ASOS Class 12 Political Science Chapter 17 সার্বজনীন প্রাপ্তবয়স্কৰ ভোটাধিকাৰ আৰু প্ৰতিনিধিত্বৰ পদ্ধতিসমূহ

ASOS Class 12 Political Science Chapter 17 সার্বজনীন প্রাপ্তবয়স্কৰ ভোটাধিকাৰ আৰু প্ৰতিনিধিত্বৰ পদ্ধতিসমূহ, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Political Science Chapter 17 সার্বজনীন প্রাপ্তবয়স্কৰ ভোটাধিকাৰ আৰু প্ৰতিনিধিত্বৰ পদ্ধতিসমূহ and select needs one.

ASOS Class 12 Political Science Chapter 17 সার্বজনীন প্রাপ্তবয়স্কৰ ভোটাধিকাৰ আৰু প্ৰতিনিধিত্বৰ পদ্ধতিসমূহ

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Political Science Chapter 17 সার্বজনীন প্রাপ্তবয়স্কৰ ভোটাধিকাৰ আৰু প্ৰতিনিধিত্বৰ পদ্ধতিসমূহ Solutions for All Subject, You can practice these here.

সার্বজনীন প্রাপ্তবয়স্কৰ ভোটাধিকাৰ আৰু প্ৰতিনিধিত্বৰ পদ্ধতিসমূহ

Chapter : 17

17.1 পাঠ্য অন্তর্গত অনুশীলনীৰ উত্তৰঃ

1. সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰত কোনে ভোটদানৰ অধিকাৰ ভোগ কৰিব পাৰে?

(a) সকলো প্রাপ্তবয়স্ক লোকে। 

(b) মাত্ৰ পুৰুষে।

(c) মাত্র মহিলাই। 

(d) সৰু ল’ৰা-ছোৱালীয়ে।

উত্তৰঃ (a) সকলো প্রাপ্তবয়স্ক লোকে।

2. তলৰ কাৰ ভোটাধিকাৰ নাথাকে?

(a) সৰু ল’ৰা-ছোৱালীৰ। 

(b) বিদেশী সকলৰ।

(c) বলিয়া লোকৰ। 

(d) ওপৰোক্ত সকলোৰে।

উত্তৰঃ (d) ওপৰোক্ত সকলোৰে।

3. ভাৰতবৰ্ষত ভোটদানৰ নিম্নতম বয়স হ’ল—

(a) 16 বছৰ। 

(b) 21 বছৰ।

(c) 18 বছৰ। 

(d) 25 বছৰ।

উত্তৰঃ (b) 21 বছৰ।

4. ছুইজাৰলেণ্ডত কিমান চনত সাৰ্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰৰ ব্যৱস্থা কৰা হৈছিল?

(a) 1914

(b) 1945

(c) 1928

(d) 1971

উত্তৰঃ (d) 1971

17.2 পাঠ্য অন্তর্গত অনুশীলনীৰ উত্তৰঃ

1. খালী ঠাই পূৰণ কৰাঃ

(a) First-past-the-Post ব্যৱস্থাটোক______নামেৰেও জনা যায়।

উত্তৰঃ First-past-the-Post ব্যৱস্থাটোক সাধাৰণ সংখ্যা গৰিষ্ঠ ব্যৱস্থ নামেৰেও জনা যায়।

(b) বহু প্রতিনিধিত্বমূলক সমষ্টিক_____নামেৰেও জনা যায়।

উত্তৰঃ বহু প্রতিনিধিত্বমূলক সমষ্টিক সাধাৰণ টিকে ব্যৱস্থা নামেৰেও জনা যায়।

(c) ভাৰতবৰ্ষত লোকসভা আৰু ৰাজ্যিক বিধানমণ্ডল সমূহৰ নিৰ্বাচনবিলাক______ব্যৱস্থামতে অনুষ্ঠিত হয়।

উত্তৰঃ ভাৰতবৰ্ষত লোকসভা আৰু ৰাজ্যিক বিধানমণ্ডলসমূহৰ নিৰ্বাচনবিলাক ভৌগলিক ব্যৱস্থামতে অনুষ্ঠিত হয়।

(d) আনুপাতিক প্রতিনিধিত্বৰ ব্যৱস্থা কৰা পদ্ধতি দুটা হ’ল আৰু______।

উত্তৰঃ আনুপাতিক প্রতিনিধিত্বৰ ব্যৱস্থা কৰা পদ্ধতি দুটা হ’ল একক। হস্তান্তৰযোগ্য ভোট ব্যৱস্থা আৰু তালিকা পদ্ধতি।

(e) বিধানমণ্ডলত সংখ্যালঘু শ্ৰেণীক প্রতিনিধিত্বৰ সুবিধা প্ৰদান কৰা ব্যৱস্থা দুটা হ’ল_____।

উত্তৰঃ বিধানমণ্ডলত সংখ্যালঘু শ্ৰেণীক প্রতিনিধিত্বৰ সুবিধা প্ৰদান কৰা ব্যৱস্থা দুটা হ’ল সামূহিক ভোট ব্যৱস্থা আৰু সীমিত ভোট পৰিকল্পনা।

পাঠ্য শেহান্ত অনুশীলনীৰ উত্তৰঃ

(a) সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰৰ অৰ্থ আৰু তাৎপৰ্য লিখা।

উত্তৰঃ নিৰ্বাচনত ভোটদান কৰিনিজৰ পচন্দৰ প্ৰাৰ্থী নির্বাচন কৰিব পৰাৰ অধিকাৰকে ভোটাধিকাৰ বুলি কোৱা হয়। ফৰাছী ভাষাৰ ‘Franc’ শব্দৰ পৰাই ইংৰাজী ‘Franchise’ শব্দটোলোৱা হৈছে। ফৰাছী ভাষাত ‘Franc’ মানে হ’ল ‘Free’ বা মুক্ত আৰু ইংৰাজীত ‘Franchise’ মানে হ’ল ‘ভোটাধিকাৰ’ প্রাপ্তবয়স্ক ভোটাধিকাৰ মতে জাতি, বৰ্ণ, ভাষা, ধর্ম ইত্যাদি নির্বিশেষে সকলো প্রাপ্তবয়স্ক নাগৰিককে ভোটাধিকাৰ দিয়া উচিত। এইধৰণৰ ভোটাধিকাৰ গণতন্ত্ৰৰ এটা মূল নীতি সমতাৰ ওপৰত প্ৰতিষ্ঠিত। প্রাপ্তবয়স্ক ভোটাধিকাৰ মতে সকলো লোকৰ বাবে একে ধৰণৰ ভোটাধিকাৰ থকা উচিত। কোনো এক বিশেষ শ্ৰেণীৰ লোকক ভোটাধিকাৰ সাব্যস্ত কৰিব নিদিয়াটোৱে তেওঁলোকৰ সমতাৰ অধিকাৰ খৰ্ব কৰাটোকে সূচায়। প্ৰকৃতাৰ্থত কোনো বৈষম্য নকৰাকৈ সকলো লোককে ভোটদানৰ অধিকাৰ প্ৰদান কৰিহে গণতন্ত্ৰৰ প্ৰকৃত আত্মা প্রতিষ্ঠা কৰিব পাৰি। প্রাপ্তবয়স্ক ভোটাধিকাৰে নাগৰিকসকল আত্ম সন্মান, আত্ম মর্যদা, দায়িত্ববোধ আৰু পৌৰ নিশক্ষা বৃদ্ধি কৰিব পাৰে। আন অৰ্থত ক’বলৈ হ’লে প্ৰাপ্তবয়স্ক ভোটাধিকাৰ হ’ল গণতন্ত্ৰৰ মূল ভেটি। ইয়াত জনসাধাৰণক ‘ৰাজনৈতিক সার্বভৌমত্ব’ বুলি ধৰা হয় কিয়নো জনসাধাৰণেই ভোটদানৰ জৰিয়তে এটা দলক শাসনত অধিষ্ঠিত কৰিব পাৰে অথবা শাসনৰ পৰা ওফৰাই পেলাব পাৰে ৷

ভাৰতৰ সংবিধান অনুসৰি এক নিয়মীয়া সময়ৰ ব্যৱধানত জনসাধাৰণে নিৰ্বাচনত ভোটদান কৰি সংসদ, ৰাজ্যিক বিধানমণ্ডলসমূহ আৰু গণতান্ত্রিক ব্যৱস্থাটোৰ অন্যান্য ক্ষমতাৰ আধাৰ অংগসমূহৰ প্ৰতিনিধি নির্বাচন কৰি উলিয়াব লাগে। এই অনুষ্ঠানসমূহক জন প্রতিনিধিত্বৰ অনুষ্ঠান বুলি কোৱা হয় কিয়নো ইবিলাকে জনসাধাৰণৰ ইচ্ছাক প্রতিনিধিত্ব কৰে।

(b) সাধাৰণ সংখ্যাগৰিষ্ঠ ব্যৱস্থা কি? ব্যাখ্যা কৰা।

উত্তৰঃ সাধাৰণতে একক প্রতিনিধিত্ব সমষ্টিত সাধাৰণ সংখ্যাগৰিষ্ঠ ব্যৱস্থাৰে প্রতিনিধি নির্বাচন কৰা হয়৷ যিজন প্রতিনিধিয়ে অটাইতকৈ বেছি ভোট লাভ কৰে তেওঁকেই বিজয়ী বুলি ঘোষিত কৰা হয়। বহুক্ষেত্ৰত এনেকুৱা ব্যৱস্থাত বহুকেইজন প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়োৱা দেখা যায়। তেনেকুৱা পৰিস্থিতি কেতিয়াবা 50% তকৈও কম ভোটত জয়ী হোৱা প্ৰাৰ্তী এজনকো নির্বাচিত ঘোষিত কৰা হয় ৷ ভাৰতবৰ্ষত প্ৰায় সঘনে এনেকুৱা দেখা যায়। ভাৰতৰ বাহিৰেও ব্ৰিটেইন, আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু আন কিছুমান দেশত এই সাধাৰণ ব্যৱস্থাৰ প্ৰচলন আছে।

(c) আনুপাতিক প্রতিনিধিত্ব ব্যৱস্থাটো আলোচনা কৰা। আনুপাতিক প্রতিনিধিত্বৰ অন্তৰ্ভুক্ত পদ্ধতি দুটা কি কি?

উত্তৰঃ সমাজৰ সকলো শ্ৰেণী গোষ্ঠীৰ লোককে কম বেছি পৰিমাণে সিহঁতৰ সংখ্যাৰ অনুপাতত প্ৰতিনিধিত্বৰ ব্যৱস্থা কৰাকে আনুপাতিক প্রতিনিধিত্ব বুলি কোৱা হয়৷ জে.এচ. মিল এই আনুপাতিক প্রতিনিধিত্বৰ এজন ঘোৰ সমৰ্থক আছিল। তেওঁ কৈছিল, “ In any really equal democracy every or any section would be represented not disproportionately, but proportionately. A majority of the electors would always have a majority of representatives; but a minority of electors would always have a minority of representatives.” – এই ব্যৱস্থাটোৱে এটা ৰাজনৈতিক দলে বিধানমণ্ডলত লাভ কৰা আসন জনসাধাৰণৰ ভোটৰ আনুপাতিক হোৱাটো নিশ্চিত কৰে। সাধাৰণ সংখ্যাগৰিষ্ঠ ব্যৱস্থাত কেতিয়া দেখা যায় যে এটা ৰাজনৈতিক দলে 50% তকৈও কম ভোট লাভ কৰিও বিধমনমণ্ডলত বেছি আসন লাভ কৰে। আনুপাতিক প্রতিনিধিত্ব ব্যৱস্থাত এই দোষবিলাক সাধাৰণতে নাথাকে। ইয়াত সমাজৰ সকলো শ্ৰেণীয়ে প্রায় সমভাৱে প্ৰতিনিধিত্ব কৰিবলৈ সুবিধা পায়৷ দুটা বিশেষ পদ্ধতিৰ জৰিয়তে আনুপাতিক প্রতিনিধিত্ব নিশ্চিত কৰা হয় —

1. একক হস্তান্তৰযোগ্য ভোট ব্যৱস্তাঃ একক হস্তান্তৰযোগ্য ভোট ব্যৱস্থাক ‘হেয়াৰ ব্যৱস্থা’ বা আন্দ্রেই আঁচনি (Andrae Scheme) বুলিও জনা যায়। একক হস্তান্তৰযোগ্য ভোট ব্যৱস্থাত এজন ভোটাৰে মাত্ৰ এটা ভোট প্ৰদান কৰিব পাৰে যিটো ভোটাৰজনৰ পচন্দৰ অন্য প্রার্থীলৈ প্রয়োজন সাপেক্ষে হস্তান্তৰ কৰিব পাৰি। সেইকাৰণে এই ব্যৱস্থাটোক অগ্ৰাধিকাৰ ব্যৱস্থা (Preferential System) বুলিও কোৱা হয়।

এই ব্যৱস্থাটোৱে তলত দিয়া চৰ্ত সাপেক্ষে কাম কৰে—

(a) প্রত্যেকটো সমষ্টিয়ে এটা বহু প্রতিনিধিত্বৰ সমষ্টি হোৱা উচিত য’ৰ পৰা তিনিজন বা ততোধিক প্রার্থী নির্বাচিত হ’ব পাৰে ৷

(b) এজন ভোটাৰৰ মাত্ৰ এটা ভোট থাকে যিটো তেওঁ পচন্দৰ শৃংখল অনুসৰি প্ৰদান কৰিব পাৰে। উদাহৰণ হিচাপে যিমানজন প্রার্থী থাকে সেই অনুসৰি ভোটাৰজনে প্রথম, দ্বিতীয়, তৃতীয় ইত্যাদিকৈ তেওঁৰ পচন্দৰ ক্ৰম দিব পাৰে। প্ৰাৰ্থীৰ নামৰ বিপৰীতে ভোটাৰজনে এক, দুই, তিনি ইত্যাদিকৈ পচন্দৰ ক্ৰম লিখিব লাগে।

(c) ভোটাৰজনে মাত্ৰ এজন প্ৰাৰ্থীৰ সপক্ষে আটাইবোৰ পচন্দৰ ক্ৰম দিব নোৱাৰে।

(d) নিৰ্বাচিত হ’বৰ কাৰণে এজন প্ৰাৰ্থীয়ে ভোটৰ এটা নিৰ্দিষ্ট কোটা লাভ কৰিব লাগে ৷ এই কোটাটো তলত দিয়া পদ্ধতি মতে নিৰ্ধাৰণ কৰা হয়—

কোটা = নিৰ্বাচনত প্ৰদান কৰা মুঠ ভোটৰ সংখ্যা /এটা সমষ্টিৰ মুঠ আসনৰ সংখ্যা + 1

উদাহৰণ হিচাপে এটা সমষ্টিত প্ৰদান কৰা মুঠ ভোটৰ সংখ্যা 20,000 আৰু সেই সমষ্টিটোৰ মুঠ আসনৰ সংখ্যা 4 হ’লে তাৰ কোটা হ’ব— 

20,000/ 4 + 1 = 5001

এই ব্যৱস্থাত প্ৰথমতে প্রথম পচন্দৰ ভোটবিলাক গণনা কৰা হয়। যিজন প্ৰাৰ্থীয়ে নির্দিষ্ট কোটা লাভ কৰে তেওঁকে নির্বাচিত ঘোষণা কৰা হয় আৰু তেওঁৰ অতিৰিক্ত ভোটসমূহ দ্বিতীয় পচন্দৰ প্ৰাৰ্থীবিলাকৰ ভোটৰ সংখ্যাৰ লগত যোগ দিয়া হয়। যদি নির্দিষ্ট কোটা লাভ কৰিব নোৱাৰাৰ ফলস্বৰূপে এটা বা ততোধিক আসন খাল থাকে তেতিয়া আটাইতকৈ কম ভোট পোৱা প্ৰাৰ্থীজনক প্রত্যাহাৰ কৰি তেওঁৰ ভোটবিলাক পচন্দৰ শৃংখলা অনুসৰি অন্যান্য প্ৰাৰ্থীৰ নামত বিতৰণ কৰা হয়। নিৰ্দিষ্ট কোটা লাভ নকৰালৈকে এই প্ৰক্ৰিয়াটো চলাই ৰখা হয়।

ভাৰতবৰ্ষতৰাজ্য সভা আৰু ৰাজ্যিক বিধান পৰিষদৰ সদস্যবিলাকৰ নিৰ্বাচনত এই পদ্ধতি প্ৰয়োগ কৰা হয়। ভাৰতৰ ৰাষ্ট্ৰপতিজজনাৰ নিৰ্বচেনাত এই পদ্ধতিটো অনুসৰণ কৰা হয়।

2. তালিকা পদ্ধতিঃ আনুপাতিক প্রতিনিধিত্ব ব্যৱস্থাৰ অন্তৰ্ভুক্ত আন এক ব্যৱস্থা হ’ল তালিকা পদ্ধতি বা ‘লিষ্ট ব্যৱস্থা’। এই পদ্ধতিত একোটা ডাঙৰ বহু প্রতিনিধিত্বৰ সমষ্টিৰ পৰা বহুতো প্রতিনিধি নির্বাচন কৰা হয়। তেনেকুৱা এটা নিৰ্দিষ্ট সমষ্টিত প্ৰত্যেকটো ৰাজনৈতিক দলে তেওঁলোকৰ দলীয়া প্ৰাৰ্থী কিছুমানৰ এখন তালিকা দাখিলকৰে। এজন ভোটাৰে এজন নিৰ্দিষ্ট প্রতিনিধিৰ সপক্ষে ভোটজান কৰাৰ সলনিৰ প্ৰত্যেকটো ৰাজনৈতিক দলে দাখিলকৰা প্ৰাৰ্থী তালিকাৰ প্ৰত্যেকজন প্ৰাৰ্থীৰ সপক্ষে পচন্দৰ শৃংখলা প্ৰদান কৰে। এই ভোটবিলাক অবিভাজ্য হয়। যদি এটা সমষ্টিৰ পৰা চাৰিজন প্ৰাৰ্থী নির্বাচন কৰিব লাগে তেনেহ’লে এজন ভোটাৰে প্ৰত্যেকটো ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ তালিকাত পচন্দৰ শৃংখল প্ৰদান কৰিব লাগে। ইয়াতো এটা নির্দিষ্ট ‘কোটা’ (Quota) নিৰ্ধাৰণ কৰা হয় আৰু সেইমতে যিজন প্ৰাৰ্থীয়ে নিৰ্ধাৰিত কোটা লাভ কৰে তেওঁকে নির্বাচিত ঘোষণা কৰা হয়। যদি এটা ৰাজনৈতিক দলৰ তিনিজন প্ৰাৰ্থীয়ে কোনো সংখ্যক ভোট লাভ কৰে তেনেহ’লে সেই ৰাজনৈতিক দলটোৰ তিনিওজন প্রার্থীকে নিৰ্বাচিত ঘোষণা কৰা হ’ব।

এই তালিকা পদ্ধতি দুই ধৰণৰ দেখিবলৈ পোৱা যায়। ইয়াৰে এবিধক ‘বাধ্যতামূলক তালিকা’ আৰু আনবিধক ‘মুক্ত তালিকা’ বুলি কোৱা হয়। বাধ্যতামূলক তালিকা পদ্ধতিত এজন ভোটাৰে ৰাজনৈতিক দল এটাই দাখিল কৰা তালিকাৰ হয় আটাইকেইজন প্ৰাৰ্থীৰ সপক্ষে ভোটদান কৰিব লাগিব নহয় আটাইকেইজন প্রার্থীকে প্রত্যাহাৰ কৰিব লাগিব। কিন্তু মুক্ত তালিকাৰ ক্ষেত্ৰত ভোটাৰ এজনে প্রার্থী তালিকাত পচন্দৰ শৃংখল প্ৰদান কৰিবপাৰে। ছুইজাৰলেণ্ডত এই ‘তালিকা পদ্ধতি’ অনুসৰণ কৰা হয়।

(d) সংখ্যালঘু প্ৰতিনিধিত্বৰ ব্যৱস্থা কৰা পদ্ধতিসমূহ ব্যাখ্যা কৰা।

উত্তৰঃ আনুপাতিক প্রতিনিধিত্বৰ বাহিৰেও সংখ্যালঘুসকলৰ যথোপযুক্ত প্ৰতিনিধিত্বৰ ব্যৱস্থা কৰিবলৈ অন্যান্য কিছুমান প্রতিনিধিত্বৰ পদ্ধতি অনুসৰণ কৰা দেখা যায়। তেনেকুৱা কিছুমান ব্যৱস্থা তলত আলোচনা কৰা হ’ল— 

(i) সামূহিক ভোট ব্যৱস্থাঃ এই ব্যৱস্থাত এজন ভোটাৰৰ এটাতকৈ বেছি ভোট থাকিব পাৰে। সাধাৰণতে এটা সমষ্টিৰ পৰা যিমানজন প্রার্থী নির্বাচিত হ’ব পাৰে ভোটাৰ এজনৰ ভোটৰ সংখ্যাও সিমানেইহয়। ভোটাৰ এজনে আটাইকেইজন প্ৰাৰ্থীৰ সপক্ষে ভোট দান কৰিব পাৰে অথবা এজন প্রার্থীকে তেওঁৰ আটাইকেইটা ভোট প্রদান কৰিব পাৰে। উদাহৰণস্বৰূপে, যদি এটা সমষ্টিৰ পৰা 5 জন প্রার্থী নিৰ্বাচিত হ’ব পাৰে তেনেহ’লে এজন ভোটাৰে তেওঁৰ ভোট কেইটা মাত্ৰ এজন প্ৰাৰ্থীকে দিব পাৰে নতুবা গোটেই মাত্ৰ এজন প্রার্থীকে দিব পাৰে নতুবা গোটেই কেইজন বা কেইজনাম প্ৰাৰ্থীৰ মাজত বিতৰণ কৰিব দিব পাৰে। এই ব্যৱস্থাটোৱে সমাজৰ সংখ্যালঘু শ্ৰেণী বা সম্প্ৰদায়ক নিজৰ সম্প্ৰদায়ৰ প্ৰতিনিধি নির্বাচিত কৰিবলৈ সুবিধা প্ৰদান কৰে।

(ii) সীমিত ভোট পৰিকল্পনাঃ এটা বহু প্রতিনিধিত্বমূলক সমষ্টি য’ৰ পৰা কমপক্ষেও তিনিজন প্রার্থী নির্বাচিত হ’ব লাগেক তাত এই পদ্ধতিটো গ্ৰহণ কৰা দেখা যায় । এই পদ্ধতিমতে এজন ভোটাৰে এজনতকৈ অধিক প্ৰাৰ্থীৰ সপক্ষে ভোটদান কৰিব পাৰে, কিন্তু তেওঁ সকলো প্ৰাৰ্থীকে ভোটদান কৰিব নোৱাৰে। সেইকাৰণেই এই পদ্ধতিটোক সীমিত ভোট পৰিকল্পনা হিচাপে জনা যায়। উদাহৰণ হিচাপে এটা সমষ্টিত ছয়খন আসন থাকিলে এজন ভোটাৰে চাৰিজন প্ৰাৰ্থীৰ সপক্ষে ভোটদান কৰিব পাৰি কিন্তু তেওঁ আটাইকেইজন প্রার্থীকে ভোটদান কৰিব নোৱাৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top