ASOS Class 12 Economics Chapter 10 আয় প্রবাহ, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Economics Chapter 10 আয় প্রবাহ and select needs one.
ASOS Class 12 Economics Chapter 10 আয় প্রবাহ
Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Economics Chapter 10 আয় প্রবাহ Solutions for All Subject, You can practice these here.
আয় প্রবাহ
Chapter : 10
পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ
1. উপাদান আয়ৰ অৰ্থ ব্যাখ্যা কৰা। উদাহৰণ দিয়া।
উত্তৰঃ উৎপাদনৰ উপাদানৰ মালিকসকলে উৎপাদনৰ গোটবিলাকক সিবিলাকৰ সেৱা আগবঢ়োৱাৰ বাবে পোৱা আয়কে উপাদান আয় বুলি কোৱা হয়। যেনে শ্রমকিক পৰিশোধ কৰা মজুৰি, উদ্যোক্তাক পৰিশোধ কৰা লাভ ইত্যাদি।
এই উপাদান আয় হ’ল উৎপাদনৰ কোনো এটা উপাদানৰ মালিকে উপাদান গোটবিলাকলৈ আগবঢ়োৱা সেৱাৰ বাবে পোৱা আয়। এজন কীয়ে আহৰণ কৰা আয়ক মজুৰি বুলি কোৱা হয় তেওঁ এই মজুৰি পায় তেওঁ আগবঢ়োৱা শ্ৰম অথবা সেৱাৰ বাবে। এটুকুৰা ভূমিয়ে খাজনা পায় এই ভূমিয়ে উৎপাদন গোটক উৎপাদনৰ বাবে ব্যৱহাৰ কৰে। সেইদৰে মূলধনৰ মালিকে উৎপাদন গোটত বিনিয়োগৰ বাবে ধাৰে দিয়া পুঁজিৰ বাবে সুদ পায়। উৎপাদন গোটৰ মালিক অথবা উদ্যোক্তাই তেওঁৰ ব্যৱসায়ত বিপদ আশংকা বহন কৰা বাবে লাভ আহৰণ কৰে। সেয়ে চাৰি প্ৰকাৰ উপাদান আয় পোৱা যায়। যেনে— সিবিলাক হ’ল, মজুৰি, খাজনা, সুদ আৰু লাভ।
2. ‘অন–উপাদান’ আয়ৰ অৰ্থ ব্যাখ্যা কৰা। উদাহৰণ দিয়া।
উত্তৰঃ অনা উপাদান আয় হ’ল সেইবিলাক আয় যিবিলাকৰ বাবে কোনো প্রতিদান দিব নালাগে। যেনে— দান, কৰ, জৰিমণা ইত্যাদি। এই আয় বিলাকক স্থানান্তৰ আয় বুলিও কোৱা হয়। ইয়াৰ কাৰণ হ’ল ইয়াত কেৱল অর্থ বা টকা–পইছাহে এজনৰ হাতৰ পৰা আন এজনৰ হাতলৈ স্থানান্তৰ হয়, ইয়াৰ বিনিময়ত কোনো দ্রব্য অথবা সেৱা প্রতিদান হিচাপে দিব নালাগে। ৰাষ্ট্ৰীয় আয়তে কেৱল উপাদানৰ আয়বিলাকহে যোগ কৰা হয়।
3. উপাদান আয় আৰু অনা–উপাদান আয়ৰ মাজত পাৰ্থক্য উলিওৱা।
উত্তৰঃ উৎপাদনৰ উপাদানৰ মালিকসকলে উৎপাদনৰ গোটবিলাকক সিবিলাকৰ সেৱা আগবঢ়োৱাৰ বাবে পোৱা আয়কে উপাদান আয় বুলি কোৱা হয়। যেনে শ্রমকিক পৰিশোধ কৰা মজুৰি, উদ্যোক্তাক পৰিশোধ কৰা লাভ ইত্যাদি।
এটা উপাদান আয় হ’ল উৎপাদনৰ কোনো এটা উপাদানৰ মালিকে উপাদান গোটবিলাকলৈ আগবঢ়োৱা সেৱাৰ বাবে পোৱা আয়। এজন র্কীয়ে আহৰণ কৰা আয়ক মজুৰি বুলি কোৱা হয় তেওঁ এই মজুৰি পায় তেওঁ আগবঢ়োৱা শ্ৰম অথবা সেৱাৰ বাবে। এটুকুৰা ভূমিয়ে খাজনা পায় এই ভূমিয়ে উৎপাদন গোটক উৎপাদনৰ বাবে ব্যৱহাৰ কৰে। সেইদৰে মূলধনৰ মালিকে উৎপাদন গোটত বিনিয়োগৰ বাবে ধাৰে দিয়া পুঁজিৰ বাবে সুদ পায়। উৎপাদন গোটৰ মালিক অথবা উদ্যোক্তাই তেওঁৰ ব্যৱসায়ত বিপদৰ আশংকা বহন কৰা বাবে লাভ আহৰণ কৰে। সেয়ে চাৰি প্ৰকাৰ উপাদান আয় পোৱা যায়। যেনে— সিবিলাক হ’ল মজুৰি, খাজনা, সুদ আৰু লাভ।
আনহাতে অনা উপাদান আয় হ’ল সেইবিলাক আয় যিবিলাকৰ বাবে কোনো প্রতিদান দিব নালাগে। যেনে—দান, কৰ, জৰিমণা ইত্যাদি। এই আয় বিলাকক স্থানান্তৰ আয় বুলিও কোৱা হয়। ইয়াৰ কাৰণ হ’ল ইয়াত কেৱল অর্থ বা টকা– পইছাহে এজনৰ হাতৰ পৰা আন এজনৰ হাতলৈ স্থানান্তৰ হয়, ইয়াৰ বিনিময়ত কোনো দ্রব্য অথবা সেৱা প্ৰতিদান হিচাপে দিব নালাগে। ৰাষ্ট্ৰীয় আয়ত কেৱল উপাদানৰ আয়বিলাকহে যোগ কৰা হয়।
4. উৎপাদনৰ চাৰিটা উপাদানৰ অৰ্থ চমুকৈ ব্যাখ্যা কৰা আৰু ইবিলাকে পোৱা পাৰিতোষবিলাক বৰ্ণনা কৰা।
উত্তৰঃ কোনো দ্রব্য উৎপাদন কৰিবৰ কাৰণে চাৰিটা উপাদানৰ প্ৰয়োজন হয় সেই উপাদানকেইটা হৈছে— ভূমি, শ্রম, মূলধন আৰু পৰিচালনা বা সংগঠন। এই উপাদানকেইটাক উৎপাদক বুলিও কোৱা হয়।
ভূমিঃ সাধাৰণ অৰ্থত ভূমি মানে মাটি বা পৃথিৱীৰ উপৰিভাগকেবুজায়। কিন্তু অর্থনীতিত প্রকৃতিদত্ত সকলো দ্রব্যকে ভূমিৰ ভিতৰত ধৰা হয়। মাটি, পর্বত, পাহাৰ, নদ–নদী, খনিজ সম্পদ, বনজ সম্পদ ইত্যাদি সকলোবোৰ প্রকৃতিদত্ত সম্পদেই ভূমিৰ অন্তৰ্গত।
শ্রমঃ সম্পদ উৎপাদন আৰু বিতৰণৰ অৰ্থে মানুহে শাৰীৰিক আৰু মানসিক পৰিশ্ৰম কৰে, তাকে শ্ৰম বুলি কোৱা হয়। কিছুমান কামত মানুহ) অধিক শাৰীৰিক শ্রমৰ প্ৰয়োজন হয় আৰু কিছুমান কামত শাৰীৰিক শ্ৰমৰ তুলনাত মানসিক শ্রম অধিক হয়। ভূমিৰ দৰেই শ্রম উৎপাদনৰ অতি প্ৰয়োজনীয় উপাদান। কাৰণ, শ্ৰমৰ অবিহনে দ্রব্য উৎপাদন সম্ভৱপৰ নহয়।
মূলধনঃ সাধাৰণ অৰ্থত মূলধন মানে টকা–পইচাক বুজায়। কিন্তু অর্থনীতিত মূলধন শব্দটো বিশেষ অৰ্থত ব্যৱহৃত হয়। যিবিলাক উৎপাদিত দ্ৰব্যই পুনৰ অধিক উৎপাদনত সহায় কৰে সেইবোৰকে মূলধন বুলি কোৱা হয়। অর্থাৎ, মূলধন মানুহে শ্রম আৰু প্ৰাকৃতিক সম্পদৰ সহায়ত উৎপাদন কৰে আৰু এনে উৎপাদিত দ্রব্য পুনৰ অধিক উৎপাদনৰ অৰ্থেব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে, টকা–পইচা, কল–কাৰখানা খেতিয়কৰ নাঙল ইত্যাদি মূলধন। মূলধন বর্তমান যুগত উৎপাদন ব্যৱস্থাৰ এক প্রয়োজনীয় উপাদান। কাৰণ, মূলধনৰ ব্যৱহাৰে কম সময়ত অধিক উৎপাদন সম্ভৱ কৰি তোলে।
সংগঠনঃ সংগঠন উৎপাদনৰ চতুৰ্থ উপাদান। ভূমি, শ্ৰম আৰু মূলধন সংগ্রহ কৰি কোনো দ্রব্য উৎপাদন কৰিবলৈ এজন মানুহৰ প্ৰয়োজন হয় আৰু সেই মানুহজনেই হৈছে সংগঠক বা উৎপাদক। ভূমি, শ্রম আৰু মূলধনে গাইগুটীয়াভাৱে দ্রব্য উৎপাদন কৰিব নোৱাৰে। ইহঁতক একত্ৰিত কৰি দ্ৰব্য উৎপাদন কৰিব লগা হয়। যিজন মানুহে উৎপাদনৰ তিনিটা উপাদান সংগ্ৰহ কৰি দ্ৰব্য উৎপাদনৰ ব্যৱস্থা কৰে আৰু উৎপাদনৰ সকলো দায়িত্ব মূৰ পাতি লয়, সেইজনেই হৈছেব্যৱসায়ৰ সংগঠক বা দ্রব্য সামগ্ৰীৰ উৎপাদক।
5. কোনো এটা অৰ্থনীতিৰ মূল কাম–কাজবিলাক ব্যাখ্যা কৰা।
উত্তৰঃ অৰ্থনীতিৰ তিনিটা মূল কাম হ’ল— উৎপাদন, উপভোগ আৰু বিনিয়োগ। এই তিনিটা অর্থনৈতিক কাম–কাজৰ আন্তঃসম্বন্ধ আৰু আন্তঃনিৰ্ভৰশীলতা আছে। আন্তঃসম্বন্ধ থকা কথাটো জনা যায় এই কথাৰ পৰা যে যিবিলাক দ্ৰব্য আৰু সেৱাৰ উৎপাদন কৰা যায়, সিবিলাক হয় উপভোগত নহয় বিনিয়োগত ব্যৱহাৰ কৰা হয়। এই কথা এনেদৰে ব্যাখ্যা কৰিব পাৰি– প্ৰথমতে যদিহে দ্ৰব্য আৰু সেৱাবিলাকৰ উপভোগ আৰু বিনিয়োগৰ প্ৰয়োজন নাই, তেন্তে উৎপাদন কৰাৰো প্ৰয়োজন নাই। দ্বিতীয়তে এই কথা আন প্ৰকাৰেও সত্য। অর্থাৎ, উৎপাদন নহ’লে উপভোগ অথবা বিনিয়োগ সংঘটিত নহয়। গতিকে, উৎপাদনৰ বাহিৰেও মূল অর্থনৈতিক কার্যকলাপৰ ভিতৰত উপভোগ আৰু বিনিয়োগো পৰে। এই তিনিওটা মূল অর্থনৈতিক কার্যকলাপেই অর্থনীতিত অায় প্রবাহ উদ্ভৱ কৰাত ভূমিকা লয়।
6. প্রকৃত প্রবাহ আৰু মুদ্ৰাগত প্ৰবাহৰ মাজত পাৰ্থক্য লিখা। উদাহৰণ দিয়া।
উত্তৰঃ দ্ৰব্য আৰু সেৱাৰ প্ৰবাহক প্রকৃত প্রবাহ বুলি কোৱা হয়। মুদ্রাসংক্রান্তীয় প্ৰৱাহক মুদ্রাগত প্রবাহ বুলি কোৱা হয়। উদাহৰণস্বৰূপে এজন বিক্রেতাই দ্রব্য দিয়া কাৰ্যক প্ৰকৃত প্রবাহ আৰু ক্রেতাই মুদ্ৰা পৰিশোধ কৰা কাৰ্যক মুদ্রাগত প্ৰৱাহ বুলি কোৱা হয়।
ধৰাহ’ল ৰাম নামৰ মানুহজনে 200 টকা মূল্যৰ দ্ৰব্য ৰহিমৰ পৰা ক্রয় কৰিলে। এই লেনদেনত ৰহিমৰ পৰা পোৱা দ্ৰব্যৰ প্ৰৱাহটোক প্ৰকৃত প্ৰবাহ আৰু ৰামৰ হাতৰ পৰা পোৱা মুদ্ৰা অৰ্থৰ প্ৰৱাহটোক মুদ্ৰাগত প্ৰৱাহ বুলি কোৱা হয়। একেদৰে ৰামে পোৱা দ্ৰব্যখিনি হ’ব প্ৰকৃত প্ৰৱাহ আৰু ৰহিমে পোৱা মুদ্ৰাখিনি হ’ল মুদ্রাগত প্ৰৱাহ। প্রত্যেক অর্থনীতিৰে প্ৰকৃত আৰু মুদ্ৰাগত প্ৰৱাহ নীৰৱচ্চিন্নভাৱে অথবা সমান্তৰালভাৱে চলি থাকে।
7. সংৰক্ষণশীল অর্থনীতি আৰু মুক্ত অৰ্থনীতিৰ মাজৰ পাৰ্থক্য লিখা।
উত্তৰঃ সংৰক্ষিত অর্থনীতি হ’ল সেই দেশ যাৰ বিশ্বৰ বাকী অংশৰ দেশৰে সৈতে কোনো অর্থনৈতিক সম্পর্ক নাথাকে। মুক্ত অর্থনীতিয়ে বিশ্বৰ বাকী অংশৰ লগত অর্থনৈতিক সম্পর্ক থাকে।
আধুনিক কালত প্ৰায় প্ৰতিখন দেশেই অন্য দেশৰ সৈতে অর্থনৈতিক সম্পর্ক ৰাখে। প্রত্যেকে প্রত্যেকখন দেশৰ পৰা দ্ৰব্য আৰু সেৱাসমূহ ক্রয় কৰে। আকৌ দেশসমূহৰ মাজত ঋণ লোৱা আৰু ধাৰে দিয়া কাৰ্য আদিও সংঘটিত কৰে। এখন দেশৰ মানুহ আনবিলাক দেশলৈ ভ্ৰমণৰ বাবেও যায়। যদি দুখন দেশৰ মাজত পৰস্পৰ অৰ্থনৈতিক সম্বন্ধ বা সহযোগিতা থাকে, তেন্তে প্রকৃত আৰু মুদ্রাগত প্রৱাহো দুই দেশৰ মাজত সংঘটিত হ’ব। গতিকে বিশ্বৰ বাকী দেশবিলাকৰ লগত অর্থনৈতিক সম্পর্ক ৰখা দেশবোৰেই হ’ল মুক্ত অর্থনীতি। বিশ্বৰ বেছিভাগ দেশেই মুক্ত অর্থনীতিৰ ভিতৰত পৰে।
৪. তিনিটা মূল অর্থনৈতিক কাম–কাজৰ ভিত্তিত কোনো এটা অৰ্থনীতিৰ খণ্ডবোৰ বাখ্যা কৰা।
উত্তৰঃ এটা অৰ্থনীতি উৎপাদন গোট, উপভোক্তা, বিনিয়োগকাৰী আৰু বিশ্বৰ বাকী অংশ খণ্ডত বিভাজন কৰা হয়।উপভোক্তাসকলক আৰু দুটা খণ্ডত ভাগা কৰা হয়। গৃহস্থী বা পৰিয়াল খণ্ড আৰু সাধাৰণ চৰকাৰী খণ্ড।
পৰিয়াল আৰু চৰকাৰী খণ্ডক এনেদৰে ভাগ কৰাৰ কাৰণ হ’ল প্ৰত্যেকৰে উপভোগৰ ব্যয়ৰ অভিপ্ৰায় বেলেগ বেলেগ। পৰিয়ালবিলাকে উপভোগত ব্যয় কৰে তেওঁলোকৰ ব্যক্তিগত অথবা পৰিয়ালৰ কল্যাণৰ উদ্দেশ্য আগত ৰাখি।
ধাৰ কৰা আৰু ঋণ দিয়া কাম–কাজবিলাক এটা পৃথক খণ্ডত ভাগ কৰা হৈছে আৰু ইয়াক মূলধন খণ্ড বুলি কোৱা হয়। সমাজৰ সকলো লোকৰে সঞ্চয়বিলাক এই খণ্ডত একেলগ কৰা হয়। এই সঞ্চয়বিলাক উৎপাদন গোটক বিনিয়োগৰ বাবে ঋণ দিয়া বা আগবঢ়োৱা হয়। গতিকে দেখা যায় যে এটা অর্থনীতি চাৰিটা মূল খণ্ডত ভাগ কৰা হয়। যেনে – উৎপাদন গোট, পৰিয়াল গোট, সাধাৰণ চৰকাৰ আৰু মূলধন।
9. এটা চিত্ৰৰ সহায়ত অৰ্থনীতিৰ বিভিন্ন খণ্ডৰ মাজত প্ৰবাহিত হোৱা প্রকৃত আৰু মুদ্ৰাগত প্ৰৱাহবিলাক কেনেকৈ সংঘটিত হয় ব্যাখ্যা কৰা।
উত্তৰঃ প্ৰৱাহসমূহ সংঘটিত হয় উৎপাদন গোট, সাধাৰণ চৰকাৰ, মূলধন আৰু বিশ্বৰ বাকী অংশ আদি খণ্ডবিলাকৰ মাজত।
10.1 নং চিত্ৰ – বিভিন্ন খণ্ডৰ মাজত আর্ন্তঃ আৰু বর্হি প্ৰবাহ
উৎপাদন গোটৰ পৰা আৰু গোটলৈ প্ৰবাহঃ
(ক) উৎপাদন গোটবিলাকে পৰিয়ালৰ পৰা উৎপাদনৰ সেৱা ক্রয় কৰে (প্ৰকৃত প্ৰৱাহ)। ইয়াৰ বাবে তেওঁলোকে উপাদানবিলাক মজুৰি, খাজনা, সূদ আৰু লাভ ৰূপত পৰিশোধ (মুদ্ৰাগত বহিঃপ্ৰৱাহ) কৰে।
(খ) উৎপাদন গোটবিলাক মূলখন খণ্ডত সঞ্চয় জমা কৰে (মুদ্ৰাগত বহিঃপ্রৱাহ)
পৰিয়ালবিলাকৰ (গৃহস্থী খণ্ড) পৰা প্ৰৱাহবিলাক (আগমন বা নিগমনসমূহ):
(ক) পৰিয়াল বা গৃহ খণ্ডই উৎপাদন গোটবিলাকৰ পৰা দ্ৰব্য আৰু সেৱাবিলাকৰ ক্ৰয় কৰে আৰু ইবিলাকৰ প্ৰতিদানত পৰিশোধ কৰে।
(খ) গৃহস্থী খণ্ডই চৰকাক ব্যক্তিগত কৰ পৰিশোধ কৰে। (মুদ্ৰাগত নির্গমন বা বর্হিপ্ৰৱাহ)।
সাধাৰণ চৰকাৰৰ অথবা চৰকাৰৰ পৰা আৰু চৰকাৰলৈ সংঘটিত হোৱ প্ৰৱাহসমূহঃ
(ক) চৰকাৰে উৎপাদন গোটসমূহৰ পৰা দ্ৰব্য আৰু সেৱা ক্ৰয় কৰে (প্ৰকৃত নির্গমন) আৰু স্থানান্তৰ আয়ো পৰিশোধ কৰে। (মুদ্রাগত নির্গমন বা বহিঃপ্রবাহ)।
(খ) চৰকাৰে মূলধন খণ্ডত সঞ্চয় জমা কৰে। (মুদ্রাগত নির্গমন)।
মূলধন খণ্ডলৈ আৰু মূলধন খণ্ডৰ পৰা সংঘটিত হোৱা প্ৰৱাহসমূহঃ
(ক) মূলধন খণ্ডই উৎপাদন গোটসমূহলৈ ঋণ আগবঢ়ায় (মুদ্রাগত নির্গমন বা বহিঃপ্রবাহ)।
(খ) উৎপাদন গোটসমূহ, গৃহস্থী খণ্ড আৰু চৰকাৰৰ পৰা সঞ্চয়সমূহ পায় (মুদ্রাগত আগমন)।
বিশ্বৰ বাকী অংশৰ পৰা আৰু বাকী অংশলৈ সংঘটিত হোৱা প্ৰৱাহসমূহঃ
(ক) দ্ৰব্য আৰু সেৱাসমূহৰ বিশ্বৰ বাকী অংশৰ দেশসমূহলৈ ৰপ্তানি কৰা হয় (প্ৰকৃত আগমন)আৰু এইবিলাকৰ বিনিময়ত পৰিশোধ প্রাপ্ত হয়। (মুদ্রাগত নির্গমন)।
(খ) বিশ্বৰ বাকী অংশৰ দেশসমূহৰ পৰা আমাদানি কৰা হয় (প্ৰকৃত নির্গমন) আৰু ই ইবিলাকৰ বিনিময়ত অৰ্থ পৰিশোধ কৰা হয় (মুদ্রাগত)।