ASOS Class 12 Assamese (MIL) Chapter 22 এখন চিঠি

ASOS Class 12 Assamese (MIL) Chapter 22 এখন চিঠি, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Assamese (MIL) Chapter 22 এখন চিঠি and select needs one.

ASOS Class 12 Assamese (MIL) Chapter 22 এখন চিঠি

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Assamese (MIL) Chapter 22 এখন চিঠি Solutions for All Subject, You can practice these here.

এখন চিঠি

Chapter : 22

পাঠভিত্তিক আৰ্হি প্রশ্নোত্তৰঃ

(ক) তলৰ প্ৰশ্নসমূহৰ অতি চমু উত্তৰ দিয়া : 

১। হেম বৰুৱাৰ কবিতাপুথি দুখনৰ নাম লিখা।

উত্তৰঃ কবিৰ কাব্যগ্ৰন্থ দুখন হ’ল ‘মনময়ুৰী’ আৰু ‘বালিচন্দা’।

২। ‘পছোৱা’ আলোচনীৰ সম্পাদক কোন আছিল? 

উত্তৰঃ হেম বৰুৱা।

৩। হেম বৰুৱা কোনখন কলেজৰ অধ্যক্ষ আছিল? 

উত্তৰঃ গুৱাহাটীৰ বি বৰুৱা কলেজৰ।

৪। ‘এখন চিঠি’ শীর্ষক কবিতাটো দেশপ্রেমমূলক কবিতা হয়নে?

উত্তৰঃ ‘এখন চিঠি’ শীৰ্ষক কবিতাটো দেশপ্রেমমূলক কবিতা হয়।

৫। চেলা গিৰিপথ কত?

উত্তৰঃ অৰুণাচল প্ৰদেশৰ টাৱাঙৰ ওচৰত থকা এটি গিৰিপথ।

(খ) তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া :

১। কবিতাটিত মৃত্যুক কিহৰ লগত তুলনা কৰা হৈছে?

উত্তৰঃ মৃত্যু অপৰাজেয় আত্মাৰ অবিনশ্বৰ। কবিয়ে লিখিছে যে মৃত্যুৱে যদি অভিনন্দন জনায় তেনেহলে সেই মৃত্যু হ’ব দেৱতাৰ আশীৰ্বাদ ধন্য পাৰিজাত ফুলৰ দৰে।

২। কবিতাটিত সৈনিকজনৰ পত্নীৰ নাম কি? তেওঁ পত্নীক কি বুলি অনুৰোধ কৰিছে?

উত্তৰঃ কবিতাটিত সৈনিকজনৰ পত্নীৰ নাম ‘মমতা’। সৈনিকজনে তেওঁৰ যদি যুদ্ধত মৃত্যু হয় তেতিয়াও যাতে তেওঁৰ ল’ৰা দুটিয়ে পিতৃৰ অভাৱ নকৰে তাৰ প্ৰতি মনোযোগ দিবলৈ তেওঁ অনুৰোধ জনাইছে।

(গ) তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া :

১। কবিতাটিটোৰ মূলভাৱটি লিখা।

উত্তৰঃ দেশৰ সীমান্তৰ পৰ্বত প্ৰান্তৰত পহৰাৰত সৈনিক এজনে তেওঁৰ মনোৰমা পত্নী মমতালৈ এখন চিঠি লিখিছে। তেওঁ লিখিছে যে মেঘাচ্ছন্ন পৰ্বতপ্ৰান্তৰত থাকি তেওঁৰ মনত পৰিছে পত্নীৰ পৰা বিদায় লৈ অহা মুহূর্তটিৰ কথা। চকুলো টুকি টুকি তেওঁক বিদায় জনোৱা পত্নীক তেতিয়া একোকে ক’ব পৰা নাছিল। ক’ব খোজা কথাবোৰ অন্তৰতে ৰ’ল। সেইবাবে তেওঁ এতিয়া কলম হাতত তুলি লৈছে।

সীমান্তৰ পৰ্বত মালাই দেশভক্ত সৈনিকসকলৰ চৰম ত্যাগৰ স্বাক্ষৰ বহন  কৰি আছে। দেশৰ হকে যুঁজত নামি বহু সৈন্যই সেই পর্বততে শ্বহীদ হৈছে। যুদ্ধৰ বাহিৰে আন কোনো কথা তাত থকা জনৰ অন্তৰত ভাহি নুঠে। পুনৰ যুদ্ধৰ আগজাননী আহিছে। শত্রুপক্ষই চলোৱা কামানৰ ধোঁৱা দেখা গৈছে। শত্রু সৈন্যই চেলা গিৰিপথ অতিক্ৰম কৰা বুলি খবৰ আহিছে।

দেশভক্ত সৈনিকজনে তেওঁৰ পত্নীলৈ আৰু লিখিছে যে যুদ্ধ ক্ষেত্ৰত যদি তেওঁৰ মৃত্যু হয়, তেন্তে তেওঁৰ পত্নীয়ে যেন তেওঁলোকৰ ল’ৰা দুটাক পিতৃৰ অভাৱ অনুভৱ কৰিব নিদিয়ে। মমতাই সিহঁতক যাতে বুজায় : দেশৰ হকে, দোহৰ বাবে জীৱন আহুতি দিয়া জন অমৰ হৈ থাকে৷ তেনে মৃত্যু আত্মাৰ দৰেই অবিনশ্বৰ।

২। প্রসঙ্গ সঙ্গতি দর্শাই ব্যাখ্যা কৰা :

(ক) এইখন এখন মহাকাব্য, পৰ্বতৰ মৌন ভাষাই 

লেখি যোৱা তেজৰ বুৰঞ্জী।

উত্তৰঃ উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট প্রখ্যাত কবি হেম বৰুৱাদেৱৰ ‘এখন চিঠি’ নামৰ কবিতাটিৰ পৰা লোৱা হৈছে।

কবিয়ে তেওঁৰ কবিতাৰ নায়ক সৈনিকজন থিয় হৈ থকা ঠাইখিনি আৰু যুদ্ধৰ বিভীষিকাময় পৰিস্থিতিৰ বৰ্ণনা দিয়াৰ প্ৰসংগত উক্ত কথাখিনিৰ অৱতাৰণা কৰিছে।

কবিতাটিত কবিয়ে যুদ্ধক্ষেত্ৰত সৈনিক এজনৰ উপলব্ধিৰ চিত্ৰ অংকণ কৰিছে। চেলা গিৰিপথৰ ওচৰত এটি পৰ্বতৰ মোহনতা আছে তেওঁ। এই চেলা গিৰিপথ ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণ ঠাই। সীমান্ত পথ আটাইতকৈ জটিল এই সীমান্তৰ সুৰক্ষা। এনেবোৰ ঠাইত যোগাযোগৰ কোনো উত্তম ব্যৱস্থা নাথাকে। অসহ্য শীত, খাদ্য চিকিৎসা আদিৰ সীমাবদ্ধতা এই সকলো বিলাকৰ মাজতে যিকোনো মূহুৰ্ত্ততে আক্ৰমণৰ মুখামুখি হোৱাৰ সম্ভাৱনাক লৈ ইয়াত সৈন্যসকল জীয়াই থাকে। গুলী, বাৰুদ, কামানৰ শব্দৰে কম্পিত হৈ থাকে পৰ্বতৰ মাটি। ইতিহাসৰ কিমান যুঁজত নীৰৱ সাক্ষী হৈ থিয় দি আছে এই পাহাৰবোৰ। কিমান তেজৰ চেকুৰা লাগি আছে তাত৷ পৰ্বতে মৌন ভাষাৰেই লিখি থৈছে এনে অলেখ কাহিনী। সেয়েহে লেখকে কৈছে যে সীমান্তৰ প্ৰহৰীসকলৰ দুখ-বেদনা আৰু জীৱন দানৰ অলেখ বীৰত্বব্যঞ্জন কাহিনী এই পাহাৰৰ বুকুতে সোমাই আছে। এখন মহাকাব্যৰ দৰেই এই কাহিনী। মাথো মৌন ভাষাৰে লেখা।

(খ) যি মৃত্যুৱে দহক জীৱন দিয়ে,

সেই মৃত্যু আত্মাৰ দৰেই অবিনশ্বৰ।

উত্তৰঃ উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট হেম বৰুৱাদেৱৰ ‘এখন চিঠি’ শীর্ষক কবিতাটিৰ পৰা লোৱা হৈছে। কবিয়ে এজন সৈনিকৰ মৃত্যু কিমান গুৰুত্বপূৰ্ণ তাকে বৰ্ণনা কৰিবলৈ গৈ এই কথাৰ উত্থাপন কৰিছে।

এগৰাকী যুদ্ধক্ষেত্ৰৰ সৈনিকে যুদ্ধৰ মাজত ক্ষন্তেক জিৰণিতে ঘৰলৈ চিঠি লিখিছে। বিভিন্নভাবে তেওঁৰ হেঁচা মাৰি ধৰিছে। আহিবৰ পৰত দেখি অহা পত্নীৰ সেমেকা চকুহালৰ কথা মনত পৰিছে, সন্তান দুটিৰ কথা মনত পৰিছে। তেওঁ জানে যে তেওঁ যি ঠাইত আছে তাত যি কোনো সময়তে তেওঁৰ মৃত্যু হ’ব পাৰে। সেয়েহে তেওঁক পত্নীক অনুৰোধ জনাইছে তেওঁৰ যদি মৃত্যু হয় তেনেহলে সন্তান দুটিক যেন তেওঁৰ অনুপস্থিতি অনুভৱ কৰিবলৈ দিয়া নহয়। কাৰণ তেওঁৰ মৃত্যু নহয়। ভূপেন হাজৰিকাই কোৱা দৰে এই মৃত্যু আত্মাৰ দৰে অবিনশ্বৰ হৈ থাকে। আত্মা যিদৰে অবিনশ্বৰ, অৰ্থাৎ আত্মাৰ কোনো ক্ষয় নাই, সেইদৰে এই মৃত্যুও বলিদানৰ গৌৰৱেৰে এনেদৰে জীৱন্ত হৈ থাকিব যে তাৰ কোনো ক্ষয় নাই।

অতিৰিক্ত সম্ভাব্য প্রশ্নোত্তৰঃ

(ক) তলৰ প্ৰশ্নসমূহৰ অতি চমু উত্তৰ দিয়া :

১। কবিতাটিত বর্নিত যুদ্ধ ক্ষেত্ৰত কোন গিৰিপথৰ কথা উল্লেখিত হৈছে?

উত্তৰঃ কবিতাটিত চেলা গিৰিপথ শত্ৰুৱে অতিক্ৰম কৰাৰ কথা কোৱা হৈছে?

(খ) তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া :

১। পৰ্বত আৰু পৰ্বত, যাৰ বাহু বন্ধনত কল্পনা ছাই হৈ যায়। —কবিতাফাঁকিৰ মমার্থ লিখা।

উত্তৰঃ কবিয়ে সীমান্তৰ যুদ্ধৰ এটি নিখুঁত বর্ণনা দাঙি ধৰিছে। কবিতাৰ সৈনিকজন যি ঠাইত থিয় হৈ আছে তাত কেবল পৰ্বত আৰু পৰ্বত। এনে লাগে যেন চৌদিশৰ পৰা পৰ্বতে সাৱটি ধৰিছে। তাৰ মাজত কোনো কল্পনা নাথাকে। অর্থাৎ কোনে কল্পনাৰ কোনো অৰ্থ নাই। পিঞ্জৰাত বন্ধী পক্ষীৰ দৰেই এটি শ্বাসৰুদ্ধ অবস্থা। অতি কাব্যিকতাৰে কবিয়ে এই পৰিবেশৰ বৰ্ণনা দিছে যে ইয়াত পৰ্বতৰ বাহু- বন্ধনত কল্পনা ছাই হৈ যায়।

২। কবিয়ে কিয় সেই অনাখৰী কথাবোৰক পৰ্বতীয়া বনপোৰা ইটৰ লগত বুজাইছে?

উত্তৰঃ পৰ্বতৰ বনপোৰা জুই নিজেও জ্বলে নিজেই নুমায়। কবিতাটিত সৈনিকজনেও নিজৰ আবেগ অনুভূতিৰ কথাবোৰ কাকো ক’ব নোৱাৰে। তাৰ প্ৰকাশ দেখুৱাবৰো কোনো উপায় নাই। সেইবোৰ কথা লেখাও নাই। মাথোন উপলব্ধি। কিন্তু এই উপলব্ধিও তেওঁ কাৰো লগত বিনিময় কৰিব নোৱাৰে। কাৰণ যাক লৈ এই অনুভৱ তেওঁক লগত পোৱা এতিয়া অসম্ভৱ। সেয়েহে তেওঁৰ মনৰ এই কথাবোৰ পৰ্বতীয়া বনপোৰা জুইৰ দৰে নিজৰ মনতে জ্বলে আৰু নিজেই নোহোৱা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top