ASOS Class 12 Political Science Chapter 28 ভাৰত আৰু ইয়াৰ প্ৰতিবেশী ৰাষ্ট্ৰসমূহঃ  চীন, পাকিস্তান আৰু শ্রীলঙ্কা

ASOS Class 12 Political Science Chapter 28 ভাৰত আৰু ইয়াৰ প্ৰতিবেশী ৰাষ্ট্ৰসমূহঃ  চীন, পাকিস্তান আৰু শ্রীলঙ্কা, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Political Science Chapter ASOS Class 12 Political Science Chapter 28 ভাৰত আৰু ইয়াৰ প্ৰতিবেশী ৰাষ্ট্ৰসমূহঃ  চীন, পাকিস্তান আৰু শ্রীলঙ্কা and select needs one.

ASOS Class 12 Political Science Chapter 28 ভাৰত আৰু ইয়াৰ প্ৰতিবেশী ৰাষ্ট্ৰসমূহঃ  চীন, পাকিস্তান আৰু শ্রীলঙ্কা

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Political Science Chapter 28 ভাৰত আৰু ইয়াৰ প্ৰতিবেশী ৰাষ্ট্ৰসমূহঃ  চীন, পাকিস্তান আৰু শ্রীলঙ্কা Solutions for All Subject, You can practice these here.

ভাৰত আৰু ইয়াৰ প্ৰতিবেশী ৰাষ্ট্ৰসমূহঃ  চীন, পাকিস্তান আৰু শ্রীলঙ্কা

Chapter : 28

28.1 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ

খালী ঠাই পূৰণ কৰাঃ

1. _____চনত চীন সাম্যবাদী ৰাষ্ট্ৰত পৰিণত হৈছিল। (1947, 1949, 1962)

উত্তৰঃ 1949 চনত চীন সাম্যবাদী ৰাষ্ট্ৰত পৰিণত হৈছিল।

2. আফ্ৰিকা আৰু এছিয়ৰ দেশসমূহৰ বাণ্ডুং সন্মিলন_____ চনত অনুষ্ঠিত হৈছিল। (1945, 1949, 1955)

উত্তৰঃ আফ্ৰিকা আৰু এছিয়ৰ দেশসমূহৰ বাণ্ডুং সন্মিলন 1955 চনত অনুষ্ঠিত হৈছিল৷

3. ______হৈছে পূৱ খণ্ডত চীন আৰু ভাৰতৰ মাজৰ সীমাৰেখা। (হুৱাং হুৱা সীমান্ত, মেকমোহন লাইন, ভাৰত-চীন সীমান্ত)

উত্তৰঃ মেকমোহন লাইন হৈছে পূৱ খণ্ডত চীন আৰু ভাৰতৰ মাজৰ সীমাৰেখা।

4. ____চনত চীনে মুক্ত অৰ্থনীতিত পৰিণত হৈছিল। (1970 -ৰ দশকৰ আগভাগত, 1980 -ৰ দশকৰ শেষভাগত, 1990 দশকৰ আগভাগত) 

উত্তৰঃ 1970 -ৰ দশকৰ আগভাগত চনত চীনে মুক্ত অৰ্থনীতিত পৰিণত হৈছিল।

5. চীনৰ ৰাষ্ট্ৰপতি______1996 চনত ভাৰত ভ্ৰমণ কৰিছিল। (চৌ এন লাই, মাও চে টুং, জিয়াং জেমিন)

উত্তৰঃ চীনৰ ৰাষ্ট্ৰপতি জয়াং জেমিন 1996 চনত ভাৰত ভ্ৰমণ কৰিছিল।

28.2 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ

শুদ্ধ নে অশুদ্ধ লিখাঃ

1. দ্বি-ৰাষ্ট্ৰ তত্ত্ব ভাৰতীয় জাতীয় কংগ্ৰেছে গ্ৰহণ কৰিছিল। (শুদ্ধ/ অশুদ্ধ) 

উত্তৰঃ অশুদ্ধ।

2. জন্মু আৰু কাশ্মীৰৰ মহাৰাজা হৰি সিঙে ভাৰত আৰু পাকিস্তান দুয়োখন দেশৰ সহায় বিচাৰিছিল কিন্তু কেৱল ভাৰতে সঁহাৰি দিছিল। (শুদ্ধ/ অশুদ্ধ) 

উত্তৰঃ অশুদ্ধ।

3. পাকিস্তানৰ দখলীকৃত কাশ্মীৰক পাকিস্তান আজাদ কাশ্মীৰ হিচাপে জনা যায়।(শুদ্ধ/ অশুদ্ধ) 

উত্তৰঃ শুদ্ধ৷

4. 1970 চনৰ এপ্ৰিল মাহত পূব পাকিস্তানৰ জনসাধাৰণে নিজকে স্বাধীন বুলি ঘোষণা কৰিছিল। (শুদ্ধ/ অশুদ্ধ) 

উত্তৰঃ শুদ্ধ৷

5. 1972 চনত ভাৰত আৰু বাংলাদেশৰ মাজত চিমলা চুক্তি স্বাক্ষৰিত হৈছিল। (শুদ্ধ/ অশুদ্ধ)

উত্তৰঃ অশুদ্ধ।

6. 1972 চনৰ মে’ মাহত ভাৰতে চলোৱা পাৰমাণৱিক পৰীক্ষাৰ ঠিক পিছতে কার্গিল যুদ্ধ হৈছিল। (শুদ্ধ/ অশুদ্ধ)

উত্তৰঃ অশুদ্ধ।

28.3 পাঠ্য অন্তৰ্গত প্রশ্নাবলীৰ উত্তৰ

খালী ঠাই পূৰণ কৰাঃ

1. শ্রীলঙ্কাই কেতিয়া স্বাধীনতা লাভ কৰিছিল?

উত্তৰঃ 4 ফেব্ৰুৱাৰী, 1948।

2. শ্রীলঙ্কাৰ তামিল ভাষী দুটা গোটৰ নাম লিখা। 

উত্তৰঃ ভাৰতীয় তামিল আৰু চিল’ন তামিল।

3. 1974 চনত কি দ্বীপৰ ক্ষেত্ৰত ভাৰতে শ্রীলঙ্কাকনিজৰ দাবী এৰি দিছিল? 

উত্তৰঃ কাচ্চাটিভু দ্বীপ।

4. কোন চনত ভাৰতে শ্রীলঙ্কালৈ ভাৰতীয় শান্তিৰক্ষী বাহিনী (IPKF) পঠিয়াইছিল?

উত্তৰঃ 1987 চনত।

পাঠ্য শেহান্ত অনুশীলনীৰ উত্তৰ

1. 1962 চনৰ ভাৰত আৰু চীনৰ মাজৰ যুদ্ধৰ কাৰণসমূহ আলোচনা কৰা।

উত্তৰঃ 1950 -ৰ দশকত চীন আৰু ভাৰতৰ মাজত সীমাৰ বিবাদ হৈছিল আৰু দুৰ্ভাগ্যক্রমে চড়ান্ত পর্যায়ত 1962 চনত দুয়োখন দেশৰ মাজত যুদ্ধ হৈছিল। চীনে প্রথমে ভাৰতৰ উত্তৰ-পূৱ সীমান্ত এজেন্সী NEFA (নেফা বৰ্তমান অৰুণাচল প্ৰদেশ) আৰু লাডাখৰ বৃহৎ ভূখণ্ড চীনৰ অন্তৰ্গত বুলি দাবী কৰিছিল আৰু সেই অনুসৰি মানচিত্ৰ প্ৰকাশ কৰি উলিয়াইছিল। চীনে তেওঁলোকৰ সীমান্তৰ বিস্তাৰ সাধন কৰিয়েই আছিল আৰু 1956-57 চনত ভাৰতৰ আকচাই-চীন (লাডাখ) অঞ্চলৰ মাজেৰে 110 মাইল দৈৰ্ঘ্যৰ ৰাস্তা নিৰ্মাণ কৰিছিল। 1959 চনত চীনে ভাৰতৰ ভূখণ্ডৰ 51,000 বর্গ মাইল মাইল তেওঁলোকৰ বুলি দাবী কৰিছিল আৰু মেকমোহন লাইনৰ বৈধত অস্বীকাৰ কৰিছিল।

ইমান দিনলৈ তিব্বত সম্পূৰ্ণৰপে চীনৰ অন্তৰ্ভুক্ত হৈছিল। ভাৰত-চীন সীমান্তত সম্পূৰ্ণৰূপে চীনৰ সৈন্যবাহিনীৰ ই অতি শক্তিশালী অৱস্থাত আছিল ৷ দুয়োখন দেশে মেকমোহন লাইনৰ বিষয়টোত বিবাদত লিপ্ত হৈ থাকোতেই 1962 চনৰ অক্টোবৰ মাহত চীনে ভাৰতক নেফা আৰু লাডাখ খণ্ডত আক্ৰমণ কৰিলে। ভাৰতৰ ভূখণ্ডৰ বৃহৎ অংশ এটা দখল কৰাৰ পিছত চিনে একপক্ষীয়ভাৱে যুদ্ধ বিৰতি ঘোষণা কৰিলে। ইউত্তৰ-পূৱ খণ্ডত 200 বর্গমাইল আৰু লাডাখৰ 15,000 মাইল দখল কৰিছিল ৷

দুয়োখন দেশৰ মাজত শান্তিপূর্ণ মীমাংসাৰ বাবে শ্রীলঙ্কাই প্রচেষ্টা চলাইছিল যদিও সফল হোৱা নাছিল । কলম্বো প্ৰস্তাৱত থকা চৰ্তসমূহ চীনে মানি ল’বলৈ অমান্তি হোৱাত ই বিফল হৈছিল। যুদ্ধৰ পিছত বহু বছৰলৈ চীন আৰু ভাৰতৰ সম্পর্ক উন্নত হোৱা নাছিল। প্ৰকৃততে, চীনে ভাৰতক অকলশৰীয়া কৰিবলৈ আৰু বিৰোধিতা কৰিবলৈ, পাকিস্তানৰ লগত বন্ধুত্বপূর্ণ সম্পর্ক গঢ়ি তুলিছিল।

2. 1990 চনৰ পৰা ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্ক স্বাভাৱিকীকৰণ প্রক্রিয়া সম্পর্কে আলোচনা কৰা।

উত্তৰঃ যদিও দুয়োখন দেশে ৰাষ্ট্ৰদূত বিনিময়ৰ যোগেৰে 1976 চনৰ পৰা কূটনৈতিক সম্পর্ক পুনৰ স্থাপন কৰিছিল, 1988 চনত সেই সময়ৰ প্ৰধানমন্ত্রী ৰাজীৱ গান্ধীৰ পাঁচদিনীয়া সফল চীন ভ্ৰমণৰ পিছতহে দুয়ো দেশৰ মাজত সম্পর্ক কিছু উন্নত হৈ স্বাভাৱিক হৈছিল। দুয়োখন দেশে সীমা বিবাদ আলোচনাৰ জৰিয়তে সমাধা কৰিবলৈ মান্তি হৈছিল। দুয়োখন দেশৰ উচ্চ পৰ্যায়ৰ বিষয়াসকলে ভ্রমণ কৰাৰ উপৰিও 2003 চনত সেই সময়ৰ প্ৰধানমন্ত্রী অটল বিৰাৰী বাজপেয়ীয়ে চীন ভ্ৰমণ কৰিছিল ৷ দুয়োখন দেশে সীমা বিবাদ একাষৰীয়াকৈ থৈ আন ক্ষেত্ৰসমূহত বন্ধুত্বপূর্ণ সম্পৰ্ক ৰক্ষা কৰি িচলিবলৈ মান্তি হৈছিল। সীমা বিবাদ নিষ্পত্তি নোহোৱালৈকে দুয়োখন দেশে নিয়ন্ত্রণ সীমাত শান্তি-শৃংখলা ৰক্ষা কৰিবলৈ মান্তি হৈছিল।

এইদৰে ভাৰতৰ প্ৰতি চীনৰ মনোভাৱ স্পষ্টভাৱে সলনি হোৱা দেখিবলৈ পোৱা যায়। প্ৰকৃততে পূৰ্বৰ ছোভিয়েট ৰাছিয়াই চীনৰ লগত বিবাদসমূহ নিষ্পত্তি কৰাত দক্ষিণৰ পৰা ভয়ৰ কাৰণ নোহোৱা হ’ল। তদুপৰি 1979 চনৰ পিছত চীনত অর্থনৈতিক ৰূপান্তৰণ হৈছিল। মুক্ত অৰ্থনীতিৰ অধীনত হোৱা প্ৰচুৰ উৎপাদনৰ ফলত ডাঙৰ বজাৰৰ প্ৰয়োজন হৈছিল। 1996 চনত চীনৰ ৰাষ্ট্ৰপতি জিয়াং জেমিনৰ ভ্ৰমণ দেশখনৰ মূৰব্বীৰ ভাৰতলৈ প্ৰথম ভ্ৰমণ আছিল আৰু ই দুয়ো দেশ দুখনৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰিছিল। নাগা আৰু মিজো বিদ্ৰোহীসকলৰ প্ৰতি চীনে সমর্থন উঠাই লোৱাত, ছিকিমৰ স্বাধীনতাৰ ক্ষেত্ৰত, মৌনতা অৱলম্বন কৰাত (চীনে ছিকিমক স্বাধীন ৰাষ্ট্ৰৰ মৰ্যাদা দিছিল) আৰু কাশ্মীৰৰ বিষয়ত নিৰপেক্ষ স্থিতি গ্ৰহণ কৰা কাৰ্য ভাৰতৰ প্ৰতি চীনৰ ইতিবাচক মনোভাৱ প্ৰদৰ্শন কৰিছিল।

অৱশ্যে 1998 চনত ভাৰতে পাৰমাণৱিক বিস্ফোৰণ ঘটোৱাৰ পিছত হঠাতে কিছুদিনৰ বাবে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক অৱনতি ঘটিছিল। ৰাষ্ট্ৰসংঘ আৰু আন তেনে ধৰণৰ মঞ্চত এই আণৱিক পৰীক্ষকে গৰিহণা দি প্ৰস্তাৱ গ্ৰহণ কৰাত চীনে আগভাগ লৈছিল। অঞ্চলটোত চীনৰ প্ৰাধান্য নোহোৱা কৰিবলৈ এই পৰীক্ষাসমূহ সংঘটিত কৰা বুলি চীনে গণ্য কৰিছিল। কিন্তু কাশ্মীৰ কাৰ্গিলত ভাৰত আৰু পাকিস্তানৰ সামৰিক সংঘৰ্ষত চীনৰ নিৰপেক্ষ ভূমিকাই ভাৰতৰ প্ৰতি ইয়াৰ বন্ধুত্বপূর্ণ মনোভাৱকে সূচাইছিল৷ প্ৰকৃততে চীনে হস্তক্ষেপ কৰিবলৈ অমান্তি হোৱাত পাকিস্তানে সংঘৰ্ষ ত্যাগ কৰিবলৈ বাধ্য হৈছিল ৷

প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ 2003 চনৰ চীন ভ্রমণে দুয়োখন প্রতিবেশী ৰাষ্ট্ৰৰ সম্পৰ্ক উন্নত কৰিবলৈ প্ৰচেষ্টা চলাইছিল । সীমান্তৰ চুক্তিতত ছিকিমৰ নাথুলা গিৰিপথক সীমান্তৰ গিৰিপথ হিচাপে স্বীকৃতি দিয়া হৈছিল আৰু এইদৰে চীনে যে ছিকিমক স্বাধীন ৰাষ্ট্ৰ হিচাপে গণ্য কৰা নাই সেই কথাকে প্ৰমাণ হৈছিল। ৰাজনৈতিক পৰ্যায়ত দ্বিপাক্ষিক সম্পৰ্কৰ জৰিয়তে সীমান্তৰ বিষয়টো নিষ্পত্তি কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে দিয়া যুটীয়া ঘোষণা আন এটা ইতিবাচক দিশ। এইদসে ৰাজনৈতিক পৰ্যায়ত বিবাদ মীমাংসাৰ প্ৰয়োজনীয়তা মানি লোৱা হৈছে। এইদৰে আলোচনাৰ ক্ষেত্ৰত বেইজিঙৰ পলম কৰাৰ নীতি পৰিত্যাগ কৰা পৰিলক্ষিত হৈছে। ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা উপদেষ্টা আৰু চীনৰ উপমন্ত্ৰীক এই কামৰ দায়িত্ব দিয়া হৈছে। দ্বিপাক্ষিক সম্পর্ক উন্নত কৰিবলৈ কূটনৈতিক আৰু ৰাজনৈতিক পৰ্যায়ৰ উপৰিও অর্থনৈতিক দিশটোও নতুনকৈ সংযোজন কৰা হৈছে। কম সময়ৰ ভিতৰতে ভাৰত আৰু চীনৰ মাজৰ সীমান্ত বাণিজ্য 10 বিলিয়ন ডলাৰ অতিক্ৰম কৰিছে।

3. ভাৰত আৰু পাকিস্তানৰ মাজৰ সমস্যাৰ কাৰণসমূহ কি কি? এই সমস্যা সমাধানৰ কাৰণে ভাৰতে কি কি পদক্ষেপ গ্ৰহণ কৰিছে আলোচনা কৰা। 

উত্তৰঃ পৃথিৱীৰ কোনো দুখন ৰাষ্ট্ৰৰেই ভাৰত আৰু পাকিস্তানৰ সমান সাদৃশ্য নাই। কিন্তু তথাপিও দুয়োখন দেশে দীৰ্ঘদিন ধৰি কম-বেছি পৰিমাণে অঘোষিত যুদ্ধৰ পৰিৱেশ এটাত দিন কটাইছে। পাকিস্তানৰ কাৰ্গিল আগ্রাসনে দুয়োখন দেশক আনকি পাৰমাণৱিক যুদ্ধৰ সীমাত উপনীত কৰাইছিল। 1947 চনৰ বাৰত বিভাজনৰ সময়ৰপৰাই সন্দেহ আৰু অবিশ্বাসৰ পৰম্পৰা চলি আহিছিল। স্বাধীনতা আন্দোলনৰ সময়ত মহম্মদ আলী জিন্নাৰ নেতৃত্বত মুছলিম লীগে মুছলমানসকলৰ বাবে এখন পৃথক ৰাষ্ট্ৰৰ সমৰ্থনত দ্বি-জাতি তত্ত্বৰ সূত্ৰপাত কৰিছিল ৷ জিন্নাই মত প্ৰকাশ কৰিছিল যে হিন্দু আৰু মুছলমান দুটা পৃথক সম্প্রদায় আৰু সেইবাবে দুয়োটা সম্প্ৰদায়ৰ কাৰণে দুখন ৰাষ্ট্ৰ গঠন কৰিবই লাগিব। ভাৰতীয় জাতীয় কংগ্ৰেছে ভাৰত বিভাজনক দীৰ্ঘদিন ধৰি আপত্তি কৰি আৰু অৱশেষত অনিচ্ছাৰে গ্ৰহণ কৰা কাৰ্যই পাকিস্তানত ভাৰতৰ প্ৰতি সন্দেহ প্ৰৱণ কৰি তুলিছিল যেই বিভাজন নোহোৱা কৰিবলৈ আৰু পাকিস্তানক পুনৰ বিভাজিত কৰিবলৈ চেষ্টা কৰিব পাৰে৷ ভাৰতে অঞ্চলটোত আধিপত্য বিস্তাৰ কৰিব পাৰে বুলি আৰু এইক্ষেত্ৰত নিজৰ অসমৰ্থতাৰ বিষয়েও পাকিস্তান সজাগ আছিল। পাকিস্তানে এটা ধাৰণাৰ সৃষ্টি কৰি লৈছিল যে কাশ্মীৰক অন্তৰ্ভুক্ত কৰি নোলোৱালৈকে ই এখন অসম্পূৰ্ণ ৰাষ্ট্ৰ। আনহাতে কাশ্মীৰৰ চামিলকৰণক ভাৰতে ইয়াৰ ধৰ্মনিৰপেক্ষ আৰু যুক্তৰাষ্ট্ৰীয় গণতান্ত্রিক গাঁথনিৰ অপৰিহাৰ্য উপাদান হিচাপে গণ্য কৰে।

ভাৰত বিভাজনৰ সময়ত জন্ম আৰু কাশ্মীৰ এখন দেশীয় ৰাষ্ট্ৰ আছিল আৰু 1947 চনত ইয়াৰ ভাগ্য অনিশ্চিত আছিল। পাকিস্তানে আশা কৰিছিল যে সংখ্যগৰিষ্ঠ মুছলমান জনসাধাৰণেৰে কাশ্মীৰে মুছলমান ৰাষ্ট্ৰখনৰৰ অন্তৰ্ভুক্ত হ’ব। কিন্তু ভাৰতীয় জাতীয় কংগ্ৰেছৰ জনপ্রিয় নেতাজনে পাকিস্তানৰ নীতিৰ বিৰোধিতা কৰিলে। 1947 চনৰ অক্টোবৰ মাহত পাকিস্তানে কাশ্মীৰ উপত্যকালৈ আক্ৰমণকাৰী নপঠিওৱালৈকে মহাৰাজা হৰি হিশে কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাছিল ৷ পাকিস্তানৰ আক্ৰমণকাৰীসকলক ওভোতাই পঠিয়াবলৈ মহাৰাজাইজম্মু আৰু কাশ্মীৰক ভাৰতৰ এটা অংশ কৰি ‘চামিলকৰণ দলিল’ত স্বাক্ষৰ কৰিছিল। এই বিষয়ত এগৰাকী প্ৰকৃত গণতান্ত্রিক নেতা হিচাপে প্ৰধানমন্ত্রী নেহৰুৱে কৈছিল যে পাকিস্তানৰ আক্ৰমণ প্রতিহত কৰাৰ পিছত ৰাজ্যখনৰ ভৱিষ্যতৰ বিষয়ে কাশ্মীৰৰ জনসাধাৰণৰ ইচ্ছা অনুসৰি সিদ্ধান্ত লোৱা হ’ব।

ভাৰতে পাকিস্তানৰ লগত পোনপটীয়া সংঘাত বিচৰা নাছিল সেইবাবে ই কাশ্মীৰ বিষয়টো ৰাষ্ট্ৰসংঘলৈ প্ৰেৰণ কৰিছিল। ভাৰতৰ সৈন্যবাহিনীয়ে আক্ৰমণকাৰীৰ হাতৰপৰা শ্ৰীনগৰক ৰক্ষা কৰিছিল আৰু কাশ্মীৰ উপত্যকাৰ পৰা পাকিস্তানীসকলক পিছুৱাই পঠিয়াইছিল। কিন্তু সম্পূৰ্ণ কাশ্মীৰখন দখল কৰিব পৰা নাছিল কিয়নো তেনে কৰিব লাগিলে নতুনকৈ স্বাধীনতা লাভ কৰা ৰাষ্ট্ৰ দুখনে কঠিন আৰু প্ৰত্যক্ষ যুদ্ধত লিপ্ত হ’ব লাগিব। 1948 চনত ভাৰত ৰাষ্ট্ৰসংঘৰ সহায় বিচাৰিছিল। 1949 চনৰ 1 জানুৱাৰীত যুদ্ধবিৰতি ৰূপায়ণ হৈছিল। কিন্তু জন্ম আৰা কাশ্মীৰৰ এটা বৃহৎ অংশ (প্রায় দুই-তৃতীয়াংশ) পাকিস্তানৰ দখলত থাকি গৈছিল। 1950-ৰ দশকত ৰাষ্ট্ৰসংঘৰ মধ্যস্থতাকাৰীয়ে বিবাদ মীমাংসাৰ বাবে বিভিন্ন আঁচনি আগবঢ়াইছিল যদিও দুয়োখন দেশৰ মাজৰ মতানৈক্য আঁতৰ কৰিবলৈ সক্ষম হোৱা নাছিল ৷

সম্পর্ক স্বাভাৱিক কৰিবলৈ ভাৰতে পাকিস্তানক চুক্তিৰ বাবে আমন্ত্ৰণ জনায় আৰু ইয়াৰ ফলস্বৰূপে 1972 চনত চিমলা চুক্তি স্বাক্ষৰিত হয়। চিমলা চুক্তিখন যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে পৰিগণিত হৈছে, কিয়নো দুয়োখন দেশে কাশ্মীৰকে ধৰি সকলো দ্বিপাক্ষিক সমস্যা তৃতীয় পক্ষৰ হস্তক্ষেপ নোপোৱাকৈ বুজা পৰাৰ মাজেৰে সমাধা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। গতিকে চিমলা চুক্তি অনুসৰি কাশ্মীৰ সমস্যাটো আন্তঃৰাষ্ট্ৰীয় বা আন কোনো মঞ্চতে উত্থাপন কৰিব নোৱাৰা হ’ল। অৱশ্যে পাকিস্তানে চুক্তিখনৰ মূল উদ্দেশ্য আওকাণ কৰিবলৈ ইতস্ততঃ নকৰে। এই চুক্তিখনত যুদ্ধ বন্দীসকলক ওভতাই দিয়াৰ বিষয়েও উল্লেখ কৰা হৈছে। যদিও ভাৰতৰ দখলত থকা পাকিস্তানৰ ভূখণ্ড ঘূৰাই দিয়া হ’ল । নতুন নিয়ন্ত্ৰণৰ সীমা (1948-49 চনৰ যুদ্ধ বিৰতি সীমাৰ ঠাইত) নিৰ্দ্ধাৰণ কৰা হ’ল, তথাপি 1980-ৰ দশকৰ পৰা পাকিস্তানে পাঞ্জাৱৰ সন্ত্ৰাসবাদক সহায় আৰু উৎসাহিত কৰি আৰু জন্মু কাশ্মীৰৰ ৰাষ্ট্ৰ দ্বাৰা নিয়োজিত উগ্ৰপন্থী পঠিয়াই ভাৰতৰ স্থিৰতা নোহোৱা কৰিব বিচাৰে ৷ পাকিস্তানে এতিয়াও পাকিস্তান অধিকৃত কাশ্মীৰৰ উগ্ৰপন্থী প্রশিক্ষণ শিবিৰৰ পৰা কাশ্মীৰৰ উগ্ৰ পন্থী আৰু বিচ্ছিন্নতাবাদীসকলক অনুপ্রাণিত কৰি আছে।

4. শ্রীলঙ্কাৰ বিচ্ছিন্নতাবাদী সমস্যাৰ কাৰণসমূহ কিকি? এই সমস্যা সমাধানৰ কাৰণে ভাৰতে কি কি পদক্ষেপ গ্ৰহণ কৰিছে আলোচনা কৰা। 

উত্তৰঃ তামিল আৰু সিংহলীসকলৰ মাজত নৃগোষ্ঠীয় সংঘাতৰ দীঘলীয়া ইতিহাস আছে। 1983 চনত এই সংঘাতে গুৰুতৰ ৰূপ ধাৰণ কৰিছিল। দুয়োটা সম্প্ৰদায়ৰ মাজৰ পাৰ্থক্য বাঢ়ি অহাত উগ্ৰপন্থী আৰু বিচ্ছিন্নতাবাদী সংগঠনসমূহ সক্ৰিয় হৈ উঠিল ৷ তামিল ইউনাইটেড লিবাৰেচন ফ্ৰণ্টে 1988 চনত তালি ঈলম নামৰ পৃথক গৃহভূমিৰ দাবী জনাইছিল। 1983 চনত আন্দোলনকাৰী তামিলসকলৰ বিৰুদ্ধে সন্ত্ৰাসৰ ৰূপৰ সৃষ্টি কৰা হৈছিল। 1983-86 চনলৈ 2 লাখ তামিল গৃহহীন হৈ পৰিছিল। ৰাষ্ট্ৰখনৰ ইতিহাসৰ আটাইতকৈ বেয়া গোষ্ঠীগত সংঘৰ্ষৰ ফলত হাজাৰ হাজাৰ তামিল শৰণাৰ্থী ভাৰতলৈ আহিছিল।

ভাৰতে সমস্যাটো সমাধান কৰিবলৈ সহায় আগবঢ়াব বিচাৰিছিল যদিও ইয়াক ‘শ্রীলঙ্কাত তামিলসকলৰ পক্ষে ভাৰতৰ হস্তক্ষেপ’ বুলি আখ্যা দিয়া হৈছিল। পৰিস্থিতিৰ অধিক অৱনতি ঘটাত, 1983 চনত ভাৰত আৰু শ্ৰীলঙ্কাই এখন চুক্তিত স্বাক্ষৰ কৰে আৰু চুক্তি অনুসৰি ভাৰতে সামৰিক সাহায্য আগবঢ়ায়। ৰাষ্ট্ৰখনত স্বাভাৱিক অৱস্থা ঘূৰাই আনিবলৈ শ্রীলঙ্কালৈ ভাৰতীয় শান্তিৰক্ষী বাহিনী পঠিওৱা হ’ল। শক্তিশালী বাহিনীক তালৈ পঠিয়াইভাৰতে শ্রীলঙ্কা আৰু বাহিৰৰ আন শক্তিসমূহক এনে এটা ধাৰণা দিয়া হৈছিল যে যদিহে এই কাৰ্যক ভাৰত বিৰোধী কাৰ্যৰ ৰূপ দিব বিচৰা হয় তেতিয়াহ’লে ভাৰত মৌন দৰ্শক হৈ নাথাকিব।

যদিও 1987 চনৰ চুক্তিখনে ভাৰতৰ কূটনৈতিক বিজয় সাব্যস্ত কৰিছিল তথাপি ই ভাৰতৰ বাবে বয়বহুল হিচাপে পৰিগণিত হৈছিল। ভাৰতে 12,000 সৈন্য হেৰুৱাইছিল আৰু শান্তিৰক্ষী বাহিনীৰ বাবে দৈনিক 2 কোটি টকাকৈ খৰছ কৰিবলগীয়া হৈছিল। আটাইতকৈ দুখজনক কথা হৈছে তামিলসকল ভাৰতীয় শান্তিৰক্ষী বাহিনীৰ বিৰোধী হৈ পৰিছিল আৰু দুয়োপক্ষৰ মাজত যুদ্ধ সংঘটিত হৈছিল। 1987 চনৰ ভাৰত শ্রীলঙ্কা চুক্তিৰ নিৰ্মাতা ৰাজীৱ গান্ধীক এলটিটিই নেতা ভেলুপিল্লাই প্রভাকৰণৰ নিৰ্দেশ অনুসৰি 1991 চনত হত্যা কৰা হৈছিল। 1990 ৰ দশকৰ পৰাই বিশেষকৈ শ্রীলঙ্কাৰ পৰা ভাৰতীয় সামৰিক বাহিনী আঁতৰাই অনাৰ পিছত ভাৰত আৰু শ্ৰীলঙ্কাই অর্থনৈতিক বান্ধোন শক্তিশালী কৰিবলৈ প্ৰচেষ্টা চলাই আহিছে। বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক বিনিময় বঢ়াবলৈ 1998 চনত দুয়োখন দেশে ইণ্ডো-শ্রীলঙ্গান ফাউণ্ডেচন গঠন কৰিছিল৷ দুয়োপক্ষই বাণিজ্যিক সূচলতাৰ কাৰণে মুক্ত বাণিজ্য অঞ্চলৰ সিদ্ধান্ত লৈছিল।

তামিল আৰু হিংসলীসকলৰ মাজত শান্তি-প্ৰক্ৰিয়া আগবঢ়াই নিবলৈ ভাৰতে শ্রীলঙ্কাক উৎসাহ যোগাই আহিছে। 1998 চনত শ্রীলঙ্কাইনৃগোষ্ঠীয় সমস্যাটোৰ শান্তিপূর্ণ মীমাংসাৰ ব্যৱস্থা কৰিবলৈ নৰৱেক আমন্ত্ৰণ জনাইছিল ৷ ভাৰতে শ্রীলঙ্কাৰ ঐক্যত সমর্থন জনাই আহিছে। এইক্ষেত্ৰত উল্লেখযোগ্য হৈছে এলটিটিই আৰু শ্রীলঙ্কাৰ মাজত 2002 চনৰ যুদ্ধবিৰতি চুক্তি আৰু দুয়োপক্ষৰ মাজৰ দ্বিপাক্ষিক আলোচনাৰ পুনৰ আৰম্ভ। ভাৰতৰ দীৰ্ঘদিনীয়া প্ৰচেষ্টাৰ প্ৰতি লক্ষ্য ৰাখি, নৰৱেইয়ে শ্রীলঙ্কাৰ ক্ষেত্ৰত ভাৰতৰ বৈধ আগ্রহক স্বীকৃতি দি কৈছিল যে অঞ্চলটোৰ সংঘাতৰ অৱসান ঘটাবলৈ ভাৰতে আৰম্ভ কৰা প্ৰক্ৰিয়াত ইহস্তক্ষেপ কৰিব নিবিচাৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top