ণত্ব বিধি আৰু ষত্ব বিধি সম্পর্কে ধাৰণা আৰু প্ৰশ্নোত্তৰ

ণত্ব বিধি আৰু ষত্ব বিধি is the TET, APSC, PNRD, Assam Police, Post Office, other govt. exam Notes to be provided in the list so that you can easily browse throughout different Assamese Language syllabus wise notes for MCQ of ণত্ব বিধি আৰু ষত্ব বিধি.

ণত্ব বিধি আৰু ষত্ব বিধি সম্পর্কে ধাৰণা আৰু প্ৰশ্নোত্তৰ

Join Telegram channel

Table of Contents

Also, you can read the Assam TET, APSC, PNRD, Assam Police, Post Office, other govt. exam Objective-type questions online note in these sections as per Assam Competitive exam Syllabus guidelines. These notes are part of Assam TET Assamese Language also. Here we have given ণত্ব বিধি আৰু ষত্ব বিধি of TET, APSC, PNRD, Assam Police, Post Office, other govt. exam for All Objective type questions, You can practice these here.

ণত্ব বিধি আৰু ষত্ব বিধি

ASSAMESE LANGUAGE

ণত্ববিধি

● ঋ, ৰ, ষ ৰ পিছত থকা দন্ত ন মূৰ্দন্য ণ হয় যেনে :- ঋণ, তৃণ, কাৰণ, অৰুণ, কৃষাণ, বৰষুণ, কৰ্ণ, কৃষ্ণ, পূৰ্ণ, বৰ্ণ ইত্যাদি।

● একোটা পদত থকা ঋ, ৰ, ষ আৰু ণ ৰ মাজত থকা স্বৰবৰ্ণ, ক বৰ্গ বা প বৰ্গৰ কোনো বৰ্ণ বা য, ব, হ থাকিলে দন্ত ন মূৰ্দন্য ণ হয় যেনে :- অৰ্পণ, কৃপণ, গ্ৰহণ, ব্ৰহ্মণ, ৰাৱণ, নাৰায়ণ, অৰুণ, পাষাণ, ৰুক্মিণী।

● অসমীয়া স্ত্ৰী প্ৰত্যেয় নীৰ ন মূৰ্দন্য ণ নহয় যেনে :- বৰানী, বৰুৱানী, কমাৰনী, কুমাৰনী, গৰাকীয়নী ।

● দুটা ভিন ভিন শব্দ গোট খাই এটা হ’লে আগৰ শব্দটোত ঋ, ৰ আৰু ষ থাকিলেও পাছৰ ন মূৰ্দন্য ণ নহয় যেনে :- দুৰ্নাম, হৰিনাম, ত্ৰিনয়ন, সৰ্বনাম, হৰিনাথ, বিৰাঙ্গনা

● উত্তৰ, চান্দ, পৰ আদি শব্দ আগত থাকিলে পিছৰ শব্দৰ দন্ত ন মূৰ্দন্য হয় যেনে :- উত্তৰ+অয়ন=উত্তৰায়ণ,চান্দ+অয়ন=চান্দায়ণ, পৰ+অয়ন=পৰায়ণ

● দুটা শব্দ গোট খাই এটা প্ৰসিদ্ধ নাম হ’লে আগৰ শব্দত ঋ, ৰ বা ষ থাকিলে পিছৰ শব্দটোৰ ন মূৰ্দন্য ণ হয় যেনে :- শূপৰ্ণখা, অক্ষৌহিণী।

● আম্ৰ শব্দ আগত থাকিলে বন শব্দৰ ন মূৰ্দন্য ণ হয় যেনে :- আম্ৰবণ।

● পদৰ শেষত থকা ন, ঋ, ৰ, ষ ৰ পাছত থাকিলেও মূৰ্দন্য ণ নহয়। যেনে :- নৰান্, ব্ৰহ্মচাৰিন্

● ত বৰ্গৰ কোনো আখৰৰ লগত যোগ হ’লে ঋ, ৰ, ষ, ৰ পাছত থাকিলেও ন মূৰ্দন্য ণ নহয় যেনে :- ৰান্ধন, বৃন্দাবন।

● ট বৰ্গৰ আখৰৰ লগত যোগ হ’লে ন সদায় মূৰ্দন্য ণ হয় যেনে :- কণ্টক, পিণ্ড, মুণ্ড, অণ্ড, ঘণ্টা, দণ্ড, বিষণ্ণ, লুণ্ঠন।

● পূৰ্ব, পৰ, অপৰ আদি শব্দ আগত থাকিলে পাছৰ অহ্ন শব্দৰ ন মূৰ্দন্য ণ হয় যেনে :- পূৰ্ব+অহ্ন=পূৰ্বাহ্ন, পৰ+অহ্ল=পৰাহ্ন, অপৰ+অহ্ল=অপৰাহ্ন।

● ৰসায়ন শব্দৰ ন মূৰ্দন্য ণ হয়।

● বিদেশী শব্দত বা নামত ণত্ব বিধিৰ নিয়ম নাখাটে। যেনে :- ইউৰেনাচ, জাৰ্মান, নৰ্মান,

● কিছুমান শব্দৰ ‘ন’ স্বাভাৱতে ‘ণ’ হয়। যেনে :- অকণ, বৰ্ণক, শণ, বাণী, বাণ, কণিকা, ক্লিয়ান, গণ, গুণ, পণ, পাণি, পুণ্য, বণিক, বেণু, গৌণ, তুণ, ফণা, কোণ, নিপুণ, বাণিজ্য, ঘূণ শোণিত, চিক্কণ, কঙ্কণ, অণু, বেণী, বীণা, লৱণ, মাণিক্য, কণ, কোণ, মণি, আপণ, গণনা, গণিত, চাণক্য ইত্যাদি।

ষত্ব বিধি

● অ, আ ভিন্ন অইন স্বৰবৰ্ণ ক অথবা ৰ পিছত থকা প্ৰত্যেয়ৰ দন্ত স 

মূৰ্তন্য ষ হয়। যেনে: শ্ৰীচৰণেষু, জিগীষা, মূমূষু।

● সাৎ প্ৰত্যেয়ৰ স মূৰ্দন্য ষ নহয়। যেনে :- ভূমিসাৎ, অগ্নিসাৎ, জনসাৎ ধূলিসাৎ।

● ঋ কাৰ পৰৱৰ্তী স মূৰ্দন্য ষ হয়। যেনে :- ঋষি, ঋষভ, বৃষ।

● ট আৰু ঠ ৰ সৈতে সদায় ষ লগ লাগে। যেনে :- কনিষ্ঠ, কষ্ট, দুষ্ট, বলিষ্ঠ, শিষ্ট, স্পষ্ট।

● ই কাৰৰ পিছত থকা সদ্, সিচ্, সিধ, প্ৰভৃতি ধাতুৰ স ষ হয়। যেনে :- অভিষেক, নিষেধ, প্ৰতিষেধ, বিষাদ।

● সু আৰু বি উপসৰ্গৰ পৰৱৰ্তী সম শব্দৰ স সদায় মূৰ্দন্য ষ হয়। যেনে :- বিষম, সুষম।

● ভূমি, গো অঙ্গু শব্দৰ পাছত থকা স্থ শব্দৰ স আৰু যুধি শব্দৰ পাছত থকা স্থিৰ শব্দৰ স মূৰ্দন্য ষ হয় যেনে :- ভূমি+স্থ=ভূমিষ্ঠ, গো+স্থ=গোষ্ঠ, অঙ্গু+স্থ=অঙ্গুষ্ঠ, যুধি+স্থিৰ=যুধিষ্ঠিৰ,

● প্ৰত্যয় যোগ হ’লে হবিস্ আৰু চক্ষুস্ শব্দৰ স মূৰ্দন্য ষ হয়। যেনে :- হবিস্+ষ্=হবিষ্য, চক্ষুস্+ষ=চাক্ষুষ

কিছুমান শব্দত স্বাভাৱিকতে মূৰ্দন্য ‘ষ’ হয়। যেনে: ঈষৎ, বিষ, আষাড়, ঈৰ্ষা, উষব, ভাষা, বৰ্ষা, হৰ্ষ, ৰোষ, মহিষ, প্ৰত্যুষ, গণ্ডুষ, ষড়ানন, মেষ, পুৰুষ, ভীষ্ম, পৌষ, বিশেষণ, পাষাণ, ভিষজ, নি:শেষ, উষ্ম, ঔষধ, ঔষধি, কর্ষণ কুষ্মাণ্ড, কোষ, তুষাৰ, পুষ্প, পোষণ, প্ৰদোষ, বিশেষ, বিষ, বিষাণ, মূষিক, ষোড়শ, ভূষণ, গ্ৰীষ্ম, ঘৰ্ষণ, ভিষক,

MCQ of Assamese Grammer

প্ৰশ্ন ১। তলৰ কোনটো শব্দত ণ স্বাভাৱিকতে হৈছে ?

(ক) অকণ।

(খ) ভ্ৰমণ।

(গ) গ্ৰহণ।

(ঘ) প্ৰণাম।

উত্তৰ :(ক) অকণ।

প্ৰশ্ন ২। তলৰ শব্দবোৰৰ কোনটোত ণ নবহে

(ক) কুমাৰণী।

(খ) চাণক্য।

(গ) ৰামায়ণ।

(ঘ) আম্ৰবণ।

উত্তৰ : (ক) কুমাৰণী।

প্ৰশ্ন ৩। তলৰ কোনটো স্বাভাৱিকতে ষ হয় ?

(ক) বিষম।

(খ) বিষাদ।

(গ) পাষাণ।

(ঘ) অভিষেক।

উত্তৰ : (গ) পাষাণ।

প্ৰশ্ন ৪। তলৰ শব্দ কেইটাৰ কোনটোৰ বানান অশুদ্ধ ?

(ক) অনুস্থান।

(খ) শিষ্ট।

(গ) ধূলিসাৎ।

(ঘ) শ্ৰীচৰণেষু।

উত্তৰ :(ক) অনুস্থান।

প্ৰশ্ন ৫। ণত্ব বিধি কি ব্যাকৰণ অংগ 

(ক) পালি।

(খ) অসমীয়া।

(গ) সংস্কৃত।

(ঘ) বাংলা।

উত্তৰ : (গ) সংস্কৃত।

প্ৰশ্ন ৬। কোনটো শুদ্ধ লিখা-

(ক) ৰসায়ন শব্দৰ ন মূৰ্দন্য ণ নহয়।

(খ) ৰসায়ন শব্দৰ ন মূৰ্দন্য হয়।

(গ) ৰসায়ন শব্দটোৱে ভুল।

(ঘ) ৰসায়ন শব্দত স ৰ ঠাইত ষ হয়।

উত্তৰ :(খ) ৰসায়ন শব্দৰ ন মূৰ্দন্য হয়।

প্ৰশ্ন ৭। তলৰ কোনটো শুদ্ধ

(ক) প্ৰষাদ।

(খ) বিষাদ।

(গ) নিষাদ।

(ঘ) নিসেধ।

উত্তৰ : (গ) নিষাদ।

প্ৰশ্ন ৮। আম্ৰবণ শব্দৰ ণ হোৱাৰ কাৰণ হ’ল-

(ক) দুটা ভিন ভিন শব্দ লগহৈ এটা হোৱা বাবে।

(খ) আম্ৰ শব্দৰ পাছত বন শব্দ থকাৰ বাবে।

(গ) স্বাভাৱিকতে হোৱা ণ।

(ঘ) এটা প্ৰসিদ্ধ শব্দ হোৱা বাবে।

উত্তৰ : (খ) আম্ৰ শব্দৰ পাছত বন শব্দ থকাৰ বাবে।

প্ৰশ্ন ৯। জাৰ্মান ন হোৱাৰ কাৰণ হ’ল

(ক) ম ৰ পাছত ণ নবহে।

(খ) ৰ শব্দটো এটা শব্দ এৰি আগত বহিলে ণ নহয়।

(গ) বিদেশী শব্দৰ ক্ষেত্ৰত ণত্ব বিধিৰ প্ৰয়োগ নহয়।

(ঘ) স্বাভাৱিকতে হোৱা ণ নহয় বাবে।

উত্তৰ : (গ) বিদেশী শব্দৰ ক্ষেত্ৰত ণত্ব বিধিৰ প্ৰয়োগ নহয়।

প্ৰশ্ন ১০। তলত দিয়াবোৰৰ কোনটো শুদ্ধ ?

(ক) শূপৰ্ণখা।

(খ) বানিজ্য।

(গ) ক্লিয়ান।

(ঘ) কণ্টক।

উত্তৰ :(ঘ) কণ্টক।

প্ৰশ্ন ১১। তলৰ কোনটো শুদ্ধ-

(ক) জি+সন্+আ=জিগীষা।

(খ) নি-ধি+ঘঞ=নিষেধ।

(গ) হবিস্+ষ্ণ=হবিষ্য।

(ঘ) যুধি+ষ্ঠিৰ=যুধিষ্ঠিৰ।

উত্তৰ : (ক) জি+সন্+আ=জিগীষা।

প্ৰশ্ন ১২। দুটা ভিন ভিন শব্দ গোট খাই এটা হ’লে তাৰ আগত ঋ, ৰ, স থাকিলে ন মুৰ্দন্য নহয়। এই নিয়ম মতে কোনটো শুদ্ধ-

(ক) কংকন।

(খ) বৃন্দাবন।

(গ) কৃপন।

(ঘ) ত্ৰিনয়ন।

উত্তৰ : (ঘ) ত্ৰিনয়ন।

প্ৰশ্ন ১৩। দুৰ উপসৰ্গৰ বাহিৰে আন উপসৰ্গৰ ৰ ৰ পাছত থকা নম আৰু নী ধাতুৰ মূৰ্দন্য ণ হয়। ইয়াৰ উদাহৰণ হ’ল

(ক) নৰাম।

(খ) বান্ধন।

(গ) প্ৰণাম।

(ঘ) কল্যান।

উত্তৰ : (গ) প্ৰণাম।

প্ৰশ্ন ১৪। তলত দিয়া কোনটো শব্দ আগত থাকিলে পাছৰ শব্দৰ ন মূৰ্দন্য ণ হয়-

(ক) কংক।

(খ) উত্তৰ।

(গ) অক্ষ।

(ঘ) অহ্ন।

উত্তৰ : (ঘ) অহ্ন।

প্ৰশ্ন ১৫। তলৰ শুদ্ধ শব্দটো বাছি উলিওৱা :

(ক) উত্তৰায়ণ।

(খ) অক্ষৌহিণী।

(গ) আম্ৰবণ।

(ঘ) শূপৰ্ণখা।

উত্তৰ : (ক) উত্তৰায়ণ।

প্ৰশ্ন ১৬। ণত্ববিধি অনুসৰি তলৰ কোনটো শব্দ শুদ্ধ ?

(ক) দুৰ্ণাম।

(খ) ইউৰেনাচ।

(গ) কণ্টক।

(ঘ) বৰাণী।

উত্তৰ : (গ) কণ্টক।

প্ৰশ্ন ১৭। তলৰ শব্দবোৰৰ পৰা ণত্ববিধি অনুসৰি সিদ্ধ হোৱা শব্দটো বাছি উলিওৱা-

(ক) ৰাৱণ।

(খ) নাৰায়ণ।

(গ) বৰষুণ।

(ঘ) বানিজ্য।

উত্তৰ :(ক) ৰাৱণ।

প্ৰশ্ন ১৮। তলৰ কোনটো শব্দ শুদ্ধ লিখা-

(ক) পূৰ্বাহ্ল।

(খ) পূৰ্বাহ্ন।

(গ) পৰাহ্ন।

(ঘ) ৰান্ধণ।

উত্তৰ : (ক) পূৰ্বাহ্ল।

প্ৰশ্ন ১৯। তলৰ কোনটো শব্দত স্বভাৱতে মূৰ্দন্য ‘ণ’ ব্যৱহাৰ হৈছে-

(ক) চান্দায়ণ।

(খ) ব্ৰাহ্মণ।

(গ) শোণিত।

(ঘ) শূপূৰ্ণখা।

উত্তৰ :(গ) শোণিত।

প্ৰশ্ন ২০। তলৰ কোনটো শব্দ শুদ্ধ নহয় ?

(ক) শ্ৰীচৰণেষু।

(খ) অভিলাষ।

(গ) ভূমিষাৎ।

(ঘ) যুধিষ্ঠিৰ।

উত্তৰ :(গ) ভূমিষাৎ।

প্ৰশ্ন ২১। ষত্ববিধি অনুসৰি গঠন হোৱা শুদ্ধ শব্দটো তলৰ শব্দবোৰৰ পৰা বাছি উলিওৱা-

(ক) ভূমিস্থ।

(খ) চাক্ষুস।

(গ) অনুস্থান।

(ঘ) পৰিষ্কাৰ।

উত্তৰ : (ঘ) পৰিষ্কাৰ।

প্ৰশ্ন ২২। তলৰ কোনটো শব্দ ষত্ববিধি অনুসৰি শুদ্ধ ?

(ক) শ্ৰীচৰণেসু।

(খ) জিগীষা।

(গ) মুমূৰ্ছু।

(ঘ) অগ্নিষাৎ।

উত্তৰ : (খ) জিগীষা।

প্ৰশ্ন ২৩। তলৰ কোনটো শব্দ শুদ্ধ ?

(ক) বিসাদ।

(খ) অভিসেক।

(গ) অভিলাষ।

(ঘ) নিসেধ।

উত্তৰ :(গ) অভিলাষ।

প্ৰশ্ন ২৪। তলৰ কোনটো শব্দ ষত্ববিধি অনুসৰি অশুদ্ধ ?

(ক) হবিষ্য।

(খ) অঙ্গুষ্ঠ।

(গ) যুধিষ্ঠিৰ।

(ঘ) প্ৰতিস্থা।

উত্তৰ : (ঘ) প্ৰতিস্থা।

প্ৰশ্ন ২৫। তলৰ কোনটো শব্দৰ ‘ষ’ স্বাভাৱিকতে মূৰ্দন্য ‘ষ’ ?

(ক) চাক্ষুষ।

(খ) গোষ্ঠ।

(গ) বিশেষণ।

(ঘ) যুধিষ্ঠিৰ।

উত্তৰ : (গ) বিশেষণ।

প্ৰশ্ন ২৬। তলৰ কোনটো শব্দ অশুদ্ধ শব্দ।

(ক) ঔসধ।

(খ) ষড়ানন।

(গ) প্ৰত্যুষ।

(ঘ) প্ৰদোষ।

উত্তৰ : (ক) ঔসধ।

প্ৰশ্ন ২৭। তলৰ কোনটো শব্দ শুদ্ধ ?

(ক) ভীস্ম।

(খ) হবিষ্য।

(গ) মেস,।

(ঘ) মহিস।

উত্তৰ : (খ) হবিষ্য।

প্ৰশ্ন ২৮। তলৰ শব্দসমূহৰ পৰা অশুদ্ধ শব্দটো বাছি উলিওৱা।

(ক) তুষাৰ।

(খ) আষাঢ়।

(গ) যুধিষ্ঠিৰ।

(ঘ) কোষ।

উত্তৰ : (গ) যুধিষ্ঠিৰ।

প্ৰশ্ন ২৯। তলৰ কোনটো শব্দত প্ৰত্যয় যোগ হৈ মূদ্ধন্য  ‘ষ’ হৈছে।

(ক) মহিষ।

(খ) পোষণ।

(গ) ৰোষ।

(ঘ) চাক্ষুষ।

উত্তৰ : (ঘ) চাক্ষুষ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top