা-আইতা হোৱা, বসসীয়া আৰু ডেকাসকলৰ মাজত পাৰিবাৰিক সংঘাটসমূহ, বয়সীয়াসকলৰ ৰোগগ্রস্ততাৰ সৈতে খাপ খাই পৰা আৰু বয়সীয়া লোকসকলক অনুষ্ঠানৰ ভিতৰুৱাকৰণত পৰিয়ালৰ সিদ্ধান্তই সহায় আগবঢ়ায়। উপযুক্তভাৱে পৰিচালনা কৰিলে, পাৰিবাৰিক প্ৰতিকাৰে মৰম-স্নেহ, ঘনিষ্ঠতা আৰু পাৰস্পৰিক নিৰ্ভৰসীলতাৰ উপলব্ধিসমূহ শক্তিশালী কৰি তুলিব পাৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top