ASOS Class 12 Psychology Chapter 13 কৈশোৰ

ASOS Class 12 Psychology Chapter 13 কৈশোৰ, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Psychology Chapter 13 কৈশোৰ and select needs one.

ASOS Class 12 Psychology Chapter 13 কৈশোৰ

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. ASOS Class 12 Psychology Chapter 13 কৈশোৰ These solutions are part of SCERT All Subject Solutions. Here we have given Solutions for All Subject, You can practice these here.

কৈশোৰ

Chapter : 13

13.1 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

(ক) উপযুক্ত শব্দৰ দ্বাৰা খালী ঠাই পূৰণ কৰা। 

(১) কৈশোৰ কালত_____ আবেগবোৰ অনুভৱ কৰা হয় 

উত্তৰঃ কৈশোৰ কালত অতি প্রৱলভাৱে আৱেগবোৰ অনুভৱ কৰা হয়।

(২) কৈশোৰ কালত পিতৃ-মাতৃসকলৰ পৰা আঁতৰি আহি____ আগুৱাই যোৱাৰ গতি আৰম্ভ হয়।

উত্তৰঃ কৈশোৰ কালত পিতৃ-মাতৃসকলৰ পৰা আঁতৰি আহি সমনীয়াসকললৈ‌ আগুৱাই যোৱাৰ গতি আৰম্ভ হয়।

(৩) কিশোৰ-কিশোৰসকলক প্ৰজ্ঞানাত্মকভাৱে পিঁয়াজেৰ_____ উপনীত হয়।

উত্তৰঃ কিশোৰ-কিশোৰসকলক প্ৰজ্ঞানাত্মকভাৱে পিঁয়াজেৰ আনুষ্ঠানিক‌ কাৰ্যকৰী অৱস্থাসমূহ উপনীত হয়। 

(৪) সঘনাই_____ কাৰ্যই কিশোৰ-কিশোৰসকলৰ আৱেগসূহ পূৰ্বানুমান কৰিব নোৱাৰা অৱস্থালৈ পৰিচালিত কৰে।

উত্তৰঃ সঘনাই মেজাজ আস্ফালন কৰা কাৰ্যই কিশোৰ-কিশোৰসকলৰ আৱেগসুহ পূর্বানুমান কৰিব নোৱাৰা অৱস্থালৈ পৰিচালিত কৰে।

(৫) নৈতিক বিকাশৰ ক্ষেত্ৰত কিশোৰ-কিশোৰীসকলে নানাধৰণৰ বিকাশ সাধন কৰিবলৈ লয়।

উত্তৰঃ নৈতিক বিকাশৰ ক্ষেত্ৰত কিশোৰ-কিশোৰীসকলে নানাধৰণৰ ব্যক্তিগত মূল্যসমূহৰ বিকাশ সাধন কৰিবলৈ লয়।

(খ) মনোবৈজ্ঞানিক পৰিবৰ্তনসমূহ দেখা দিয়া ক্ষেত্ৰবোৰৰ নাম লিখা। 

উত্তৰঃ মনোবৈজ্ঞানিক পৰিবৰ্তনসমূহ দেখা দিয়া ক্ষেত্ৰবোৰ হৈছে আবেগিক, সামাজিক, প্রজ্ঞানাত্মক আৰু নৈতিক।

পাঠ্য শেহান্ত প্রশ্নাৱলীৰ উত্তৰঃ 

(১) কিশোৰ-কিশোৰসকলে কেনেভাৱে তেওঁলোকৰ আৱেগসমূহ প্রকাশ কৰে? ব্যাখ্যামূলক উদাহৰণ প্ৰদান কৰা

উত্তৰঃ কৈশোৰ কালত এগৰাকী ব্যক্তিয়ে বিস্তাৰিত পৰিসৰৰ নানাধৰণৰ আৱেগৰ মুখামুখি হয়। এইবোৰে ইতিবাচক আৰু নেতিবাচক উভয় আবেগককে অন্তৰ্ভুক্ত কৰি লয়। তৃপ্তি বা সন্তুষ্ঠিক, আনন্দ, উল্লাস, আনন্দোল্লাস ইত্যাদি হিচাপে অভিজ্ঞতা আহৰণ কৰা হয় আৰু বিষাদক অৱসান, অসুখ, বিৰক্তি, ভয় ইত্যাদি হিচাপে অভিজ্ঞতা আহৰণ কৰা হয়। ইয়াৰোপৰি, খঙৰ অনুভুতিসমূহত বিদ্ৰোহ আৰু প্ৰতিবাদ আদিও প্রকাশিত হয়। আকর্ষণীয়ভাবে বশ্যতাৰ আবেগসমূহ, স্বদেশ প্রেম আৰু জাতিৰ বাবে ত্যাগ আদিও কৈশোৰ কালত বিকাশপ্রাপ্ত হৈ উঠে।

প্ৰকৃতাৰ্থত কিশোৰ-কিশোৰীসকলৰ আৱেগসমূহৰ শক্তি আৰু প্ৰাগাঢ়তা তেওঁলোকৰ বৈশিষ্ট্যসমূহৰ ভিতৰত এটা বিশিষ্ট বৈশিষ্ট্য। কিশোৰ-কিশোৰীসকলে সকলো কথাই অতিৰঞ্জিত ভাৱে প্ৰকাশ কৰাৰ প্ৰৱণতা প্রকাশ কৰে। খানাৰ ক্ষেত্ৰত নিজৰ পছন্দৰ কথা প্ৰকাশ কৰিবলৈ কিশোৰ-কিশোৰীসকলে সাধাৰণতে ভালপোৱাৰ কথা প্ৰকাশ কৰি ‘ম‍ই আইচ ক্ৰীম ভাল পাওঁ’, ‘মই কেক্ ভাল পাওঁ’ আদিৰ দৰে কথাবোৰ প্ৰকাশ কৰা কথাটো শুনিবলৈ পোৱা যায়। একেদৰে অপছন্দ কথা প্ৰকাশ কৰিবলৈ ঘৃণাৰ ভাৱ প্ৰকাশ কৰাৰ বাবে “মই সেই লোকগৰাকীক বৰ বেয়া পাওঁ’ অথবা ‘মই ফল-মূল খাবলৈ বেয়া পাওঁ” আদিৰ দৰে কথাবোৰ প্ৰকাশ কৰা শুনিবলৈ পাওঁ।

মেজাজ আস্ফালন কৰা কথাটোও প্ৰায়েই ঘটে। কিশোৰ-কিশোৰীসকলৰ মাজত এইটো এটা গুৰুত্বপূৰ্ণ দিশ। তেওঁলোক কেতিয়াবা সুখী, কেতিয়াবা দুখী। কেতিয়াবা তেওঁলোকৰ মাজত অতি উচ্চ দেশপ্রেমভাৰ প্রকাশিত হয়, কিন্তু কেইমিনিটমান পিছতে তেওঁলোক আকৌ হতাশ হৈ পৰে অথবা খঙাল হৈ উঠে। এইটোৱে তেওঁলোকৰ আচৰণ সম্পর্কে কোনো পূর্ববর্তী ধাৰণা প্রকাশ কৰা কাৰ্য কঠিন কৰি তোলে। যৌনতাৰ লগত সম্বন্ধযুক্ত আৱেগিক অভিজ্ঞতাসমূহ যেনে ‘পূর্ববাগসমূহ’ আৰু ‘অন্ধপ্রেম’ আদিও এই সময়ছোৱাত প্রকাশিত হ’বলৈ ধৰে। 

(২) কিশোৰ-কিশোৰীসকলৰ দ্বাৰা প্ৰদৰ্শন কৰা বিশিষ্ট সামাজিক বৈশিষ্ট্যবোৰ কি কি?

উত্তৰঃ সামাজিক ক্ষেত্ৰত, কিশোৰ-কিশোৰীসকলে তেওঁলোকৰ আন্তব্যক্তির সম্বন্ধসমূহৰ ক্ষেত্ৰত নানাধৰণৰ পৰিৱৰ্তন সাধন কৰি লয় আৰু তেওঁলোকে সমাজ আৰু সমাজৰ নানা প্রভাৱসমূহৰ বিষয়ে উপলব্ধি কৰিবলৈ লয়। বাল্যকালত পিতৃ-মাতৃৰ ওপৰত নিৰ্ভৰশীল হোৱা কথাটো কৈশোৰ কালত বন্ধু আৰু সমনীয়াসকলৰ ওপৰত নিৰ্ভৰশীল হোৱালৈ পৰিৱৰ্তিত হয়। প্রকৃতাৰ্থত কিশোৰ-কিশোৰীসকলৰ বাবে বন্ধুত্ব অতি দৰকাৰী কথা হৈ উঠে আৰু তেওঁলোকৰ প্রায়ভাগেই পৰিয়ালৰ সৈতে কটোৱাৰ সলনি তেওঁলোকৰ অধিকসময় বন্ধুসকলৰ লগত কটাবলৈ বিচাৰে। দলীয় প্রতিনিধিসকলৰ মাজত এগৰাকী দৰকাৰী সদস্য হিচাপে স্বীকৃত হৈ উঠাটো কিশোৰ-কিশোৰীসকলৰ গুৰুত্বপূৰ্ণ প্ৰয়োজন। যিহেতু কিশোৰ-কিশোৰীসকলে পিতৃ-মাতৃ আৰু ঘৰৰ বয়স্ক প্রতিনিধিসকলৰ নিয়ন্ত্ৰণ অমান্য কৰিব খোজে গতিকে কেতিয়াবা কেতিয়াবা তেওঁলোকে যুক্তিতর্কতো লিপ্ত হয়।

বিপৰীত লিংগৰ প্ৰতি আকর্ষণ কিশোৰ-কিশোৰীৰ আন এটা বৈশিষ্ট্য। এয়া স্বাভাৱিক আৰু যৌন বাবে কিশোৰ-কিশোৰীসকলৰ মাজত এনে প্রবণতাই দেখা দিয়ে।

নিজৰ উপলব্ধিৰ ওপৰত নিৰ্ভৰ কৰি কিশোৰ-কিশোৰীসকলে সমাজ সম্পৰ্কে বিশ্বাসসমূহ, মতামতসমূহ, অভিবৃত্তিসমূহ, আৰু চিন্তাসমূহ লাভ কৰিবলৈ আৰম্ভ কৰে। এই স্তৰত মাধ্যম বিশেষকৈ সঙ্গীত আৰু দূৰদৰ্শনৰ প্ৰভাৱ বৰ শক্তিশালী উৎস হিচাপে পৰিগণিত হয়। এইবোৰে কিশোৰ-কিশোৰীসকলক ভূমিকা আলেখ্যাদর্শ (ব্যক্তি) যেনে চিনেমাৰ নায়কসকল, বিখ্যাত শাৰীৰিক ক্রীড়াবিদসকল তেওঁলোকে যিসকলক অনুসৰণ কৰিব বিচাৰে, প্ৰদান কৰে। এনে আলেখ্যাদর্শসমূহহে কিশোৰ-কিশোৰীসকলক তেওঁলোকৰ সকল্পনা তথা সপোনসমুহ উপলব্ধি কৰাৰ ক্ষেত্ৰত সহায় আগবঢ়ায়।

(৩) প্রত্যয় সৃষ্টিৰ ক্ষেত্ৰত কিশোৰ-কিশোৰীসকল শিশুসকলতকৈ কিভাবে পৃথক?

উত্তৰঃ কিশোৰ-কিশোৰীসকলৰ চিন্তা কৰিব পৰা আৰু যুক্তি প্ৰদান কৰিব পৰা ক্ষমতা যথার্থভাৱে প্ৰসাৰিত হয়। তেওঁলোকৰ বাল্যকালৰ প্ৰাৰম্ভিক স্তৰৰ লগত বিশেষভাৱে তুলনা কৰিলে তেওঁলোক অধিকভাৱে সক্ষম হৈ উঠে। কিশো-কিশোৰীসকলে পিঁয়াজেৰ “আনুষ্ঠানিক কার্যকৰী অৱস্থাসমূহত” প্রবেশ কৰে। ইয়ে এইটোকে সুচায় যে এই সময়ছোৱাত কিশোৰ-কিশোৰীসকলে বিমূর্ত ধাৰণাসমূহ উপলব্ধি কৰিব পাৰে আৰু সামর্থ্য অনুসৰি ভাবিবলৈ সমৰ্থ হৈ উঠে।

তেওঁলোকে আৰোহী আৰু অৱবোহীনভাৱে চিন্তা কৰাৰ ক্ষমতা বিকাপ্রাপ্ত কৰিলয়। তেওঁলোকে প্রতিবিম্বিত কৰা, বিশ্লেষণ কৰা, বিচাৰ কৰা, প্রকল্প ৰচনা কৰা আৰু নানাধৰণৰ দৃষ্টিভংগী আলোচনা কৰা আদি দিশতো সমর্থবান হৈ উঠে। কিশোৰ-কিশোৰীসকলৰ কোনো এটা বিষয়ৰ ওপৰত নিজৰ মদামত তেওঁলোকৰ বাবে বৰ দৰকাৰী হৈ উঠে। এনে কাৰণতেই কিশোৰ-কিশোৰীসকলে কেতিয়াবা কেতিয়াবা পিতৃ-মাতৃ, শিক্ষক আৰু বন্ধুসকলৰ লগত কোনো কোনো বাক বিতণ্ডাত লিপ্ত হয়।

এগৰাকী পৰীক্ষকৰ দৰে কিশোৰ-কিশোৰীসকলেও সকলোতে প্রশ্ন সুধিবলৈ আৰম্ভ কৰে। তেওঁলোক যেতিয়া সন্তুষ্টিত হয় তেতিয়াহে কোনো বিষয়ত সামৰণি মাৰিবলৈ লয়। তেওঁলোকে নিজৰ যুক্তি অটলভাৱে ৰক্ষা কৰিব বিচাৰে। তেওঁলোকৰ শব্দাৱলীৰ লক্ষণীয় বৃদ্ধি হয়। কিশোৰ-কিশোৰীসকলে একেৰাহে বিভিন্ন বৌদ্ধিক কাম কাজত লাগি থাকিব পাৰে। এনে প্রক্রিয়াৰ মাজেৰে। তেওঁলোকে এই স্তৰটোক বৌদ্ধিক বিকাশৰ উৎসাহজনক স্তৰ হিচাপে গঢ়ি তোলে। 

(৪) কিশোৰ-কিশোৰীসকলৰ কিছুমান বিকাশমূলক কার্য তালিকাভূক্ত কৰা।

উত্তৰঃ কিশোৰ-কিশোৰীসকলৰ বাবে প্ৰধান বিকাশমূলক কাৰ্যসমূহ তলত দিয়া ধৰণে তালিকাভুক্ত কৰিব পাৰি।

(ক) নিজৰ দেহক ই যেনেকুৱা তেনেভাৱে গ্ৰহণ কৰা আৰু দেহত ফলপ্রসুভাৱে ব্যৱহাৰ কৰিবলৈ লোৱা।

(খ) উভয় লিংগৰ একে বয়সৰ বন্ধুসকলৰ সৈতে অধিক পৰিপক্ক সম্বন্ধৰ স্তৰত উপনিত হোৱ।

(গ) পুৰুষ অথবা নাৰী হিচাপে সামাজিক দায়বদ্ধতাৰ সতৰত উপনিত হোৱা।

(ঘ) পিতৃ-মাতৃ আৰু অন্যান্য বয়স্ক লোকসকলৰ পৰা স্বাধীন আৱেগিক স্তৰত উপনিত হোৱা।

(ঙ) এটা উপভোগ্য আৰু উৎপাদনশীল জীৱিকাৰ মাজেৰে অৰ্থনৈতিক স্বাধীনতা আহৰণৰ বাবে নিজকে প্ৰস্তুত কৰি লোৱা।

(চ) বিবাহ আৰু পাৰিবাৰিক জীৱনৰ বাবে নিজকে প্ৰস্তুত কৰি লোৱা।

(ছ) সামাজিকভাবে দায়বদ্ধ আচৰণ আকাংক্ষা কৰা আৰু গ্ৰহণ কৰা। 

(জ) কিছুমান মূল্যবোধ আহৰণ কৰা আৰু নৈতিক পদ্ধতিসমূহ আহৰণ কৰা আৰু আচৰণৰ পৰিচালক হিচাপে এটা আদৰ্শ বা চিন্তাধাৰা বিকাশপ্রাপ্ত কৰি তোলা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top