অসমৰ পৰিবহণ ব্যৱস্থা ৰচনা | Transport System in Assam Essay in Assamese

অসমৰ পৰিবহণ ব্যৱস্থা ৰচনা | Transport System in Assam Essay in Assamese

Join Telegram channel

অর্থনৈতিক উন্নয়নৰ সবাতোকৈ গুৰুত্বপূৰ্ণ দিশ হ’ল পৰিবহণ ব্যৱস্থা। উন্নত পৰিবহণ ব্যৱস্থা অবিহনে কোনো দেশ বা অঞ্চলৰ অৰ্থনৈতিক উন্নয়ন ঘটোৱা সম্ভৱ নহয়। কাৰণ উৎপাদনৰ বিভিন্ন উপাদানসমূহ চলাচল কৰাৰ মাধ্যমেই হ’ল পৰিবহণ ব্যৱস্থা। সকলো অঞ্চলত সকলো সামগ্ৰীৰ উৎপাদন নহয়। সেয়ে পৰিবহণ ব্যৱস্থাৰ মাধ্যমেদিহে অঞ্চলসমূহত সামগ্ৰীৰ সমবিতৰণ কৰি সকলো অঞ্চলৰ চাহিদা পূৰণ কৰিব পাৰি । কল-কাৰখানাৰ বাবে আৱশ্যকীয় কেঁচা-সামগ্ৰী পৰিবহণ যোগে দূৰ দূৰ ঠাইৰপৰা সংগ্ৰহ কৰা হয় আৰু পিছত তাত উৎপাদিত সামগ্রীও পৰিবহণ ব্যৱস্থাৰ যোগেদিয়ে প্ৰয়োজনীয় ঠাইলৈ পঠিওৱা হয়। ইয়াৰ ফলত নিষ্ক্রিয় প্রাকৃতিক সম্পদ উদ্ঘাটন কৰি এইবোৰ যথোপযুক্তভাৱে ব্যৱহাৰযোগ্য কৰি তোলা সম্ভৱ হৈছে।

অসমৰ পৰিবহণ ব্যৱস্থা ৰচনা | Transport System in Assam

একেদৰে কল-কাৰখানাৰ উৎপাদিত সামগ্ৰীও অইন ঠাইলৈ পঠিয়াব পৰা হৈছে। পৰিবহণ ব্যৱস্থাৰ জৰিয়তেই ৰাহি অঞ্চলৰ সা-সামগ্ৰী ঘাটি অঞ্চললৈ নি ঘাটি অঞ্চলৰ চাহিদা পূৰণ কৰিব পৰা হৈছে। মানুহ ইঠাইৰপৰা সিঠাইলৈ যোৱাৰ মাধ্যমো পৰিবহণ ব্যৱস্থাই। মানুহৰ এই যাতায়াতে ইখন ঠাইৰ মানুহৰ সৈতে সিখন ঠাইৰ মানুহৰ ভাব-বিনিময় ঘটাইছে। এই ভাব বিনিময়ে মানুহৰ চিন্তা, বুদ্ধি-কৌশলৰ পৰিসৰ বঢ়াইছে, সমন্বয় সাধিত হৈছে। গতিকে সামগ্রিকভাৱে ক’বলৈ হ’লে পৰিবহণ ব্যৱস্থাই অর্থনৈতিক উন্নয়ন সাধন কৰাৰ লগতে মানৱ সভ্যতাৰ ইতিহাসকো ত্বৰান্বিত কৰে। উন্নত পৰিবহণ ব্যৱস্থা উন্নত সভ্যতাৰো পৰিচায়ক। ভাৰতৰ দৰে বিশাল আয়তনৰ দেশ এখনৰ জনগণৰ মাজত ভাবৰ আদান-প্ৰদানৰ ক্ষেত্ৰত পৰিবহণ ব্যৱস্থাই গুৰুত্বপূর্ণ ভূমিকা পালন কৰি দেশবাসীৰ মাজত ঐক্য, শান্তি-সম্প্ৰীতি বজাই ৰাখি সমন্বয় সাধন কৰিছে। সেয়ে সকলো দিশলৈ চাই পৰিবহণ ব্যৱস্থাত উন্নয়নৰ চাবি কাঠি অভিহিত কৰিব পাৰি। অতীত কালত গৰু গাড়ী, হাতী, ঘোঁৰা, নাও আদিয়ে পৰিবহণ একামাত্ৰ ভৰসা আছিল।

অসমৰ পৰিবহন ব্যৱস্থা | Transport System in Assam

শস্যে-মৎস্যে ভৰপুৰ অসম নানা প্রাকৃতিৰ সম্পদেৰে সমৃদ্ধ। ইয়াত কয়লা, খাৰুৱাতেল, অভ্র, চূণশিল আদি খনিজ সামগ্ৰীৰ লগতে ইয়াৰ হাবিসমূহত নানা বিধ মূল্যৱান কাঠ আছে। কৃষি প্রধান ৰাজ্য হিচাপে কৃষি ক্ষেত্ৰতো এই ৰাজ্যৰ গুৰুত্ব কম নহয়৷ কিন্তু এই ৰাজ্যৰ পৰিবহণ ব্যৱস্থা উন্নত নোহোৱাৰ কাৰণে ৰাজ্যখন সম্পদেৰে ভৰপূৰ হোৱা সত্ত্বেও সমৃদ্ধিশালী ৰাজ্যত পৰিণত হ’ব পৰা নাই। অনুন্নত পৰিবহণ ব্যৱস্থাৰ বাবেই ৰাজ্যখন শিল্প-উদ্যোগৰ ক্ষেত্ৰতো অত্যন্ত পিছপৰা। যাতায়াত আৰু পৰিবহণ ব্যৱস্থা উন্নত নোহোৱা ঠাইত শিল্প-উদ্যোগ গঢ়ি উঠা সম্ভৱ নহয়। উন্নত পৰিবহণ ব্যৱস্থাই উদ্যোগীকৰণ সম্ভৱ কৰি তোলে। অসমত চাৰি প্ৰকাৰৰ পৰিবহণ ব্যৱস্থা আছে।এই পৰিবহণ ব্যবস্থা কেইটা হ’ল- 

(ক) আভ্যন্তৰীণ জল-পৰিবহণ।

(খ) ৰেল-পৰিবহণ।

(গ) পথ-পৰিবহণ।আৰু 

(ঘ) বায়ু পৰিবহণ।

আভ্যন্তৰীণ জল পৰিবহণ | Inland Water Transport

অসম জল সম্পদত চহকী। ভাৰতৰ মুঠ জলসম্পদৰ ৩১ শতাংশৰ অধিকাৰী অসম। অসম নদী, উপনদীৰে ভৰা ৰাজ্য । ইয়াৰ নদী আৰু উপনৈসমূহনাব্য। সেয়ে প্রাচীন কালৰেপৰা নাৱৰ জৰিয়তে জল-পৰিবহণ ব্যৱস্থাৰ প্ৰচলন হৈছিল।তুলনামূলকভাৱে অইন পৰিবহণতকৈ জল-পৰিবহণৰ খৰচ কম যদিও অসমৰ অৰ্থনৈতিক পৰিকল্পনাত জল পৰিবহণক আৱশ্যকীয় গুৰুত্ব নিদিয়াৰ ফলত এই পৰিবহণে গা কৰি উঠিব পৰা নাই। অসমৰ প্রধান নদী ব্রহ্মপুত্র। ১৯৮৮ চনত এই নদীৰ ধুবুৰীৰপৰা শদিয়ালৈকে থকা অংশটোক ৰাষ্ট্ৰীয় জলপথ বুলি ঘোষণা কৰা হয় যদিও এই পথছোৱাত আৱশ্যকীয় নদী বন্দৰসমূহ উন্নয়নৰ প্ৰচেষ্টা হাতত লোৱা নাই বাবে সা-সামগ্ৰী সৰবৰাহৰ ক্ষেত্ৰত আগবাঢ়িব পৰা নাই। মাথো তেজপুৰ, যোগীঘোপা, গুৱাহাটী, ডিব্ৰুগড়, নিমাতিঘাট আৰু বদতিঘাটত ওপঙা জেট্টি নিৰ্মাণ কৰা হৈছে। গুৱাহাটীৰ কাষৰীয়া পাণ্ডুত যান্ত্রিক পদ্ধতিৰে মাল উঠোৱা নমোৱাৰ ব্যৱস্থা গঢ় ল’বলৈ ধৰিছে। জল-পৰিবহণ ব্যৱস্থা উন্নত কৰাৰ থল থকা সত্ত্বেও ইয়াৰ উন্নয়নৰ প্ৰতি কাণসাৰ নিদিয়াৰ ফলত ই ৰেল পৰিবহণ আৰু পথ পৰিবহণৰ তীব্ৰ প্ৰতিৰোধৰ সন্মুখীন হ’ব হছে। চৰকাৰে এই পৰিবহণৰ উন্নয়নৰ বাবে সুপৰিকল্পিত আঁচনি গ্ৰহণ কৰা উচিত।

Read Also: সন্ত্রাসবাদ ৰচনা | Terrorism Essay in Assamese

ৰেল পৰিবহণ | Railway Transportation

অসমত ৰেল পৰিবহণ ব্যৱস্থাও অতি অনুন্নত। ইংৰাজসকলে অসমৰ সম্পদসমূহ বাহিৰলৈ উলিয়াই নিয়াৰ স্বাৰ্থতে অসমত ৰেল পথৰ ভিত্তি স্থাপন কৰিছিল। দেশে স্বাধীনতা লাভ কৰিল যদিও কেন্দ্ৰীয় চৰকাৰৰ অৱহেলাৰ বাবে অসমৰ ৰেল সংযোগ ব্যৱস্থাৰ উন্নতি নহ’ল। ফলত ভালেমান সৰু ডাঙৰ নগৰ ৰেল পথৰপৰা বঞ্চিত হ’ব লগা হৈছে। সৰ্বভাৰতীয় হাৰত অসমৰ ৰেল-পথৰ দৈৰ্ঘ নিচেই কম। অসমত বিজুলী চালিত বেল-পথ এটিও নাই। গুৱাহাটীৰপৰা তিনিচুকীয়া পথছোৱা প্ৰশস্ত ৰেলপথ হৈ উঠিছে। অসমত ৰেল-পথ নিৰ্মাণত খৰচৰ মাত্ৰা সৰহ। নৈ, উপনৈ পাহাৰীয়া ভূমি আদিৰ বাবেই ৰেলপথ নিৰ্মাণৰ খৰচ অধিক হয়। হ’লেও, সূযম আর্থসামাজিক অৱস্থা গঢ়ি তুলি আঞ্চলিত বৈষম্য দূৰ কৰিবলৈ ৰেল-পৰিবহণ ব্যৱস্থা উন্নত কৰিলেহে অসমৰ উন্নয়নো ত্বৰান্বিত হ’ব আৰু অসমৰ সম্পদসমূহৰো সু-ব্যৱহাৰ হ’ব।

ভাৰতৰ প্ৰতি ১০০ বৰ্গ কিল’মিটাৰত ৰেলপথৰ দৈৰ্ঘ্য ১-৮৩ কিল’মিটাৰৰ বিপৰীতে অসমৰ বেল পথৰ দৈৰ্ঘ্য প্রতি ১০০ বৰ্গ কিল মিটাৰত ০.৮৬ কিল’মিটাৰহে মাত্র, এনে অৱস্থাত পৰিবহণৰ ক্ষেত্ৰত অত্যন্ত পিছপৰা ৰাজ্যখনৰ পৰিবহণ ব্যৱস্থাৰ অনুন্নত অৱস্থাই ৰাজ্যখনৰ শিল্প-উদ্যোগ, বেহা-বেপাৰ, যাতায়াত আদিত বাধাৰ হেঙাৰ ৰূপে থিয় দি ৰাজ্যখনক অধিক অনুন্নত অৱস্থালৈ ঠেলি দিব। গতিকে ৰেল-বিভাগে বিশেষ আঁচনি লৈ ৰেল পৰিবহণৰ ক্ষেত্ৰত অসমকো সৰ্বভাৰতীয় হাৰলৈ উন্নীত কৰা আৱশ্যক।

পথ-পৰিবহণ | Road-Transportation

অসমৰ পথ-পৰিবহণ ব্যৱস্থাও অনুন্নত। পথ-পৰিবহনে অসমৰ প্ৰায়বোৰ নগৰ চহৰ স্পৰ্শ কৰিছে আৰু উন্নত গাঁওসমূহকো স্পৰ্শ কৰিছে যদিও ৰাস্ত-ঘাটৰ মানদণ্ড নিম্নগামী হোৱা হেতুকে, ৰাস্তাৰ মাজত পৰা নদ-নদী, জান-জুৰিৰ ওপৰত থকা দলং আদিৰ দুৰৱস্থাৰ নিমিত্তে পথ-পৰিবহণ ব্যৱস্থাও ঠায়ে ঠায়ে সময়ে সময়ে ব্যাহত হৈ পৰে। ৰাস্তা-ঘাট সু-পৰিকল্পিতভাবে নিৰ্মিত হোৱা নাই বাবে, বৰষুণ, বানপানী আদিয়ে বছৰেও ৰাস্তা-ঘাটৰ অপূৰণীয় ক্ষতি কৰি থাকে বাবে অসমৰ পথ-পৰিবহণ ব্যৱস্থাও নানা দুৰ্যোগৰ সন্মুখীন হ’ব লগা হয়। এই দুৰ্যোগসমূহৰ বাবে পৰিবহণ ব্যয় অধিক হয়। এনেবোৰ কাৰণতে অসমৰ পৰিবহণ ব্যৱস্থা আর্থিকভাৱে দুৰ্বল হ’বলৈ বাধ্য। বৰ্তমান অসমৰ ঘাইপথবোৰ চাৰিলেন যুক্ত হ’বলৈ ধৰিছে। আমি আশা কৰিব পাৰো যে অদূৰ ভবিষ্যতত পথ পৰিবহণ ব্যৱস্থা অধিক সুচল হ’ব।

অসমৰ পথ | The Roads of Assam

পৰিবহণ ব্যৱস্থা দুই খলপীয়া, অসম ৰাজ্যিক পৰিবহণ নিগম আৰু ব্যক্তিগত খণ্ডই যাত্ৰী আৰু সামগ্ৰীৰ পৰিবহণ কাৰ্য চলায়। প্রায় ৯০০ খন বাছেৰে ৰাজ্যিক পৰিবহণ নিগমে যাত্ৰা কঢ়িওৱাৰ ব্যৱস্থা লয় যদিও সুস্থ পৰিকল্পনা আৰু সঠিক পৰিচালনাৰ অভাৱত এই নিগম লোকচানৰ সন্মুখীন হৈছে। কোনো মতে জীয়াই আছে যদিও অৰ্দ্ধেক বাছো সঠিকভাৱে যাত্ৰী পৰিবহণত খটুৱাব পৰা নাই। নিগমৰ এই দুৰ্বলতাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি ৰাষ্ট্ৰীয় অনুজ্ঞাপত্ৰ থকা আৰু নথকা উভয় শ্ৰেণীৰ ব্যক্তিগত পৰিবহনে যাত্ৰী আৰু সামগ্ৰী পৰিবহণত আগভাগ লৈছে। ব্যক্তিগত খণ্ডৰ বাছসেৱাই যাত্ৰী কৰৰ ক্ষেত্ৰত চৰকাৰক সততে প্ৰৱঞ্চনা কৰে বাবে চৰকাৰে লাখ লাখ টকাৰ ৰাজহ হেৰুৱাব লগা হয়। চৰকাৰে পথ-পৰিবহণ ব্যৱস্থাৰ ওপৰত সঠিক পদক্ষেপ ল’ব নোৱাৰিলে সময়ত জনসাধাৰণ নানা দুৰ্যোগৰ সন্মুখীন হ’ব লগাত পৰিব। গতিকে পথ-পৰিবহণ ব্যৱস্থা উন্নত কৰিবলৈ আৰু ইয়াৰ আৰ্থিক অৱস্থা সবল কৰি তুলিবলৈ চৰকাৰে অধিক সুপৰিকল্পিত আঁচনি গ্ৰহণ কৰিব লাগে। বৰ্তমান অসম চৰকাৰে ৰাজ্যিক পৰিবহণ ব্যৱস্থাক পুনৰ বহুকষ্টেৰে উন্নতিৰ পথলৈ অগ্ৰসৰ কৰাইছে। উন্নত মানৰ গাড়ী ক্ৰয় কৰাৰ লগতে আর্থিক দিশতো কিছু উন্নতি কৰিবলৈ সক্ষম হৈছে।

Read Also: Class 9 Geography Solution

বায়ু-পৰিবহণ | Air-transportation

অসমৰ বায়ু পৰিবহণ বা বিমান পৰিবহণ সেৱাও প্রায় চালুকীয়া ধৰণৰ বুলি ক’ব পাৰি। ভাৰতীয় বিমান পৰিবহণ আৰু বায়ুদূতে ইয়াত বায়ু পৰিবহণ ব্যৱস্থা হাতত লৈছে যদিও উন্নত সেৱা আগবঢ়াব পৰা নাই। বিমান বন্দৰসমূহ আধুনিক সা-সুবিধাৰপৰা বঞ্চিত। বন্দৰসমূহত নিশা অৱতৰণ কৰাৰ সুবিধা নাই। এনেবোৰ কাৰণতে অসমৰ বায়ু, পৰিবহণ সেৱা নিৰ্ভৰযোগ্য হৈ উঠা নাই। সম্প্ৰতি অসমৰ আন্তৰ্জাতিক বিমান বন্দৰ গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰটো উন্নত কৰাৰ প্ৰয়াস চলি আছে। অসমৰ প্ৰধান নগৰকেইখন বায়ু পৰিবহণ সেৱাই সেৱা আগবঢ়োৱাৰ বাবে সচেষ্ট হ’ব লাগে। ভাৰতীয় বিমান পৰিবহণ দপ্তৰে অসমৰ বায়ু পৰিবহণ সেৱা উন্নত কৰিবলৈ সুপৰিকল্পিত আঁচনিত আগবাঢ়িব লাগে যাতে অসমে বায়ু পৰিবহণ ব্যৱস্থাৰে ভাৰতৰ আন আন নগৰ-চহৰসমূহৰ সৈতে সংযোগ ৰক্ষা কৰিব পাৰে।

সামৰণি

অসম আৰ্থ-সামাজিকভাৱে ভাৰতৰ আন ৰাজ্যৰ তুলনাত পিছপৰা। অথচ অসম এখনি সম্পদেৰে ভৰপূৰ ৰাজ্য। পথ-পৰিবহণ, ৰেল, পৰিবহণ, জল পৰিবহণ আৰু আকাশী পৰিবহণ- এই সমূহ পৰিবহণ ব্যৱস্থাই অসমত অত্যন্ত দুর্বল। এই পৰিবহণ ব্যৱস্থাসমূহৰ উন্নতি নহ’লে অসমৰ উন্নতিও আশা কৰা টান। সেয়ে চৰকাৰ, ৰাইজ মিলি অসমৰ পৰিবহণ ব্যৱস্থা উন্নত কৰাৰ প্ৰয়োজন৷ অসমত নিবনুৱা সমস্যাইও ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পথত আগবাঢ়িছে। উন্নত পৰিবহণে ৰাজ্যখনত শিল্প-উদ্যোগ, বেহা-বেপাৰৰ সম্প্ৰসাৰণ ঘটায়। লগতে পৰিবহণ ব্যৱস্থালৈ উন্নতিৰ সৈতে কিছু সংখ্যক নিবনুৱাৰ সংস্থাপনৰ ক্ষেত্ৰত ওলায়। গতিকে অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নতিৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰে শীঘ্ৰে ব্যৱস্থা ল’ব লাগে। উন্নত পৰিবহণ ব্যৱস্থাই অসমৰ অনগ্ৰসৰতা দূৰ কৰাত সহায়ক হ’ব।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top