ASOS Class 12 Economics Chapter 35 বাণিজ্যৰ ভাৰসামতা আৰু লেনদেনৰ ভাৰসমতা

ASOS Class 12 Economics Chapter 35 বাণিজ্যৰ ভাৰসামতা আৰু লেনদেনৰ ভাৰসমতা, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Economics Chapter 35 বাণিজ্যৰ ভাৰসামতা আৰু লেনদেনৰ ভাৰসমতা and select needs one.

ASOS Class 12 Economics Chapter 35 বাণিজ্যৰ ভাৰসামতা আৰু লেনদেনৰ ভাৰসমতা

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Economics Chapter 35 বাণিজ্যৰ ভাৰসামতা আৰু লেনদেনৰ ভাৰসমতা Solutions for All Subject, You can practice these here.

বাণিজ্যৰ ভাৰসামতা আৰু লেনদেনৰ ভাৰসমতা

Chapter : 35

35.1 পাঠ্য-অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

1. তলৰ খালী ঠাইবোৰ পূৰণ কৰাঃ

(i) দ্রব্য সামগ্ৰীৰ ৰপ্তানি মূল্য আৰু দ্রব্য সামগ্ৰীৰ আমদানি মূল্যৰ মাজৰ পার্থক্যক _______ বোলে। (বাণিজ্যিক ভাৰসমতা, ঘাটি, লাভ)

উত্তৰঃ বাণিজ্যিক ভাৰসমতা।

(ii) অদৃশ্যমান ৰপ্তানিৰ মূল্য আৰু অদৃশ্যমান আমদানিৰ মূল্যৰ পাৰ্থক্যক ______ বোলে। (অদৃশ্যমান ভাৰসমতা, ৰাহি, ঘাটি)

উত্তৰঃ অদৃশ্যমান ভাৰসমতা।

(iii) স্বাধীনতা লাভৰ সময়ৰ পৰা ভাৰতে বাণিজ্যিক ভাৰসমতাৰ ______ আৰু অদৃশ্যমান ভাৰসমতাৰ ______ পাই আহিছে। (ঘাটি, ৰাহি)

উত্তৰঃ ঘাটি বা ৰাহি।

35.2 পাঠ-অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

1. তলৰ খালী ঠাই পূৰণ কৰাঃ

(i) বাণিজ্যিক ভাৰসমতা আৰু অদৃশ্যমান ভাৰসমতা যোগ কৰি আমি _____ পাওঁ। (চলিত হিচাপৰ ভাৰসমতা, বাণিজ্যিক লেনদেনৰ ভাৰসমতা)

উত্তৰঃ চলিত হিচাপৰ ভাৰসমতা।

(ii) বিগত কেবাটাও বছৰত ভাৰতৰ চলিত হিচাপ ভাৰসমতা ______ হৈছে। (ৰাহি, ঘাটি)

উত্তৰঃ ঘাটি।

(iii) চলিত হিচাপৰ ঘাটিৰ অৰ্থ হৈছে এয়ে যে দেশে আন দেশত বিক্ৰী কৰা দ্ৰব্য আৰু সেৱাৰ তুলনাত ______ দ্ৰব্য আৰু সেৱা ক্ৰয় কৰিছে। (বেছি, কম)

উত্তৰঃ বেছি।

35.3 পাঠ-অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

1. খালী ঠাই পূৰণ কৰাঃ

(i) বৈদেশিক লেনদেনৰ ভাৰসমতাৰ মূলধনী হিচাপত _____ ৰ আগমন আৰু বহিঃগমনৰ ৰেকৰ্ড থাকে। (দ্ৰব্য আৰু মুলধন)

উত্তৰঃ মূলধন।

(ii) বৈদেশিক লেনদেনৰ ভাৰসমতাৰ মূলধনী হিচাপৰ বিষয়বোৰ ______ আৰু _____ লেনদেনত ভাগ কৰিব পাৰি। (স্বয়ংসিদ্ধ, উপযোজিত, দ্রব্য, সেৱা)

উত্তৰঃ স্বয়ংসিদ্ধ, উপযোজিত।

(iii) স্বয়ংসিদ্ধ মূলধনী প্রবাহসমূহ বৈদেশিক লেনদেনৰ ভাৰসমতাৰ ঘাটি বা ৰাহিৰ ওপৰত ______। (নিৰ্ভৰশীল হয়, নিৰ্ভৰশীলনহয়)

উত্তৰঃ নিৰ্ভৰশীল নহয়। 

(iv) চলিত হিচাপৰ ঘাটিৰ যিটো অংশ উপযোজিত মূলধনৰ অন্তপ্রবাহেৰে পূৰণ কৰা হয়, সেইটোৱে বৈদেশিক লেনদেনৰ ______ ক প্ৰতিনিধিত্ব কৰে। (ঘাটি আৰু ৰাহি)

উত্তৰঃ ঘাটি।

35.4 পাঠ-অন্তৰ্গত প্রশ্নাৱলীৰ উত্তৰঃ

1. তলত মন্তব্যবোৰ সঁচা নে মিছা লিখাঃ

(i) চলিত হিচাপ পৰা বৈদেশিক লেনদেনৰ ভাৰসমতাৰ স্থিতিৰ বিষয়ে জনা যায়।

উত্তৰঃ মিছা।

(ii) চলিত হিচাপ আৰু মূলধনী হিচাপৰ যোগফলৰ পৰা ৰাহি আৰু ঘাটি দেখুওৱা হয়।

উত্তৰঃ সঁচা।

(iii) বৈদেশিক লেনদেনৰ মুঠ দেনা আৰু পাওনা সদায় সমান হয়।

উত্তৰঃ সঁচা।

(iv) বৈদেশিক লেনদেনৰ হিচাপত উপযোজিত লেনদেনে ভাৰসমতা আনে।

উত্তৰঃ সঁচা।

পাঠ্য সমাপ্তি অনুশীলনীৰ উত্তৰঃ

1. বাণিজ্যিক ভাৰসমতাৰ অৰ্থ কি?

উত্তৰঃ লেনদেনৰ ভাৰসমতাৰ বাণিজ্যিক হিচাপত এবছৰত দ্রব্য সামগ্ৰীৰ ৰপ্তানি আৰু আমদানি সামৰি লোৱা হয়। দ্রব্য সামগ্ৰীৰ ৰপ্তানিৰ মূল্য আৰু দ্ৰব্য সামগ্ৰীৰ আমদানিৰ মূল্যৰ পাৰ্থক্যকে বাণিজ্যিক ভাৰসমতা বোলে।

2. বাণিজ্যিক ভাৰসমতা আৰু অদৃশ্যমান হিচাপৰ ভাৰসমতাৰ পাৰ্থক্য লিখা।

উত্তৰঃ লেনদেনৰ ভাৰসমতাৰ বাণিজ্যিক হিচাপত এবছৰত দ্রব্য সামগ্ৰীৰ ৰপ্তানি আৰু আমদানি সামৰি লোৱা হয়। দ্রব্য সামগ্ৰীৰ ৰপ্তানিৰ মূল্য আৰু দ্ৰব্য সামগ্ৰীৰ আমদানিৰ মূল্যৰ পাৰ্থক্যকে বাণিজ্যিক ভাৰসমতা বোলে।

অদৃশ্যমান হিচাপৰ দেনা আৰু পাওনাৰ পাৰ্থক্যকেই অদৃশ্যমান হিচাপৰ ভাৰসমতা বুলি কোৱা হয়। যদিহে অদৃশ্যমান হিচাপ পাওনা দেনাতকৈ বেছি হয়, তেতিয়া তাক অদৃশ্যমান হিচাপৰ ভাৰসমতাৰ ৰাহি বুলি কোৱা হয়। আনহাতে অদৃশ্যমান হিচাপৰ পাওনা বৈদেশিক মুদ্রা যদি দিবলগীয়া বৈদেশিক মুদ্ৰাতকৈ কম হয়, তাক অদৃশ্যমান হিচাপৰ ঘাটি ভাৰসমতা বুলি কোৱা হয়।

3. বৈদেশিক লেনদেনৰ ভাৰসমতাৰ চলিত হিচাপ আৰু মূলধনী হিচাপৰ পার্থক্য লিখা।

উত্তৰঃ বাণিজ্য হিচাপ আৰু অদৃশ্যমান হিচাপক একেলগে চলিত হিচাপ বুলি কোৱা হয়। অন্য কথাত বাণিজ্যিক ভাৰসমতা আৰু অদৃশ্যমান ভাৰসমতাক একেলগ কৰিলে আমি চলিত হেচাপ পাওঁ।

গতিকে বৈদেশিক লেনদেনৰ ভাৰসমতাৰ চলিত হিচাপে দৃশ্যমান আৰু অদৃশ্যমান সকলোবোৰ ক্রয়-বিক্ৰয়ৰ লেনদেনৰ ৰেকৰ্ড সামৰি লয়।

মূলধনী হিচাপত মূলধনৰ আগমন বা অর্ন্তপ্রবাহ আৰু বহির্গমন বা বহিঃপ্রবাহক সামলি লোৱা হৈছে। বিদেশৰ সৈতে হোৱা ঋণৰ আদান-প্ৰদান আৰু অন্য দেশৰ সৈতে কৰা অংশপত্ৰ আৰু ঋণপত্ৰৰ ক্রয়-বিক্ৰয়ৰ পৰা পোৱা আৰু দিবলগীয়া ধনৰ দ্বাৰাই মূলধনৰ এই প্রবাহ হ’ব পাৰে।

4. স্বয়ংসিদ্ধ আৰু উপযোজিত লেনদেনৰ পাৰ্থক্য উলিওৱা।

উত্তৰঃ স্বয়ংসিদ্ধ লেনদেনঃ কোনো এখন দেশত বিদেশীয়ে কৰা বিনিয়োগৰ ফলত মূলধনৰ অন্তঃপ্রবাহ (বৈদেশিক মুদ্ৰাৰ ৰূপত) হয়। একেদৰে, এখন দেশৰ মানুহে আন দেশত কৰা বিনিয়োগৰ ফলত মূলধনৰ বহিঃপ্রবাহ (বৈদেশিক মুদ্ৰাৰ ৰূপত) হয়। বিনিয়োগৰ পৰা হ’ব পৰা লাভৰ আশাৰ ওপৰত বিনিয়োগৰ সিদ্ধান্ত নিৰ্ভৰশীল। এই প্রবাহ এখন দেশৰ বৈদেশিক লেনদেনৰ চলিত হিচাপৰ ৰাহি বা ঘাটিৰ ফলাফল নহয়। সেইবাবেই ইয়াত স্বয়ংসিদ্ধ মূলধনী বুলি কোৱা হয়।

একেদৰে চলিত হিচাপত স্বয়ংসিদ্ধ মূলধনী লেনদেনৰ ফলস্বৰূপে এখন দেশত বৈদেশিক মুদ্ৰাৰ শুদ্ধ অন্তঃপ্রবাহ বা বহিঃপ্রবাহ সম্ভৱ হ’ব পাৰে। চলিত হিচাপৰ ফাৰসমতাৰ সৈতে ইয়াক একেলগ কৰিলে বৈদেশিক লেনদেনৰ ভাৰসমতাৰ ঘাটি বা ৰাহি পোৱা যায়। এই ঘাটি বা ৰাহিৰ ফলাফল হৈছে উপযোজিত মূলধনী লেনতেন।

উপযোজিত লেনদেনঃ বৈদেশিক লেনদেনৰ ভাৰসমতাৰ ঘাটি বা ৰাহিৰ ফলত যি লেনদেন (চলিত হিচাপৰ ভাৰসমতা আৰু স্বয়ংসিদ্ধ মূলধনী লেনদেনৰ ভাৰসমতাৰ যোগফল) হয়, তাকে অভিযোজিত মূলধনী লেনদেন বোলে। যদি এখন দেশৰ বৈদেশিক লেনদেনৰ ভাৰসমতাত ঘাটি হয়, তেতিয়া বুজিব লাগিব যে এখন দেশে বৈদেশিক মুদ্ৰাৰ ৰূপত পাৰবলগীয়া ধনতকৈ দিবলগীয়া বৈদেশিক মুদ্ৰাৰ পৰিমাণ বেছি হৈছে। এনে ঘাটি বিদেশী চৰকাৰৰ অথবা আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা কোষৰ দৰে আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ সাহায্যৰ সহায়ত পূৰণ কৰা হয়। বৈদেশিক মুদ্ৰাৰ ৰূপত পোৱা এনে পাওনাই হৈছে উপযোজিত পাওনা। অৱশ্যে যদিহে এনে উপযোজনৰ দ্বাৰা ঘাটি পূৰণ নহয়, তেতিয়া দেশৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ ধন পৰিমাণ কৰি যায়। একেদৰে যদিহে এখন দেশৰ বৈদেশিক লেনদেনৰ ভাৰসমতাত ৰাহি দেখা যায়, তেতিয়া উপযোজিত লেনদেন বহিঃদেশলৈ সাহায্যৰ ৰূপত অথবা দেশৰ বৈদেশিক মুদ্রা ভাণ্ডাৰত হোৱা জমা ৰূপত অথবা উভয় ৰূপতেই দেখা যায়।

5. যিকোনো এখন দেশৰ বৈদেশিক লেনদেনৰ ভাৰসমতাৰ সম্পূৰ্ণ ঘাটিৰ অর্থ লিখা।

উত্তৰঃ বৈদেশিক লেনদেনৰ ভাৰসমতাৰ হিচাপ অৰ্থ বুজাৰ বাবে আমি ভাৰতৰ চন আৰু চনৰ বৈদেশিক লেনদেনৰ ভাৰসমতাৰ তথ্যৰ পৰা জানিব পাৰো।

বৈদেশিক লেনদেনৰ ভাৰসমতা (কোটি টকা হিচাপত)

ওপৰৰ তালিকাৰত বিশেষকৈ ৯ নং বিষয়টোৰ পৰা দেখা গৈছে যে বৈদেশিক মুদ্রা ভাণ্ডাৰৰ হ্ৰাস অথবা বৃদ্ধিয়েই হৈছে বৈদেশিক লেনদেনৰ ভাৰসমতাৰ ঘাটি বা ৰাহি সৃষ্টি কৰিব পৰা বিষয়।

তালিকাৰ ৭ নং বিষয়টোত দেখা গৈছে যে 1990-91 চনত ভাৰতৰ বৈদেশিক লেনদেনৰ ভাৰসমতাত 4,470 কোটি টকাৰ সৰ্বমুঠ ঘাটি হৈছে। প্ৰকৃততে, তালিকাৰ 5 নং বিষয়টোত দেখুওৱাৰ দৰে চলিত হিচাপত 17,368 কোটি টকাৰ ঘাটি হৈছিল। কিন্তু 6 নং বিষয়টোত দেখুওৱা মতে, 12,899 কোটি টকাৰ শুদ্ধ মূলধনৰ আগমন হৈছিল।

5 আৰু 6 নং বিষয় দুটাৰ যোগফলৰ পৰা বৈদেশিক লেনদেনৰ ভাৰসমতাৰ প্রকৃত স্থিতি পোৱা যায়, য’ত 4,470 কোটি টকাৰ ঘাটি দেখা গৈছে। এই ঘাটিৰ এটা অংশ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ পৰা পোৱা ধনেৰে পূৰণ কৰা হৈছে। পূৰণ নোহোৱা 2,293 কোটি টকাৰ ঘাটি, যিটো 9 নং বিষয়ত দেখুওৱা হৈছে। তাত দেশৰ বৈদেশিক মুদ্রা ভাণ্ডাৰৰ হ্ৰাস হোৱা দেখা গৈছে। এনেদৰে, সৰ্বমুঠ ঘাটি আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ পৰা পোৱা ধন আৰু দেশৰ বৈদেশিক মুদ্রা ভাণ্ডাৰৰ পৰা পূৰ্ণ কৰিব পাৰি।

1990-91 চনৰ আৰু 1993-94 চনৰ বৈদেশিক লেনদেনৰ ভাৰসমতাৰ স্থিতিৰ মাজত পাৰ্থক্য আছে। ইয়াত চলিত হিচাপত 3636 কোটি টকাৰ ঘাটি আৰু 30,852 কোটি টকা মূলধনী হিচাপৰ ৰাহি দেখা গৈছে। মূলধনী হিচাপ ৰাহিয়ে চলিত হিচাপৰ ঘাটি অতিক্ৰম কৰি গৈছে আৰু সৰ্বশেষ লেনদেনৰ ভাৰসমতাত 27,216 কোটি টকাৰ ৰাহি দেখা গৈছে। এই বছৰটোত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা কোষৰ পৰা 587 কোটি টকাৰ শুদ্ধ অন্তঃপ্রবাহ দেখিবলৈ পোৱা গৈছে। তেনেদৰে বৈদেশিক মুদ্রা ভঁৰালত 27,803 কোটি টকাৰ বৃদ্ধিৰে প্ৰকৃত ফলাফল ওলাইছে।

অৱশ্যে উভয় বছৰতে চলিত হিচাপত ঘাটি পৰিলক্ষিত হৈছিল। এখন দেশব বৈদেশিক লেনদেনৰ ভাৰসমতাৰ স্থিতি চলিত হিচাপ ভাৰসমতাৰ দ্বাৰা নিৰ্ণয় কৰা হয়। চলিত হিচাপৰ লেনদেনৰ জৰিয়তে এখন দেশে নিজৰ চলিত হিচাপৰ বিৰূপ প্ৰভাৱৰ যত্ন লয়। অন্য কথাত, ই দেশৰ ৰপ্তানি বৃদ্ধি আৰু আমদানি হ্রাস কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top